১.৩ চিট পাই গ’লোঁ ট্ৰেকাৰত
ৰৈ থকা ট্ৰেকাৰ এখনৰ কাষ যেতিয়া চাপিলোঁহি, ঘড়ীত তেতিয়া ১১.৩০ বাজিছে ৷ ৰেভাৰেণ্ড আথাঙে নিশ্চিতি দিলে যে খেনাৰিগামী ট্ৰেকাৰ হয় এইখন ৷ এইফালে এইবোৰ গাড়ীয়ে চলে ৷ দেখাত গাড়ীখনৰ অৱস্থাটো দুখ লগা ৷ তাকো আকৌ সীমিত সেৱা ৷ ৰেংমা হিল্ছলৈ লাগ বুলিলেই যাব-আহিব পৰা নাযায় ৷ সময় মিলাই নিজে উপস্থিত হ’বহি লাগিব ৷ আমি ঠিক সময়তে আহি পাইছোঁ ৷
এইখন ১ বজাত এৰিব বুলি ক’লে বহি থকা যাত্ৰীয়ে ৷ ইতিমধ্যে সন্মুখৰ আসন ৰিজাৰ্ভড্ হৈ গৈছে ৷ পাছৰ শাৰীটোৰো
অৰ্ধাংশ আন যাত্ৰীৰ দখলত ৷ সৌভাগ্য যে গগৈ ছাৰ আৰু মই তাৰে বাকী ৰৈ থকা চিট দুটা পালোঁ ৷ মই দৰজা-মুখত ল’লোঁ, ড্ৰাইভাৰৰ পাছতে ৷ গগৈ ছাৰ মাজত, মোৰ বাঁওকাষে ৷ দৰজা-মুখ বুলি ক’লে আচলতে ভুল হ’ব ৷ এনে
গাড়ীত দৰজা নাথাকে ৷ ভালেই লাগিছে ব্যৱস্থাটো ৷ মুক্ত অৱস্থাৰে ঠাণ্ডা বতাহ খাই খাই, দৃশ্য চাই চাই, ফটো তুলি তুলি যাব পাৰিম ৷
ৰাক্চেকটো চিটতে
থৈ নামি আহিব খোজোঁতে ছেমুৱেলে সজোৰে বাধা দি উঠিল ৷ ‘নানামিব নানামিব, বহি
থাকক দাদা ৷ নহ’লে কোনোবাই আপোনাৰ চিট লৈ ল’ব ৷ ইয়াত সেইটো কাৰবাৰ চলে ৷ পাছত আপুনি পস্তাব লাগিব ৷’ বাৰে বাৰে সকীয়ালে সি ৷
ছেমুৱেল আৰু ৰেভাৰেণ্ড আথাঙে ট্ৰেকাৰত
আসন অধিকাৰ কৰা নাই ৷ এ-জংফাত অৱস্থিত WRBAৰ Christian Centreৰ পৰা গাড়ী আহি আছে ৷ কিছু সময়ৰ আগতে ফোন কৰি গম লোৱা
হ’ল ৷ অলপ পলম
হ’লেও তেওঁলোক
দুয়ো সেই গাড়ীৰে যাত্ৰা কৰিব ৷ শিলনিজানৰ পৰা পোনে পোনে ৰিছাংগাৰিলৈ ৷ তেওঁলোকৰ গাড়ীত চিট খালী
নাই ৷ ফোন সামৰি পেস্তৰে কথাটো স্পষ্ট কৰি দিছিল ৷ গতিকে গগৈ ছাৰ আৰু মই ট্ৰেকাৰেৰেই যোৱাটো খাটাং
হ’ল ৷ গাড়ী পালোঁ, চিট পালোঁ, এতিয়া আমাৰ বাবে এয়ে বহুত ৷
ছেমুৱেলৰ অভিজ্ঞতালব্ধ নিৰ্দেশ নিৰ্বিবাদে
মানি চিটতে থমথমকৈ বহি আছোঁ ৷ সি ৰাস্তাত টিঘিলঘিলাই ফুৰিছে ৷ এজন-দুজনকৈ পেচেঞ্জাৰ আহিব
ধৰিছে ৷ আমাৰ ৰাক্চেক আৰু বেগ ওপৰৰ কেৰিয়াৰত তুলি দিয়া হ’ল ৷ কি কিযে
নাই উঠোৱা গাড়ীখনত ! যাত্ৰীৰ সমস্ত টালি-টোপোলাবোৰৰ পৰা আৰম্ভ কৰি চাউলৰ বস্তা, কাগজৰ
কাৰ্টন, তেলৰ টিঙলৈকে লাদিছে ৷ ভিতৰতো কিছু কিছু সুমুৱাইছে ফাঁক বুজি ৷ মোনা কিছুমান
বাহনখনৰ বাহিৰত সুবিধামতে অ’ত-ত’ত বান্ধি ওলমাই
দিছে ৷ ঘোঁৰাগাড়ীহে যেন !
