১৩.০২.২০২০,
বৃহস্পতিবাৰ
‘মই ওলাইছোঁ
দেই, ষ্টেচনতে আপোনাক লগ পাম, আহক’ বুলি সিফালৰ
পৰা গগৈ ছাৰে ফোনত জাননী দিয়াৰ লগে লগে ‘গৈ আছোঁ ময়ো’ বুলি সঁহাৰি
জনাই ৰাক্চেক তুলি ল’লোঁ ৷ ততাতৈয়াকৈ ঘৰৰ বাহিৰ ওলায়ে পাই গ’লোঁ অট’ৰিক্সা এখন ৷ তাতে
উঠি চিধাই ডিফু ৰে’লৱে ষ্টেচন ৷ কাকো কোনেও বিচাৰি ফুৰিবলগীয়া
নহ’লেই ৷ সহজতেই আমাৰ
দেখা-সাক্ষাৎ হৈ গ’ল ৷
তৎমুহূৰ্ততে মন কৰা কথাটো হ’ল, মোৰ বেগ মাত্ৰ এটাহে, গগৈ ছাৰৰচোন দুটা ! ৰাক্চেকৰ বাদেও অন্য এটাও আনিছে ৷ পাহাৰত টোপোলা যিমানেই বেছি হয় সিমানেই হাৰমাল ৷ কথাটি জানেনে নাজানেজানো ! সোধাত ক’লে যে সেইটোত
আচল অস্ত্ৰ-শস্ত্ৰবোৰ আছে ৷ মই মনে মনে থাকিলোঁ ৷
টিকট দুটাও তেৱেঁই আগে-ভাগে কাটি থৈছে ৷ ডিফুৰ পৰা বৰপথাৰলৈ দুজনৰ ভাড়া ৫০ টকা ৷ দূৰত্ব ৮৩ কিল’মিটাৰ ৷ ভাগৰ ভাড়াটো লগে লগে দি চাফা হৈ থাকোঁ বুলিছিলোঁ, নল’লে ৷ টিকটটো মোৰ হাতত চমজাই ভালকৈ ৰখাৰ দায়িত্বহে অৰ্পণ কৰিলে ৷ এইবাৰো চুপ হৈ ৰ'লোঁ ৷
টিকট দুটাও তেৱেঁই আগে-ভাগে কাটি থৈছে ৷ ডিফুৰ পৰা বৰপথাৰলৈ দুজনৰ ভাড়া ৫০ টকা ৷ দূৰত্ব ৮৩ কিল’মিটাৰ ৷ ভাগৰ ভাড়াটো লগে লগে দি চাফা হৈ থাকোঁ বুলিছিলোঁ, নল’লে ৷ টিকটটো মোৰ হাতত চমজাই ভালকৈ ৰখাৰ দায়িত্বহে অৰ্পণ কৰিলে ৷ এইবাৰো চুপ হৈ ৰ'লোঁ ৷
প্লে’টফৰ্মত থিয়া-থিই কৰি থকা
যাত্ৰীগণৰ মাজতে লগ পালোঁ ৱে’ষ্ট ডিফু টাউন বেপ্টিষ্ট চাৰ্চৰ
যাজক ৰেভাৰেণ্ড আথাং চেব্বে’ক ৷ লগত য়ুথ প্ৰেচিডেণ্ট ছেমুৱেল
ঠাকুৰি ৷ ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত ৰিছাংগাৰি
(Richangari)ত ৰিছাংগাৰি
বেপ্টিষ্ট চাৰ্চৰ আতিথ্যত ৱেষ্টাৰ্ণ
ৰেংমা বেপ্টিষ্ট এছ’চিয়েচন (চমুকৈ ডব্লিউ.আৰ.বি.এ.)ৰ ৭০ সংখ্যক
বাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব ৷ দুয়ো ক্ৰমে
গিৰ্জা আৰু যুৱচামক প্ৰতিনিধিত্ব কৰি তালৈ ওলাইছে ৷ পেচেঞ্জাৰখনেৰেই গৈ বৰপথাৰত নামিব
৷ তাৰ পৰা শিলনিজানলৈ যাব ৷ তাৰ পৰা ৰিছাংগাৰি পাবগৈ ৷
