Tuesday, 30 September 2014

কাৰবিসকলৰ পৰম্পৰাগত সাংস্কৃতিক আচৰণৰ বহিঃপ্ৰকাশ  
ছক কেৰয় উৎসৱৰ হাচা কেকান
(কাৰবি অধ্যয়ন-৩)


সমাজ-জীৱনক আনন্দময় ৰসেৰে সৰ্বদা জীপাল কৰি ৰখাই লোক-উৎসৱ উদ্‌যাপনৰ ঘাই উদ্দেশ্য৷ জীৱন পৰিক্রমাত মানৱ সন্তানে প্ৰতিটো পদক্ষেপতে ব্যয় কৰা কঠোৰ শ্ৰমৰ বিনিময় স্বৰূপে ঋতুচক্রৰ কোনো নিৰ্দিষ্ট সময়ে বহন কৰি আনে নিৰ্ভেজাল আনন্দৰ সঁফুৰা৷ সমজুৱাভাৱে পালিত এনে হাঁহি-আনন্দ-উপভোগৰ মাধ্যমেৰেই জাতীয় পৰম্পৰা, লোক-সংস্কৃতি আদি জীয়াই ৰখা হয়৷ সেয়েহে যুগ-যুগান্তৰ ধৰি জন-সমাজত উৎসাহ-উদ্দীপনা আৰু পাৰস্পৰিক সহযোগিতা তথা বিনিময়ৰ মাজেৰে লোক-উৎসৱসমূহ আয়োজিত হৈ আহিছে৷ উৎসৱসমূহ সময়ানুসাৰে আৰু প্ৰচলিত নিয়মানুসাৰে পালন কৰাটো সমাজ-ধৰ্ম ৰক্ষাৰে প্ৰচেষ্টা৷ প্ৰত্যেক বছৰৰ কোনোবা নহয় কোনোবা সময়ত লোক-জীৱনে অবিৰত কৰ্মৰ পৰা সাময়িক অব্যাহতি লৈ পুৰুষানুক্রমে প্ৰচলন হৈ অহা লোক নৃত্য-গীত-বাদ্যৰ সমাহাৰত আনন্দোৎসৱৰ আয়োজন কৰে৷ তাৎপৰ্যপূৰ্ণ আৰু মূলতঃ ঋতুকালীন এই বিনোদনধৰ্মী উৎসৱ-পাৰ্বণবোৰ প্ৰধানকৈ প্ৰকৃতিৰ সৈতে জড়িত৷ কৃষিয়ে ইয়াৰ মূল ভেটি, উৰ্বৰা বিশ্বাসেই ইয়াৰ পটভূমি৷

অসমৰ অন্যতম পাৰ্বত্য জনগোষ্ঠী কাৰবিসকলৰ জাতীয় উৎসৱ, শাৰদীয় উৎসৱ অথবা বসন্ত উৎসৱ হিচাপে কোনো নিৰ্ধাৰিত উৎসৱ নাই বুলি কোৱা হয় যদিও হাচা কেকান নামক উৎসৱটিক খেতি-পথাৰৰ সৈতে সম্পৰ্ক থকা বিহুৰ সমধৰ্মী বা সমগোত্ৰীয় সামাজিক সমাৰোহ ৰূপে গণ্য কৰা হয়৷ প্ৰকৃতাৰ্থত হাচা কেকান হৈছে এই জনগোষ্ঠীটোৰ কৃষি উৎসৱ বিষয়ক উল্লেখযোগ্য কেকান অৰ্থাৎ নৃত্য৷ স্বকীয় বৈশিষ্ট্যপূৰ্ণ এই নৃত্যক কৃষি-নৃত্য নাইবা শস্য কঢ়িওৱা নাচো বুলিব পাৰি৷ 

কাৰবিসকল প্ৰাচীন কালৰে পৰাই কৃষিজীৱী৷ ধান খেতি তেওঁলোকৰ সাতাম পুৰুষীয়া কৰ্ম৷ জুম পদ্ধতিৰে তেওঁলোকে খেতি-বাতি কৰিছিল৷ আনহাতে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে সাৰ-জাবৰ প্ৰয়োগ কৰাৰ নিয়ম নাছিল৷ সঘনাই কৃষি-ক্ষেত্ৰ পৰিৱৰ্তন কৰি থকা হৈছিল৷ এঢলীয়া পাহাৰৰ হাবি-বন কাটি, জুই জ্বলাই দি, ছাইবোৰ মাটিৰ সৈতে মিহলাই তাতে ধানৰ বীজ সিঁচিছিল৷ কৃষিক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছিল কাৰবি লোকৰ কৰ্ম-জীৱন৷ লখিমী অৰ্থাৎ ধানৰ উৎপত্তি আৰু কাৰবি সমাজত ধান খেতিৰ প্ৰথা কেনেদৰে প্ৰৱৰ্তন হল লোক-গীত লখি কেপ্লাঙত সেই বিষয়ে পোৱা যায়, এনেকৈ
কুকি চিন দাইপ (পেন)
টেৰণ ৰংছ
চাৰনাম চেপিনত
ৰি কাথি ৰেচ
কল ছি দ
লাং কুলাং ছি দ
কুলেং আৰিছ
চুপি পাম ৰুংফ
দন্দিৱাৰ ছাৰপ
ল মাথুম দামফ
তিম পেন ইম আৰল
নাদং তাবেঅ
আৰনি চকল
ৰুণ ৰুণ ছি ল’…

