১৪.০২.২০২০, শুক্ৰবাৰ
২.১ খেনাৰিত প্ৰাতঃভ্ৰমণ
৬ বাজিবলৈ কেইটামান মিনিট বাকী থাকোঁতেই গগৈ ছাৰ আৰু মই মুকলি আকাশৰ তললৈ
ওলাই আহিলোঁ ৷ বাটচ’ৰাৰ কাষৰ ধূনা গছজোপা চোৱাৰ কথা বন্ধা আছিল
কালিয়েই ৷ এতেকে কালবিলম্ব নকৰি পদব্ৰজে ৰাওনা হ’লোঁ সেইফালে ৷
খেনাৰিতচোন কুঁৱলী নাই ! জাৰ হ’লে আছে ৷ ভবাৰ লগে
লগে এটা কথা অনুভৱ কৰিলোঁ যে সৌ-সিদিনা মাত্ৰ আনিনি, আচ্হিছ’ আৰু মায়’ডিয়াত অকথ্য ঠাণ্ডাৰ মুখামুখি হৈ অহাৰ পাছত
খেনাৰিৰ এই শীতলতা মোৰ শৰীৰ কঁপাব পৰা একো কাৰক হৈ উঠিব পৰা নাই ৷ নতুবা
মনোজগতত ইয়াকে লৈ কোনো চিন্তা-প্ৰতিক্ৰিয়াও সৃষ্টি হোৱা নাই, যিমানখিনি ডক্টৰ
গগৈ ছাৰৰ কথা-বতৰা, ভাব-ভংগী, চাল-চলনত প্ৰকাশ পাইছে ৷ আনহাতে কিন্তু এইটো কথাত
নিশ্চিত হৈ আছোঁ যে ৰেংমা হিল্ছৰ ৰ’দ নপৰা অৰণ্যৰ
অভ্যন্তৰত উষ্ণতা ইয়াতকৈ নিশ্চয়কৈ কিছু হ’লেও তলত থাকিব ৷
তাৰ বাবে প্ৰস্তুত হৈ যাব লাগিব ৷
খেংগা ৰেশ্ব’ৰ চৌহদৰ প্ৰৱেশত থকা নঙলামুখত থিয় দিলেই
পোনছাটেই চকুহালক টানি নিয়ে পূব দিগন্তৰ পাহাৰলানিক পৃষ্ঠপটত লৈ সগৌৰৱে
দণ্ডায়মান হৈ থকা গিৰ্জাঘৰটোৱে ৷ আকাশখন মুকলি ৷ পুৱাৰ পোহৰত গিৰ্জাটো জল্মলাই
উঠিছে ৷ কাষতে ওখকৈ ক’লা ৰঙৰ পাথৰ এটা ৷ জুবিলী ষ্ট’ন ৷ ৰেংমা নগাসকলে শিল পুতি এইধৰণে স্মাৰক ৰাখে ৷ সংক্ষেপে কথাংশও তাতে
খোদিত কৰি থয় ৷ ইয়াতো থৈছে ৷ বৰ্তমান খেনাৰি বেপ্টিষ্ট চাৰ্চটোৰ পালক
Tsangthanga Nyenthang ৷
ৰেংমা নগাসকল আজি আধুনিক শিক্ষাৰে শিক্ষিত হৈছে ৷ ইয়াৰ মূলতে আছিল American
Baptist Foreign Mission Societyৰ উৎসাহ আৰু প্ৰেৰণা ৷ তেওঁলোকৰ তৎপৰতাতে
গোলাঘাটত মিছন স্কুল প্ৰতিষ্ঠা হৈছিল ৷ ইফালে পাহাৰত খেতি-বাতি কৰা আৰু নিজৰ
কলা-কৃষ্টি বৰ্তাই ৰাখি জীৱন ধাৰণ কৰাতে এই লোকসকলৰ জীৱন সীমাবদ্ধ আছিল ৷ যিশুৰ
সন্ধান বা শিক্ষা গ্ৰহণ আছিল ভাবিব নোৱাৰা কথা ৷ ঠিক তেনেকুৱা সময়তে দুজন ৰেংমা
