Sunday, 30 November 2014

আকৌ এবাৰ নিজক বিচাৰি পোৱাৰ সুযোগ...
(গল্প নহয়, সত্য)


সৰুসজাই ষ্টেডিয়াম৷ উপৰ্যুপৰি দুটা গল খাই মনটো তেনেই মৰি থাকিল৷ লৰাটোৱে বাৰেপতি কৈ আছিল, ফুটবল এটা আৰু বুট এযোৰ তালৈ কিনি নিব লাগে৷ এনেয়ে সি বেডমিণ্টনহে খেলে৷ এতিয়াৰ পৰা ফুটবলো খেলিব হেনো৷ আই.এছ.এল.এ বৈ অনা উৎসাহ! স্থায়ী হলেতো ভালেই৷ তাকে কাইলৈ আগবেলাতে বি. বৰুৱা ৰডত নেহৰু ষ্টেডিয়ামৰ সমীপত কিনিম বুলি ভাবি থৈছিলোঁ৷ এতিয়া ছয় আৰু চৈধ্য মিনিটত টপাটপ সোমাই যোৱা গল দুটাই হতভম্বটো কৰিলেই, লৰাৰ ফৰমাইচ পূৰা কৰাৰ ইচ্ছাটোও সমূলি নাইকিয়া কৰি পেলালে৷ ধেইত, এনেকুৱাওনো হয়নে? বিষাদৰ লগতে তলে তলে খংটোও নুঠাকৈ নাথাকিল৷ নব্বৈ মিনিটীয়া যুদ্ধখনৰ সমাপ্তিৰ দীঘলীয়া হুইচেলটোত দুয়ো পক্ষ থমকিল৷ দুই-একত আমি সমৰ্থন কৰা এন.ই.ইউ.এফ.চি. দলটো হাৰিল৷ হৰা কথাটো মানি লোৱা এনেয়েও বৰ টান৷ তাতে, অতি বেয়া হল খেলখন৷ পুতৌজনক প্ৰদৰ্শন আৰু এই পৰাজয়ে ফুটবলপ্ৰেমীৰ মনলৈ বোৱালে শোকৰ বন্যা৷ অন্তৰখন গধুৰ হৈ পৰিল মোৰো৷

পিছদিনাখন দুপৰীয়া৷ ছিলভাৰ স্পৰ্টছত ফুটবল বুটযোৰ হাতত লৈ ষ্টাডবোৰ লিৰিকি-বিদাৰি গুণা-গঁথা কৰি আছোঁ, কিনো নে নিকিনো? আগ-সন্ধিয়াৰ শোক-বেদনা এতিয়াও মনৰ পৰা মাৰ যোৱাই নাই৷ হলেও চাওঁচোন বুলিয়ে আচলতে চিনাকি দোকানখনত সোমাইছোঁ৷ নিজৰ প্ৰতি নিজে অন্তিম প্ৰশ্নটো তুলিছোঁ... আমি পিতৃ-মাতৃবোৰেই যদি আমাৰ লৰাটোক বা ছোৱালীজনীক নিজস্ব কাৰণত ভাল কথাৰ পৰা আঁতৰাই ৰাখোঁ, তেনেহলে হব জানো? খেলা-ধূলাৰ মাজেৰে সাধিত হোৱা শাৰীৰিক-মানসিক বিকাশৰ বিষয়ে আমিচোন জানোৱেই৷ কৈও দিব পাৰোঁ এবকলা; লিখিও দিব পাৰোঁ এডৰা৷ তেনেস্থলত???

নিজৰ সময়খিনিলৈ মনত পেলালোঁ৷ ৰবাব, লেচিং বল৷ তাৰ পাছত কোনোমতে ৰাছিয়ান বলটো৷ শুদা ভৰি, কাপোৰৰ জোতা৷ তাৰ পিছত কিবাকৈ বুট এযোৰ৷ হেঁপাহ আৰু হেঁপাহ পূৰোৱাৰ খণ্ডযুদ্ধ৷ এতিয়া পিছে সেই ধৰণে নচলিব৷ ভালকৈ খেলিবৰ হলে খেলা সামগ্ৰীখিনি ভাল জাতৰ হব লাগিব বুলি সিদিনা ইনডৰত এজনে কৈ থকা কথাষাৰে মনৰ অভ্যন্তৰত ৰিঙিয়াই আছিল, খুন্দিয়াই আছিল৷ খেলত জয়-পৰাজয় থাকেই৷ তাকে লৈ সন্তানক বঞ্চিত কৰাটো উচিত নহব৷ গতিকে কিনিবই লাগিব৷ বুট, মোজা, গাৰ্ড আৰু ফুটবল এটা লৈ ললোঁ৷

ৰাৰ বাবেই পজিটিভ হলোঁ৷ তাৰ লগতে অৱশ্যে নিজেও এটা যুক্তি বিচাৰি পালোঁ৷ এতিয়া সি যেতিয়া নতুন বুটযোৰ পিন্ধি বলটোৰ পিছে পিছে ফিল্ডত দৌৰি ফুৰিব, মোৰো এনে লাগিব, তাৰ প্ৰতিটো খোজত ময়ো যেন নিজকে বিচাৰি পাম!

সেই সুযোগকে এতিয়া লৈছোঁ৷ সেই সুযোগ কোনো কাৰণতে অথলে যাবলৈ দিব নোৱাৰি৷

(শেহতীয়া দৃশ্যপট : পৰীক্ষা থকাৰ বাবে ফিল্ডলৈ ওলাব নোৱাৰি আবেলি ঘৰতে বল চুটিয়াই লৰাই খিৰিকীৰ আইনা এখন থলেই!
আক্ষেপ নাই৷ আনন্দহে লৈছোঁ৷ কাৰণ তাতোযে নিজকে বিচাৰি পাইছোঁ৷)


Saturday, 29 November 2014

উপহাৰ স্বৰূপে ৰঙালাও
(গল্প নহয়, সত্য)


কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে হাতত কিবা এপদ লৈ যোৱাৰ দস্তুৰ এটা সমাজত চলি আহিছে৷ খালী হাতে যাবলৈ ভাল নালাগে৷ গতিকে কিবা এটা নিয়া হয়৷ সেই কিবাটো সচৰাচৰ ৰসগোল্লা, লাড্ডু, চমচম ইত্যাদি বিবিধ মিঠাইৰ ভিতৰৰে হয়৷

সৰুতে দেউতাহঁতৰ শিৱসাগৰৰ গাঁৱৰ ঘৰলৈ গ’লে দদাইদেউৰ গুমটিখনত বহাটো এটা চখ আছিল৷ গড়মূৰ চাৰিআলিত বাছৰ পৰা নামি কোনো কোনোৱে চিধাই দোকানখনলৈ আহে৷ তাৰ পিছত কয়… ‘মিঠাই এপেটি দিয়াহে ভাইটি৷ ভালকৈ পেক কৰি দিবা দেই৷’ প্ৰথমাৱস্থাত কথাৰ আগ-গুৰি একো বুজি পোৱা নাছিলোঁ৷ কটা তামোল, চিগাৰেটৰ পৰা আৰম্ভ কৰি তেল-চাবোনলৈ পোৱা সেইখন কোনো কাৰণতে মিঠাইৰ দোকান নাছিল৷ গতিকে গ্ৰাহকে কি বিচাৰিছে বুজাত স্বাভাৱিকতে আহুকাল পাইছিলোঁ৷ পিছতহে জানিলোঁ যে তেওঁ বিচৰা সেই ‘মিঠাই’ হৈছে বিস্কুত! অৰ্থাৎ গ্ৰাহকজনে গ্লুক'জ বিস্কুত এপেকেট কাগজেৰে বান্ধি দিয়াটো বিচাৰিছে৷ জনাৰ পিছত মনে মনে হাঁহিও উঠিছিল৷ নুঠিবইবা কিয়? ক'ত মিঠাই, ক'ত বিস্কুত! পিছতহে বিশ্লেষণ কৰি পালোঁ, বোধ হয় বিস্কুতত মিঠা গুণ থকা হেতুকেই এই 'মিঠাই' বিশেষণ৷ অৱশ্যে এইটো বুজাত কোনো অসুবিধা নহৈছিল যে তেওঁ হয়তো গাঁৱৰ কোনোবা আত্মীয়, নহয়তো বন্ধু-বান্ধৱৰ ঘৰলৈ ফুৰিবলৈ যাব৷ শুদাহাতে যোৱাটোযে তেওঁৰো ভাল নালাগে! ৰিক্তহস্তে যোৱাৰ দস্তুৰ সেইবোৰ ঠাইতো নাছিল৷

ময়ো এইবাৰ মনে মনে ভাবিলোঁ, সদায়নো কিমান আৰু মিষ্টান্ন ভাণ্ডাৰৰ মিঠাইৰ টোপোলা কঢ়িয়াওঁ? ৰহ, এইবাৰ চিষ্টেমটো চেঞ্জ কৰি চাওঁ৷ বহুত ভাবনাৰ অন্তত এটা বস্তু নিৰ্বাচনত উঠিল... ৰঙালাও৷ মিঠা গুণটো ইয়াৰো আছে বাৰু৷ সেয়েহে দুঘৰলৈ বুলি আগদিনাই সন্ধিয়া এ.এছ.ই.বি. মাৰ্কেটত বিচাৰি বিচাৰি বস্তা খুঁচৰি দুটা ধুনীয়া ৰঙালাও কিনি পেলালোঁ৷ এটা গোল জাতৰ, আনটো দীঘলীয়া৷

প্ৰশান্ত সপৰিবাৰে থাকে গণেশগুৰিৰ ভাৰাঘৰত৷ বিয়লি বেলা পদাৰ্পণ কৰাৰ পিছতে বেগৰ চেইনডাল খুলিলোঁ৷ হাতত তুলি দিলোঁ গোলাকাৰ ৰঙালাওটো৷ দেখি তেওঁৰ মুখত হাঁহি বিৰিঙিল৷ মোৰো ভাল লাগিল৷ আগফালৰ টেবুলখনত উপহাৰটি সজাই থৈ এসময়ত দুয়ো ওলালোঁ সৰুসজাইলৈ, আই.এছ.এলৰ খেল চাবলৈ৷ ৰঙালাওৰ গাত কলমেৰে লিখি দিলোঁ লেটছ ফুটবল৷ এনেকৈ থলোঁ যাতে ৰীতা অফিচৰ পৰা আহি দৰজাখন খুলিলেই চিধাই চকুত পৰে৷ উপহাৰটো দেখি তাই সন্তুষ্ট হোৱা বুলি পিছত গম পালোঁ৷ তিনিও মিলি নিশালৈ এসাজ খালোঁও৷

