বেজবৰুৱা অধ্যয়ন
কলেজত পঢ়োঁতে প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত আমাৰ
অসমীয়া বিষয়ৰ পাঠ্যপুথিৰ অন্তৰ্গত এখন কিতাপ আছিল ‘কেঁহোকলি’ ৷ সাহিত্যৰথীজনাৰ শতবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ মণি-মাণিক প্ৰকাশে অসম সাহিত্য সভাৰ নামত ১৯৬৮চনতে উলিওৱা ১৫টা বাছকবনীয়া চুটি গল্পৰ সংকলন আৰু সম্পাদনা
কৰিছিল অধ্যাপক অতুলচন্দ্ৰ হাজৰিকাই৷ ‘কেঁহোকলি’ৰ পৃষ্ঠাত পঢ়া গল্পসমূহৰ যোগেদি লক্ষ্মীনাথ বেজবৰুৱা মানুহজনৰ
প্ৰকৃত পৰিচয় পাইছিলোঁ, বেজবৰুৱাৰ বিৰাট ব্যক্তিসত্তাৰ উমান পাইছিলোঁ৷ আৰু এঢাপ আগুৱাই যাওঁতে বেজবৰুৱাৰ ৰচনাৰ স্বকীয় ধাৰাটিৰ সমানে সমানে আমাৰ সন্মুখত প্ৰতিভাত হৈছিল তেখেতৰ বহুমুখী সৃষ্টি-প্ৰতিভা৷
অৱশ্যে তাতোকৈও আগতে, শিক্ষাৰ নিম্নস্তৰতে আমি
অসমীয়া সাহিত্যৰ মহান কাণ্ডাৰীজনৰ জীৱনী পঢ়াৰ সুযোগ পাইছিলোঁ৷ লক্ষ্মীপূজাৰ দিনা পূৰ্ণিমা
তিথিত ‘এক শুভ মুহূৰ্তত ভূমিষ্ঠ নহৈ নৌকাস্থ হ’ল’ বুলি ‘অসমীয়া ভাষাৰ কাৰিকৰ’গৰাকীয়ে ‘মোৰ জীৱন সোঁৱৰণ”ত নিজৰ জন্মৰ বিষয়ে কৈ যোৱা
এই বাক্যাংশ তেতিয়াই মনত ৰৈ গ’ল৷ স্কুলীয়া ছাত্ৰাৱস্থাত আমাৰ বিদ্যালয়ৰ পুথিভঁৰালটোৱে সাহিত্যসম্ৰাটগৰাকীক
চিনাকি কৰোৱাত বাটকটীয়াৰ ভূমিকা লৈছিল৷ বহুপঠিত ‘বুঢ়ী আইৰ সাধু’ৱে আন বহুতৰ দৰেই কম বয়সতে আমাক আকৃষ্ট কৰিছিল৷
আন নালাগে, ‘মা, সাধু এটা কচোন’ বুলি শুবৰ সময়ত বিছনাত পৰি মাতৃক
কুটুৰিলে ‘বান্দৰ আৰু শিয়াল’ৰ সাধুটো, নহ’লেবা ‘তেজীমলা’ৰ সাধুটোৱেইটো আমাক মায়ে কৈ শুনাইছিল!
