১.১১ ৰেংমা গাঁৱত সান্ধ্য-ভ্ৰমণ
৬ বাজি পাৰ হ’ল ৷
খেনাৰিক এতিয়া ক্ৰমাৎ অন্ধকাৰে গ্ৰাস কৰি আনিছে ৷ নিৰিবিলি সন্ধিয়াটোত আমি খেংগাৰ
লগত ওলাইছোঁ গাঁও ফুৰিবলৈ ৷ এনেকৈ ওলাই যোৱাৰ অন্তৰালত দ্বিতীয় উদ্দেশ্য এটাও
নথকা নহয় ৷ আচলতে সেইটোহে মূল কথা ৷ বেত কঢ়িওৱা গাড়ীকেইখন লাষ্ট ট্ৰিপটো লৈ
জংঘলৰ পৰা আহি পাবৰ হৈছে ৷ ড্ৰাইভাৰক খেংগাই এতিয়াই কৈ ৰাখিব যে কাইলৈ আমিও যাম
সিহঁতৰ লগতে ৷ নহ'লে অন্য কোনো বিকল্প নাই ৷
মুকলি আকাশৰ তললৈ ওলায়েই মন কৰিলোঁ, পাহাৰীয়া শীতলতাই চৌদিশ আৱৰি
পেলাইছে ৷ অতিশয় শান্ত-সমাহিত খেনাৰিৰ সন্ধিয়াৰ পৰিৱেশ ৷ খেংগাৰ বাৰীৰ সীমাৰ কাষে
কাষেই কেঁচা ৰাস্তাটো তললৈ গৈছে, যিফালে আমি যাব লাগিব ৷ মানুহ-দুনুহ এটাও নাই ৷
তিনিওৰে হাতত নিজা নিজা টৰ্চ লাইট ৷ তাৰে পোহৰ পেলাই আমি যেন তিনিটা জোনাকী
পৰুৱাহে ! এঢলীয়াৰে নামি থাকি নলা এটা আৱিষ্কাৰ কৰিলোঁ ৷ খল্ খল্কৈ পানী বৈ আছে
৷ লক্ষ্য নাতিদূৰৰ খেনাৰিখন ৷ পাহাৰৰ পৰা নামি অহা এইফালৰ নলা-নৰ্দমা, জান-জুৰি,
জলস্ৰোত মাত্ৰেই লক্ষ্য সেই একেটাই ৷ খেনাৰি-দৈগ্ৰোং-ধনশিৰি হৈ ব্ৰহ্মপুত্ৰত
মহামিলন ঘটি অন্তিমত বংগোপসাগৰ ৷
নলাৰ পানী বৈ যোৱা কালভাৰ্টটোৰ কাষতে দীঘলীয়াকৈ দুটা ঘৰ ৷ দুয়ো ঘৰৰ সোঁমাজতে চাইনব’ৰ্ড এখনো আছে ৷ তালৈকে পোনাই টৰ্চ মাৰি দিয়াত নীলাত বগা
আখৰখিনি উজলি উঠিল ৷ Khanari L. P. School, Estd. 1948, Cluster – Bepari, Education Block – Nilip, Dist. – Karbi Anglong, School Code – 0604201 ৷ উত্তেজনা এটাই তৎমুহূৰ্ততে দেহে-মনে
ক্ৰিয়া কৰিব ধৰিলে ৷
দেশে স্বাধীনতা লাভ কৰাৰ সমসাময়িকভাৱে, জিলা গঠনৰো পূৰ্বে
প্ৰতিষ্ঠা লভা স্কুল এইখনেই তাৰ মানে ৷ সিবছৰ জংফালৈ যাত্ৰা কৰি থাকোঁতে বগামাটি
পাওঁতে ভ্ৰমণ-সংগী সঞ্জুৱে এইফালে অৰ্থাৎ বাঁওহাতে ফাটি যোৱা
ৰাস্তাটোলৈ আঙুলিয়াই কোৱা মনত আছে যে আগলৈ, খেনাৰিত আওপুৰণি এল. পি. স্কুল
