১.৯ খেংগা ৰেচ’ৰ ঘৰৰ আগত নামিলোঁ
থিয় গৰাটো উঠি আহি ডাঙৰ গছ এজোপাৰ তলতে গাড়ীখন ৰ’ল ৷ কোনোবা নামিব ৷ এই সুযোগতে কেনি কি আছে চকু ঘূৰাই খৰকৈ চাব ধৰিছোঁ ৷ এনেতে গগৈ
ছাৰে সন্মুখলৈ আঙুলিয়াই আনখন হাতেৰে মোক খুঁচি দিলে ৷ ‘সৌটোৱেই খেংগাদাৰ
ঘৰ ৷’
পোনে পোনে ওলাই আছে ঘৰটো ৷ ইমান সহজতে পাম বুলি ভবাই নাছিলোঁ ৷ নঙলাৰ
এইপাৰে ঘাঁহনিত শিশু তিনিটাই ওমলি আছে ৷ লগতে এটা কুকুৰ ৷ ‘নঙলাৰ সিপাৰে খেজুৰজোপাৰ তলত সেয়া কোন ? খেংগা নহয়নে ? টুপী পিন্ধি থকা
সেইটোচোন খেংগাই হয় !’ আমি আজি আহিম বুলি গম পায় ৷ ট্ৰেকাৰখন অহালৈ বাট
চাই আছিল নিশ্চয় ৷ দূৰৰ পৰাই মানুহটোক দেখা পাই বৰ ভাল লাগি গ’ল ৷ বহুত দিন মুখামুখি হোৱা নাই ৷ কথা পতা নাই ৷
ৰাস্তাৰ বাঁওহাতে গৰাৰ নামনিত খেনাৰি বেপ্টিষ্ট চাৰ্চ ৷ গিৰ্জাঘৰটোৰ ওপৰত সজা
ক্ৰছ চিহ্নৰ শীৰ্ষত ৰঙা ৰঙৰ বৃহৎ আকাৰৰ খ্ৰিষ্টমাছ ষ্টাৰ এটা ৷ ভাগৰুৱা যাত্ৰীক তৰাটোৱে যেন বাট দেখুৱাই আনিলে, খেনাৰিৰ ভূখণ্ডলৈ ! তাতোকৈও তললৈ খেনাৰি নৈখন ৷ শিল কিছুমান বুকুত লৈ সুন্দৰ ৰূপেৰে বৈ থকা দেখা
পাইছোঁ ৷ মৃদুভাৱে ভাহি আহিছে বোঁৱতী ধাৰাৰ পৰা নিৰ্গত কুলু কুলু শব্দ ৷ তাৰ সিপাৰে পাহাৰৰ আৰম্ভণি ৷ আমি
এইটো ঢালত আছোঁ ৷ অথনি আহি থাকোঁতে ৰিণিকি ৰিণিকি দেখা দিবলৈ আৰম্ভ কৰা ৰেংমা হিল্ছৰ গহীন সেউজীয়া গহ্বৰত এতিয়া নিজকে আৱিষ্কাৰ কৰি মনত অভূতপূৰ্ব আনন্দ লাগিল ৷
খেনাৰি বেপ্টিষ্ট চাৰ্চটো প্ৰতিষ্ঠা কৰা হৈছিল ১৯৫৯
চনত ৷ বিগত ২০০৯ চনৰ ৭ আৰু ৮ ফেব্ৰুৱাৰীত সোণালী জয়ন্তী ধুমধামেৰে উদ্যাপিত হৈ গৈছে ৷ ১৯৫৬ চনত Terülashong নামৰ গাঁও এখনৰ পৰা প্ৰব্ৰজন কৰি অহা
Teshithang Nandu, Pigwenen Nandu, Chenho Nandu, Khonwenyi Resho, Nshwenyi Resho
আৰু Shwenga Nyenthangএ খেনাৰিত নকৈ গাঁও পতাত গুৰি ধৰিছিল ৷ ১৯৫৮ চনত Chokethangnyu নামৰ
গাঁৱৰ পৰা চৰকাৰী গাঁওবুঢ়া Pvupiga Nanduৰ নেতৃত্বত এটা দল আহি মিলিত হয় ৷ Jamü Nyenthangৰ নেতৃত্বত
Twenlonyu (Dikhonyu) গাঁৱৰ পৰা ১০ ঘৰ মানুহ উঠি আহে ৷ একেদৰে, Nyijwenbü Nanduৰ নেতৃত্বত Terülashong গাঁৱৰ পৰা ৬ ঘৰ
মানুহ আহিছিল ৷ তেনেকৈয়ে গঠন হৈছিল খেনাৰি নামৰ এই গাঁওখন ৷ আজি ইয়াত ৬০ ঘৰৰো ওপৰ বাসিন্দা ৷ এখন অগ্ৰণী ৰেংমা নগা গাঁও ৷
আমেৰিকান বেপ্টিষ্ট মিছনেৰী ৰেভাৰেণ্ড ডব্লিউ. আৰ.
