Wednesday, 22 July 2020

১.১২ খেনাৰিত আমাৰ প্ৰথম নিশা


গাঁও ফুৰি আহিয়ে গগৈ ছাৰ আৰু খেংগাই বাহিৰে বাহিৰে নৈলৈ পোনালে ৷ ভেটাত পাতি থোৱা চেপাত লাগি থকা মাছ কেইটামান লৈ ২০ মিনিটমানৰ পাছতে ঘৰ সোমালহি ৷ দেখি পেটে পেটে ভালেই পালোঁ যে ৰাতি ঠাণ্ডাখনত ইহঁত দুয়োৰে খেনাৰিত মাছ মাৰিবলৈ যোৱাটো অন্ততঃ বাতিল হব ৷ বাতিল হলোঁ ৷ গগৈ ছাৰেই নতুন সিদ্ধান্তটো শুনালে ৷

এতিয়া নৈশসাঁজৰ বাবে চিন্তা-ভাবনা ৷ পাকঘৰত পদাৰ্পণ কৰিয়ে খেংগাৰ ঘোষণা, কি কি আইটেম আগ বঢ়াব ৷ আমাৰ একো ওজৰ-আপত্তি কৰিবলৈ নাই ৷ যি দিব তাকে খাম ৷ গগৈ ছাৰে মবাইল ফোনত গান বজাই দিছে ৷ নিস্তব্ধতা ফালি সেই আৱাজ কিমান দূৰ পাইছেগৈ নাজানো ৷ দীৰ্ঘদিন ধৰি নিমাওমাও হৈ থকা খেংগাৰ ঘৰটোলৈ প্ৰাণ-চঞ্চলতা এটা কিন্তু আহি গৈছে ৷ মনবোৰ আমাৰ অজান আনন্দত মতলীয়া হৈ উঠিছে ৷ নিজকে মুক্ত বিহংগৰ দৰে লাগিছে ইয়ালৈ আহি ৷ কাইলৈৰ অভিযানটোৰ কথা ভাবি আনন্দ দুগুণে চৰিছে ৷

পৰিয়ালৰ অবৰ্তমানত ষ্টৰ ৰূম হিচাপে ব্যৱহৃত, আৰ.চি.চি. ৰন্ধনশালাৰ তলাটো খুলি বস্তাৰ পৰা খেংগাই আলুগুটি কেইটামান উলিয়াই আনিলে ৷ নিজৰ খেতিত উৎপাদিত ফচল ৷ সুন্দৰ আকৃতি, দেখাতো পৰিষ্কাৰ ৷ গৌৰৱ কৰিব পৰা কথা ৷ কটাৰী এখন লৈ মই হিচাপ অনুযায়ী এফালৰ পৰা আলু, পিঁয়াজ, আদা, নহৰুৰ বাকলি গুচোৱাত লাগি গলোঁ ৷ প্ৰয়োজনীয় খাদ্য-বস্তু কিছুমান লগত লৈয়ে অহা হৈছে ৷ এনেস্থলত সদ্যহতে একোৰেই আমাৰ অভাৱ নাই ৷

গগৈ ছাৰে পাছফালৰ খৰিঘৰলৈ পোনালে ৷ ফলাখৰি এবোজা দাঙি লৈ আহিল ৷ ডাঙৰকেইডাল নগাদাৰে জোখমতে কাটি টুকুৰা-টুকুৰ কৰিব ধৰিলে ৷ খেংগাৰ ঘৰত ৰন্ধন গেছ আছে ৷ হলেও আমি খৰিৰ জুইত ৰান্ধি খোৱাৰ সংকল্প লৈছোঁ ৷ ইয়াত খৰিৰ অভাৱ নাই ৷ পানীৰো অভাৱ নাই ৷ পাইপেৰে আহি থকা পানী চৌবাচ্চা ভৰ্তি হৈ অহৰহ পৰিয়েই আছে ৷ খেংগাই আমাক একো কৰিব নালাগে দেই, আপোনালোক মোৰ গেষ্ট বুলি মাজে মাজে বাধা প্ৰদান কৰি আছে যদিও মিছা ৷ লাগি-ভাগি কৰি খোৱাতহে মজা ৷ 'আলহীৰ ৰূপত কেৱল হাত ধুই ভাত-মাছ খাবলৈ আমি ইয়ালৈ অহা নাই' বুলি তেওঁক স্পষ্ট কৰি দিয়াতহে ডায়লগটোও বন্ধ হল ৷

