Tuesday, 30 September 2014

কাৰবিসকলৰ পৰম্পৰাগত সাংস্কৃতিক আচৰণৰ বহিঃপ্ৰকাশ  
ছক কেৰয় উৎসৱৰ হাচা কেকান
(কাৰবি অধ্যয়ন-৩)


সমাজ-জীৱনক আনন্দময় ৰসেৰে সৰ্বদা জীপাল কৰি ৰখাই লোক-উৎসৱ উদ্‌যাপনৰ ঘাই উদ্দেশ্য৷ জীৱন পৰিক্রমাত মানৱ সন্তানে প্ৰতিটো পদক্ষেপতে ব্যয় কৰা কঠোৰ শ্ৰমৰ বিনিময় স্বৰূপে ঋতুচক্রৰ কোনো নিৰ্দিষ্ট সময়ে বহন কৰি আনে নিৰ্ভেজাল আনন্দৰ সঁফুৰা৷ সমজুৱাভাৱে পালিত এনে হাঁহি-আনন্দ-উপভোগৰ মাধ্যমেৰেই জাতীয় পৰম্পৰা, লোক-সংস্কৃতি আদি জীয়াই ৰখা হয়৷ সেয়েহে যুগ-যুগান্তৰ ধৰি জন-সমাজত উৎসাহ-উদ্দীপনা আৰু পাৰস্পৰিক সহযোগিতা তথা বিনিময়ৰ মাজেৰে লোক-উৎসৱসমূহ আয়োজিত হৈ আহিছে৷ উৎসৱসমূহ সময়ানুসাৰে আৰু প্ৰচলিত নিয়মানুসাৰে পালন কৰাটো সমাজ-ধৰ্ম ৰক্ষাৰে প্ৰচেষ্টা৷ প্ৰত্যেক বছৰৰ কোনোবা নহয় কোনোবা সময়ত লোক-জীৱনে অবিৰত কৰ্মৰ পৰা সাময়িক অব্যাহতি লৈ পুৰুষানুক্রমে প্ৰচলন হৈ অহা লোক নৃত্য-গীত-বাদ্যৰ সমাহাৰত আনন্দোৎসৱৰ আয়োজন কৰে৷ তাৎপৰ্যপূৰ্ণ আৰু মূলতঃ ঋতুকালীন এই বিনোদনধৰ্মী উৎসৱ-পাৰ্বণবোৰ প্ৰধানকৈ প্ৰকৃতিৰ সৈতে জড়িত৷ কৃষিয়ে ইয়াৰ মূল ভেটি, উৰ্বৰা বিশ্বাসেই ইয়াৰ পটভূমি৷

অসমৰ অন্যতম পাৰ্বত্য জনগোষ্ঠী কাৰবিসকলৰ জাতীয় উৎসৱ, শাৰদীয় উৎসৱ অথবা বসন্ত উৎসৱ হিচাপে কোনো নিৰ্ধাৰিত উৎসৱ নাই বুলি কোৱা হয় যদিও হাচা কেকান নামক উৎসৱটিক খেতি-পথাৰৰ সৈতে সম্পৰ্ক থকা বিহুৰ সমধৰ্মী বা সমগোত্ৰীয় সামাজিক সমাৰোহ ৰূপে গণ্য কৰা হয়৷ প্ৰকৃতাৰ্থত হাচা কেকান হৈছে এই জনগোষ্ঠীটোৰ কৃষি উৎসৱ বিষয়ক উল্লেখযোগ্য কেকান অৰ্থাৎ নৃত্য৷ স্বকীয় বৈশিষ্ট্যপূৰ্ণ এই নৃত্যক কৃষি-নৃত্য নাইবা শস্য কঢ়িওৱা নাচো বুলিব পাৰি৷ 

কাৰবিসকল প্ৰাচীন কালৰে পৰাই কৃষিজীৱী৷ ধান খেতি তেওঁলোকৰ সাতাম পুৰুষীয়া কৰ্ম৷ জুম পদ্ধতিৰে তেওঁলোকে খেতি-বাতি কৰিছিল৷ আনহাতে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে সাৰ-জাবৰ প্ৰয়োগ কৰাৰ নিয়ম নাছিল৷ সঘনাই কৃষি-ক্ষেত্ৰ পৰিৱৰ্তন কৰি থকা হৈছিল৷ এঢলীয়া পাহাৰৰ হাবি-বন কাটি, জুই জ্বলাই দি, ছাইবোৰ মাটিৰ সৈতে মিহলাই তাতে ধানৰ বীজ সিঁচিছিল৷ কৃষিক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছিল কাৰবি লোকৰ কৰ্ম-জীৱন৷ লখিমী অৰ্থাৎ ধানৰ উৎপত্তি আৰু কাৰবি সমাজত ধান খেতিৰ প্ৰথা কেনেদৰে প্ৰৱৰ্তন হল লোক-গীত লখি কেপ্লাঙত সেই বিষয়ে পোৱা যায়, এনেকৈ
কুকি চিন দাইপ (পেন)
টেৰণ ৰংছ
চাৰনাম চেপিনত
ৰি কাথি ৰেচ
কল ছি দ
লাং কুলাং ছি দ
কুলেং আৰিছ
চুপি পাম ৰুংফ
দন্দিৱাৰ ছাৰপ
ল মাথুম দামফ
তিম পেন ইম আৰল
নাদং তাবেঅ
আৰনি চকল
ৰুণ ৰুণ ছি ল’…

গীতাংশত কৈছে যে কুকি-চীন ভাষা পৰিয়ালৰ মানুহ আৰু কাৰবিৰ উপৰি পুৰুষ টেৰণ ৰংছই একেলগে আলোচনা কৰি লখিমী কত আছে বিচাৰিলে আৰু এটা জুৰিৰ পাৰত থকা বুলি গম পালে৷ সেই গছৰ গুটি খাই জীৱন-ধাৰণ কৰিব পাৰিব বুলি জানিলে৷ তেতিয়া দন্দিৱাৰ ছাৰপই শুভ-দিন চাই লগত বহুতো লোক লৈ গৈ লখিমীক আদৰি আনিলে৷ উৎসৱৰ আয়োজন কৰি তাৰ নাম দিলে ছক কেৰয়

কাৰবি ভাষাত ছক মানে ধান, কেৰয় মানে কঢ়িওৱা৷ এনেকৈয়ে লখিমী উৎসৱৰ প্ৰচলন হল আৰু আজিও ন-ধানৰ বতৰত ন-খোৱা উৎসৱ কাৰবি সমাজত চলি আছে৷ শীতকালৰ প্ৰাৰম্ভতে আঘোণ-পুহ মাহত দূৰৈৰ পাহাৰৰ বুকুত অৱস্থিত জুমতলীত উৎপাদিত শস্য চপাই মান্দু (পথাৰত সজা সৰু পঁজা ঘৰ)ৰ সন্মুখত থকা জিমতিম (উৎপাদিত শস্যাদি জমা কৰা চোতাল)ত গোটোৱা হয়৷ মুঠি মুঠি কৰি একে ঠাই কৰা শস্যৰ দমবোৰৰ পৰা পুহ-মাঘ মাহত গুটি সৰুৱাৰ পিছত মানতুং (কাপোৰেৰে বন্ধা দীঘলীয়া বস্তা)ত ভৰাই ঘৰলৈ কঢ়িয়াই অনা হয়৷ গুটি ধানখিনি হাচি (ডুলি, দোণ আদি)ত থোৱা হয়৷ ইয়াৰ পিছত কৃষি-কৰ্ম অঁতাই-পিতাই ৰাইজ একগোট হৈ থলুৱা পৰিৱেশত মংগল-বাদ্য বজাই উল্লাসেৰে উদ্দেশ্যধৰ্মী নৃত্য-গীতপূৰ্ণ উৎসৱ পালন কৰে৷ হাচিক উদ্দেশ্য কৰিয়ে এই আনন্দ উৎসৱ আয়োজিত হয় বাবে হাচি শব্দৰ পৰাই হাচা শব্দৰ উৎপত্তি হোৱা বুলি কোনো কোনোৱে কব খোজে৷

প্ৰচলিত নিয়ম অনুযায়ী এনে উৎসৱত এজন লুঞ্চে (গায়ক)ৰ পৰিচালনাত দুই বা ততোধিক গায়ক-গায়িকাই এজন এজনকৈ গীত পৰিৱেশন কৰে৷ ডেকা-গাভৰুসকলে সেই গীত-বাদ্যৰ ছেৱে ছেৱে নৃত্যত অৱতীৰ্ণ হয়৷ হাচা নৃত্য সাধাৰণতে নিশাৰ ভাগত আৰম্ভ হৈ পুৱতি নিশা পৰ্যন্ত বিৰামহীনভাৱে চলে৷ লখিমী আইৰ গুণ-গানেৰে দুপৰ নিশা নৃত্য কৰি কৰি ক্লান্ত হৈ পৰা ডেকাসকলে গৃহস্থক উদ্দেশ্য কৰি গীত গায়, এনেকৈ
হিংচং ৱছক তেলিৰাং
কেকান আহান চ নাং
হাচা কান পাংখাং কেৰতাং
ক্লিমছ জাননন কান আহান, তাং

গীতৰ ভাবাৰ্থ হৈছে : নিশা দুপৰ হল৷ সপ্তৰ্ষিমণ্ডল মূৰৰ ওপৰ পালেহি৷ গোটেই ৰাতিটো আমোদ-প্ৰমোদ কৰি কটাব নোৱাৰি৷ গতিকে ৰাইজক খুৱাই-বুৱাই বিদায় দিয়ক৷

