Wednesday, 3 September 2014

ছপাশালৰ তিতা-মিঠা
(গল্প নহয়, সত্য)

কেৰেচ...
পাতল হালধীয়া ৰঙৰ মাৰুতি ৮০০ এখন ৰ’লহি৷ গাড়ীৰ পৰা নামি আহিছে আমাৰ বৰুৱানী বাইদেউ৷ লগে লগে জীয়েক৷ বৰুৱানী বাইদেউৰ হাতত সৰু জোখৰ এক্সাৰচাইজ বহী এখন৷ জীয়েকৰ হাতত গাড়ীৰ চাবি আৰু ম’বাইল৷

সম্ভাষণ জনাই বহিবলৈ দিলোঁ৷ দুয়ো বহিল৷ কণ্ট্ৰল-এছ টিপি মই কাম কৰি থকা কম্পিউটাৰটোৰ পৰা উঠি ওচৰলৈ গ’লোঁ৷

‘কওকচোন বাইদেউ, কি সহায় কৰিব পাৰোঁ?’

‘কবিতা কিতাপ এখন কৰি দিব লাগেঅ’৷ অহা বিশ তাৰিখে আমাৰ শাখা সমিতিৰ অধিৱেশন আছে নহয়, তাতে উন্মোচন কৰিম বুলি ভাবিছোঁ৷ বেছি ক’পী নকৰোঁ৷ চব দায়িত্ব তোমাৰ কিন্তু৷ স্পেলিংবিলাক চাই দিয়াৰ পৰা বেটুপাতলৈকে৷ এই বহীখনতে মোৰ কবিতাবিলাক আছে৷’

পাত লুটিয়াই চাব ধৰিলোঁ৷ মনে মনে হিচাপ এটাও কৰিলোঁ, কেইটামান কবিতা হ’ব পাৰে?

‘মাৰ কবিতাবোৰ আপুনিয়েই ভালকৈ চাই-চিতি দিব দেই৷’ ...জীয়েকেও মাকৰ হৈ এষাৰ ক’লে৷

‘চাইজটো কেনেকুৱা হোৱাটো বিচাৰে বাইদেউ? ডিমাই ৱান এইট নে ক্রাউন? বেটুপাত মাল্টিকালাৰ্ড নে কেনেকুৱা? আৰু কাগজ, লেমিনেছন?’

‘মই সেইবোৰ একো নাজানো ভাই৷ তুমিয়েই যি ভাল হয় কৰি উলিয়াবা৷ মুঠতে আমাৰ আগন্তুক অধিৱেশনত উন্মোচন কৰিবলৈ পালেই হ’ল৷’

‘আচ্ছা, বেছি ক’পী নকৰোঁ বুলিযে ক’লে, কিমান ক’পী হ’লে আপোনাৰ চলি যাব বাৰু?’

মাক-জীয়েকে পৰস্পৰে পৰস্পৰলৈ চালে৷ দুয়ো দুয়োকে ইংগিতেৰে সুধিলে, উত্তৰটো কি হ’ব পাৰে?

‘কিমান হ’লে হ’ব মা? এশ-ডেৰশমান হ’লে নুজুৰিবনে? ষ্টেজত থকাকেইজনক দিলেই হ’ল৷ সকলোকে ফ্ৰিকৈ বিলাবৰ দৰকাৰ নাই৷’ 

মাকতকৈ জীয়েকৰ চিন্তনযে আগ বঢ়া সেয়া বুজিলোঁ৷ এই দিশত আগতীয়া কোনো চিন্তন যে নাই হোৱা সেয়াও বুজিলোঁ৷

‘হ’ব বাৰু, সংখ্যাটো পিছত আপোনালোকে ঘৰত আলোচনা কৰি ছপা কৰাৰ আগতে খাটাংকৈ ক’ব৷ তেহে মই খৰচৰ হিচাপটো সঠিকভাৱে উলিয়াব পাৰিম৷ সদ্যহতে টাইপিং, ছেটিং, প্ৰুফ ৰিডিং আদি শেষ কৰি লওঁ৷’

‘তুমিয়েই চাই-চিতি দিবা আৰু দেই৷ মই নাচাওঁ৷’

জীয়েকেও মাকৰ কথাষাৰত দুই-এটা বাক্যৰ সংযোজনেৰে উজান দিলে৷

টাইপিং হৈ যোৱাৰ পিছত সূচীপত্ৰমতে ছেটিং কৰি পেলালোঁ৷ নিজেই প্ৰুফ চাই কাৰেকচন কৰি বুক ফৰ্মত প্ৰিণ্ট আউট এটা উলিয়ালোঁ৷ টাইপ কৰি যাওঁতেই ডিক্সনেৰী মেলি অনেক বানান শুধৰাব লগা হ’ল৷ ৰৈ ৰৈ কৰিবলগীয়া এনে কামে সময় অধিক লৈ লয়৷ গতিকে পাণ্ডুলিপিটো ঠিক-ঠাককৈ আনিব লাগে৷ কিন্তু যি দেখিছোঁ, মানুহবোৰে হ'মৱৰ্কখিনি কৰি নাহে৷ এইবোৰকে লৈ মাজে মাজে গুজৰি-গুমৰি থাকোঁ যদিও ঘূৰি ঘূৰি সেই একেটাই৷ গালো-বালো খোলাকটিৰ তাল৷ শাকে-জাবৰে এসোপা লৈ আহিব, তাৰ পিছত বনাওক ‘কিতাপ’৷ এই বস্তুটো মানুহবোৰে কিয় বুজি নাপায় ভাবি নাপাওঁ৷ কম্পিউটাৰ হ’ল বুলি...

