Thursday, 30 November 2017

দিন পাঁচ ৷৷ খণ্ড ২

তাম্‌ৰিংফুজ নামৰ শিলাময় নৈ এখন পৰ্বতৰ পৰা নামি আহিছে৷ পুলিন গগৈয়ে আমাক আনি তাৰ পাৰতে নমালে৷ শিলগুটি দিয়া ৰাস্তাটোৰে বলেৰ'খন যিমান পাৰি নিলে৷ আৰু আগুৱাব নোৱাৰে৷ নৈৰ বুকুখনো শিলেৰে ঠাহ খোৱা৷ শুভ্ৰৰঙী শিলবোৰে পৰিৱেশটোলৈ অনন্যসুন্দৰতা বিয়পাইছে৷ আগতেই আহি পোৱা পৰ্টাৰকেইজনে পাৰৰ বননি এডোখৰতে বয়-বস্তুবোৰ মেলি লৈ চিজিল কৰি আছে৷ কঢ়িয়াবৰ সুবিধা হোৱাকৈ ভগোৱাত লাগিছে৷ গেবুকে ধৰি আমাৰ লগত মুঠতে ৫জন মালবাহক যাব৷ বাকীকেইজনৰ নাম ক্ৰমে দাৱা চোনা, নিমা শ্বুক্‌লা, দালা নাক্‌চাং আৰু কুং চেক্‌কে৷ সিহঁতক দেখি গেবু ৰ'ল৷ নিৰ্দেশ দিয়াত লাগিল৷ আমি আলেখলেখ চাব ধৰিলোঁ৷ তদুপৰি চৌদিশৰ প্ৰাকৃতিক শোভা৷ লোকচক্ষুৰ পৰা আঁতৰৰ মেন্‌-চু-খা এইখন৷ ততোধিক আঁতৰলৈ যাবলৈ ওলাই আহিছোঁ আমি৷ বুকুত অলেখ উৎকণ্ঠা৷

কুং চেক্‌কেৰ প্ৰকৃত নামটো কুইগং৷ কুইৰ অৰ্থ শক্তি, গং মানে কাম৷ যোৱা নিশা মেন্‌-চু-খা বজাৰত তাৰ সৈতে পৰিচয় হৈছিলোঁ৷ গেবুৱে আমাক নিব বিচৰা, সৰহ মানুহ আজিও গৈ নোপোৱা ট্ৰেক্‌টো একমাত্ৰ সিহে চিনি পায় বুলিছিল৷ টাইকোৱান্‌ডো মাষ্টাৰ বুলিও কৈছিল৷ এতিয়া পোহৰত চাই অনুমান কৰিছোঁ, লৰাটোৰ বয়স ২০ বছৰমান হব৷ শৰীৰটো বেছ আটিল৷ প্ৰচণ্ড শাৰীৰিক-মানসিক শক্তিৰ অধিকাৰী৷ অকলেই বহুত ওজন কঢ়িয়াব পাৰে, শক্তি প্ৰয়োজন হোৱা কাম কৰিব পাৰে হেনো৷ গতিকে দলৰ পথ-প্ৰদৰ্শনকাৰীৰ দায়িত্ব আৰু নেতৃত্বত থাকিল কুং চেক্‌কে৷

অৰুণাচলৰ চৰকাৰী বিষয়া পৰ্যায়ৰ লোকৰ বিছনা-পত্ৰ, খাদ্য সামগ্ৰী, ৰন্ধাৰ যতন আদি কঢ়িয়াবৰ বাবে থকা ভাৰবাহকসকলক Agency Labour Corps (A.L.C.) বোলা হয়৷ এ.এল.চি. অৰ্থাৎ বোজা কঢ়িওৱা পৰ্টাৰবোৰৰ সৰহসংখ্যককে আগতে নেপাল, ভূটান আদি দেশৰ পৰা নিযুক্তি দিয়া হৈছিল৷ ৫টাকৈ জনগোষ্ঠীৰ বসতিস্থল মেন্‌-চু-খাত অৱশ্যে প্ৰায়ভাগ মজদুৰেই আছিল স্থানীয় তাগিন, ৰামো, পাইলেবু আৰু বকাৰ জনজাতিৰ লোক৷ বৌদ্ধধৰ্মীয় মেম্বা লোকে সেই কাম নকৰিছিল৷ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰতো তেওঁলোক পাৰ্গত নাছিল৷ মেম্বাসকলক কোৱা হৈছিল নিমাখিত জাতি বুলি৷ গেবুৰ মুখখনলৈ চালে এতিয়াও মোৰ তেনেকুৱাই লাগে৷ এতিয়া পিছে আমাৰ সৈতে অহা পেছাদাৰী মালবাহক আটাইকেইজনেই মেম্বা! সময় সলনি হোৱাৰ লগে লগে মানুহৰ ভাবধাৰা, মানসিকতা সলনি হৈছে৷

আপোনালোকে সৌ ৰূপালী পাইপডালৰ দাঁতিৰে ওপৰলৈ উঠি গৈ থাকক৷ ওপৰ পোৱাৰ পাছত তাতে অপেক্ষা কৰিব৷ চকুৰে দেখি থকালৈকে ট্ৰেক্‌টো বটাই দি গেবুৱে আমাক নিশ্চিন্তে আগ বাঢ়ি থাকিবলৈ কলে৷ বস্তুখিনি থান্‌-থিত লগোৱা হলেই সিহঁতে পদচালনা আৰম্ভ কৰিব৷ কম সময়ৰ ভিতৰতে আমাক লগ ধৰি লব৷ গতিকে চিন্তা কৰাৰ একো আৱশ্যক নাই৷

সেইমতেই পুৱা ৯.০০ বজাত তাম্‌ৰিংফুজৰ পাৰে পাৰে ট্ৰেকিং আৰম্ভ কৰি দিয়া হল৷ আমাৰ ট্ৰেকাৰ ৬জন৷ ৬জনৰ ভিতৰত প্ৰদীপদা আৰু মই নিজৰ ৰাক্‌চেক্‌ নিজেই পিঠিত লৈছোঁ৷ নহ'লে অকণো মজা নালাগে৷ ৰৌদ্ৰোজ্জ্বল পুৱা৷ সুন্দৰ বতৰ৷ নৈপৰীয়া খলা-বমা, শিলগুটি দিয়া পথ৷ দূৰত সুনীল আকাশৰ বুকুত ডাৱৰবোৰৰ সৈতে জিলিকি আছে জোঙা জোঙা পৰ্বতৰ শিখৰবোৰ৷ বাওঁহাতে সশব্দে বৈ থকা পাহাৰীয়া নৈখন, সোঁহাতে এঢলীয়া পাহাৰ৷ তাৰ মাজেদিয়েই আগ বাঢ়ি গৈছে দলটো৷ সৰ্বপ্ৰথমে পকী দলং এখন পালোঁ৷ নৈখন পাৰ হৈয়ে পুৰণি পৰম্পৰাগত ঘৰ এটা৷ পকী নলা এটাও পাৰ হলোঁ৷ তাৰ পাছত একেবাৰে থিয় পাহাৰ৷ গেবুৱে নামনিৰ পৰা আঙুলিয়াই দেখুওৱা পাইপডালৰ কাষে কাষে এঢলীয়াৰে বগাই আমি ওপৰলৈ উঠিব ধৰিলোঁ৷ কলা বৰণৰ মেঠোন কেইটামান ওচৰতে চৰি আছে৷ সাৱধানে খোজ দিছোঁ৷ কিছু সময় কষ্ট কৰাৰ পাছত শীৰ্ষ পালোঁ৷ ঘন হৈ পৰা উশাহবোৰ স্বাভাৱিক কৰি ল'ব লাগিল৷ গেবুৰ আগতীয়া নিৰ্দেশ অনুসৰি আটায়ে ৰৈ গ'লোঁ৷ তললৈ চাই দেখিলোঁ, সিহঁতে আৰম্ভ কৰাই নাই!

গৌতম বুদ্ধই কৈছিল নিজকে জানিবলৈ শাস্ত্ৰ বা বিজ্ঞানৰ সহায় লোৱাতকৈ শ্বাস-প্ৰশ্বাসৰ সহায় লোৱাটো বহু প্ৰয়োজন। শাস্ত্ৰ আৰু বিজ্ঞান বহু দূৰ, কিন্তু শ্বাস-প্ৰশ্বাস অতি নিকট। ফোঁপনি আঁতৰাবলৈ আটায়ে জিৰণি ললোঁ৷ অপেক্ষা কৰিলোঁ পৰ্টাৰকেইজন আহি পোৱালৈ৷

অনুসন্ধিৎসু মনৰ লোকক এনেকুৱা পৰ্বতাৰোহণ, ট্ৰেকিং-কেম্পিং আদিয়ে সদায়েই আকৰ্ষণ কৰে৷ তাৰ বাবে প্ৰয়োজন সাহস, শাৰীৰিক সক্ষমতা আৰু দক্ষতাৰ৷ অন্যথা কব পাৰি, পৰ্বতৰ চূড়াত উঠাটো সৰু লৰাৰ খেল মুঠেই নহয়৷ সি লাগিলে এভাৰেষ্টেই হওক কিম্বা আমি উঠি থকা মেন্‌-চু-খাৰ এই শীৰ্ষবিন্দুৱেই নহওক কিয়৷ এনেকুৱা কাৰ্যৰ সময়ত গৌতম বুদ্ধই কবৰ দৰে নিজকে ভালকৈ জনা যায়, শ্বাস-প্ৰশ্বাসৰ জৰিয়তে৷


দিন পাঁচ (২৯.১১.২০১৬, মঙলবাৰ) ৷৷ খণ্ড ১

পুৱা সোনকালতে উঠি কুহুমীয়া পানীৰে গা-পা ধুই সাজু হৈছোঁ৷ দৰকাৰ নপৰিব বুলি ভবা বস্তুবোৰ আৰু এৰি থৈ যাবলগীয়া কাপোৰ-কানিখিনি আমাৰ কোঠাতে মোনাত ভৰাই থলোঁ৷ ৰাজীৱ ট্ৰেকিঙত নাযায়৷ সোধাত কলে যে খোজ কঢ়াত তেওঁৰ সমস্যা আছে৷ সমস্যাতকৈ অনিচ্ছা যেনহে লাগিল, কাৰণ সেই পথ দুৰ্গম, সহজ নহয়৷ কালি Gompa Samden Choelingলৈ বগাওঁতেই খুব কষ্ট পোৱা যেন মই মন কৰিছিলোঁ৷ এতিয়া ট্ৰেকিং-হাইকিঙৰ বদলি সাহাৰ গাড়ীৰে স্থানীয় গাঁও এখনলৈ যাব, দেম্‌ডাপৰ সৈতে৷

মেন্‌-চু-খাৰ ভিতৰুৱা কোনোবা এখন গাঁও দৰ্শন কৰাৰ গোপন ইচ্ছা এটা মোৰো তীব্ৰভাৱেই আছিল৷ মই বিশ্বাস কৰোঁ যে গাঁও ভ্ৰমিলেহে অকৃত্ৰিমভাৱে গম পোৱা যায় স্থানীয় পৰিৱেশ, জীৱনশৈলী, খাদ্যাভ্যাস, কৃষ্টি-সংস্কৃতি, অতীত-বৰ্তমান-ভৱিষ্যৎ ইত্যাদি ইত্যাদি৷ পিছে অৰণ্যগমন আৰু জংঘলবাস যিহেতু নিশ্চিতভাৱে অধিক ৰোমাঞ্চকৰ হবই হ'ব, সেয়ে এইটোতহে গুৰুত্ব দিয়া হল আৰু ট্ৰেকিং-কেম্পিঙলৈ ওলালোঁ৷ কোনোবাইযে কৈছিল, The forest call each and everyone of us. Only a certain few hears the call, কথাষাৰেও সপক্ষে সমৰ্থন যোগালে৷ মেন্‌-চু-খাৰ ফৰেষ্টৰ আহ্বান! এনে সুযোগ কাৰ জীৱনলৈ আহে কিমান? চান্সটো নেৰাই ভাল বুলিয়ে মনটোৱে সোঁৱৰাই থাকিল বাৰে বাৰে৷

পুৱাৰে পৰাই বেলেগ ধৰণৰ খদম্‌দম চলিছে চৌহদটোত৷ গেবু, নানা, চাংগে, ৰূপাক অতিপাত কৰ্মব্যস্ত দেখা গৈছে৷ পাচলি কুটাই খচাখচ পাচলি কুটিছে, ৰুটি বেলাই ঘপাঘপ ৰুটি বেলিছে, চাহ বকাই চাহ বাকিছে৷ ৮ বজাত হমষ্টেৰ মুক্তাংগনত কুঁৱলীৰ আৱেষ্টনীত সকলোৰে বাবে ব্ৰেক্‌ফাষ্ট সজাই দিয়া হল৷ ইয়াত এইটোৱে ৰীতি৷ চাহ, মেগী নুডল্‌ছ, ফ্ৰাইড্‌ ৰাইচ্‌, ৰুটি-তৰকাৰি, টেংগা আদি কেইবাবিধো খাদ্য যাচিছে৷ চোতালখনত উদূলি-মুদূলি পৰিৱেশ৷ যেন এভাৰেষ্টাৰসকলহে ওলাইছে হিমালয়লৈ বুলি! ময়দাৰে তৈয়াৰী টেংগা নামৰ তিব্বতী খাদ্যটো জীৱনত এই প্ৰথমবাৰ খাবলৈ পালোঁ মই৷ পুৱা সোনকালে শয্যা ত্যাগ কৰাৰ পাছত পাকঘৰত জুইৰ গুৰিত বহি ৰূপা আৰু নানাক লক্ষ্য কৰি আছিলোঁ, কেনেকৈনো সিহঁতে এইটো বস্তু প্ৰস্তুত কৰে চাওঁচোন বুলি৷ মৰ্নিং স্পেচিয়েল৷’ মোৰ উৎসুকতা দেখা পাই তেতিয়াই জনাইছিল নানাই৷ নিৰামিষাহাৰীৰ বাবে তৈয়াৰ কৰা হৈছে বোলাত কৌতূহলৰ মাত্ৰাটো আৰু অলপ চৰি গৈছিল৷ জল্পনা-কল্পনাৰ ওৰ পেলাই এতিয়া খালোঁ৷ খাই ভালেই লাগিলচোন৷