এক যাত্ৰীয়ে কৰিলে কি ? কাঁইটীয়া কেক্টাচৰ টাব এটা ক'ৰবাৰ পৰা আনি ড্ৰাইভাৰে
ভৰি থোৱা স্থানতে দিলে ৰাখি ৷ কাষতে তাৰ ঘৈণীয়েকজনী বহি আছিল ৷ কাণ্ড দেখি গগৈ ছাৰ আৰু
মই হতভম্ব ৷ এই অৱস্থাৰে, দুভৰিৰ মাজত কাঁইটসোপা লৈ চালকজনে গাড়ীখন চলাব কেনেকৈ ? প্ৰশ্নটো কৰোঁ কৰোঁ যেন লাগিল যদিও স্থান-কাল-পাত্ৰ লক্ষ্য কৰি মৌন অৱলম্বনেই উত্তম বুলি ৰৈ দিলোঁ ৷ নিজৰ জেগাত মজাছে বহি আলেখ-লেখ চাই আছোঁ ৷ এই যাত্ৰাযে বিচিত্ৰ আৰু মজাদাৰ
হ’ব ইমানতেই গম পাই গৈছোঁ ৷ গগৈ
ছাৰক ফুচফুচাই ক’লোঁ, ‘আজি গৈ বেলেগ ভাল
লাগিব কিন্তু, চাব হয় নে নহয় ৷’ তেওঁ মিচিকিয়াই মূৰ দুপিয়াই সঁহাৰি এটা জনালে ৷ চকু
কেক্টাচৰ টাবটোত ৷
আসন গজগজীয়া হৈ পৰাত মোক চিটৰখীয়া পাতি গগৈ ছাৰ মাটিলৈ নামিল ৷ লাগতিয়াল বস্তু দুটা ল'বলৈ থাকি গৈছিল ৷ ঘপকৈ মনলৈ অহাত মানুহজন সক্ৰিয় হৈ পৰিল ৷ এই সময়তে লৈ নল'লে থাকি যাব ৷ পাছত পোৱাৰ চান্স নাই ৷ ৰেংমা গাঁৱত আমি যিহেতু খেংগা ৰেছ’ৰ ঘৰত আলহী
হ’ম, সেয়ে ইয়াৰ
পৰাই কেতবোৰ খাদ্য-সামগ্ৰী নিজজ্ঞানে লৈ যোৱাটো সমীচীন আৰু লোৱা হৈছেও ৷ কিয়নো সিফালে
প্ৰয়োজন অনুপাতে আৰু মনৰ মতন পাবলৈ নহ'ব ৷ গগৈ ছাৰ উভতি অহাত তেওঁক দায়িত্ব
চমজাই এইবাৰ মই নামিলোঁ, ৰেভাৰেণ্ড আথাঙৰ সৈতে, অলপ টহল দি আহোঁ বুলি ৷
শিলনিজান চিনাকি ঠাই ৷ লালচাহৰ লগত খাবৰ বাবে পেস্তৰে গুড় এচপৰা আৰু বিস্কুট কিনিলে ৷ আন আন যাত্ৰীবোৰকো দেখিলোঁ শেষ মুহূৰ্তত মনলৈ
