ৰেভাৰেণ্ড মাৰৰ কথাৰে…
উগ্ৰবাদত বিশ্বাসী সংগঠন এটাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন
পাৰ্বত্য জিলা বন্ধ প্ৰত্যাহাৰৰ প্ৰথম দিনাই ৰেভাৰেণ্ড আৰ. মাৰ ‘প্ৰিণ্টৱেল’লৈ
আহিছিল ৰিপ’ৰ্ট
এটা টাইপ কৰোৱাবলৈ৷ ৰেভাৰেণ্ড মাৰে জুলাই-আগষ্ট মাহত আমেৰিকা ভ্ৰমণ কৰি আহিছে৷ এমাহৰো
অধিক কাল মাৰ্কিন যুক্তৰাষ্ট্ৰত থাকি হোৱা তেওঁৰ অনন্য অভিজ্ঞতা আৰু অনুভৱৰ বৰ্ণনা
কম্পিউটাৰত টাইপ কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য বুলিয়ে ক’ব লাগিব৷
ৰেভাৰেণ্ডে লিখিছিল : যুক্তৰাষ্ট্ৰত থকাৰ সময়ছোৱাত
এবাৰৰ বাবেও বিজুলী সৰবৰাহ বন্ধ হোৱা নাপালো৷ নেদেখিলো ভল্টেজৰ ফ্লাক্চুৱেনচন৷
আনহাতে, আমাৰ মুলুকত দুই পৃষ্ঠাৰ এই ৰিপ’ৰ্টটো
টাইপ কৰোঁতে এতিয়ালৈকে পাঁচবাৰ কাৰেণ্ট গ’লেই৷ তেহেলৈ, ‘বতাহত
গছৰ পাত লৰিলেই, মেঘে গিৰ্গিৰালেই বিদ্যুৎ প্ৰৱাহ বিচ্ছিন্ন হয়’ বুলি
মানুহে কোৱা কথাবোৰক ফটচনে মিছা বুলিব নোৱাৰি৷ দৈনন্দিন জীৱন-যাত্ৰাত বিদ্যুৎ শক্তি
কিমানযে অপৰিহাৰ্য তাক অনাখৰীয়েও বুজে৷ বিদ্যুৎ নথকা অৱস্থাত মৰ্মস্থল কি ধৰণে বেদনাহত
হয় গ্ৰাহকভেদে তাৰ ব্যাখ্যা বেলেগ বেলেগ হ’ব৷ সঘনাই কৰ্তন বা ব্যাহত হোৱা
বিদ্যুৎ যোগানে কৰ্মময় পৰিৱেশ এটালৈ যি স্থৱিৰতা আনে, মনঃসংযোগত কি বাধাৰ সৃষ্টি কৰে
সেই অনুভূতি ভাষাৰে প্ৰকাশ কৰা প্ৰকৃতাৰ্থত অসম্ভৱ৷ পৰিত্ৰাণৰ স্থায়ী
উপায় হিচাপে বিদ্যুৎ উৎপাদনৰ প্ৰকল্পসমূহ যুগপৎ কাৰ্যক্ষম কৰি তুলিব লাগে, বিদ্যুৎ
সংবহনৰ পুৰণিকলীয়া ব্যৱস্থাটো অত্যাধুনিক কৰি পেলাব লাগে; সবাতোকৈ গুৰুত্বপূৰ্ণ, সংশ্লিষ্ট
লোকসকলে চূড়ান্ত কাৰিকৰী দক্ষতাৰ পৰিচয় দিব পাৰিব লাগে৷ পিছে আমাৰ ইয়াত ওলোটাটোহে ঘটে৷
মাচুল বাঢ়ে, ভুল বিলৰ প্ৰকোপ বাঢ়ে, সেৱা নাবাঢ়ে৷ বিদ্যুতৰ লুকাভাকু, ‘ল’ড