পুৱাৰ আহাৰ গ্ৰহণ কাৰ্য এসময়ত সকলোৰে সুকলমে সমাপ্ত হল৷ ৮.৩০ বজাত গেবুজ ট্ৰেডিচনেল্‌ লজৰ পৰা আমি ওলাম বুলি আগতেই সময় নিৰ্দিষ্ট কৰা আছে৷ মোৰ পিঠিত ৰাক্‌চেক্‌৷ ডিঙিত কেমেৰাটো৷ ৰূমটো বন্ধ কৰি নানাহঁতক মাত লগালোঁ৷ সংগীসৱ ইতিমধ্যে অদৃশ্য হলেই৷ খৰখেদাকৈ আহি আহি অন্তিমত গৈ থকা জয়ন্তদা আৰু গেবুক লগ ধৰি পেলালোঁ৷ আগে আগে অৰূপদা আৰু শিৱদেব৷ আমাৰ গাড়ী দুখনে আমি যাব লগা দিশত বয়-বস্তুৰে সৈতে দলটোক কিছুদূৰ আগ বঢ়োৱাৰ কথা আছিল৷ এই ৫জনক বাদ দি অন্যসকল ইতিমধ্যে সেই ব্যৱস্থাৰেই ট্ৰেকিং স্পটলৈ ৰাওনা হল৷ আমিহে কিয় জানো, ৰৈ গ'লোঁ! সি যি কি নহওক, সদস্যসকলৰ উৎসাহ দেখিহে তবধ মানিলোঁ৷ ভালো লাগিল মনে মনে৷

দক্ষিণলৈ যোৱা পকা ৰাস্তা এটাৰে পদব্ৰজে একেৰাহে ওপৰলৈ উঠি গৈ আছোঁ আমিকেইজন৷ জি.টি.এল.ৰ পৰা বহুদূৰ পালোঁহি৷ জোঙা আৰু উকা পৰ্বতবোৰ ক্ৰমাৎ ওচৰ চাপি আহি আছে৷ উশাহ-নিশাহো ঘন হৈ আহিছে৷ জয়ন্তদাক ক'লোঁ... 'নিবলৈ গাড়ী আহিবই যেতিয়া আমি এনেকৈ গৈ থকাটো উচিত হোৱা নাই দাদা?' কথাটো চিন্তা কৰি গোটেইকেইজনেই এঠাইত ৰৈ দিলোঁ৷ বাট চাই থাকিলোঁ আনবোৰক থৈ গাড়ী দুখন ঘূৰি অহালৈ৷

দালি পুৱা৷ পুৱাবেলাৰ মেন্‌-চু-খাখনৰ সৌন্দৰ্যই দুৰ্গম যাত্ৰাটোৰ আৰম্ভণিতে মনটো ভাল লগাই দিছে৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী কিছুমানৰ আহ-যাহ চলিছে৷ বাটে বাটে সিহঁতবোৰৰ লগত শিশুসুলভ চুপতি কৰি গৈছোঁ৷ কণল'ৰা এটাক পালোঁ, নাকৰ সোঁফালৰ ফুটাটোৰে শেঙুন এসোঁতা ওঁঠৰ ওপৰেৰে নামি আহি মুখখনত তাৰ এই সোমাওঁ, এই সোমাওঁ৷ বুদ্ধি কৰি তাক ৰখাই সেইটো অৱস্থাতে স্নেপ এটা লৈ থলোঁ৷ পাছত বিভিন্নজনৰ কাৰণে হাঁহিৰ খোৰাক হ'ব এই ছবিখন৷ লেক অফ্‌ ন ৰিটাৰ্ণলৈ যাওঁতে নংকি বস্তিত একে অৱস্থাত থকা শিশু এটাৰ ফটো তুলিছিলোঁ৷ মাজে মাজে এতিয়াও চাওঁ আৰু ৰস লওঁ৷ মনতে ভাবোঁ, এতিয়া আনৰ স্নেপ ল'লে কিডাল হ'ব, সৰুকালত আমাৰ গতিও এনেকুৱাই আছিল৷ অজলা, নিষ্পাপ এই দেৱশিশুবোৰৰ মাজত নিজকে বিচাৰি পোৱা যায়৷

ভাৰতৰ পূব প্ৰান্তৰ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশ ট্ৰেকিঙৰ বাবে বিশেষভাৱে জনাজাত, আকৰ্ষণীয় আৰু আগ বঢ়া ৰাজ্য৷ মেন্‌-চু-খা, টাৱাং, বমডিলা, আল, ডাপৰিজ, পাচিঘাট আৰু শ্বাক্কু এইক্ষেত্ৰত উল্লেখনীয়৷ মেন্‌-চু-খাত কৰা ট্ৰেকিং অভিযানেৰেই পৰ্বতাৰোহণৰ পাতনি মেলিছিল বুলি অসমৰ দ্বিতীয়জন এভাৰেষ্ট আৰোহী মনীষ কুমাৰ ডেকাই এভাৰেষ্টত বিশ মিনিট কিতাপৰ 'দুআষাৰ'ত প্ৰথম বাক্যটোতে উল্লেখ কৰি থৈছে৷ দীৰ্ঘদিনীয়া সপোনৰ পম খেদি আমিও আহি পাইছোঁ সেই মেন্‌-চু-খা৷ 

ইয়াত কেইবাটাও ট্ৰেক আছে৷ সহজ, মধ্যমীয়া আৰু কঠিন তিনিও ধৰণৰ ট্ৰেকেই উপলব্ধ মেন্‌-চু-খাৰ আশে-পাশে৷ সেইবিলাকৰ ভিতৰত গেবুৱে আগতীয়াকৈ আমাক জনোৱামতে মেন্‌-চু-খা-য়াৰ্‌লুং ইণ্টাৰনেছনেল বৰ্ডাৰলৈ ২৫ কিলমিটাৰ দূৰত্বৰ ট্ৰেকিং কৰিব পাৰি৷ অৰুণাচলৰ ভিতৰতে অতি সুন্দৰ জলাশয় Pasang Sonam Tso চীন সীমান্তত অৱস্থিত৷ মধ্যমীয়া সেই ট্ৰেকিঙৰ বাবে ২ নিশা, ৩ দিন লাগে৷ তাৰ ওচৰতে ২ ঘণ্টা পদচালনাৰ অন্তত পেন্‌চাং নামে অন্য এটা লেকো আছে৷ Tso মানে সৰোবৰ৷ আনহাতে Laৰ অৰ্থ গিৰিপথ৷ Damjeenla হৈছে উচ্চতালৈ কৰা এটা কঠিন পদপথ৷ সেইটো অতিক্রম কৰিবৰ বাবে ৪ দিন, ৩ নিশাৰ প্ৰয়োজন৷ ৫-৬ দিনীয়া উক্ত ট্ৰেকিং-কেম্পিং কষ্টকৰ যদিও যথাস্থানত উপনীত হোৱাৰ পাছত পৰ্বতৰ বুকুত বনৰীয়া ফুলৰ বৰ্ণময় বাগিচা আৰু ঔষধি গছ-গছনি দেখা পোৱা যায়৷ তাৰ তুলনাত বুম্‌জিপাংগা ব্ৰীজেৰে দেৰ্‌জিলিং হিল্‌টপলৈ কৰা Menchukhala ট্ৰেকিং সহজ যাত্ৰা৷ দেশ-বিদেশৰ পৰা মেন্‌-চু-খালৈ অহা বিভিন্নজন ভ্ৰমণকাৰীয়ে এদিনীয়া সেই পদচালনাটোক ভাৰতবৰ্ষৰ ভিতৰতে এটা উৎকৃষ্ট ট্ৰেকিং ডেষ্টিনেচন বুলি অভিহিত কৰিছে৷ জি.টি.এল.ত বাহৰ পাতি থকা বিদেশীজন কালি সেইবাটেই গৈছিল৷ সেইটো পথত বাট বুলিলে ওপৰৰ পৰা মেন্‌-চু-খা টাউনখন সম্পূৰ্ণভাৱে দেখাৰ উপৰি নৈ, গাঁও, পৰ্বত শিখৰ, ঘাঁহনিত ঘোঁৰা চৰি থকা ইত্যাদি দৃশ্য চাবলৈ পোৱা যায়৷ তদুপৰি ফটো তোলাৰ কাৰণেও মনোগ্ৰাহী লকেচন কিছুমান আছে৷ Shingyongla ৩ দিন, ২ নিশাৰ পদচালনা৷ Tokakla ট্ৰেকিং ধুনীয়া আৰু কোনো সমস্যা নোহোৱাকৈ যাব পৰা এটা পদপথ৷ ২ নিশা, ৩ দিনজোৰা সেই পদযাত্ৰাৰ অন্তত ডাপৰিজৰ ৰায় ভিলেজ্‌ দেখা পোৱা যায়৷ আমি এদিনীয়াকৈ যিমান দূৰ পাৰোঁ ট্ৰেকিং কৰি গভীৰ অৰণ্যত এৰাতি কটোৱাৰ ইচ্ছা প্ৰকাশ কৰাত Shingyongla ট্ৰেক্‌টোকে বাছি লোৱা হল৷ মেন্‌-চু-খাত আলহী হোৱা গেবুজ ট্ৰেডিচনেল্‌ লজৰ পৰা মুখামুখিকৈ দেখি থকা পৰ্বতমালাৰ অভ্যন্তৰত সামান্য কৌণিকভাৱে উক্ত ট্ৰেকৰ অৱস্থিতি৷


Tuesday, 28 November 2017

দিন চাৰি  ৷৷ খণ্ড ২১

জি.টি.এল.ৰ পাকঘৰৰ চৌকাটোক কেন্দ্ৰ কৰি আজিও চলিছে সন্ধিয়াৰ সুমধুৰ আড্ডা৷ গেবু আৰু নানাও একেলগে বহিছে৷ নিজা দৃষ্টিভংগী, ভাবনা, অনুভূতিপ্ৰকাশক কথা-বতৰাবোৰে পৰিৱেশটো গমগমীয়া কৰি তুলিছে৷ পাৰ হৈ যোৱা দিনটোত কোন কেনি গ্'ল, ক'ত কি দেখিলে, কিহে কাক মোহিত কৰিলে তাৰে পৰ্যালোচনা, প'ষ্টমৰ্টেম৷ নামৰূপৰ যুৱকদ্বয়ৰ সৈতে Zarko Vodinelio নামৰ ৬০ ঊৰ্ধ্বৰ ক্ৰ'ৱেচিয়ানজন ইয়াৰ পৰা প্ৰায় পোনে পােনে পাছফালে পৰ্বতৰ ওপৰত জিলিকি থকা, MENCHUKHA আখৰকেইটাৰ গুৰি পালেগৈ৷ শিখৰত উঠি চালে তেওঁলোকে য়াৰ্‌গ্যাপ চুৰ অৱবাহিকা৷ আমিও চালোঁ, তাতোকৈ অধিক উচ্চতালৈ উঠি, তাতোকৈ বেছি দূৰত্বৰ পৰা৷ দিগন্তত উজলি আছিল তেতিয়া বৰফৰ দীঘলীয়া লানি৷ প্ৰশস্ত উপত্যকাটোৰ দৃশ্যৰাজিয়ে আটাইৰে মনত গভীৰ দাগ কাটিলে, জীৱনৰ অনাগত সময়ছোৱাৰ বাবে৷

মই নানাৰ কাষত বহিলোঁ৷ তাই চাহ খাই আছে৷ চাহেই হৈছে মানৱ জাতিৰ আটাইতকৈ ডাঙৰ পানীয় খাদ্য৷ আচৰিত হলোঁ, আন কাকো নুসুধি বা নাযাচি মোলৈ চাই লাহেকৈ মাত দিলে... 'আপ চ্যায় পীয়েগা না দাদা?' খাম বুলি উত্তৰ দিবলৈ নাপালোঁৱেই, তাই কৈ উঠিল... 'আপোনাক মেম্বা চাহ খুৱাম দেই৷' তাৰ পাছত একাপ নহয়, দুকাপকৈ খুৱালে মেম্বা টি৷ মেম্বা লোকসকলৰ এক ধৰণৰ থলুৱা সংস্কৰণ এয়া৷ চাহপাত, মাখন আৰু নিমখ মিহলোৱা বিশেষ স্বাদৰ চাহবিধত চুমুক দি গ'লোঁ৷ মনত পৰিল ৱালঙত প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁতে সঞ্জু আৰু মই খাবলৈ পোৱা মেয়ৰ টিলৈ৷ বৰণত অমিল হ'লেও সোৱাদটোচোন নানাহঁতৰে মিলে! তাতো মিহলাইছিল মাখন আৰু সামান্য পৰিমাণৰ নিমখ৷ বৰণটো আছিল ঈষৎ সেউজীয়া৷

