২.৪ বেতকটীয়াৰ কেম্প পালোঁহি
লাহে লাহে আৰু হালি-জালি চলি থকা গাড়ীখনৰ ভিতৰত কথা পাতি পাতি গৈ আছিলোঁ ৷
আমি ডিফুৰ পৰা ধূনা গছৰ সন্ধানত অহা বুলি গম পাই গাড়ীচালক বাবু টেৰণ ভীষণ উৎসুক
হৈ পৰিল ৷ বিভিন্ন কথা সোধাৰ পাছত অলপ আগত ৰাস্তাৰ দাঁতিতে ধূনা গছ এজোপা আছে বুলি জনালে
৷ আহোঁতে-যাওঁতে প্ৰতিবাৰেই দেখা পাই থকা গছ ৷ বনাঞ্চলৰ অভ্যন্তৰত ধূনা গছ ক’ত ক’ত আছে তাৰ সম্ভেদ তাত থকা বেতকটীয়াবোৰে নিৰ্ভুলভাৱে দিব পাৰিব বুলি তেওঁ সজোৰেই
জনালে ৷ কাৰণ, জংঘলত সিহঁতেহে বেছিকৈ পিট্পিটাই ফুৰে ৷ আশাৰ এক ৰেঙণিয়ে
তৎমুহূৰ্ততে গগৈ ছাৰৰ চকু-মুখ উজলাই পেলালে ৷
নে’টৱৰ্ক পইণ্ট এৰি এইদৰে ২০ মিনিটমান যাত্ৰা কৰা হৈছে ৷ ৰাস্তাৰ বাঁওহাতে
গৰাৰ ওপৰত থকা ধূনাজোপা ক্ৰমান্বয়ে চাপি আহিল ৷ কাষ পাওঁতেই টেৰণে ব্ৰে’ক মাৰিলে ৷ এইখিনিৰ পৰা ৰাস্তাটো সামান্য ওপৰলৈ উঠিছে ৷ আমাৰ গাড়ীখন ৰৈ
যোৱা দেখি পাছৰ দুখনো আপোনা-আপুনি ৰৈ গ’ল ৷ চালক আৰু গগৈ ছাৰৰ
লগতে চাপি গ’লোঁ ময়ো ৷ খেংগা আৰু পাছফালৰ চালককেইজনো আহিল আমাৰ ওচৰলৈ
৷ গছজোপাৰ নিৰীক্ষণ চলিব ধৰিলে ৷ সদায় আগেদিয়েই পাৰ হৈ যোৱা-অহা ৷ এই গছজোপাযে বিশেষ
মনোযোগৰ কাৰণ হৈ উঠিব পাৰে গাড়ীচালকসকলে ভাবিব নোৱাৰা কথা ৷ সেয়ে কৌতূহল
আটাইৰে বাঢ়িল আৰু গগৈ ছাৰৰ সোঁৱে-বাঁৱে থিয় দিলেহি ৷ গা-গছত আগতে কোনোবাই মৰা
ঘাপ কিছুমান দেখা গৈছে যদিও ক্ষৰণ সিমান হোৱা নাই ৷ ছাৰে নখেৰে চিকুটি, ছুৰীৰে ঘুঁকুটিয়ায়ো চালে ৷ ‘বেছিকৈ খুন ওলোৱা গছ লাগিলে জংঘলৰ ভিতৰতহে পাব ছাৰ ৷’ এজনে প্ৰচণ্ড আত্মবিশ্বাসেৰে মন্তব্য কৰিলে ৷ হেঁপাহত গগৈ ছাৰৰ মুখত হাঁহি বিৰিঙি
উঠিল ৷
দুপৰীয়া ১২ বাজোঁ বাজোঁ ৷ হঠাতে ৰাস্তাটো দুভাগত বিভক্ত হ’ল ৷ এতিয়া কোনফালে পিছে ? গাড়ীখন সোঁহাতে সোমাল ৷ সিহঁতৰ কেম্প সেইফালে
আছে ৷ এনেতে পাছফালৰ পৰা মৰা বিকট হৰ্নৰ আৱাজ শুনা পাই চালকে ব্ৰে’ক ধৰিলে ৷ খেংগা নামি আহিছে ৷ আমি
যাব লাগিব বাঁওফালে ৷ ফলাফল, ছাৰ আৰু মই নামিব লাগিল ৷ গাড়ী ইমানতে বিদায় ৷
ঠিকেই আছে ৷ আপত্তিৰ প্ৰশ্ন নাই ৷ বৰং ভালহে লাগিছে ৷ এইখিনিৰ পৰা খোজ কাঢ়িবলৈ পাম ৷
পিঠিত ৰাক্ছেক্ লৈ সাজু হ’লোঁ ৷ কেম্প আগত আছে বোলে ৷ কিমান দূৰ নাজানো ৷ পদযাত্ৰা
