ৰেংমা হিল্ছৰ গভীৰ অৰণ্যত আতংকময় এনিশা
৷৷ আৰম্ভণিতে... ৷৷
৷৷ আৰম্ভণিতে... ৷৷
মোৰ অনুজ ভাতৃপ্ৰতিম, সুহৃদ আৰু প্ৰাক্তন
ভ্ৰমণ-সহচৰ, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰাজু গগৈয়ে
কেতিয়াবাতে কৈ থৈছিল যে তেওঁৰ লগত ওলাব লাগে ৷ ক’লৈ ওলাব লাগে
? ৰেংমা হিল্ছলৈ ৷ উদ্দেশ্য ? গছৰ সন্ধান ৷
গগৈ ছাৰে ধূনাক লৈ কিবা গভীৰ অধ্যয়ন চলাই
আছে ৷ মই সেইবোৰৰ আও-ভাও বৰ বিশেষ নজনা মানুহ ৷ সকলোৱে জনাটোকে জানো যে ধূনা হৈছে
এবিধ আওকাঠী গছ আৰু তাৰ সুগন্ধি আঠা ৷ গোটা, নিৰ্ভেজাল ধূনাৰ বজাৰ দৰ প্ৰতি কেজিত ৪০০ টকা ৷ বাকলি মিহলি ভেজালবিধৰ দাম ২০০ টকা ৷ বচ, ইমানেই জ্ঞান ৷ বিপৰীতে, বিশেষ মতলব লৈ ওলাবলগীয়া প্ৰস্তাৱিত অৰণ্য-যাত্ৰাটোযে অতিকৈ ৰোমাঞ্চকৰ আৰু বিৰলধৰ্মী হ’ব, সেইটো হ’লে নিজৰ সাধাৰণ
মগজুৰে ঠিকেই বুজি পালোঁ ৷ কাজেই, নিমিষতে উত্তৰো দি-মেলি আজৰি ৷ অৱধাৰিতভাৱেই, জংঘল বুলিলেই ভৰিহাল
দাং খাই থকা মোৰ সঁহাৰিৰ ধৰণ আছিল, ‘য়েছ ছাৰ ৷’
শাৰীৰিক অবয়বত সৰুফুটীয়া আৰু বয়সত মোতকৈ
কিছু সৰু যদিও মই তেওঁক ‘ছাৰ’ বোলোঁ ৷
জ্ঞানপিপাসু স্বভাৱটোক শ্ৰদ্ধা কৰোঁ ৷ প্ৰচণ্ড অনুসন্ধিৎসা আৰু অনবৰতে নিখুঁততাৰ সন্ধানত
থকা দায়িত্বশীল কলেজ-শিক্ষক তেওঁ ৷ সেয়ে ভাল পাওঁ ৷
আনিনিৰ পৰা ঘূৰি ঘৰ সোমালোঁহি বুলি অহুকাণে-পহুকাণে গম
পালে চাগৈ, খবৰ লোৱাৰ উপৰি পলম নকৰি পুৰণা প্ৰস্তাৱটো সজোৰে উত্থাপন কৰিয়ে দিলে গগৈ ছাৰে ৷ আচলতে
ৰেংমা পাহাৰৰ এটা দুৰ্গম অংশ, কেইহাং ৰেনচ’, য’ত কেইহাং ৰেংমা
ফুকনৰ সমাধি আছে, তালৈ বিগত বছৰৰ মাৰ্চ মাহত সফলতাৰে অভিযান চলাই অহাৰ সুবাদতে মই তেওঁৰ
সংগী বাছনিত আন কোনােবাতকৈ স্থান আগুৱাবলৈ সক্ষম হ’লোঁ যেন লাগে, কাৰণটো মনে মনে বিচাৰ কৰি চালে ৷
সশব্দে বাজি উঠিল মোৰ ম’বাইলটো ৷
‘ঘৰতেনে ?’
‘হয় ঘৰতে, কওকচোন
৷’
‘পৰহিলৈ যাম
বুলি ভাবিছোঁ ৷ ওলাব ৷’
‘হয় নেকি, আচ্ছা, প্লেন-প্ৰগ্ৰাম কেনেকুৱা হ’ব ?’