ডেকা ক্ৰমে Serisheng Sebü আৰু Jokhen Sebüই পৰিয়াল, বন্ধু-বান্ধৱ তথা গাঁৱৰ মায়া-মোহ একাষৰীয়াকৈ
থৈ নিকটৱৰ্তী আগ বঢ়া ঠাই গোলাঘাটলৈ বুলি ওলাই গৈছিল ৷ পঢ়া-শুনা কৰাৰ উদ্দেশ্যে
দুয়ো তাৰ মিছন স্কুলত ভৰ্তি হ’ল ৷ অধ্যয়নৰত অৱস্থাতে ১৯১৪ চনত গোলাঘাটত তেওঁলোকৰ শিক্ষক ৰেভাৰেণ্ড জন
মজেছ কাৰ্ৱেলে দুয়োকে খ্ৰিষ্ট ধৰ্মত দীক্ষিত কৰায় ৷ ঘৰলৈ উভতি আহি চেৰিশ্বেং
চেব্বে’ই
ৰেভাৰেণ্ড কাৰ্ৱেলৰ তত্ত্বাৱধানত ১৯১৭ চনত নিজৰ গাঁও শ্বাহোন্যুত এখন
মিছনেৰী স্কুল স্থাপন কৰে ৷ বিদ্যালয়খনৰ প্ৰথমগৰাকী শিক্ষক হিচাপে শিক্ষকতা কৰাৰ
লগতে ৰেংমাসকলৰ মাজত খ্ৰিষ্টৰ বাণী প্ৰচাৰতো তেওঁ ব্ৰতী হয় ৷
ৰেংমা সমাজৰ প্ৰথম গিৰ্জাঘৰটো নিৰ্মাণ কৰা হৈছিল ১৯৩২ চনত, ল’লাশ্বংন্যুত, সেই সময়ৰ অগ্ৰণী মিছনেৰী ৰেভাৰেণ্ড ডব্লিউ. আৰ. হাটনৰ তত্ত্বাৱধান আৰু ক্ৰমে গুৱাথাংন্যি চেব্বে’, চানথাং জিছিং (প্ৰচাৰক) আৰু উক্ত গিৰ্জাৰ পালক কেনিনল’ চেব্বে’ৰ সহযোগিতাত ৷ গিৰ্জা প্ৰতিষ্ঠাৰ পাছত মিছনেৰী স্কুলখন শ্বাহোন্যুৰ পৰা ল’লাশ্বংন্যুলৈ তুলি অনা হয় ৷ শিক্ষক হিচাপে নিযুক্ত কৰা হয় কান্দিৰ টেৰণক ৷
এইটো সহজবোধ্য যে পুৰণি ধ্যান-ধাৰণা পৰিত্যাগ নকৰা তাহানি কালৰ গাঁওবোৰত
মিছনেৰীৰ প্ৰৱেশ সহজসাধ্য মুঠেই নাছিল ৷ ৰেভাৰেণ্ড হাটনৰ নেৰানেপেৰা চেষ্টাত সেয়া
সম্ভৱ হৈছিল ৷ কাৰবি ভাষাৰ সৈতে ৰেংমাসকলৰ পৰিচয় থকাত ছাম হাঞ্চে নামৰ কাৰবি লোক
এজনে তেতিয়া দোভাষীৰ কাম কৰিছিল ৷ মানুহে লাহে লাহে ঈশ্বৰৰ বাক্য শুনিব ধৰিলে,
সেই বাণীয়ে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিলে ৷ খ্ৰিষ্টৰ প্ৰতি আকৰ্ষিত হ’ল ৷
এনেকৈয়ে আমেৰিকান আৰু কাৰবি প্ৰচাৰকৰ জৰিয়তে লাহে লাহে ৰেংমা
নগাসকলে খ্ৰিষ্টান বিচাৰ-ধাৰা, জীৱন-চৰ্যাক আঁকোৱালি ল’লে ৷ ৰেংমা অধ্যুষিত অঞ্চলত ধৰ্ম প্ৰচাৰক
