৮.৫ আচ্হিছ’ৰ
পৰা প্ৰত্যাগমন
আমাৰ ব্যৱহাৰোপযোগী পানী এনে
এক বিশেষ ধৰণৰ প্ৰকৃতিজাত উপাদান যাক কোনো প্ৰযুক্তিৰেই সৃষ্টি কৰি ল’ব
নোৱাৰি ৷ বৰষুণ আৰু ভূজলৰ লগতে নদী ইয়াৰ অন্যতম
আধাৰ ৷ তদুপৰি পৰিবাহকো ৷ যি দেখিছোঁ আৰু বুজিছোঁ, দেশখনৰ এইটো প্ৰান্তত পানী উভৈনদী
৷ কোনো অভাৱ নাই ৷ ইপিনে একে সময়তে দেশখনৰে আন আন কোণত জল-সম্পদক লৈ দিনে-নিশাই
উদ্ভৱ হ’ব ধৰিছে সমস্যাৰ পাছত সমস্যা ৷ চলিত বৰ্ষৰ ভিতৰতে ভাৰতৰ প্ৰধান প্ৰধান ২১খন চহৰ গভীৰভাৱে জল-সংকটত পৰিব বুলি আগজাননী শুনা গৈছে ৷ ‘জলশক্তিৰ
বাবে জনশক্তি’ শ্ল’গানেৰে কেইবাঠাইতো জল সংৰক্ষণ আন্দোলন মূৰ দাঙি উঠিছে ৷
ৰেইন ৱাটাৰ হাৰভেষ্টিং যদি নকৰে তেনেহ’লে নগৰ-মহানগৰত কংক্ৰিটৰ গৃহ নিৰ্মাণৰ
অনুমতি দিয়াটো বন্ধ কৰা হৈছে ৷ আৰু কি ? মাহটোত অন্ততঃ এদিন ‘পানীশূন্য
দিন’ পালন কৰাৰো প্ৰস্তাৱ শুনা গৈছে ৷ আচ্হিছ'ত ড্ৰিৰ বুকুত থিয় দি কথাবোৰ ভাবিবলৈকে টান পাইছোঁ ৷ অবিশ্বাস্য, আজব তথ্য যেন লাগিছে ৷ অথচ ই সঁচা ৷
আনৰ এনেকুৱা দুৰ্যোগৰ পৰা আগতীয়া শিক্ষা লৈ আচ্হিছ’-আনিনিৰ
সমাজ-জীৱনত অনাগত দিনৰ নিৰাপত্তা তথা ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত সচেতনতা আৰু দূৰদৰ্শী চিন্তা-চেতনা উদ্ৰেক হোৱাটো একান্তভাৱে কামনা কৰোঁ ৷ ঠাইবিলাকৰ উন্নয়নমুখী
পদক্ষেপৰ ক্ষেত্ৰতো স্থানীয় পৰিৱেশ-পৰিস্থিতিতন্ত্ৰৰ অনুকূলে ৰোৱা কৰ্ম-আঁচনি গ্ৰহণ
আৰু যথাযথ ৰূপায়ণত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সততা, নিষ্ঠা তথা সদিচ্ছা বাঞ্ছনীয় ৷ নেতা-আমোলা-অতিথিয়ে
চৰকাৰী ধনৰ জোৰত নৈৰ পাৰত জাক-জমকতাৰে বাহৰ পাতি এৰাতি খাই-বৈ কটাই গুচি যোৱাটোৱে এলেকাটোৰ সামগ্ৰিক
উন্নয়ন সাধন হোৱাটো নিশ্চয় কোনোপধ্যে নুবুজায় ৷ ইয়াৰ বাবে কৰিবলগীয়া কাম আছে ৷ ৰাইজে সেইবিলাক সতৰ্কতাৰে লক্ষ্য কৰিব লাগিব ৷
ওলমা দলঙৰ ওপৰত এখোজ-দুখোজকৈ ওভতনি খোজ পেলাই আছোঁ ৷ শেষবাৰৰ বাবে সজলধাৰাসহিত কেউপাশলৈ দৃষ্টি নিগৰাইছোঁ ৷ তাৰ লগে লগে আচ্হিছ’ৰ