ৰং-ৰহইচ আৰু খোৱা-বোৱাই হাচা কেকান উৎসৱৰ মূল উপভোগ্য৷ পথাৰৰ লখিমীক আদৰিবলৈ কাৰবিসকলে ছক কেৰয় গীত গায়, হাচা নাচ নাচে, নতুন ধানৰ পানীয় প্ৰস্তুত কৰি দেৱতাক অৰ্পণ কৰে, আলহীক খুৱায়, নিজেও খায়৷ সমজুৱা নৃত্য-গীতৰ সমান্তৰালভাৱে অন্য দিশত ৰন্ধা-বঢ়াৰ কাৰ্যও চলি থাকে৷ যুৱক-যুৱতীসকলে নিজেই ইয়াত অগ্ৰণী ভূমিকা লয়৷ নাচ-গানৰ অন্তত অনুষ্ঠানত সহযোগ কৰোঁতা সমূহ ৰাইজে সমভিব্যাহাৰে আহাৰ গ্ৰহণ কৰে৷ মান (দীঘলীয়াকৈ দুফাল কৰি কাটি শুকুৱাই লোৱা মাছ), ভাত আৰু হৰলাং (স্বজাতীয় পানীয়) এনে ভোজৰ প্ৰধান উপকৰণ৷ আনহাতে উৎসৱত বাধ্যতামূলকভাৱে লাওপানীৰ ব্যৱহাৰ কৰাটো এটা জনজাতীয় বৈশিষ্ট্য৷ হাচা কেকানত কোনো ধৰণৰ বলি-বিধানৰ প্ৰথা নাই৷ কৃষিভিত্তিক এই সাংস্কৃতিক পাৰ্বণ অঞ্চলভেদে জুন মাহত শস্যৰ বীজ ছটিওৱাৰ সময়তো পালিত হব পাৰে৷ ধান লক্ষ্মী দেৱীৰ অৱদান বুলি হিন্দু সমাজত প্ৰচলিত ধাৰণাক কাৰবিসকলেও অন্তঃকৰণেৰে বিশ্বাস কৰে৷ হাচা কেকানৰ নৃত্য-গীতবোৰত পী লুখিমী (লক্ষ্মী দেৱী)ৰ হকে কাৰবি কৃষক সম্প্ৰদায়ে কৰা সংগ্ৰামৰ ইতিহাসৰ বৰ্ণনাত্মক প্ৰতিফলন দেখা পোৱা যায়৷ পথাৰৰ লখিমীৰ প্ৰতি জাতিটোৰ শ্ৰদ্ধা আৰু মৰমৰ ভাব গীতসমূহত সন্নিবিষ্ট হৈ থাকে৷ তদুপৰি এই লখিমী চপোৱা উৎসৱত পৰিৱেশিত লোক-গীতবিলাকত প্ৰতিভাত হয় কাৰবি লোক-মানসৰ আধ্যাত্মিক উৎকৰ্ষতাৰ পূৰ্ণাংগ চিত্ৰৰূপো৷

হাচা কেকান উৎসৱে কাৰবি জনগোষ্ঠীটোক মানসিক তথা সামাজিক বন্ধনেৰে সুদৃঢ় কৰি ৰখাৰ উমান পোৱা যায়৷ এনেকৈয়ে ছক কেৰয় বা লখিমী আদৰা গীত-নাচসমূহৰ জৰিয়তে অসমৰ প্ৰাচীন জনগোষ্ঠী তথা প্ৰকৃতিৰ সন্তান আৰলেংসকলে লোক-সংস্কৃতিৰ স্বকীয়তা আৰু বিশিষ্টতা ৰক্ষা কৰি আহিছে৷ কৃষিক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছে বাৰেৰহণীয়া জাতীয় সংস্কৃতি৷ সেই ফালৰ পৰা শস্য চপোৱা, কঢ়িওৱা প্ৰক্রিয়াৰ সৈতে ওতপ্ৰোতভাৱে সম্পৃক্ত ছক কেৰয় উৎসৱৰ বৰ্ণাঢ্য নৃত্য হাচা কেকানক কাৰবি জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক আচৰণৰ বহিঃপ্ৰকাশ বুলিব পাৰি৷

প্ৰকাশ :
১. পয়োভৰা, মধ্য গুৱাহাটী বিহু সন্মিলনীৰ বিহু মাননী, এপ্ৰিল ২০০০, সম্পাদক ৰঞ্জন ফুকন
২. পূবালী, এপ্ৰিল ২০০০, গুৱাহাটী, সম্পাদক মুকুল কলিতা
৩. স্মৰণিকা, বসন্ত উৎসৱ, ধনশিৰি, মে ২০০৭, সম্পাদক এম. আচাবুৰ ৰহমান

Monday, 29 September 2014

কাৰবি কৃষ্টিৰ স্বপ্ৰকাশক প্ৰতীক : 
জাম্বিলী আথন
(কাৰবি অধ্যয়ন-২)


জাম্বিলী আথন কাৰবি জনগোষ্ঠীৰ ঐতিহ্যমণ্ডিত জাতীয় গৌৰৱাত্মক প্ৰতীক৷ কাৰবি লোক-জীৱনৰ ই এক চিৰায়ত সম্পদ৷

আভিধানিক তথ্য অনুযায়ী কাৰবি শব্দ জাম্বিলীৰ অৰ্থ কাৰবি মোনা আৰু আথনৰ অৰ্থ গছৰ ঠানি৷ গতিকে জাম্বিলী আথন শব্দ-সমষ্টিৰ সম্পূৰ্ণ আক্ষৰিক অৰ্থ হৈছে মোনা ৰখা ডাল৷

এখন দা আৰু এটা মোনা অনবৰতে লগত লৈ ফুৰাটো মংগোলীয় মানুহৰ বৈশিষ্ট্য৷ প্ৰকৃতিৰ সন্তান কাৰবিসকলো ইয়াৰ ব্যক্তিক্রম নহয়৷ সেয়ে, ব্যৱহাৰিক দিশটোৰ লগতে শব্দকোষপ্ৰদত্ত অৰ্থৰ ফালৰ পৰা চালিজাৰি চালে জোলোঙা থোৱা আধাৰ ৰূপে জাম্বিলী আথনৰ উৎপত্তি আৰু প্ৰচলন আৰম্ভ হোৱা বুলি ভাবিবৰ থল আছে৷

অন্যহাতে, ব্যুৎপত্তিগত অৰ্থ নিচেই সাধাৰণ যদিও জাম্বিলী আথনৰ মৰ্মাৰ্থ অতি ব্যাপক, অতি গভীৰ৷ এই অসামান্য কাষ্ঠদণ্ডতে অন্তৰ্নিহিত হৈ আছে অসমৰ প্ৰাচীনতম অধিবাসী তথা জীৱন্ত জাতি এটাৰ বিশাল সাংস্কৃতিক বৈশিষ্ট্য৷ সেয়েহে জাম্বিলী আথন কাৰবি জাতিৰ স্বপ্ৰকাশক প্ৰতীক আৰু লোক-সমাজত ই অতীৱ জনপ্ৰিয়, লগতে সৰ্বজন শ্ৰদ্ধেয়৷

ৰক্তিম পুষ্পৰে সুশোভিত বেংৱই (কলমতুলা) নামৰ এজাতি বিশেষ গছৰ কাঠৰ ২৮৪ছেণ্টিমিটাৰ উচ্চতা আৰু ২১ছেণ্টিমিটাৰ দৈৰ্ঘ্য, আৰু ৯ছেণ্টিমিটাৰ পৰিধিৰ ৪ ডাল শাখা-দণ্ড, এটা ডাঙৰ ৱজাৰু (ভীমৰাজ পক্ষী), ৪টা ৱজাৰু আতই (ফেঁচু চৰাই), ৪টা সৰু ৱলেং চেৰেৎছ (বাঢ়ৈটোকা চৰাই), ২টা মোহৰৰ সৈতে লজি (আইনা), ২০ডাল চৱাই আলেক (কঁড়িৰ মালা) আৰু এডাল লেকপংতিং (ঢোলাকৃতিৰ মণিৰ গলপতা) এইকেইপদ উপাদানক লৈয়েই জাম্বিলী আথন আটক ধুনীয়াকৈ সজ্জিত৷
নকছ (সৰু কটাৰী)ৰ সহায়ত মুখ্য আৰু শাখা-দণ্ডৰ সূক্ষ্ম চাৰু-কলাত্মক কৰ্ম সম্পাদন কৰা হয়৷ মূলদণ্ডডালৰ শীৰ্ষবিন্দুৰ পৰা প্ৰায় ১০০ছেণ্টিমিটাৰ তলত মূলদণ্ডৰ সৈতে ৪৫ ডিগ্ৰী কৌণিক অৱস্থানত চাৰিদিশৰ পৰা সংযোগ কৰা হয় চাৰিডাল শাখাদণ্ড৷ মধ্যদণ্ডৰ শিখৰত ভীমৰাজ, শাখাদণ্ডসমূহত ফেঁচু আৰু শাখাদণ্ডৰ নিম্নাংশত আৰু মধ্যদণ্ডৰ গাত বগুৱা বাই যোৱা ভংগীত বাঢ়ৈটোকাৰ উপৱেশন৷ মোহৰ, আইনা, কড়িৰ মালা আৰু ঢোল আকৃতিৰ মণিৰ গলপতা জাম্বিলী আথনৰ অলংকৰণ সামগ্ৰী৷ ইয়াৰ ভীমৰাজ পক্ষী উপৱিষ্ট মূলদণ্ডক আথন আৰু একোটিকৈ ফেঁচু চৰাই সমাসীন চতুৰ্দণ্ডক বোলা হয় জাম্বিলী

কাৰবি জাতিৰ লিখিত বুৰঞ্জী পোৱা নাযায়৷ ইয়াৰ বিপৰীতে তেওঁলোকৰ মাজত আৱহমান কালৰে পৰা আধ্যাত্মিক ভাবেৰে সম্পৃক্ত অনেক মৌখিক গীত-মাতৰ প্ৰচলন হৈ আহিছে৷ সেই কাহিনী-গীত, লোক-সাধু, কিংবদন্তিসমূহকে তেওঁলোকৰ বুৰঞ্জীৰ সমল হিচাপে গণ্য কৰা হয়, যিবিলাকত প্ৰতিধ্বনিত হয় তেওঁলোকৰ ঐতিহ্যসমৃদ্ধ অতীত৷ জাম্বিলী আথনৰ সৈতে সম্পৰ্কযুক্ত এনে ধৰণৰ সাধু, গীতবোৰ ফঁহিয়াই চাই এই কাষ্ঠদণ্ড পোনতে মুক্ত সংস্কৃতিৰ প্ৰভাৱকল্পে গঢ় লোৱা প্ৰেমৰ প্ৰতীক, তাৰ পাছত ৰজাৰ অধীনস্থ হৈ পৰ্যবসিত হোৱা ৰাজকীয় প্ৰতীক-চিহ্ন আৰু তাৰ পিছত পুৰোহিত শ্ৰেণীৰ হস্তক্ষেপত ৰূপান্তৰিত হোৱা আধ্যাত্মিক ভাবাদৰ্শনিহিত ধৰ্মীয় সম্পদ বুলি বিশেষজ্ঞসকলে মন্তব্য কৰে৷

