১.১০
দীৰ্ঘ বিৰতিৰ মূৰত খেংগাক লগ পালোঁ
থিয়'ল'জীৰ স্নাতক ডিগ্ৰীধাৰী যদিও নিজকে ‘কাল্টিভেটৰ’ বুলি কৈ সুখ পোৱা খেংগা ৰেশ্ব'ৰ কৰ্মক্ষেত্ৰ বহুমুখী আৰু ভিন্নসুৰী ৷ কম বয়সৰে পৰাই তেওঁ এজন অগ্ৰণী সমাজকৰ্মী ৷ ৱেষ্টাৰ্ণ ৰেংমা বেপ্টিষ্ট এছ’চিয়েচন (ডব্লিউ.আৰ.বি.এ., প্ৰতিষ্ঠা ১৯৪৯ চন)ৰ তেওঁ ভূতপূৰ্ব সভাপতি ৷ ৰেংমা নাগা পিপলচ্ কাউন্সিল (আৰ.এন.পি.চি., প্ৰতিষ্ঠা ১৯৫২ চন)ৰ প্ৰাক্তন সভাপতি ৷ প্ৰাক্তন ছাত্ৰ নেতা ৷ ৰেংমা নাগা কালছাৰেল ছ'চাইটি (আৰ.এন.চি.এছ., প্ৰতিষ্ঠা ১৯৬৯ চন), কাৰবি আংলং বেপ্টিষ্ট কনভেনচন (কে.এ.বি.চি., প্ৰতিষ্ঠা ১৯৮০চন)ৰ সৈতেও জড়িত আছিল ৷ এনেকৈ বহু কিবা-কিবি ৷ অফুৰন্ত কৰ্মশক্তি তথা প্ৰাণশক্তিৰ অধিকাৰী তেওঁ ৷ সৰ্বোপৰি, মোৰ ডাঙৰ মামাৰ লগৰ মামা, আখৈফুটা-জংফা গাঁৱৰ চিন্দু চেব্বে' (এতিয়া প্ৰয়াত) ৰেংমা হিল্ছৰ সেইটো প্ৰান্তৰ যেনেকৈ কমলাটেঙাৰ ৰজা, এইটো প্ৰান্তত খেংগা ৰেশ্ব' ৷ হাতে-কামে কৰি খোৱা মানুহ ৷ স্বাধীনমনে জীয়াই থাকি ভাল পোৱা লোক ৷ কাকতালীয়ভাৱে, ইয়াৰ প্ৰমাণ আমাৰ আগমনৰ ব্ৰহ্ম-মুহূৰ্ততো নোপোৱাকৈ নাথাকিলোঁ ৷
‘ৰেংমা, কি কৰি আছিল আপুনি ?' নামনিৰ দিশে ক্ৰমাৎ আঁতৰি যোৱা ট্ৰেকাৰখনলৈ শেষ দৃষ্টি নিক্ষেপ কৰি খেংগালৈ চকুহাল ঘূৰালোঁ আৰু প্ৰথম প্ৰশ্নটো কৰিলোঁ ৷
Nyenthangnyu,
Nangdunyu, Sebünyu, Kenpvunyu, Reshobünyu, Jishingbünyu, Hingbünyu আৰু
Kanrinyu হৈছে ৰেংমা নগাৰ আঠোটা ফৈদ বা খেল ৷ উপাধি হিচাপে তেওঁলোকে নিজৰ
ফৈদৰ নামটোকে চমুৱাই লিখে ৷ যেনে Nyenthang, Nandu, Sebü, Kempvu, Resho,
Jishing, Himbü আৰু Kangri ৷ ৰেংমা শব্দটো নিলিখাকৈও হয় ৷ এইখিনি জানিও মোৰ
দৰে অৰেংমাই ফৈদ হিচাপে সম্বোধন নকৰি ৰেংমা লোকমাত্ৰেই জনগোষ্ঠীয় পৰিচয়টোৰেই মাতি
আহিছোঁ ৷ খেংগাৰ সৈতেও তাহানিৰে পৰাই এই একেটা কথাই ঘটি আহিছে ৷ ঘপহকৈ এৰোঁনো কেনেকৈ
? গগৈ ছাৰেও নিজতকৈ বয়সত ডাঙৰ হেতুকে মাজে মাজে খেংগাদা, মাজে মাজে ৰেংমাদা ৷ খেংগায়ো
এইটো একো ধৰ্তব্য বা বিসদৃশ বুলি ভাবি থকা নাই ৷ স্বাগতম জনাই আগুৱাই নি তেওঁ আমাক আগফালৰ কোঠা
এটাত সুমুৱালেগৈ ৷ কথা-বতৰাও চলি থাকিল খোজৰ সমানে সমানে ৷
‘পাছফালে ধান বানি আছিলোঁ ৷ কালি-পৰহি ডিফুলৈ চাউল