গৃহিণীগৰাকীয়ে মাজে মাজে উঠি গৈ ইটো-সিটো কাম কৰিলে৷ ৰূপা, চাংগেহঁতক কিবাকিবি দিহা-পৰামৰ্শ আৰু নিৰ্দেশো দি থাকিল৷ জুইৰ উত্তাপ শৰীৰত লৈ আমি বিভিন্ন বিষয়ৰ কথা-বতৰাত নিমগ্ন হলোঁ৷ সমজুৱাৰ গিৰ্জনি মৰা হাঁহিয়ে মাজে মাজে মেন্‌-চু-খাৰ গহীনতাক চূৰমাৰ কৰি গ'ল৷

'য়ে দেখিয়ে, গ্ৰীণ মেন্‌-চু-খা৷' নানাই তাইৰ ম'বাইল ফোনত মোক দেখুৱাব ধৰিলে মেন্‌-চু-খাৰ সেউজ-সুন্দৰ ফটোগ্ৰাফ কিছুমান৷ মানুহৰ মুখত শুনো, ভূস্বৰ্গ আখ্যায়িত কাশ্মীৰৰ ৰূপ হেনো দুটা৷ গ্ৰীণ কাশ্মীৰ আৰু হুৱাইট কাশ্মীৰ৷ ইয়ালৈ আহি এইমাত্ৰ নানাৰ পৰা জানিলোঁ আৰু দেখিলোঁও যে মেন্‌-চু-খাৰ দুটা ক'ত, চাৰিটা বেলেগ বেলেগ ৰূপ আছে! গ্ৰীষ্মত সেউজীয়া৷ এতিয়া ছাইবৰণীয়া৷ ইয়াৰ পাছত হ'ব ক'লা৷ তুষাৰপাতৰ সময়ত হৈ পৰিব বগা৷ শুভ্ৰ হিম-শিখৰেৰে চৌদিশ আবৃত্ত বিশেষ সাজ-সজ্জা দেখি বহুতেই মেন্‌-চু-খাক হিন্দুস্তানৰ চুইজাৰলেণ্ড বুলি অভিহিত কৰিব বিচাৰে৷ অৰুণাচলৰ গৌৰৱ এই মেন্‌-চু-খা৷ বিবিধতাৰে ভৰপূৰ৷ অনেক কথাই এতিয়াও অজানা হৈয়ে আছে৷ 'যি দেখিছোঁ, মেন্‌-চু-খা চাবলৈ তাৰ মানে চাৰিবাৰ আহিব লাগিব আপোনাৰ ঘৰলৈ?' নানালৈ চাই এনেকৈ কোৱাত তাই হাঁহি মাৰি 'হাঁ' বুলি ক'লে৷ শব্দটোত লুকাই থকা গৌৰৱখিনি মই সহজেই হৃদয়ংগম কৰিব পাৰিলোঁ৷ নিজৰ ঠাইখনক লৈ, স্থানীয় মানুহখিনিক লৈ ফুটনি মাৰিব পৰাকৈ ভাগ্যৱান ইহঁত৷ অতিথি শুশ্ৰূষাত নাম্বাৰ ৱান৷

কুমাৰী সৌন্দৰ্যৰ আঁকৰ অৰুণাচল প্ৰদেশৰ অনুপম প্ৰাকৃতিক শোভাৰ মনোলোভা তথ্যবোৰ এতিয়া মাথো ৰাজ্যখন বা উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিবেৰতে সীমাবদ্ধ হৈ থকা নাই৷ ভাৰতৰ লগতে বিদেশতো সুকীয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে অপৰ্যাপ্ত প্ৰচাৰ আৰু বিশেষকৈ যাতায়াতৰ অভাৱ-অসুবিধা কিম্বা পুতৌজনক অৱস্থাৰ বাবেই বহুখিনি সম্পদ আজিও লোকচক্ষুৰ পৰা আঁতৰতে ৰৈছে৷ মৌলিক সুবিধাৰে পৰিপুষ্ট সুসংহত পৰ্যটন শিল্পই ৰাজ্যখনৰ থলুৱা ৰাইজৰ উপকাৰ সাধিব বুলি আমি আশা আৰু কামনা কৰিব পাৰোঁ৷ আনহাতে পৰ্যটনৰ প্ৰসাৰৰ নামত বাহিৰৰ ৰঘুমলা আহি যেন কেউফালে ছানি নধৰে সেইটোও সদা-লক্ষণীয় হোৱা উচিত৷ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা ভৱিষ্যৎ প্ৰজন্মৰ বাবে অতি দৰকাৰী কথা৷

অনেক চিন্তন-মননেৰে আপ্লুত হৈ আনন্দৰ মাজেৰে ভাত-পানী খালোঁ৷ তাৰ পাছতে নিজৰ কোঠাত সোমালোঁহি৷ ৰূমমেত দীপকদা ইতিমধ্যে কাটি হ'লেই! কাইলৈ পুৱাৰে পৰা পৰ্বত চফৰ কৰিব লাগিব একেলেথাৰিয়ে দুদিন ধৰি৷ শৰীৰত সঞ্চিত ৰাখিব লাগিব অদমনীয় শক্তি৷ চিন্তা কৰি দেখিলোঁ যে ৰাক্‌চেকটোৰ পৰা অপ্ৰয়োজনীয় বয়-বস্তুখিনি পৃথক কৰি লোৱাটো মোৰ বাবে এটা বুদ্ধিমানৰ কাম হ'ব৷ প্ৰয়োজনৰ ওপৰঞ্চি ওজন কঢ়িওৱাৰ কোনো দৰকাৰ নাই৷ আংগামী মোনাটোত সুমুৱাই অতিৰিক্তখিনি ইয়াতে এৰি থৈ যাম৷ ঘূৰি আহি আকৌ ভৰাই ল'লেই হ'ল৷

ঘড়ীৰ কাঁটা আগুৱাই আছে৷ ১১ বাজোঁ বাজোঁ৷ সিফালৰ পৰা গেবুৱে কাৰোবাক সিহঁতৰ দোৱানতে চিঞৰিছে৷ গহীন ৰাতি উচ্চস্বৰত ভাহি অহা বাক্যকেইটাৰ মাজৰে 'জেনেৰেটৰ' আৰু 'অফ্‌', এই শব্দ দুটা মই বুজি পালোঁ৷ অনুমান কৰিলোঁ যে গেবুৱে জেনছেটটো বন্ধ কৰিব এতিয়া৷ তাকে ঘৰৰ বাকীবোৰক জনাইছে৷ ব্যস্ততাপূৰ্ণ দিন এটাৰ অন্তত, নতুন পুৱা এটাৰ অপেক্ষাৰে খৰধৰকৈ টোপোলা সামৰি ময়ো দীপকদাৰ কাষতে বাগৰ দি দিলোঁ৷ দীপকদা তেতিয়ালৈ বেলেগ জগতত৷ নাকে ঘেঁ ঘেঁ কৰি আছে, খবৰেই নাই!



Friday, 24 November 2017

দিন চাৰি  ৷৷ খণ্ড ২০


যোৱা বাটেৰেই লাহে-ধীৰে চলি থাকি মেন্‌-চু-খা বজাৰ সোমালোঁহি৷ হোটেল এখনৰ সন্মুখত ৰাজীৱক দেম্‌ডাপৰ সৈতে নমাবলগীয়া হল৷ সেনাৰ গুৰু-লংঘৰত আহাৰ গ্ৰহণ নকৰা বাবে ভোকত তেওঁৰ প্ৰাণ এই যাওঁ এই যাওঁ৷ এনে হোৱাটো নিতান্তই স্বাভাৱিক৷ পুৱাতেই জি.টি.এল.ত ব্ৰেক্‌ফাষ্ট খাই যোৱা৷ আমাৰ লগত গুৰুদ্বাৰলৈ লগ ধৰিছিলোঁ, নগ'ল৷ নোযোৱাৰ মজাটো হাতে হাতে পালে৷ দেম্‌ডাপৰ সৈতে তেওঁক এৰি আমি ধাৱমান হলোঁ অস্থায়ী ঠিকনালৈ৷

সজীৱ-সেউজীয়া অনুভূতি-অভিজ্ঞতা কিছুমান দেহে-মনে পুঞ্জীভূত কৰি হমষ্টেত সোমাওঁমানে ঘড়ীত ৪.৪৫ হল৷ এতিয়া ইয়াত অন্ধকাৰ৷ হাত-মুখ ধুই কিছু সময় বিছনাখনত দীঘল দিলোঁ৷ মেন্‌-চু-খা আৰু মেন্‌-চু-খাৰ আশে-পাশে ইমানবোৰযে চাবলগীয়া ঠাই আছে, ইমানবোৰযে জানিবলগীয়া কথা আছে, পূৰ্বতে মুঠেই ভবা নাছিলোঁ৷ অভিভূত হ'লোঁ এইবোৰ জানি-বুজি-দেখি-শুনি৷ দিনটোৰ ছবিবোৰকে ঘূৰি ঘূৰি মনলৈ আহি থাকিল৷ অনেক খোজ কঢ়া হল আজি৷ ভাবি পালোঁ, খোজ কাঢ়িব নোৱাৰিলে ইয়ালৈ অহাটো মিছা পিছে৷ ভালেমান উচ্চতালৈও আৰোহণ-অৱৰোহণ কৰিলোঁ৷ এতিয়া ক্ষণিক বিশ্ৰামৰ প্ৰয়োজন৷ পৰৱৰ্তী দুদিনৰ বাবে আকৌ এটা বিশেষ কাৰ্যসূচী বন্ধা আছে৷

কাইলৈৰ কাৰ্যসূচীক উপলক্ষ্য কৰি অলপ পাছতে দলীয় সভা আহ্বান কৰা হল, জয়ন্তদাহঁতৰ কোঠাত৷ তাতে খবৰ পালোঁ যে বৰ আশাৰে মাছ মাৰিবলৈ যোৱা জয়ন্তদাহঁতে মাছ এটাও নাপালে৷ কেইবাঠাইতো টুপালে যদিও প্ৰয়াস নিষ্ফল হ'ল৷ বিফল মনোৰথেৰে ঘৰ সোমালহি আমাতকৈ আগেয়ে৷ বিপৰীতে, আমি নয়ন সাৰ্থক কৰিব পাৰিলোঁ৷ পুৰণা গোম্পাৰ পৰা বিহংগম দৃষ্টিৰে মেন্‌-চু-খাখন চালোঁ, হনুমানৰ মুখ দেখিলোঁ, ব'ৰ্ডাৰ লাষ্ট প'ষ্টলৈ গ'লোঁ, গুৰুদ্বাৰত এসাজ খালোঁ, গুহাত সোমালোঁ৷ উৎফুল্লিত হৃদয়েৰে অৰঙে-দৰঙে ফুৰি ভালে-কুশলে ঘূৰি আহি পালোঁ৷

অলপ পাছত গেবুকো মাতি অনা হল আমাৰ আলোচনাৰ মাজলৈ৷ কালি পুৱাৰে পৰা সন্ধিয়ালৈকে আমি হিল্‌ ট্ৰেকিং কৰিম৷ নিশাটো অৰণ্যত কটাম৷ ডেষ্টিনেচন কেনি হ'ব, এইলৈ উৎকণ্ঠা আগৰে পৰাই জাগ্ৰত হৈ আছে৷ গেবু এইবোৰত ওস্তাদ মানুহ৷ ৰূপাই দি যোৱা কফিৰ কাপ হাতত লৈ কথা-বতৰা চলি থাকিল৷ উৎসাহপূৰ্ণ আলোচনাৰ অন্তত অৰূপদা, শিৱদেব সিং কাটাউচ আৰু মোৰ বজাৰলৈ যোৱাৰ পাল পৰিল৷ ওলাই আহিলোঁ ট্ৰেকিং-কেম্পিঙৰ বাবে দৰকাৰী বস্তু কিছুমান এতিয়াই সংগ্ৰহ কৰি থ'বলৈ৷

গেবুৰ দোকানখনতে সোমালোঁ চিধাই৷ আলু-পিঁয়াজৰ পৰা আৰম্ভ কৰি কেঁচা পাচলি, কণী, গেলামাল, মণিহাৰী, প্ৰসাধন ইত্যাদি নিত্যপ্ৰয়োজনীয় সামগ্ৰী সকলোবোৰেই পোৱা যায় দোকানখনত৷ বিচূৰ্তি খালোঁ, আনকি পেট্ৰল-ডিজেলো আছে৷ ইয়াত তেল ডিপ' প্ৰতিষ্ঠা হোৱা নাই৷ দোকানতে উপলব্ধ যানবাহনৰ ইন্ধন৷ গেবু-নানাৰ দোকানখনৰ ভিতৰভাগ বস্তুৰে ঠাহ খাই আছে৷ বজাৰৰ আন আন দোকানবিলাকো বিক্ৰয়-সামগ্ৰীৰে ভৰ্তি৷ ওচৰৰ গাঁওবিলাকৰ বাসিন্দা আৰু সেনাবাহিনীৰ লোক তেওঁলোকৰ প্ৰধান খৰিদ্দাৰ৷ নানাজী দোকানতে আছিল৷ বস্তুখিনি তেৱেঁই ঠিক-ঠাক কৰি দিলে৷ আগ্ৰহ আৰু চিন্তনলৈ চাই এনে লাগিল, এই মানুহজনীও কম এড্‌ভেন্‌চাৰাচ আৰু ট্ৰেকিঙৰ অভিজ্ঞতাৰে পুষ্টনে!