পশ্চিম কাৰবি আংলঙত প্ৰচলিত ফাক-অক-আৰচক লোক-সাধুৰ প্ৰথম অধ্যায় দিদি আলুনৰ মতে চিফং আমছিকৰ গাঁওবুঢ়া হাৰবামনে ৰংকেৰ পূজা (সমূহীয়া গাঁৱৰ উৎসৱ) সম্পন্ন কৰি জিৰকেদাম (কাৰবি ডেকাৰ অনুষ্ঠান)ৰ আৰম্ভণি ঘোষণা কৰিলে আৰু সমৱেত ৰাইজৰ মাজৰ পৰা দিচুমাই ৰংপিক ক্লেংছাৰপ (জিৰকেদামৰ প্ৰধান গুৰিয়াল) নিযুক্তি দিলে৷ দিচুমায়ে আকৌ দিদি ইংতিপী নামৰ গাভৰু এজনীক ভাল পাইছিল৷ দিচুমাইৰ ইছা আৰু ৰাইজৰ পৰামৰ্শ অনুযায়ী গাঁওবুঢ়াই দিদিকো জিৰকেদামত নিবলৈ অনুমতি দিয়াত দিচুমায়ে হাঁহিমুখে দায়িত্বভাৰ গ্ৰহণ কৰিলে৷ জিৰকেদামৰ প্ৰথম ক্লেংছাৰপ দিচুমাই আৰু বাংফু (সদস্যা) দিদিৰ প্ৰেমে ক্রমান্বয়ে গভীৰ ৰূপ লয় আৰু দুয়ো বিবাহৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়৷ আনহাতে কাৰবি সমাজৰ প্ৰচলিত নিয়ম অনুসৰি নিজৰ মোমায়েকৰ ছোৱালীৰ সৈতেহে বৈবাহিক সম্বন্ধ স্থাপন হোৱাটো নিয়ম৷ সেই পৰম্পৰা অনুযায়ী দিচুমাই সৰু হৈ থকা অৱস্থাতে তান্তিত থকা মোমায়েকৰ সৰু ছোৱালীজনীৰ লগত তেওঁৰ বিয়া ঠিক কৰি থোৱা হৈছিল৷ ৰিছজুন (যুৱকসকলৰ স্বৰগ পূজা)ৰ পাছত দিচুমাই মোমায়েকৰ ঘৰলৈ কাপোৰ-কানি, মোনা আদি আনিবৰ বাবে যায়৷ দিচুমাই হঠাতে তেনেকৈ গুচি যোৱাত দিদি চিন্তিত হৈ পৰে আৰু তেওঁৰ সৈতে বিয়া হোৱাৰ আশা এৰি দিয়ে৷ প্ৰেমত ব্যৰ্থ হৈ উৎপন্ন হোৱা হতাশাত তাই আমচেং পাহাৰত চিকাৰীয়ে চিকাৰ ধৰিবৰ বাবে খান্দি ৰখা দ গাঁত এটাত জঁপিয়াই পৰি আত্মহত্যা কৰে৷ ইপিনে দিদি নিৰুদ্দেশ হোৱাত মাক-বাপেক উদ্বিগ্ন হৈ পৰে৷ সকলো দিশে বিচাৰ-খোঁচাৰ আৰম্ভ হয়৷ দিদিৰ সন্ধানত গৈ অৱশেষত দিচুমায়ে দিদিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মৃতদেহটো টঙিৰ ওপৰত ৰাখি তলত জুই দি শুকুৱাই দিচুমায়ে বাঁহী বজাই বজাই ৰাইজক জাননী দিয়ে৷ পাছত শুকাই যোৱা দিদিৰ শটোৰেই শ্ৰাদ্ধ পতা হয়৷ দিদিৰ ককায়েক ছাম ইংতি আছিল জিৰকেদামৰ ক্লেংদুন (ক্লেংছাৰপৰ তলৰজন বিষয়া) অৰ্থাৎ দিচুমাইৰ সহকাৰী৷ তেওঁ দলপতিৰ সৈতে আলোচনা কৰি ভনীয়েকৰ স্মৃতি ৰক্ষাৰ্থে এটি প্ৰতিমূৰ্তি সাজি উলিয়াবলৈ সিদ্ধান্ত কৰে৷ সেই সংকল্পেৰে মূৰ্তি সজা কামত ব্যস্ত হৈ থাকোঁতেই দুৰ্ঘটনাত পতিত হৈ দিচুমাইৰ অকাল মৃত্যু হয়৷ ফলত দিদিৰ প্ৰতিকৃতিও আধৰুৱা হৈ ৰয়৷ এনিশা সমাজিকত ছামে দিচুমাইক দেখা পায়৷ সপোনত দিচুমায়ে তেওঁক দিয়া নিৰ্দেশ পালন কৰি ছামে প্ৰতিমূৰ্তিৰ অৱশিষ্ট কামখিনি সম্পন্ন কৰে আৰু ইয়াৰ নামকৰণ কৰে জাম্বিলী আথন৷ জাম্বিলী আথনযে প্ৰেমৰ প্ৰতীক সেয়া এই কাহিনীয়ে প্ৰতীয়মান কৰে৷

ফাক-অক-আৰচক লোক-সাধুৰ দ্বিতীয় অধ্যায়ত আছে দেংৰালি কেপ্লাং৷ এই অধ্যায়ত পোৱা যায় যে দকইক্‌ ছাৰলংকি ৰংপি নামৰ গাঁওবুঢ়াজনে ৰংৰেংছাঙত জিৰকেদাম গঢ়ি তোলাৰ উদ্দেশ্যে কেইবাখনো গাঁৱৰ ডেকাসকলক একত্ৰিত কৰি জিৰপুত ছাইনাৰীক ক্লেংছাৰপৰ দায়িত্ব অৰ্পণ কৰিলে৷ ছাইনাৰীয়ে তেতিয়া প্ৰতিখন গাঁৱৰ প্ৰতিটো চাংঘৰৰ চোতালতে একোডালকৈ বাৰলন (নলমাৰি) পুতি এই বুলি নিৰ্দেশ জাৰি কৰিলে যে, বাৰলন পুতি থৈ অহা প্ৰতিখন চাঙৰ পৰা অন্ততঃ এজনকৈ সদস্যই জিৰকেদামত যোগদান কৰিব লাগিব, অন্যথা এঘৰীয়া কৰা হব৷ এই ঘোষণাত কাচে টেৰণপী নামৰ গাভৰুজনী বিপাঙত পৰিল৷ কিয়নো তাইৰ ঘৰত কোনো ডেকা লৰা নাছিল, অথচ তাইৰ চোতালতো পোতা আছিল এডাল বাৰলন৷ উপায়হীন হৈ কাচেই বাৰলনডাল হাতত লৈ ডেকাচাঙৰ জখলাৰ গুৰিত থিয় দিলেগৈ৷ পিছে, ইমানমখা ডেকাৰ সন্মুখত তাই লজ্জা অনুভৱ কৰিলে, কিয়নো প্ৰেমৰ বিনিময়ত ক্লেংছাৰপৰ সৈতে হোৱা দৈহিক সম্পৰ্কৰ ফলত তাই অন্তঃসত্ত্বা হৈছিল৷ ইফালে ৰিছজুনৰ আগেয়ে অৰ্থাৎ জিৰকেদাম ভংগ নোহোৱাকৈ বিয়াত বহিবও নোৱাৰে৷ আনহাতে তাইৰ অৱস্থা তাৰ পূৰ্বেই প্ৰকট হৈ পৰিল আৰু চাৰিওফালে ছাইনাৰীৰ লগত থকা তাইৰ অবৈধ সম্পৰ্কক লৈ বু-বু-বা-বা চলিল৷ সেয়ে লোক-লজ্জাৰ পৰা নিস্তাৰ পাবলৈ তাই ডেকাচাঙৰ পৰা আঁতৰি যাবলৈ বাধ্য হল৷ কাচে আছিল ক্লেংছাৰপ ছাইনাৰীৰ ভাগিনীয়েক৷ কাচেক জিৰকেদাম দলত দেখা নাপাই ছাইনাৰী চিন্তিত হল আৰু তাইৰ অনুসন্ধানত সি ঘৰৰ বাহিৰ হল৷ সকলোফালে বিচাৰি চলাথ কৰিও তাইক নাপাই শেষত সি এটা নিজৰাৰ কাষত ৰৈ ফিলিপী (ভাগিনী) বুলি সম্বোধন কৰি চিঞৰিবলৈ ধৰিলে৷ তেনেতে কাষতে থকা গছ এজোপাই কান্দি কান্দি উত্তৰ দিলে : ময়ে তোমাৰ ফিলিপী কাচে৷ মই মানুহৰ পৰা গছলৈ ৰূপান্তৰিত হৈ আছোঁ৷ মই আৰু মানুহৰ সমাজলৈ উভতি যাব নোৱাৰোঁ৷ আজিৰ পৰা মানুহে মোক দেংৰালি (এবিধ চিৰসেউজ উদ্ভিদ) বুলি জানিব৷ ৰিছজুনত যিহেতু সকলো সদস্য উপস্থিত থকাটো বাধ্যতামূলক সেয়ে কাচেৰ পৰিৱৰ্তে দেংৰালি গছকে পূজাথলীলৈ অনা হল৷ 