পিছদিনা পুৱাই পুৱাই জয়ানগৰৰ ৰুমঝুম শইকীয়া বৌৰ ঘৰলৈ যাত্ৰা৷ ড্ৰয়িং ৰুমত বহিবলৈ দিয়াৰ লগে লগে উপহাৰ অৰ্পণ পৰ্ব৷ বৌৱে হাঁহিমুখে আথে-বেথে গ্ৰহণ কৰিলে৷ তেওঁৰো হেনো ৰঙালাও বৰ প্ৰিয়৷ উপহাৰ পছন্দ হোৱাত মোৰো আনন্দ লাগিল৷ ৰেলে-বাছে, ট্ৰেকাৰে-পিঠিয়ে ইমানদূৰ বাট কঢ়িয়াই নিয়াৰ কষ্টকণ যেনিবা অথলে নগল৷


পৰীক্ষামূলকভাৱে চলোৱা এই কামটোৰ শেষত ধাৰণা এটা মোৰ মনত বদ্ধমূল হল যে ৰঙালাও উপহাৰ সামগ্ৰী হব পাৰে!
শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ ছাৰএৎ হাঞ্চে দাদাৰ এটি কবিতা (বাপদুৰি আমিনিক)৷ কাৰবি ভাষাত লিখা এই কবিতাটোৰ অসমীয়া ভাঙনি (দুবৰি বনৰ মুকুতা)ও অকবৰ পাঠকসকলৰ বাবে উদ্ধৃত কৰা হল৷

বাপদুৰি আমিনিক

ইনিং কাচিংছাম আলামকে
আনুত কাপ্ৰেক আফান
থাননাং আলাম কালিদেত কেনাতি!
নেকাই আছাংতি মিলি আজ
পিনি নেতা আক
আমেন কাপ্ৰেক কেতকথু
নাংলে আৰনিছি
নাংনিং আৰল আতকছি আতামবুক আলং
আমেন কাপ্ৰেক কেতক আছন৷

দুবৰি বনৰ মুকুতা

ভালপোৱা কথাটো আৰু
আনক কব নোৱাৰি!
জীৱনৰ বালি চাপৰিত
ময়ো আজি নতুন নাম এটি লেখিছোঁ,
তুমি যেনেদৰে এদিন লেখিছিলা!


(উৎস পুথি : এমুঠি কাৰবি কবিতা, ডিফু সাহিত্য সভা, সম্পাদক ছামছিং হাঞ্চে, প্ৰকাশ ১৯৮৩চন)

Thursday, 27 November 2014

খেলিছিলনে আপুনিও এই খেলটো?

আপোনালোকে কি বুলিছিল নাজানো৷ আমি বুলিছিলোঁ ‘লেঙেৰী খেল’৷ লেঙেৰাই লেঙেৰাই খেলা বাবেই নামটো বোধ হয় এনেকুৱা৷ কোনে কেতিয়া দিলে নাজানো অৱশ্যে৷ মাথোঁ মনত আছে তাৰে কিছু কথা৷

মুকলিত খালী ভৰিৰে খেলা হৈছিল এই খেল৷ ভৰিত পিন্ধি থকা চেণ্ডেলবোৰ খুলি অলপ দূৰে দূৰে এপাত এপাতকৈ পোনকৈ থৈ ঘেৰি লোৱা হৈছিল আয়তক্ষেত্ৰাকাৰ এখিনি ঠাই৷ বৰ্গক্ষেত্ৰ আকাৰত তাক আকৌ সমানে দুভাগ কৰা হৈছিল৷ ঠাইখিনিৰ দীঘ-প্ৰস্থৰ কোনো নিৰ্দিষ্ট হিচাপ নাছিল৷ কেইটাই খেলিব তাৰো নাছিল কোনো ধৰাবন্ধা সংখ্যা৷ আগ্ৰহী সমনীয়াৰ হিচাপ অনুসৰি এলেকা সৰু-ডাঙৰ কৰি লোৱা হৈছিল৷ বুজিবৰ সুবিধাৰ কাৰণে কওঁ, ধৰি লওক, ত্ৰিশ ফুট দীঘল আৰু পোন্ধৰ ফুট বহল জোখৰ এটুকুৰা ঘাঁহনি৷ তাক সমানে দুভাগ কৰা হ’ল৷ দুটা দল৷ দলেপতি ছজনকৈ খেলুৱৈ৷

টচত জিকা দলটোৰ এজনে প্ৰথমে অভিযান আৰম্ভ কৰে৷ এখন ভৰিত থিয় হৈ সিখন দাঙি নিজৰ সীমা এৰি দেও দি দি সোমাই পৰে বিপক্ষৰ এলেকাত৷ প্ৰতিপক্ষৰ খেলুৱৈক তেওঁ হাতেৰে চুবলৈ চেষ্টা কৰে৷ সীমাৰ ভিতৰতে তেওঁলোকে নিজৰ গা বচাই পলাই ফুৰে৷ কাৰোবাক স্পৰ্শ কৰাৰ পিছত লেঙেৰীয়ে মধ্যসীমা স্পৰ্শ কৰিব পাৰিলে তেওঁ যাক যাক চুইছিল সেইকেইজন মৰিব, অৰ্থাৎ খেলৰ পৰা বাহিৰ৷ আনহাতে বিপক্ষৰ খেলুৱৈয়ে সীমাৰ ভিতৰত থাকি তেওঁক বাগি দিবলৈ চাব৷ আগ ভেটি ধৰি বা খেদা মাৰি গৈ বগৰাবলৈকো প্ৰচেষ্টা চলাব৷ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি সিখন ভৰিয়ে মাটি স্পৰ্শ কৰিলে লেঙেৰী মৰিব, মানে আউট৷ তাৰ পিছত আনটো দলে আৰম্ভ কৰিব৷ এনেকৈ খেলা চলি থকাৰ পিছত যিটো দলৰে গোটেইকেইজন খেলুৱৈ আগতে আউট হয় সেই দল হাৰে৷ ইটো দল জিকে৷

আমি হাইস্কুলত পঢ়ি থাকোঁতে শ্ৰেণীকোঠাৰ সন্মুখত থকা সেউজ ঘাঁহনিডৰাত এই খেলটো প্ৰায়ে খেলিছিলোঁ৷ লেইজাৰৰ বে'ল পৰিলেই স্কুলৰ তলৰ ফালে থকা সোণাৰুজোপাৰ ছাঁত সময় বুজি উপস্থিত হোৱা বিহাৰী চানাৱালাজনৰ ওচৰলৈ কোঁ-কোঁৱাই দৌৰোঁ৷ সিকি এটাৰ বিনিময়ত তেওঁ কাগজত বান্ধি দিয়া মিক্সাৰ চানাখিনি হাত পাতি লওঁ৷ সেয়া ফটাফট গলিয়াই স্কুলৰ পিছফালে থকা বুঢ়াকাইৰ কেণ্টিনত প্ৰৱেশ কৰোঁ৷ দীঘলকৈ বাঁহৰ নাল লগোৱা পুৰণি মিল্কমেইডৰ টেমাটোৰে সাজি লোৱা ‘পানী উলিওৱাডাল’ দোকানখনৰ ভিতৰফালে ৰখা পানীৰ ড্ৰামটোত সুমুৱাই দিওঁ৷ গিলাচটো এনেয়ে এবাৰ আওখালি কেইগিলাচমান ঘোট ঘোটকৈ পি লওঁ৷ তাৰ পিছত চেণ্ডেলযোৰ লাইনত থৈ পেণ্টটো কোঁচাই লাগি যাওঁ লেঙেৰী খেলাত৷

খেলিছিলনে আপুনিও এই খেল? মনত পেলাবচোন৷

Wednesday, 26 November 2014

ময়ো আঁকিছিলোঁ চশমা আৰু মোচ
(গল্প নহয়, সত্য)

সৰুতে এটা অভ্যাস (নে বদভ্যাস?) আছিল মোৰ৷ সেইটো হল, মানুহৰ ছবি থকা কিতাপ-আলোচনী কেনেবাকৈ হাতত পৰিলেই হল৷ কলমটো লৈ চকুকেইটাক চিধাই চশমা পিন্ধাই দিওঁ৷ ঘৰুৱা পুথিভঁৰালত সংৰক্ষণ কৰি ৰখা কিতাপবিলাকৰ মাজত তেনেকুৱা কিতাপ এতিয়াও আছে৷ দৰকাৰী কিতাপ একোখন বিচাৰি থাকোঁতে কেতিয়াবা কব নোৱাৰাকৈয়ে সেইখনত হাত পৰে৷ পাত লুটিয়াই গৈ থাকি চশমা অঁকা ছবিবোৰ দেখা পাওঁ৷ তেতিয়া খং নুঠে, হাঁহি উঠে৷ লৰালিৰ দিনবোৰলৈ ঘপকৈ মনত পৰে৷

প্ৰগতিৰ পথত কাৰবি আংলং মোৰ সংগ্ৰহত থকা তেনে এখন কিতাপ৷ দিলীপ শৰ্মাই ১৯৭৩চনত লিখা৷ ডিফু বজাৰৰ কিৰণ প্ৰকাশে উলিয়াইছিল৷ কলিকতাত ছপোৱা হৈছিল৷ কিতাপখনৰ শেষলৈ থকা ১৬টা পৃষ্ঠাত সেই তেতিয়াই গ্লচী আৰ্ট পেপাৰত কলা-বগা ছবি সন্নিৱিষ্ট কৰিছিল মিকিৰ পাহাৰ জিলাৰ ৰাজনৈতিক নেতাসকলৰ৷ ৰাজ্যিক মন্ত্ৰী, বিধায়ক, মিকিৰ পাহাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যপালিকা, কাৰ্যনিৰ্বাহক সদস্য আদিৰ ফটোবোৰৰ ছপা খুব পৰিষ্কাৰ হৈছিল৷ হলেওনো কি? চকুবিলাকৰ ওপৰত গোল গোল চশমা আঁকি দিয়া হল সেই তেতিয়াতে৷ কাৰোবাক আকৌ মোচো আঁকি দিয়া হল!