এখন আছে ৷ এইবাৰ দেখাৰ সৌভাগ্য হ’ল ৷ প্ৰথমেই পোৱা পুৰণা ঘৰটো উঁৱলি গৈছে ৷
কাষতে পাছত সজা আৰ.চি.চি. গৃহ ৷ ছাত্ৰ-ছাত্ৰী ১২-১৩জনমান, শিক্ষক এজন বুলি
শুনিলোঁ ৷ মানে একক শিক্ষাগুৰুযুক্ত বিদ্যালয় ৷ চৰকাৰী নিযুক্তিপ্ৰাপ্ত শিক্ষকজনে
ভাৰাতীয়া শিক্ষয়িত্ৰী এগৰাকীৰে কাম চলাই আহিছে বুলিও কাণত পৰিল ৷ শিক্ষানুষ্ঠান
বুলিবলৈ খেনাৰিত এই একেখনেই ৷ অধিক পঢ়া-শুনা কৰিবৰ হ’লে বাহিৰলৈ নগৈ উপায় নাই ৷ চাবলৈ গ'লে এইবোৰ
একো-একোটা ডাঙৰ সমস্যা ৷ নিজে আহি দেখিলেহে হৃদয়ংগম কৰিব পাৰি ৷ দুখ লাগে
মানুহবোৰলৈ ৷
সন্মুখৰ মুক্তাংগনত ভলীবল খেলা হয় ৷ খুঁটাহালৰ মাজত নে’ট এখন ওলমি থকা দেখি বুজাত অসুবিধা নহ’ল ৷ ফিল্ডখনৰ সিটো মূৰে থকা মানুহঘৰৰ চৌহদৰ
ভিতৰতে শিলনিজানৰ পৰা খেনাৰিলৈ চলাচল কৰা, আমাক কঢ়িয়াই অনা ট্ৰেকাৰখনৰ আস্থান,
ট্ৰেকাৰ ষ্টেণ্ড ৷ কাইলৈ পুৱা ৬ বজাত তাৰ পৰাই ৰাওনা হ’ব শিলনিজান অভিমুখে ৷ দেওবাৰে নচলে ৷ কালি
যাবলগীয়া জনৈক যাত্ৰীয়ে কিবা বস্তু কঢ়িয়াইছে ৷ চিট এতিয়াই দখল কৰি ৰাখিব লাগিব ৷
এনেকৈ লৈ নথ’লে বা কৈ নাৰাখিলে
বহিবলৈতো নাপায়েই, আনকি যাবলৈও নাপাব পাৰে ৷ তেনেকুৱা হ’লে এদিন ৰৈ দিব লাগিব আৰু পৰৱৰ্তী দিনত চিট
কনফাৰ্ম কৰি যাব লাগিব ৷ এয়া যেন খেনাৰিৰ বৈশিষ্ট্য আৰু বিচিত্ৰতা !
পৰিৱহণ-ব্যৱস্থাটোৰ বিষয়ে জানি অবাক হ'লোঁ ৷ ছেমুৱেলে কিয় মোক
শিলনিজানত চিট এৰি নানামিবলৈ দঢ়াই দঢ়াই কৈছিল, কথাটো পুনৰ মনলৈ উভতি আহিল ৷ একে
সময়তে মনত পৰিল জীৱনৰ আন এক স্মৰণীয়, বিচিত্ৰ অভিজ্ঞতা ৷ ১৯৯৯ চনত লভা সেই
মধুৰতাকণৰ ভাগ খেংগা আৰু গগৈ ছাৰক লগে লগে দিবৰ বাবে উচ্পিচনি এটাও হৃদয়খনত
আপোনা-আপুনি চঞ্চল হৈ উঠিল !
হামৰেনৰ এটা বিয়লি ৷ নতুন বজাৰৰ ফালে ফুৰিবলৈ ওলাই গৈছিলোঁ ৷ দেখা
পালোঁ যে মেঘালয় পৰিৱহণ সংস্থাৰ দীঘলীয়া বাছ এখন সৰু চহৰখনৰ মাজ-মজিয়াত থকা অসম
ৰাজ্যিক পৰিৱহণ নিগমৰ আস্থানটোত সোমাইছেহি ৷ পাহাৰত ইমান দীঘল যাত্ৰীবাহী বাছ !