চেডিং, ল’ ভল্টেজ’ ইত্যাদি
শব্দযুগল বোধ কৰোঁ আজি আৰু কাৰো বাবে সাঁথৰ হৈ থকা নাই৷ তথাপিও সংস্কাৰহীন, স্থানু৷
এতেকে দুই দশক
কালেও সম্পূৰ্ণ কৰিব নোৱাৰা কোনো জলবিদ্যুৎ প্ৰকল্পই জনমানসত আখ্যা পায় ‘শতিকাৰ
সৰ্ববৃহৎ ঠগবাজী’ বুলি৷
স্বয়ং শক্তি বিভাগেই প্ৰমাণ কৰি দিছে শক্তিহীনতা৷ সকলোফালেই কেৱল
প্ৰতাৰণা, অনিশ্চয়তা আৰু নৈৰাশ্য৷ আমাৰ জীৱনৰ এয়া স্বাভাৱিক পৰিঘটনা বুলিয়ে সামৰি থব
লগা হৈছে৷
তিতা-কেঁহা লগা অথচ সৰহসংখ্যকেই উদাসীন আৰু নিৰুদ্বেগচিত্তে
থকাত অভ্যস্ত সেই পৰিৱেশটোৰ গহীন নিস্তব্ধতা ভংগ কৰি ৰেভাৰেণ্ডে কৈ উঠিল : ইট্ ইজ্
নট্ পভাৰটি, ইট্ ইজ্ মেণ্টেলিটি যিয়ে আমাক দিনে-নিশাই পিছুৱাই নি আছে৷ আমি চিন্চিয়েৰলি
কাম নকৰোঁ, ফাকি মাৰোঁ, কৰাপচন্ কৰোঁ; গতিকে এই পশ্চাদঘাতী দশা৷ উন্নত দেশৰ মানুহৰ
মনো উন্নত৷ তেওঁলোক অনেষ্ট্, চিন্চিয়েৰ, ডেডিকেটেড্; সেয়ে ন্যুনতম মানৱ শক্তিৰেই
চিকাগো, আটলাণ্টাৰ দৰে বৃহৎ বৃহৎ এয়াৰপ’ৰ্ট সুকলমে পৰিচালনা কৰাটো সম্ভৱপৰ
হৈ উঠিছে৷ আমাৰ বাবে এয়া মাথো বিস্ময়াৱিষ্ট হোৱাৰ খোৰাকহে হৈছে, অনুকৰণীয় কৰ্ম-সংকল্প
হ’ব
পৰা নাই৷
এটা জাতি বা এখন দেশ কেৱল সংখ্যাৰ জোৰতযে আগ নাবাঢ়ে
সি নতুনকৈ ক’ব
লগীয়া কথা নহয়৷ শেষ বিচাৰত কোৱালিটিহে গণনা হয়, কোৱানটিটি নহয়৷ অপৰিকল্পিত, অনিয়ন্ত্ৰিত
জনসংখ্যা কাৰো বাবে সম্পদ হ’ব নোৱাৰে, বৰঞ্চ বহু সময়ত আপদহে
হোৱা দেখা গৈছে৷ যেনেকৈ, ভাৰতত প্ৰৱেশ কৰা অবৈধ বাংলাদেশী ভাৰতৰ বাবে আপদ, বাংলাদেশৰ
বাবেও সম্পদ নহয়৷ দৰাচলতে মানুহৰ সঁচা আৰু গুণসম্পন্ন কৰ্মৰহে হিচাপ হয়, ভুৱা প্ৰদৰ্শনী
বা মিথ্যাচাৰৰ মুঠেও নহয়৷ যোগ্যতাৰ মূল্যায়ন হয় অৱদানৰ মূল্যৰে৷
ৰেভাৰেণ্ড মাৰৰ দৰ্শন কিমান প্ৰেক্টিকেল, কিমান
প্ৰেৰণাদায়ক; অথচ আমাৰ ইয়াত তাৰ বৈপৰীত্যহে সুলভ হৈছে৷
