১০.৩০ বাজিছে ৷ অন্যান্য যাত্ৰীগণৰ লগতে আমি চাৰি যাত্ৰীও বৰপথাৰ ষ্টেচনত নামিলোঁ ৷ প্লে’টফৰ্মৰ বাহিৰত টাটা মেজিকৰ চালকে
চিঞৰিয়ে আছিল, ‘শিলনিজান-শিলনিজান’ বুলি ৷ গোটেইকেইজনেই ঘপাঘপ উঠি লৈছোঁ ৷ গাড়ী একেখনেই ৷ এয়া নতুন বৰপথাৰ ৷ এই এলেকাৰ চলতি নাম মাটিখোলা ৷ ইয়াৰ পৰা শিলনিজানলৈ দূৰত্ব প্ৰায় ১০ কিল’মিটাৰ ৷
ষ্টেচন চৌহদৰ পৰা ওলাই অলপমান আগুৱাই গৈয়ে বজাৰখন ৷ এঠাইত চালকজন ৰ’ল ৷ সুযোগ পাই গগৈ ছাৰো নামিছে ৷ তেওঁৰ দৃষ্টি পথটোৰ দাঁতিতে থকা টু হুইলাৰৰ শ্ব’ৰূমটো ৷ ইলেকট্ৰিক চাৰ্জেৰে চলা স্কুটাৰ বজাৰলৈ আহিছে বুলি শুনিছিল ৷ দৌৰ মাৰি তাৰে খবৰ কৰি আহিলগৈ ৷ এখন
লোৱাৰ ইচ্ছা ৷ আগৰ স্কুটী পেপখন ঘেৰ্ঘেৰীয়া হ'ল ৷
ধনশিৰি নৈ পালোঁহি ৷ অতিশয় দীঘল আৰু বক্রগতিৰ নৈ এইখন ৷
পৃথিৱীৰ ভিতৰত সৰ্বাধিক সৰ্পিল পথেৰে বোৱা যিমানকেইখন নৈ আছে সেইসমূহৰ ভিতৰত
ধনশিৰিক অন্যতম বুলি ধৰা হয় ৷ নাগালেণ্ডৰ লগত অসমৰ ডিমা হাচাও আৰু কাৰবি আংলং
জিলাৰ সীমা, কাৰবি আংলঙৰ লগত গোলাঘাট জিলাৰ সীমাৰূপে বৈ থকা ধনশিৰিখন অসমৰ এখন
গুৰুত্বপূৰ্ণ নদী ৷ উৎসৰ পৰা ব্ৰহ্মপুত্ৰৰ মোহনালৈকে ইয়াৰ গতিপথৰ দৈৰ্ঘ ৩৫২
কিল'মিটাৰ ৷
ধনশিৰি হেনো পাগলী, বলিয়া ৷ তাইৰ দেওধনি লাগিলে কাৰো ৰক্ষা নাই ৷ নৈক লৈ গোৱা বা নৈক
লৈ লিখা আৰু উল্লেখ বেছিকৈ পোৱা দক্ষিণ বাহিনী নদীসমূহৰ ভিতৰত ধনশিৰি অন্যতম ৷
ধনশিৰিৰ সেই কালৰূপী বলিয়া ৰূপটোৰ বৰ্ণনা বিহুনামত এনেকৈ পাওঁ...
‘ধনশিৰি নৈখন দলহী-ৰূপহী
হাতীকো সোঁততে নিয়ে ...’
এতিয়া পিছে এইখন শান্ত-সমাহিত ৷ কালৰূপৰ পৰিৱৰ্তে চেৰেলা ৰূপ ৷ জলস্তৰ দেখি
চিন্তিতই হ’লোঁ ৷ আমি সৰুতে দেখা সেই নান্দনিকতা যেন হেৰাই গৈছে ! ব্যথিত হ'লোঁ নদীৰ চেহেৰা চাই ৷
ধনশিৰিয়ে আমাৰ বিহুনামত ডেকা-গাভৰুৰ প্ৰেমৰ চানেকিও দাঙি ধৰে ৷ এনেদৰে…
‘ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত ...’
