Sunday, 21 September 2014

জীৱনলৈ স্মৰণীয় হৈ ৰোৱা এটা যাত্ৰা
(গল্প নহয়, সত্য)


দিনটো আছিল ২০আগষ্ট ১৯৯০৷

ব্লু হিল ট্ৰেভেলচৰ নৈশ বাছেৰে যাত্ৰা কৰিছোঁ গুৱাহাটীৰ পৰা ইটানগৰলৈ৷ বাছখন পিছে ইটানগৰ নাপাবগৈ৷ নেৰানেপেৰা বৰষুণ আৰু তাৰ ফলত হৈ থকা ভূমিস্খলনৰ কাৰণে বান্দৰদেৱাৰ পৰা কিছু আগত পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ সেই গতিকে বান্দৰদেৱাতে নামিব লাগিব বুলি আগতীয়াকৈ কৈ দিছে৷ তাত ফ’ৰ জিৰ’ চেভেন মিনিবাছ ৰৈ থাকিব কাৰ্চিংচালৈকে যাব পৰাকৈ, য’ত ৰাস্তা ছিগিছে৷ সেইছোৱা খোজ কাঢ়ি পাৰ হ’লে সিফালে আকৌ ফ’ৰ জিৰ’ চেভেন পোৱা যাব৷ কাউণ্টাৰতে আগতীয়াকৈ এই খবৰখিনি পাইছিলোঁ৷

ডিফুৰ পৰা মই অকলে৷ আগে-পিছে কেতিয়াও সেইবাটে ভ্ৰমণ কৰি পোৱা নাই৷ লগত কোনো চিনাকি মানুহো নাই৷ গুৱাহাটীৰ পৰা নগাঁৱলৈকে এন.এইচ.৩৭ ৰাস্তাছোৱা চিনি পাওঁ৷ বাকী সিফালে নাজানো৷ কলীয়া ভোমোৰা দলংখন মুকলি হৈছে বুলি শুনিছোঁ৷ দেখাগৈ হ’লে নাই৷ স্বাভাৱিকতে মনটোত অনেক উৎকণ্ঠা, অনেক কৌতূহলে জুমুৰি দি ধৰিলে৷

সন্ধিয়াৰ পিছতে বাছখনে গা লৰালে৷ গৈ গৈ একেবাৰে ৰহাত হোটেল এখনৰ সন্মুখত যাত্ৰীসকলক ভাত খুৱাবৰ বাবে ৰ’ল৷ ময়ো নামি গৈ শুকান ৰুটি আৰু তাৰ্কাৰে পেটটো ভৰাই ল’লোঁ৷ তাৰ পিছত পুনৰ যাত্ৰা৷

মধ্যৰাতি কলীয়া ভোমোৰা সেতুত উঠিলোঁ৷ নগাঁও আৰু শোণিতপুৰ জিলাৰ ভূখণ্ডক সংযোগ কৰা ৩,০১৫মিটাৰ দৈৰ্ঘৰ এই দলংখন ১৯৮৭চনত মুকলি কৰা হৈছে৷ ইকুল-সিকুল নেদেখা ব্ৰহ্মপুত্ৰখন পাৰ নোহোৱা পৰ্যন্ত ওৰে বাট খিৰিকীয়েদি চকুৰে মণিব পৰালৈকে চাই থাকিলোঁ৷ মাজে মাজে ঘড়ীটোলৈও চাইছোঁ৷ কি দেখা পাইছোঁ-নাপাইছোঁ নাজানো৷ হ’লেও বাহিৰলৈ চাই গৈছোঁ৷ ইয়াকে চাবৰ বাবে টোপনি নাহক বুলি ৰহাত ছিটত বহাৰ পিছৰে পৰাই সষ্টম হৈ আছিলোঁ৷ অৱশেষত মনোকামনা পূৰ্ণ হ’ল যেনিবা৷ তাৰ পিছত টোপনি মৰাৰ চেষ্টাৰে চকু দুটা জপালোঁ যদিও কি ঠাইনো পাইছোঁহি তাৰ উমান ল’বলৈ ইচ্ছাটোৱে মাজে-মধ্যে বিদ্ৰোহ কৰি থাকিল৷ প্ৰথমবাৰৰ যাত্ৰাত এনে হয়েই৷