মাটিকালি বা জনসংখ্যাই কোনো জাতি বা ভূখণ্ডক উন্নত
নকৰে৷ এয়া সকলোৱে পৰিষ্কাৰভাৱে জনা উচিত৷ অধিবাসীৰ বুদ্ধি, পৰিশ্ৰম, কাৰ্যদক্ষতা,
জ্ঞানলব্ধ প্ৰচেষ্টা, স্বাস্থ্য ...জাতীয় উন্নয়নৰ প্ৰতিযোগিতাৰ মূল্যমান
নিৰূপক এইবোৰহে৷ সেয়েহে তৃতীয় বিশ্বৰ দেশবিলাকত ক্রমাৎ প্ৰকট হৈছে উন্নত পুঁজিবাদী
দেশবোৰত উন্মোচিত চিন্তাৰ অনুকৰণ আৰু অনুসৰণ৷ এইখিনিতে পিছে মানি লোৱাটো অনুচিত নহ’ব
যে কঠিনসাধ্য ভালখিনিৰ পৰিৱৰ্তে সহজলভ্য লঘু কৰ্মকাণ্ড কিছুমানেহে আমাৰ জীৱন-চৰ্যাত
আগস্থান পাইছে যিবোৰে সমাজ ব্যৱস্থাত ভাবুকিৰ সৃষ্টি কৰিছে৷ তদনুৰূপ আত্মঘাতী পন্থাৰ
উদাহৰণ নিষ্প্ৰয়োজন৷
ৰেভাৰেণ্ড মাৰে ক’লে : বিশ্বৰ
সৰ্বাধিক বৈচিত্ৰ্যময় আৰু সমৃদ্ধ অৰ্থনীতিৰে পুষ্ট যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক দেশখনৰ
কোনো কোনো ঠাইত মানুহতকৈ গাড়ীৰ সংখ্যা অধিক, তাকো শীত-তাপ নিয়ন্ত্ৰিত৷ পথ-ব্যৱস্থা
সুন্দৰ, আমাৰ ইয়াৰ দৰে গাঁত, ফাট দেখিবলৈ নাই৷ চাৰিলেনযুক্ত হাইৱে’,
নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে বাটৰুৱা-ঘৰ৷ উচ্চমানৰ ট্ৰেফিক কন্ট্ৰল চিষ্টেম৷ মুঠতে
প্ৰযুক্তিনিৰ্ভৰ কৌশলৰ সুপ্ৰয়োগ সকলোফালে৷ বৈজ্ঞানিক গ্ৰগতি, শিক্ষাৰ প্ৰসাৰ, জীৱন-যাত্ৰাৰ
মানৰ উন্নয়ন আদিবোৰ কাৰণতে আমেৰিকাৰ সমাজলৈ স্মৰণীয় পৰিৱৰ্তন আহিল৷ আৰ্থিকভাৱে টনকিয়াল,
সামাজিকভাৱে সুস্থিৰ, নিৰাপত্তাৰ দিশত স্বনিৰ্ভৰশীল আৰু বিশেষভাৱে বিজ্ঞান-প্ৰযুক্তিত
আধিপত্য কল্পেই মাৰ্কিন ৰাজনৈতিক শক্তিয়ে আজি সমগ্ৰ বিশ্বক নিয়ন্ত্ৰণ বা পদানত কৰাৰ
সমপৰ্যায় পাইছেগৈ৷
বিপৰীতে, আমাৰ ইয়াত গ্ৰহণযোগ্য সমাধান নথকা বাৰ
কুৰি সমস্যাৰ সমাহাৰ, বন্ধৰ প্ৰচুৰতা, বন্ধপ্ৰেমীৰ সংখ্যাবৃদ্ধি আৰু কত কি ! তাৰ পিছত উন্নয়নৰ যিকোনো প্ৰসংগ