গীতাংশত কৈছে যে কুকি-চীন ভাষা পৰিয়ালৰ মানুহ আৰু কাৰবিৰ উপৰি পুৰুষ টেৰণ ৰংছই একেলগে আলোচনা কৰি লখিমী কত আছে বিচাৰিলে আৰু এটা জুৰিৰ পাৰত থকা বুলি গম পালে৷ সেই গছৰ গুটি খাই জীৱন-ধাৰণ কৰিব পাৰিব বুলি জানিলে৷ তেতিয়া দন্দিৱাৰ ছাৰপই শুভ-দিন চাই লগত বহুতো লোক লৈ গৈ লখিমীক আদৰি আনিলে৷ উৎসৱৰ আয়োজন কৰি তাৰ নাম দিলে ছক কেৰয়

কাৰবি ভাষাত ছক মানে ধান, কেৰয় মানে কঢ়িওৱা৷ এনেকৈয়ে লখিমী উৎসৱৰ প্ৰচলন হল আৰু আজিও ন-ধানৰ বতৰত ন-খোৱা উৎসৱ কাৰবি সমাজত চলি আছে৷ শীতকালৰ প্ৰাৰম্ভতে আঘোণ-পুহ মাহত দূৰৈৰ পাহাৰৰ বুকুত অৱস্থিত জুমতলীত উৎপাদিত শস্য চপাই মান্দু (পথাৰত সজা সৰু পঁজা ঘৰ)ৰ সন্মুখত থকা জিমতিম (উৎপাদিত শস্যাদি জমা কৰা চোতাল)ত গোটোৱা হয়৷ মুঠি মুঠি কৰি একে ঠাই কৰা শস্যৰ দমবোৰৰ পৰা পুহ-মাঘ মাহত গুটি সৰুৱাৰ পিছত মানতুং (কাপোৰেৰে বন্ধা দীঘলীয়া বস্তা)ত ভৰাই ঘৰলৈ কঢ়িয়াই অনা হয়৷ গুটি ধানখিনি হাচি (ডুলি, দোণ আদি)ত থোৱা হয়৷ ইয়াৰ পিছত কৃষি-কৰ্ম অঁতাই-পিতাই ৰাইজ একগোট হৈ থলুৱা পৰিৱেশত মংগল-বাদ্য বজাই উল্লাসেৰে উদ্দেশ্যধৰ্মী নৃত্য-গীতপূৰ্ণ উৎসৱ পালন কৰে৷ হাচিক উদ্দেশ্য কৰিয়ে এই আনন্দ উৎসৱ আয়োজিত হয় বাবে হাচি শব্দৰ পৰাই হাচা শব্দৰ উৎপত্তি হোৱা বুলি কোনো কোনোৱে কব খোজে৷

প্ৰচলিত নিয়ম অনুযায়ী এনে উৎসৱত এজন লুঞ্চে (গায়ক)ৰ পৰিচালনাত দুই বা ততোধিক গায়ক-গায়িকাই এজন এজনকৈ গীত পৰিৱেশন কৰে৷ ডেকা-গাভৰুসকলে সেই গীত-বাদ্যৰ ছেৱে ছেৱে নৃত্যত অৱতীৰ্ণ হয়৷ হাচা নৃত্য সাধাৰণতে নিশাৰ ভাগত আৰম্ভ হৈ পুৱতি নিশা পৰ্যন্ত বিৰামহীনভাৱে চলে৷ লখিমী আইৰ গুণ-গানেৰে দুপৰ নিশা নৃত্য কৰি কৰি ক্লান্ত হৈ পৰা ডেকাসকলে গৃহস্থক উদ্দেশ্য কৰি গীত গায়, এনেকৈ
হিংচং ৱছক তেলিৰাং
কেকান আহান চ নাং
হাচা কান পাংখাং কেৰতাং
ক্লিমছ জাননন কান আহান, তাং

গীতৰ ভাবাৰ্থ হৈছে : নিশা দুপৰ হল৷ সপ্তৰ্ষিমণ্ডল মূৰৰ ওপৰ পালেহি৷ গোটেই ৰাতিটো আমোদ-প্ৰমোদ কৰি কটাব নোৱাৰি৷ গতিকে ৰাইজক খুৱাই-বুৱাই বিদায় দিয়ক৷

