‘মৃত্যুৰ পাছতো জীয়াই থকাৰ বাসনা’
(‘প্ৰান্তিক’ৰ লেখা এটা পঢ়ি উঠি)
আমি সকলোৱেই কওঁ... মানুহ মৰণশীল৷ এই মৰতত কোনোৱেই
অমৰ নহয়৷ জন্মিলে এদিন মৃত্যু অৱশ্যম্ভাৱী৷ কেৱল সময়ৰহে তাৰতম্য৷ কাৰোবাৰ মৃত্যু-সংবাদ
পালে আমি লগে লগে মনে মনে কওঁ... আপুনি য’লৈ গ’লগৈ আমিও তালৈকে গৈ আছোঁ৷ আপুনি আগত গৈছে, আমি পাছত আছোঁ৷
তৎসত্ত্বেও কিন্তু কিবা নহয় কিবা প্ৰকাৰে মৃত্যুৰ
পাছতো নিজৰ পৰিচয়টো প্ৰাসংগিক হৈ ৰোৱাৰ বাসনা মানুহৰ মনৰ পৰা দূৰ হৈ যোৱা নাই৷ নিজৰ
নামটো ক’ৰবাত কোনো প্ৰকাৰে ৰাখি থৈ যোৱাৰ
তাড়না মানুহৰ মাজত অনৱৰতে বিদ্যমান৷
আমি জানো বা স্পষ্টকৈ দেখোঁ যে মৃত্যুৰ পিছত কোনেও
শৰীৰটো লগত লৈ যাব নোৱাৰে৷ ভাল কৰ্মৰ ফলবোৰহে লগত লৈ যায় বুলি ধাৰণা এটাহে পোষণ কৰা
হয়৷ আমি জানো যে শৰীৰৰ কোনো অংগ বিকল হ’লে বা শৰীৰত কোনো এবিধ উপাদানৰ অভাৱ ঘটিলে দৈহিক দুখ-যন্ত্ৰণা
বৃদ্ধি পায় আৰু অৱধাৰিতভাৱে মানুহ মৃত্যুমুখত পৰে৷ কিন্তু যদি সেই বিকল অংগ আঁতৰাই
তাৰ সলনি অন্য ব্যক্তিৰ সুস্থ অংগ সংস্থাপন কৰিব পৰা যায়, তেনেহ’লে ৰোগীয়ে সুস্থ জীৱন লাভ কৰিব
পাৰে৷ অৰ্থাৎ এজনৰ অংগ দানে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰে৷
আনৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ অংগ-প্ৰত্যংগ দান কৰাটোক
পৱিত্ৰতম কৰ্তব্য আৰু মহান দান বুলি অভিহিত কৰা হৈছে৷ এই মূল্যৱান কৰ্মৰ ক্ষেত্ৰত কোনো
ধৰ্মীয় প্ৰতিবন্ধকতাৰো প্ৰশ্ন নাই৷ এনেকৈ এজনৰ মৃত্যুৰ মাজেৰে আন কেইবাজনকো জীয়াই তুলিব
পাৰি৷ সেয়ে ইয়াক এক পৱিত্ৰ আদৰ্শ বুলিও কোৱা হৈছে৷ আৰু ভাবি লোৱা হৈছে যে মানুহৰ বাবে
মৃত্যুৰ পিছতো জীয়াই থকাৰ বাসনা পূৰণ হোৱাৰ ই এটা পথ, এটা সুযোগ৷
এজন সুস্থ-সবল লোকে নিজৰ শৰীৰৰ হানি-বিঘিনি নঘটোৱাকৈ
আনক দান দিব পৰা অংগ-প্ৰত্যংগ হৈছে… তেজ, হাড়ৰ মজ্জা, বৃক্ক, যকৃতৰ অংশ, হাঁওফাঁওৰ অংশ আৰু
অগ্ন্যাশয়ৰ অংশ৷ আনহাতে স্বাভাৱিক মৃত্যুৰ পাছতো এজন লোকৰ শৰীৰৰ পৰা চকু, হৃৎপিণ্ড,
ছাল, হাড়, সিৰা আৰু উপসিৰা সংগ্ৰহ কৰিব পাৰি৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো এই যে মানুহৰ
মৃতপ্ৰায় শৰীৰৰ পৰা মগজুৰ বাহিৰে আন আন অংশ সজীৱ হৈ থকা অৱস্থাত সংগ্ৰহ কৰিব পাৰি৷
তেনে অংগ-প্ৰত্যংগ হৈছে… বৃক্ক দুটা, যকৃৎ, হাঁওফাঁও
দুটা, অগ্ন্যাশয়, ক্ষুদ্ৰান্ত্ৰ, টেটু, হাত দুখন, জৰায়ু, ডিম্বাশয়, মুখমণ্ডল, চকু দুটা
আৰু কাণৰ হাড় দুড়াল৷ মুঠতে সোতৰটা৷ মৃতকৰ এই সোতৰটা অংগ সংস্থাপনৰ জৰিয়তে সোতৰজন ৰোগীয়ে
আৰোগ্য লাভ কৰাটো সম্ভৱ৷ যাৰ মাধ্যমেৰে মৃত্যুৰ পাছতো মানুহৰ মাজতে জীৱন্ত হৈ ৰ’ব পাৰে মৃতকজন৷
বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত সকলো নাগৰিককে অংগ-প্ৰত্যংগৰ
সম্ভাব্য দাতাৰূপে গণ্য কৰা হয়৷ সেইবোৰ দেশত অংগ-প্ৰতংগ দান কৰিবলৈ অনিচ্ছুক ব্যক্তিয়েহে
লিখিতভাৱে নিজৰ অসন্তুষ্টিৰ কথা জনাব লাগে৷ তেনে এখন দেশ হৈছে ফ্ৰান্স৷
নিজৰ ক্ষতি নোহোৱাকৈ আনৰ উপকাৰ সধাৰ এই সুযোগ গ্ৰহণ
কৰাৰ বাবে লাগে এটা অনুভৱী মন আৰু সহানুভূতিশীল দৃষ্টিভংগী৷ এনে দান আৰু দানৰ সৈতে
জড়িত নীতি-নিয়ম, পঞ্জীয়ন কেন্দ্ৰ, সংস্থাপনৰ বিধিগত ব্যৱস্থাপনা আদি সম্পৰ্কে সমাজত
সচেতনতা সৃষ্টি কৰাৰ প্ৰয়োজন৷
আজি পুৱা ‘প্ৰান্তিক’ (১৬-৩০ছেপ্টেম্বৰ ২০১৪)খন পঢ়ি থাকোঁতে ‘সমীক্ষণ’ শিতানত গুৱাহাটীৰ ডক্টৰ জয়কান্ত
শৰ্মা ডাঙৰীয়াৰ লেখা ‘মৃত্যুৰ পাছতো জীয়াই থকাৰ বাসনা’ পঢ়ি ওপৰৰ কথাখিনিৰ বিষয়ে অৱগত
হ’লোঁ৷
‘মৃত্যুৰ পাছত জীয়াই থকাৰ বাসনাৰে’ মৰণোত্তৰ দেহদানৰ এই সুযোগটো
মই গ্ৰহণ কৰিম বুলি মনে মনে ভাবিছোঁ৷
No comments:
Post a Comment