অলীক স্বপ্নলৈ পৰ্যবসিত নোহোৱাৰ কথাই নাই৷ এনে তুলনাও অমূলক; অনুভূতি যদিওবা পীড়াদায়ক৷
জ্ঞান অভিমুখী অগ্ৰগামিতাৰ দোহাই দি সুযোগ পালেই কিছু মানুহ উন্নত দেশলৈ ধাৱমান হোৱাৰ
অন্তৰালত এনে সংবেদনশীলতাই ক্রিয়াশীল হয় নিশ্চয়৷
মানসিকতাৰ উত্তৰণেই আমেৰিকাক বিশ্বৰ অন্যতম বৃহৎ
শক্তিৰূপে প্ৰতিষ্ঠা কৰিছে৷ আৰু আমাৰ ইয়াত ? অনৰ্থক তৰ্ক কৰাত স্বয়ম্ভু পণ্ডিতৰ অভাৱ
নাই৷ প্ৰগতিমুখী আলোচনাত ৰক্ষণশীল শ্ৰোতাৰো অভাৱ নাই৷ বিয়োগাত্মক চৰ্চাই অনৱৰত অৱদমন
কৰে যোগাত্মক চিন্তা আৰু কৰ্মক৷ অত্যাধুনিক প্ৰযুক্তি সমাজদ্ৰোহীৰ ৰক্ষণাবেক্ষণ, আধুনিকীকৰণতহে
ব্যৱহাৰ হয়৷ সমস্যাৰ দ্বাৰা পৰ্যুদস্ত, মানসিক আলস্য বা জঠৰতাত পক্ষাঘাতগ্ৰস্ত আমিবোৰ
বিপুল ৰাশিৰ ধন ভিক্ষা কৰাত যিমান উৎসাহী আন্তঃগাঁথনি পুনৰ্নিৰ্মাণত সিমান উৎসাহী নহওঁ৷
সেয়ে বুনিয়াদ গঢ়াৰ দৰে মহত্ত্বপূৰ্ণ কাম কৰাৰ সুযোগো আমি লবলৈ অপাৰগ৷ এনেকুৱা মানসিকতাৰ
উৎকৰ্ষ সাধন কেতিয়ানো ঘটিব সেয়া ভাবি চাব লগীয়া৷
পৃথিৱীৰ কোনখিনিত আমি থিয় দি আছোঁ সেইটো ডাঙৰ কথা
নহয়, আমি কোন দিশে গৈ আছো সেইটো জনাটোহে ডাঙৰ কথা৷
প্ৰসংগক্রমে, আমাৰ ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল
কালামে কৈ গৈছে যে শতকোটি মানুহৰ দেশ ভাৰতবৰ্ষই প্ৰযুক্তি বিজ্ঞানত সফল হোৱাৰ বাদে
আন ৰাস্তা নাই৷ উচ্চ প্ৰযুক্তিৰ কাৰিকৰী চমক সৃষ্টিৰ বাবে লাগিব সতৰ্ক পৰিকল্পনাকাৰী,
কঠোৰ নিয়ন্ত্ৰক স্বপ্নদ্ৰষ্টা৷ ঋষিতুল্য ৰাষ্ট্ৰপতিগৰাকীয়ে শিকোৱাৰ দৰে নিজৰ ভিতৰৰ
স্বৰ্গীয় জুইকুৰাক ডেউকা একোখন দিয়াত সফলকাম আমি কেতিয়ানো হ’ব পাৰিম, সাফল্যৰ
পোছাক পৰিধান কৰি আকাশৰ সমান উচ্চতালৈ উধাই কেতিয়ানো আমি গৰ্ব কৰিব পাৰিম... ৰেভাৰেণ্ড
গুচি যোৱাৰ পিছত তাকে ভাবিছোঁ৷
(১৪জুলাই ২০০৬ তাৰিখৰ ‘আমাৰ অসম’ কাকতৰ
‘ব্যক্তিগত
কলম’ত
প্ৰকাশিত৷)