১.৭ ৰিদংগে’ন্যুত এখন্তেক
আঠোটা পৰিয়ালেৰে সংগঠিত কাৰেংগা গাঁওখন এৰি অহাৰ পাছত আশে-পাশে হাবিময় যদিও প্ৰায় সমতল ঠাই এটুকুৰাত উপস্থিত হ’লোঁহি আমি ৷ টকৌপাত, জেঙুপাত, খেৰ, বাঁহেৰে সজা পৰম্পৰাগত ৰেংমা নগা চাংঘৰ কিছুমান সিঁচৰতি হৈ আছে ৷ মানুহ-দুনুহ বুলিবলৈ, চোৱা-চিতা কৰিবলৈ কোনো নাই ৷ ঘৰবোৰ নষ্ট হ’ব ধৰিছে ৷ নিৰ্জন এলেকা ৷ চাইনব’ৰ্ড এখনেহে কেৱল অৱস্থিতি জাহিৰ কৰি থিয় দি আছে ৷ কাষেৰে পাৰ হৈ থাকোঁতে পঢ়ি গ'লোঁ, Office of the Rengma Naga Cultural Society, Tukronkong Zone, Karbi Anglong, Assam, Estd. 1969 ৷ অৰ্ধশতিকাৰ পূৰ্বে গঠন হোৱা আৰ.এন.চি.এছ.ৰ মুখ্য কাৰ্যালয় চ’গিলাশ্বংন্যু অৰ্থাৎ আমি কেতিয়াবাই পাৰ হৈ অহা চাথি গাঁৱত ৷
২০১৯ চনৰ ২৭ আৰু ২৮ নৱেম্বৰত এই স্থানতে ৰেংমাসকলৰ বাৰ্ষিক খেতি চপোৱা উৎসৱ ঙাঁদা ফেষ্টিভেল পতা হৈছিল ৷ ঠাইডোখৰ ফেনচেৰ' এলেকাৰ অন্তৱৰ্তী কাৰেংগা গাঁৱৰে ভিতৰুৱা ৷ ৰাস্তাটো সোঁমাজেৰে গৈছে ৷ বাঁওহাতে এটা পকী ঘৰ ৷ চৰকাৰী চিকিৎসা কেন্দ্ৰ হিচাপে সজা হৈছিল ৷ আজিও মুকলি হোৱা নাই ৷ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধনেৰে ইয়াত মুকলি মঞ্চ এটা সাজি দিয়াৰ উপৰি ৰেংমা গাঁৱলৈ পথ যোগাযোগ ব্যৱস্থা উন্নতভাৱে গঢ়ি তোলা হ'ব বুলি উৎসৱৰ সময়তে বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ ৷ কাৰ্যতঃ তেনেকুৱা পদক্ষেপ হ'লে একো দেখা নাই ৷
বোঁৱতী পানীৰে উপচি থকা নলাহে অন্ত নপৰিবই যেন ! তেনেকুৱা কেইটামান
অতিক্ৰম কৰি আগত এটা জনপদ পালোঁহি ৷ ৰাস্তাৰ বাঁওহাতে চাংঘৰ এটা ৷ সন্মুখত দুচলীয়াকৈ এটা নতুনকৈ সাজি থকা হৈছে ৷ তিনিজন পুৰুষ বাঁহৰ কামত ব্যস্ত ৷ দুটি শিশুৱে কাষতে
বহি কাম কৰা চাই আছে ৷ পথৰ দাঁতিত ইফাল-সিফালকৈ আছে আন দুটামান ৷
বিপৰীত ফালৰ পৰা এগৰাকী মাতৃ, যতদূৰ সম্ভৱ তেওঁৰে জীয়েক আৰু এপালমান শিশু
আহিব ধৰিছে ৷ শিলনিজানৰ পৰা গাড়ীত কিবা বস্তু দি পঠাইছে ৷ পালটোলৈ চাই চালকজনে তাকে কৈ চিঞৰ মাৰি
দিলে ৷ ছোৱালীজনী দৌৰি আহিল ৷ চকুৱে-মুখে অপাৰ কৌতূহল লৈ শিশুকেইটাও চাপি আহিল ৷
