Friday, 12 September 2014

শনিবৰীয়া ‘মোৰ আলহী’ত আজি আমাৰ সন্মুখলৈ আহিছে শ্ৰী অৰুণ টেৰণ৷ মূলতঃ কবি যদিও ছবি অঁকা, মেণ্ডলিন বজোৱা, ফটো তোলা আৰু ভ্ৰমণ কৰাত তেওঁৰ চখ৷ তেওঁৰ ভালেকেইটা ভ্ৰমণ কাহিনী অসমৰ আগশাৰীৰ কাকতত প্ৰকাশ পাইছে৷ কাৰবি ভাষাৰ কথাছবি পৰিচালনা, তথ্যচিত্ৰ পৰিচালনাৰ উপৰি গীতিকাৰ, কাহিনীকাৰ, চিত্ৰনাট্য লেখক ৰূপেও শ্ৰী অৰুণ টেৰণে কাম কৰিছে৷ সত্তৰৰ দশকৰ পৰা ‘তিনিদিনীয়া অগ্ৰদূত’ কাকতত তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল৷ তেওঁৰ ‘নৈঃশব্দ্যৰ শব্দত এদিন’ নামৰ কবিতা সংকলনখনৰ ‘মুখবন্ধ’ত শ্ৰী হোমেন বৰগোহাঞি মহোদয়ে লিখিছে... ‘অৰুণ টেৰণৰ কবিতাত বিধৃত হৈ থকা কাৰবি আংলঙৰ মানুহ, প্ৰকৃতি, পুৰাণ-কথা আৰু জীৱন-গাথাই অসমীয়া কবিতাত এক নতুন আয়তন সংযোজিত কৰিছে৷’ এইখনৰ বাদেও তেওঁৰ সৃষ্টি ‘গল্পৰ নায়ক বিচাৰি”, ‘নেকাংহন”, ‘তথাপিও দোমোজাৰ সেই পলবোৰ” ৷ মোৰ বাবে উৎসাহজনক কথা যে শ্ৰী অৰুণ টেৰণৰ ভ্ৰমণ সংগী হোৱাৰ সৌভাগ্য মোৰ হৈছে৷ তেওঁৰ তুলিকাত প্ৰাণ পাই উঠা ভালেকেইখন ছবি মই কিতাপ-আলোচনীৰ প্ৰচ্ছদ হিচাপে ব্যৱহাৰ কৰিবলৈ পাইছোঁ৷ নিকট সান্নিধ্যত থাকি তেওঁৰ কোমল মনৰ উমাল স্পৰ্শানুভূতি লাভ কৰিছোঁ৷ ‘অকব’ৰ মাননীয় সদস্য-সদস্যাসকললৈ আজি ‘সমাধিৰ কবি’, মোৰ এগৰাকী অগ্ৰজভ্ৰাতৃপ্ৰতিম প্ৰিয় লোক অৰুণদাৰ দুটি কবিতা আন্তৰিকতাৰে আগ বঢ়ালোঁ৷




















৷১ ৷ নৈঃশব্দ্যৰ শব্দত এদিন

নৈঃশব্দ্যৰ শব্দ ফালি
এই যেন সৰি পৰিব
মোৰ সৰু চোতালত, ওপঙি ফুৰা
বনকুকুহাবোৰ৷

এনেকৈয়ে ধূসৰিত কৰি
মোৰ সৰু চোতালতো ফাগুন আহে
সৰাপাতৰ বুকুত ভৰ দি৷

আজি এই নিশাটোত
জোনাক গলি গলি সৰি পৰিবনে
সৰাপাতৰ দৰে সশব্দে৷

মোৰ নিচেই কাষত সৰি পৰা পাতৰ
মৃদু শব্দতেই, ইচ! কেনেকৈযে চক্‌ খাইছিলোঁ
ফাগুন হেনো এনেকৈয়ে আহে৷
















৷২ ৷ তথাপিও দোমোজাৰ সেই পলবোৰ

এৰা-পৰলীয়া নৈৰ সেই ভাঁজ, তাহানিৰ
ইপাৰ নে সিপাৰ
দোমোজাত পাৰ হোৱা
শৈশৱ-কৈশোৰ
আয়ে দিয়া৷

তোমাৰ দৰে এতিয়া ভয় মোৰো লাগে
এই শূন্যতাৰ এই উচ্চতাক
আচলতে সময়ৰ সামান্য ব্যৱধানতেই
সলনি হব পাৰে নেকি এই ঠিকনাবোৰ৷

এটা নেতিবাচক শব্দতেই
বহুতৰ দৰে সলাই দিব পাৰোঁ
সন্মুখৰ এই দিকচৌ বাট৷

গৈ থাকিবহে লাগে

এতিয়া মোৰ নিয়ম ভঙা অনুভূতিৰ
বুকুৰ ভিতৰে বাহিৰেও
দুখ আইৰ আশৈশৱ কোলাৰ৷

মোৰ বাবেও সময় হৈছে হয়তো
পিছলৈ ঘূৰি চোৱাৰ৷

তথাপিওযে দোমোজাৰ সেই পলবোৰ

No comments:

Post a Comment