এই কাহিনীয়ে কাৰবি জনজাতিৰ টটেম (কোনো বংশৰ উৎপত্তিৰ কাৰক স্বৰূপ পূজনীয় কোনো বস্তু) হিচাপে বৃক্ষই স্বীকৃতি লাভ কৰাটোকে সাব্যস্ত কৰে৷ খেনোৰ মতে বেংৱই নামৰ উদ্ভিদজোপা এসময়ত কাৰবি জাতিৰ টটেম আছিল৷ সেয়েহে এই বিশেষ গছৰ কাঠেৰেহে জাম্বিলী আথন তৈয়াৰ কৰা হয় আৰু এইদৰে নিৰ্মিত জাম্বিলী আথন কাৰবি জনগোষ্ঠীৰ সামূহিক টটেম বা জাতীয় প্ৰতীকৰূপে স্বীকৃত৷ প্ৰকৃতিৰ সৈতে জাতিটোৰ সম্পৰ্ক কিমান নিবিড় ই তাৰো পৰিচায়ক৷

থাৰে ক্লেংলখন নামৰ পূব কাৰবি আংলঙত প্ৰচলিত লোক-সাধুৰ বৰ্ণনানুযায়ী লখন তিমুং নামৰ শিশুটিৰ জন্ম গ্ৰহণৰ চাৰি-পাঁচদিনৰ পিছত নাই সৰে৷ মাকে তেতিয়া সেই নাভি চাঙৰ পিছফালে বাৰীত গাঁত খান্দি পুতি থয়৷ সেই স্থানতে এদিন গজি উঠে এজোপা বেংৱই গছ৷ দিন বাগৰে৷ লখন ডেকা হয় আৰু গাঁৱৰ জিৰকেদামৰ ক্লেংছাৰপ নিৰ্বাচিত হয়৷ লৰালি কালৰে পৰা শিল্পীসুলভ মানসিকতাৰ অধিকাৰী লখনৰ কিয় জানো ডাঙৰ হৈ অহাৰ লগে লগে বাৰীত থকা বেংৱই গছজোপাৰ প্ৰতি এক অস্বাভাৱিক আকৰ্ষণ হয় আৰু এই আসক্তি ক্রমাৎ বৃদ্ধি পাবলৈ ধৰে৷ ইতিমধ্যে লখন কোনো গাভৰুৰ সৈতে প্ৰণয়-পাশত আবদ্ধ হয় আৰু পিছলৈ সেই প্ৰেমত বিচ্ছেদ আহে৷ অৱধাৰিতভাৱে অহা বিৰহৰ মৰ্মস্পৰ্শী বেদনাই কিন্তু লখনৰ মনোজগতলৈ বিষাদৰ সলনি সঞ্চাৰিত কৰিলে সৃষ্টিৰ আকূতিহে৷ বেংৱই গছজোপাৰ ডাল কাটি তাৰ কাঠেৰে তেওঁৰ স্বৰ্গীয় প্ৰেমৰ মধুৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে নিৰ্মাণ কৰিলে এক সুদৃশ্য ভূষণ, যাৰ নাম জাম্বিলী আথন৷ এই কাহিনীত জাম্বিলী আথনক ব্যৰ্থ প্ৰেমৰ পৰিণতিকল্পে সৃষ্টি হোৱা সৃষ্টিশীলতাৰ নিদৰ্শন হিচাপে প্ৰতিষ্ঠা কৰা হৈছে৷

অগ্নিপালক-দেওপূজক কাৰবিসকলৰ কৃষ্টি, সভ্যতা, জীৱন আৰু জগত সম্বন্ধীয় ধ্যান-ধাৰণাৰ মূৰ্ত প্ৰকাশ ঘটে চমাংকান (দহা-কৰ্ম) উৎসৱত৷ কাৰবি কৃষ্টিৰ কঠীয়াতলী বা প্ৰাণকেন্দ্ৰ বুলি পৰিচিত এই চমাংকান উৎসৱত আবৃত্তি কৰা জাম্বিলী আথন আলুন' (গীত)ত জাম্বিলী আথনৰ উৎপত্তি বা সৃষ্টিতত্ত্ব সম্পৰ্কে পোৱা যায়, এনেদৰে
মন আৰং (ছি) / ৰুফা বাং পাৰণ
টুকতেই আলিৰ জং / ৱাংদং লমন
জিৰ্জাৰ ক্লেংলখন / কেংৰি ছামণি জং
থে আংলেন কেংপং / ছেৰ কাৱেক মেদং
হংজাং পাছিমক্লং / আকেংৰি তেংপং৷
কথাখিনিৰ ভাবানুবাদ হল : তাহানি কালত টুকতেই নামৰ পাহাৰত লমন (বেংৱই) গছ কাটি ক্লেংলখন নামেৰে ডেকা এজনে প্ৰথম জাম্বিলী আথন নিৰ্মাণ কৰিছিল৷
লখন নামৰ শিল্পীগৰাকীয়েইযে জাম্বিলী আথনৰ স্ৰষ্টা সেয়া উপৰিউক্ত কাহিনী আৰু গীতে প্ৰমাণ কৰে৷

জাম্বিলী আথনৰ প্ৰত্যেকটি অংগৰে সৈতে তিব্বত-বৰ্মী মূলৰ কাৰবি জনগোষ্ঠীটোৰ প্ৰতীকাত্মক অৰ্থ বান্ধ খাই থকা বুলি ধাৰণা কৰা হয়৷ তেনে ধাৰণা অনুযায়ী মূল ডালকে ধৰি ইয়াৰ পাঁচোটি শাখাই সামগ্ৰিকভাৱে কাৰবি জনজাতিৰ পাঁচোটা ফৈদ বা গোত্ৰ ইংতি, ইংহি, তেৰাং, টেৰণ আৰু তিমুঙক প্ৰতিনিধিত্ব কৰে৷ কেউটি গোত্ৰৰ মাজত অন্তৰ্নিহিত ঐক্য-সংহতিৰো ই ইংগিত বহনকাৰী ৰূপক৷ কাৰবিসকলৰ জাতীয় পক্ষী ভীমৰাজে যেন সমগ্ৰ কাৰবি জাতিটোক সবলভাৱে একত্ৰিত কৰি ধৰি ৰাখে৷ অৱশ্যে এই ধাৰণাৰ বিপক্ষেও সবল যুক্তি প্ৰত্যক্ষ কৰা যায়৷ তেনে দৃষ্টিকোণেৰে লক্ষ্য কৰিলে জাম্বিলী আথন কাৰবি পঞ্চফৈদৰ প্ৰতীক নহয় বুলিহে ধাৰণা হয়৷ কিয়নো পাঁচ ফৈদৰ সমন্বয়বাহক প্ৰতীক হবলৈ হলে জাম্বিলী আথনৰ মূলদণ্ডত ভীমৰাজ আৰু শাখা দণ্ডসমূহত ফেঁচু চৰাইৰ অৱস্থানৰ পৰিৱৰ্তে প্ৰতিটো শাখাতে নিঃসন্দেহে ফৈদ অনুপাতে থকা টটেম, যথা ইংতিৰ ৱইংচুম (গাঁতত থকা ঠোঁট জোঙা এবিধ চৰাই), ইংহিৰ ৱৰালি (ভীমৰাজ চৰাইৰ লগত থকা এবিধ সৰু চৰাই), তেৰাঙৰ ৱতেৰাং (ধনেশ পখী), টেৰণৰ ল'তেৰ (এবিধ গছ) আৰু তিমুঙৰ ৱ'দুদু (হুদু চৰাই) থকাটোহে সমীচীন আছিল৷ আনহাতেদি, সৃষ্টিৰ বৃত্তান্তমূলক কাহিনী-গীতসমূহৰ পৰা নিশ্চিত হৈ পৰা জাম্বিলী আথনৰ সৃষ্টিকৰ্তা লখন নামৰ যুৱকজন যিহেতু তিমুং ফৈদৰ অন্তৰ্গত ফাংচজাৰু নামৰ শাখা-গোত্ৰৰ লোক আছিল, গতিকে তেওঁ নিজ গোত্ৰৰ টটেম ৱজাৰু অৰ্থাৎ ভীমৰাজ পক্ষীক মূলদণ্ডৰ উচ্চতম শিখৰত প্ৰতিষ্ঠা কৰিলে বুলি ভাবিবৰ থল নথকা নহয়৷ ইয়াৰ পিছতো অৱশ্যে কিছু প্ৰশ্ন ৰৈ যায়৷

সি যি কি নহওক, বিহংগ জগতৰ সৈতে কাৰবিসকলৰ সম্পৰ্ক যে নিবিড়, জাম্বিলী আথনে তাৰে স্পষ্ট আভাস দিয়ে৷ মুখ্যদণ্ডত বিৰাজিত কাৰবি সংস্কৃতিৰ প্ৰতীক ভীমৰাজ পখী, শাখাদণ্ডসমূহৰ ফেঁচু আৰু গা-গছত বাঢ়ৈটোকা চৰায়ে প্ৰতীকী অৰ্থৰে কাৰবি জনজীৱনক কৰি তোলে বাংময়৷ লৌকিক জগতৰ পৰা আধ্যাত্মিক জগতলৈ বিবিধ বিহংগই কাৰবি জীৱন তথা বংশলগ্নৰ ওপৰত প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ ভীমৰাজৰ ধুনীয়া পাখি কাৰবি ডেকাই প (পাগুৰি)ত গুঁজি মস্তকৰ সৌষ্ঠৱ বঢ়ায়৷

প্ৰাচীন কাৰবি সমাজতন্ত্ৰৰ অৰ্থবহ চিত্ৰ এখন বিশদভাৱে দাঙি ধৰে জাম্বিলী আথনে৷ কাৰবি ৰাজনীতি তথা প্ৰশাসনিক ব্যৱস্থাত ৰাজকীয় আৰ্হিৰূপে এই শিল্পসজ্জাৰ ব্যৱহাৰ চিৰাচৰিত আৰু উদ্দেশ্যধৰ্মী চৰিত্ৰগত সাদৃশ্য লক্ষ্যণীয়৷ কাৰবি কৃষ্টিত গুৰুত্বপূৰ্ণ স্থান অধিকৰ্তা ভীমৰাজ হৈছে সমাজ তথা দেশৰ নেতৃত্ব বহনকাৰী ৰজা, অনিষ্টকাৰী বিহগক খেদি আঁতৰ কৰা ফেঁচু হল ৰজাৰ তলতীয়া বিষয়া আৰু বাঢ়ৈটোকা কাৰবি শাসনতন্ত্ৰৰ বাৰ্তাবাহক বিষয়া৷ এনেদৰে জাম্বিলী আথনত ব্যৱহৃত পক্ষীসমূহৰ জৰিয়তে লিন্দক (শাসনকৰ্তা ৰজা), পিনপ (উচ্চখাপৰ ৰাজবিষয়া), হাবে (পৰ্যবেক্ষক ৰাজবিষয়া) আৰু ফেৰাংকে (বাৰ্তাবাহক ৰাজবিষয়া)ৰে গঠিত কাৰবি ৰাজতন্ত্ৰৰ দায়িত্বশীল বিষয়াগণৰ পূৰ্ণাংগ দৃশ্যপট এটি চিহ্নিত হয়৷

