২.৬ বনৰীয়া হাতীৰ বিভীষিকাৰ মাজেৰে কেম্প পালোঁহি
বৰ থিয় গৰা এটা উঠিবলগীয়া হ’ল পদযাত্ৰাটোৰ
আৰম্ভণিতেই ৷ অথনি যিমান নামিছিলোঁ, সেইটো ঢালতকৈও এইটো ঢালৰ উচ্চতা বেছি বুলি
সহজেই পতিয়ন গৈছোঁ ৷ বেত আৰু ওখ গছ কিছুমানৰ ফাঁকে ফাঁকে সৰ্পিল ট্ৰেকেৰে একেৰাহে
অগ্ৰসৰ কৰোৱাই আমাৰ পথ প্ৰদৰ্শকদ্বয় ক্ৰমে গোৱানিনল’ আৰু ৰাজুৱে ধূনা গছ এজোপাৰ ওচৰ পোৱালে ৷ ওপৰলৈ এবাৰ খুব মনোযোগেৰে লক্ষ্য
কৰি ডক্টৰ গগৈ ছাৰে লগত থকা ফিটাৰে গা-গছৰ জোখ ল’ব ধৰিলে ৷ ধূনাগুটি
কিছুমান সিঁচৰতি হৈ পৰি আছিল ৷ লগে লগে বুটলি ছাৰক কেইটামান দিয়াৰ লগতে কেইটামান
নিজৰ কাৰ্গ’ৰ পকেটতো ভৰাই লৈছোঁ ৷ বাটে বাটে চোবাই যাব লাগিব ৷ ধূনাগুটি খাই পাছত
পানী খালে মিঠা মিঠা লাগে ৷ ছাৰে তথ্যবোৰ নোটবুকত টুকি আছে ৷
ধূনাজোপাৰ কাষতে আন গছ এজোপাৰ ওপৰত সাজি থোৱা অৱস্থাত এখন চাং ৷ গুটি
খাবলৈ অহা পহু মাৰিবলৈ বেতকটীয়া চিকাৰীহঁত তাতে উঠি লয় আৰু খাপ পাতি ৰয় ৷ ‘আজিকালি পহুকেইটা বৰ সিয়ান হৈ গৈছে ৷’ ৰাজুৱে কথা
প্ৰসংগত সজোৰে প্ৰকাশ কৰিলে ৷ সিহঁতৰ চিকাৰৰ মজাদাৰ খণ্ড-কাহিনী শুনি শুনি উঠি গৈ থাকিলোঁ ৷
কিছু সময়ৰ অন্তত লুংলুঙীয়া বাটটো মুকলি জংঘলী ৰাস্তা এটাত মিলিল ৷ ধাৰণা হ’ল যে এইটো আমি অথনি গাড়ীৰ পৰা নমাৰ পাছত খোজ
লৈ আহি থকা ৰাস্তাটোৰেই অৱশিষ্ট হ’ব ৷ তেতিয়া আমি এঠাইৰ
পৰা ফালৰি কাটি তলত থকা কেম্পলৈ নামি দিছিলোঁ ৷ সেই ৰাস্তাটোৱেই পাক মাৰি এইখিনিত
ওলাইছেহি নিশ্চয় ৷ একালৰ কুন্দা টনা ৰাস্তা ৷ এতিয়া ট্ৰাকৰ চলাচল নাই ৷ ৰাস্তাৰ
ওপৰত গছ-বন গজি গৈছে ৷ ঠায়ে ঠায়ে বৰষুণে খহাই নিছে ৷ বেত কঢ়িওৱা বলেৰ’ পিক্-আপ্ এই অংশলৈ নাহে ৷ মন কৰিলোঁ যে লাহে লাহে বেত গছবোৰো অন্তৰ্ধান
হ’ল ৷
অলপ দূৰ গৈ থকাৰ পাছত ৰাস্তাটো বাদ দি গাইডে বাঁওহাতে সুমুৱাই নিলে আমাক ৷
আকৌ লুংলুঙীয়া আৰম্ভ ৷ উঠা-নমা, খলা-বমা ৷ অলপ আগতে আৰোহণ কৰা পাহাৰটোৰ বিপৰীত ঢাল
এইটো ৷ হাতীৰ খোজ, হাতীয়ে মহতিয়াই থোৱা গছ-গছনি বাটে বাটে পৰিলক্ষিত হৈছে ৷
আমাৰ খোজবোৰ আগতকৈ অধিক সাৱধানী হৈ পৰিল ৷ আগে-পাছে বন্দুকধাৰী ৷ মাজত গগৈ ছাৰ আৰু মই ৷ কেউপিনে সজাগ দৃষ্টি ৷ উশাহত কিবা বেলেগ গোন্ধ পোৱা যায় নেকি ?