জৈৱ-বৈচিত্ৰ্য, পাৰিপাৰ্শ্বিক আচ্ছাদন যেন অক্ষুণ্ণ হৈ ৰয়, প্ৰাণী আৰু উদ্ভিদৰ প্ৰাকৃতিক
আবাসস্থলী যাতে সুসংৰক্ষিত হৈ থাকে তাকে মনে-প্ৰাণে কামনা কৰিছোঁ ৷ বচ্চন,
চ’ক’, অনিয়া আৰু লগৰীহঁত শাৰী পাতি মোতকৈ কিছু আগত গৈ আছে ৷ স্বাভাৱিক
দোলনত দুলি আছে হেঙিং ব্ৰীজখন ৷ অলপ পাছতে কেঁচা বাঁহৰ সুবাস হেৰুৱাম ৷ সুযোগ-সুবিধা পালে ওলামহি আকৌ ৷ এনেকুৱা প্ৰাকৃতিক বিনোদনে সদায়ে মাতি থাকিব ৷
পৃথিৱীৰ বিশাল জৈৱ-বৈচিত্ৰ্যপূৰ্ণ
১৭খন দেশৰ মাজৰে এখন হৈছে ভাৰতবৰ্ষ ৷ ভাৰতবৰ্ষৰ জৈৱ-বৈচিত্ৰ্যৰ ৪টা সংকটাপন্ন ঘাটি
বা বিপন্ন ক্ষেত্ৰৰ ভিতৰত এটা হৈছে উত্তৰ-পূৰ্বাঞ্চল যি দেশৰ মুঠ জৈৱ-বৈচিত্ৰ্যৰ প্ৰায়
অৰ্ধেক শতাংশ আৱৰি আছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অৰুণাচল প্ৰদেশ এই বিষয়ত বিশেষভাৱে
চহকী ৷ বিশাল বৈচিত্ৰ্যপূৰ্ণ মণ্ডল হিচাপে এইফালে চীন চুই থকা ডিবাং বন্যপ্ৰাণী অভয়াৰণ্যৰ
অন্তৰ্ৱৰ্তী অঞ্চলটো জিলাখন, ৰাজ্যখন বা দেশখনৰে নহয়, পৃথিৱীৰ জৈৱ-বৈচিত্ৰ্যৰ অন্যতম
ক্ষেত্ৰ বা ঘাটি বা ভঁৰাল বুলি ইতিমধ্যে পৰিগণিত হৈছে ৷ গতিকে মিছিমি পৰ্বতৰ গুৰুত্ব অপৰিসীম ৷
এইটো সকলোৰে জ্ঞাত যে প্ৰকৃতিৰ
গতিতকৈ লুভীয়া মানুহৰ গতি অধিক খৰতকীয়া ৷ এনে লোকে নিজৰ বাবে, জীৱকুলৰ বাবে অপৰিহাৰ্য বতাহ আৰু
পানীৰ উৎসকো নষ্ট কৰিবলৈ কিঞ্চিৎমানো কুণ্ঠাবোধ নকৰে ৷ অবিবেচক আৰু ধ্বংসকাৰী মানুহ
কিছুমানৰ কুকৰ্মৰ কাৰণে যেন অনাগত দিনত আচ্হিছ’ৰ প্ৰাকৃতিক ভাৰসাম্য বিপন্ন হ’বলগীয়া
পৰিস্থিতি নহয়, উদ্ভিদকুল আৰু প্ৰাণীকুল যাতে বিলুপ্তিৰ ভাবুকি বা জটিলতাৰ দিশে ভৱিষ্যতে
কোনো কাৰণতে যাবলগীয়া নহয়, তাৰ কাৰণে এতিয়াৰ পৰাই আচ্হিছ’-আনিনিৰ
থলুৱা সম্প্ৰদায় প্ৰমুখ্যে ৰাইজ তথা ডিবাং ভেলীৰ জনগণ সদা-হুঁচিয়াৰ তথা জাগ্ৰত প্ৰহৰী হ’ব
লাগিব ৷ জৈৱ-বৈচিত্ৰ্যৰ আইন আৰু নীতি হ’ব লাগিব শক্তিশালী, কঠোৰতম ৷
পানীৰ শক্তি অফুৰন্ত ৷ ড্ৰিয়ে
কঢ়িয়াই নিয়া জল-সম্ভাৰৰ অন্তৰ্নিহিত শক্তিক ১০১.৫০ মিটাৰ ওখ বান্ধেৰে সুদূৰৰ য়ুৰন গাঁৱত আবদ্ধ কৰাৰ লগতে
তাল’ নদীখনকো আথুনলি গাঁৱত ৮০ মিটাৰ উচ্চতাৰ বান্ধ দি