বজাৰতে অলপ পাছত গেবুকো পালোঁ৷ হলৌ জেকেট, কলাফুললৈকে পৰা জোতা আৰু মস্ত কাউবয় টুপী এটা পিন্ধি ঘূৰি আছে৷ অৰুণাচলীৰ এই সাজটো মোৰ ভাল লাগে৷ আৰু লগ পালোঁ শাৰীৰিকভাৱে অতি মজবুত ডেকা এজনক৷ দেহৰ গঠনে, হেয়াৰ ষ্টাইলে সাইলাখ যেন এণ্টাৰ দ্যা ড্ৰেগ্‌নৰ ব্ৰুছ লীহে! গেবুৱে চিনাকি কৰালে৷ ক'লে... 'কাইলৈৰ যাত্ৰাপথটোৰ প্ৰকৃত দিক্‌দৰ্শক দৰাচলতে মই নহওঁ, এইজনহে৷ মেন্‌-চু-খাৰ ব্ৰুছ লী বুলি ইয়াত জনাজাত এওঁ৷' গেবুৰ লগত কিবা অলপমান দৰকাৰী কথা পাতিয়ে খৰ খোজেৰে তেওঁ অন্তৰ্ধান হ'ল৷ পাছফালৰ পৰা তধা লাগি মই চাই ৰ'লোঁ৷ সঁচাসঁচি ব্ৰুছ লীজন গৈ থকা যেনেই লাগিল৷ আমাৰ কৈশোৰ-যৌৱন কালৰ সপোন-পুৰুষ ব্ৰুছ লী৷ দিনবোৰ আকৌ এবাৰ মনত পৰি গ'ল৷ অনুসন্ধিৎসা এসোপামান বুকুত লৈ এখন্তেকৰ বাবে ভাবিলোঁ যে কাইলৈ লগ পামেই, গোটেই যাত্ৰাটোত তেওঁ সোঁৱে-বাঁৱে থাকিবই, গতিকে খূদুৱনিবোৰ তেতিয়াই মাৰিম৷

ভোক লাগি আছিল৷ বেকাৰী দোকানখনত চাহ-বিস্কুট খাই আমি উভতিলোঁ৷ তাৰ আগেয়ে কালিৰ দৰে আজিও দোকানী মহিলাগৰাকীক খুজি পাণ-চুফাৰি খোৱা হল৷ সেইকণ সময়তে মেন্‌-চু-খা সম্বন্ধে কিছু কথাও পতা হল৷ কালি চাহ খোৱাৰ পাছৰে পৰাই তেওঁৰ সৈতে আমাৰ বন্ধুত্ব এটা গঢ়ি উঠিছে৷ আজি পুৱাৰে পৰা আমি কলৈ কলৈ গলোঁ, কি কি দেখিলোঁ সেই বিষয়ে সংক্ষিপ্ত-সাৰ শুনাবলগীয়া হল তেওঁক৷ বিৱৰণী শুনি মানুহগৰাকী আচৰিতেই হল৷ বৃহত্তৰ মেন্‌-চু-খাতযে চাবলগীয়া ইমানবোৰ থাকিব পাৰে, তেওঁৰ ধাৰণা সমূলি নাছিলেই বুলিলে৷ বাহিৰৰ পৰা অহা পৰিব্ৰাজক-সত্যসন্ধানী হিচাপে স্থানীয় লোকক তেওঁলোকৰ ঠাইখনৰ ইটো-সিটো সম্বন্ধে অৱগত কৰাব পাৰি আমাৰো নথৈ ভাল লাগিল৷ ইমান দূৰৰ পৰা গৈ আমিহে বেছি এক্সপ্লৰ কৰিলোঁ বুলি তেওঁৰ মুখে অকপট স্বীকাৰোক্তি শুনি সঁচা-গৌৰৱ অকণমানো ভিতৰি ভিতৰি উথলি নুঠাকৈ নাথাকিল৷


Thursday, 23 November 2017

দিন চাৰি  ৷৷ খণ্ড ১৯

নদীৰ বুকুলৈ নামিবৰ বাবে কোনোবাই সাজি থোৱা কাঠৰ জখলাডালৰ লগতে প্ৰকাণ্ড পাথৰ দুটাৰ মাজৰ নাতিবৃহৎ ফাঁকটো, যাক সুৰংগ পথ বুলিব পাৰি, যিফালেৰে খুপি খুপি আগুৱাই দেম্‌ডাপৰ পাছে পাছে মৰণত শৰণ দি এইমাত্ৰ এইখিনিত ৰ'লোঁহি, তালৈ এপলক ঘূৰি নোচোৱাকৈ থাকিব নোৱাৰিলোঁ৷ বৰ থিয়কৈ সাজিছে জখলাডাল৷ সাৱধানে ভৰি নিদিলে বিপদ ঘটাৰ আশংকা সৰহ৷ আমি দুজনৰ বাদে এই সময়ত ইয়াত আৰু কোনো নাই৷ নৈখন সশব্দে ধাৱমান হৈছে নামনি অভিমুখে৷ পুৰণি গেদীয় শিলৰ তৰপত ভৰি দি পোনছাটেই দৃষ্টিগোচৰ হ'ল, নাতিদূৰৈত দুটা গাঁত! তাৰে এটা পানীৰে উপচি আছে৷ আনটোত পানী তাকৰ৷ অনুমান কৰিলোঁ, প্ৰতিটো গাঁতৰে ব্যাসাৰ্ধ ৫ কি ৬ ইঞ্চিমান হ'ব৷ গভীৰতা কিমান জনাৰ উপায় নাই৷

দেম্‌ডাপে মোক গাঁত দুটাৰ কাষলৈ নিলে৷ প্ৰথমটোলৈ আঙুলিয়াই কলে পানীভৰ্তি এই গাঁতটোত হাত ভৰাই চাওকচোন, ভিতৰত শিলগুটি কিছুমান আছেনে? ৱিণ্ডচিটাৰটোৰে সৈতে কিলাকুটিলৈকে সোঁহাতৰ আস্তিন কোঁচাই পেলালোঁ৷ কিমান বা দ! ভয় ভয়ো লাগিল, কিবা অপকাৰী কীট বা কেঁকোৰা আদি সোমাই থাকিব পাৰে বুলি৷ তথাপিও মৰসাহস কৰি দিলোঁ সুমুৱাই, যি হ'ব হ'ব ভাবি৷ অত্যন্ত চেঁচা লাগি গ'ল৷ মেন্‌-চু-খাৰ বৰফ গলা পানী৷ এই পানীৰ নিশ্চয় বিশেষ গুণাগুণ থাকিব৷ তলিত শিলগুটি কিছুমান থকাটো মিছা নহয়৷ খেপিয়াওঁতে গম পালোঁ আৰু দেম্‌ডাপৰ ফালে চাই উত্তৰ দিলোঁ হয় আছে৷ তেওঁ এইবাৰ কলে ঠিক আছে৷ এতিয়া সেইফালে অকণো নোচোৱাকৈ এটা মাত্ৰ শিলগুটি গাঁতৰ পৰা তুলি আনক৷ আৰু শুনক৷ আপুনি বুটলি অনা শিলগুটিটো যদি বগা হয়, তেনেহলে বুজিম যে আপোনাৰ মনটো পৰিষ্কাৰ, মানে চাফা৷ আনহাতে যদি কলা শিলগুটি উঠায়, তেন্তে ...৷

এটা পুৰণিকলীয়া, পৰম্পৰাগত বিশ্বাস৷ আমাৰ সমাজতো এনেকুৱা কিছুমান কথা-কাণ্ড আজিকোপতিও প্ৰচলিত নথকা নহয়৷ বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিলে সিবোৰৰ সাৰশূন্যতা একো নাই৷ মই নিজেও এইবোৰৰ পৰা শতযোজন নিলগত থকা বিধৰ্মী মানুহ৷ তথাপি ভাবিলোঁ, বাৰু গাইডে কৈছে যেতিয়া, হেঁপাহেৰে তেওঁ মোক এইখিনি পোৱালেহি যেতিয়া, কি হয় দেখা যাওকচোন বাৰু৷ তেওঁৰ মনটোৱেই সুখী হওক৷

দেম্‌ডাপৰ বাক্যটো শেষ হল কি নহল, অনুমানতে শিলগুটি এটা তলিৰ পৰা বুটলি আনিলোঁ আৰু মুঠি মাৰি ৰ'লোঁ৷ দেহা সিৰসিৰাই যোৱা ঠাণ্ডা পানীবোৰ টোপটোপকৈ সৰিব ধৰিছে৷ এতিয়া দেখুৱাওক৷ হাতখন মুঠি মাৰি থকা দেখি তেওঁ মোক নিৰ্দেশ দিলে৷ মুঠিটো লাহেকৈ খুলি দিলোঁ৷ চাওঁযে শিলটো বগা বৰণৰ! তাকে দেখি গাইডজনে মনত অদ্ভুত প্ৰসন্নতা অনুভৱ কৰা যেন মোৰ অনুমান হল, তেওঁৰ চকুৱে-মুখে ফুটি উঠা আভাসত৷ অচিনাকি-চিনাকি দুয়োৰে মাজৰ দূৰত্বটোও যেন আগতকৈ কমি আহিল, বিশ্বাস বাঢ়ি আহিল! 
মোৰ প্ৰতি দেম্‌ডাপৰ বেলেগ ধৰণৰ আন্তৰিক টান এটা উদ্ভৱ হ'ব ধৰিলে ইয়াৰ পাছৰে পৰা৷ কথাটো মই মন কৰি গ'লোঁ৷ অন্যান্য সংগীকেইজনে এইবোৰ একো গম নাপালে৷ কাকো কোৱাও নহ'ল৷

পঢ়িবলৈ পোৱামতে বজ্ৰযানী বৌদ্ধসকলে পাথৰৰ মাজত গোলাকাৰ কুণ্ড কিছুমান প্ৰস্তুত কৰিছিল৷ সেই কুণ্ডবোৰ পানীৰে পৰিপূৰ্ণ কৰি ৰখা হৈছিল৷ এনেবোৰ পৰম্পৰা ইয়াত দেখা পাই মনত এই ভাব হল যে তিব্বতৰ মহাযানী বৌদ্ধ সাধকসকল এসময়ত ইয়াত আছিলহি কিজানি৷ এই লৈ বিস্তৰ গৱেষণাৰ থল এতিয়াও নথকা নহয়৷ মেন্‌-চু-খালৈ আহি বৌদ্ধ আৰু শিখ ধৰ্মৰ মন কৰিবলগীয়া নিকট অৱস্থিতি তথা সংমিশ্ৰণ কিছুমান দেখি স্বাভাৱিকতে অতিশয় বিস্ময়-বিমুগ্ধ হৈ পৰিছোঁ৷ ভবাতকৈ অনেকগুণে সমৃদ্ধ মেন্‌-চু-খা অঞ্চলটো৷ কেৱল পৰ্বত, বৰফ, য়াৰগ্যাপ চুৰে সীমাবদ্ধ উপত্যকাই নহয়৷ ইয়াৰ পৰ্বতৰ গহ্বৰত কঠিন শিলৰ বুকুতো আছে জীৱনৰ স্পন্দন আৰু আশাবাদ৷ লুকাই আছে য়াৰগ্যাপ চুৰ পাৰৰ মানুহৰ সভ্যতাৰ চিৰশাশ্বত কাহিনী৷

সামগ্ৰিকভাৱে ইয়াত দেখিছোঁ চৌপাশে শান্ত, শীতল, গম্ভীৰ আৰু অন্তৰ্ভেদী নিমগ্ন ৰূপ৷ এনে ঠাইত পদাৰ্পণ কৰিলে মানুহৰ মন সৰস-সজীৱ নোহোৱাৰ কথাই নাই৷ বুজি পালোঁ যে এই নৈখনেই মূল পথৰ বেইলী ব্ৰীজৰ তলেৰে বৈ গুৰুদ্বাৰ চাহিবৰ পাছফালেৰে গৈছে৷ ওলমা সাঁকোখনৰ কাষতে মিলন ঘটিছে সিফালৰ পৰা অহা নৈখনৰ সৈতে, যাৰ পাৰত মিউজিয়ামটো আছে৷ বৰ্ষাৰণ্যৰ ফাঁকেৰে সামান্যভাৱে দেখা পোৱা আকাশখনলৈ চাই অনুমান কৰিছোঁ বিয়লিৰ সূৰ্যটোৰ অৱস্থান৷ বোঁৱতী পানীৰ অবিৰাম শব্দই জয়াল পৰিৱেশটো অধিক গহীন কৰি আনিছে৷ বিশাল অৰণ্য এখনৰ মাজত বিয়লিবেলা সোমাই আছোঁ দূৰণিৰ পৰা যোৱা আমি কেইজনমান সাধাৰণ পৰ্যটক৷