হস্তান্তৰিতকৰণৰ পাছতে পুনৰ আমাৰ যাত্ৰা চলিব ধৰিলে ৷ ট্ৰেকাৰৰ ড্ৰাইভাৰে ঘৰে-মানুহে চিনি পাই যেন বোধ হ'ল মোৰ ৷ এনেকৈ বস্তু অনা-নিয়া কৰি বাহনখনে, চালকজনে, এইফালৰ অধিবাসীসকলক কিমানযে
সকাহ দিছে, কিমানযে গুৰুত্বপূৰ্ণ সেৱা আগ বঢ়াই আহিছে, ভাবিবলগীয়া কথা ৷
আৰু কিছু আগ বাঢ়ি, এঠাইত বগৰী গছ এজোপাৰ কাষতে চালকে ষ্টাৰ্ট বন্ধ কৰিলে
৷ শিলনিজানৰ পৰা আহি থকা কেইবাজনো যাত্ৰী নামিব ৷ গগৈ ছাৰৰ চিনাকি মানুহজনো
নামিছে ৷ লাদি অনা বয়-বস্তু নমাবলৈ ড্ৰাইভাৰ গাড়ীৰ ওপৰত উঠিল ৷
এইফালে গছত পকা বগৰীয়ে মোক খা মোক খা কৰি আছে ৷ সেয়া দেখিয়ে গগৈ ছাৰ আৰু মোৰ গা
উঠি গ’ল ৷ দলিয়াই-ফৰ্মূটিয়াই সৰুৱাই খালোঁগৈ ৷ পকেটতো ভৰাই ল’লোঁ ইচ্ছামতে ৷ ছাৰৰ চিনাকিজনেই বিদায় লওঁতে ক’লে যে ওচৰতে,
খেনাৰিৰ পাৰত ধূনাগছ এজোপা আছে ৷ চাই আহিবগৈ পৰা যায় ৷ শুনিয়ে আমি দুয়ো লৰ মাৰিলোঁ
সেইফালে ৷ হাবি-জংঘল মহতিয়াই আৱিষ্কাৰ কৰিলোঁ গছজোপা ৷
খেনাৰিৰ পাৰতে এজোপা অতি প্ৰাচীন ধূনাগছ ৷ গা-গছৰ ক্ষতস্থানৰ পৰা ধূনাৰস
নিৰ্গত হৈ আছে ৷ স্থানীয় লোকে ইয়াক খুন বুলি কয় ৷ নিজৰ পুঞ্জীভূত জ্ঞান আৰু দৃষ্টিভংগীৰে গগৈ ছাৰে গছজোপা
একান্তমনে নিৰীক্ষণ কৰাত লাগি গ’ল ৷ তেওঁৰ নিৰ্দেশক্ৰমে গছ, পাত, গুটি, ধূনাৰ ফটো কিছুমান তুলি
দিলোঁ ৷
কাষেদি বৈ আছে শিলাময় খেনাৰি নৈ ৷ গাড়ীৰ পৰা নমা সৰহসংখ্যক যাত্ৰীৰ বসতি নৈখনৰ
সিপাৰে ৷ দলং ইয়াতো নাই ৷ শিলৰ ওপৰে ওপৰে পাৰি থোৱা গোটা বাঁহকেইডালত ভৰি দি পাৰাপাৰ হ’ব লাগে ৷ মানুহবোৰ তেনেকৈয়ে গৈছেগৈ ৷ পিঠিত বস্তা, কোলাত কেঁচুৱা লৈ পাৰ
হৈছে ৷ শিশুহঁতো গৈছে তেনেকৈয়ে ৷ লগতে পোহনীয়া কুকুৰো ৷ অলপ আগতে গাড়ীৰ পৰা বস্তু চমজি লোৱা মাক-জীয়েকহঁতকো সেইফালে যোৱা দেখিলোঁ ৷
দৃশ্যবোৰ মনোযোগেৰে চাই থাকোঁতেই নাতিদূৰত ৰৈ থকা গাড়ীচালকে দীঘলীয়াকৈ হৰ্ন বজালে ৷ বুজিবলৈ অকণো
অসুবিধা নহ’ল যে এই ইংগিতৰ লক্ষ্য আমি দুই যাত্ৰী ৷ তৰা-নৰা ছিঙি লৱৰি আহি নিজৰ চিটত
বহিলোঁহি ৷ যাত্ৰীৰ সংখ্যা কিছু কমিলত এতিয়া আৰামকৈ বহিব পৰা হ'ল ৷
No comments:
Post a Comment