স্বাভাৱিকতে মনত মোৰ প্ৰশ্ন উদয় হ’ল ৷ ‘সেইখন ক’ৰ পৰা আহিল ?' লগত থকা ভনী-জোঁৱায়ে উত্তৰ দিলে,
‘জোৱাইৰ পৰা ৷’ পশ্চিম কাৰবি আংলঙৰ সদৰ হামৰেনৰ পৰা মেঘালয়ৰ
জোৱাইলৈ দূৰত্ব ৯৬ কিল’মিটাৰ ৷ এই দুই জেগাৰ
মাজত বাছ চলে বুলি মোৰ ধাৰণাই নাছিল ৷ তেতিয়াহে প্ৰথমবাৰলৈ গম পাইছোঁ ৷ ‘কোনফালেদি যায় ?’ সুধিলোঁ ৷ ‘খান্দুলি হৈ ৷ পুৱা গৈ এতিয়া ঘূৰি আহিছে ৷’ খান্দুলি শব্দটো শুনাৰ পাছতে যাযাবৰী মনটোৱে
লক্লকাবলৈ আৰম্ভ কৰিয়ে দিলে ৷ খান্দুলিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা মানুহৰ মুখে
মুখে ৷ গতিকে হামৰেনলৈ অহাৰ সুযোগতে চাই থৈ আহিব পাৰি দেখোন ৷ চিন্তাটো এনেকুৱা
হৈ পৰিল ৷
ভনীহঁত থকা কোৱাৰ্টাৰলৈ উভতি অহাৰ পাছত ইচ্ছাটোৰ বিষয়ে
উলিয়াবলৈহে পালোঁ, অত্যুৎসাহী জোঁৱায়ে ‘হয় নেকি, তেতিয়াহ’লে এতিয়াই যাব লাগিব’ বুলি মোক লগত লৈ ততাতৈয়াকৈ ওলাই আহিল ৷ ক’লৈ যায়, কি কৰে নাজানো ৷ খোজ কাঢ়িয়ে দুয়ো
বাছ ষ্টেণ্ড পালোঁহি ৷ প্ৰাতঃকালীন যাত্ৰাৰ উদ্দেশ্যৰে বাছখন যথাস্থানত অৱস্থানৰত
৷ পৰিৱেশ নিমাওমাও ৷
য’ত যি নিয়ম ৷ মেঘালয়
চৰকাৰৰ হামৰেন-জোৱাই বাছখনৰ দৰজা খুলি উঠি গ'ল জোঁৱাই ৷ পাছে পাছে কৌতূহলী মই ৷
দুজনীয়া ছিট এটা দাঙি লৈ আহিলোঁ তাত বাহৰ পাতি থকা হাউচিং ব’ৰ্ডৰ
কোৱাৰ্টাৰলৈ ৷ মানে আমাৰ চিট ৰিজাৰ্ভড্ ! সন্মুখৰ আসনবোৰ ইতিমধ্যে অন্তৰ্ধান হৈ
গৈছিলেই ৷ ভাগ্যে পাছ চকাৰ ওপৰৰ চিটটো মিলিল ৷ আৰু অকণমান পলম হোৱা হ’লেই
ঠোঁট-মুখ চেলেকি উভতিব লাগিলহেঁতেন ৷ আমি অ’পাৰেচনটো ঠিক শেষ কৰাৰ সময়তে অপৰিচিত
জনৈক আগন্তুকো বাছখনত উঠিছিলহি, একেটা উদ্দেশ্যৰে ৷
পাছদিনা ধলপুৱাতে কাষলতিৰ তলত চিটটো লৈ ওলাই দিলোঁ দুয়ো ৷
অলপদূৰ মই লওঁ, অলপদূৰ ভনী-জোঁৱায়ে ৷ মুখমণ্ডলত হাঁহি আৰু আশ্চৰ্যৰ ভাব ৷ বাছ
ষ্টেণ্ড পাই দেখোঁ যে বিভিন্ন দিশৰ পৰা যাত্ৰীসকল আহিব ধৰিছে ৷ হাতে হাতে আমাৰ