তাৰো খেয়াল ৰখা হৈছে ৷ অৰণ্যত পিট্পিটাই ফুৰোঁতে প্ৰতি মুহূৰ্ততেই সজাগ হৈ
থকাটো নিয়মৰ কথা ৷ অন্যথা অনাকাংক্ষিত কিবা ঘটিব লাগিলে থৰ-কাছুটি এৰিব লাগিব ৷
দ ঠাই এটুকুৰা তৰা গছেৰে ভৰি আছে ৷ কাষে কাষে পাৰ হৈ থাকোঁতেই ৰাজুৱে ক’লে, ‘ঘূৰি যাওঁতে পাত কিছুমান সংগ্ৰহ কৰি নিব লাগিব
৷ ভাত খাওঁতে প্ৰয়োজন ৷ কেম্পত পাত কম আছে ৷ তাতে আমাৰ আজি ৩জন আলহীও আছে ৷’ ৰাজুৰ চিন্তাটো ভাল লাগিল ৷
২ মান বাজে ৷ হঠাতে কি হ’লজানো ! দলটোৰ সন্মুখত থকা ৰাজু আৰু খেংগা
মুহূৰ্ততে সষ্টম হৈ পৰিল ৷ সিহঁতৰ শৰীৰৰ ভাষালৈ চাই বুজি উঠিলোঁ যে কিবা এটা ওলাইছে ৷
পাছলৈ চাই ফুচ্ফুচাই ক’লে, ‘হাতী, হাতী ৷’ হঠাতে এনেকৈ শুনা পাই এনে লাগিল যেন গাৰ কাষতে বনৰীয়া হাতী উপস্থিত ! ৰাজুৱে সিটো ঢাললৈ আঙুলিয়াই দেখুৱাইছে ৷ দেখা পাইছোঁ, তলৰ পৰা উঠি যাব
ধৰিছে প্ৰকাণ্ড বনৰীয়া হাতী এটা ৷ আমি কেউটাই এইফালে শাৰী পাতি ৰৈ ল’লোঁ ৷ স্পষ্টকৈ দেখা পাই আছোঁ ৷ কেতিয়াও নেদেখা দৃশ্য ৷ এঢলীয়াৰে হাতীটো উঠি গৈ আছে ৷ ৰাজু আৰু গোৱানিনল’ই তাক জোকাবলৈ চেষ্টা কৰি শব্দ কিছুমান কৰিব ধৰিলে ৷ গজেন্দ্ৰই ঠাইতে ৰৈ আমাৰ
পিনে চালে ৷ মোৰ আকৌ, লগত পোৱালি এটা থকাযেনো লাগিল ৷ এনেয়ে হ'লে হাতী শান্তিপ্ৰিয়
জীৱ ৷ পোৱালি থাকিলে খঙাল হৈ উঠিব পাৰে ৷ ‘কিয় জোকাইছ’ বুলি খেংগাই ইহঁতক ধমক লগালে ৷ কেনি যায় চুপ-চাপ চাই থাকিবলৈ ক’লে ৷ ততাতৈয়াকৈ সেইফালে পোনাই মই কেমেৰাত ব্যস্ত হৈ পৰিলোঁ ৷
ইহঁত দুটা পিছে মনে মনে নাথাকিল ৷ হাত-চাপৰি বজাই, অ’ত-ত’ত গছে-পাতে কোবাই, হেই হেই কৰি হাতীটোক হুৰাব ধৰিলে ৷ ‘গুলী ফুটাই দিওঁ নেকি’ বুলিও কোৱা শুনিলোঁ ৷ অলপ পৰ ৰৈ দিয়া হাতীটো এতিয়া এঢলীয়াৰে আকৌ উঠি গৈ আছে ৷ মানুহেই ইমান বেগেতে উঠিব নোৱাৰিব কিজানি ৷ সেইহেন থিয় গৰাটো ইমান
প্ৰকাণ্ড শৰীৰটোৰে কেনেকৈনো ঘপাঘপ উঠিল, নিজ চকুৰে দেখি তবধ মানিলোঁ ৷ আমি লক্ষ্য কৰি থাকোঁতেই জংঘলৰ মাজত লুকাই পৰিলগৈ ৷ অভয়াৰণ্যত, চাহবাগিচাৰ ভিতৰত, হাইৱে’ত, গাঁৱৰ মাজত সোমোৱা বনৰীয়া হাতী এটা-দুটা নহয়, জাক পৰ্যন্ত দেখিছোঁ ৷ কিন্তু এনেকৈ
সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত গজেন্দ্ৰৰ মুক্ত বিচৰণ পূৰ্বতে কাহানিও দেখা নাছিলোঁ ৷
মনে মনে ভয় লাগিল যদিও বিৰল দৃশ্য কিছুমান উপভোগ (!)ৰ সৌভাগ্য লভিলোঁ ৷
হাতীটো নেদেখা হ'লত সংশয় মনত লৈ আগ বাঢ়িলোঁ ৷ আকৌ এয়া কি দেখিছোঁ ? আগতচোন খোজেই খোজ ৷ পিছল খোৱা খোজ, খোজভৰ্তি
পানীৰ ডোঙা, বিষ্ঠা ৷ এইবোৰ দেখা পাই দাঁতি-কাষৰতে হাতী মনে মনে ৰৈ আছেহি যেন ভাব এটাই ক্ৰিয়া কৰিব ধৰিলে আৰু আগতকৈ অধিক ভীতিৰো সঞ্চাৰ কৰিলে ৷ হ’লেও অৰণ্যৰ শান্তি বিঘ্নিত নকৰি সন্তৰ্পণে আমি গৈ থাকিলোঁ ৷
এঠাইত পুনৰ বিপদে লম্ভিলে ৷ ৰাস্তা হেৰাই থাকিল ! ডাঠ হাবি ফালি আগুৱাই নিছিল যদিও অলপ পাছতে আমি সন্ধানত অহা পুং
সেইফালে নহয় বুলিহে প্ৰতিপন্ন হ’ল ৷ ঘূৰি আহিলোঁ ৷ এইবাৰ অইন এফালে নিলে ৷ সিফালেও নহয় ৷ পৰুৱাই পালে নেকি ? ভাগ্য
ভাল, তাৰ পাছত বাঁওদিশেৰে ধাৱমান হৈ গৈ গৈ মুকলি আকাশৰ তলত ওলালোঁহি ৷
কেউফালে ওখ ঘাঁহনি ৷ ঘাঁহবোৰ শুকাই ৰঙচুৱা হৈ পৰিছে
৷ নলা এটাৰে পানী বৈ আছে ৷ মাজত মুকলি অঞ্চল এটা ৷ তালৈকে আগ বঢ়াই নিয়া হৈছে আমাক ৷
বোকাময় বাট ৷ বিভিন্ন জন্তু-জানোৱাৰৰ খোজ, কেঁকোৰা গাঁত ইত্যাদি পৰিলক্ষিত হৈছে ৷ কিবা লুকাই থাকিলেও ক'ব নোৱাৰি ৷ দুপিয়াই,
জঁপিয়াই কোনো ৰকম আহি পালোঁ ৷ এয়াই পুং ৷ আহল-বহল, জলাশয়সদৃশ জেগা এটুকুৰা ৷ আগতকৈ
বাম হৈ পৰিল বুলি খেংগাই পুৰণা অভিজ্ঞতাৰ ভিত্তিত ক’লে ৷ পানী এতিয়া তেনেকৈ নাই ৷ এলেকাটো বোকাময় হৈ আছে ৷ বাৰিষা পুখুৰী
হৈ পৰিব ৷ অলপ আগতে দেখা নলাটোৰ পানীভাগ ইয়াৰ পৰাই ওলাই বৈ গৈছে ৷ ম্যানমাৰৰ অন্তৰ্ৱৰ্তী লে'ক অফ্ ন' ৰিটাৰ্ণ নামে প্ৰসিদ্ধ নংয়্যাং হ্ৰদটোত দেখা, খোজ দিলে সোমাই যোৱা ভেৰ বা লেপ্লেপীয়া বোকাৰ অনুৰূপ যেন লাগিল এই পুঙৰ বোকাবোৰো ৷
চলতি শব্দত পুং বোলা এইখিনিক ৰেংমা দোৱানত Hikhangphend বোলে ৷ Beng Pukhuri বুলিও কয় ৷ খেংগাই ক'লে ৷ লক্ষ্যস্থান পাই চৌদিশে দৃষ্টি সম্প্ৰসাৰিত কৰি ভালকৈ চাই লোৱাৰ পাছতে বহিলোঁ এখন্তেক