প্ৰমাণকাৰী বগা শিলগুটিটো পুনৰ গাঁতটোত পেলাই দিলোঁ৷ শিলে শিলে ইফালে-সিফালে খোজ পেলাই দৃশ্য চোৱাৰ অন্তত বেলেগ এটা বাটেৰে দীঘলীয়া কাঠৰ জখলা বগাই দেম্‌ডাপ আৰু মই নদীপৃষ্ঠৰ পৰা অলপ পাছতে উঠি আহিলোঁ৷ ওপৰ পাই চৌপাশ একেৰাহে নিৰীক্ষণ কৰিব ধৰিছোঁ৷ গুহাটোৰ পাছফালে পকী ষ্টেপকেইটামান ওপৰলৈ উঠি গৈছে৷ কেনি গৈছে নাজানো৷ লুংলুঙীয়া বাট এটাও পোনে পোনে আগলৈ গৈছে৷ ৰঙা, নীলা, সেউজীয়া, হালধীয়া, বগা কাপোৰ ইফালে-সিফালে ঢেৰ ওলমি আছে৷ সেইবোৰৰ তলে তলে পিটপিটাই ফুৰাৰ ইচ্ছা নোযোৱা নহয়৷ ৰঙা চকু দেখুৱাবলৈ আৰম্ভ কৰা সময়েহে অনুমতি নিদিলে৷

বল্‌জিন্দৰ সিঙে পুথি পাঠ কৰিব৷ ক'লে আমাক৷ এইটো তেওঁৰ নৈমিত্তিক দায়িত্ব আৰু কৰ্তব্য৷ সম্ভ্ৰম তথা বিনয়েৰে তেওঁ ইয়াকো জানিবলৈ দিলে যে এই কাৰ্য অাৰম্ভ কৰাৰ লগে লগে আমাৰ সৈতে তেওঁৰ কথা-বাৰ্তা, চলাচল বন্ধ হৈ পৰিব৷ সেয়েহে আগতীয়াকৈ বিদায় মাতষাৰ লগালে৷ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই পালকজনক তাতে এৰি থৈ তপোস্থানৰ পৰা আমিকেইজন গাড়ীখনলৈ উভতিলোঁ৷ বেলি ইতিমধ্যে লহিয়ালেই৷ শীতৰ পৰিমাণো বাঢ়ি আহিছে৷ পাহাৰখনৰ দেহাত কাটি নিৰ্মাণ কৰা ট্ৰেকটোৰে নামি আহি থাকোঁতে ভাবিলোঁ, বলজিন্দৰ সিং এতিয়া তপোস্থানত অকলে৷ এইহেন জয়াল পৰিৱেশটোত অকলে থাকিবলৈ মানুহটো কম সাহসী হ'ব লাগিবনে? 

৫ মিনিটৰ পাছতে পকা ৰাস্তা পাই গ'লোঁ৷ নিজৰ আসনত বহিবলৈ লৈ দেখোঁ যে ৰাজীৱ আৰু দীপকদা আগৰে পৰাই গাড়ীৰ ভিতৰত মজুত৷ তাৰ মানে এজনো নানামিল৷ চালকৰ আসনত বহা অৰূপদাই ধীৰে-সুস্থিৰে চকা আগুৱাই নি থাকিল৷ য়াৰলুং প'ষ্ট, গুৰুদ্বাৰ, তপোস্থান, পুৰণা গোম্পা... সত্য দৰ্শনৰ শাশ্বত ৰূপকথাবোৰ মোৰ মনলৈ ঘূৰি ঘূৰি আহি থাকিল টাৰ্নিংবোৰ ঘূৰি থকাৰ সমানে সমানে৷ মেন্‌-চু-খাৰ বিৰল সান্নিধ্যই জীৱন সাৰ্থক কৰা যেন অনুভৱ হ'ল৷


Wednesday, 15 November 2017

দিন চাৰি  ৷৷ খণ্ড ১৮


গুৰুদ্বাৰ চাহিব আৰু তপোস্থান, এই দুঠাইৰে কেয়াৰটেকাৰ কৰ্মী বল্‌জিন্দৰ সিং, আন্তৰিকতা গঢ়ি উঠাৰ পাছত যাক আমি 'চৰ্দাৰজী' বুলি নিঃসংকোচে সম্বোধন কৰিব ধৰিছোঁ, তেওঁ খোজত খোজ মিলাই পকা ৰাস্তাটোলৈ দলে-বলে উঠি আছোঁ, অথনি সোমাই যোৱা বাটটোৰে৷ গুৰুদ্বাৰ এলেকাৰ বিপৰীত পাৰে ১০০ মিটাৰমান আগলৈ আছে এইবাৰ যাব খোজা পৱিত্ৰ স্থলটি৷ প্ৰৱেশ দ্বাৰ পাই গুণা-গঁথা আৰম্ভ হ'ল৷ বিশালবপুৰ মানুহজন বহিবলৈ হ'লে বাকীসকললৈ চিটৰ টনাটনি লাগি যাব৷ গাড়ীত নগৈ চৰ্দাৰজীৰ সৈতে মই খোজ কাঢ়িয়েই অগ্ৰসৰ হ'লোঁ৷ বাকী সংগীসকল বলেৰ'খনত উঠিলগৈ৷ এহাতে কৃপাণখনত খামোচ মাৰি ধৰি দপ্‌দপাই গৈ আছে সিংজী, মোৰ কাষে কাষে৷

গাড়ীতকৈয়ো আমিহে আগ৷ দলটো পায়হি মানে ৰাস্তাৰ সোঁহাতে থকা গেটখনৰ তলেৰে সুৰকি দুয়োজনে উচ্চতালৈ আৰোহণ আৰম্ভ কৰিয়েই দিলোঁ৷ আমাতকৈ বহুত পাছত দেম্‌ডাপ্‌, অৰূপদা আৰু প্ৰদীপদা আহিব লাগিছে৷ ৰাজীৱ আৰু দীপকদা নাই নমা৷ পুলিনে গাড়ীখনৰ কাষতে থিয়া-থিই কৰি থকা ওপৰৰ পৰা দেখা পাইছোঁ৷

সেউজীয়া তোৰণখন অতিক্ৰম কৰাৰ পাছতে গৰাৰ কাষে কাষে সংকীৰ্ণ পদপথ এটা৷ কাঠৰ তক্তা পৰা আছে৷ জখলা কিছুমানো আছে৷ সেইফালেৰে আহি আৰাধনাস্থলী পালোঁ৷ ৰঙীন কাপোৰ কিছুমান যেনি-তেনি ৰছীত ওলমোৱা আছে৷ বাটে বাটেও পাই আহিছোঁ৷ চকুৰ আগত দেখা দিলে প্ৰকাণ্ড শৈলগুহা এটা৷ ভিতৰত মন্দিৰ৷ ঠাইটুকুৰা শিলাময় আৰু খৰবেগী পেমাচিবুৰ পাৰত৷ প্ৰথমে মন্দিৰৰ বাৰাণ্ডা৷ দুৱাৰমুখলৈকে ৰঙা কাৰ্পেট পৰা আছে৷ ধৰ্মধ্বজা এখনো আছে৷ চৰ্দাৰজীয়ে জোতা খুলি যথাস্থানত হাত দুখন তিয়ালে৷ আমি চাৰিজনেও তেওঁ কৰাৰ অনুৰূপ কৰিলোঁ৷ তাৰ পাছত এজন এজনকৈ ভিতৰত প্ৰৱেশ কৰি গুহাটো চোৱাত নিমগ্ন হ'লোঁ৷ বল্‌জিন্দৰ সিঙে জানিবলগীয়া কথাবিলাক আমাৰ আগত উৎসাহেৰে বৰ্ণনা কৰি গল৷ দেম্‌ডাপে ম'বাইলৰ টৰ্চ মাৰি পাগুৰিসদৃশ গুহাটোৰ অভ্যন্তৰ নিৰীক্ষণ কৰোৱালে৷ বাহিৰত ৰখা ফলক পঢ়িও কিছু কথা জানিব পাৰিলোঁ৷ সোঁহাতে দেৱালত ঘড়ী এটা৷ ঘড়ীটোৱে জনালে, ৪ বাজিবলৈ ২০ মিনিট বাকী৷

এই ঠাইৰ স্থানীয় নাম নেহ্‌ পেম্‌চুবু৷ ৫০০ বছৰৰ পূৰ্বে স্থাপিত বিখ্যাত আৰু পৱিত্ৰ তীৰ্থথলী৷ শিখসকলৰ ধৰ্মগুৰু নানকে অতীতত কৰা তিব্বতৰ যাত্ৰাকালত ইয়াত আশ্ৰয় লৈছিল, তপ কৰিছিল আৰু দাঁতিৰে বহ্নিমান পাহাৰীয়া নৈখনত স্নান কৰিছিল৷ ধ্যানৰ বাবে নিৰ্দিষ্ট আসনৰ উপৰি নৈখনত এটা পৱিত্ৰ জলপ্ৰপাত আৰু সুৰংগ গুহা আছে৷ ইয়াৰ পৰা সংগৃহীত পানীৰে স্নান কৰিলে বাত বিষৰ উপৰি অন্য বেমাৰৰ উপশম হয় বুলি বিশ্বাস আছে৷ প্ৰতি বছৰৰ মাৰ্চ মাহত স্থানীয় বৌদ্ধধৰ্মী লোকসকল ইয়ালৈ তীৰ্থৰ বাবে আহে৷ তেওঁলোকে ভাবে যে তেওঁলোকৰ গুৰু, ৰিন্‌পচেই গুহাৰ ভিতৰত উক্ত সময়ত ধ্যানমগ্ন হয়৷

১৯৮৯ চনত ভাৰতীয় সেনাবাহিনীৰ শিখ ৰেজিমেণ্টে এই স্থান আৱিষ্কাৰ কৰিছিল৷ নেহ্‌ পেম্‌চুবুৰ পৰা পদ চালনাৰে ৬ ঘণ্টা আঁতৰত নেহ্‌ চাৰাম৷ ইও এটা পৱিত্ৰ গুহা৷ হাতেৰে আঘাত কৰিলে এই গুহাটোৰ পৰা কেইবাটাও শব্দ ওলায়৷ নেহ্‌ শ্বিকাৰবুম্‌জি, নেহ্‌ পেমাজিলিং, নেহ্‌ কাৰ্টে, নেহ্‌ ফুক্‌ফানা আদি ওচৰে-পাজৰে থকা অন্য কেইটামান শিলৰ গুহা৷ মেন্‌-চু-খাৰ ওচৰে-পাজৰে এনেকুৱা কিছুমান যাবলগীয়া, চাবলগীয়া প্ৰাকৃতিক, ঐতিহাসিক, ধৰ্মীয় সম্পদ আছে বুলি জনাই নাছিলোঁ৷ বহু কথা এতিয়াও আৱিষ্কাৰ হোৱাই নাই৷ সেয়েহে মেন্‌-চু-খাৰ কথা ওলালে কোনােবাই মুক্তভাৱেই আজিও কয়, 'Amazing yet unexplored' বুলি৷

হাতে লিখা ফলক এখনত গুৰুদ্বাৰ আৰু তপোস্থানৰ ইতিহাস সম্পৰ্কে সবিস্তাৰে পঢ়িবলৈ পালোঁ৷ অথনি দেখা গুৰুদ্বাৰৰ বেৰত লগোৱা বৰ্ড এখনতো এই কথাখিনিকেই উল্লেখ কৰা আছে৷ ইতিহাসে কয়, গুৰু নানকজীয়ে প্ৰকাণ্ড পাথৰ এটাত বহি তপস্যা কৰি আছিল৷ তেখেতৰ সৈতে ভাই বালা আৰু মৰদানাজীও আছিল৷ তেনেকৈ তপ কৰি থাকোঁতেই ভালুক এটাই হঠাতে আক্রমণ কৰিলে৷ কিন্তু পৰমাত্মাৰ ক্রিয়াকলাপত সংগী দুজনৰ সৈতে তেখেত অলৌকিকভাৱে ৰক্ষা পৰিল৷ পাথৰটো সেই মুহূৰ্ততে আপোনা-আপুনি ২০ ফুট ওপৰলৈ উঠি গল৷ উক্ত পাথৰটোত তিনিওৰে শৰীৰৰ চিন এতিয়াও আছে৷ সেই ঠাইকে এতিয়া তপোস্থান বোলে৷ অলপমান আগতে আমি দেখা পাগুৰিৰ চিনটো তাৰে নেকি? প্ৰশ্ন এটা মোৰ মনলৈ নহাকৈ নাথাকিল৷

তপোস্থানৰ পৰা অলপ আগলৈ প্ৰায় ৪০ মিটাৰ তলত তিনিওৰে স্নান কৰা ঠাই আছে৷ এইবোৰ এতিয়াও পৰিষ্কাৰকৈ দেখা যায়৷ তপোস্থানৰ বিপৰীতে সোঁহাতে তললৈ নাতিদূৰৈত আমি দেখি অহা গুৰুদ্বাৰৰ অৱস্থিতি৷ ঘন জংঘলৰ বাবে এইফালৰ পৰা একেবাৰে দেখা নাযায় অৱশ্যে৷ প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশত অতিশয় গহীন ঠাই এয়া৷ শিলৰ ওপৰেৰে বোঁৱতী পানীৰ খল্‌খলনিৰ বাদে শব্দ বুলিবলৈ অন্য নাই৷