পুৱা পোহৰ পোহৰ হওঁতেই অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱা পাওঁ পাওঁ হ’ল৷ পাহাৰীয়া এলেকা এটাৰে অলপ সময় চলি বাঁওহাতে টাৰ্ণ লৈ বাছখনে ৰৈ দিলে৷ সন্মুখত এখন গে’ট৷ বুজিলোঁ, এয়াই বান্দৰদেৱা৷ অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্ত৷ এতিয়া কোনফালে যাব লাগিব, কি কৰিব লাগিব? দুই-একক সুধিপুছি তেওঁলোকে কোৱামতেই অনুসৰণ কৰি চেকিং অফিচলৈ গ’লোঁ৷ কাউণ্টাৰত পোৱা খবৰৰ দৰেই ইটানগৰলৈ যোৱা ৫২ এ’ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মিনিবাছ ৰৈ আছিল৷ বাছখনত উঠোঁতেই আচহুৱা গোন্ধ এটাই আহি ঘপকৈ নাকত খোঁট মাৰিলে৷ তালৈ ভ্ৰুক্ষেপ নকৰি খিৰিকীৰ দাঁতিৰ আসন এখন অধিকাৰ কৰি বহি পৰিলোঁ৷ কাৰণ অচিনাকি ঠাইখনৰ ইফালে-সিফালে কি ক’ত আছে চাই চাই যাব লাগিব৷ সেইটোহে দৰকাৰী কথা৷ তেনেকুৱাতে অৰুণাচল প্ৰদেশ পুলিচৰ লোক দুজন উঠি আহিল৷ এজনে হিন্দীতে মোৰ পৰা ইনাৰ লাইন পাৰ্মিট বিচাৰিলে৷ মই মোৰ উদ্দেশ্য বেকত কৰাত অফিচিয়েল কাগজ কিবা আছে নেকি সুধিলে আৰু চাব খুজিলে৷ ওপৰত 'নেৰিষ্ট এণ্ট্ৰেন্স একজামিনেচন ১৯৯০ ডিগ্ৰী মডিউল' লিখা এডমিট কাৰ্ডখন বেগৰ পৰা সযতনে উলিয়াই দেখুৱালো৷ তাত অফিচিয়েল ষ্টাম্প আৰু চহীৰ উপৰি মোৰ প্ৰত্যায়িত আলোকচিত্ৰ সংলগ্ন হৈ আছিল৷ চেহেৰা আৰু ফটো মিলাই চাই সন্তুষ্ট হ'লত ঘূৰাই দিলে৷

মূৰত ধনেশৰ ঠোঁট, খোপাত ইপাৰ-সিপাৰকৈ শলা গুজি লোৱা অৰুণাচলী পুৰুষো মিনিবাছখনত আছিল৷ তেওঁলোকে কঁকালত পৰাকৈ চেপেটা খাপ থকা দা একোখন কান্ধত ওলোমাই লৈছিল৷ জনজাতীয় মহিলাসকলৰো বেশভূষা মোৰ বাবে তেনেই আচহুৱা আৰু অপৰিচিত আছিল৷ আলেঙে আলেঙে সেইবোৰো লক্ষ্য কৰি থাকিলোঁ৷ এসময়ত গাড়ীখনৰ ইঞ্জিনটো সশব্দে গৰজি উঠিল৷

ৰাস্তাটো বহলেই৷ প্ৰথমছোৱা প্ৰায় সমতল৷ পিছত ক্রমে অকাই-পকাই আগ বাঢ়িছে৷ ওপৰলৈ উঠিছে, নামিছে৷ দূৰৰ পৰাই তলত নদী এখন দৃষ্টিগোচৰ হ'ল৷ কাষৰ যাত্ৰীৰ পৰা নামটো সুধি জানিলোঁ যে সেইখন ডিক্রং৷ সেইখনেই ৰাস্তা খহাই নি আছে৷ অলপ পাছতে লেণ্ড স্লাইড এৰিয়া পালোঁগৈ৷ সেইখিনি পোৱাৰ কিছু আগতেই বাছখন ৰ’ল৷ যাত্ৰীবোৰৰ মাজত নামিবৰ বাবে উথপথপ লাগিল৷ ইফালে কিনকিনীয়া বৰষুণ পৰি আছে৷ স্থানীয় বাসিন্দা কিছুমানে পাৰিশ্ৰমিকৰ বিনিময়ত যাত্ৰীসকলৰ বয়-বস্তু ইফালৰ গাড়ীৰ পৰা সিফালৰ গাড়ীলৈ কঢ়িয়াব লাগিছে৷ মোৰ বেগ এটাহে৷ গতিকে নিজৰ কান্ধতে থাকিল৷ বৰষুণ পৰাত ছাতিখন উলিয়াই মেলি ল’লোঁ৷ ছাতি, লাঠি, তিয়নি বৰ দৰকাৰী বস্তু৷ বতৰৰ আগজাননী পাই সেইখন ঘৰৰ পৰাই লৈ গৈছিলোঁ৷ আগতীয়া সজাগতাকণৰ বাবে এতিয়া নিজৰে ভাল লাগিল৷