৷ দূৰত সেউজীয়া ৰেংমা পাহাৰে দেখা দি
আছে ৷ জলাশয়টোৰ সিপাৰে ডাঙৰ ডাঙৰ গছ কিছুমান ৷ খেংগাহঁতে আগতে তাতে চাং পাতি পুঙত পানী
খাবলৈ অহা জন্তু গুলীয়াই মাৰিছিল ৷ সেই অভিজ্ঞতাপূৰ্ণ কাহিনী শুনিলোঁ ৷ হাতত বন্দুক, খুকুৰি লৈ কেইখনমান ফটোও তোলা হ’ল পুঙৰ কাষত ৰৈ ৷ গগৈ ছাৰে উচ্চতা জুখিলে ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৮৬৬ মিটাৰ পোৱা গ'ল ৷
মাজতে কি মন গ’ল জানো,
খেংগাই ওচৰতে থকা শুকান ঘাঁহ কিছুমানত জুই লগাই দিলে ৷ ফৰ্ফৰ্ শব্দ তুলি জ্বলিব
আৰম্ভ কৰিলে ৷ অগ্নিৰ প্ৰকোপ ক্ৰমাৎ বাঢ়ি গ'ল আৰু ক্ষন্তেকতে এছোৱা পুৰি ভষ্ম হৈ থাকিল ৷ কুকুহাও উৰিল ৷ বনজুইৰ দৰে যাতে বিয়পি নিয়ন্ত্ৰণৰ
বাহিৰলৈ গুচি যাব নোৱাৰে তাৰ প্ৰতি সজাগ থাকি সোনকালেই চবেই লাগি-ভাগি জুই নুমুৱাই পেলালোঁ ৷
৩ বাজি ১০ মিনিট গৈছে ৷ পুঙৰ পৰা উভতিবৰ হ’ল ৷ কথা পাতি পাতি আহি
আছোঁ ৷ হঠাতে এঠাইত গৰাৰ তলত মৰ্মৰণি শুনা পালোঁ ৷ 'হাতীয়ে বাঁহগছ ভাঙিছে
৷ অথনিৰ হাতীটোৱেই ঘূৰি পকি এইখিনি পালেহি ৷' গোৱানিনল’ই এইদৰে মন্তব্য কৰিলে ৷ আৱাজবোৰলৈ
চাই লগত আৰু থাকিব পাৰে বুলিও ক’লে ৷ ইহঁত জংঘলত অহা-যোৱা কৰি থকা, গতি-গোত্ৰ জনা মানুহ ৷ আমি হ’লোঁ এদিনীয়া ৷
আকৌ হাতী ! শুনিয়েই পেটত হাত-ভৰি লুকাবৰ উপক্ৰম
কৰিলে ৷ এতিয়া এইখিনি পাৰ হওঁ কিদৰে ? বন্দুকধাৰী ৰাজু আৰু গোৱানিনল’ আগে আগে আছিল ৷ সিহঁত
দুটা পাৰ হৈ গ’ল ৷
সিহঁতৰ পৰা কেইমিটাৰমান নিলগত গগৈ ছাৰ আৰু মই ৷ আমাৰ পাছত খেংগা ৷ খেংগাৰ লগতো বন্দুক আছে ৷ চাওঁতে চাওঁতে মৰ্মৰণি বাঢ়ি আহিল ৷ এইফালে আমাৰো দৌৰা-দৌৰি লাগি গ’ল ৷ বন্দুক হাতত লৈয়ে কুঁজা হৈ খেংগাই দৌৰিব আৰম্ভ কৰি দিলে ৷
আমিও দৌৰিছোঁ যদিও পাছ পৰি গ’লোঁ ৷ মই
সবাতোকৈ পাছত ৷ হাতীয়ে খেদিলে কি কৰিব লাগে নাজানো ৷ তথাপি সাহস কিছু গোটাই
মাজে মাজে পাছলৈ মন কৰি দৌৰি আছোঁ যাতে সোনকালে এক নিৰাপদ দূৰত্বত উপস্থিত হওঁ ৷ হাতী
ওলাই আহে নেকি তাকো চোৱাৰ হেঁপাহ !