ইটালিনত নিৰ্মাণৰ পৰিকল্পনা যুগুত কৰা হৈছে ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ, ৩,০৯৭ মেগাৱাট
শক্তিসম্পন্ন বিৰাট জলবিদ্যুৎ প্ৰকল্প ৷ মেগা হাই্ড্ৰ'-ইলেকট্ৰিক প্ৰজেক্ট ৷ তালৰ সৈতে ড্ৰিৰ পানীৰেই চকৰি ঘূৰিব ইটালিনত ৷ তাৰ কাৰণে যেন পাৰিপাৰ্শ্বিকতাত ব্যাঘাত নজন্মে সিও নিতান্তই মন কৰিবলগীয়া ৷
ড্ৰিৰ বুকুৰ পৰা বিদায় লৈ উঠি অহাৰ পাছত টুৰিষ্ট লজ্ অৰ্থাৎ ৰান্ধনীশালাটো
পাইছোঁহি ৷ আই.টি.বি.পি.ৰ জোৱান কেইজনমান আগৰে পৰাই ৰৈ কথা পাতি আছিল ৷ বুকুত কেমেৰা
ওলমি থকা দেখি এজনে মোক মাতিলে ৷ কিয়বা মাতিলে, খোকোজাই লাগিল প্ৰথমতে ৷
‘ছাৰজী, এক ফটো খিচিয়েনা
হামাৰা ৷’
অ' সেইটো কথা ৷ দ্বিতীয় বাক্যতহে পৰিষ্কাৰ হ'ল উদ্দেশ্যটো ৷ একেলগে ফটো উঠাৰ চখ পাঁচোজনৰে ৷ পিন্ধনত জলফাইৰঙী সাজ ৷ টুপী, গামবুট ৷ কান্ধত অত্যাধুনিক হাথিয়াৰ ৷
অ' সেইটো কথা ৷ দ্বিতীয় বাক্যতহে পৰিষ্কাৰ হ'ল উদ্দেশ্যটো ৷ একেলগে ফটো উঠাৰ চখ পাঁচোজনৰে ৷ পিন্ধনত জলফাইৰঙী সাজ ৷ টুপী, গামবুট ৷ কান্ধত অত্যাধুনিক হাথিয়াৰ ৷
‘ঠিক হে’, আয়িয়ে ৷’
বেকগ্ৰাউণ্ড নিৰ্বাচন কৰি গোটেই কেইজনকে শাৰী পতাই স্নেপ দুটা ল’লোঁ ৷ তাৰ পাছতে মোক সোঁমাজত লৈও এবাৰ উঠাৰ আগ্ৰহ কৰিলে ৷ হোৱাট্ছএপযোগে ফটো পাব বিচাৰে ৷ কি কৰা যায় ? ম'বাইল পৰি আছে বেগৰ তলত ৷ কলম
আৰু পকেট নোটবুকখন আগ বঢ়াই দিলোঁ ৷ 'নাম, ফোন নম্বৰ লিখ দিজিয়ে, ঘৰ যাকে ভেজ দে'তা হুঁ ৷' কেপিটেল লেটাৰত লিখিবলৈ ক'লোঁ নামটো ৷ অচুপ পাৰমেই তেনেকৈয়ে লিখি দিলে ৷ শেষত ধন্যবাদ আৰু
কৰমৰ্দনেৰে এৰা-এৰি ৷ ডেমবিউনৰ ৰক্ষক এইসকল ৷ ভাল লাগিল আকস্মিকভাৱে লগ পাই ৷
ষ্টেপৰ ওপৰৰ পৰা সংগীসকলে
ঘটনাটো চাই আছিল ৷ কিবা জগৰ লাগিল নেকি ? মুখমণ্ডলত এই ধৰণৰ চিন্তাৰ ৰেশ ৷ ওচৰ পাওঁতে অনিয়াই ক’লে, ‘আপক’ আৰ্মী জেইসা দেখতা হে’ ৷’ ‘আৰ্মী জেইসা !’ মোৰ হাঁহি উঠি গ’ল ৷ তেনেকুৱাতে কেইজনমান জোৱানে ৰাফ্ট এখন ওপৰলৈ টানি টানি উঠাই অনাত মনঃসংযোগ অনিয়াৰ পৰা সেইফালে গুচি গ’ল ৷ কথাটোও তল পৰি ৰ'ল ৷ অথনি আমি ভলীবল খেলিবলৈ যাওঁতে পাৰত এইখন দেখিছিলোঁ