পকী দলংখনেৰে ধনশিৰি পাৰ হোৱাৰ লগে লগে গোলাঘাট জিলা এৰি আমি কাৰবি আংলঙত সোমাই পৰিলোঁ
৷ ধনশিৰি মহকুমাৰ পৰা বোকাজান মহকুমা ৷ অলপ পাছতে পুৰণা বৰপথাৰ পালোঁহি ৷ তিনিআলিটোক কেন্দ্ৰ কৰি এইটো মূৰৰ তাহানিৰ নাম আছিল মাছপট্টি
৷ শুকান মাছ বেপাৰৰ থলী আছিল ৷ সিটো মূৰ অৰ্থাৎ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৰাস্তাটোৰ ফালে শান্তিপুৰ ৷
পুৰণা চিনাকি জেগাকণ পাই পুৰণা স্মৃতি কিছুমানে আমনি কৰিব ধৰিলে ৷ দেওবৰীয়া বজাৰখনৰ পৰা অকণমান আগলৈ বাঁওহাতে, ৰাস্তাটোৰ দাঁতিতে, জেঠাই আৰু মাহীৰ ঘৰ আছিল ৷ সম্প্ৰতি ককাই-বৌহঁতৰ বসতি ৷ মাহীৰ ঘৰটো আৰু কিছু আগলৈ গ'ল ৷ একে শাৰীতে এসময়ত সৰু মামাৰো ঘৰ আছিল ৷ এই অঞ্চলটোৰ বৃহৎ মাটি-বাৰীৰ গৰাকী আছিল আমাৰ মাতামহজনা ৷ পিছে এতিয়া সেই মনুষ্যও নাই, সাম্ৰাজ্যও নাই ৷ কথাবোৰ দিনে দিনে পুৰণা হ’লগৈ ৷ দৃশ্যবোৰো সলনি হ'ল ৷
পুৰণা চিনাকি জেগাকণ পাই পুৰণা স্মৃতি কিছুমানে আমনি কৰিব ধৰিলে ৷ দেওবৰীয়া বজাৰখনৰ পৰা অকণমান আগলৈ বাঁওহাতে, ৰাস্তাটোৰ দাঁতিতে, জেঠাই আৰু মাহীৰ ঘৰ আছিল ৷ সম্প্ৰতি ককাই-বৌহঁতৰ বসতি ৷ মাহীৰ ঘৰটো আৰু কিছু আগলৈ গ'ল ৷ একে শাৰীতে এসময়ত সৰু মামাৰো ঘৰ আছিল ৷ এই অঞ্চলটোৰ বৃহৎ মাটি-বাৰীৰ গৰাকী আছিল আমাৰ মাতামহজনা ৷ পিছে এতিয়া সেই মনুষ্যও নাই, সাম্ৰাজ্যও নাই ৷ কথাবোৰ দিনে দিনে পুৰণা হ’লগৈ ৷ দৃশ্যবোৰো সলনি হ'ল ৷
নিৰিবিলি শান্তিপুৰলৈ সৰু কালছোৱাত নিয়মিতভাৱে অহা হৈছিল ৷ সঁচাই যেন
এটুকুৰা শান্তিৰ ঠাই ৷ ইয়াত লগ পোৱা পাঁচোটাকৈ মাতুল ভাই-ককাইৰ লগত মুকলিমূৰীয়াভাৱে
পিতপিতাই ফুৰিছিলোঁ ৷ কুঁহিয়াৰনিত সোমাই পূৰঠ কুঁহিয়াৰ, ঘৰৰ পাছফালৰ তুলতুলীয়া লিচু আৰু অন্যান্য
ফলমূলবোৰ ইচ্ছামতে মহতিয়াই গৈছিলোঁ ৷ চাহ বাগানতো সোমাইছিলোঁগৈ ৷ খেল
খেলিছিলোঁ ৷ কিযে উজ্জ্বল আৰু আনন্দৰ দিন আছিল সেইবোৰ ! সময়ৰ ধামখুমীয়াত
ক্ৰমান্বয়ে আটাইবোৰ মোলান পৰিল ৷ জীৱন-যুদ্ধৰ অচিলাত
আহ-যাহো সীমিত হৈ থাকিল ৷ হ’লেও স্মৃতিয়ে অতীতৰ সোণালী মুহূৰ্তবোৰ হৃদয়ৰ মধুকোষত সযতনে সুমুৱাই ৰাখিছে আৰু
ৰাখিব ৷ স্বাভাৱিকতে তাৰেই এতিয়া লেঠাৰি নিছিগা ৰোমন্থন চলিছে, যথাস্থান পাই ৷
