ছপাশালৰ তিতা-মিঠা
(গল্প নহয়, সত্য)
-হেল্ল’..., তুমি আছানে?
-আছোঁ চাৰ৷
-আমাৰ স্কুলৰ আলোচনীখন কৰি দিব লাগে৷ আমাৰ ...চাৰ
যাব দেই, তোমাৰ ওচৰলৈ৷
-হ’ব চাৰ৷ মই থাকিম বাৰু৷
হায়াৰ চেকেণ্ডাৰী স্কুলখনৰ প্ৰিন্সিপাল দাস চাৰে
ফোনত কৰা যোগাযোগ মৰ্মে বিদ্যালয়-আলোচনীৰ তত্ত্বাৱধায়ক, বিষয়-শিক্ষক ডেকা চাৰ কিছু
পৰৰ পিছতে পালেহি৷ হাতত ফাইল৷ লগত অন্য এগৰাকী সহকাৰী শিক্ষক টেৰণ ছাৰ৷ উভয়েই মোৰ নিত্য-চিনাকি৷
‘আপুনি গম পাইছেই নহয়, পোনপ্ৰথমবাৰৰ বাবে এই বছৰ
আমাৰ স্কুলৰ এখন এনুৱেল মেগাজিন উলিওৱাৰ পদক্ষেপ লোৱা হৈছে৷ চৰকাৰে এইবাৰ আলোচনী উলিয়াবৰ
বাবে ধন দিছে বুলিও আপুনি জানিছেই৷ আমাৰখন চাৰিটা ভাষাত হ’ব৷ ইংৰাজী, হিন্দী, অসমীয়া আৰু
স্থানীয়৷ সদ্যহতে এই ফাইলকেইটা চমজালোঁ৷ আৰম্ভ কৰি দিয়ক৷ প্ৰিন্সিপাল চাৰৰো ৰিটায়াৰমেণ্টলৈ
বেছি দিন নাই৷ গতিকে দেৰি নকৰিব৷’
‘হ’ব বাৰু৷’
চাৰসকল গ’লগৈ৷ মই এটা এটাকৈ ফাইল ষ্টাডিত লাগিলোঁ৷ তাৰ পিছত কম্পিউটাৰটো
অন্ কৰি অসমীয়া শাখাৰ টাইপিং আৰম্ভ কৰিয়ে দিলোঁ৷ কাৰণ ৰৈ থকাটো মোৰ স্বভাৱবহিৰ্ভূত
কথা৷ ‘কাইলৈৰ কাম আজিয়ে, আজিৰ কাম এতিয়াই’ নীতিত চলোঁ৷
অৱসৰ গ্ৰহণ কৰিবলগীয়া অধ্যক্ষগৰাকীৰ উত্তৰাধিকাৰী
কোন হ’ব? এই বিষয়টো লৈ শুনামতে স্কুলখনত
আঠজনীয়া দাবীদাৰৰ মাজত এক অন্তৰ্কন্দল ইতিমধ্যে আৰম্ভ হৈ গৈছিল৷ কথাটোৱে আলোচনীৰ কাম
আগ বঢ়াৰ বাটত গতিৰোধকৰ ভূমিকা ল’লে৷ ক্রমে উমি উমি আৰু এসময়ত প্ৰকাশ্য হৈ পৰা উক্ত প্ৰক্রিয়াত সোমাই
থকা তত্ত্বাৱধায়কগৰাকীয়ে প্ৰাপ্য হেৰুৱাৰ অজুহাতত নিজৰ দায়িত্বৰ পৰা লাহেকৈ গা এৰা
দিলে৷ আলোচনীখনৰ কোনো কথাতে সহযোগ নকৰা হ’ল৷ ইফালে এদিন সন্ধিয়া হঠাতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক
আৰু আলোচনীৰ সম্পাদিকা নামধাৰী শিক্ষাৰ্থীযুগল আহি ওলাল৷ ক’লে, ‘আলোচনীৰ কামটো ততালিকে বন্ধ কৰিব
লাগে৷ কাৰণটো হ’ল, অসমীয়া শাখা এটাও ইয়াত অন্তৰ্ভুক্ত
কৰা হৈছে৷ সেইটো নহ’ব৷ ইংৰাজী মাধ্যমৰ স্কুলৰ আলোচনীত
কিহৰ অসমীয়া বিভাগ?’