হিচাপে গুৱাশ্বিং চেব্বে’, মংৱে ৰংহাং, হলিৰাম ইংলেং আদিয়ে সেই সময়ত বগা চাহাবৰ সৈতে সহযোগ কৰিছিল
৷ এইদৰে ব্যাপ্তি লাভ কৰি ১৯৪৯-১৯৫১ চনৰ ভিতৰত সকলো ৰেংমা লোকেই ধৰ্মীয়ভাৱে
খ্ৰিষ্টান হৈ পৰে ৷
আমি দেখি থকা খেনাৰিৰ গিৰ্জাটোৱে প্ৰতিষ্ঠা লভিছিল ১৯৫৯ত ৷ সম্প্ৰতি গাঁওখনৰ বাসিন্দাৰ সংখ্যা ৬০ ঘৰতকৈও বেছি ৷ খেংগাই সংখ্যাটো কৈছিল ৷ মইহে পাহৰিলোঁ ৷ চৰকাৰী গাঁওবুঢ়া Rongshwen Nandu ৷ পাহাৰৰ বক্ষত কৰা জুম খেতিৰ উপৰি মূলতঃ কমলা বাগানৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ আবাসীসকল ৷ সময়ৰ সোঁতত, বয়স হোৱাত গছবোৰ ক্ৰমাৎ মৰি যাব ধৰিছে ৷ ইয়াৰোপৰি, ২০১৩ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়তো যথেষ্ট ক্ষতিসাধন হ’ল ৷ খোৱানি, খেনাৰি আদি গাঁওকেইখন তেতিয়া আক্ৰান্ত হৈছিল ৷ কমলা গছ কাটি খাস্তাং ৷ আশ্ৰয় শিৱিৰৰ আলহী হ’বলগীয়া হৈছিল দুৰ্দশাগ্ৰস্ত মানুহবোৰ ৷ সেয়া আছিল খেনাৰিৰ দুৰ্ভগীয়া অতীত ৷ যাক লাহে লাহে পাহৰিবৰ চেষ্টা কৰা হৈছে ৷ সমন্বয়ৰ মাজেৰে জীৱন সংগ্ৰাম পুনৰায় আগ বাঢ়িছে ৷
আমি দেখি থকা খেনাৰিৰ গিৰ্জাটোৱে প্ৰতিষ্ঠা লভিছিল ১৯৫৯ত ৷ সম্প্ৰতি গাঁওখনৰ বাসিন্দাৰ সংখ্যা ৬০ ঘৰতকৈও বেছি ৷ খেংগাই সংখ্যাটো কৈছিল ৷ মইহে পাহৰিলোঁ ৷ চৰকাৰী গাঁওবুঢ়া Rongshwen Nandu ৷ পাহাৰৰ বক্ষত কৰা জুম খেতিৰ উপৰি মূলতঃ কমলা বাগানৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ আবাসীসকল ৷ সময়ৰ সোঁতত, বয়স হোৱাত গছবোৰ ক্ৰমাৎ মৰি যাব ধৰিছে ৷ ইয়াৰোপৰি, ২০১৩ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়তো যথেষ্ট ক্ষতিসাধন হ’ল ৷ খোৱানি, খেনাৰি আদি গাঁওকেইখন তেতিয়া আক্ৰান্ত হৈছিল ৷ কমলা গছ কাটি খাস্তাং ৷ আশ্ৰয় শিৱিৰৰ আলহী হ’বলগীয়া হৈছিল দুৰ্দশাগ্ৰস্ত মানুহবোৰ ৷ সেয়া আছিল খেনাৰিৰ দুৰ্ভগীয়া অতীত ৷ যাক লাহে লাহে পাহৰিবৰ চেষ্টা কৰা হৈছে ৷ সমন্বয়ৰ মাজেৰে জীৱন সংগ্ৰাম পুনৰায় আগ বাঢ়িছে ৷