ৰং-ৰহইচ আৰু খোৱা-বোৱাই হাচা কেকান উৎসৱৰ মূল উপভোগ্য৷ পথাৰৰ লখিমীক আদৰিবলৈ কাৰবিসকলে ছক কেৰয় গীত গায়, হাচা নাচ নাচে, নতুন ধানৰ পানীয় প্ৰস্তুত কৰি দেৱতাক অৰ্পণ কৰে, আলহীক খুৱায়, নিজেও খায়৷ সমজুৱা নৃত্য-গীতৰ সমান্তৰালভাৱে অন্য দিশত ৰন্ধা-বঢ়াৰ কাৰ্যও চলি থাকে৷ যুৱক-যুৱতীসকলে নিজেই ইয়াত অগ্ৰণী ভূমিকা লয়৷ নাচ-গানৰ অন্তত অনুষ্ঠানত সহযোগ কৰোঁতা সমূহ ৰাইজে সমভিব্যাহাৰে আহাৰ গ্ৰহণ কৰে৷ মান (দীঘলীয়াকৈ দুফাল কৰি কাটি শুকুৱাই লোৱা মাছ), ভাত আৰু হৰলাং (স্বজাতীয় পানীয়) এনে ভোজৰ প্ৰধান উপকৰণ৷ আনহাতে উৎসৱত বাধ্যতামূলকভাৱে লাওপানীৰ ব্যৱহাৰ কৰাটো এটা জনজাতীয় বৈশিষ্ট্য৷ হাচা কেকানত কোনো ধৰণৰ বলি-বিধানৰ প্ৰথা নাই৷ কৃষিভিত্তিক এই সাংস্কৃতিক পাৰ্বণ অঞ্চলভেদে জুন মাহত শস্যৰ বীজ ছটিওৱাৰ সময়তো পালিত হব পাৰে৷ ধান লক্ষ্মী দেৱীৰ অৱদান বুলি হিন্দু সমাজত প্ৰচলিত ধাৰণাক কাৰবিসকলেও অন্তঃকৰণেৰে বিশ্বাস কৰে৷ হাচা কেকানৰ নৃত্য-গীতবোৰত পী লুখিমী (লক্ষ্মী দেৱী)ৰ হকে কাৰবি কৃষক সম্প্ৰদায়ে কৰা সংগ্ৰামৰ ইতিহাসৰ বৰ্ণনাত্মক প্ৰতিফলন দেখা পোৱা যায়৷ পথাৰৰ লখিমীৰ প্ৰতি জাতিটোৰ শ্ৰদ্ধা আৰু মৰমৰ ভাব গীতসমূহত সন্নিবিষ্ট হৈ থাকে৷ তদুপৰি এই লখিমী চপোৱা উৎসৱত পৰিৱেশিত লোক-গীতবিলাকত প্ৰতিভাত হয় কাৰবি লোক-মানসৰ আধ্যাত্মিক উৎকৰ্ষতাৰ পূৰ্ণাংগ চিত্ৰৰূপো৷

হাচা কেকান উৎসৱে কাৰবি জনগোষ্ঠীটোক মানসিক তথা সামাজিক বন্ধনেৰে সুদৃঢ় কৰি ৰখাৰ উমান পোৱা যায়৷ এনেকৈয়ে ছক কেৰয় বা লখিমী আদৰা গীত-নাচসমূহৰ জৰিয়তে অসমৰ প্ৰাচীন জনগোষ্ঠী তথা প্ৰকৃতিৰ সন্তান আৰলেংসকলে লোক-সংস্কৃতিৰ স্বকীয়তা আৰু বিশিষ্টতা ৰক্ষা কৰি আহিছে৷ কৃষিক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছে বাৰেৰহণীয়া জাতীয় সংস্কৃতি৷ সেই ফালৰ পৰা শস্য চপোৱা, কঢ়িওৱা প্ৰক্রিয়াৰ সৈতে ওতপ্ৰোতভাৱে সম্পৃক্ত ছক কেৰয় উৎসৱৰ বৰ্ণাঢ্য নৃত্য হাচা কেকানক কাৰবি জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক আচৰণৰ বহিঃপ্ৰকাশ বুলিব পাৰি৷

প্ৰকাশ :
১. পয়োভৰা, মধ্য গুৱাহাটী বিহু সন্মিলনীৰ বিহু মাননী, এপ্ৰিল ২০০০, সম্পাদক ৰঞ্জন ফুকন
২. পূবালী, এপ্ৰিল ২০০০, গুৱাহাটী, সম্পাদক মুকুল কলিতা
৩. স্মৰণিকা, বসন্ত উৎসৱ, ধনশিৰি, মে ২০০৭, সম্পাদক এম. আচাবুৰ ৰহমান

No comments:

Post a Comment