৷ এন্ধাৰ হোৱাৰ আগতেই সামৰি পেলোৱা হৈছে ৷ পাছবেলা ৰাফ্টিং কৰাটো
বিপজ্জনক ৷ এইবোৰ ঠাইত পোহৰ সোনকালে কমি আহে আৰু নোহোৱাও হয় ৷ দলৰ মহিলা সদস্যাসকলে ৰাবাৰ ৰাফ্টখন
চুই চালে ৷ বচ্চনো ৰৈ থাকিব পৰা নাই ৷ হাত বুলাই বুলাই গৌৰৱেৰে জনালে যে তেওঁ ৰাফ্টিং
কৰিব জানে ৷ ৱে’ষ্ট কামেং জিলাৰ ডিৰাঙত ৰাফটিঙৰ ট্ৰেইনিং লৈছিল ৷ ব’মডিলাৰ পৰা প্ৰায় ৪৩ কিল’মিটাৰ আঁতৰৰ ডিৰাং এক সৰু আৰু ধুনীয়া চহৰাঞ্চল ৷ কামেং নদীখন আছে তাত ৷ ডিৰাঙৰ আপেল আগতে আমাৰ শিক্ষানুষ্ঠান নেৰিষ্টৰ চৌহদত
বিক্ৰি কৰিবলৈ আনিছিল ৷ ড্ৰিৰ পাৰৰ পৰা মনটো কামেঙৰ পাৰলৈ উৰা মাৰিলে ৷ এতিয়াৰ পৰা বহু বছৰ পূৰ্বে, ১৯৯১ চনৰ নৱেম্বৰ মাহত গৈছিলোঁ ৷ বচ্চন মিপিৰ লগত তাৰে কিছু কথা, পুৰণা অভিজ্ঞতাৰ ভাগ-বতৰা কৰি কৰি আগ বাঢ়িবলৈ ধৰিলোঁ ৷
নদী বৈ থাকে, বৈ থাকিব ৷ চাবলৈ পোৱাটোও এটা সৌভাগ্য ৷ ডিৰাঙত কামেং অৰ্থাৎ জীয়াভৰলী ৷ সেই ৰূপ দেখাৰ দিন হ'ল ৷ ইয়াত
ড্ৰি দেখিলোঁ ৷ তাকো এতিয়াহে সম্ভৱ হ'ল ৷ ড্ৰি, মাথু, তাল’ ৷ মিলিজুলি ডিবাং ৷ সমন্বয়ৰ মহানদ
ব্ৰহ্মপুত্ৰক ধিয়াই বৈ যোৱা জলস্ৰোতৰ অৰ্বুদ সুষমা অসামান্য ৷ ৰং, ৰূপ আৰু গতিৰ
কিযে সন্মোহনী ! পাৰ্বত্য পৰ্যটকৰ বাবে সততে পাহৰিব নোৱাৰা দৰ্শনী আৰু অভিজ্ঞতা এইবোৰ ৷ হেঁপাহ পলুৱাই চৌপাশটো
উপভোগ কৰি উত্তেজনাভৰা মনেৰে দৌৰি দৌৰি গৰাটো উঠিলোঁ ৷
গাড়ী
লৈ ওলাম সীমান্তলৈ ৷ ড্ৰি উপত্যকাৰ শ্বাসৰুদ্ধকৰ সৰগীয় ৰূপ চাম, নিজৰ চকুৰে ৷
তাকে কেন্দ্ৰ কৰি অনামী উত্তেজনাত মনটোৱে কালি ৰাতি বচ্চন মিপিয়ে ‘গাড়ী মিল গয়া’ বোলাৰে পৰাই জঁপিয়াই আছিল ৷
আচ্হিছ’, ডেমবিউনত উপস্থিত হোৱাৰ
পাছত প্ৰথম দৰ্শনতে আজি এনে বোধ হৈছিল যে ফটো তোলা, ছবি অঁকা, জনজাতীয় গ্ৰাম্য জীৱন
ভাল পোৱা, নিৰৱতা পছন্দ কৰা, এড্ভেঞ্চাৰিষ্ট-নেচাৰেলিষ্ট মানুহে এনেবোৰ জেগালৈ আহিলে অনাবিল সুখ পাব ৷ প্ৰচুৰ মানসিক খাদ্য লাভ
কৰিব ৷ ভৱিষ্যৎ জীৱনৰ অপৰিমেয় তৃপ্তিৰ ভাণ্ডাৰ হিচাপে আত্মাৰ আহাৰ কিছু সংগ্ৰহ