জুম খেতিৰ লগতে কমলা উৎপাদন এইটো প্ৰান্তৰ বিশেষত্বপূৰ্ণ জীৱন-ধাৰা যদিও
ইয়াৰ মানুহবোৰে অ’ত-ত’ত কাম-বন কৰিও
জীৱিকা মোকলায় ৷ পৰিষদীয় সমষ্টি ২৫-নিলিপ, বিধান সভা সমষ্টি ১৭-বোকাজান, লোক
সভা সমষ্টি ৩ নং স্বায়ত্তশাসিত জিলা (অ.জ.)ৰ অন্তৰ্গত এই গ্ৰাম্যাঞ্চল কাৰবি
আংলঙৰ বোকাজান মহকুমাৰ নিলিপ উন্নয়ন খণ্ডৰ ভিতৰুৱা ৷
কাৰবি আংলঙৰ নাগা ৰেংমা মৌজাত অন্তৰ্ভুক্ত খেনাৰিলৈ জিলা সদৰ ডিফুতকৈ গোলাঘাটৰ পৰাহে ওচৰ ৷ দূৰত্ব প্ৰায় ৬০ কিল’মিটাৰ ৷ বজাৰ-সমাৰ কৰিবলৈ ৰেংমা মানুহখিনি সহজপক্ষে তালৈকে যায় ৷ ডিফুলৈ ইয়াৰ
পৰা ১২৭ কিল’মিটাৰ ৷ পথেই য’ত নাই, গতিকে জিলা সদৰলৈ বাদেই, পোনপটীয়া যোগাযোগ বা যাতায়াত ব্যৱস্থা ক'লৈকোৱেই নাই ৷ আদবাটৰ বগামাটি নতুবা শিলনিজানৰ পৰা বাছ
ধৰিবগৈ লাগে ৷ ৰে'ল ধৰিবলৈ হ'লে যাব লাগে বৰপথাৰ ৷ তালৈ ইয়াৰ পৰা ৩৭ কিল'মিটাৰ ৷ নিকটৱৰ্তী সেই ষ্টেচনত নামিয়ে আমি কালি মেজিক আৰু ট্ৰেকাৰেৰে বগাই ওলালোঁহি এই ঠাই ৷
এইবোৰ গুণা-গঁথা কৰি থাকোঁতেই শিলনিজান অভিমুখী ট্ৰেকাৰখন ঘেঁ ঘেঁকৈ তলৰ পৰা উঠি অহাৰ শব্দ শুনা পালোঁ
৷ গাড়ীৰ ওপৰত বস্তু-বাহানি এগালমান ৷ আমাৰ কাষেদিয়েই গুচি গ’ল ৷ ইয়াৰ পাছত দিনটোলৈ আৰু কোনো পৰিৱহণ নাই ৷ কিবা কাৰণত কাৰোবাৰ যাবলগীয়া
ওলালে নিজা ব্যৱস্থাপনাৰে যাব লাগিব ৷ বহু সময়ত এই মানুহখিনিৰ খোজ লোৱাৰ বাদে গত্যন্তৰ নাথাকে ৷
আৰু অলপমান আগুৱাই যোৱাৰ পাছতে একেটা দিশতে দেখা দি থকা খেনাৰি নৈখনৰ অপৰূপ
নৈসৰ্গিক শোভাই মন মুহি পেলালে ৷ 'গা ধুবগৈ পৰা হ’লে ভাল আছিল ৷' এইবুলি কৈছিলোঁহে, লগত থকাজন আগ্ৰহী হৈ উঠিল ৷ পিছে সময়টো অনুকূল নহয় ৷ 'বেমাৰ হ'ব লাগিলে চিকিৎসা কেন্দ্ৰ এটাও নাই ইয়াত ৷ বাদ দিয়ক, ব'লক ৷' কথা আৰু আগ নবঢ়াই সামৰিলোঁ প্ৰসংগটো ৷
গাঁৱৰ আদৰণী তোৰণখন পালোঁহি ৷ ৰাস্তাৰ বাঁওকাষে ওচৰতে ধূনা গছজোপা ৷ গগৈ
