ভ্ৰমণ
কেৱল ভ্ৰমণৰ হেঁপাহতে ভ্ৰমণ নহয় বা নয়নৰ তৃপ্তি
সাধনৰ নিমিত্তেও নহয়; শিক্ষা আৰু জ্ঞান লাভৰ বাবে, আত্মাৰ পৰিশুদ্ধি আৰু পুণ্য অৰ্জনৰ
কাৰণে, ৰত্নৰাজিৰ সন্ধানত, আৱিষ্কাৰৰ আগ্ৰহত, স্বাস্থ্যজনিত বিষয়ত, বাসোপযোগী উন্নত
স্থানৰ অন্বেষণত, ব্যৱসায়-বাণিজ্য সংক্রান্তত, দেশৰ কামত মানুহে অতীতৰ পৰাই ইঠাই-সিঠাই
পৰিভ্ৰমণ কৰি আহিছে৷ ভ্ৰমণৰ জৰিয়তে মানুহে নতুন নতুন বুদ্ধি-যুক্তি-কৌশল আয়ত্ত কৰে৷
তেনেকৈয়ে জীয়াই থকাৰ সঞ্জীৱনী সুধা আহৰণ কৰে৷ এনেবোৰ কথা আমি কিতাপত পায়ে আহিছোঁ৷
আৰু পাইছোঁ যে ভ্ৰমণে পাৰস্পৰিক সহিষ্ণুতা আৰু
সহযোগিতাৰ ভাব জগায়৷ পৰস্পৰৰ মাজত বুজাবুজিৰ যোগে বিশ্বভাতৃত্ব গঢ়ি তোলাটো সম্ভৱ৷ সংহতি
সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময় সাধন কৰা, বিশ্বমানৱৰ মাজত শান্তিৰ বাণী প্ৰচাৰ কৰা,
বিশ্বশান্তি প্ৰতিষ্ঠাত অৰিহণা যোগোৱাকে ধৰি ভিন্ন উদ্দেশ্যৰে মানুহে অ’ৰ পৰা ত’লৈ ভ্ৰমণ কৰে৷ বহল পৃথিৱীৰ বুকুত,
বহল পৰিৱেশত, বহল সমাজৰ সান্নিধ্যত মনলৈ স্বাভাৱিকতে প্ৰফুল্লতা ঘূৰি আহে৷ মনৰ ভ্ৰান্ত
ধাৰণা, অন্ধ বিশ্বাস, কুসংস্কাৰ আদিও ভ্ৰমণে আঁতৰ কৰে৷ কোৱা হয়, বাহিৰ নেদেখা মানুহৰ
মন কূপমণ্ডুকৰ দৰে ঠেক৷ এইবোৰ দূৰীকৰণৰ বাবেও লাগে ভ্ৰমণ৷
নিজৰ মেধা আৰু অক্লান্ত পৰিশ্ৰমৰ ফলত মানুহে প্ৰায়
অসম্ভৱ যেন লগা বহু কাম কৰিবলৈ সক্ষম হৈছে৷ ফলত সৃষ্টি হৈছে ন ন কীৰ্তিচিহ্ন৷ এইসমূহেই
এটা জাতিৰ, এখন সমাজৰ, এটা যুগৰ জীৱন্ত দলিল৷ এইসমূহক প্ৰত্যক্ষ কৰিবৰ বাবেই মানুহে
এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰে৷ এখন ঠাইৰ ভাষা-সাহিত্য-সংস্কৃতিৰ লগত আন এখন
ঠাইৰ বিনিময় ঘটে, সম্প্ৰীতিৰ বান্ধোন কটকটীয়া হয়৷ আন দেশলৈ গৈ তাৰ ৰীতি-নীতি, অৱস্থা
আদি অধ্যয়ন কৰি নিজৰ দেশৰ সৈতে ৰিজাই চালে ভাল-বেয়া বুজিব পাৰি৷ এনেদৰে চাল-চলন, ৰীতি-নীতিৰ
বুজ লোৱা আৰু সহযোগিতাৰ ভাব বঢ়োৱাটো বৃহত্তৰ মানৱ সমাজৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য ভ্ৰমণ
অবিহনে যি সম্ভৱ নহয়৷
এইটো ঠিক যে মানচিত্ৰৰ জ্ঞানে আমাৰ মনত মাত্ৰ জগতৰ
বিষয়ে এটা সাধাৰণ ধাৰণাহে জন্মায়৷ কিন্তু বিভিন্ন ঠাই স্বচক্ষে দৰ্শন কৰি, জীৱন্ত চিত্ৰ
চাই, সাধাৰণ মানুহৰ সাহচৰ্য আৰু কলৰৱমুখৰ জীৱন ধাৰণৰ জীৱন্ত বিৱৰণী লাভ কৰি প্ৰত্যক্ষ
অভিজ্ঞতা আহৰণ কৰিব পাৰি৷ পাঠ্যপুথিপ্ৰদত্ত জ্ঞান গভীৰ হ’বলৈ বা দৃঢ় হ’বলৈ আৰু বাস্তৱ অভিজ্ঞতা প্ৰাপ্তিত
ভ্ৰমণৰ প্ৰভাৱ অনন্যসাধাৰণ৷ ভ্ৰমণে পাঠ্যপুথিলব্ধ সকলো জ্ঞানৰে পৰিপূৰ্ণতা আনি বাস্তৱ
জগতৰ লগত মুখামুখিকৈ পৰিচয় কৰোৱাই দিয়ে৷ নজনাক জনাৰ অনন্ত জিজ্ঞাসাৰে এক কথাত ই থিয়’ৰিৰ লগৰ প্ৰেক্টিকেল৷ বিৱৰণ বা
বৰ্ণনা পঢ়ি জ্ঞানপিপাসাক পৰিতৃপ্তও কৰিব নোৱাৰি৷ এতেকে ভ্ৰমণৰ মাজতেই আছে সত্যৰ সন্ধান,
মুক্তিৰ সংগ্ৰাম৷ ক্ষুদ্ৰতা আৰু সংকীৰ্ণতাৰ মাজত প্ৰকৃত পথ প্ৰদৰ্শকৰ অভাৱত আবদ্ধ হৈ
থকা মানুহযে সৰ্বদা মুক্তিপ্ৰয়াসী, ভ্ৰমণৰ মাজেৰে তাক পলে পলে অনুভৱ কৰিব পাৰি৷ গতিকে
একমাত্ৰ মনত উৎপন্ন হোৱা এক বুজাব নোৱাৰা তাগিদা বা কৌতূহল নিবাৰণৰ বাবেই নহয়; সত্যৰ
সন্ধান, সুন্দৰৰ স্থিতি অনুভৱ, নিজকে নতুনকৈ আৱিষ্কাৰ কৰাৰ প্ৰয়াসেই হৈছে ভ্ৰমণৰ কাৰণ৷
ভ্ৰমণ মোৰ অন্যতম প্ৰিয় হ’বী৷ সময়-সুবিধা-সুযোগ পালেই ইয়াৰ
প্ৰতিপালনত লাগি যাওঁ আৰু বুটলিবলৈ পাওঁ এনে সুখানুভূতি যি আত্মাক প্ৰভাৱিত কৰে৷
No comments:
Post a Comment