‘ডিফুৰ পৰা ৰাতিপুৱাৰ
পেছেঞ্জাৰখনতে যাম বুলি ভাবিছোঁ ৷ বৰপথাৰত নামিম ৷ তাৰ পৰা শিলনিজান ৷ শিলনিজানৰ পৰা
খেনাৰি ৷ খেনাৰিত খেংগাদাৰ ঘৰত থকা হ’ব ৷ মই কথা
পাতি থৈছোঁ ৷ পাছদিনা তেওঁৰ লগতে জংঘললৈ গুচি যাম ৷ ধূনা গছ বিচাৰিম ৷ ৰাতি অৰণ্যত
থাকিম ৷ পাছদিনা বিয়লি ঘূৰি আহি আকৌ খেংগাদাৰ ঘৰতে নিশাটোৰ বাবে আশ্ৰয় ল’ব লাগিব ৷ তাৰ পাছদিনাখনহে
ডিফু পামহি ৷ বেছি নহয়, মোটামুটি ৪-৫ দিন ধৰি লওক ৷’
মই চিন্তা কৰিলোঁ, সৌ চীন সীমান্তৱৰ্তী
আনিনিৰ পৰা আহি পাইছোঁহে মাত্ৰ ৷ মায়’ডিয়াত বৰফত
দুবাৰকৈ লুটি খাই পৰি তপিনাত বেদনাৰ দাগ লাগি আহিছে ৷ ডাক্তৰৰ গুৰিলৈ যোৱা নাই ৷ পৰিত্ৰাণৰ নিমিত্তে ৰেগুলাৰ এক্সচাৰ্চাইজ
কৰি আছোঁ ৷ হাতৰ বুঢ়া আঙুলিটোতো বিষ ৷ ইফালে গগৈ ছাৰকো না কৰিব নোৱাৰোঁ ৷ সহযোগিতা আশা কৰিছে মানুহটোৱে ৷
প্ৰস্তাৱ শুনাৰ লগে লগে নিজৰো মনটো উৰি গৈ পালেগৈয়ে খেনাৰি ৷ আগতে কেতিয়াও
নোযোৱা ঠাই ৷ জংফালৈ যাওঁতে খেনাৰিলৈও এদিন যাব লাগিব বুলি ভাবি থৈছিলোঁ ৷
এতিয়া সুযোগ নিজে নিজে আহি দুৱাৰডলিত ৰৈ আছে ৷ এতেকে না বোলাটো হ'ব চূড়ান্ত
মূৰ্খামি ৷
এইবাৰ কথাটো অলপ বেলেগ ধৰণে চিন্তা
কৰিব ধৰিলোঁ ৷ পোনপটীয়াকৈ নহয়, এই যাত্ৰা সম্ভৱ কৰিবলৈ হ’লে অকণমান ‘পলিটিক্স’ নকৰিলে নহ’ব ৷
গগৈ ছাৰক ঘৰলৈকে মাতিলোঁ ৷ আমাৰ ঘৰলৈ তেওঁৰ আহ-যাহ নথকা নহয় ৷ ঘৰুৱা চিনাকি ৷ তাতে পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল, লে’ক অফ্ ন’ ৰিটাৰ্ণ যাত্ৰাত সহযাত্ৰী আছিল ৷
গগৈ ছাৰক ঘৰলৈকে মাতিলোঁ ৷ আমাৰ ঘৰলৈ তেওঁৰ আহ-যাহ নথকা নহয় ৷ ঘৰুৱা চিনাকি ৷ তাতে পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল, লে’ক অফ্ ন’ ৰিটাৰ্ণ যাত্ৰাত সহযাত্ৰী আছিল ৷
পৰিয়ালৰ মাজত বহি লৈ চলা কথা-বতৰাত পৰস্পৰ
কুশল বাৰ্তা বিনিময়ৰ পাছতে লাহেকৈ ওলাল তেওঁৰ আগমনৰ অন্তৰ্নিহিত উদ্দেশ্য ৷ খেনাৰি প্ৰসংগ আপোনা-আপুনি ওলাই গ'ল ৷ মই ক'বলগীয়া নহ'লেই, গগৈ ছাৰৰ মুখেৰেই বাজ হ’ল সমস্ত ভাবনা আৰু আয়োজন ৷ একো নজনাৰ দৰে কেৱল
শুনিহে আছোঁ ৷ বচ, কাৰো কোনো অভিযোগ, কোনো হকা-বাধা নোহোৱাকৈ স্বয়ংক্ৰিয়ভাৱেই
মোৰ যোৱাটো ধুনীয়াকৈ অ’.কে’. হৈ গ’ল ৷ পলিটিক্সে
কামত দিলে ৷
এতিয়া দৰকাৰী বস্তু-বাহানিবোৰ একেঠাই
কৰি পেলাব লাগে ৷ আনিনিৰ পৰা ঘূৰি অহাৰ পাছত সকলো সামৰি জেগাৰ বস্তু জেগাত ৰাখি দিয়া হৈছিল ৷ নতুন উদ্যমেৰে পুনৰ উলিয়ালোঁ ৷ শ্লিপিং বেগটোত হাত দিয়াৰ লগে লগে উত্তেজনা এটা সৰ্বশৰীৰতে আপোনা-আপুনি সঞ্চাৰিত হ'ব ধৰিলে ৷ তপিনাৰ
বেদনা, আঙুলিৰ যন্ত্ৰণা তল পেলাই আৰণ্যক ট্ৰেকিং-কেম্পিঙৰ হেঁপাহটো ওপৰলৈ উঠি আহিল ৷ মনটোও পূৰ্ণ হৈ পৰিল সীমাহীন
প্ৰফুল্লতাৰে ৷
পাছদিনা পুৱাতে ডিফু বজাৰত হাণ্টিং শ্বু
এযোৰ কিনিলোঁগৈ ৷ হাণ্টিং শ্বু অবিহনে ৰেংমা হিল্ছৰ অলিয়ে-গলিয়ে সোমোৱাটো সহজ
নহয় ৷ যোৱাবাৰৰ অভিজ্ঞতাই এইটো শিকাইছে ৷ ৰাক্চেক্, শ্লিপিং বেগ, টৰ্চ লাইট ইত্যাদি প্ৰয়োজনীয়
সামগ্ৰীসমূহ সাজু কৰা হ’ল ৷ গোটেইখিনি ঠিক-ঠাক কৰাৰ পাছত নিৰ্দিষ্ট
সময়টো অহালৈ গভীৰ উৎকণ্ঠাৰে বাট চাই ৰ’লোঁ, ৰাক্চেক্টো
পিঠিত তুলি ল’বলৈ ৷
No comments:
Post a Comment