এই স্থানত থিত্‌ লওঁতে গুৰু নানকদেৱজীয়ে এইখন নৈতে স্নান কৰিছিল৷ এদিন তেখেতে যেতিয়া গা ধুবলৈ গল তেতিয়া বম্‌চু জুৰিত নামিবৰ বাবে কোনো বাট বিচাৰি নাপালে৷ ঠিক সেই সময়তে পৰমাত্মাৰ দৃষ্টিগোচৰ হল৷ হঠাতে এটা ডাঙৰ পাথৰে তেখেতক তললৈ যাবৰ বাবে ৰাস্তা গঢ়ি দিলে৷ গা ধুবৰ বাবে সেইখিনিতে তিনিটা সৰু-বৰ কুন্দও আছিল৷ একেবাৰে নিম্নত থকা কুন্দটোৰ পৰা পানী সকলো সময়তে ওলায়েই থাকে৷ মাজৰ কুন্দটোৰো পানী কেতিয়াও নুশুকায়৷ তৃতীয়টো কুন্দৰ পৰা ইচ্ছানুসৰি পাথৰ উলিয়াব পাৰি৷ যদি পৱিত্ৰ চিত্তে, কিবা মনোকামনাৰে এই কুন্দটোৰ পৰা এবাৰ এবাৰকৈ তিনিবাৰ পাথৰ উলিওৱা হয় আৰু যদিহে পাথৰকেইটা বগা বৰণৰ ওলায়, তেতিয়া হলে উক্ত মনোকামনা পূৰ্ণ হয়৷ দুটা ৰঙৰ পাথৰ ওলালে অনিশ্চয়তা বুজায়৷ আনহাতে কলাৰঙী পাথৰ ওলালে মনোকামনা পূৰ্ণ নহয়৷ এই স্থানৰ পৰা পিছলৈ কিছু আঁতৰত এটা ঝৰ্ণা আছে যত গা ধুলে মনত গভীৰ প্ৰশান্তি অনুভৱ কৰিব পাৰি৷ কথাবোৰ গম পাই উৎসাহিত হৈ উঠিলোঁ, তললৈ নামিবৰ বাবে৷

গুহা মন্দিৰৰ বাহিৰফালে তলমূৱাকৈ যেনি-তেনি কাঠৰ জখলা কিছুমান৷ চৰ্দাৰজীৰ অনুমতি সাপেক্ষে গাইডৰ সৈতে চিৰিৰে নামিব ধৰিলোঁ৷ পিছফালে গৈ গুহাৰ মস্ত শিলটো বাহিৰৰ পৰা ঘূৰি ঘূৰি চালোঁ৷ তাৰ তললৈ অন্য দুটা প্ৰকাণ্ড শিল৷ শিল দুটাৰ মাজত সামান্য ফাঁক৷ ভিতৰখন ঘোপমৰা অন্ধকাৰ৷ আগে আগে যোৱা দেম্‌ডাপে মোক সেইফালে আগুৱাই নিলে৷ হঠাতে তেওঁ ৰল৷ মোৰ মনত উৎকণ্ঠা, কি কৰে গাইডজনে? বিজুলীসঞ্চাৰে পকেটৰ পৰা নিজৰ ম'বাইল ফোনটো উলিয়াই টৰ্চ লাইট্‌ জ্বলালে৷ টৰ্চৰ পোহৰত আমি সেই ফাঁকটোৰে অগ্ৰসৰ হবলৈ উদ্যত হলোঁ৷ প্ৰদীপদা আৰু অৰূপদায়ো আমাক অনুসৰণ কৰি এইখিনি পালেহি৷ পিছে শাৰীৰিক অবয়ৱৰ বাবে সৰকিব নোৱাৰি দুয়ো উভতিবলগীয়াত পৰিল৷ দেম্‌ডাপ্‌ আৰু মই ফাঁকটোৱেদি অনায়াসে পাৰ হৈ নদীপৃষ্ঠত নামিলোঁ৷ নিজৰ টেঁটেৰা দেহাটোৰ এড্‌ভান্‌টেজ্‌ এটা জীৱনত এবাৰলৈ হ'লেও পালোঁ যেনিবা, ইয়ালৈ আহি৷

বৌদ্ধধৰ্মীয় গোম্পা বা মন্দিৰ তিব্বতীয় স্থাপত্যৰ এক সুন্দৰ নিদৰ্শন আৰু আকৰ্ষণৰ থলী৷ বৌদ্ধ তীৰ্থস্থানত উপলব্ধ আৰু বিশেষভাৱে মহাযানী বৌদ্ধসকলৰ মাজত প্ৰচলিত এক বিশ্বাস অনুসৰি দুটা শিলৰ মাজত থকা ঠেক ফাঁকেৰে পুণ্যৱানসকলেহে অনায়াসে পাৰ হৈ যাব পাৰে৷ দুটা শিলৰ মাজত ফাঁক থকা এই বৌদ্ধ পৰম্পৰাৰ সাক্ষী হলোঁ শিখ গুৰু নানকৰ উপাসনাস্থলী প্ৰাকৃতিক গুহাটোৰ নিচেই সমীপতে৷


দিন চাৰি  ৷৷ খণ্ড ১৭


পৰ্বতৰ মাজেৰে পাক এটা লৈ আগুৱাই অহা পাহাৰীয়া নৈখন মিউজিয়ামৰ পাছফালেৰে সৰু-বৰ শিল কিছুমানৰ ফাঁকেৰে খল্‌খলাই গুচি গৈছে৷ দৃষ্টিআকৰ্ষক আৰু মনোলোভা পৰিৱেশ৷ একেৰাহে ভাহি অহা পানীৰ শব্দটোৱে মোক টানি আছে৷ ডিঙি মেলি চাওঁতে নৈৰ ওপৰত হেঙিং ব্ৰীজ এখনো দেখা পাই গ'লোঁ৷ পানীৰ বৰণ ঈষৎ সেউজীয়া৷ ওলোমা দলং দেখি আৰু ৰ'ব নোৱাৰা হ'লোঁ৷ কাষলৈ যাবলৈ ইমানকৈ মন গৈছে যদিও লোৰ সৰু গে'ট এখনে সেইফালে আগ বঢ়াত বাধা দিলে৷ লুংলুঙীয়া বাট এটা আছে আগলৈ৷ চৰ্দাৰজীৰ অনুমতি লোৱা যাওক৷ 'সিংজী, উচ্‌ তৰফ যা সক্‌তা হুঁ ক্যা?' সোধাত ক'লে, 'হাঁনজী, কিঁউ নেহী? লেকিন চম্ভালকে যানা, ব্ৰীজ খাৰাব হ্যেয়৷' পঞ্জাবী সুৰত কোৱা বাক্যটো বৰ মিঠা লাগিল৷

আৰু পায় কোনে? গে'ট খুলি শুদা ভৰিৰেই লিকটোৰে জপং জপংকৈ পোনাই দিলোঁ সেইদিশে৷ লগত বাকী এজনো অহা নাই৷ অৰূপদা অকণমান আগুৱাইছিল যদিও কিবা শংকাত ৰৈ গ'ল৷ ওখোৰা-মোখোৰা আৰু সৰু সৰু শিলেৰে ভৰা ট্ৰেকটোত খালী ভৰি পেলাব পৰা নাই তেওঁ৷ মোৰ ইফালে ওলমা সাঁকোখনৰ ওচৰ চাপিবলৈ পায়েই মনৰ ভিতৰত তোলপাৰ লাগি গৈছে৷ এইখনত এবাৰ হ'লেও উঠিবই লাগিব৷ কালৈকো বাট নাচাই সন্তৰ্পণে আগ বাঢ়িলোঁ৷ চৰ্দাৰজীয়ে কোৱাটো সঁচা৷ দলংখনৰ অৱস্থা ভাল নহয়৷ এছোৱাত হাউলি বেঁকা হৈ আছে৷ সাৱধান নহলে বিপদ অৱশ্যম্ভাৱী৷ তলত দাঁত নিকটাই থকা শিল আৰু খৰস্ৰোতা নৈৰ পানী৷ হ'লেও সোৱণশিৰিতকৈ অধিক ভয়ংকৰ মুঠেই নহয়৷ সোৱণশিৰিৰ ৰূপ সাংঘাতিক, শব্দ মৰ্মভেদী৷ পুৰণি অভিজ্ঞতাৰ সাহসতে এতিয়া এইখন ইপাৰ-সিপাৰ হৈ এৰিলোঁ৷ ঘূৰি আহোঁতে এঠাইত ভৰি পিছলিছিলেই৷ চাই থকাৰ পৰাই অৰূপদাই হেই হেইকৈ চিঞৰ মাৰিলে দুটামান৷ একো নহ'ল যেনিবা৷ হেঁপাহ পূৰণ আৰু অতিৰিক্ত আনন্দ অকণমান যোগ হ'ল৷

নিৰ্ভেজাল আনন্দ কিছুমান এনেকৈয়ে এই যাত্ৰাত লোৱাৰ সৌভাগ্য হৈছে যদিও ভোকত পেটে বৰকৈ কল্‌মলাইছে৷ ৰাস্তাৰ দাঁতিত লিখিত ঘোষণা অনুযায়ী আমালৈ খাদ্য-পানীয়ৰ ব্যৱস্থা হবনে নহব ইয়াত? লান্সৰ সময় ইতিমধ্যে পাৰেই হ'লচোন! ভাবি আছোঁ, অৰূপদাৰ লগত বিষয়টো চুপে-চাপে আলোচনাও কৰিছোঁ৷ চৰ্দাৰজীৰ মুখৰ পৰা তেনেকুৱাতে আমালৈ খানা খাই যোৱাৰ অনুৰোধ আহিল৷ কেৱল অকণমান ৰব লাগিব৷ ভাত-দাইল ৰান্ধি থকা হৈছে৷ আগৰখিনি শেষ হ'ল৷ অতিকৈ আশ্বস্ত হলোঁ কথাষাৰ শুনি৷ আতিথ্যৰ মনোভাব দেখি আচৰিতো হ'লো৷ ইয়াতকৈ সুখৰ খবৰ এই মুহূৰ্তত আৰু হয়তো একোৱেই নাই৷ ভাল খবৰটোৱে অনা সন্তুষ্টিৰ উপৰি উক্ত স্থানত নকৈ উপস্থিত হোৱা কেইজনমান সৈনিকৰ সৈতে কথা পাতি, দৃশ্যাৱলী চাই থাকোঁতে সময়বোৰ কেনেকৈনো অতিবাহিত হল গমকে নাপালোঁ৷

প্ৰেচাৰ কুকাৰৰ দীঘলীয়া শব্দই লৈ আহিল খাদ্য সাজু হোৱাৰ বাতৰি৷ গুৰুদ্বাৰতকৈ সামান্য ওপৰত সেনাবাহিনীৰ কলপাতৰঙী ঘৰ দুটা৷ লিখা আছে GURU KA LANGER৷ লংঘৰৰ সন্মুখত, পৰিষ্কাৰ পকী মজিয়া৷ অলপ পাছতে মজিয়াত দীঘলীয়া ৰঙা কাৰ্পেট পাৰি দিলে৷ সানুনয়ে মাতি নি আমাক আথে-বেথে বহুৱালে৷ জোতা-মোজা দূৰতে খুলি শাৰী পাতি বহিলোঁ৷ মূৰত মাৰি লবলৈ আগৰ দৰে গেৰুৱা কাপোৰো প্ৰতিজনকে পুনৰবাৰ একোখনকৈ চৰ্দাৰজীয়ে দি গ'ল৷ এইবাৰো মোৰ টুপীটোৰেই কাম সমাধা হল৷ ইউনিফৰ্ম পৰিহিত সৈনিক সদস্যই চিক্‌চিকীয়া থাল আৰু গিলাচ প্ৰতিজনৰে আগে আগে দি গ'ল৷ তাৰ পাছতে ভাত, দাইল, ভাজি, আচাৰ, দৈ সুন্দৰভাৱে বিতৰণ কৰিলে৷ নিৰামিষ আহাৰ পৰিৱেশনৰ শেষ পৰ্যায়ত অথনি গুৰুদ্বাৰত দিয়া ছুজিৰ হালোৱাও দিলে অলপ অলপ৷ অতি হেঁপাহেৰে অকণো নেৰাকৈ খালোঁ প্ৰত্যেকজনে৷

ঈশ্বৰৰ কৃপাত দুপৰীয়াৰ আহাৰ এমুঠি পালোঁ৷ নহা হ'লেযে আজি কি হ'লহেঁতেন! ভোকটো এতিয়াহে শাম কাটিলে৷ একে সময়তে ৰাজীৱৰ মুখখনো মনলৈ নহাকৈ নাথাকিল৷ বাৰে বাৰে লগ ধৰা সত্ত্বেও তেওঁ আমাৰ সৈতে আহিবলৈ মান্তি নোহোৱাত আকস্মিক আতিথ্যখিনি হেৰুৱালে৷ অমৃতসম ছুজিৰ হালোৱাও নাপালে৷ ভোকে-ভাগৰে গাড়ীত টোপনি মাৰি আছে চাগৈ৷ আৰু আমি পেট ভৰাই সেনা জোৱানৰ হাতৰ আহাৰ খাই নতুন উদ্যমেৰে সুখত মতলীয়া হৈছোঁ, হাঁহিছোঁ-মাতিছোঁ৷