অঞ্চলভেদে অৱশ্যে জাম্বিলী আথনত জাম্বিলী (শাখাদণ্ড)ৰ সাংখ্যিক ভিন্নতাও নথকা নহয়৷ পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলত ৪ডাল, চিন্থং অঞ্চলত ৩ডাল আৰু আমৰি আঞ্চলত ২ডাল শাখাদণ্ড ব্যৱহাৰ কৰা হয়৷ কাৰবি ৰীতি-নীতিৰে শাসিত অঞ্চলসমূহত থকা ৰাজবিষয়াৰ সংখ্যাগত পৃথকত্ব অনুসাৰেই এনে তাৰতম্য হয়৷ আনহাতে, হাবেপি লংৰি (কাৰবি সমাজতন্ত্ৰৰ বিষয়াৰ দ্বাৰা পৰিচালিত অঞ্চল)ৰ বৰহাবেই ব্যৱহাৰ কৰা জাম্বিলী আথনত মইনা চৰাই লগোৱাৰ নিয়ম আছে৷ কোনো কোনো অঞ্চলত যেনে কিলিং লংৰিত এই প্ৰতীকৰ ওপৰত তেবু (নিষেধাজ্ঞা) আৰোপ কৰি ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়েও জনা যায়৷ অতীতত কাৰবি ৰজাৰ উপৰি ৰাজবিষয়া আৰু পুৰোহিতসকলে ব্যক্তিগত পদমৰ্যাদা অনুসৰি সৰু আকৃতিৰ জাম্বিলী আথন ব্যৱহাৰ কৰিছিল৷ ছাতিৰ ওপৰত এই প্ৰতীক চিহ্ন ৰাখি নিজৰ আভিজাত্য ঘোষণা কৰিছিল বুলিও প্ৰকাশ৷

জাম্বিলী আথন চমাংকান উৎসৱৰ এক অপৰিহাৰ্য অংগ৷ অনুষ্ঠানত সহযোগ কৰাৰ মানসেৰে বাছকবনীয়া সাজপাৰ পৰিধান কৰি ঢাল-তৰোৱাল, ঢাক-ঢোল, পেঁপা-গগনাৰে বৰ্ণাঢ্য হৈ দূৰৱৰ্তী অঞ্চলৰ পৰা অহা ডেকা-গাভৰুহঁতে অতিশয় ধুনীয়া জাম্বিলী আথনো সাদৰেৰে কঢ়িয়াই আনে৷ জোঁৰৰ পোহৰত বাদ্যৰ তালে তালে ক্লেংছাৰপৰ হাতত মনোৰম ভংগীমাত প্ৰাণোচ্ছলভাৱে নাচি থকা মণি-মুকুতাখচিত জাম্বিলী আথনে যেন গাঁৱৰ ডেকাদলৰ গৌৰৱহে বহন কৰি আনে নিৰংকুশভাৱে! আড়ম্বৰপূৰ্ণ এই শৱোৎসৱত দহাঘৰ প্ৰাংগণত সমৱেত হোৱা কাৰবি যুৱক-যুৱতীসকলে কৃষ্টি প্ৰকাশক এই প্ৰতীকদণ্ড আগ চোতালত বিশেষভাৱে নিৰ্মিত হংথৰ (বাঁহেৰে সজা দীঘল চাং)ৰ কাষত শাৰী শাৰীকৈ সজাই থৈ মুক্ত আকাশৰ তলত সংগীতমুখৰ পৰিৱেশত ঢোলৰ সৌহাৰ্দপূৰ্ণ ছেৱে ছেৱে বৃত্তাকাৰে যুগল-নৃত্যত অৱতীৰ্ণ হয়৷

কাৰবি জনবিশ্বাস অনুসৰি জাম্বিলী আথন ইহকাল আৰু পৰকালৰ মাজত যোগসূত্ৰ স্থাপনৰ সেন্দূৰী আলি, অৰ্থাৎ স্বৰ্গ আৰু মৰ্তৰ সংযোজক৷ তদুপৰি ইয়াৰ বিভিন্ন ৰঙৰ মণি-কড়িৰ অলংকৰণে যমপুৰীৰ প্ৰতিচ্ছবি এখনহে যেন উদ্ভাসিত কৰে! পাঁচখিলা পাণ আৰু পাঁচোটা তামোল আগ কৰি জাম্বিলী আথনক যথাৰীতি মান ধৰি চমাংকানত যোগদান কৰাটো কাৰবি সমাজৰ চিৰাচৰিত প্ৰথা৷

বিভিন্ন কাৰু-কাৰ্যখচিত জাম্বিলী আথন কাৰবি সুকুমাৰ কলাৰ উত্তম নিদৰ্শন৷ কাঠৰ কামৰ ক্ষেত্ৰত কলা-কুশল কাৰবি বাঢ়ৈৰ ই শিল্প-নৈপুণ্যৰ জীৱন্ত স্বাক্ষৰ৷ ইয়াত খোদিত সূক্ষ্ম কাৰু-কাৰ্যই কাৰবি লোক-কলাৰ মনোৰম দিশটোৰ ইংগিত দিয়ে৷ অন্তৰৰ সমস্ত নিৰ্যাস আলফুলে বাকি দি কাৰবি লোক-শিল্পীয়ে গঢ়ি তোলা জাম্বিলী আথনৰ প্ৰশংসাত কাৰবি গীতিকাৰো পঞ্চমুখ৷ ৰুকাছেন পুথিত আছে
কটাৰী মেছি পেন/নাংছয় পাংজাংহি/আংদেংদেং আহি
পাৰদন ৱৰালি/ছয়তাংল আন্‌ছি
ভাবাৰ্থ : লাহী কটাৰীখনেৰে মিহিকৈ চাঁচি গা-গছত ফুল কাটিলে৷ ভীমৰাজ চৰাইক ডালত বহুৱাই জাম্বিলী আথন সজা হল৷
কাৰবিসকলৰ চাৰু-শিল্পৰ প্ৰতি থকা স্বাভাৱিক অনুৰাগ আৰু সৌন্দৰ্য-প্ৰীতিৰ আভাস পৰিস্ফুট হৈ উঠিছে এই গীতাংশত৷

দৃষ্টিনন্দন এই শিল্প-নমুনাত ব্যৱহৃত কলা বৰণো তাৎপৰ্যপূৰ্ণ৷ জনজাতি অনুপাতে একোটা নিৰ্দিষ্ট ৰঙৰ প্ৰতি আকৰ্ষণ থকাটো এটা বৈশিষ্ট্য৷ কাৰবি নাৰীৰ প্ৰিয় ৰং হিচাপে মৰ্যাদা লাভ কৰা উজ্জ্বল কৃষ্ণবৰ্ণও তাৰে প্ৰতিফলন৷ কাৰবি নাৰীয়ে সচৰাচৰ এঙাৰ বৰণীয়া পীনি (মেখেলা), পেকক (চেলেং চাদৰ), ৱামকক (মেখেলাবন্ধনী ফিটা), জিছ (মেঠনি) আদি বস্ত্ৰ পৰিধান কৰে৷ ছিবু (এবিধ বন-লতা) পাতৰ আৰক (ৰস)ৰ সহায়ত কাপোৰ কলা কৰা হয়৷ সৌন্দৰ্যবৰ্ধন, বৈশিষ্ট্য ৰক্ষা আৰু নিজৰ জাতীয় পৰিচয় সুৰক্ষাৰ ব্যৱস্থা হিচাপে কপালৰ সোঁমাজেদি নাকৰ ওপৰেৰে থুঁতৰি পৰ্যন্ত বৈ পৰা দুক্‌ (কলা আঁক) অংকন কৰি লয়৷ তদুপৰি ছইক (দাঁত কলা কৰা এবিধ গছ) নামৰ গছৰ ডাল জুইত পুৰি উলিওৱা এঠাৰে পূৰঠ দাঁত দুপাৰিতো কলা ৰহণ সানি মধুৰ সপোন ৰচে৷ সৌন্দৰ্যবোধৰ অনুভূতিৰ সৈতে সম্পৃক্ত কলা বৰণ কাৰবিসকলৰ কলাসুলভ মনৰ পৰিচায়ক৷

অসমৰ ভূমিপুত্ৰ কাৰবি জনজাতিৰ সামাজিক, সাংস্কৃতিক, ৰাজসিক, আধ্যাত্মিক জীৱনত বহুল ব্যৱহৃত আৰু প্ৰদৰ্শিত এক গভীৰ ভাবাত্মক প্ৰতিৰূপ তথা ললিত-কলাৰ দিশত কাৰবি চাৰু-শিল্পীৰ শিল্প-চেতনাৰ সাকাৰ প্ৰকাশ জাম্বিলী আথনে স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত হৈ জন-সমাজত প্ৰচুৰ লোকপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হৈছে৷ বিভিন্ন অনুষ্ঠানাদিৰ প্ৰতীক হিচাপে এই চিহ্নৰ নিৰ্বাচনেও প্ৰকাশ্যভাৱে কাৰবি আংলঙৰ ঐতিহাসিক ঐতিহ্যৰ প্ৰতি একান্ত আনুগত্য প্ৰদৰ্শন কৰাকে সূচায়৷ সেয়ে জাম্বিলী আথনক সংস্কৃতি আৰু সময়ৰ এক অবিনাশী আত্মা বুলিব পাৰি৷