‘তোমালোকৰ প্ৰিন্সিপাল আৰু মেগাজিনৰ ইনচাৰ্জ চাৰৰ
সৈতে কথাবোৰ মুকলিমূৰীয়াকৈ আলোচনা কৰি সিদ্ধান্তটো মোক জনাবাহিচোন’ বুলি কোনো ৰকম বুজাই-বঢ়াই সিহঁতহালক বিদায় দিলোঁ৷ লগতে চিন্তা কৰিলোঁ, কথাটো
কিবা গোলমলীয়া হ’ল দেখোন!
খালী হ’ব লগা অধ্যক্ষৰ আসন, স্কুল মেগাজিনত অসমীয়া শাখা আদি প্ৰসংগক
লৈ এটা সময়ত পৰিস্থিতি তুংগত উঠিলগৈ৷ শিক্ষক-শিক্ষক, ছাত্ৰ-শিক্ষক ধৰণৰ বিসম্বাদবোৰে
কম দিনতে বৰ বেয়াকৈ শিপা মেলিলে৷ ইজনে সিজনৰ প্ৰতি দেখ দেখ বিৰুদ্ধাচৰণ৷ সহযোগিতা নাই৷
একাংশই একাংশক মানিব নোখোজে৷ মনে মনে ভাবিলোঁ, কি কৰা যায় এতিয়া? কামো আগুৱালোঁ৷ সমস্ত
অসন্তুষ্টিৰ কুফল এতিয়া মইহে ভোগ কৰিব লাগিব দেখিছোঁ!
প্ৰুফ চাব লাগিছিল, কোনো নহা হ’ল! যোগাযোগ কৰিলেও লাভ নাই৷
বৰ বিপদত পৰিলোঁ৷ অধ্যক্ষ মহোদয়ক ফোনেৰে জনালোঁ, ‘মোৰ টাইপিং হৈ গ’ল, এতিয়া কি কৰোঁ চাৰ?’
লগত এজন শিক্ষক লৈ প্ৰিন্সিপাল চাৰ এদিন নিজেই
আহিল৷ কামটো কৰোঁতে মই পোৱা অসুবিধাবিলাকৰ কথা উনুকিয়ালোঁ৷ বেটুপাতৰ পৰিকল্পনা, সংযোজন
কৰিব খোজা ফটোগ্ৰাফ, মেচেজ, সূচীপত্ৰ আদি খুজিলোঁ৷ ‘অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে মেগাজিন
উলিয়াই থৈ যামেই’ বুলি দৃঢ় হৈ কৰ্মব্যস্ততাৰ মাজতো
তেখেতে যিমানখিনি পাৰে কৰিলে৷ বাকীখিনিৰ বাবে স্বাধীনতা অৰ্পণ কৰা হ’ল অমুকাৰ ওপৰত৷ নিজস্ব চিন্তাৰে
বেটুপাতৰ পৰা আৰম্ভ কৰি সীমিত লেখা-মেলাৰেই স্কুলৰ মান-মৰ্যাদাক সৰ্বোচ্চ আসন দি কামটোত
গভীৰভাৱেই সোমাই পৰিলোঁ৷ চিনাকি শিক্ষকক ফৰমাইচ দি দি সমল সংগ্ৰহ কৰিলোঁ যাতে বাৰ্ষিক
আলোচনী হিচাপে আন বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ তুলনামূলকভাৱে সুন্দৰ ৰূপ এটা পায়৷
তত্ত্বাৱধায়ক শিক্ষকগৰাকীক কামৰ অগ্ৰগতি সম্পৰ্কে কোনো কথা জনোৱাৰ পৰা বিৰত থাকিলোঁ,
ইচ্ছাকৃতভাৱেই৷ কাৰণ অধ্যক্ষৰ শূন্য আসনৰ মেৰপেছত লাগি তেওঁ বিষয়টোত সমূলি গুৰুত্ব
নিদিয়া হ’ল৷ তেওঁৰ ফ’কাচ সেইফালেহে ৰ’ল৷
কাম সমাপ্ত কৰি এদিন প্ৰিন্সিপাল চাৰক ফোন কৰিলোঁ...
‘চাৰ, আলোচনীখন হ’ল, নিব পাৰিব৷’
চাৰে সহকৰ্মী এগৰাকীৰ গাড়ীখন পঠিয়াই দিলে৷ ধৰাধৰিকৈ
টোপোলাবোৰ তুলি দিলোঁ৷ নিৰ্দিষ্ট দিনত হাত চাপৰিৰ মাজেৰে বিদ্যালয় আলোচনী উন্মোচন হ’ল!