হাতত ছাতি, কান্ধত বেগ লৈ পাহাৰীয়া বাটত খোজ পেলাইছোঁ৷ আচলতে বাট বুলিবলৈ নায়েই৷ ওপৰৰ পৰা লেঠাৰি নিছিগাকৈ বৈ আহিছে হিমবাহসদৃশ বোকা৷ প্ৰবল বৃষ্টিপাতৰ ফলত নামি অহা পেলপেলীয়া মাটিয়ে পথৰুদ্ধ কৰিছে সকলোকে৷ সকলো যানবাহন বান্দৰদেৱাত আবদ্ধ৷ ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ পৰিস্থিতি৷ ভাবি পালোঁ, এই অঞ্চলটোৰ মাটিবোৰৰ বাইণ্ডিং কেপাচিটি কম৷ সৰু সৰু শিলগুটিমিশ্ৰিত মাটিবোৰ সেয়ে হুৰাহুৰে খহি আহিছে৷ তলত খৰস্ৰোতা ডিক্রং নৈ৷ নৈখনে সেইডোখৰতে পাক এটা লৈছে৷ বিপদসংকুল পথছোৱাৰে আগুৱাওঁতে এবাৰ ভচকৈ বোকাত সৰু গাঁঠিলৈকে ভৰি সোমাই গ’ল৷ ছেঃ, জোতাযোৰ খুলি লোৱাৰ কথা আগতীয়াকৈ ভবা হ’লে! এতিয়া টানি টানি বোকাৰ পৰা উলিয়াব লগা হ’ল৷ পিছত ঠেকাৰি ঠেকাৰি যিমান পাৰি বোকা এৰুৱালোঁ৷ নিজৰ জোতা নথকাত পৰীক্ষা দিবৰ বাবে ভাইটিৰ পৰা সেইযোৰ খুজি আনিছিলোঁ৷ বোকাপানীয়ে জোতা-মোজা উভয়ে তেনেই বৰবাদ কৰিলে৷ বেয়া লাগিল যদিও উপায়ো নাই৷ তেনেকৈয়ে পাহাৰ বগাই ওপৰ পালোঁগৈ৷ এইবাৰ আকৌ তললৈ নমাৰ পাল৷ বুলড’জাৰ এখনে নতুনকৈ ৰাস্তা কাটি আছিল৷ পথ যোগাযোগ বিচ্ছিন্ন৷ মানুহবোৰে মোৰ দৰেই দেও দি দি অহা-যোৱা কৰি আছে৷ ৰাস্তাটো হ’বলৈ সময় আৰু দিনদিয়েক লাগিব৷ বৰষুণ নকমিলে কি অৱস্থাযে হ’ব!

এইপাৰ হৈয়ে দেখিলোঁ, ফ’ৰ জিৰ’ চেভেন ৰৈ আছে৷ মানুহবোৰৰ মাজত দৌৰাদৌৰি লাগিছে, ছিট ল’বলৈ৷ ময়ো খৰগতিৰে আগ বাঢ়ি খিৰিকীৰ কাষৰ আসন ল’লোঁগৈ৷ যাত্ৰী আৰু বয়-বস্তু উঠাই হ’লত গাড়ীখন চলিবলৈ ধৰিলে৷ এইবাৰ নামি গৈছোঁ তললৈ৷ অলপ পিছতে সমতল এছোৱা পালোঁ৷ তাতেই সোঁহাতে সৌৱা মোৰ লক্ষ্যস্থল৷ কাষৰ যাত্ৰীৰ মুখেই কথাটো গম পালোঁ যে সেয়াই নেৰিষ্ট৷ পিছে নিৰজুলিত থকা-মেলাৰ কোনো ব্যৱস্থা নথকাত মোক নাহৰলাগুনলৈ যোৱাৰ পৰামৰ্শ দিলে আৰু ময়ো যি হয় হ'ব ভাবি তালৈকে পোনাই দিলোঁ৷

অচিনাকি নাহৰলাগুনত নামি হোটেল বিচৰিবলৈ ধৰিলোঁ৷ আক সুধি তাক সুধি বহুত সময় অনুসন্ধান কৰিব লগা হ’ল৷ অৱশেষত যেনিবা লক্ষ্মী হোটেলত অকলশৰীয়া কোঠা এটা মিলিল৷ ৰুমটোত সোমায়ে আন সকলো কথা বাদ দি প্ৰথমে বাথৰুমৰ টেপটো খুলি লোৰ বাল্টিটো চপচপীয়া কৰিলোঁ৷ তাৰ পিছত জোতা দুপাত আৰু মোজাযোৰ পোনেই বাল্টিৰ পানীত জুবুৰিয়াই দিলোঁ৷ ফিটা নথকা ক’লা জোতাযোৰৰ আয়ুস সেই যাত্ৰাতে ভালেখিনি টুটিল৷

পৰৱৰ্তী আঢ়ৈটা বছৰত উক্ত পথেৰে সংখ্যাতীতবাৰ অহা-যোৱা কৰিলেও প্ৰথম যাত্ৰাৰ অভিজ্ঞতাটোহে কি্ন্তু জীৱনলৈ স্মৰণীয় হৈ ৰ’ল৷

No comments:

Post a Comment