প্ৰকাশ :
১. মিৰজাংছিক, ডিফু সাহিত্য সভা পত্ৰিকা, ত্ৰয়োদশ বছৰ, ১৯৯৭-৯৮চন, সম্পাদক - কামিনী দাস
২. কাৰবি ভাষালৈ অনুবাদ (Karbi ajutang jubat chepaklangdak angthek : Jambili Athon, অনুবাদক খৰছিং টেৰণ)... 'Khei Aharchi', Karbi Lammet Amei, 1997, Editor - Bidya Sing Rongpi
৩. জনগোষ্ঠীয় প্ৰসংগ, ডিফু সাহিত্য সভা, জানুৱাৰী ২০১৪, সম্পাদক - অজিত ছিংনাৰ

Sunday, 28 September 2014

উৎপত্তিৰ দৃষ্টিৰে মিকিৰ, আৰলেং, কাৰবি
(কাৰবি অধ্যয়ন-১)


ভাষাতাত্ত্বিক দিশৰ পৰা তিব্বত-বৰ্মীয় আৰু নৃতাত্ত্বিক দিশৰ পৰা মংগোলীয়, অসমৰ ভূমিপুত্ৰ কাৰবিসকলক অসমৰ প্ৰাচীন ইতিহাসে মিকিৰ নামেৰে ধৰি ৰাখিছে৷ সেয়ে হলেও, মিকিৰ শব্দটো দৰাচলতে কাৰবি ভাষাৰ শব্দ নহয়৷ এয়া অনা-মিকিৰ, বিশেষকৈ অসমীয়াভাষী লোকে দিয়া নাম৷ অতীজত পৰ্বতে-পাহাৰে বগাই ভ্ৰমি ফুৰা আৰু চিকাৰ কৰি পেট প্ৰবৰ্তোৱা কাৰবি পুৰুষসকলক অসমৰ আন অধিবাসীসকলে মিকিৰ বুলিছিল৷ ছাৰ চাৰ্লছ জে. লায়েল আৰু এডৱাৰ্ড ষ্টেকৰ দ্বাৰা সম্পাদিত The Mikirs (1908) গ্ৰন্থত কোৱা হৈছে The name Mikir is given to the race by the Assamese, its origin is unknown. সত্যেন্দ্ৰনাথ বৰকটকীৰ Tribes of Assam (1969) গ্ৰন্থয়ো একে কথাকে সমৰ্থন কৰে Mikir is a name given to the tribe by the Assamese.

মিকিৰ শব্দটোৰ উৎপত্তি সম্পৰ্কে নানা ধৰণৰ মত আছে৷ অসমৰ অন্যতম আদিবাসীৰ অপৰিহাৰ্য লোক-সমষ্টি কাৰবিসকলৰ লোক-সাহিত্য অতি চহকী৷ কিংবদন্তিৰ প্ৰাচুৰ্য ইয়াৰ এটা লক্ষ্যণীয় দিশ৷ কাৰবি কিংবদন্তিয়ে কয় পৌৰাণিক কালত কাৰবি ঐশ্বৰিক মানৱ বা আদি-ৰজা ছত ৰেচৰ স্বৰ্গাৰোহণৰ পিছত থিৰেং ৱাংৰেঙে নগা পাহাৰৰ পৰা নামি আহি ডিমাপুৰৰ সমীপত ৰাজ্য স্থাপন কৰিছিল৷ সেই ৰাজ্যৰ ৰাজকুমাৰী মেক্রিক নগা ৰাজকুমাৰলৈ বিয়া দিয়া হৈছিল৷ মেক্রি নামটো নগাসকলে শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰি মিকিৰ বুলিছিল৷ সেই দিন ধৰি মিকিৰ শব্দটো প্ৰচলিত হৈছে৷

কাৰবিসকল অগ্নি-উপাসক৷ আদিম অৱস্থাৰ পৰা কাৰবি জনসমাজত জুই (মে) আৰু পানী (লাং)ৰ ব্যৱহাৰ হৈ আহিছে৷ জনশ্ৰুতি অনুযায়ী, অতীত কালত অজ্ঞাত কাৰবি পুৰুষ এজনে নিজৰ ঘৰৰ ভিতৰতে একুৰা জুই ধৰিছিল৷ জ্বলন্ত অৱস্থাতে জুইকুৰা এৰি থৈ বাহিৰলৈ অহাত পত্নীয়ে তেওঁক সুধিলে মে আকাৰ চংহয় বি কাংকক? অৰ্থাৎ, জ্বলি থকা জুইকুৰা নুনুমুৱাকৈ কিয় এৰি আহিছা? Me aa-kar chonghoi bi kangkok? এই বাক্যাংশ কোনো ইংৰাজ লোকৰ দ্বাৰা হ্ৰাসকৰণৰ ফলস্বৰূপে Mikir শব্দটো সৃষ্টি হৈছে৷

কাৰবি ভাষা আৰু কলা-সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি পৰিগণিত পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলত প্ৰচলিত জন-প্ৰবাদ অনুসাৰে, ৰাজ-আজ্ঞা পালন কৰি ভৈয়ামৰ পৰা এজন লোক এবাৰ এখন কাৰবি গাঁৱলৈ গৈছিল৷ ঠাণ্ডা দিনৰ বাবে কাৰবি মানুহ কেইজনমানে কাঠ খৰিৰ আঙঠাৰ চৌপাশে চক্রাকাৰে বহি জুই পুৱাই আছিল৷ তেওঁলোকক উদ্দেশ্য কৰি ভৈয়ামৰ বাসিন্দাজনে প্ৰশ্ন কৰিলে আপোনালোক কি জাতিৰ মানুহ? কথা বুজি নোপোৱাত কাৰবি মানুহকেইজনে কলে মে আক্রি অৰ্থাৎ, জুইৰ আঙঠা৷ ভৈয়ামৰ লোকজনে বুজিলে যে তেওঁলোকে মে আক্রি জাতিৰ মানুহ৷ মে আৰু আক্রিশব্দ দুটাই কালক্রমত মুখ বাগৰি মিকিৰ ৰূপ ললে৷

কোনো কোনোৰ মতে, এদিন এজন কাৰবি লোক এজনৰ পোহনীয়া মেকুৰীটো হেৰাল৷ মেকুৰীৰ সন্ধানত মানুহজন গৈ বহু দূৰ পালে৷ আচহুৱা মানুহ দেখা পাই ভৈয়ামৰ লোকে সুধিলে... আপুনি কি মানুহ? কৰ পৰা আহিছে? ভাষাৰ আমিল হোৱা হেতুকে কাৰবি লোকজনে একো কথা বুজি নাপালে৷ নিজৰ মাতৃভাষাৰে তেওঁ কলে মেং কিৰি, অৰ্থাৎ, মেকুৰী বিচাৰিছোঁ৷ ভৈয়ামৰ মানুহেও তেওঁলোকৰ ভাষা বুজিব নোৱাৰিলে৷ ভাবিলে, মেং কিৰি জাতিৰ লোক বুলি৷ মেং আৰু কিৰি শব্দযুগল অপভ্ৰংশ হৈ প্ৰথমে মেকিৰি আৰু পিছলৈ মিকিৰল৷ কোনো কোনোৱে আকৌ কাৰবি লোকজনে মেকুৰী নহয়, যঁতৰহে বিচাৰি গৈছিল বুলি কয়৷ তেওঁলোকৰ মতে, ভৈয়ামৰ মানুহে সোধা প্ৰশ্নৰ উত্তৰত  মানুহজনে মী কিৰি অৰ্থাৎ, যঁতৰ বিচাৰিছোঁ বুলি কৈছিল৷ মী, কিৰি শব্দসমষ্টি মুখ বাগৰি গৈ মিকিৰ হৈছে৷

অসমীয়া বুৰঞ্জী সাহিত্যত এক আপুৰুগীয়া অৱদান আসাম বুৰঞ্জী(১৯৭২)ত গুণাভিৰাম বৰুৱাই লিখিছে মিকিৰ শব্দটো মৰ্কট বা শাখামৃগ শব্দৰ অপভ্ৰংশ মাত্ৰ৷

বুৰঞ্জীবিদ ৰাজমোহন নাথে মিকিৰ শব্দটোৰ সন্দৰ্ভত উল্লেখ কৰিছে The word Mikir may have originated from Mi kiri, meaning hill people.

অধ্যাপক  ৰংবং তেৰাঙে সমন্বয় প্ৰৱাহ (১৯৮৯) পুথিত কৈছে মিকিৰ শব্দটো তিব্বত-বৰ্মীয় আৰু আৰ্য-সংস্কৃত ভাষাৰ দ্বাৰা সংমিশ্ৰিত ৰূপত জাতিটোৰ নাম আৰু ভাষাটোৰ পৰিচয়াত্মক শব্দ হিচাপে সৃষ্টি হৈছে৷

কাৰবি ভাষা-সংস্কৃতিৰ গৱেষক যজ্ঞোৰাম গগৈৰ মতে জুম পদ্ধতিৰ কৃষি-কৰ্মত অভ্যস্ত কাৰবিসকলে খেতিৰ উপযোগী ভূমিৰ অনুসন্ধানত একে ঠাইতে স্থায়ীভাৱে বসতি নকৰি সঘনাই বাসস্থান সলাই ফুৰাৰ কাৰণে অনা-মিকিৰসকলে তেওঁলোকক মিকিৰ বুলিবলৈ লয়৷ তেতিয়াই পৰা এই শব্দটোৰ প্ৰচলন হৈছে ৷