ছাৰে জংঘল ফালি চাপি গৈ নিৰীক্ষণ কৰিলে ৷ গুৰিৰ পৰা হাতে ঢুকি পোৱালৈকে গা-গছৰ অ’ত-ত’ত যধে-মধে মৰা ঘাপবোৰ দেখি আমাৰ দুখো লাগিল, খঙো উঠিল ৷ গছজোপাৰ পৰা
কোনোবাই এনেকৈয়ে ধূনা সংগ্ৰহ কৰি আহিছে ৷ ডিফুলৈ ঘূৰি যোৱাৰ পূৰ্বে গৱেষণাৰ অৰ্থে প্ৰয়োজনীয় সমলখিনি সংগ্ৰহ কৰাৰ পণ লৈ দুয়ো উভতিলোঁ ৷
ফিৰি আহি আছোঁ ৷ পোন বাটে যোৱাৰ পৰিৱৰ্তে উচ্চতালৈ উঠি গৈ তাৰ পৰা নামনিৰ
গিৰ্জাটো, নৈখন আৰু সিপাৰৰ পাহাৰবোৰ চোৱাৰ হেঁপাহ জাগিল ৷ পাহাৰৰ এঢলীয়াৰে আৰোহণ
কৰি আছোঁ ৷ বিশেষ সঁজুলি এটাই মনোযোগ আকৰ্ষণ কৰিলে ৷ প্লাষ্টিকৰ ডাঙৰ পাত্ৰ
এটা ৷ বোধ কৰোঁ তেলৰ আধাৰ আছিল ৷ এটাফালে ৪ ইঞ্চি ব্যাসৰ পাইপ এডাল সোমাই আছে ৷
তাতোকৈ সামান্য তলেদি আন দুটাফালে সোমাই আছে ১ ইঞ্চি ব্যাসৰ ৪ডাল পাইপ ৷ বুজি পালোঁ,
ডাঙৰ পাইপডালেৰে পাহাৰৰ ভিতৰৰ কোনোবা উৎসৰ পৰা বোৱাই অনা পানী এইখিনিৰ পৰা চাৰিডাল
পাইপেৰে চাৰি ঘৰলৈ ভাগ হৈ গৈছে ৷ ৰেংমা ল'কেল আইডিয়া ৷ ডিষ্ট্ৰিবিউচন ষ্টেচনটো ভাল
লাগিল ৷ মেঘালয়ৰ মাউলিন্নঙত ভলুকা বাঁহ থিয়ৈ থিয়ৈ পুতি তাতে পাইপ সুমুৱাই সজা অন্য এক অদ্ভুত
জল বিতৰক সঁজুলি দেখিছিলোঁ ৷ সেইটোও মনলৈ আহিল ৷ ভিন্ন ঠাই, ভিন্ন চিন্তা আৰু ব্যৱহাৰিকতা যদিও অভাৱেই আৱিষ্কাৰৰ মূল ৷
চৌহদৰ ভিতৰত খেংগাৰ মুক্তাংগনত উপস্থিত হোৱাৰ পাছতে গগৈ ছাৰ খৰখেদাকৈ ভিতৰ পালেগৈ ৷
যন্ত্ৰ আৰু কাগজ-কলম লৈ ওলাই আহিল ৷ এঠাইত ৰৈ ভৌগোলিক অৱস্থান পৰীক্ষা কৰিব ধৰিলে ৷ হাতত লৈ থকা নোটবুকত লগে লগে ৰেকৰ্ডো কৰি গ'ল ৷ যন্ত্ৰই খেংগাৰ চোতালৰ স্থানাংক জনালে, 26° 17' 53.7" N, 93° 39' 15.3" E ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ২৪৪ মিটাৰ ৷
সংৰক্ষণৰ উদ্দেশ্যে চোতালতে পৰি থকা সৰু শিলগুটি এটা বুটলি লৈ ভিতৰ সোমাই গ’লোঁ গৃহস্থক চিঞৰি চিঞৰি ৷ জংঘল যাত্ৰালৈ ওলাবৰ সময় হৈ আহিছে ৷
No comments:
Post a Comment