দৰে চিট একোটা ৷ গাড়ীখনত উঠি যথাস্থানত ফ্ৰেমত বহুৱাই দিলোঁ আৰু বহি ল’লোঁ ৷
এতিয়া এই আসন আমাৰ ৷ কাৰো প্ৰতাপ নচলে ৷ অলপ পাছত জয়ন্তীয়া ড্ৰাইভাৰ উঠিল ৷
ইঞ্জিন ষ্টাৰ্ট দিলে ৷ যাত্ৰীয়ে বিয়পাই দিয়া চিগাৰেটৰ ধোঁৱা, তামোল-ধঁপাতৰ
গোন্ধৰ সৈতে সহাৱস্থান কৰি গৈ থাকি এসময়ত পালোঁগৈ খান্দুলি ৷ তাৰ পাছত জোৱাই ৷
বিয়লি ঘূৰিও আহিলোঁ একেটা বাটেৰেই, একেখন গাড়ীতে ৷ জীৱনৰ স্মৰণীয় ভ্ৰমণটোৰ কথা
কৈ কৈ আটায়ে হাঁহিব ধৰিলোঁ খুবমতে ৷
তেনেকুৱাতে ওপৰৰ পৰা গাড়ী অহাৰ শব্দ শুনা গ’ল ৷ কেঁকুৰি ঘূৰি
দিয়াৰ লগে লগে পোহৰো দেখা পালোঁ ৷ বেতৰ গধুৰ বোজা লৈ নামি আহিছে মহীন্দ্ৰ বলেৰ’
পিক্-আপ্ এখন ৷ এটা হে’ডলাইট নাই ৷ এটাৰেই আহিছে ৷ খেংগাক দেখি ড্ৰাইভাৰজনে
ব্ৰে’ক মাৰিলে ৷ ‘ৰেংমাদা, ক’ত যায়’ বুলি চিঞৰ এটাও মাৰিলে ৷ খেংগাই ছিগনেল
দিবলগীয়া নহ’লেই ৷ ডেকা চালকজনৰ লগত পুৱা আমাৰ যোৱাৰ বিষয়ে অন্তৰংগভাৱে আলোচনা
চলিল ৷ ৰাতিপুৱা ফাৰ্ষ্ট ট্ৰিপ অনাৰ পাছত ঘূৰি যাওঁতে যাব পাৰিম বুলি ক'লে ৷
সুধিলোঁ, ‘ৰাস্তাটো কেনেকুৱা ?’ ‘বঢ়িয়া ৷ গ’লে নিজেই গম পাব নহয় কাইলৈ ৷’ হাঁহি
মাৰি তেওঁ খেংগাৰফালে চালে ৷
অলপ পাছতে একে জাতৰ গাড়ী আৰু দুখন আহি ওলাল ৷ একেই ৰূপ ৷ ফুল ল’ড
৷ উচ্চগ্ৰামত গান বজাই আহিছে ৷ দুখ-ভাগৰ, ভয়-ভীত নাই ৷ তিনিখন বাহন, তিনিজন সাহসী
চালক ৷ সকলোৱেই খেংগাৰ চিনাকি ৷ চালক আৰু খেংগাৰ কথাবোৰ শুনি থাকি গগৈ ছাৰে মোৰ
ফালে চাইছে, মই তেওঁৰ ফালে ৷ বন্দবস্ত সুকলমে হৈ যোৱাত সুখী সুখী লাগিল দুয়োৰে ৷
হালি-জালি কেৰেক্-মেৰেক্কৈ পিক্-আপ্কেইখন নিজবাটে অগ্ৰসৰ হ’ল ৷
ঘেঁ ঘেঁ কৰি গৰাটো উঠিছেগৈ ৷ অথনি আমি আহোঁতে খেনাৰি সোমাওঁতেই দেখি অহা, দ’ম
লাগি থকা বেতবোৰৰ কাষতে আনল’ড কৰা হ’ব ৷ তাৰ পাছত এই একেটা পথেৰেই ওভতনি, ৰেংমা