চশমা নথকাজনক চশমা আৰু মোচ নথকাজনক মোচ... কিযে অদ্ভুত ধৰণৰ দস্তুৰ আছিল সেইটো! এতিয়াও মাজে মাজে ভাবোঁ৷ তাৰ বাবে মা-দেউতাৰ পৰা গালিও খাইছিলোঁ চাগৈ৷ মনত নাই, পাহৰিলোঁ৷ জীৱনত প্ৰথমবাৰ কলম ব্যৱহাৰ কৰোঁতে অনৱৰতে হাতত উঠি থকা খজুৱতি মাৰিবলৈকে তেনেকুৱা কামবোৰ কৰা হৈছিল চাগৈ৷ আপুনিও কৰিছিল নেকি এই কাৰবাৰটো?


Saturday, 22 November 2014

হাজোৱাৰী খুৰাৰ ফুটবল উন্মাদনা
(গল্প নহয়, সত্য)


Bayern Munich আৰু Eintracht Frankfurtৰ মাজত German Bundesliga 2014-15ৰ খেল চলিছে৷ ২২আগষ্ট ২০১৪ত আৰম্ভ হোৱা জাৰ্মানীৰ এই প্ৰিমিয়াৰ ফুটবল লীগ প্ৰতিযোগিতাখনৰ ৫২তম আয়োজন ২৩মে ২০১৫ পৰ্যন্ত চলি থাকিব৷ অনুভৱী ষ্ট্ৰাইকাৰ টমাচ মুলাৰৰ স্কৰেৰে বেয়াৰ্ণ এগলত আগ বাঢ়ি আছে৷ হাফ টাইম হোৱাত আমাৰ প্ৰতিৱেশী হাজোৱাৰী খুৰা বাহিৰলৈ ওলাই আহিল৷ খেলখন ভাল লাগি আছে তেওঁৰ৷ খুব ফাষ্ট খেলিছে৷ এৰিব নোৱাৰি৷ সেয়ে, সময় হলেই আকৌ টিভিৰ সন্মুখত বহিবহি বুলি মনতে পাঙি থলে৷

ৰাস্তাত অকলে অকলে, ফুৰি ফুৰি গৈ আছে হাজোৱাৰী খুৰা৷ ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিছিল৷ ৰিটায়াৰ হোৱা চাৰি বছৰ হল৷ হলেও, ৰিটায়াৰ্ড বাট নট টায়াৰ্ড টাইপৰ মানুহ৷ কথা-বতৰা একদম ভলভলীয়া৷ কোনো কমপ্লেক্সিটি নাই৷ অনৱৰতে প্ৰাণ-চাঞ্চল্যৰে পূৰ্ণ, ৰসিকতাৰে উজ্জীৱিত৷ এলাহবৰ্জিত, কৰ্মঠ আৰু আনন্দপ্ৰিয় লোক৷ গতিকে বয়সত যথেষ্ট ডাঙৰ যদিও সুযোগ পালেই মই তেওঁৰ সংগ লোৱাত উৎসাহী হৈ উঠোঁ৷ মুকলিমূৰীয়াকৈ জীৱনৰ নানা কথা পাতোঁ, শিকোঁ৷ সশব্দে দুয়ো হাঁহি হাঁহি হৃদয় ফুলাওঁ৷ মানুহজনৰ 'স্বাধীনমনা অহংকাৰ'টো মোৰ লগত মিলে৷

তেৱেঁই উলিয়ালে ফুটবল মেচখনৰ কথা৷ টেন এক্সনতযে দি আছিল; মই গমেই নাপাওঁ৷ অলপ আগতে একধ্যানে টিভিটোলৈ চাই থাকোঁতে তেওঁ হেনো উত্তেজনাত কিবা-কিবি ভোৰভোৰাই আছিল৷ হাজোৱাৰী খুৰাৰ ধৰণটোৱেই তেনেকুৱা৷ শৰীৰটোহে ড্ৰয়িং ৰুমত, বাকী খেলপথাৰত থাকে৷ তাকে শুনি খুৰী গৰম... অকলে অকলে কিখন বলকি আছে? মনে মনে চাব নোৱাৰে নেকি? মানুহে শুনিলে কি ভাবিব? খুৰীৰ কথাত খুৰাৰ মিটাৰ উঠি গল... এইজনীয়ে ফুটবলৰ ফ-টোও বুজি নাপায়, এনেয়ে পেকপেক কৰে৷

খেল চাওঁতে নিজে বাছি লোৱা টীমটোৰ ঘোৰ সমৰ্থক হৈ পৰে হাজোৱাৰী খুৰা৷ কোনোবাই মিচপাছ বা ভুল কৰিলেই কব নোৱাৰাকৈ মুখেৰে গালি-গালাজ ওলাই আহে৷ দুই-এটা বেয়া মাতো পৰিস্থিতিসাপেক্ষে নোলায় বুলিলে মিছা কোৱা হব৷ তাতোকৈ ইণ্টাৰেষ্টিং, মুখখনৰ সমানেই হাত-ভৰিও চলি যায়৷ সেই গভীৰতা, সেই ফুটবল উন্মাদনা খুৰীয়ে নামমাত্ৰও বুজি নাপায়৷ বুজাৰ যত্নও নকৰে৷ গতিকে খুৰাৰ খং উঠিল আৰু হাফ টাইম হোৱাৰ লগে লগে টিভিটো অফ কৰি যিভাগে আছিল সেইভাগেই চিধাই ওলাই আহিছে ৰাস্তালৈ৷ নিজকে ঠাণ্ডা কৰিবলৈ৷

ঠাণ্ডা লগা নাই নেকি খুৰা? ...হাফ চাৰ্টটো পিন্ধি এই গধূলিখন বাহিৰলৈ ওলোৱা দেখি সুধিবলৈ বাধ্য হলোঁ৷ চমু বাক্য বিনিময়ৰ অন্তত কথা মিলিলত দুয়ো অলপ আগলৈকে একেলগে খোজ বঢ়ালোঁ৷ বাওঁহাতৰ মণিবন্ধত ওলমি থকা ঘড়ীটোলৈ তেওঁ মাজে মাজে চাই আছিল৷ সময়ৰ নিৰ্দেশ মানি দুয়ো উভতিবলৈ বাধ্য হলোঁ৷

বাটত কথা ওলাল স্বাধীনতা দিৱস কাপৰ৷ ১৯৪৭চনত নগাঁও মাৰোৱাৰী যুৱক সংঘই আয়োজন কৰিছিল এই প্ৰতিযোগিতা৷ পিছলৈ নগাঁও ক্রীড়া সন্থাৰ দ্বাৰা পৰিচালিত হৈ আহিছে নুৰুল আমিন ষ্টেডিয়ামত৷ অসমৰ আগশাৰীৰ প্ৰতিযোগিতাখনত এবাৰ হেনো অসম পুলিচ আৰু বাহিৰৰ টীম এটাৰ মাজত খেল হৈছিল৷ হাজোৱাৰী খুৰা ঘৰুৱা দলটোৰ জোৰদাৰ সমৰ্থক৷ হবই৷ কাৰণ অসম পুলিচ তেতিয়া ফুটবলপ্ৰেমী অসমীয়াৰ প্ৰাণৰ দল আছিল৷ কোনোবা এক মুহূৰ্তত পুলিচৰ খেলুৱৈ এজনে গল কৰাৰ গল্ডেন চান্স এটা পালে৷ খেলুৱৈজনে শ্বটটো মাৰিলে কি নামাৰিলে, খুৰাৰ সোঁ-ভৰিখন স্বভাৱবশতঃ দাং খাই গল৷ গোৰ মাৰি পঠিয়ালে সন্মুখত বহি থকা দৰ্শকজনক৷ পিছতহে হুঁচ আহিল, এয়া কি কৰি পেলালোঁ! বুলি৷ অতৰ্কিতে ঘটি যোৱা কাণ্ডটোত আগন্তুকেও থতমত খালে৷ কি হ বুলি ঘূৰি চালে৷ খুৰায়ো কালবিলম্ব নকৰি ক্ষমা খোজাৰ বিনয়ী ভংগীমা জুৰিলে আৰু কলে... নমস্কাৰ দেই৷ বেয়া নাপাব, কব নোৱাৰাকৈ হৈ গল৷

কিবা ভাগ্য ভাল আছিল বুইছে৷ অচিনাকি মানুহজনৰ পৰা সেইদিনা মই ওলোটাই চৰকেইপাতমানযে নাখালোঁ!  ভগৱানে বচালেহে বুলিছোঁ৷ ...এৰাএৰিৰ পৰত কথাষাৰ কৈ হাঁহিত ফাটি পৰিল হাজোৱাৰী খুৰা৷