বিপদসীমাৰ বাহিৰ পালোঁহি যদিও কোনো ৰৈ থকা নাই ৷ হাতীৰ
সৈতে দূৰত্বটো যিমান পাৰি বঢ়াই দিয়া উচিত ৷ আৰু ক'ৰবাত মনে মনে ৰৈ আছে নেকি ? চৌপাশলৈ চোকা নজৰ ৰাখি গৈ আছোঁ ৷ গগৈ
ছাৰে খেংগাৰ কথা কৈ ৰগৰ কৰিলে, ‘খেংগাদাই হাতত বন্দুকটো থাকিও আমাক সুৰক্ষা দিব কি, নিজেহে তৰা-নৰা ছিঙি পলালে
৷’ আমি অস্ত্ৰবিহীন অহিংস
দুটাই পাছ পৰি গৈও ধৈৰ্য, সাহস আৰু নিৰৱতা অৱলম্বনেৰে বিভীষিকাৰ মাজৰ পৰা ওলাই আহিব পাৰিলোঁ যেনিবা ৷
না বনৰক্ষী না বনকৰ্মী ৷ বনৰীয়া হাতীৰ পৰা
বাচিবলৈ কি কৰিব লাগে নাজানো ৷ প্ৰশিক্ষণো নাই ৷ ইফালে হাতী হৈছে মগজুধাৰী
বুধিয়ক প্ৰাণী ৷ বৃহৎ দেহটোৰেও ঘণ্টাত ৩৫-৪০ কিল’মিটাৰ বেগেৰে যাব পাৰে বুলি পঢ়িবলৈ পাইছিলোঁ ৷ কালৈকো নোচোৱাকৈ গগৈ
ছাৰে প্ৰশ্ন কৰিছে, ‘হাতীয়ে পাছে পাছে
খেদি আহিলে কি কৰিব লাগে ?’ উত্তৰ কোনেও দিয়া নাই ৷ ‘এঢলীয়াৰে নামি দিম বুলি মনে মনে ভাবি থৈছিলোঁ মই ৷’ মই এইদৰে ক’লোঁ ৷ শুদ্ধ-অশুদ্ধ
নাজানো ৷ আকৌ অন্য ধৰণেও ভাবিছোঁ যে হাতীৰ কাৰণে আমি একো অসুবিধাৰ সৃষ্টি নাই কৰা ৷ আঘাত
নাই কৰা ৷ খং উঠাৰ ইংগিতো নাই পোৱা ৷ এনেস্থলত খেদি আহিবজানো ? সিও এটা কথা ৷
পিছে এনে প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ যোৱাতকৈ নিজে নিজৰ অৱস্থান সুৰক্ষিত কৰাটোহে
উত্তম ৷
তৰা পাত ভৰি থকা সেমেকা জেগাডোখৰ পালোঁহি ৷ খেংগা আৰু
গোৱানিনল’ই পাত কাটিব ধৰিলে ৷ ৰাজুৱে
বন্দুক লৈ পহৰা দি থাকিল ৷ বহল ৰাস্তাৰ পৰা কেম্পৰফালে অহা লুংলুঙীয়াটো পাওঁতে
ৰাজু আৰু গোৱানিনল’ই বাটটো
বুজাই দি আমাৰ লগ এৰিব খুজিলে ৷ সিহঁতে কেটেলা পহু চিকাৰ কৰিব ৷ বাটত হেনো দেখা পাই
আহিছে ৷ সময়টোও চিকাৰৰ অনুকূল ৷ ৰাস্তা চিনি নাপাওঁ বুলি কৈ গোৱানিনল'ক কেম্পৰ ওচৰৰ নিৰাপদ দূৰত্বলৈকে লগত লৈ আহিলোঁ ৷ ৰাজু তাতে অকলে অকলে বহি থাকিল ৷ গোৱানিনল'ই ওপৰৰ পৰা চিঞৰ মাৰি মতাত কেম্পৰ পৰা হাতত বন্দুক লৈ প্ৰেম দৌৰি আহিল ৷ খৰখেদাকৈ সিহঁত চিকাৰলৈ গুচি গ'ল ৷ খেংগা, গগৈ ছাৰ আৰু
মই অৱশিষ্ট দূৰত্বকণ অতিক্ৰমৰ বাবে লুংলুঙীয়াত সোমাই পৰিলোঁ ৷
No comments:
Post a Comment