অহা প্ৰয়োজনীয় বিবিধ বস্তু খৰখেদাকৈ সংগ্ৰহ কৰি ফুৰিছে ৷ গগৈ ছাৰে লৈছে যদিও ডাঙৰ চাই বিস্কুট এপেকেটৰ লগতে ডেইৰী মিল্কৰ পেকেট দুটামান ময়ো লৈ থ'লোঁ ৷ পাহাৰত খোজ কাঢ়োঁতে লাগিব ৷
চিট কেপাচিটি ইতিমধ্যে ফুল্ হৈ গৈছে ৷ নতুনকৈ
কোনোবাই আহি কাৰো চিট কাঢ়িব নোৱাৰে এতিয়া ৷ মূৰকত অহাজনে ফুটব’ৰ্ডত ভৰি দি
পাইপত ধৰি থিয়দঙা দি যাব লাগিব ৷ তেনে যাত্ৰীও ওলালহি অৱশেষত ৷ দৌৰি-ঢাপৰি আহি নিজৰ পজিচন পকা কৰি ল’লে ৷ গাড়ী
ষ্টাৰ্ট দিলে ওপৰত উঠিবলৈকো বাট চাই ৰ’ল কেইজনমান ৷ আগে-পাছে
গৈ-আহি থকা লোক ৷ অভ্যাস আছে ৷ তেনেকৈ গৈ মজাও নলগা নহয় ৷
কাৰবি
আংলং জিলাৰ ১১টা উন্নয়ন খণ্ডৰ ভিতৰত নিলিপ অন্যতম ৷ ব্লকটোৰ স্থায়ী মুখ্য কাৰ্যালয় চকীহোলা
৷ ২০১১ চনৰ পিয়লৰ তথ্য অনুসৰি শিলনিজান ৰাজহ-চক্ৰৰ ভিতৰুৱা নিলিপ ব্লকৰ গাঁৱৰ সংখ্যা
২৮০, জনসংখ্যা ৫০,০৫৭, সাক্ষৰতাৰ হাৰ ৭০.৩৩, লিংগ অনুপাত ৯৪২ : ১০০০ ৷ অঞ্চলটো কাৰবি আংলং স্বায়ত্তশাসিত
পৰিষদৰ ২৫ নং নিলিপ সমষ্টিৰ অন্তৰ্গত ৷ বিধান সভা সমষ্টি ১৭ নং বোকাজান (অ.জ.) ৷ লোক
সভা সমষ্টি ৩ নং স্বায়ত্তশাসিত জিলা (অ.জ.) ৷ ডিফু লোক সভা সমষ্টি বুলিও কোৱা হয়
৷
যাত্ৰীসকল নিজ নিজ আসনত উপৱিষ্ট আছিলেই ৷ ভাত-পানী খাই চালকজন আহিল ৷ কেক্টাচৰ
টাবটোক লৈ প্ৰথমেই হৈ-হাল্লা অলপমান হ’ল ৷ গুজৰি-গুমৰি সেইটো তাৰ পৰা আঁতৰাই, মোনা এটাত
ভৰাই ওপৰত বান্ধিবলৈ নিৰ্দেশ দিলে ৷ নহ’লে চলাব কেনেকৈ ? ১ বজাত ইঞ্জিন ষ্টাৰ্ট দিলে ৷ ৰেভাৰেণ্ড আথাং আৰু ছেমুৱেলৰ পৰা বিদায় লওঁতে আমাক ৰিছাংগাৰিলৈ আমন্ত্ৰণ জনালে ৷ আগন্তুক দুটা দিনত তাত তেওঁলোকৰ সভাৰ কাম চলিব ৷
No comments:
Post a Comment