ব্ৰাজিল বিশ্বকাপৰ পিছত ফুটবল মানে এতিয়া কেৱল জাৰ্মানী৷ সেই জাৰ্মানীৰে এক নম্বৰ ফুটবল ক্লাব হৈছে এফ.চি. বেয়াৰ্ণ মিউনিখ৷ সৌ-সিদিনাৰ বিশ্ব-বিজয়ী জাৰ্মান জাতীয় দলটোৰ কেইবাজনো খেলুৱৈয়ে ক্লাবটোত খেলে৷ মুলাৰৰ উপৰি লাম, নিৱেৰ, বটেং, গটজেহঁত আছে৷ তদুপৰি আছে ৰবেন, ৰিবেৰী, ডাণ্টে, আলনচ আদি৷ তাকে ভাবি ডাঠি কৈ দিলোঁ...  বেয়াৰ্ণেই জিকিব চাব৷ বেয়াৰ্ণ মিউনিখযে লীগৰ ডিফেণ্ডিং চেম্পিয়ন আৰু আগৰ খেলখনতযে বেয়াৰ্ণৰ হাতত ফ্ৰেংকফুৰ্টে পাঁচগল খাইছিল সেইটো সদৰি নকৰিলোঁ৷ ঘৰলৈ গৈ হাজোৱাৰী খুৰাই চেকেণ্ড হাফ চালে৷ ময়ো তাৰাতাৰি টিভিটো খুলিলোঁগৈ৷ আৰু শেষত মই কোৱাটোৱেই হল! ৰিটাৰ্ণ মেচখনত বেয়াৰ্ণে চাৰি গল দিলে ফ্ৰেংকফুৰ্টক৷ মুলাৰৰ হেটট্ৰিক৷ পৰিৱৰ্তিত খেলুৱৈ শ্বাকিৰিৰ এগল৷ হাজোৱাৰী খুৰাই সমৰ্থন আগ বঢ়োৱা টীমটো জিকিল৷


Friday, 21 November 2014

শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ এটি কবিতা৷ কবি মোলান ইংতি৷ শোণিতপুৰ জিলাৰ বিহালী মৌজাৰ বিহমাৰী লাংপ্ৰাট ইংতি গাঁৱত জন্ম গ্ৰহণ কৰা কবিগৰাকীয়ে ডিফুত শেষ নিশ্বাস ত্যাগ কৰে৷ ২০১০চনত প্ৰকাশিত তেখেতৰ একমাত্ৰ সংকলন প্ৰেমৰ সেউজ শইচ ইত্যাদিৰ পৃষ্ঠাৰ পৰা একে নামৰ কবিতাটি আজি অকবৰ ৱালত উদ্ধৃত কৰিলোঁ৷



প্ৰেমৰ সেউজ শইচ ইত্যাদি

মন-পথাৰত খু-দুৱনি বান
প্ৰেমৰ সেউজ শইচ ছটিয়াওঁ কেনেকৈ?

সুৱাগমণি পথাৰত চৰহা পোকে আগুৰিলে
আইৰ কোলাত বাৰিষাৰ কঠিন দুখ৷

সখিয়তী চৰাইৰ পাখিত
তেজে তুম্‌ৰলি কৰা ৰং

ধানপুৰীয়া কঁঠালজোপাত বহি
তাই এতিয়া
নেমাতে চিনাকি সুৰীয়া মাত

আইৰ কোলাত বাৰিষাৰ কঠিন দুখ৷

আঃ

সপোন চাকনৈয়া বালিচৰ৷



Thursday, 20 November 2014

কেৰম-বৰ্ডৰ সৈতে জীৱনৰ পলবোৰ
(গল্প নহয়, সত্য)


সন্ধ্যা লগাৰ সময়ত ওলাই যাওঁতে দেখা পালোঁ, দোকানখনৰ আগত চাৰিটা খুঁটিৰ ওপৰত কেৰম-বৰ্ড এখন৷ চাৰিওফালে চাৰিজন মানুহ৷ এফালৰ বাৰডালত এটুকুৰা জ্বলন্ত মমবাতি৷ দুটা মবাইল ফোনৰ টৰ্চ জ্বলাই দুফালে ঠিক পকেট দুটাৰ ওপৰৰ বাৰতে থোৱা হৈছে৷ টৰ্চলাইট থকা হেণ্ডছেটৰ ইতিবাচক দিশ এটা তৎমুহূৰ্ততে বুজি উঠিলোঁ৷

খেল পূৰাদমে চলি আছে৷ চোৱাই যাওক অলপ, বুলি ওচৰ চাপি গলোঁ৷ এটা পক্ষৰ পাৰ্টনাৰ দুজনক তৃতীয় ব্যক্তি এজনে ডিৰেকশ্বন দি গৈছে৷ কেৰম-বৰ্ড খেল চলি থকা অৱস্থাৰ এইটো চিৰাচৰিত দৃশ্য৷ এইটো পকেট কৰ, সেইটো নামাৰিবি ... ষ্ট্ৰাইকাৰটো আৰু অলপ সিফাললৈ ল ... বগাত টাচ্চ দি মাৰ ... এক, দুই... চেন্সুৰী খাব এতিয়া সিহঁতে, ভালকৈ খেল ... হাতৰ গুটিটোহঁত আগতে চিওৰ কৰিবি ... থাৰ্ড পকেট ... চেকেণ্ড পকেট ... ৰিবন টান ... ব্লক দি দে ... এংগল মাৰ ... ডবল মাৰ ... অঁ, এতিয়া ৰেডটো খা ... এইটো নহয়, সেইটো কনফাৰ্ম কৰ ... কলাটো ওফৰাই দে ... শ্বেপটো ভাঙি দে ... কি ভাবি আছ, তাৰ বেচত দি দেনা... চেৰিটি, ফাইন, ডবল ফাইন... ইত্যাদি ইত্যাদি৷ কেইবৰ্ডমান চাই উভতিলোঁ৷

১৯গুটীয়া এই খেলবিধ নজনা মানুহ খুব কমেইহে আছে চাগৈ৷ কি গাঁও কি চহৰ সকলোতে, ক্লাবে-চাৰিআলিয়ে-চোতালে-গছতলে সমানেই জনপ্ৰিয় এই খেল৷ মনত পৰিল, কেৰম-বৰ্ড আমাৰো ঘৰুৱা খেল আছিল৷ সৰুতেই দেউতাই আমাক এখন বৰ্ড আৰু কাঠৰ গুটি এবাকচ কিনি আনি দিছিল৷ ৰঙা ডাঠ কাগজৰ বক্সটোত কলা আৰু বগা গুটি প্ৰত্যেকৰে নটাকৈ৷ ৰঙা গুটি এটা৷ মোটা প্লাষ্টিকৰ ষ্ট্ৰাইকাৰ এটা৷ হিচাপৰ বাহিৰেও এক্সট্ৰা গুটিকেইটামান৷ প্লাইউডৰ সেই বৰ্ডখন পিছে সৰু নাছিল৷ ডাঙৰে খেলা জোখৰে আছিল৷ দাম লৈছিল ৪৫টকা৷ ১৯৭১চনৰ কথা এয়া৷ তেতিয়াৰে পৰাই কেৰম-বৰ্ড টুকুৰিয়াইছোঁ৷ এটা বগা, এটা কলা বুলি মনত ৰাখি গুটিবোৰ পাতিবলৈ শিকিছোঁ৷ খেলোঁতে সুবিধা হোৱাকৈ নখ ৰাখিবলৈ শিকিছোঁ৷

কেৰম খেলি কিমানযে সময় পাৰ কৰিলোঁ! বৰ্ডখন ড্ৰাম এটাৰ ওপৰত বহুৱাই দিয়ে৷ ঢুকি নাপাওঁ গতিকে মূঢ়া বা টুলত উঠি লওঁ৷ বৰ্ড খেলোঁ, কলগছ খেলোঁ৷ কেতিয়াবা বৰ্ডখন মজিয়াত থৈ পকাত লেপেটি কাঢ়ি বহি লওঁ৷ চাৰিটা বগা, চাৰিটা কলা আৰু মাজত ৰেডটো পাতি লৈ অকলে অকলে খুব প্ৰেকটিচ কৰোঁ৷ এটা গুটিত তিনিটাকৈ চান্স৷ আটাইকেইটা সুমুৱাব পাৰিলে চেম্পিয়ন৷ তদুপৰি কৰোঁ এংগল প্ৰেকটিচ, ৰিবন প্ৰেকটিচ৷ সহযোগীৰ অভাৱ ঘটিলে গুটিখিনি পাতি লৈ অকলেই এবাৰ ইফালৰ পৰা, আনবাৰ সিফালে গৈ মাৰোঁগৈ৷ গধুৰ বৰ্ডখন বৰ কষ্টেৰে দাঙি দাঙি পকেটত সোমোৱা গুটিবোৰ এটা এটাকৈ উলিয়াওঁ৷ খেলা হলে গুটিখিনি হিচাপ কৰি কৰি টেমাত ভৰাওঁ, যাতে এটাও নেহেৰায়৷ পকেটৰ নেট নিগনিয়ে কুটে৷ বেজী-সূতা লৈ ৰিপেয়াৰ কৰোঁ৷ কাৰণটো পিছে তেতিয়া জনা নাছিলোঁ৷ পিছলৈহে জানিলোঁ৷

আমাৰ ঘৰত থকা সৰুজন দদাইদেউৰ সৈতে খেলোঁতে প্ৰায়ে হাৰিছিলোঁ৷ গেইম খাই চকুপানী ওলায়৷ নীলো খাওঁ৷ তেওঁ তেতিয়া ডায়লগ মাৰে... যি জিকি যায় সি হাঁহি যায়, যি হাৰি যায় সি কান্দি যায়৷ লাজ পাওঁ৷ খঙতে টিকচি বিকচি উঠোঁ৷ অথচ একো কৰিবও নোৱাৰোঁ৷ মনৰ দুখতে ভাত খাবলৈও ইচ্ছা নোযোৱা হয়৷ সঁচাকৈ, খেলত হৰাৰ মনোকষ্ট হাৰোঁতাইহে জানে৷ তাতে হৰাটোক লৈ যেতিয়া আনে জোকায়... হলেই আৰু৷ নোকোৱাই ভাল৷ বৰ্ডখনতে পূৰ্ণহতীয়া ভুকু এটা শোধাই দিম যেন লাগে কেতিয়াবা৷ আঙুলিটো বাৰডালত মাৰি দিম যেন! কিন্তু নোৱাৰি৷ পৰাজয় স্বীকাৰ কৰি লব লগা হয়৷ সেইটোৱে নিয়ম৷ সেয়াই খেল-ধেমালিয়ে দিয়া এটা শিক্ষা৷