মিকিৰ শব্দৰ ব্যুৎপত্তি সম্বন্ধে প্ৰাপ্ত তথ্যসমূহৰ পৰা এই বিষয়ত নিশ্চিত হব পৰা যায় যে এই শব্দটোৰ ধাৰক আৰু বাহক অনা-মিকিৰ লোক৷ বিপৰীতে, মিকিৰসকলে নিজকে আৰলেং বুলি কৈহে গৌৰৱ কৰে৷ আৰলেং শব্দৰ আভিধানিক অৰ্থ পাহাৰৰ এঢলীয়া অংশ৷ পৰ্বতৰ দাঁতি-কাষৰীয়া হেলনীয়া অঞ্চলত বাস কৰাটো কাৰবিসকলৰ অন্যতম জাতীয় বৈশিষ্ট্য৷ তেনে স্থানত বসতি কৰা কাৰবি লোকসকলে নিজকে আৰলেং অৰ্থাৎ পাহাৰৰ এঢলীয়া অংশৰ বাসিন্দা বুলি কয়৷ পোনপটীয়া অৰ্থত আৰলেং শব্দই কাৰবি মানুহ বুজায়৷ ইয়াৰ অৰ্থৰ পৰিসৰ সীমিত৷ মনিত শব্দৰেহে বহল অৰ্থত মানুহক বুজোৱা হয়৷ ছাৰ চাৰ্লছ জে. লায়েল আৰু এডৱাৰ্ড ষ্টেকৰ The Mikirs গ্ৰন্থৰ মতেও Arleng means properly only a Mikir man; not a man in general, who would be called monit or munit. আৰলেং আত্মপৰিচয়েৰে গৰ্ব অনুভৱ কৰা মিকিৰসকলে বিংশ শতিকাৰ সপ্তম দশকৰ মধ্যভাগৰ পৰা বহিঃজগতক কাৰবি আখেই (কাৰবি জাতি) বা কাৰবি নামেৰে চিনাকি দি আহিছে৷ কাৰবি শব্দটোৰ উৎপত্তি সম্বন্ধেও বিভিন্ন প্ৰকাৰৰ অভিমত আছে৷

আসাম বুৰঞ্জীৰ পাতত আছে আমাৰ মানুহে মিকীৰক মিকীৰ বোলে ৷  সিহঁতে আপুনি কাৰ্বে বুলি কয়৷ কাৰ্বে" শব্দ সংস্কৃত ক্রব্য (মাংস) আৰু ক্রব্যাদ (মাংসাশী) শব্দৰ অপভ্ৰংশ বুলি অনুমান হয়৷

কাৰবি কৃষ্টিৰ বুৰঞ্জীস্বৰূপ লোকগীতসমূহ কাৰবি জাতীয় সাহিত্যৰ এক অমূল্য সম্পদ৷ সৃষ্টিৰ বৰ্ণনাৰে সমৃদ্ধ কাৰবি কেপ্লাং (কাৰবিৰ উৎপত্তি) লোক-গীতত অনামী কবিয়ে কৈ যোৱা মতে, বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ পিছত ব্ৰহ্মাই নিজে নিজৰ তেজ-মঙহৰ অংশৰে মানুহ সৃষ্টি কৰিলে৷ জীৱশ্ৰেষ্ঠ এই মানৱ জাতিৰ নাম দিলে কাৰবিকাৰবিৰ অৰ্থাৎ জীৱবিলাকৰ ভিতৰত পৱিত্ৰ আৰু সৰ্বোত্তম জীৱ, মানুহ৷ মিকিৰসকলৰ প্ৰধান উপাস্য ত্ৰিদেৱ-দেৱ-দেৱী হেম্‌ফু, মুক্রাং আৰু ৰাছিংজা৷ প্ৰচলিত জন-প্ৰবাদ অনুসৰি জীৱ সৃষ্টিৰ অৰ্থে মূল দেৱতা হেম্‌ফুৰ নিৰ্দেশ পালন কৰি মুক্রাং আৰু ৰাছিংজাই ক্রমে তেৰাং আৰু ইংতি ফৈদ গ্ৰহণ কৰি বিবাহ-পাশত আবদ্ধ হল৷ সময়ত তেওঁলোকৰ সতি-সন্ততিও জন্ম হল৷ লোক-বিশ্বাস অনুসৰি, হেম্‌ফু হল সকলোতকৈ ডাঙৰ, মুক্রাং আৰু ৰাছিংজা হেম্‌ফুতকৈ সৰু৷ মুক্রাং আৰু ৰাছিংজাৰ সতি-সন্ততিসমূহ (ছ) আটাইতকৈ সৰু (আকিবি)৷ তেওঁলোকক কাৰবি বোলা হয়৷ আকিবিৰ পৰা কাৰবিৰ উৎপত্তি হোৱা বুলি এচাম লোকে মত পোষণ কৰে৷

আন এক প্ৰবাদ অনুসাৰে, ছংছাৰ ৰেচ (সংসাৰৰ ৰজা)ৰ ৱে থেকাৰ নামে এজনী কন্যা আাছিল৷ পিতৃৰ নিৰ্দেশ  মানি দেৱ-দেৱীসকলৰ প্ৰত্যেকে তেওঁলোকক সন্তুষ্ট কৰিবৰ বাবে পালন কৰিব লগা পূজা-বিধিবোৰ ৱে থেকাৰক শিকাই দিলে৷ ৱে থেকাৰ প্ৰমুখ্যে তেওঁৰ বংশধসকলে একে পদ্ধতি অনুসৰণ কৰি দেৱ-দেৱীক আৰাধনা কৰাৰ পৰম্পৰা ৰক্ষা কৰি (বি) আহিছে৷ এই  বংশধৰ সকলেই কাৰবি৷ ৱে থেকাৰ + বি > কাৰ + বি > কাৰবি৷

খাদ্যোপযোগী দ্ৰব্য গ্ৰহণৰ প্ৰাক-মুহূৰ্তত খাদ্যবস্তুৰ একাংশ পূজ্যপাদ দেৱতাৰ উদ্দেশ্যে উচৰ্গা বা অপৰ্ণ কৰাটো মিকিৰ সমাজত প্ৰচলিত এটা ৰীতি৷ এই প্ৰথাক থেকাৰ কিবি বোলা হয়৷ মিকিৰসকলে নিজকে এনে ধৰণে কয় ইলিকে থেকাৰ কিবি আছ,/থেকাৰ কেবাত আছ;/চিতু কেচ আছ কালি,/হানজৰ কেচ আছ কালি;/ছুৱা আছ কালি,/ছুতি আছ কালি, অৰ্থাৎ, আমি হৈছোঁ ঈশ্বৰৰ নামত উচৰ্গা কৰা সন্তান৷ পৰিৱৰ্তনৰ ধামখুমীয়াত থেকাৰ আৰু কিবিকি বিলুপ্তি হৈ থেকাৰ কিবি নীতিত বিশ্বাসী জনগোষ্ঠীটো কাৰবি নামেৰে জনাজাত হল৷ থেকাৰ +  কিবি > কাৰ +  বি > কাৰবি৷

এচামৰ মতে গাঁৱৰ ৰাইজ (মেকাৰ)এ থেকাৰ পদ্ধতিটো ৰক্ষা কৰি (বি) থকা বাবে থেকাৰ ৰক্ষা কৰা জাতি হিচাপে গঞাসকল সমূহীয়াভাৱে কাৰবি বুলি পৰিচিত হল৷ মেকাৰ + বি > কাৰ + বি > কাৰবি৷

আৱিষ্কাৰৰ ক্ষণ ধৰি জুইৰ সৈতে মানৱৰ সম্পৰ্ক অতিশয় ঘনিষ্ঠ৷ জুইশলা উদ্ভাৱন হোৱাৰ পূৰ্বে মানুহে জ্বলা জুই নুনুমাইছিল, নিৰন্তৰ জ্বলন্ত অৱস্থাতে ৰাখিছিল৷ মিকিৰ মানুহেও এই উপায় অৱলম্বন কৰিছিল৷ জুইৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ ভাব তেওঁলোকৰ অন্যতম জাতীয় বৈশিষ্ট্য৷ অগ্নিপূজক মিকিৰসকলে বৰঘৰ (কুত)ৰ মজিয়াত থকা জুহালত অনিৰ্বাপিতভাৱে জুই একুৰা ধৰি ৰাখিছিল৷ মে আকাৰ বি অৰ্থাৎ, জুই জ্বলাই ৰখা কাৰ্য কৰা বাবে জাতিটোক মে আকাৰ বি জাতি বুলি জনা গৈছিল৷ আৰু আকাৰ সমাৰ্থ কাৰণে কালক্ৰমত মে লুপ্ত হল৷ ৰ উচ্চাৰণ কোমল হেতুকে বিভক্তিও এটা সময়ত লোপ পালে৷ কাৰ আৰু বি সংযুক্ত হৈ কাৰবিল৷ মে আকাৰ বি > মেকাৰ কিবি > কাৰ + বি > কাৰবি৷ এয়া হল লোকশ্ৰুতি৷ খেনোৰ মতে এই জুই চৰাঘৰ (হংফাৰলা)ত জ্বলাই ৰখা জুই, খেনোৰ মতে এয়া জুমতলীৰ জুই৷ আদিতে কাৰবিসকলে নিজকে ছুমফি বুলিও কৈছিল৷ ছুমফি সাধাৰণ অৰ্থত আৰলেং৷

ইতিহাসৰ মতে, উত্তৰ ভাৰতত শান্তিৰে বসবাস কৰা অনাৰ্য জাতিক দ্ৰাবিড়সকলে দক্ষিণ ভাৰতলৈ খেদি পঠোৱাত সেই জাতিৰ লোকসকলে অনেক ঠাই ঘূৰি ফুৰি শেষত কাবেৰী নদীৰ পাৰত ৰাজ্য স্থাপন কৰিছিল আৰু নানা অপায়-অমংগলে দেখা দিয়াত পিছত উত্তৰ ভাৰতলৈ পুনৰ গুচি আহে৷ কাবেৰীপৰীয়া এই জাতিক উত্তৰ ভাৰতৰ অন্যান্য লোকসকলে কাবেৰীবাসী বুলি কবলৈ ধৰে৷ কাবেৰী নদীক মিকিৰসকলে কাবিৰী লাংৰই বুলিছিল৷ কাবিৰী শব্দৰ পৰা কাৰবি শব্দটোৰ উৎপত্তি বুলি এচাম লোকে মত আগ বঢ়ায়৷

প্ৰখ্যাত বুৰঞ্জীবিদ আৰু সু-সাহিত্যিক ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত দেওধাই অসম বুৰঞ্জী (১৯৩৩)ত অন্তৰ্ভুক্ত থেংকুৰছিং ইংতিৰ মিকিৰৰ আদিকথা শীৰ্ষক প্ৰবন্ধত লিখকে উল্লেখ কৰা মতে, মিকিৰৰ ৰজা বৃছুকৈদাৰ তিনিজন পুত্ৰ আছিল৷ জ্যেষ্ঠ পুত্ৰ পাৰক আৰু কনিষ্ঠ পুত্ৰ চমাং কাৰোৰে সৈতে নিমিলাৰ বাবে মাজু পুতেকক কাৰবি বা আৰলেং বুলিছিল৷ তেওঁ পতা ৰাজ্যৰ প্ৰজাসকলকো বোলা হৈছিল কাৰবি

