২.২ এটা অৰণ্য-যাত্ৰাৰ আৰম্ভণি
ঘৰৰ ভিতৰে-বাহিৰে চালোঁ যদিও খেংগাক নাপালোঁ ৷ ক’ত গ’ল জানো মানুহটো ! ৰৈ ৰৈ গগৈ ছাৰে ময়ে চাহ কৰিও খালোঁ ৷ তেতিয়াও খেংগাৰ দেখা-দেখি নাই
৷ ক’লৈ যাব পাৰে বাৰু ? অলপ পাছতে ওলালহি ৷ ওচৰতে, ওপৰফালে থকা সম্বন্ধীয় লোকৰ তালৈ
গৈছিল ৷ দুদিন ঘৰত অনুপস্থিত থাকিব হেতুকে জাননী দি আহিলগৈ ৷
যাত্ৰাৰ আগে আগে খাই যাবলৈ ৰাতি থাকি যোৱা ভাতখিনিকে ফ্ৰাইড ৰাইচ কৰাৰ
সৰ্বসন্মত সিদ্ধান্ত হৈছে ৷ লগত আলু তৰকাৰি আৰু আচাৰ ৷ কামত লাগি থকাৰ মাজতে
খেংগাই ফ্ৰেমত বন্ধা পুৰণা ফটো এখন ভিতৰৰ পৰা আনি দেখুৱালে ৷ বাঁহৰ বেৰেৰে এটা
খেৰী ঘৰ ৷ সন্মুখত চাৰিটা শাৰীত বিভক্ত হৈ আৰক্ষীৰ পোছাকত বিভিন্নজন ৷ একেবাৰে
আগৰ শাৰীৰ মাজত ৰখা ব’ৰ্ড এখনত লিখা আছে… Police Office, United Mikir & North Cachar Hills, Diphu, Assam ৷
৪০জনীয়া দলটোৰ মধ্যস্থানত বহি আছে তদানীন্তন উপায়ুক্ত চি. এছ. বুথ, আই.এ.এছ. ৷ অবিভক্ত
জিলাখনৰ প্ৰথমগৰাকী উপায়ুক্ত আছিল বুথ চাহাব ৷ কাৰ্যকাল ১৭.১১.১৯৫১ৰ পৰা
১৫.১১.১৯৫৩ পৰ্যন্ত ৷ আৰক্ষীৰো ভাৰপ্ৰাপ্ত আছিল ৷ তাৰ মানে অনুমান কৰিলোঁ যে সময়
উল্লেখ নথকা এই ফটোখন সেই কালছোৱাৰ ভিতৰৰে হ’ব ৷ এখন ঐতিহাসিক
ফটো ৷ খেংগাই সুন্দৰভাৱে সংৰক্ষণ কৰিছে ৷ ধন্যবাদ জনালোঁ ৷
গা ধোৱা, খোৱা-বোৱা হৈ যোৱা পাছতে পাকঘৰ সামৰা, ঘৰ সামৰাও হ’ল ৷ লৈ যাবলগীয়া বস্তুবোৰ আগফালৰ বাৰাণ্ডাত একেঠাই কৰা হৈছে ৷ বন্দুক,
গুলী, খুকুৰি, হাণ্টিং শ্বু, বেগ, জিন্ছ পেণ্ট, চামৰাৰ জেকেট, কাউবয় টুপী,
গামোচা, টৰ্চ লাইট, কম্বল আদি উলিয়াইছে খেংগাই ৷ আমাৰো ৰাক্ছেক্ ৰে’ডী ৷ ড্ৰেছ-পাতি কৰি সষ্টম ৷
ইয়াত ঘৰে ঘৰে বন্দুক আছে ৷ খেংগাৰো আছে ৷ লাইচেন্সযুক্ত বন্দুক ৷ খেংগাৰ বন্দুকটো হাতত লৈ চোতাললৈ ওলাই
গ’লোঁ ৷ আগ্নেয়াস্ত্ৰৰ
লগত সম্বন্ধ নাই যদিও বহুত দিনৰ মূৰত লিৰিকি-বিদাৰি ভাল লাগিল ৷ যোৰহটীয়া ছাত্ৰাৱস্থাতে
এন.চি.চি.ৰ কাৰ্যক্ৰমত এবাৰ (চন ১৯৮৬) আমাক ট্ৰাকত উঠাই ৰৰৈয়ালৈ লৈ গৈছিল ৷ ফায়াৰিং ৰেঞ্জত প্ৰশিক্ষণ ৷ থিয় হৈ, আঁঠু কাঢ়ি, শুই শুই গুলীয়াবলৈ শিকাইছিল ৷ টাৰ্গেট চিৰাচিৰ হৈ গৈছিল যদিও না পুলিচ,
বেটেলিয়ান হ’ব পাৰিলোঁ, না চি.আৰ.পি.,
আৰ্মী হ’ব পাৰিলোঁ ৷ সেয়াই
জীৱনৰ প্ৰথম আৰু শেষ পাঠ, শেষ অভিজ্ঞতা ৷ এতিয়া খেংগাৰ বন্দুকটো পাই এহাতে বন্দুক, এহাতে ম'বাইল লৈ ধুমধাম ছেল্ফি উঠাত লাগি