ডাঙৰ হোৱাৰ পিছত ওচৰৰে অমলহঁতৰ ঘৰৰ আগফালৰ ৰুমটোত বয়সত সৰু-ডাঙৰ কেইবাটাও সংগী গোট খাওঁ৷ ঘৰৰ পৰাই মনে মনে অকণমান ময়দা কাগজত বান্ধি পকেটত ভৰাই লৈ যাওঁ৷ প্ৰথমে বৰ্ডখন ৰদাওঁ, গুটিকেইটা ৰদাওঁ, ময়দাকণো ৰদাই লওঁ৷ একোৱেই যাতে সেমেকি নাথাকে৷ নহলে লাগি লাগি ধৰে৷ খেলৰ মজা নাথাকে৷ সিহঁতৰ ঘৰৰ হেণ্ডেল নথকা একে জোখৰ কাঠৰ চকী দুখন ওলোটা-ওভতাকৈ বহুৱাই তাৰ ওপৰত বৰ্ডখন পাতোঁ৷ লৰচৰ যাতে কৰি নাথাকে, তলফালে কাগজ জাপি পেকিং দিওঁ৷ বৰ্ডৰ ওপৰত গুটি এটা-দুটা থিয়কৈ থৈ বেলেন্স ঠিক আছেনে নাই পৰীক্ষা কৰোঁ৷ তাৰ পিছতে যুদ্ধ চুৰু হৈ যায়৷ দিনৰ দিনটো চলি থাকে৷ এসময়ত ভাত খাবৰ হয়৷ ঘৰলৈ গৈ নাকে-কাণে সুমুৱাই আকৌ তুৰন্তে হাজিৰ৷ ৰ'বলৈ সময় নাই৷ দিনত শোৱাৰ নিয়মটোতো নায়েই৷ পৰৱৰ্তী চে'চন আৰম্ভ হয়, আন্ধাৰ নোহোৱা পৰ্যন্ত৷ ওচৰ-চুবুৰীয়া বুলিয়ে চাগৈ গগৈয়নী বৰমা বা গগৈ বৰদেউতাই একো নকয়৷ পিছলৈ তেওঁলোকৰ ড্ৰয়িং ৰুমৰ পৰা নি স্কুলৰ ভিতৰতো পাতিলোঁগৈ৷ নতুনকৈ চিগাৰেট টানিবলৈ লোৱা বা চাধা মলিবলৈ শিকাকেইটাৰযে নহলে অসুবিধা হয়! স্কুলৰ ভিতৰত খেলি খেলি অন্ধকাৰ হৈ গলে কৰবাৰ পৰা মমৰ টুকুৰাও অট'মেটিক আহি যায়!

হৰেনদাৰ দোকানৰ আগত খুঁটি চাৰিটা পুতি তাতো চলিছিল কেৰম-বৰ্ড৷ দোকানৰ বাহিৰত জ্বলোৱা বাল্বটোৰ পোহৰত নিশা দেৰিলৈ খেল চলি থাকে৷ এদিনাখন অদ্ভুত কাণ্ড এটা ঘটিল৷ স্থানীয় ৰাজনৈতিক পৰিস্থিতি সেই সময়ত সুখকৰ নাছিল৷ জুম পাতি খেলি থাকোঁতেই৷ হঠাতে বাটলুগুটি এটা উৰি আহি বিছুদাৰ বাঁওচকুৰ ঠিক তলতে জোৰত লাগিলহি৷ এক আঙুল তলত হোৱা হ'লেই চকুটো যায়! লগে লগে মস্ত টেমুনা উঠি গল৷ কোনে কৰ পৰা কেটেপাৰে মাৰিলে ধৰিবকে পৰা নগল৷ ফলস্বৰূপে সেই স্থানত খেলাটো বন্ধ কৰা হল৷ আজি অত বছৰৰ পিছতো ঘটনাটো মুঠেই পাহৰিব পৰা নাই৷ যেতিয়াই মনত পৰে তেতিয়াই চিন্তা কৰোঁ, সেই হিংসাত্মক কাৰ্যটো সংঘটিত কৰা পাষণ্ডটো কোন আছিল? ধৰিব পাৰিলে বিশ বছৰ পুৰণি হোৰ তুলিবলৈ এতিয়াও মনটোৱে ডেও পাৰি আছে৷

আমাৰ কলেজৰ ছেকেণ্ড ইয়েৰত পঢ়া জোনদাই ভাল খেলিছিল৷ ষ্ট্ৰাইকাৰ হাতত পৰিলেই হল৷ এটাৰ পিছত এটাকৈ লেথাৰি নিছিগাকৈ সুমুৱাই গৈ থাকে৷ ধৈৰ্য, নিচান, বুদ্ধি মানিবলগীয়া৷ দুখ লাগে, পেৰেলাইচিচ হৈ বেচেৰা এতিয়া শয্যাগত৷ কলেজ উইকত সি মোক পাৰ্টনাৰ হিচাপে বাছি লৈছিল৷ মই তেতিয়া ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ৷ কষ্ট কৰিও ছেমি ফাইনেলত অলপৰ কাৰণে আমি দুটা হাৰি থাকিলোঁ! মনটো বৰ গধুৰ গধুৰ লাগিছিল সিদিনা৷

কেৰম-ব’ৰ্ডৰ নিচা বৰ বেলেগ৷ এবাৰ ধৰিলে সতকাই এৰাটো টান৷ আমাৰ ঘৰত কেৰম-ব’ৰ্ড খেলিবলৈ বন্ধু ডেনিয়েল, লাভলীহঁত কিমানযে দূৰৰ পৰা নিতৌ চাইকেল মাৰি ওলাইছিলহি! এতিয়াও ভাবিলে কিবা লাগে৷ চহৰৰ সিমূৰৰ পৰা কাকতি খুৰা আহে৷ পকেটত ব’ৰীক পাউডাৰৰ পেকেট এটা৷ ইমান দূৰ! অথচ খোজ কাঢ়িয়েই আহি যায়৷ খেলাৰ পিছত নিশা চাৰে ন-দহ বজাত পুনৰ অকলেই খোজ কাঢ়ি ঘৰমুৱা হয়৷ খেলৰ নিচা তেনেকুৱাই৷ কাকতি খুৰা মোৰ পাৰ্টনাৰ৷ ভাইটি আৰু সৰু খুৰা আনফালে৷ দুৰ্দান্ত খেল হয়৷ সহজ গুটি এটা কেতিয়াবা নাৰ্ভাচ হৈ মিচ কৰিলে খেল চাই থকা ডাঙৰজন দদাইদেৱে উত্তেজিত হৈ গালি পাৰি দিয়ে... ‘গুটি খেলিবলৈ আহিছ?’ বুলি৷ তেৱোঁ পাকৈত আৰু ষ্টাইলিচ খেলুৱৈ আছিল৷ একেটা মাৰতে দুই-তিনিটাকৈ পকেট কৰি পেলায়৷ আমি হা কৈ মুখ মেলি চাই থাকোঁ৷ ষ্ট্ৰাইকাৰটো কেতিয়ানো পাম বাট চাই ৰওঁ৷

হোষ্টেলত থাকোঁতে ক্লাছৰ পৰা আহিয়ে কমন ৰুমত কেৰম-ব’ৰ্ডত লাগি ধৰিছিলোঁ৷ কিতাপ-পত্ৰ ৰুমমেতৰ হাতত দি দিওঁ, লৈ যাচোন বুলি৷ মাহমুদৰ সৈতে পাৰ্টনাৰ হৈ ইনষ্টিটিউট উইকত ডবলছত চেম্পিয়ন হ’লোঁ৷ সি ভাল খেলিছিল৷ ওলাই থকা গুটিকেইটা পকেট কৰি লৈ মই বিপক্ষক ব্লক দিওঁ৷ সি ফিনিশ্ব কৰে৷ খেলি থাকোঁতে কথা কোৱা, ইংগিত দিয়া নিষেধ যদিও ভাবৰ কিবা যেন এক আচৰিত তাল-মিল আছিল আমাৰ, তেনে লাগে৷ পাৰ্টনাৰৰ মাজত তেনেকুৱা মানসিক সংযোগ থকাটো কেৰম-ব’ৰ্ডতেই নহয়, টেবুল টেনিচ, বেডমিণ্টন আদি খেলতো ডবলছৰ ক্ষেত্ৰত বৰ দৰকাৰী কথা৷

আজিকালি নিয়মবোৰ সলনি হ’ল৷ কম্পিটিচনত থিয় হৈ নহয়, বহি বহিহে খেলে৷ এডজাষ্টেবল ফ্ৰেমৰ ওপৰত ব’ৰ্ডখন প্ৰতিষ্ঠা কৰা হয়৷ ব’ৰ্ডখনত ভালদৰে পোহৰ পৰাকৈ ওপৰৰ পৰা তললৈ ওলমি থকা মস্ত লাইট একোচা জ্বলাই লয়৷ ব’ৰ্ডবিলাকো ২৯ স্কুৱেৰ ইঞ্চিৰ৷ পকেটকেইটা বাহিৰত থাকে৷ পিছল হ’বলৈ পাউডাৰ স্প্ৰে’ কৰে৷ ব্ৰাছেৰে মাজে মাজে ব’ৰ্ডখন চাফা কৰে৷ সোঁ-বাওঁ দুয়োখন হাতেৰেই মাৰিব পাৰে৷ লোকৰ গুটি ডাইৰেক্ট চুব পাৰে৷ ষ্ট্ৰাইকাৰ আৰু গুটিবোৰো উন্নত ধৰণৰ হ’ল৷ নিৰ্দিষ্ট জোখ-মাখ, ওজন আহি পৰিল৷

ডিফু ক্লাবত হোৱা কেৰম-ব'ৰ্ড প্ৰতিযোগিতা এখনৰ দৰ্শক হওঁতেহে ১৯৮৮চনত চেন্নাইত গঠন হোৱা ইণ্টাৰনেশ্যনেল কেৰম ফেডাৰেচনৰ দ্বাৰা প্ৰৱৰ্তিত নীতি-নিয়মবোৰ অলপ-অচৰপ জানিবলৈ পালোঁ৷ চেম্পিয়ন ডেকাজনৰ সৈতে অন্য এদিনাখন সুযোগ পাই এনেয়ে কেইব’ৰ্ডমান মাৰি চালোঁ৷ এক ব’ৰ্ডো যদি নিজে পালোঁহেতেঁন! নেখেলি নেখেলি হাত নাইকিয়াই হৈ থাকিল৷ নিজকে বৰ্তাই ৰাখিবলৈ অভ্যাস, অনুশীলনযে কিমান প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ, শিকনিটো আকৌ এবাৰ পালোঁ৷