হাটন আৰু এগৰাকী কাৰবি মিছনেৰী ৰেভাৰেণ্ড মংৱে ৰংহাঙৰ জৰিয়তে খ্ৰিষ্টধৰ্মত দীক্ষিত
হৈছিল তেতিয়াৰ আৱাসীসকল ৷ আনহাতে ১৯৮৪ চনত গিৰ্জাটোৰ ৰূপালী জয়ন্তী পতাৰ সময়ত খেনাৰিৰ সৈতে বহিঃজগতৰ যোগাযোগ ব্যৱস্থা ইমানেই
শোচনীয় আছিল যে নিৰ্মীয়মান গিৰ্জাঘৰটোলৈ প্ৰয়োজনীয় বয়-বস্তুবিলাক গাঁওবাসীয়ে মূৰত
তুলি, পিঠিত লাদি ভৈয়ামৰ পৰা কঢ়িয়াই আনিবলগীয়া হৈছিল ৷ দুৰৱস্থাৰ অন্ত আক্ষৰিক অৰ্থত আজিও পৰা নাই ৷
গাড়ীখন চলিব ধৰিলে ৷ কেইটামান ছেকেণ্ড মাত্ৰ ৷ নামিবৰ হ’লেই ৷ পাক এটা মাৰিয়ে খেংগাৰ ঘৰৰ নঙলাৰ আগ পাই গ’লোঁ ৷ ওপৰত বহি
অহা যাত্ৰী এজনেই আমাৰ বেগকেইটা নমাই দিলে ৷ লগে লগে পিঠিত তুলি ল'লোঁ ৷
দূৰত্ব শিলনিজানৰ পৰা একো বেছি নহয় ৷ ইমান ওচৰতে থাকিও বেলেগ এখন জগতত সোমাই
নিজকে কিবা আচহুৱা যেন বোধ হৈছে ৷ ৰাস্তাটো আহুকলীয়া বাবেই মাত্ৰ ২৭ কিল’মিটাৰ বাট অতিক্ৰম কৰি আহোঁতে আমাক সময় লাগিল
২ ঘণ্টা ৪৫ মিনিট ৷ ভাড়া ল’লে গাইপতি ১৩০ টকাকৈ ৷ গগৈ ছাৰেই আদায় দিলে ৷ সি যি কি নহওক, চালকক ধন্যবাদ এটা জনালোঁ, বিপদসংকুল
পথ আৰু পানীৰ মাজেৰে আমাক সুকলমে আনিযে পোৱালেহি ৷ ইয়াৰ লগে লগে এটা পুৰণা স্বপ্ন পূৰণ হ’ল ৷ খেনাৰিত পদাৰ্পণ কৰাৰ লগে লগে সামান্য যদিও নিজৰ পৰ্যটন মানচিত্ৰত নতুন এটা স্থানৰ সংযোগ ঘটিল ৷
‘ট্ৰেকাৰখন ক’ত ৰ’বগৈ বাৰু ? মানে লাষ্ট
ষ্টপেজ ?’
কৌতূহলৰ অন্ত পেলাবলৈ এইদৰে সুধিয়ে পেলালোঁ চালকজনক ৷
‘ডাউনটো নামি গৈ সৌ যে স্কুল ফিল্ডখন দেখিছে তাৰ সিমূৰে ৷’ চালকে উত্তৰ দিলে ৷
‘ৰাস্তাটো ক’লৈ গৈছেগৈ ?’ আকৌ সুধিলোঁ ৷
‘লাষ্ট ৰিছাংগাৰি ৷ ৰিছাংগাৰিত খতম ৷’ তেওঁ উত্তৰ দিলে ৷ যাবলৈকো উদ্যত হ'ল ৷
বুজিলোঁ ৷ তাৰ মানে ৰেভাৰেণ্ড আথাং, ছেমুৱেলহঁতে এইটো বাটেৰেই অথনিৰ জীপচিখনেৰে
অগ্ৰসৰ হৈছে ৷ পালেগৈনে নাই জনাৰ উপায় নাই ৷ ইয়াত ফোন নিমাত ৷ যান-বাহনৰ আহ-যাহো একেবাৰে সীমিত ৷ ৰাতিটো খেনাৰিত কটাই ট্ৰেকাৰখন কাইলৈ পুৱা শিলনিজানলৈ ঘূৰিব ৷
ৰিছাংগাৰি হৈছে খেনাৰিৰে সম্প্ৰসাৰিত গাঁও ৷ ১৯৮৩ চনত ইয়াৰ পৰা ১৫টা
পৰিয়াল উঠি গৈ সেই গাঁওখন নতুনকৈ পাতিছিল, ৫ কিল'মিটাৰ আঁতৰত ৷ একেদৰে, ১৯৮৫ চনত খেনাৰিৰ ৫টা পৰিয়ালে
নকৈ চ’শ্বেনতংৰি নামৰ গাঁওখন পাতিছিলগৈ ৷ অন্যহাতে খেনাৰিলৈ তাহানিতে প্ৰব্ৰজিতসকলৰ পুৰণা গাঁওবোৰৰ অস্তিত্ব আজি আৰু পাবলৈ নাই ৷
আমাক দেখি খেংগা আগ বাঢ়ি আহিল ৷ দূৰৰ পৰাই প্ৰথমতে হাঁহিৰে সম্ভাষণ বিনিময়
৷ ওচৰ চপাত শক্তিশালী কৰমৰ্দন ৷ তেওঁ আমাক নিজৰ ঘৰটোলৈ হৰিষমনে আগ বঢ়াই লৈ গ’ল, অহা বাটৰ অভিজ্ঞতা সম্বন্ধে সুধি সুধি ৷
No comments:
Post a Comment