আৰম্ভ কৰাৰ আগতে খেংগাই গাড়ীচালকহঁতৰ সৈতে কথা পাতিলে ৷ কাইলৈ কিমান সময়ত ক’ত সিহঁতৰ সাক্ষাৎ পোৱা যাব এৰা-এৰি হোৱাৰ পূৰ্বেই জানি-বুজি নল’লে ইয়াত কোনো প্ৰকাৰেই সংযোগ পাবলৈ নাই ৷ খোজ কাঢ়িব লাগিব খেনাৰিলৈকে ৷ সিফালৰ পৰা উত্তৰত কি ক’লে, কি বুজিলে সেয়া খেংগাইহে জানে ৷ আমি নিজবাটে ৰাওনা হ'বলৈ সাজু হ’লোঁ ৷
একালত জংঘলৰ পৰা কাঠ টানিবলৈ উলিওৱা ৰাস্তা ৷ ৬ চিলিণ্ডাৰযুক্ত শক্তিমান ট্ৰাক চলিছিল ৷
এতিয়া নচলে ৷ ঠায়ে ঠায়ে সেমেকা ৷ বোকা ফালি অগ্ৰসৰ হৈছোঁ ৷ দীঘল কাক-বাঁহ এডাল পৰি থকা দেখা পাই খেংগাই লগত থকা খুকুৰিৰে সমানে দুছোৱা কৰিলে ৷ এটুকুৰা নিজে আৰু আন
টুকুৰা গগৈ ছাৰে কান্ধত তুলি লৈছে ৷ ভাত-দাইল ৰান্ধিবলৈ, পানী ভৰাবলৈ ভাল হ’ব, যিহেতু পাবটোহঁত ডাঙৰ আৰু ফোঁপোলা ৷ চুঙাত ৰন্ধা আহাৰৰ সোৱাদেই
বেলেগ ৷ তেনে অভিজ্ঞতা পুনঃ পুনঃ ল’বলৈ মনটো লক্লকাই
থাকে ৷ দেখিছোঁ এইফালে বাঁহগছৰ অভাৱ নাই ৷ ইফালে আমিও, চাউল-দাইল লগত আনিছোঁ যদিও বাচন-বৰ্তন অনা নাই ৷ গতিকে চুঙাতেই কামটো হ’ব লাগিব ৷
আচৰিত নহৈ নোৱাৰিলোঁ যে হাবিতলীয়া সৰ্পিল ৰাস্তাটোৰে উঠি-নামি ২০
মিনিটমান গৈ থকাৰ পাছত হঠাতে বাঁহগছবোৰৰ অস্তিত্ব নাইকিয়া হ’ল ! বিভিন্ন প্ৰকাৰৰ সৰু-বৰ গছ-গছনিৰ পয়োভৰ আহিল ৷ নিৰ্জন হাবি ৷ হাবি ডাঙৰ হৈ আহিল ৷ ক'ৰবাত ্অচিন চৰাইৰ একোটা মাত ৷ জয়াল জয়াল অনুভৱে মনত ঠাই ল'লেহি ৷
আগ বাঢ়ি থাকি এঠাইত পালোঁ, এগালমান বেত ৰাস্তাটোতে পথালিকৈ পেলাই ৰাখিছে
৷ আৰু আগলৈ গৈ তেনেকুৱা আৰু কিছুমান পালোঁ ৷ খালৰ ওপৰত পথালিকৈ দ’ম লগাই বেত পেলাই গাড়ী যাব পৰা কৰি ৰাখিছে ৷ বেতৰ ভাৰবহন শক্তি সঁচাই
মানিবলগীয়া ৷ সৰুতে পঢ়া, মৃত্যুমুখী দেউতাক আৰু পুতেকহঁতৰ নীতি-শিক্ষা বিষয়ক
সাধুটোলৈকো একে সময়তে মনত পৰি গ’ল ৷ 'একতাই বল' নে কি আছিল নামটো ৷
বাটৰ কাষত মুঠা বন্ধাকৈ পৰি থাকি পচি যোৱা বেত কিছুমানো দেখা পালোঁ ৷
বান্ধি ৰখা হৈছিল যদিও কিবা কাৰণত উঠাই নিয়া নহ’ল ৷ দেখি বেয়া লাগিছে ৷ গগৈ
ছাৰৰো মুখেদি আপোনা-আপুনি ইস্-ইস-আস-আস শব্দ ওলাই আহিছে ৷ আনহাতে ধূনা গছ
এজোপাৰো হ’লে দেখা-দেখি নাই ৷ ছাৰৰ যেন চিন্তা বাঢ়ি গৈছে
!