Wednesday, 19 November 2014

অলপ ওখ হওক ইহঁত
(গল্প নহয়, সত্য)




দেওবৰীয়া আড্ডা সংক্রান্তীয় বিশেষ সকাম এটাৰ লগতে ডিজিটেল কেমেৰা সম্পৰ্কে পৰামৰ্শ বিচাৰি বে’পী বাইদেউ আৰু কলিতানী বৰমা আবেলি পৰত আহি ওলাল৷ জিলা মহিলা সমিতিখনৰ দুয়ো ক্রমে সাধাৰণ সম্পাদিকা আৰু সভানেত্ৰী৷ বয়োজ্যেষ্ঠ, সন্মানীয় মহিলা৷ ফুটবল আগৰে পৰাই ভাল পায়৷ তাহানিৰ খৰছিং তেৰাং শ্বিল্ড প্ৰতিযোগিতাৰ নিয়মীয়া দৰ্শক৷ বৰমাৰ বৰপুত্ৰই খেলে৷ ৰেফাৰী, লাইনচমেনো হোৱা দেখিছোঁ৷ ফিল্ডত দৰ্শকে অৰূপদাক চিঞৰে... ‘ঐ চাৰমিনাৰ...’ বৰমাই মুখ টিপি হাঁহে৷ কথাবোৰ আজিও মনত পৰে৷

কাম সমাপ্ত হোৱাত কলিতানী বৰমা যাবলৈ ওলাল৷ হাতত ধৰি গাড়ীখনৰ ফালে ধীৰে ধীৰে আগুৱাই দিলোঁ৷ ছেগতে লাহেকৈ সুধিলোঁ... ‘বৰমা, খেল চাবলৈ গৈছেনে, গুৱাহাটীলৈ?’

মোৰ চকুত চকু থৈ বৰমাই ওলোটাই প্ৰশ্ন কৰিলে... ‘অ’... তুমি ফুটবল খেলৰ কথা কৈছা?’

‘হয়, ইণ্ডিয়ান ছুপাৰ লীগযে, চলি আছে...’

‘এ’ নাই যোৱা ৰ’বা৷ চাবগৈ লাগিছিল অৱশ্যে৷ বয়সো হ’ল নহয় এতিয়া৷ আমাৰ বাবা, টুমটুমহঁতে চাইছেগৈ৷’

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কলিতানী বৰমাৰ বয়স পঁইসত্তৰ-আশীৰ দিশে গৈ আছে৷ বে'পী বাইদেউৰো পঁইষষ্ঠি-সত্তৰৰ মাজত হব৷ হলেও সামাজিক কামত উভয়ে নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে৷ মহিলা বিষয়ক কেচ এটা হেস্ত-নেস্ত কৰি থানাৰ পৰা পোনে পোনে এতিয়া ইয়ালৈ আহিছে৷

‘যাব লাগিছিল আকৌ’ ...অলপ উচটই চালোঁ৷ পুত্ৰ আৰু মাতৃৰ দৰেই সম্পৰ্ক আমাৰ৷

‘টিভিতে চাই আছোঁ দিয়া৷ এ’ আমাৰ ইহঁতৰ কিনো হয়হে? গ’ললৈ আগুৱাই নি বলটো হেৰাই থাকে দেখোন! গল দিবই নোৱাৰে! ফিনিশ্বিং নাই দেখি বেয়া লাগে৷ নহয়নে?’

‘হয় অ’ বৰমা৷ কথাটো ময়ো মন কৰিছোঁ৷ স্ক’ৰাৰৰ অভাৱ ঘটিছে৷’‘এ... চুটি-চাপৰ মানুহেৰে ফুটবল খেলা নহয় অ’ আজিকালি৷ ওখ ওখ লাগে৷ বিশ্বকাপত নেদেখিলা?’

‘ঠিকেই কৈছে আপুনি৷ ময়ো ভাবোঁ, কঁটীয়াৰ কাম নাই৷’

‘দুৰ্গা, এলেন আৰু নৰ্থ ইষ্ট টীমৰ ল’ৰাকেইটা আৰু অলপ অলপ ওখ হোৱা হ’লে! ড’ ডং বোলাটোৱে কিন্তু ভাল দৌৰে দেই৷’

‘হ’লে কি হ’ব বৰমা? যিমান দৌৰিলেও মিছা৷ বিপক্ষৰ লম্বু ডিফেণ্ডাৰে আৰামছে বল ক্লিয়েৰ কৰি পঠিয়ায়৷ বেহু ভেদ কৰিবলৈ হ’লে মাৰাডোনাৰ নিচিনাকৈ কিলাকুটি মৰাটো শিকিব লাগিব৷ বক্সৰ ভিতৰত ফালি-ছিৰি সোমাই ওলাই যাব পাৰিব লাগিব৷’

‘লাগিব লাগিব, বল-শক্তি লাগিব৷ ঈশ্বৰে ভালে ৰাখিলে অহাবাৰ চামগৈ দিয়া৷ অলপ ওখও হওক ইহঁত৷’

এইবুলি কৈ কলিতানী বৰমা মাৰুতিখনত বহিল৷ দৰজাখন মই মাৰি দিলোঁ৷

Tuesday, 18 November 2014

ত্ৰাণকৰ্তা, নাইমূৰলৈ মনত পৰে...
(গল্প নহয়, সত্য)



স্কুলৰ ফালে পিঠি দি বেট ধৰিলেও দৰজা-খিৰিকীৰ আইনা ভাগে, বিপৰীত ফালে বেট ধৰিলেও আইনা ভাগে৷ সমস্যাটো তাতেই৷ আমাৰ চেঙেলীয়া ক্রিকেটাৰসোপাৰ প্ৰকোপত আইনাবোৰ ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে৷ খেলি থাকোঁতেই হেড ছাৰ, মানে ভুবনেশ্বৰ শৰ্মা ছাৰ হঠাতে আহি ওলায়৷ আমি ফৰিং ছিটিকা দিওঁ৷ এতিয়া  তেখেতৰ ছাত্ৰ নহওঁ যদিও এসময়ত ক, খ, প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীলৈকে তেখেতৰ তত্ত্বাৱধানতেইতো আমি প্ৰায়বোৰ লৰাই প্ৰাথমিক শিক্ষাৰ দেওনা পাৰ হৈ আহিছোঁ৷ হাতৰ আখৰৰ পৰা জমা-খৰছলৈকে তেখেতৰ পৰাই শিকিছোঁ৷ গতিকে শ্ৰদ্ধামিশ্ৰিত সেই সমীহ শেষ হোৱা নাই এতিয়াও, আৰু নহবও কাহানিও৷

ঠহৰকৈ গ্লাছ এখন ভাগে৷ চিচাবোৰ সিঁচৰতি হৈ পৰে৷ ছাৰে বকি-জকি স্কুলঘৰটোৰ ফালে যায়৷ লগে লগে যেয়ে যেনেকৈ যতে পাৰে আত্মগোপন কৰে৷ ছাৰে বলটো বুটলি লয়৷ পাঞ্জাৱী চোলাটোৰ পকেটত সুমুৱায়৷ আকৌ গালিবৰ্ষণ আৰম্ভ৷ অলপ সময়ৰ পিছত ঘৰ অভিমুখে গুচি যায়৷ লুকাই থকা স্থানৰ পৰা আমি চাই থাকোঁ৷ চকুৰ ঠাৰে-চিয়াৰে কথা চলে৷ ল ঐ বুলি ইংগিত পালেই ওলাই আহোঁ৷ তাৰ পিছত জৰুৰী আলোচনা৷ কি কৰা যায় এতিয়া? বলযে আৰু নাই! খেলখনো হৈ পৰিল বন্ধ৷

উপায় উদ্ভাৱন কৰোঁতাই নাকটো মোহাৰিয়েই বুদ্ধি এটা উলিয়ায়৷ নাইমূৰ চোকা লৰা৷ ক্লাছত সদায় প্ৰথম হয়৷ আমাতকৈ এশ্ৰেণী আগত৷ হেড ছাৰৰ অন্যতম প্ৰিয় শিষ্য৷ অনুশাসন মনা বাধ্য ছাত্ৰ৷ সি নিজে নেখেলে৷ আমি খেলা চাইহে থাকে৷ তাৰ ভায়েক ছাজিদুৰেহে খেলে৷ নাইমূৰ শকত-মস্ত, পেটলা৷ তাক আমি আম্পায়াৰিং কৰিবলৈ লগাওঁ৷

সিফালে বলটো অনাৰ পৰিকল্পনা চূড়ান্ত হৈ উঠে৷ নাইমূৰকে শিখণ্ডী হিচাপে লোৱা হয়৷ ভাল লৰাটোৰ পিছে পিছে আমি কেইটামানে ছাৰৰ ঘৰলৈ যাওঁ৷ জপনা খুলি সি সোমাই যায়৷ নমস্কাৰ এটা দি সি ছাৰৰ লগত কথা পাতে৷ আমি একো নামাতোঁ৷ ছাৰে যিযে নকওক, যিমানেই গালি নাপাৰক, নীৰৱে, তলমূৰকৈ শুনি ৰওঁ৷ কেইটামানে জপনামুখতে চুচুক-চামাক কৰি থাকে৷ শেষত আমাক ছাৰে বুজায়৷ অপৰাধী ক্রিকেটাৰসকলৰ মুখপাত্ৰ নাইমূৰে ছাৰক আশ্বাস দিয়ে... ৰাবোৰে এতিয়াৰে পৰা যা-তাকৈ নেখেলে ছাৰ৷ আইনা আৰু নাভাগে৷ গতিকে বলটো দি দিয়ক ছাৰ…’