খাই উঠি প্ৰত্যেকে নিজৰ নিজৰ থাল, চামুচ আৰু গিলাচ ধুই-ধাই যথাস্থানত সজাই থলোঁগৈ৷ ভাল লাগিল সমস্ত ব্যৱস্থাৱলী৷ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুশৃংখলিত৷ খেলিমেলি অকণো নাই৷ সেনাৰ এই কাৰবাৰটো মোৰ ভাল লাগে৷ খাদ্য গ্ৰহণৰ পাছত চলা কথা প্ৰসংগত এই স্থানত থকাৰো ব্যৱস্থা আছে বুলি আমাক জনালে৷ থকা-খোৱা সকলো বিনামূলীয়া৷ কোঠা, বিছনা ইত্যাদি আছে বুলি জানিবলৈ দিলে৷ মেন্‌-চু-খালৈ অহাৰ আগতে এই তথ্যটো অৱশ্যে আমাৰ হাতত নাছিল৷ নহলে অনন্য অভিজ্ঞতাৰ উপৰি সুখৰ এৰাতি ইয়াত বিনামূল্যে কটাব পৰা গলহেঁতেন৷ আনহাতে সেনাবাহিনীৰ তৰফৰ পৰা ইমান সহায়-সুবিধা আৰু নিৰাপত্তা আগ বঢ়োৱাৰ পাছতো ইয়ালৈ মানুহ সিমানকৈ নাহে বুলি আক্ষেপ কৰিলে কেয়াৰটেকাৰজনে৷ কেনেকৈ আহিব? বাট জানো সহজ? মনে মনে চিন্তা কৰিলোঁ মই৷ পিছৰবাৰ আহিলে আমি পোনে পোনে ইয়ালৈকে আহিম বুলি তেওঁক কথা দিলোঁ৷

খাদ্য গ্ৰহণৰ অন্তত বেঞ্চতে কিছুপৰ বহিছোঁ৷ বিভিন্ন কথা ওলাইছে৷ বল্‌জিন্দৰ সিঙে হঠাতে প্ৰস্তাৱ দিলে... 'গুৰু নানকজীৰ তপোস্থান চাব, ব'লক৷' এখন ভৰি আগৰে পৰা দাং খায়ে আছিল৷ গতিকে সন্মত নোহোৱাৰ প্ৰশ্নই নাই৷ তালৈ যাবলৈ হ'লে ৰাস্তাটোৰ সিপাৰে কিছু ওপৰলৈ উঠি যাব লাগিব৷ ইতিহাস বিজড়িত তেনে এটুকুৰা ভিতৰুৱা ঠাইলৈ যোৱাৰ প্ৰস্তাৱটো আকস্মিকভাৱে, তাকো পালকজনৰ মুখৰ পৰাই পাই নিজকে ভাগ্যৱান বুলি ভাবিবলৈ বাধ্য হ'লোঁ৷ একে আষাৰে মান্তি হৈ গলোঁ আমি৷ আমাক ক্ষন্তেক ৰবলৈ ইংগিত দি সিংজী ভিতৰলৈ সোমাই গল৷ প্ৰকাণ্ড কৃপাণ এখন হাতত লৈ পলকতে সাজি-কাচি ওলাই আহিল৷ ভৰিত আঁঠুলৈকে পৰা গামবুট, গাত গৰম চাদৰ৷ মূৰত নীলা পাগুৰিটো আছেই৷ ইয়াত পোৱা অবিস্মৰণীয় তথা অতি সুখকৰ আতিথ্যৰ বাবে কেয়াৰ টেকাৰজনৰ লগতে উপস্থিত সৈনিকসকলক আন্তৰিক ধন্যবাদ জনাই, সকলোৰে সৈতে হাত মিলাই গুৰুদ্বাৰ চাহিব প্ৰাংগণৰ পৰা বিদায় মাগিলোঁ সদলবলে৷ লক্ষ্য নাতিদূৰৰ তপোস্থান, য'ত আজিৰ পৰা প্ৰায় ৫০০ বছৰৰ পূৰ্বে গুৰু নানক ধ্যানত বহিছিল৷


দিন চাৰি  ৷৷ খণ্ড ১৬


গুৰু নানক সম্পৰ্কে বিভিন্ন কথা পঢ়িবলৈ পোৱা যায়৷ এবাৰ এঠাইত পাইছিলোঁ যে তিব্বতৰ এটা শিলৰ ওপৰত নানকৰ খোজৰ চিন আছে৷ নানকদেৱ যেতিয়া তিব্বতলৈ গৈছিল তেখেতৰ থালৰ পৰা চাউল কেইটামান ছিটিকি মাটিত পৰিছিল৷ চাউল যত পৰিছিল সেই সেই স্থানত ধানগছ গজি উঠিল আৰু ধান খেতি হব ধৰিলে৷ অলৌকিক কাণ্ড!

সদ্যহতে ভোকে কল্‌মলাই আছে যদিও মিউজিয়ামত সজাই ৰখা ফটোবোৰ বৰ আগ্ৰহেৰে চাই গৈছোঁ৷ ফলকবোৰতো অনুসন্ধিৎসাৰে চকু ফুৰাই গৈছোঁ৷ এখন ফলকত নানক লামাৰ আৱিষ্কাৰ সম্পৰ্কে পঢ়িবলৈ পালোঁ৷

ৱেষ্ট চিয়াং জিলাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত মেন্‌-চু-খাৰ ছেগাং ভিলেজৰ আৰ্মী আউট পষ্টত ১৯৮৫-৮৭ চনত কৰ্নেল (অৱসৰপ্ৰাপ্ত) দলবিন্দৰ সিং গ্ৰেৱালে মেজৰ হিচাপে কৰ্তব্য সম্পাদন কৰিছিল৷ এদিন মাজনিশা৷ দৰজাত কোনোবাই একেৰাহে খুব জোৰেৰে ঢকিওৱাৰ শব্দ শুনি সাৰ পাই গল তেওঁ৷ কোন হব পাৰে? এক মুহূৰ্ত চিন্তা কৰিলে৷ তাৰ পাছত সাহসেৰে দৰজাখন খুলি দিলে৷ দেখে যে তেওঁৰ সন্মুখত সেয়া আন কোনো নহয়, গাঁওখনৰ গাঁওবুঢ়াজন৷ কিংকৰ্তব্যবিমূঢ় গাঁওবুঢ়াই মেজৰক জনালে যে তেওঁৰ লৰাটোৰ পেটত প্ৰচণ্ড বিষৰ তাড়না হৈছে৷ মৰোঁ মৰোঁ অৱস্থা৷ এতিয়াই চিকিৎসা আগ বঢ়াব লাগে৷ ডাক্তৰক মতাৰ আগতে মেজৰে নিজেই লৰাটোক চাবলৈ ইচ্ছা প্ৰকাশ কৰিলে৷ ডাক্তৰজন কিছু আঁতৰত থাকে৷ লুংলুঙীয়া ৰাস্তাছোৱা বিপদসংকুলো৷ গতিকে তেওঁ নিজেই গাঁওবুঢ়াৰ সৈতে গাঁৱলৈ যাব বিচাৰিলে

গাঁওবুঢ়াই মেজৰক তেওঁৰ ঘৰলৈ নিলে৷ দুভাগত বিভক্ত কাঠৰ জুপুৰি এটা৷ সন্মুখৰ অংশত ৰন্ধা-বঢ়া কৰা হয়৷ কাষৰখিনিত মানুহ থাকে৷ তাতে তেওঁ বিষত কেঁকাই থকা অৱস্থাত লৰা এটা দেখিলেগৈ৷ মেজৰ গ্ৰেৱালে যাওঁতে লগত বিষ উপশমকাৰী দৰৱ আৰু ডাইজিন্‌ টেবলেট্‌ কেইটামান লৈ গৈছিল৷ অসুস্থ লৰাটোক তেওঁ ঔষধখিনি দিলে৷

সেই মুহূৰ্তত কাষতে থিয় হৈ আছিল এজন লামা৷ তেওঁ লৰাটোলৈ চাই ঔষধখিনি নাখাবলৈ সকীয়ালে৷ লামাই তেনেকৈ কোৱাত মেজৰ আচৰিত হল৷ অন্ধবিশ্বাসত নিমজ্জিত এলেকাটোৰ মানুহবোৰৰ জীৱন-যাত্ৰাৰ প্ৰতিটো খোজতে লামাসকলে পূৰ্বৰে পৰাই বিশেষ ভূমিকা লৈ আহিছে৷ মেজৰ বিপাঙত পৰিল৷ কৰিবলগীয়াও একো নাথাকিল৷

অলপ পাছতে লামাই অপদেৱতাৰ প্ৰভাৱ নাশ কৰিবলৈ এটা প্ৰাৰ্থনা আৰম্ভ কৰিলে৷ প্ৰথমে তেওঁ চাউল আৰু মাখনেৰে মূৰ্তি এটা সাজি উলিয়ালে৷ সন্মুখত ধূপ কেইডালমান জ্বলালে৷ তাৰ পাছত ঘণ্টা বজাই বজাই নানক, নানক বুলি শব্দ কৰি আৰাধনা-মন্ত্ৰ পাঠত ৰত হল৷ প্ৰাৰ্থনা শেষ কৰি অসুস্থ লৰাটো শুই থকা বিছনাখনৰ ফালে ধূপৰ ধোঁৱা বোৱাই দিলে আৰু ওঁ মণি পদ্মে হুম উচ্চাৰণ কৰিলে৷ তাৰ পাছত লৰাটোক মেজৰে দিয়া ঔষধখিনি খাবলৈ কলে৷

লামাই নিৰ্মাণ কৰি লোৱা মূৰ্তিটোক লৈ মেজৰ গ্ৰেৱালৰ মনত অপাৰ কৌতূহল উদ্ৰেক হল৷ লামাজনক তেওঁ সুধিলে... 'এয়া কাৰ মূৰ্তি তৈয়াৰ কৰা হৈছে?' লামাই উত্তৰ দিলে... 'নানক লামাৰ৷' মেজৰ আচৰিত হল৷ তেওঁৰ গৃহভূমি পঞ্জাৱৰ পৰা প্ৰায় ২,০০০ কিলমিটাৰ আঁতৰৰ এই ঘোঁকট এলেকা৷ এনে ঠাইত তেওঁলোকৰ আৰাধ্য গুৰু নানকদেৱক জনাটো কেনেকৈ সম্ভৱ? মেজৰে লামাজনক এই বিষয়ে আকৌ প্ৰশ্ন কৰিলে৷ লামাই উত্তৰত কলে আমি নানক লামাক আৰাধনা কৰোঁ৷ তেখেতক আমাৰ এজন গুৰু, ৰিন্‌পচে বুলি জ্ঞান কৰোঁ৷ আমি তেখেতক অমৃতসৰৰ নানক লামা বুলিও কওঁ৷ দাৰ্‌গেলিং হিল্‌ত থকা আমাৰ গোম্পাত তেখেতৰ মূৰ্তিক পূজা কৰা হয়৷

নিজৰ ৮গৰাকী গুৰুৰ ভিতৰত লামাসকলে নানক লামা গুৰু নানকক সবাতোকৈ ডাঙৰ বুলি মানি আহিছে৷ মেন্‌-চু-খা উপত্যকাৰ সমীপস্থ পেমাচুবুৰ গুহা এটাত গুৰু নানকদেৱে ধ্যান কৰিছিল ৷ তাত থকা লামাসকলৰ সৰ্বোচ্চ গুৰুজনক সদুপদেশ দিছিল৷ সঠিক পথ নিৰ্দেশনাও দিছিল৷ সেয়াই তপোস্থান৷ বেছি দূৰত নহয়, ওচৰতে আছে৷ ফলকৰ এই কথাখিনি গম পাই চাবলৈ যাবলৈ মনটো লক্‌লকাই উঠিছে৷

ইফালে ছেগাং ভিলেজৰ গঞাৰ সহযোগিতাত ৫৪২ ফিল্ড বেটেৰীৰ মেজৰ ডি. এছ. গ্ৰেৱালে তাত গুৰুদ্বাৰ এটা সাজি দিছিল৷ ৫ মাউণ্টেইন ব্ৰিগেডৰ ফিল্ড কোম্পানীৰ ইঞ্জিনিয়াৰসকলে তালৈ পথ উলিয়াই দিছিল৷ পিছলৈ ১১ শিখ লাইট্‌ ইন্‌ফেণ্টৰি, ১৬ বিহাৰ ৰেজিমেণ্টকে ধৰি ৫ মাউণ্টেইন ব্ৰিগেড আৰু তাৰ সৈতে সম্পৰ্কযুক্ত বেটেলিয়ান, পদাতিক বাহিনীসমূহে গুৰুদ্বাৰটোৰ উন্নয়নমূলক আৰু প্ৰতিপালনজনিত কামবোৰ সমাপন কৰি যায়৷ শিখ বেটেলিয়ানে গুৰুদ্বাৰটোৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধে আৰু এক আকৰ্ষণীয় কাৰিকৰী নিৰ্মাণলৈ পৰিৱৰ্তন কৰে৷ ২ মাউণ্টেইন ডিভিজনে কেণ্টনমেণ্টৰ লগতে গুৰুদ্বাৰ পৰ্যন্ত পকী ৰাস্তা নিৰ্মাণ কৰে৷ ছেগাঙলৈ যোৱা ৰাস্তাটো অথনি থাৰগেলিং হিল্‌ টপৰ পৰা নমাৰ পাছতে এৰি থৈ আহিছোঁ৷

কোনেও ভাবিব নোৱাৰা এনে কিছু স্থানেৰে প্ৰসিদ্ধ বৃহত্তৰ মেন্‌-চু-খাক অৰুণাচল চৰকাৰে এতিয়া বিশ্বৰ পৰ্যটন মানচিত্ৰত প্ৰক্ষেপ কৰাত আন্তৰিকতাৰে ব্ৰতী হৈ আছে৷ দেশী-বিদেশী পৰ্যটকৰ সমাৰোহেৰে শেহতীয়াভাৱে অনুষ্ঠিত কৰি অহা হৈছে ৰাজ্যৰ ভিতৰতে ব্যাপক আৰু সমৃদ্ধতম পৰ্যটন মহোৎসৱ৷ চতুৰ্থ সংখ্যক আয়োজন এইটো মাহৰে ৭ৰ পৰা ৯লৈ সফলতাৰে হৈ গৈছে য়াৰ্‌গ্যাপ চুৰ পাৰে পাৰে৷ সঠিকভাৱেই কোৱা হৈছে... 'The beauty of Menchukha is second to none, and it must be promoted.'