সোঁৱৰণিৰ বুকুৰে ভাবত বিভোৰ হৈ যাত্ৰা কৰি থাকোঁতে মাত-কথা মোৰ বন্ধ হৈ পৰিছিল ৷ গগৈ
ছাৰেহে কিবিকিবি বৰ্ণনা কৰি গৈছে ৷ বজাৰ তিনিআলিৰ পৰা পোনে পোনে ৩ কিল’মিটাৰমান আগত ৰাস্তাটো ৰাষ্ট্ৰীয় ঘাইপথত সংযোজিত হৈছে ৷ কিছু সময়ৰ পাছতে আমি নেশ্বনেল
হাইৱে’ ৩৯ত উঠিলোঁহি ৷ এই সংযোগস্থলৰ পৰা বৰপথাৰলৈ উভতি ৮
কিল’মিটাৰ, সৰুপথাৰলৈ ২০
কিল’মিটাৰ, জামুগুৰিলৈ ২৫
কিল’মিটাৰ ৷ নীলা চাইনব’ৰ্ড এখনত স্পষ্টভাৱে উল্লেখ কৰা আছে ৷
এন.এইছ. ৩৯ বুলিলেই যেন কালিকা লগা বস্তু ! কোনফালেৰে আগুৱাম ? গাড়ীচালকে মাজে মাজে ৰৈ ৰৈ ভাবিবলগীয়া হয় ৷ নামবৰ সংৰক্ষিত বনাঞ্চলৰ মাজৰছোৱা বৰ জঘন্য
আছিল ৷ ভূমিকম্পৰ জোকাৰণিৰ দৰে সৰ্বশৰীৰ কঁপাই তোলে ৷ একালত মোৰ খুব আহ-যাহ চলিছিল যদিও আজিকালি গমনা-গমন প্ৰায় নোহোৱাৰ দৰেই ৷
১০.৫০ত শিলনিজানত উপস্থিত হ’লোঁ ৷ শিলনিজান এইফালৰ এখন ব্যস্ত মফছলীয়া ঠাই ৷ বাছ-ট্ৰাককে ধৰি নাগালেণ্ড,
মণিপুৰগামী সৰু-বৰ বাহনবোৰে দিনে-ৰাতিয়ে প্ৰাণৱন্ত কৰি ৰাখে এই ব্যৱসায়িক স্থলী ৷ কমলা
টেঙাৰ দিনত খেনাৰি, জংফা, আখৈফুটাৰ কমলাৰে ৰাস্তাৰ দুয়োপাৰ হালধীয়া হৈ থাকে ৷ ইয়াতে
ফাৰ্মাছি এখনত ছেত্ৰী উপাধিৰ যুৱক এজন কৰ্মৰত আছিল ৷ আমাৰ ক্ৰিকেট টীমত এবাৰ একেলগে খেলিছিলোঁ
৷ শিলনিজানলৈ আহিলেই তেওঁলৈ মনত পৰে ৷ এতিয়াও পৰিছে ৷ ক'ত আছে বা ! নাজানো ৷
ৰে'লে-মেজিকে মিলাই ডিফুৰ পৰা ইমান পৰে প্ৰায় ৯৩ কিল’মিটাৰ অহা হ’ল ৷ শিলনিজানতে ভাতকেইটা খাই ল’ব লাগিব ৷ পূৰ্বৰ খাদ্য-অভিজ্ঞতাৰ দোহাই দি 'ভাল খানা খুৱাম ব'লক' বুলি কৈ ছেমুৱেলে এঠাইলৈ আথে-বেথে নিলে যদিও হোটেলখন বন্ধ ৷ খবৰ কৰি জনা গ'ল যে সেইখন কেতিয়াবাই বন্ধ হৈ গৈছে ৷ গতিকে
দ্বিতীয় নিৰ্বাচন, নিজৰ অভিজ্ঞতাৰ ভিত্তিত ৰেভাৰেণ্ড আথাঙে প্ৰস্তাৱ কৰা মণিপুৰী হোটেলতে পদাৰ্পণ কৰা হ’ল ৷ শিলনিজান-খেনাৰি যাত্ৰাপথত যিহেতু ৰ'বলৈ নাই আৰু ৰ'লেও একো খাবলৈ পাবলৈ নাই, গতিকে উদৰ ফিট্ফিটীয়া কৰি ল’বলৈ বাৰে বাৰে সকীয়াই থাকিল ছেমুৱেলে ৷ ৰসিকতাৰ মাজেৰেই দিনৰ সাঁজ সমাপ্ত কৰা হ'ল ৷ গহীন-গম্ভীৰ খোজ লৈ ৰাজআলিৰ কাষে কাষে চাৰিও আগুৱাই যাব ধৰিলোঁ ট্ৰেকাৰ ষ্টেণ্ডলৈ ৷ হাতে-পিঠিয়ে নিজৰ নিজৰ টালি-টোপোলা ৷
No comments:
Post a Comment