ছাৰে আমাৰ খেলপ্ৰীতি উপলব্ধি কৰে৷ ভলীবলৰ দিনত নিজেও আহি ধূতিখন কোঁচাই খেলত ভাগ লয়৷ ভুকু, গাদী, কুঠাৰ মাৰে৷ গতিকে অলপ পিছতে বলটো পাঞ্জাৱীৰ পকেটৰ পৰা উলিয়াই নাইমূৰৰ হাতত তুলি দিয়ে৷
কামটো সিজি যায়৷ আকৌ বলিং আৰম্ভ হয়৷ বেটিং আৰম্ভ হয়৷ এইবাৰ অলপ লাহে লাহে, সাৱধানে৷ উইকেট কীপাৰ, স্লিপছ, লেগ স্লিপৰ ফিল্ডাৰকেইটাৰ সতৰ্ক দৃষ্টি থাকে বলৰ ওপৰত৷ বেটছমেনেও সতকাই বল এৰি নিদিয়া হয়৷ ৱাইড বলটোও খেদি গৈ হলেও ৰখায়, বেহু পাৰ হৈ গৈ বলে যাতে আইনাত খুন্দিয়াবগৈ নোৱাৰে৷ পূবা-পশ্চিমাকৈ খেলিলে ৰদে চকুত ধৰে৷ গতিকে উত্তৰা-দক্ষিণাকৈ খেলি থকা হয়৷ স্কুলখনৰ কাৰণে মৰম থকা হেতুকে পূবা-পশ্চিমাকৈয়ে ষ্টাম্পকেইডাল পুতি পেলোৱা হয়৷ এসময়ত পইচা তুলি নেট এখন কিনো৷ তেনেকৈয়ে আইনাকেইখনৰ প্ৰাণ বচোৱা হয়৷ লগতে ৰক্ষা পৰে হেড ছাৰক দি অহা প্ৰতিশ্ৰুতি৷


দিনবোৰ ভাবিব নোৱাৰা ধৰণে সলনি হল! আজি সেই নাইমূৰ কত, ছাৰ কত, আমি কত, বেট-বল-ষ্টাম্প কত! স্কুলখন আছে, ফিল্ডখনো আছে৷ নাই পিছে তাহানিৰ দৰে এচাম লৰা, যি লৰাই আবেলি সময় হলেই ফিল্ডখনলৈ ঢাপলি মেলিছিল, একেলগ হৈ খেলিছিল ফুটবল, ক্ৰিকেট, ভলীবল, ইত্যাদি ইত্যাদি৷

Monday, 17 November 2014

চেলফ টেষ্ট
(গল্প নহয়, সত্য)

পঞ্চাশ অভিমুখে গৈ আছোঁ৷ কোনে জানো এদিন মোৰ আগত কৈছিল বোলে এনে সময়ত হোল বডী চেক আপ, মানে তালুৰ পৰা তলুৱালৈকে সমস্ত দেহৰ পৰীক্ষা এটা কৰোৱাব লাগে৷ এপল বা তেনেকুৱা ডাঙৰ হস্পিতালত এইবোৰৰ ভাল সুবিধা আছে হেনো৷ কিবা স্কীমো থাকে৷ কম খৰচতে হয়৷ তেনে টেষ্টৰ জৰিয়তে গম পোৱা যায় শৰীৰৰ লেটেষ্ট কণ্ডিচনটোৰ বিষয়ে৷ জনম লাভৰ ক্ষণ ধৰি নিতৌ ব্যৱহাৰ হৈ হৈ আমাৰ দেহাটিৰো অনেক ক্ষয়-ক্ষতি হয়৷ গতিকে এনে বয়সত মেছিনৰ ওচৰ চপা উচিত৷

মোৰ ধাৰণাটো আকৌ অলপ বেলেগ দেই৷ অন্য উপায় ইমানবোৰ থাকোঁতে যন্ত্ৰৰ ওচৰলৈ যাবই লাগিবনে? মই যোৱাত নাই৷ নিজকে নিজে মই টেষ্ট কৰিম৷ এই মানৱী জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে দেখোন একোটা ডাঙৰ পৰীক্ষা দিয়েই আহিছোঁ৷ সেই ভাবিয়ে নিজৰ মতত স্থিৰ হৈ থাকিলোঁ৷ ভবা মতে নিজকে টেষ্ট কৰিলোঁও৷ তাকে কওঁ এতিয়া৷


চেলফ টেষ্ট-১
বাৰীৰ কঁঠালজোপাতযে মৌ এবাহ আছিল, কবই নোৱাৰোঁ৷ সিদিনাখন কিবা কথাত সেইফালে চাওঁতেহে পাতৰ ফাঁকেৰে মৌচাকখন ঘপকৈ চকুত ধৰা দিলে৷ উত্তেজিত হৈ পৰিলোঁ৷ লগে লগে স্বগতোক্তি, এইটো দেখোন মজাৰ বস্তু আছে ঔ! মৌ-বিচনীলৈ জুপি জুপি চাই থকা দেখি ভাই-বোৱাৰীজনীয়ে সিফালৰ পৰা মাত দিলে... মৌবোৰ গুচি গল নহয়৷ কালিলৈকে আছিল৷ ভাবিলোঁ, কিয়বা গুচি গল? পৰুৱাই পালে নেকি? নে পূৰ্ণিমাৰ লগত সম্পৰ্ক? নাজানো৷ 
সি যি কি নহওক, মাটিৰ পৰাই ভালদৰে নিৰীক্ষণ কৰিলোঁ৷ তাৰ পিছতে সিদ্ধান্ত কৰিলোঁ যে বিচনীখন এতিয়াই পাৰি অনা যাওক৷ কি ওলায়-নোলায় পিছত দেখা যাব৷ তৎক্ষণাৎ কাৰ্যপন্থা আৰম্ভ হৈ গল৷ হাফপেণ্টটো পিন্ধি ললোঁ৷ পাকঘৰৰ পৰা নলুৱা কটাৰীখন আনিলোঁগৈ৷ প্লাষ্টিকৰ ঠোঙা এটাও পকেটত ভৰাই ললোঁ৷ আনটো পকেটত লৈ থলোঁ সৰু কেমেৰাটো৷ এইবাৰ গছত উঠা কাম৷
ডাল বগাই মৌচাকখনৰ ওচৰ চাপিলোঁ৷ বিনুৰ কথাটো হয়, মৌ-মাখিবোৰ নাই৷ কলা পৰুৱা কিছুমানে ডালে-পাতে পিয়াপি দি ফুৰা দেখিলোঁ৷ গছজোপাত উঠি থাকোঁতে সজ্ঞানে মন কৰিলোঁ, ভৰি কঁপিছে নেকি মোৰ? নাই কঁপা৷ হাত কঁপিছে নেকি? নাই কঁপা৷ বেলেন্স ঠিকেই আছে৷ তাৰ মানে ময়ো ঠিকেই আছোঁ৷ 
ৰালিত গছত উঠাৰ চখ এটা খুবেই আছিল৷ লোকৰ বাৰীত আম চুৰ কৰিবলৈ ভাৰাটো যাবলগীয়া হৈছিল৷ বিনিময়ত আম কেইটামান৷ যি কি নহওক, মৌচাকখন সজা ডালটো বৰ এটা ডাঙৰ নোহোৱাত গুৰিতে সাৱধানে কাটি পেলালোঁ৷ পৰুৱা কিছুমান গায়ে-চায়ে বগাল যদিও সহ্য কৰি থাকিলোঁ৷ তাৰ পাছত মৌচাকেৰে সৈতে ঠানিটো আস্তেকৈ তললৈ পেলাই দিলোঁ৷ গছৰ তলত আগৰে পৰাই পজিছন মিলাই ৰৈ থাকিবলৈ লৰাক নিৰ্দেশ দিয়া হৈছিল৷ সি থাপ মাৰি ধৰিলে৷ চকুৰ আগত মৌ-বিচনীখন দেখি তাৰ আনন্দ লাগিল৷ অকণমান আঁতৰত থকা ভনীয়েকহঁতো দৌৰ মাৰি মুহূৰ্ততে হাজিৰ হলহি৷ এনে বস্তু জীৱনত সিহঁতে প্ৰথমবাৰৰ বাবে ওচৰৰ পৰা দেখা পাইছে, চুই পাইছে৷ স্বাভাৱিকতে কৌতূহল বাঢ়িবই৷ মই যে আচলতে সিহঁতক দেখুৱাবৰ বাবেই গছ বগাই মৌচাকখন পাৰিলোঁ সেয়া পিছত জনাই দিলোঁ৷ তাৰ লগতে মোৰ নিজৰো টেষ্ট এটাযে হৈ গল সেয়া মনতে ৰাখি থলোঁ৷ অলপ পাছত কঠাঁলজোপাৰ পৰা নামিলোঁ৷ মাটি পাবলৈ অলপমান থাকোঁতে জাঁপ মাৰি দিয়াটো আগৰে অভ্যাস আছিল৷ এতিয়াও তাৰ ব্যতিক্রম নহল৷


চেলফ টেষ্ট-২
গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যত হাতীদণ্ডিয়েদি পাক মাৰি ফুৰিছোঁ৷ আগে আগে ৰেঞ্জাৰ বিভীষণ টকবি৷ ওখ গছ এডালৰ পৰা নামি অহা শকত-আৱত লতা এডাললৈ আঙুলিয়াই, ৰসিকতা কৰিবৰ অভিপ্ৰায়েৰে তেওঁ কলে... টাৰ্জান লতা৷ বাটৰ সোঁহাতে কাষতে পোৱা বনৰীয়া লতাডাল দেখি মোৰো গা উঠিল৷ বগাই চাওঁ নেকি? ঠিক পিছতে থকা আদিশ আৰু সন্দীপন, দুইটাই জেক মাৰিলে, পাৰিব জানো বুলি৷ লগে লগে লতাডাল ধৰিলোঁ থাপ মাৰি৷ হাত আৰু ভৰিৰ খোপনিৰ সহায়ত ক্রমে ক্রমে ওপৰলৈ বগাই যাব ধৰিলোঁ৷ কাণ্ড দেখি সিহঁতৰ স্ফূৰ্তি লাগিল৷ হাতত থকা ষ্টিল কেমেৰা, ভিডিঅ কেমেৰাকেইটাও ওপৰলৈ পোন হৈ পৰিল৷ চিঞৰ মাৰি সুধিলোঁ, আৰু যাম নেকি ওপৰলৈ? নালাগে, নালাগে, নামক বুলি কোৱাত ক্রমান্বয়ে চুঁচৰি মাটিত ভৰি দিলোঁ৷ বৰ মজা লাগিল লতাডালত বগাই৷ তাৰ লগতে মোৰ নিজৰো টেষ্ট এটা হৈ গল৷