গ’লোঁ ৷ গুলী নভৰোৱা অৱস্থাতে যেনি-তেনি এইম কৰি লপলপীও টানি চালোঁ, কোনোবা কাল্পনিক চিকাৰীৰ ভাও দি ৷ কাণ্ড-কাৰখানা দেখা পাই গগৈ ছাৰে খুব হাঁহিলে ৷ ভাবিবলৈ বাধ্য হ'লোঁ যে তেওঁৰো অভিজ্ঞতা নিশ্চয় শৈশৱৰ পুতলা বন্দুকতে অন্ত ৷
এইখন কৰি থাকোঁতেই ১০ বাজি ১৫ মিনিট হ’ল ৷ বেত কঢ়িয়াই
অনা গাড়ী অহাৰ শব্দ দূৰৰ কেঁকুৰিত শুনা পোৱা গৈছে ৷ গগৈ ছাৰ ৰাস্তাটোৰ ফালে ভিৰাই লৰ মাৰিলে
৷ খেংগাৰ ঘৰৰ আগেদি যাওঁতে ওপৰৰ পৰাই ইংগিত দি দিলে যে আমি সাজু আছোঁ ৷ তোমালোক ঘূৰি আহাঁগৈ
৷
আনল’ড কৰি গাড়ী তিনিখন অলপতে ঘূৰি আহিল ৷ আমিও খোজেৰেই পিঠিত ৰাক্ছেক্ লৈ
হাঁহি-স্ফূৰ্তি কৰি ষ্টাৰ্টিং পইণ্ট পালোঁহি ৷ ট্ৰেকাৰ ষ্টেণ্ডটোৱেই ষ্টাষ্টিং
পইণ্ট ৷ গাড়ীকেইখন ৰৈ আছে ৷ ড্ৰাইভাৰহঁতে মটৰ চাইকেলত অহা চিনাকি স্থানীয় যুৱক কেইজনমানৰ সৈতে
কথা-বতৰাৰ লগতে হাঁহি-ধেমালি কৰিছে ৷ নগৰৰ পৰা আঁতৰৰ দুৰ্গমতাত এনেকৈয়ে এওঁলোকে এওঁলোকৰ
দৈনন্দিন পাৰ কৰি আহিছে ৷
কাষতে থকা মানুহঘৰৰ নঙলাৰ ব্যৱস্থাটোৱে পলকতে মোৰ দৃষ্টি আকৰ্ষণ কৰি পেলালে
৷ গা-গছ এডাল প্ৰথমে মাজে মাজে ফালি পেলোৱা হৈছে ৷ দুয়োটা ফালতে সমান জোখত ত্ৰিভুজাকৃতিৰ
ফুটা উলিওৱা হৈছে ৷ তাৰ পাছত চোতাললৈ সোমোৱা বাটটোৰ দুয়োফালে এডালকৈ পুতি দিছে ৷ নঙলাৰ বাঁহকেইডাল ফুটাকেইটাতে ভৰাই ৰখা হয় ৷ 'ইওচোন এক ল'কেল ৰেংমা টেক্নিক্ ৷' আঙুলিয়াই গগৈ ছাৰক ক'লোঁ ৷ তেৱোঁ মনোযোগেৰে চালে ৷
নঙলাৰ কাষতে ৰৈ আছে তিনিখন মহীন্দ্ৰ বলেৰ’ পিক্-আপ্ ৷ ফ’ৰ হুইল ড্ৰাইভ ৷ এজনে চকাবিলাক টুকুৰিয়াই পৰীক্ষা কৰি আছে ৷ হাৱা ঠিক আছেনে
নাই চাইছে ৷ এটা চকাত কম পোৱাত পাম্প উলিয়াই আনিলে ৷ কেবলৰ মূৰটো ভালভত ফিক্স
কৰি হেঁচি হেঁচি বায়ু সুমুৱাত লাগি গ’ল ৷ ব্যৱস্থাটোৱে হাঁহিৰ খোৰাক দিলে যদিও ভাবি পালোঁ যে ইয়াত এনেকৈয়ে চলি আহিছে ৷ চাৰ্ভিচিং চেণ্টাৰ, হাৱা মেচিন ক'ত থাকিব ?
যাত্ৰা প্ৰস্তুতি হৈ উঠাৰ পাছত খেংগাই প্ৰথমখন গাড়ীত ড্ৰাইভাৰৰ সৈতে গগৈ ছাৰ আৰু
মোক বহিবলৈ দিলে ৷ নিজে আমাৰ পাছৰখনত উঠিল ৷ মই খিৰিকীৰ কাষত লৈছোঁ ৷ কেমেৰা চলাই যাব লাগিব ৷ গগৈ ছাৰ মাজত ৷ পাছফালে
উঠি মুক্ত বায়ু সেৱন কৰি চৌদিশ চাই চাই গৈ থকাৰহে মন আছিল যদিও নিদিলে, ধূলি খাব
লাগিব বুলি ৷
আমাৰ চালকৰ নাম বাবু টেৰণ ৷ ইংগিত পাই তেওঁ ইঞ্জিন
ষ্টাৰ্ট দিলে ৷ ১০.৪০ বজাত বেত কঢ়িওৱা গাড়ীৰে ৰেংমা হিল্ছৰ গভীৰ অৰণ্য অভিমুখে এড্ভেন্সাৰ
যাত্ৰা এটা আৰম্ভ হ’ল ৷
No comments:
Post a Comment