তাৰ মানে আমাৰ ৰাস্তা একেটাই ৷ তেওঁলোকে
আমাৰ গন্তব্যস্থল খেনাৰি (Nkhenlari)
পাৰ হৈ যাব লাগিব ৷ ৰিছাংগাৰি
খেনাৰিৰ পৰা প্ৰায় ৫ কিল’মিটাৰ আগত ৷ সেইটো প্ৰান্তৰ অন্তিমখন
ৰেংমা গাঁও ৷ দৰাচলতে খেনাৰিৰে সম্প্ৰসাৰিত এক ক্ষুদ্ৰ জনপদ ৷
ঘৰৰ কাষৰীয়া আৰু প্ৰায় প্ৰতিদিনে মুখামুখি
হোৱা এই দুই ব্যক্তিক এনেকৈ আকস্মিকভাৱে পাই স্ফূৰ্তি লাগিল ৷ যাত্ৰাটো আনন্দদায়ক কৰাৰ
মতলবেৰে ‘একেলগে বহি
গপ মাৰি যাম দেই’ বুলি অলিখিত চুক্তি এখনো হৈ গ’ল ৷ শিলনিজানৰ
পৰা আগলৈ অৱশ্যে যাত্ৰা-ব্যৱস্থা দুয়ো পক্ষৰে পৃথক পৃথক হ’ব ৷ মিছন চেণ্টাৰৰ পৰা
আহিবলগীয়া গাড়ীৰে যাব তেওঁলোক দুয়ো ৷ আমি উঠিব লাগিব খেনাৰিলৈ চলাচল কৰা ট্ৰেকাৰত ৷ আশা
কম যদিও তেওঁলোকৰ গাড়ীত যদি জোখাৰে চিট খালি থাকে তেন্তে গগৈ ছাৰ আৰু মোকো লগতে
উঠাই ল'বলৈ আগতীয়াকৈ অনুৰোধ-বাক্য এষাৰি শুনাই থোৱা হ’ল পালকজনক ৷
৫৫৯০১ নং উজনিমুৱা লামডিং-নিউ তিনিচুকীয়া
যাত্ৰীবাহী ৰে’লখন সঠিক সময়তে ২ নম্বৰ প্লে’টফৰ্মত ৰ’লহি ৷ ভবামতেই
ওচৰা-উচৰিকৈ আৰু সুবিধাজনক আসন অধিকাৰ কৰি পেলালোঁ আমি ৷ ৭.৩০ বজাত গাড়ীয়ে গতি আৰম্ভ
কৰিলে ৷ তাৰ সমানে সমানে আৰম্ভ হৈ গ’ল অজান এক ঠাইলৈ নতুন এক যাত্ৰা ৷ অন্তহীন প্ৰসংগৰ মহলা মাৰি হাঁহি-মাতি আগুৱাব ধৰিলোঁ আমি ৷
কাৰবি
আংলং জিলাৰ উত্তৰ দিশৰ বোকাজান মহকুমাৰ নিলিপ উন্নয়ন খণ্ডৰ অন্তৰ্ৱৰ্তী শিলনিজানৰ
পৰা মাত্ৰ ২৭ কিল’মিটাৰ আঁতৰত ৰেংমা পাহাৰৰ বুকুত অৱস্থিত আমাৰ লক্ষ্যস্থান খেনাৰি
৷ ৰেংমা নগা অধ্যুষিত এই এলেকাসমূহৰ প্ৰতি আগ্ৰহ মোৰ এতিয়াৰ নহয় ৷ সেই অঞ্চলৰ ভালেকেইটা গিৰ্জা সমন্বিতে ৱেষ্টাৰ্ণ ৰেংমা বেপ্টিষ্ট এছ’চিয়েচন, ৰেংমা নাগা
পিপল্চ কাউন্সিল (আৰ.এন.পি.চি.) আদি অগ্ৰণী সংগঠনৰ খ্ৰিষ্টমাছ কাৰ্যসূচী, বাৰ্ষিক কেলেণ্ডাৰ, ৰূপালী-সোণালী-হীৰক
জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থকে আদি কৰি নানান ধৰণৰ ছপা-কৰ্ম সুদীৰ্ঘ