চেলফ টেষ্ট দুটাৰ ৰিজাল্টে মোক আশ্বস্ত কৰিছে যে মই ঠিকে আছোঁ৷ মেছিনৰ ওচৰ চপাৰ দৰকাৰ নাই৷

Sunday, 16 November 2014

অশ্ৰুভৰা উপত্যকাৰ সন্ধানত...
(গল্প নহয়, সত্য)

খনবামন পৰ্বতৰ পাদদেশৰ লংনিত-লাংপাৰ্পান অঞ্চলক পটভূমি স্বৰূপে লৈ ৰংবং তেৰাং ছাৰে উপন্যাস এখন ৰচনা কৰিছিল ২০০৩চনত৷ নাম দিছিল অশ্ৰুভৰা উপত্যকা৷ ডিফু থানা ৰড এৰি শিক্ষক কলনিলৈ উঠি যোৱা ৰাস্তাটোত অৱস্থিত হিলছ ভিউ কটেজৰ খিৰিকীৰে পূব দিগন্তলৈ চালে ৰিণিকি ৰিণিকি চকুত পৰে খনবামন৷ তাৰ পৰাই আৰম্ভ কৰা উপন্যাসখনৰ বিষয়ে ছাৰে বজাৰ কৰিবলৈ আহোঁতে মোৰ কৰ্মস্থলীত অকণমান বহি সেই তেতিয়াই মুকলিকৈ জনাইছিলেও... প্ৰথম বাক্যটো আজি লিখিছোঁ বুলি৷ কাৰবি-কুকিৰ সংঘাতৰ সময়ত নিৰীহ মানুহৰ তেজ বোৱা শোকাৱহ ঘটনাই আন দহজনৰ দৰে তেখেতকো মৰ্মাহত কৰিছিল৷ তাৰে আলমত উপন্যাসখন লিখা হৈছিল৷ চাৰমেন ৰংহাং, চাংৱাই টেৰণপী, মিৰবিন, কাজিৰ, বংলং তেৰাং, কুঞ্জলাল গুপ্তা, ফুৰাধন বৰ্মন, লুনছে তেৰাং, লংকি টেৰণ, চাৰছ টেৰণ, চন্দ্ৰ মিলিক, বুলুট মিলিক, হেমাৰি টেৰণ, কাৰেং, কাজক, ৰবিনা, ৰামছিং টকবি, কানিয়া টেৰণ, লাংটুক ক্র, কাংথেৰ তিমুং, কা-এত ৰংহাংপী, লাৰছিকা, আংজক আদি ভালেমান চৰিত্ৰৰ সমাৱেশৰ লগতে লংনিত, লাংপাৰ্পান, শিলনী ৱাটাৰ চাপ্লাই স্কীম, লাংপাৰ্পান এল.পি. স্কুল, নং ৰাষ্ট্ৰীয় ঘাইপথ, মহংদিজুৱা এম.ই. স্কুল, বৰজান, বকলীয়া, লংনিত হাইস্কুল, শিলনী পিকনিক স্পট, সিংহাসন পৰ্বত, খনবামন পৰ্বত আদিৰ উল্লেখ ইয়াত আছে৷ চাৰিটা বছৰৰ অন্তত, ২০০৭চনত, এদিনৰ সংবাদ বাতৰি কাকতৰ শাৰদীয় বিশেষ সংখ্যাত অশ্ৰুভৰা উপত্যকা ছপা আখৰত প্ৰকাশ পাইছিল৷

ডিফুৰ লেখক-সাংবাদিক জয়ছিং টকবিয়ে উপন্যাসখন কাৰবি ভাষালৈ অনুবাদ কৰি পেলাইছিল পিছৰটো বছৰতে, অৰ্থাৎ ২০০৮চনতে৷ প্ৰকাশকৰ সদিচ্ছাৰ অভাৱত সুদীৰ্ঘ ৬টা বছৰ নীৰৱে বাগৰি যোৱাৰ পিছত ডিফুৰ কাংথিৰ বুক হাউচ এণ্ড পাব্লিছাৰে এতিয়া গ্ৰন্থখন পাঠকৰ হাতত তুলি দিয়াৰ পদক্ষেপ লৈছে৷ ১১টা অধ্যায়ৰ ৭২পৃষ্ঠাজোৰা এই অনূদিত উপন্যাসখনৰ নাম মেক্রি বুপ্ৰুপ আলাংহাম

মেক্রি বুপ্ৰুপ আলাংহাম অৰ্থাৎ অশ্ৰুভৰা উপত্যকাৰ ভিতৰৰ পৃষ্ঠাসমূহ কেতিয়াবাই কৰা হৈ গৈছিল৷ বেটুপাতৰ বাবে অনুবাদক তথা মোৰ স্কুলীয়া দিনৰ বন্ধু জয়ছিঙে, তাগিদা বুলি কলে আচলতে সঠিক নহব, জোৰ-জবৰদস্তি কৰি আছিল৷ পটভূমিৰ সৈতে সংগতি থকা প্ৰাকৃতিক দৃশ্য এটাৰে কামটো সমাধা কৰিম বুলি এদিন তাক কৈ দিলোঁ৷ সি সাময়িকভাৱে চুপ হল যদিও মাজে মাজে কামুৰিবলৈ নেৰিলে৷ অৱশেষত ১৪নবেম্বৰৰ পুৱা ৯বজাত তাৰ আওপুৰণি, ভকচেল য়ামাহা আৰ.এক্স.১০০ মটৰ চাইকেলখনৰ পিছৰ চিটত বহিবলগীয়া হল৷ কান্ধত নগা মোনা, হাতত ডিজিটেল কেমেৰা৷ গন্তব্যস্থলৰ দূৰত্ব ডিফুৰ পৰা প্ৰায় ২৬কিলমিটাৰ৷ অশ্ৰুভৰা উপত্যকাৰ সন্ধানত ডিফু-মাঞ্জা-নগাঁও পথেৰে আমি ৰাওনা হলোঁ৷ বাটত গাইপতি এক লিটাৰকৈ মুঠ দুই লিটাৰ তেল ভৰাই ধেত-ধেতকৈ তেনেই ধীৰ গতিৰে অত-তত ৰৈ ৰৈ গৈ থাকিলোঁ লংনিত-লংপাৰ্পান এলেকালৈ৷ অশ্ৰুভৰা উপত্যকাৰ সন্ধানত জীৱনৰ আন এক মনোৰম অভিজ্ঞতা সেয়া৷

কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ অন্তৰ্গত এখন সৰু ঠাই লংনিত৷ লুঙি বুলিও মানুহৰ মুখত শুনা যায়৷ একেবাৰে পুৰণি নামটো লংলিত৷ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এই ঠাইখনেদি বৈ গৈছে খৰস্ৰোতা লংলিত নৈ৷ এই নৈৰ ওপৰৰ পুৰণি কাঠৰ দলংখন আমি শুনিবলৈ পোৱামতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ দলংসমূহৰ ভিতৰত সবাতোকৈ দীঘল আছিল৷ এতিয়া অৱশ্যে পকী আৰু নতুন স্থানত নিৰ্মাণ হল৷ পুৰণি পথটোৰে যাতায়াত বন্ধ হৈ পৰিল৷ ইয়াৰ ওচৰৰে লাংপাৰ্পান জুৰিত বান্ধ দি জলসিঞ্চন বিভাগে পথাৰলৈ পানী যোগান ধৰি আহিছে৷ লংলিত নৈৰ কাষে কাষে যোৱা সৰু পথেৰে পাহাৰৰ দিশে প্ৰায় ৪.৫কিলমিটাৰ আগুৱাই গলে এটা ধুনীয়া পিকনিক স্পট পোৱা যায়৷ শিলনী নামেৰে এই স্থান জনাজাত৷ নৈসৰ্গিক প্ৰকৃতিয়ে বিৰাজ কৰা এই স্থানলৈ পিকনিক খাবলৈ সৰুৰে পৰাই আমাৰ আহ-যাহ আছে৷ নৈপৰীয়া অঞ্চলটোত সৰিয়হ খেতি প্ৰচুৰ পৰিমাণে হয়৷ বন বিভাগ আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰশত বনভোজথলীৰ এতিয়া উন্নয়ন ঘটিছে৷ এই শিলাময় পাহাৰীয়া নৈখনৰ ওপৰভাগত বান্ধ দি জনস্বাস্থ্য কাৰিকৰী বিভাগে মধ্যাকৰ্ষণ শক্তিৰ প্ৰয়োগৰ জৰিয়তেই ডিফু চহৰলৈ কোন কেতিয়াবাৰে পৰাই জল পৰিৱহণ কৰি আহিছে৷

পিকনিকৰ চিজন আহি আছে৷ অশ্ৰুভৰা উপত্যকাৰ সন্ধান কৰাৰ সুযোগতে সেই দেখি আমিও শিলনী (লংছকাংথু পিকনিক স্পট) চাই আহোঁ বুলি গলোঁ৷ বনভোজ খাবলৈ বাছ লৈ অহা বোকাজানৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাক লগ পালোঁ আৰু কথা পাতিলোঁ৷ ইয়াত সোমাওঁতে আগতে মাচুল নালাগিছিল৷ এতিয়া ব্যক্তি আৰু বাহন অনুযায়ী বিভাগীয় কৰ্তৃপক্ষই এণ্ট্ৰি ফিজ ধাৰ্য কৰি দিছে৷ ঠাইখিনি আগতকৈ অধিক পৰিষ্কাৰ, অধিক আকৰ্ষণীয়, অধিক নিৰাপদ যেন মোৰ অনুভৱ হল৷ তাৰে কেইটামান দৃশ্য পাঠকৰ বাবে সংলগ্ন কৰিলোঁ৷