নিব লাগে ৷ মিচেচ, ল’ৰা, ছোৱালী চব ডিফুত ৷ ইয়াত মোৰ ঘৰত মানুহেই নাই ৷ নিজেই চব
কৰিব লাগে ৷’ উত্তৰ আহিল এইদৰে ৷
ঘৰটো
আৰ.চি.চি. ৷ দেউতাকৰ দিনৰ পুৰণা অৰ্থাৎ পৰম্পৰাগত চাংঘৰ এটা একাষে, পাহাৰৰ এঢলীয়াত আজিও
আছে ৷ অৱধাৰিতভাৱেই জীৰ্ণ ৰূপ পাইছেহি ৷ এতিয়া আমি দেখা পকী ঘৰটোৰ আগফালে চোতাল, পাছফালে ভঁৰাল
৷ ফুলনি, বাৰী, তামোল-নাৰিকলকে ধৰি বিভিন্ন গছ-গছনি ৷ খেতিপথাৰ, কমলা বাগান বেলেগে
৷ চৌহদেৰে সৈতে এই বৃহৎ এলেকাটো অকলে অকলে চোৱা-চিতা কৰাটো মুখৰ কথা নহয় ৷ পাছফালেই
আছে নিজৰ ৰাইছ-মিল ৷ তাতেই তেওঁ ব্যস্ত আছিল ৷ ট্ৰেকাৰখনৰ সময়টো বুজি ওলাই আহিছিল ৷
‘কাম কৰি কৰি মইটো বুৰা হৈ গৈছে হ’ ৷’ এইবুলি
কৈ খেংগাই হাঁহিলে ৷ কথাত নাগামিজৰ সুৰ নতুন কথা নহয় ৷ কিন্তু বহুদিন ধৰি নেদেখাকৈ থকাৰ পাছত আজি লগ পাই মই মন কৰিলোঁ, খেংগাক
আগতকৈ বয়সে আঁচুৰিলে ৷ হ’লেও কৰ্মঠ হৈ আছে মানুহটো ৷
আমাৰ
বাবে খুলি দিয়া আগ ফালৰ কোঠাটোত সোমাবলৈ লৈ দেখিলোঁ, মজিয়াখন পানীৰে ধুই পৰিষ্কাৰ
কৰি থৈছে ৷ দুখন বিছনা ৷ ধুনীয়াকৈ সজাই ৰাখিছে ৷ আলনা, টেবুল, পানীৰ বটল, চিচাৰ দুটা
চিক্চিকীয়া গিলাচ ৷ সুন্দৰ ৷ ইয়াতকৈ আৰু কি লাগিছে আমাক ?
‘মোৰ অলমান কাম বাকী থাকিছে হ’ ৷ খতম কৰি লম দেই ৷ আপোনালোকে জিৰাই থাকক ৷’
ক’তনো
জিৰোৱা হয়, আমিও তেওঁৰ পাছে পাছে সোমাই গ’লোঁ ৷ ঘৰখনত মহিলা অনুপস্থিত যেতিয়া পায় কোনে
আৰু ? প্ৰৱেশ মুক্ত, বিচৰণো মুক্ত হৈ পৰিল ৷
মিলটো
চলাই খেংগাই অৱশিষ্ট ধানখিনি কুটা আৰম্ভ কৰি দিলে ৷ চালোঁগৈ ভিতৰখন ৷ বস্তাবোৰ নিজেই
খুলিছে, বাকিছে, ভৰাইছে, বান্ধিছে ৷ কাষৰে সম্পৰ্কীয় মহিলা এজনীয়ে জৰাত সহায় কৰিছে ৷ বাৰী-ঘৰৰ প্ৰাৰম্ভিক পৰিদৰ্শন এটাও হৈ গ’ল
আমাৰ ৷ ভঁৰালৰ পাছফালে মাক-দেউতাকৰ সমাধি ৷ তললৈ এজোপা ধূনাগছ আছে ৷ তাকে দেখি ডক্টৰ গগৈ ছাৰৰ মনটো ভাল লাগিল ৷ নামি যাবলৈহে এতিয়া নোৱাৰি ৷
খুব কৰ্মী মানুহ খেংগা ৰেশ্ব' ৷ কাম সামৰিয়ে চাহ বাকিলেহি ৷ তিনিও খালোঁ ৷ লগত যি যি অনা
হৈছিল গগৈ ছাৰে সমস্ত উলিয়াই পাকঘৰৰ টেবুলৰ ওপৰত ৰাখি দিলে ৷ লগতে বিৱৰিলেও ৷
খেংগা
এতিয়া পথাৰলৈ যাব ৷ কাটি থোৱা সৰিয়হৰ মুঠাবোৰ ৰ’দত দিয়া আছিল ৷ আন্ধাৰ