নীতিশিক্ষা আৰু আমোদ দুয়োবিধেই পাইছিলোঁ আমি তাত৷ বাৰে বাৰে শুনিও আকৌ শুনিছিলোঁ৷
খুহুতীয়া ৰচনাৰ প্ৰতি স্বাভাৱিকতে আকৰ্ষণ অনুভৱ
কৰাৰ বয়সত ‘কাৰ্টুনিষ্ট’ বেজবৰুৱাৰ ‘কৃপাবৰী সাহিত্য চিৰিজ’ৰ হাস্যধৰ্মী ৰচনাবোৰ সংগ্ৰহ
কৰি পঢ়ি গৈছিলোঁ, ৰস লৈছিলোঁ৷ ‘ককাদেউতা আৰু নাতিল’ৰা’, ‘সাধুকথাৰ কুকি’, ‘সুৰভি’, ‘জোনবিৰি’ আদিবোৰ সেই সময়ত আমাৰ বাবে ‘মৰমৰ কিতাপ’ আছিল৷ পৰৱৰ্তী পৰ্যায়ত বেজবৰুৱা
গ্ৰন্থাৱলী আৰু নানাজন কৃতবিদ্য সুধীৰ দ্বাৰা লিখিত বা সম্পাদিত বেজবৰুৱা বিষয়ক গধুৰ
গ্ৰন্থৰাজি; বিভিন্ন প্ৰকাশন-গৃহই সময়ে সময়ে উন্মোচন কৰা সম্ভ্ৰান্ত সচিত্ৰ সংকলন,
ৰচনা সম্ভাৰ, জন্মজয়ন্তী শ্ৰদ্ধাৰ্ঘ, বিশেষ সংখ্যা, বেজবৰুৱা ৰচনাৱলী, বেজবৰুৱা-চৰ্চাৰ
অগ্ৰণী সাহিত্যৰসিকসকলৰ সৌজন্যত প্ৰাপ্ত প্ৰব্ন্ধাদিৰ পঠনে এই প্ৰাতঃস্মৰণীয় ব্যক্তিগৰাকীৰ
সম্বন্ধে মনৰ কৌতূহল প্ৰয়োজন অনুপাতে বিদূৰ কৰি আহিছে৷ হ’লেও এই দিশৰ গভীৰ অধ্যয়ন আজিৰ
তাৰিখতো মোৰ তেনেই সীমাবদ্ধ বুলি নিৰ্দ্বিধাই স্বীকাৰ কৰিম৷
অসমীয়া চুটি গল্পৰ জনক, ‘ভাষাৰ বেজ’ বেজবৰুৱাৰ নিপুণ বেজালিৰ প্ৰতি আমি আজিও আগৰ দৰেই অনুৰক্ত৷ ‘ৰসৰাজ’ৰ ‘সোণবৰষা কাপ’নিৰ্গত ৰসোত্তীৰ্ণ সাহিত্যামৃত পান কৰিবলৈ এতিয়াও অকণোৱেই দেখোন এলাহ নালাগে৷ আনহাতে বেজবৰুৱাৰ ‘বেত্ৰাঘাত’ আজিও আমাৰ প্ৰাপ্য বুলিও প্ৰায়ে মনে মনে ভাবোঁ৷ কাৰণ নিজৰ মাতৃভাষাৰ শুদ্ধতাকণ আহৰণৰ পৰাই দেখোন আজিও শতযোজন দূৰৈত আছোঁ৷ তালৈকে চাই আগন্তুক গ্ৰন্থমেলাৰ উলাহত আমি যিসকলে কিতাপ দুখনমান কিনিম বুলি মনতে পাঙি থৈছোঁ, বেজবৰুৱা-বিষয়ক অন্ততঃ এখন হ’লেও গ্ৰন্থ (লাগিলে বিশটকীয়া ‘বুঢ়ী আইৰ সাধু’খনেই হওক) ক্রয় কৰিম আৰু পঢ়িম বুলি এতিয়াই এটা আগতীয়া সিদ্ধান্ত লৈ থোৱাটো আমাৰ জাতীয় উত্তৰণৰ স্বাৰ্থতে বেয়া কথা নহ’ব নিশ্চয়৷
বেজবৰুৱা চৰ্চাৰ শেহতীয়া সুপ্ৰচেষ্টা হিচাপে নিশ্চয়কৈ
আমাৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ নাম গৌৰৱেৰে উচ্চাৰণ কৰিব
লাগিব৷ ইউনিক’ডৰ মাধ্যমেৰে বেজবৰুৱাৰ জীৱন
আৰু কৃতি তথ্যসম্বলিতভাৱে বিশ্বৰ এটা কোণৰ পৰা আন এটা কোণলৈ বোৱাই নিয়াৰ আন্তৰিকতাপূৰ্ণ
প্ৰয়াসৰ সৈতে জড়িত প্ৰতিজনৰে চিন্তা আৰু কৰ্মৰ শলাগ ল’লোঁ৷ পাত লুটিয়াই চায়ে বেজবৰুৱা
অধ্যয়নৰ দিশত এইবাৰৰ ‘সাহিত্য’ক অৱশ্যপঠনীয়, সংৰক্ষণযোগ্য,
শিক্ষাসদী সম্ভাৰ হিচাপে গণ্য কৰিছোঁ৷ আশা কৰোঁ হাজাৰ বাধাৰ মাজতো এনে ধাৰা অব্যাহত
থাকিব, যি অসমীয়া মানুহক বৌদ্ধিকভাৱে জীয়াই ৰাখিব৷
No comments:
Post a Comment