কৰিবলৈ নিজেও সক্ষম হ'লোঁ এই যাত্ৰাৰ সুবাদতে ৷
ভবাতকৈ অনেকগুণে সমৃদ্ধ আচ্হিছ’ অঞ্চলটো ৷ কেৱল পৰ্বত,
বৰফ, ড্ৰিৰ বোঁৱতী পানীৰে সীমাবদ্ধ উপত্যকাই নহয় ৷ ইয়াৰ পৰ্বতৰ গহ্বৰত
কঠিন শিলৰ বুকুতো আছে জীৱনৰ স্পন্দন আৰু আশাবাদ ৷ লুকাই আছে নগণ্যসংখ্যক যদিও ড্ৰিৰ
পাৰৰ মানুহৰ সভ্যতা আৰু উত্তৰণৰ চিৰশাশ্বত কাহিনী ৷ পৰ্বতৰ নামনিত বৃষ্টিপ্ৰচুৰ অৰণ্যই ঘেৰি আছে ৷ ঔষধি গুণসম্পন্ন, সৌন্দৰ্যবৰ্ধক,
বৈজ্ঞানিকভাৱে কৌতূহলপূৰ্ণ, লুপ্তপ্ৰায় উদ্ভিদ-বৃক্ষৰে এলেকাটো মেটমৰা ৷ সেইবোৰত সোমাবলৈ বেলেগে আহিব লাগিব, ট্ৰেকিং-কেম্পিঙৰ কাৰ্যসূচী লৈ ৷ এই যাত্ৰাত চকাই পৌচাব পৰাখিনিহে সামৰিলোঁ বা দেখিলোঁ ৷ দৃষ্টিৰ অগোচৰে সৰহখিনি ৰৈয়ে গ'ল ৷ সেই আশা পুহি ৰাখিলোঁ ভৱিষ্যতলৈ ৷
God’s own land, আচ্হিছ’ এৰি ২ বজাত আনিনিমুখী হ’লোঁ আমি ৷ কেউজনকে সুমুৱাই লৈ লাল গাড়ী তলৰ পৰা উঠি আহি পকা ৰাস্তা পালে ৷ বাঁওফালৰ ৰহস্য ভেদ কৰিবলৈ কেতিয়া আকৌ আহিব পাৰোঁ এতিয়াৰ পৰা সেই চিন্তাই কামুৰি থাকিব ৷ ৰাইট টাৰ্ন লৈ আগ বাঢ়ি যাওঁতে দোকান এখন পাই ততাতৈয়াকৈ পপকৰ্ন কেইপেকেটমান কিনি আনিলেগৈ চ’ক’ তায়ুৱে
৷ ময়ো উলিয়ালোঁ শুকান ফলৰ পেকেট ৷ খাই খাই যাত্ৰা চলি থাকিল ৷ নাৱাজউদ্দিন ছিদ্দিকীৰ
সৈতে ফটো তোলাটো কেনেকৈ সম্ভৱ হ'ল সেই কাহিনী এতিয়া খুলি ক’ব ধৰিলে অনিয়াই ৷ খুব সুখী যেন লাগিছে তাইক ৷ চ'ক' তায়ুৰ জলযাত্ৰাৰ বিৱৰণীয়েও মুখৰিত কৰিলে গাড়ীৰ ভিতৰখন ৷
আচ্হিছ'ই মন ভৰাই দিলে ৷ আনন্দমনে আহি আছোঁ ৷ ড্ৰাইভি হুইলত থকা বচ্চনে স্পীড দিছে ৷ সন্মুখৰ আইনাখনত এটোপ-দুটোপকৈ
প্ৰত্যক্ষ কৰিবলৈ পালোঁ খীণ বৰষুণৰ উপস্থিতি ৷ আকৌ আহিল ! এতিয়া যিমান দিলেও চিন্তা নাই অৱশ্যে ৷ তৎসত্ত্বেও
টোপালকেইটাই ভিতৰি মনটো সেমেকালে ৷ কিয়নো, বাটৰ সৌন্দৰ্য চোৱাত ব্যাঘাত জন্মিব ৷
ভাগ্য ভাল যে সোনকালেই এৰিল বৰষুণজাক ৷ প্ৰাকৃতিক
ঐশ্বৰ্য আহৰণ কৰি, ঘটনাবহুল পৰিতৃপ্তি আৰু চিত্ৰ-বিচিত্ৰ অভিজ্ঞতা অন্তৰত চিৰদিনলৈ সাঁচি আহি থাকিলোঁ
আনিনিলৈ বুলি ৷ (ক্ৰমশঃ)