হিল্ছৰ দুৰ্গম অভ্যন্তৰলৈ ৷ ৰাতিটো অৰণ্যত থকা কেম্পত, বনৰীয়া জন্তু-জানোৱাৰৰ
মাজত ৷ বেত বোজাই কৰি পুৱাতে প্ৰথম ট্ৰিপ লৈ আহিব ৷ আমাৰ অপৰিচিত এচাম লোকৰ এয়াই
জীৱন পৰিক্ৰমা ৷ ধূনা গছ বিচৰাৰ উদ্দেশ্য লৈ আমিও সোমামগৈ, কাইলৈ ৷ ওচৰৰ পৰা
চাবলৈ পাম অৰণ্যৰ ৰহস্য, জীৱিকাৰ সংগ্ৰাম ৷ ভবাৰ লগে লগে উত্তেজনাৰ মাত্ৰাটো তুংগ
পালেগৈ ৷
খেংগাক অনুসৰণ কৰি এইবাৰ আৰম্ভ হ’ল আৰোহণ ৷ একে লেথাৰিয়ে কিছু সময়
ধৰি ওপৰলৈ খোজ কাঢ়ি থকাৰ পাছত এঘৰৰ তেওঁ নঙলা গুচালে ৷ বীৰদৰ্পে সোমাই গ’ল আৰু
ঘৰ এটাৰ পাছফালেৰে পাক ল’লে ৷ দৰজা এখনৰ আগত থমকিল ৷ নিজৰ দোৱানত কথা কোৱাত
লাগিল ৷ অলপ পাছতে কাঠৰ দুৱাৰখন খোল খালে ৷ অগা-পিছাকৈ সোমাই গ'লোঁ তিনিও ৷
খেংগাৰ পৰিচিত, আমাৰ চিনাকি নাই ৷ ফেব্ৰুৱাৰীৰ কঁপনি উঠোৱা জাৰ ৷ প্ৰৱেশৰ পাছতে
চিধাই জুইৰ গুৰিত থকা মুঢ়া এটা পাই তাতে বহি দিলোঁ ৷ ওপৰত ধোঁৱা চাং ৷ ইফালে
সিফালে ঘৰুৱা বস্তু-বাহানিবোৰ সিঁচৰতি হৈ আছে যদিও পৰিপাটি ৷
ফুটছায়ে আৱৰি পেলোৱা অঙঠাবোৰে যেন আমাৰ উপস্থিতিত প্ৰাণহে ফিৰাই
পালে ! শক্তিশালী ফু কেইটামান মাৰিলত ক্ষন্তেকতে ৰূপ সলাই দগ্মগাই উঠিল ৷ খৰি
জাপি দিয়াত পোহৰ আৰু উত্তাপ ক্ৰমান্বয়ে বাঢ়ি আহিল ৷ গৃহস্থই জুই-ছাইৰ সংগ এৰি
লেপৰ তলত সোমোৱাৰ যো-জা কৰিছিলেই হেনো ৷ হঠাতে ঘটা আমাৰ আগমনে ক্ষান্ত হ’বলৈ
বাধ্য কৰালে ৷ কাষতে থকা বিছনাৰ আঁঠুৱাখন নমোৱা অৱস্থাত আছে ৷ তাকে দেখি নিজকে
কিবা অপৰাধী অপৰাধী যেনো নলগাকৈ নাথাকিল অৱশ্যে ৷ অসময়ত আহিলোঁ ৷ পাহাৰত
মানুহবোৰে সোনকালে খায়, সোনকালে শোৱে, পুৱা সোনকালে উঠি কামত ধৰে বুলি
জানোৱেই ৷ যি কি নহওক, খেংগাই পৰিস্থিতি ধুনীয়াকৈ চম্ভালি ল’লে ৷ পৰিৱেশটো
বন্ধুত্বপূৰ্ণ আৰু সহযোগিতাপূৰ্ণ হৈ উঠিল ৷ জুইকুৰাত খৰি আৰু কেইডালমান জাপি দিয়া
হ'ল ৷
খেনাৰিৰ বয়োবৃদ্ধ লোকৰ ঘৰ এইখন ৷ গৃহস্থ-গৃহস্থনী আৰু নাতিনী