দিন চাৰি  ৷৷ খণ্ড ১৫


সন্মুখত দীঘলীয়া আকাৰৰ গুৰুদ্বাৰ বা গুৰুগৃহ৷ বাৰাণ্ডা পৰ্যন্ত ৰঙা কাৰ্পেট পৰা আছে৷ বাহিৰখন চাফা আৰু ধুনীয়া৷ খণ্ড খণ্ডকৈ পকা কৰা চোতালখনৰ মাজে মাজে ফুল ফুলি আছে৷ সেনাবাহিনীৰ নায়ক পদবীধাৰী বল্‌জিন্দৰ সিং নামৰ শিখ লোক এজনে এই স্থানৰ তদাৰক কৰে৷ হৃষ্ট-পুষ্ট, হাঁহিমুখীয়া মানুহজন৷ মূল দুৱাৰখনৰ মুখতে তেওঁ অপেক্ষমান, আমাৰ বাবে৷ আমি ছজন গৈ সন্মুখত থিয় দিলোঁ৷ দৰজাৰ কাষতে কাঠৰ ষ্টেণ্ড এডালত ৰখা আছে তিনিকোণীয়া গেৰুৱাৰঙী কাপোৰ কিছুমান৷ তাৰে একোখনকৈ তেওঁ প্ৰত্যেককে দি যাব ধৰিলে৷ মূৰত মেৰিয়াই লব লাগে৷ এইটো এটা নিয়ম৷ মই ঊলৰ টুপী পিন্ধি আছোঁ৷ মানুহজনে মোৰফালে এপলক চালে৷ আপোনাৰ টুপীটোৰেই চলি যাব৷ হিন্দীতে মন্তব্য কৰিলে৷ মূৰত কাপোৰ মাৰি লোৱা হ'লত এজন এজনকৈ শাৰী পাতি উদ্যত হ'লোঁ প্ৰৱেশৰ বাবে৷

ভিতৰভাগত পদাৰ্পণ কৰিয়ে যি সজ্জা দেখিলোঁ, চকু চাঁত মাৰি গ'ল৷ ধক্‌ধক্‌কৈ বগা কাপোৰেৰে ঢকা দুখন বেদী৷ পৃষ্ঠপটত শিখ গুৰুসকলৰ মুখমণ্ডলসহ স্বৰ্ণ মন্দিৰৰ ছবি৷ অমৃতসৰৰ এই মন্দিৰটোৰ ফটো এখন ঘৰটোৰ বাহিৰতো লগোৱা দেখিছিলোঁ৷ বেদীৰ ওপৰত থাপনা এখন৷ শিখসকলৰ শুভংকৰ অঁকা দলিচাজাতীয় কাপোৰ পৰা আছে৷ ফুলৰ মালা, নানকদেৱৰ আলোক-চিত্ৰ, ফুলৰ থোপাৰে সৈতে কেইবাটাও ফুলদানি, ৬খনকৈ কৃপাণ, বেলুন আদি সজাই ৰখা হৈছে৷ এই সকলোবোৰৰ ওপৰত চন্দ্ৰতাপ, সন্মুখত ডাঠ কাৰ্পেট৷ কোঠাটো পৰিষ্কাৰ আৰু যিমান পাৰি পৰিপাটিকৈ সজাই-পৰাই ৰখা হৈছে৷ এহাতে সৰু মঞ্চ এটা৷ মাইকৰ ব্যৱস্থা আৰু ঢাকি থোৱা অৱস্থাত বাদ্যযন্ত্ৰ কেইবিধমানো দেখিলোঁ৷ গুৰু-কীৰ্তন চলে চাগৈ৷


১১ শিখ লাইট্‌ ইন্‌ফেণ্টৰিৰ ডি., চি. আৰু এ. কোম্পানীয়ে পূৰ্বতে ইয়াত সেৱা আগ বঢ়াই গৈছে৷ ২০১০ চনৰ আগষ্ট মাহত প্ৰথম বেটেলিয়ানৰ কামাণ্ডিং অফিছাৰ কৰ্নেল কিৰিট নায়াৰ, চুবেদাৰ মেজৰ হীৰা সিং প্ৰমুখ্যে সৈনিকসকলে গুৰুদ্বাৰথলীৰ উন্নয়ন সাধে৷ বেদীৰ ভেটিত লগোৱা সোণালী প্লেটত ১১ শিখ লাইট্‌ ইন্‌ফেণ্টৰিৰ চুবেদাৰ মেজৰ হীৰা সিঙৰ নামোল্লেখ দেখা পালোঁ৷

থাপনাৰ সন্মুখত সংগীসৱে সভক্তিৰে মূৰ দোঁৱালে৷ পাত্ৰ এটাৰ পৰা চৰ্দাৰজীয়ে প্ৰসাদস্বৰূপে ছুজিৰ হালোৱা এলদাকৈ আমালৈ আগ বঢ়ালে৷ কি অনুপম সোৱাদযুক্ত হালোৱাখিনি! মুখত দিয়েই মজা লাগি গ'ল৷ পালে আৰু অলপ খোৱাৰ ইচ্ছা আছিল যদিও ভদ্ৰতাৰ খাতিৰত নুখুজিলোঁ৷ ওঁঠ দুটা চেলেকি চেলেকি ভাবিলোঁ, এই সোৱাদকণ অাজীৱন মনত থাকিব দেই, যেনেকৈ ২০১০ত কলকাতাৰ পৰা বেংককলৈ যাওঁতে জেট এয়াৰৱে'জৰ বিমানত সুন্দৰী পৰিচাৰিকাই খুউৱা ছেৱৈ বাটিৰ স্বাদ আজিও পাহৰিব পৰা নাই৷ ৰাজীৱৰ মুখখন স্বতঃস্ফূৰ্তভাৱে মনলৈ আহি গ'ল৷ বেচেৰাই মেন্‌-চু-খাৰ এই স্বৰ্গীয় সোৱাদকণ নাপালে৷ এতিয়ামানে গাড়ীতে শুই থাকিব পায়৷

গুৰুদ্বাৰ মিউজিয়াম, মেন্‌-চু-খা৷ কাষেদি বহ্নিমান নৈখনৰ পাৰত এই ঘৰটো৷ গুৰুদ্বাৰৰ পৰা ওলায়েই সোঁহাতে ওচৰতে থকা যাদুঘৰটো চোৱাৰ হেঁপাহ জাগিল৷ ক'বলৈহে পালোঁ, আমাৰ বাবে তলা খোলাৰ খদমদম চলিল৷ মেন্‌-চু-খাত সফলতাৰে কাৰ্যকাল সমাপ্ত কৰাৰ পাছত বিহাৰ ৰেজিমেণ্টৰ ১৬ নং বেটেলিয়ানে গুৰুদ্বাৰৰ প্ৰাংগণত মিউজিয়াম গৃহটো সজাৰ বিষয়ে ভাবিছিল৷ উক্ত চিন্তাৰ গুৰিতে আছিল কামাণ্ডিং অফিছাৰ কৰ্নেল প্ৰায়োগ চুব্বা৷ তাৰে পৰিপ্ৰেক্ষিতত ১৯৮৮ চনত যাদুঘৰটোৰ আধাৰশিলা স্থাপন কৰিছিল কৰ্নেল (অৱসৰপ্ৰাপ্ত) দলবিন্দৰ সিং গ্ৰেৱালে৷ অনেক বছৰৰ বিৰতিৰ মূৰত ২০১৫ৰ এপ্ৰিলত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়৷ ছেপ্টেম্বৰত কাম সম্পূৰ্ণ হৈ উঠে৷ ৫ ইন্‌ফেণ্টৰি ব্ৰিগেডৰ ডি. কোম্পানীৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ আৰ. এছ. গুৰায়াই ১৩ নৱেম্বৰ ২০১৫ তাৰিখে যাদুঘৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল৷ স্মাৰক-শিলাত সংযোজিত মাৰ্বলৰ প্লেটত এই উল্লেখ আছে৷

কাঠেৰে নিৰ্মিত দীঘলীয়া নাতিবৃহৎ মিউজিয়াম গৃহটোৰ সন্মুখলৈকে সেউজীয়া কাৰ্পেট পৰা আছে৷ দুকাষে সুমথিৰাৰঙী নাৰ্জী ফুল৷ শাৰী পাতি খটখটিৰে আমি ভিতৰ সোমাই গলোঁ৷ সৰু যদিও সুন্দৰ ব্যৱস্থাপনা, আটোম-টোকাৰি বুলিব পাৰি যাক৷ ৰঙা পোহৰেৰে অন্তৰ্ভাগ উদ্ভাসি থকা যাদুঘৰত প্ৰৱেশ কৰোঁতেই নানকদেৱে অৰ্থপূৰ্ণভাৱে হাতখন দেখুৱাই থকা ফটোখনে আকৰ্ষণ কৰি পেলালে৷ সন্মুখত থিয় হৈ ৰ'লোঁ অলপ সময়৷ সুন্দৰকৈ ফ্ৰেমিং কৰি ৰখা Gurudwara Museum Menchuka, Gurudwara Guru Nanak Toposthan Menchuka, Discovering Nanak Lama at Menchuka, History of Menchuka Gurudwara & Toposthan, Arunachal Pradesh Travels of Guru Nanak, Guru Nanak Travel Route আদিত কি লেখা আছে পঢ়িবৰ বাবে মনটো উদগ্ৰীৱ হৈ পৰিল৷ ১৫১৪ৰ পৰা ১৫১৮ খ্ৰীষ্টাব্দলৈ তৃতীয় উদাসীৰ কালছোৱাত গুৰু নানকে কাশ্মীৰ, সুমেৰ পৰ্বত, নেপাল, টাছখণ্ড, চিক্কিম, তিব্বত পৰিভ্ৰমণ কৰিছিল৷

অৰুণাচলৰ মানচিত্ৰত তেখেতৰ যাত্ৰাপথৰ অংকন দেখি তবধ মানিলোঁ৷ সৌ তাহানিতে ভূটানৰ থিম্ফুৰ পৰা টাৱাং, টাৱাঙৰ পৰা চামদুৰাং চুৰে তিব্বতৰ লাছা, লাছাৰ পৰা ঘূৰি আহি চাম্যে মনাছটাৰী পাইছিলগৈ৷ তাৰ পৰা পুনৰ অৰুণাচলত সোমাই মেন্‌-চু-খাৰ এই পেমাচুবু ওলালহি৷ ইয়াৰ পৰা মণিগং, টুটিং, গেলিং৷ গেলিঙৰ পৰা ইংকিয়ং হৈ পাছিঘাট৷ তাৰ পৰা শদিয়া চূণপোৰা হৈ নামচাই৷ তাৰ পৰা চৌখাম, পৰশুৰাম কুণ্ড, তেজু, ৱালং, কিবিথুৰে চীনদেশত সোমাইছিলগৈ৷ অৰুণাচলৰ অন্তৰ্গত জেগাবোৰ মোৰ পৰিচিত হোৱাত ফ্ৰেমত বন্ধাই থোৱা মানচিত্ৰখনে সবাতোকৈ অধিক আকৰ্ষিত, উত্তেজিত আৰু বিস্মিত কৰিলে মোক৷

যাত্ৰাপথৰ মেপখনৰ উপৰি শিখসকলৰ অন্যান্য গুৰুসকলৰ ফটোগ্ৰাফ, বিৱৰণ ফলক, স্মাৰক, স্বৰ্ণ মন্দিৰৰ মডেল আদি সকলোখিনিয়েই অতি শৃংখলাবদ্ধভাৱে সজাই ৰখা হৈছে৷ লাইটিং চিষ্টেম মন কৰিবলগীয়া৷ কৰ্নেল (অৱসৰপ্ৰাপ্ত) ডি. এছ. গ্ৰেৱালে ইয়াত প্ৰদৰ্শনৰ বাবে কেতবোৰ আপুৰুগীয়া চিত্ৰৰ যোগান ধৰি থৈ গৈছে৷ যাদুঘৰটো স্থাপনৰ উপৰি গুৰুদ্বাৰৰ উন্নয়নৰ দিশত ১৬ বিহাৰ ৰেজিমেণ্টে এনেদৰে গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াইছে৷