ৰংবং তেৰাঙে তেখেতৰ দ্বাৰা সংকলিত কাৰবি-ইংৰাজী-অসমীয়া অভিধান কাৰবি লামতাচাম(১৯৭৪)ত কাৰবি শব্দটো মিকিৰ শব্দৰ প্ৰতিৰূপ বুলি উল্লেখ কৰিছে৷

এচাম গৱেষক পণ্ডিতৰ মন্তব্য কাৰ শব্দৰ অৰ্থ পোহৰ, বি শব্দৰ অৰ্থ কৰ্ম; যি কৰ্মই যি জাতিক যুগ-যুগান্তৰ ধৰি পোহৰৰ বিকাশ সাধন কৰি সজীৱ কৰি ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব সেই ধৰ্ম বা জাতিৰ নামেই কাৰবিকাৰবি শব্দৰ উৎপত্তিৰ সৈতে সম্পৰ্কযুক্ত তথ্যৰাজি ফঁহিয়াই চালে দৃঢ়ভাৱে প্ৰতীয়মান হব পাৰি যে এই শব্দ অনা-মিকিৰ উদ্ভূত শব্দ নহয়, বৰং মিকিৰসকলৰ স্বপ্ৰদত্ত নাম৷ ভাষাৰ দিশৰ পৰা মন কৰিলে দেখা যায়, কাৰবি ভাষাৰ শব্দসমূহ এক অক্ষৰ বিশিষ্ট, সমাক্ষৰ বিলুপ্তি ৰীতি এই ভাষাৰ এক লক্ষ্যণীয় বিশেষত্ব৷ কাৰবি শব্দটোৰ গঠনৰ ক্ষেত্ৰত তেনে ৰীতি প্ৰযোজ্য হৈছে৷ আনহাতে, কাৰবি নামটোৰ সৈতে কিৰাত গোষ্ঠীয় কাৰবি জাতিৰ বুৰঞ্জী, ধৰ্ম, দৰ্শন, সাহিত্য, সংস্কৃতি, সমাজ আদি বিভিন্ন দিশ নীৰৱে সাঙোৰ খাই আছে৷ গৱেষকৰ সিদ্ধান্ত মতে, কাৰবি শব্দৰ অৰ্থ হল অসমান, ওখোৰা-মোখোৰা, অমিল৷ কাৰবি শব্দৰ পৰাই অসম নামটো হোৱা বুলি তেখেতসকলৰ ধাৰণা৷ প্ৰসংগক্রমে, কলাগুৰু বিষুপ্ৰসাদ ৰাভাই কাৰবিসকলক অসম আৱিষ্কৰ্তা কলম্বাছ বুলি কৈ গৈছে৷

(আমাৰ অসম কাকতত ২৫মাৰ্চ ২০০৩ তাৰিখে প্ৰকাশিত৷)


Saturday, 27 September 2014

মৃত্যুৰ পাছতো জীয়াই থকাৰ বাসনা
(প্ৰান্তিকৰ লেখা এটা পঢ়ি উঠি)

আমি সকলোৱেই কওঁ... মানুহ মৰণশীল৷ এই মৰতত কোনোৱেই অমৰ নহয়৷ জন্মিলে এদিন মৃত্যু অৱশ্যম্ভাৱী৷ কেৱল সময়ৰহে তাৰতম্য৷ কাৰোবাৰ মৃত্যু-সংবাদ পালে আমি লগে লগে মনে মনে কওঁ... আপুনি যলৈ গলগৈ আমিও তালৈকে গৈ আছোঁ৷ আপুনি আগত গৈছে, আমি পাছত আছোঁ৷

তৎসত্ত্বেও কিন্তু কিবা নহয় কিবা প্ৰকাৰে মৃত্যুৰ পাছতো নিজৰ পৰিচয়টো প্ৰাসংগিক হৈ ৰোৱাৰ বাসনা মানুহৰ মনৰ পৰা দূৰ হৈ যোৱা নাই৷ নিজৰ নামটো কৰবাত কোনো প্ৰকাৰে ৰাখি থৈ যোৱাৰ তাড়না মানুহৰ মাজত অনৱৰতে বিদ্যমান৷

আমি জানো বা স্পষ্টকৈ দেখোঁ যে মৃত্যুৰ পিছত কোনেও শৰীৰটো লগত লৈ যাব নোৱাৰে৷ ভাল কৰ্মৰ ফলবোৰহে লগত লৈ যায় বুলি ধাৰণা এটাহে পোষণ কৰা হয়৷ আমি জানো যে শৰীৰৰ কোনো অংগ বিকল হলে বা শৰীৰত কোনো এবিধ উপাদানৰ অভাৱ ঘটিলে দৈহিক দুখ-যন্ত্ৰণা বৃদ্ধি পায় আৰু অৱধাৰিতভাৱে মানুহ মৃত্যুমুখত পৰে৷ কিন্তু যদি সেই বিকল অংগ আঁতৰাই তাৰ সলনি অন্য ব্যক্তিৰ সুস্থ অংগ সংস্থাপন কৰিব পৰা যায়, তেনেহলে ৰোগীয়ে সুস্থ জীৱন লাভ কৰিব পাৰে৷ অৰ্থাৎ এজনৰ অংগ দানে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰে৷

আনৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ অংগ-প্ৰত্যংগ দান কৰাটোক পৱিত্ৰতম কৰ্তব্য আৰু মহান দান বুলি অভিহিত কৰা হৈছে৷ এই মূল্যৱান কৰ্মৰ ক্ষেত্ৰত কোনো ধৰ্মীয় প্ৰতিবন্ধকতাৰো প্ৰশ্ন নাই৷ এনেকৈ এজনৰ মৃত্যুৰ মাজেৰে আন কেইবাজনকো জীয়াই তুলিব পাৰি৷ সেয়ে ইয়াক এক পৱিত্ৰ আদৰ্শ বুলিও কোৱা হৈছে৷ আৰু ভাবি লোৱা হৈছে যে মানুহৰ বাবে মৃত্যুৰ পিছতো জীয়াই থকাৰ বাসনা পূৰণ হোৱাৰ ই এটা পথ, এটা সুযোগ৷

এজন সুস্থ-সবল লোকে নিজৰ শৰীৰৰ হানি-বিঘিনি নঘটোৱাকৈ আনক দান দিব পৰা অংগ-প্ৰত্যংগ হৈছে তেজ, হাড়ৰ মজ্জা, বৃক্ক, যকৃতৰ অংশ, হাঁওফাঁওৰ অংশ আৰু অগ্ন্যাশয়ৰ অংশ৷ আনহাতে স্বাভাৱিক মৃত্যুৰ পাছতো এজন লোকৰ শৰীৰৰ পৰা চকু, হৃৎপিণ্ড, ছাল, হাড়, সিৰা আৰু উপসিৰা সংগ্ৰহ কৰিব পাৰি৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো এই যে মানুহৰ মৃতপ্ৰায় শৰীৰৰ পৰা মগজুৰ বাহিৰে আন আন অংশ সজীৱ হৈ থকা অৱস্থাত সংগ্ৰহ কৰিব পাৰি৷ তেনে অংগ-প্ৰত্যংগ হৈছে বৃক্ক দুটা, যকৃৎ, হাঁওফাঁও দুটা, অগ্ন্যাশয়, ক্ষুদ্ৰান্ত্ৰ, টেটু, হাত দুখন, জৰায়ু, ডিম্বাশয়, মুখমণ্ডল, চকু দুটা আৰু কাণৰ হাড় দুড়াল৷ মুঠতে সোতৰটা৷ মৃতকৰ এই সোতৰটা অংগ সংস্থাপনৰ জৰিয়তে সোতৰজন ৰোগীয়ে আৰোগ্য লাভ কৰাটো সম্ভৱ৷ যাৰ মাধ্যমেৰে মৃত্যুৰ পাছতো মানুহৰ মাজতে জীৱন্ত হৈ ৰব পাৰে মৃতকজন৷

বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত সকলো নাগৰিককে অংগ-প্ৰত্যংগৰ সম্ভাব্য দাতাৰূপে গণ্য কৰা হয়৷ সেইবোৰ দেশত অংগ-প্ৰতংগ দান কৰিবলৈ অনিচ্ছুক ব্যক্তিয়েহে লিখিতভাৱে নিজৰ অসন্তুষ্টিৰ কথা জনাব লাগে৷ তেনে এখন দেশ হৈছে ফ্ৰান্স৷

নিজৰ ক্ষতি নোহোৱাকৈ আনৰ উপকাৰ সধাৰ এই সুযোগ গ্ৰহণ কৰাৰ বাবে লাগে এটা অনুভৱী মন আৰু সহানুভূতিশীল দৃষ্টিভংগী৷ এনে দান আৰু দানৰ সৈতে জড়িত নীতি-নিয়ম, পঞ্জীয়ন কেন্দ্ৰ, সংস্থাপনৰ বিধিগত ব্যৱস্থাপনা আদি সম্পৰ্কে সমাজত সচেতনতা সৃষ্টি কৰাৰ প্ৰয়োজন৷

আজি পুৱা প্ৰান্তিক (১৬-৩০ছেপ্টেম্বৰ ২০১৪)খন পঢ়ি থাকোঁতে সমীক্ষণ শিতানত গুৱাহাটীৰ ডক্টৰ জয়কান্ত শৰ্মা ডাঙৰীয়াৰ লেখা মৃত্যুৰ পাছতো জীয়াই থকাৰ বাসনা পঢ়ি ওপৰৰ কথাখিনিৰ বিষয়ে অৱগত হলোঁ৷


মৃত্যুৰ পাছত জীয়াই থকাৰ বাসনাৰে মৰণোত্তৰ দেহদানৰ এই সুযোগটো মই গ্ৰহণ কৰিম বুলি মনে মনে ভাবিছোঁ৷