এদিন ফোন কৰি অগ্ৰগতি জনোৱাত বাইদেউ আহিল৷ প্ৰিণ্ট আউটটো দিলোঁ৷ তাকে দেখুৱাই বিশিষ্ট সাহিত্যিকৰ পৰা পাতনি হিচাপত একলম লিখোৱালে৷ প্ৰয়াত স্বামীৰ নামত উচৰ্গা কৰা হৈছে জীৱনৰ প্ৰথম এই কবিতা সংকলনখন৷ সেইবিলাক পৃষ্ঠাৰ কামো সময় অনুপাতে হৈ উঠিল৷ ৰঙীণ বেটুপাত নিজেই সজাব লগা হ’ল, নামটোৰ সৈতে খাপ খুৱাকৈ৷ বাইদেৱে সেইবোৰ একো নাজানো বুলিয়ে থাকিল৷ খৰচৰ হিচাপটো দিলোঁ৷ অগ্ৰিমৰ নামত সামান্য ধন আৰু বৃহৎ আশ্বাস-বাক্য পালোঁ৷ ছপা আৰম্ভ হ’ল আৰু নিৰ্দিষ্ট দিনটোৰ দুদিনৰ আগেয়ে কিতাপো ৰেডী হৈ গ’ল৷

কেৰেচ...
উন্মোচনী সভাৰ ভালেকেইঘণ্টাৰ আগতে পাতল হালধীয়া ৰঙৰ মাৰুতি ৮০০খন ৰ’লহি৷ কিতাপ চালে৷ তাৰ পিছত টোপোলাকেইটা বুকুত সাবটি ধোঁৱা উৰুৱাই গুচি গ’ল ৰংচঙীয়া পেকিং-পে’পাৰ বিচাৰি৷ কথা দি গ’ল... ‘অধিৱেশনৰ পিছতে আহি আছোঁ৷' আৰু তাৰ পিছত...

'হেল্ল’ ... বাইদেউ ...’

‘অঁ ... হেৰি অ’, মই অকণমান ব্যস্ত আছোঁ৷ মানে মোৰ কুকুৰকেইটাৰ বেমাৰ৷ ইহঁতৰ লগতে ডিচপেন্সেৰীত আছোঁ৷’

‘এ' হয় নেকি! বাইদেউ, মানে মই জনাব খোজা কথাটো হ’ল ... আপোনাৰ কিতাপৰ বাকী থকা ...’

‘অঁ, দিম দিম ... মোৰ মানে ...’

তেনেকুৱাতে সিফালৰ মাতটো সলনি হৈ পৰিল৷ হঠাতে কিনো ঘটিল বুলি আচৰিতেই হ’লোঁ৷

‘কি লাগে? পইচা লাগে? ... কিমান হাজাৰ পাবলৈ আছে? ... মায়ে কৈছে নহয়, এতিয়া কুকুৰকেইটাৰ লগত ব্যস্ত আছে...’ আৰু অনেক অশ্ৰাব্য কিবাকিবি৷ এনে লাগিল যেন কথাটো কৈ অপৰাধহে কৰিলোঁ৷ যেন মইহে ধাৰ খাই থৈছোঁ! মাকৰ পৰা ফোনটো কাঢ়ি লৈ জীয়েকে হঠাতে যিখিনি শুনালে, হতবাক হোৱাৰে কথা৷ কিতাপ হোৱাৰ আগৰ ৰূপ আৰু কিতাপ পোৱাৰ পিছৰ ৰূপ! বিশ্বাসেই নহয়চোন৷ ভাবিলোঁ, এই মানুহবোৰে আচলতে নিজৰ সৃষ্টিকেই শ্ৰদ্ধা কৰিবলৈ শিকা নাই, আনৰ প্ৰাপ্য আদায় দিয়াটো দূৰৰে কথা৷ এই মানুহবোৰে প্ৰতিখন মিটিং, বিয়া, অনুষ্ঠানত নিজকে দেখনীয়াৰ কৰিবলৈ মুখত ৰং বোলায়, বিধে বিধে মেখেলা-চাদৰ সলায়, পিছে ভিতৰি কিমানযে কুৎচিত! আনৰ মন, মগজু, চকু, সময়, শক্তি কাঢ়ি নিয়াত এই মানুহবোৰ ঠিক আছে৷ বিনিময় পৰিশােধ কৰিবলৈ সময় নোহোৱা হয়! হাজাৰটা বাহানা উলিয়ায় তেতিয়া৷ কুকুৰৰ বেমাৰ হয়, জীয়েকৰ মুখত কটুবাক্য ফুটে, মুখামুখি হোৱাৰ ভয়ত দূৰতে ফুটপাথ সলায়, আৰুযে কত কি!

বিশিষ্ট লোকৰ দ্বাৰা তেওঁলোকে কিতাপ উন্মোচন কৰোৱায়৷ মঞ্চত কিতাপ বুকুত লৈ ফটো তোলাত প’জ দিয়ে৷ বাতৰি কাকতত সেয়া ডাঙৰকৈ ওলোৱাটো বিচাৰে৷ কিমানযে হেঁপাহ তেওঁলোকৰ!

নগ্নসত্যৰ আঁৰৰ এনে মানসিকতা সঁচাই এক বিৰাট ৰহস্য৷ জীৱনৰ বাটত পোৱা এনে জঁট লগা কথাবোৰ আজিও হ’লে মই বুজি পোৱা নাই৷

No comments:

Post a Comment