এঠাইত মুঠিয়ে মুঠিয়ে দ’ম লগাই ৰখা আছে বেত এগালমান ৷ পথ প্ৰদৰ্শকজনে
আমাক সোঁহাতে সুমুৱাই নিলে, সেইবোৰৰ কাষেৰেই ৷ ৰাস্তাটো এতিয়া লুংলুঙীয়া হৈ পৰিল ৷ এঢলীয়াত
উপস্থিত হ’লোঁহি ৷ বেতনিৰ মাজে মাজে সাৱধানে নামি আছোঁ ৷ কাপোৰত কামোৰ মাৰি ধৰা
কাঁইটে গতি ৰুদ্ধ কৰিছে ৷ মাজে মাজে ট্ৰেকচুট ফালোঁ ফালোঁ কৰে ৷ ঠাইতে ৰৈ পিছুৱাই আহোঁ ৷ নিজকে মুক্ত কৰি আগ বাঢ়ােঁ ৷ টুপীত লাগি ধৰে ৷ টুপী খুলি এৰুৱাওঁ ৷ হাণ্টি
শ্বুযোৰে কিন্তু বেছ কামত দিছে ৷ এবাৰো পিছল খোৱা নাই ৷ অন্য জোতা পিন্ধি অহা হ’লে বিপদেই আছিল ৷
অকাই-পকাই সাৱধানে কিছু সময় নমাৰ পাছত নলা এটা পালোঁ ৷ বৰ্ষাৰণ্য যেন লাগিছে ৷ পাৰি থোৱা পুৰণা
গা-গছৰ ওপৰেৰে, ক’ৰবাত দেও দি, শিলত ভৰি থৈ পাৰ হৈ যি ঠাইত উপস্থিত হ’লোঁহি, এয়া কিছু সমতল ৷ কিন্তু ঘোপ মৰা ৷ কিবা গহ্বৰত সোমাই পৰা যেন লাগি গ'ল ৷ ঠাণ্ডা বেছি অনুভৱ হৈছে ৷ যাত্ৰাৰম্ভতে কোনোবা এজনে কৈছিল যে কেম্পত ঠাণ্ডা বহুত বেছি হ'ব ৷ হয় কথাটো ৷ আহি থাকি প্ৰমাণ পাইছোঁ ৷
১২ বাজি ৪০ মিনিট পাৰ হৈছে ৷ দুজোপা প্ৰাচীন আৰু প্ৰকাণ্ড গছৰ মাজেৰে সৰকি সামান্য আগলৈ গতি কৰিয়েই আমি এটা কেম্পত উপস্থিত হ'লোঁ ৷ বেতকটীয়াৰ ছাউনী ৷ গা-গছৰ দুটা খুঁটা, এডাল
মাৰলি, ওপৰত হেলনীয়াকৈ নীলা ৰঙৰ তিৰ্পাল এখন ৷ বাঁহৰ চাং দুখন ৷ বাচন-বৰ্তন কেইটামান ৷ জুই জ্বলোৱা
ঠাই দুডোখৰ ৷ দুয়োফালে জুইৰ ওপৰত ওলমাই ৰখা অৱস্থাত শুকাবলৈ আৰম্ভ কৰি ধৰিব নোৱাৰা হৈ পৰা জন্তু দুটা ৷ প্ৰথম
দৰ্শনতে পৰিৱেশটো কিবা ভৌতিক ভৌতিক লাগি গ’ল ৷
বুজিলােঁ, আজি ৰাতিটো আমি ইয়াতে খপিব লাগিব, সম্পূৰ্ণ জংঘলী কায়দাৰে ৷
No comments:
Post a Comment