এজনী থাকে ৷ বাকীবোৰ দূৰে দূৰে ৷ অশিক্ষিত নাতিনীজনীহে গাঁৱতে ৰৈ গ’ল ৷ আনবোৰ
দিহিঙে-দিপাঙে গ’লগৈ কেতিয়াবাতে ৷ সময়ে সময়ে আহে ৷ খ্ৰিষ্টমাছত ঘৰ ভৰি পৰে ৷
আনন্দমুখৰ হৈ উঠে ৷ খেংগাৰ মধ্যস্থতাত চা-চিনাকি হোৱাৰ পাছতে ৰামে ৰেংমা নামৰ
গৰাকীজনে নিজৰ পা-পৰিয়ালৰ বিষয়ে প্ৰাণ খুলি জনাই গ’ল আমাক ৷
ৰেংমা মানুহে অসমীয়া বুজি পায় ৷ ক’বও পাৰে ধুনীয়াকৈ ৷ ৰেংমা আৰু
অসমীয়াৰ বুৰঞ্জীপ্ৰসিদ্ধ পুৰণা সম্পৰ্ক আছে ৷ তেনেকুৱা সম্পৰ্ক এটাৰ উঁহ বিচাৰিয়ে
জংফাত নিশা থাকি লৈ ৰেংমা হিল্ছৰে কেইহাং ৰেন্চ’ অৰ্থাৎ কেইহাং পৰ্বত বা
সাম্প্ৰতিক কালৰ কালা পাহাৰত সোমাইছিলোঁগৈ মাৰ্চ ২০১৯ত ৷ সেয়া জংফা ৷ এয়া খেনাৰি
৷ ৰাস্তাৰে ঘূৰি-পকি দূৰত্ব বেছি হ'লেও হিল্ ট্ৰেকেৰে খেনাৰি অধিক দূৰত নাই
বুলিছিল তেতিয়া ৷ অনুমান কৰিছোঁ যদিও অন্ধকাৰত ধৰিব পৰা নাই দিশটো কেনি হ’ব পাৰে
৷ ভূগোলৰ অধ্যাপক ডক্টৰ গগৈ ছাৰ লগতে আছে, অথচ সোধা হোৱা নাই ৷
চিকাৰীৰ ঘৰ এইখন ৷ আজিকালি পিছে সেইবোৰ কাম এৰিলে ৷ বন্দুকটো আছে
যদিও দেহাত বল-শক্তি কমি আহিল ৷ চকুৱেও অসহযোগ কৰিবলৈ ল’লে ৷ পুৰণা কিছু অভিজ্ঞতা
জনালে প্ৰাক্তন চিকাৰীজনে ৷ খেনাৰিৰ অতীত সম্বন্ধেও শুনিবলৈ পালোঁ তেওঁৰ মুখেৰে ৷
নাগালেণ্ডৰ খনমালৈ যাওঁতে তাতো আংগামী চিকাৰী এজনৰ ঘৰত সোমাইছিলোঁগৈ ৷ নিজ হাতে
বধ কৰা জন্তুবোৰৰ মুণ্ড, ঠেং, নখ আদিৰে বেৰবোৰ সজ্জিত আছিল ৷ এইজন চিকাৰীৰ
বাঁহ-টকৌপতীয়া ঘৰটোত তেনে সম্পদ এতিয়ালৈ দৃষ্টিগোচৰ হোৱা নাই যদিও বেৰখনতে থকা
বাচন-বৰ্তন ৰখা ব্যৱস্থাটোৱেহে পোনছাটেই মোৰ দৃষ্টি আকৰ্ষণ কৰিলে ৷ বহাৰ পৰা
উঠি গৈ থলুৱা কায়দাটো চাই ল’লোঁ ভালদৰে ৷ সাধাৰণ ঘৰ, অসাধাৰণ বুদ্ধিমত্তা ৷
ভিতৰুৱা অঞ্চলৰ মানুহবোৰে এনেকৈয়ে নিজৰ সুবিধাকণ নিজে নিজে কৰি লয় ৷ পৰমুখাপেক্ষী
নহয় ৷
পাছ পৰা এনেকুৱা দুৰ্গম ঘোঁকটৰ পৰা জীৱন-জীৱিকাৰ সন্ধানত