হোৱাৰ আগে আগে লুটিয়াই থৈ আহিব লাগিব ৷ কাইলৈ পুৱা সময় পোৱা নাযাব ৷ কাৰণ আমাৰ সৈতে
জংঘললৈ যোৱাটো আগতেই থিৰ হৈ আছে ৷
সুযোগ
এৰে কোনে ? আমিও গ’লোঁ লগতে ৷ খেনাৰিৰ পাৰত, পাহাৰৰ নামনিত তেওঁৰ পথাৰখন ৷ সৰিয়হতলীত
সোমাই তিনিও লাগি-ভাগি কৰাত সোনকালেই কামখিনি সমাধা হ’ল
৷ আনন্দও লাগিল ৷ আচৰিতো লাগিল, ক’ৰ পৰা আহি ক’ত পালোঁহি, কি কৰি
আছোঁহি ভাবি ৷
ঘূৰি
আহোঁতে খেনাৰি গাঁৱৰ বাটচ’ৰাৰ দাঁতিতে থকা পাচলি খেতিৰ পৰা বন্ধাকবি, ধনিয়া আদি উঠাই অনা
হ’ল
নিশাৰ সাঁজৰ বাবে ৷ গগৈ ছাৰ আৰু খেংগাৰ মাজত গম্ভীৰ আলোচনা চলিছে ৰাতি নৈখনত মাছ মৰাৰ
বিষয় লৈ ৷ মই শুনি আছোঁ ৷ নিৰামিষ মানুহ ৷ বন্ধাকবিৰ পাতৰ জোলেৰেই হৈ যাব ৷ এই ঠাণ্ডাখনত
ইহঁত দুজনে মাছলৈ নোযোৱাটোকে মনে-প্ৰাণে বিচাৰিছোঁ ৷ হ’লেও একো প্ৰকাশ কৰা নাই ৷ আলেখ-লেখ চাই আছোঁ মনে মনে ৷
আদৰণী
তোৰণখনৰ সোঁহাতে কিছু আঁতৰত নাতিবৃহৎ ধূনাগছ এজোপা ৷ খেংগাই আঙুলিয়াই দিলে ৷ গগৈ
ছাৰ উত্তেজিত হৈ পৰিল ৷ আন্ধাৰ নামিব ধৰিছে ৷ এই সময়ত হাবিত নোসোমাই ভাল ৷ খেংগাই কোৱাতহে ছাৰ ৰ’ল
৷ সবিশেষ পুৱা সোনকালে শুই উঠি লোৱা হ’ব ৷ তাতেই ঘোষণা কৰি থ’লে
৷
উভতি ঘৰ পাওঁতে আন্ধাৰেই হৈ থাকিল ৷ ৰেংমা চাংঘৰবোৰকে ধৰি অ’ত-ত’ত লাইট জ্বলি উঠিছে ৷ এতিয়াহে মন কৰিলোঁ, ইমান দূৰ পালোঁগৈ, অথচ ঘৰত তলা মৰা নহ’ল ৷ দৰজা খোলাকৈয়ে এৰি থৈ গ’লোঁ আমি ৷ কথাটো উল্লেখ কৰাত খেংগাই জনালে, ‘একো নহয়, ইয়াত চোৰ নাই ৷’
গৰম পানী কৰি গা-পা ধুই লৈ পুনৰ এক চাহ পৰ্ব ৷ ফাঁকে ফাঁকে কথা-বতৰা ৷
পষেকটোৰ আৰম্ভণিতে ভ্ৰমি অহা আনিনি, আচ্হিছ’, ইদু মিচিমি, ৰে’হ ফেষ্টিভেলৰ সম্পৰ্কে উলিয়ালে গগৈ ছাৰে ৷ ভ্ৰমণ-আলেখ্য দাঙি ধৰিবলগীয়া হ’ল ৷ খেনাৰি পালোঁহি যদিও আনিনিয়ে এৰা দিয়া নাই ৷ বাঁহেৰে বেৰি লোৱা অস্থায়ী পাকঘৰটোত জুইৰ গুৰিত ঢলঢলীয়া অঙঠাৰ উত্তাপ লৈ বহি ভালো লাগিছে কৈ ৷ ম'বাইল ফোনে ভাবৰ মাজত সৃষ্টি কৰিব পৰা আহুকাল ইয়াত নাই !উভতি ঘৰ পাওঁতে আন্ধাৰেই হৈ থাকিল ৷ ৰেংমা চাংঘৰবোৰকে ধৰি অ’ত-ত’ত লাইট জ্বলি উঠিছে ৷ এতিয়াহে মন কৰিলোঁ, ইমান দূৰ পালোঁগৈ, অথচ ঘৰত তলা মৰা নহ’ল ৷ দৰজা খোলাকৈয়ে এৰি থৈ গ’লোঁ আমি ৷ কথাটো উল্লেখ কৰাত খেংগাই জনালে, ‘একো নহয়, ইয়াত চোৰ নাই ৷’
No comments:
Post a Comment