কাল ধৰি কৰিবলৈ পোৱাৰ উপৰি গিৰ্জাঘৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিবিশেষৰ কিতাপ-পত্ৰাদি
ছপোৱাৰো সৌভাগ্য নিজৰ কৰ্ম-জীৱনত লভিছোঁ ৷ সেইবোৰ এলেকাৰ চিৰস্থায়ী বাসিন্দা
তথা পাছলৈ কৰ্মসূত্ৰে ডিফু নিবাসী হৈ আমাৰ
চুবুৰীয়া আৰু নিচেই ঘৰুৱাত পৰিণত হোৱা কেইজনমানক
প্ৰায়ে কৈ থকা হয় তেওঁলোকৰ পৈতৃক গাঁওসমূহলৈ যোৱাৰ একান্ত ইচ্ছাৰ কথা ৷ কাৰ্যকৰীহে কোনেও আজিলৈ কৰিবকে নাই পৰা ৷ নিলিপ অঞ্চলৰ পৰা গিৰ্জাৰ কামত অহা পেস্তৰসকলকো ৰেংমা গাঁওসমূহৰ
কথা সোধোঁ, আলোচনা কৰোঁ ৷ ১৯৭৭ চনতে এবাৰ চকীহোলালৈ গৈছিলোঁ ৷ সুদীৰ্ঘ বিৰতিৰ
অন্ত পেলাই সঞ্জুৰ আহ্বানক্ৰমে ২০১৯ চনৰ ৯ মাৰ্চত জংফা পালোঁগৈ ৷ সেইটো বাটে ১৯৬১ চনত স্থাপিত
ৰেংমা গাঁও চ’শ্বেনলাৰি-১ (Choshenlari-I), জংফা (Jongpha), আখৈফুটা (Akhoiphuta) দেখিলোঁ
৷ আগলৈ থকা চ’শ্বেনলাৰি-২
(Choshenlari-II), ল’লাশ্বংন্যু (Lolashongnyu), চেগুচাংৰি (Tseguchangri) বাকী ৰৈ গ’ল
৷ পৰৱৰ্তী সময়-সুযোগলৈ বাট চোৱাৰ বাহিৰে অন্য উপায় নাই ৷
এইবাৰ অন্য এটা বাটৰ ভ্ৰমণ, অন্য কেইখনমান ৰেংমা গাঁও দৰ্শন, ডক্টৰ ৰাজু গগৈৰ সংগী হ’বলৈ পোৱাৰ সুযোগত ৷ চ’গিলাশ্বংন্যু
(Chogilashongnyu), ফেনচেৰ’ (Phentsero), ৰিদংগে’ন্যু (Ridongünyu), গে’ঝেনলান্যু (Güzenlanyu), চ’শ্বেনতংৰি (Choshentongri) ৷ তাৰ
পাছত আমি যাব বিচৰা খেনাৰি ৷ খেনাৰিৰ আগলৈ ছেমুৱেল আৰু পেস্তৰ আথাং যাবলগীয়া ৰিছাংগাৰি ৷এই সকলো স্থানৰে উপস্থিতি ৰেংমা পাহাৰৰ অ'ত-ত'ত, শিখৰে-বুকুৱে বুলি জানো ৷ দৃষ্টিত কেনেকুৱা হ'ব পাৰে সেয়া এই মুহূৰ্তত একো নাজানো ৷ গুগুলতো পাবলৈ নাই ৷ ইউটিউবতো চাবলৈ নাই ৷ সৰহ মানুহ আজিও নোযোৱা ঠাই ৷
সীমাহীন আকৰ্ষণ, কাল্পনিক ৰেখাংকন আৰু অনুসন্ধিৎসাৰ উপৰি ধূনা গছৰ সন্ধানত ৰেংমা হিল্ছত পিত্পিতাবলৈ পোৱাৰ নিশ্চিত সম্ভাৱনা তথা আৰণ্যক উৎকণ্ঠাই হৃদয়ত উখল-মাখল লগাই থাকিল, যাত্ৰাৰম্ভত ট্ৰেই্নখনে ডিফু এৰাৰ পাছৰে পৰাই ৷
No comments:
Post a Comment