প্ৰব্ৰজিত হৈ ৰেংমাসকল জিলা সদৰ ডিফু চহৰকে ধৰি অন্যান্য ভালেমান ঠাই পাইছেগৈ ৷
২০১১ চনৰ তথ্যমতে ডিফুত বসতি কৰা ৰেংমা পৰিয়াল আছিল ৪১টা ৷ আজিৰ তাৰিখত সংখ্যাটো
নিশ্চয়কৈ অনেক ডাঙৰ হ’ব ৷ তাৰে ফলস্বৰূপে খেনাৰিতো এতিয়া বুঢ়া-মেথা আৰু ঘৰ এৰিব
নোৱাৰা কিছুমানহে আছে ৷ পঢ়া-শুনাৰ উদ্দেশ্য লৈ ল’ৰা-ছোৱালীবোৰৰ সৰহভাগেই
বাহিৰত ৷ একেটা কাৰণতে বহুতো পৰিয়ালৰ মাতৃগৰাকীৰ সৈতে সন্তানকেইটাক নিকটতম
শিলনিজানত হ’লেও ৰখা হৈছে ৷ ইয়াত ভাল শিক্ষা বুলিবলৈ নাই ৷ খেংগায়ো তেনেকুৱা
ব্যৱস্থা ল'বলৈ বাধ্য হৈছে ৷ পৰিয়ালৰ সদস্যসকল প্ৰয়োজনত গাঁৱৰ ঘৰলৈ আহে ৷ আন
নহ'লেও ডিচেম্বৰত সকলোটি গোট খায় ৷ প্ৰাণ পাই উঠে খেনাৰিয়ে ৷ এতিয়া নিমাওমাও ৷
কথা পাতি থকাৰ মাজতে থাংচিৰ ককায়েক-বৌৱেক আৰু অন্য এগৰাকী মহিলা
আহি ওলাল ৷ গিৰ্জাৰ পৰা আহিছে তেওঁলোক ৷ ইভিনিং চাৰ্ভিচ আছিল ৷ আমাৰ পাল্লাত পৰি
প্ৰাৰ্থনালৈ যোৱা নহ’ল খেংগাৰহে ৷ ‘অতিথি দেবো ভব’ই এই নিয়মীয়া কামটোত আজি
বাৰুকৈয়ে যতি পেলালে ৷ সেইটো মই ভালকৈ বুজি পাইছোঁ ৷ নিজৰ দোৱানত আগমনকাৰীসকলক
কাৰণ দৰ্শোৱাৰ লগতে তেওঁলোকৰ সৈতে খেংগাই আমাক চিনাকি কৰাই দিলে ৷
কাষতে, সিফালে আছে থাংচিহঁতৰ ঘৰটো ৷ সিও আজি ডিফুৰ পৰা অহাৰ কথা
আছিল ৷ কিবা কাৰণত নোৱাৰিলে ৷ থাংচি জিশ্বিং ডিফুত আমাৰ ঘৰৰ ওচৰতে থকা খেনাৰিৰ
যুৱক ৷ ৰেংমা নাগা ষ্টুডেণ্টছ ইউনিয়ন (আৰ.এন.এছ.ইউ., প্ৰতিষ্ঠা ১৯৬১ চন)ৰ সভাপতি ৷
একনিষ্ঠ সমাজকৰ্মীও ৷ আমাৰ চিনাকি পুৰণা ৷ কেইহাং ৰেংমা ফুকনৰ মৈদাম চাবলৈ যাওঁতে
থাংচিয়েই আমাৰ আমন্ত্ৰণকাৰী আৰু মূল গাইড আছিল ৷ সি কাইলৈ আহিব ৷ তাৰ নিজৰ গাঁওখনত
তাক লগ পালে কিমানযে ভাল লাগিব !
চাহ কৰিব খুজিছিল নাতিনীজনীয়ে ৷ আমিয়ে বাধা দিলোঁ ৷ আৰু কিছুপৰ
কথা পাতি উভতিলোঁ খেংগাৰ তালৈ বুলি ৷ ৭.৩০ বাজি গ'ল ৷
No comments:
Post a Comment