পাকঘৰটোৰ একাষলৈ ধোঁৱাচাঙৰ তলত থকা চৌকা আৰু প্ৰায় মধ্যস্থানত পাতি লোৱা লোৰ ফ্ৰেম এটাৰে পৰম্পৰাগত চৌকা ৷ দুফালে দুকুৰা জুই গৃহস্থৰ তৎপৰতাত দপদপাই জ্বলি উঠিছে ৷ পানীভৰ্তি মস্ত কেটলি এটা ফ্ৰেমটোৰ ওপৰত পাতি দিলোঁ ৷ বন্ধাকবিৰ পাতবোৰ ধুই-ধাই কাটি দিলোঁ ৷ ষ্টৰ ৰূমৰ পৰা গৃহস্থজনে এইবাৰ চাউল আনি দিলে ৷ সেইখিনিও ধুই থলোঁ ৷ নিজৰ পথাৰৰ চাউল ৷ দোকানৰ পৰা কিনি খোৱাৰ দস্তুৰ নাই ৷ গুদামঘৰত ৰঙালাউ আৰু কোমোৰা ঠাহ খাই আছে ৷ শুকুৱাই থোৱা খাদ্য-বস্তুও আছে কিছু কিছু ৷ গছত অমিতা লাগি থকা অথনি প্ৰত্যক্ষ কৰিছিলোঁ ৷ খেতিয়ক মানুহৰ স্বাৱলম্বিতাৰ নিদৰ্শন এইবোৰেই ৷ আপোন হাত জগন্নাথ ৷

জুইৰ কাষত বহিবৰ কাৰণে জীপগাড়ীৰ দীঘলীয়া চিট এটা পতা আছে ৷ মোৰ মনত থকামতে, খেংগাৰ এখন ৱিলিজ জীপ আছিল ৷ যিমানদূৰ সম্ভৱ ডাঠ সেউজীয়া অৰ্থাৎ মিলিটেৰী বৰণৰ ৷ পাহাৰত জীপ চলোৱা, মটৰ চাইকেল চলোৱাত পাকৈত আছিল তেওঁ ৷ এতিয়াহে নচলোৱা হল ৷ গাড়ীখনো বৰ্তমান নাই ৷ অনুমান কৰিছোঁ, এইটো সেইখনৰে চিট হব লাগে ৷ সোধাত য়েছ বুলি কলে ৷ মাজে মাজে তেওঁ এনেকৈ ইংৰাজীত সমিধান দিয়ে ৷ সন্মতি থকা যিকোনো কথাতেই উত্তৰ আহে ’-ক্কেবুলি, স্পষ্টভাৱে ৷

খেংগা ৰেশ্ব আজি আমাৰ মূল খানচামা ৷ প্ৰথমে নিৰামিষ ব্যঞ্জনকেইভাগ অঁটাই লোৱা হ'ব ৷ দাইল, বন্ধাকবি-আলুৰ আঞ্জা, পোৰা আলুৰ পিটিকা ৷ কচু আদি কৰি ঘৰতে থকা কিবা-কিবি মিহলাই ৰেংমা ষ্টাইলৰ বইল তৰকাৰি এখনো থাকিব ৷ তাৰ পাছত মাছ ভাজিব ৷ প্ৰেছাৰ কুকাৰত ভাত বহাই দিব ৷ বচ ৷ দুয়োজনৰে কাৰণে আগে-ভাগে মাছকেইটা বাছি-কাটি তেওঁ ৰে'ডী কৰি ল'লে ৷

গগৈ ছাৰে অথনি গা ধোৱা নাছিল ৷ পানী গৰম হোৱাত এতিয়াহে গাটো তিয়ালেগৈ ৷ তাৰ পাছতে পুনৰ সক্ৰিয় সহায়কাৰীৰ ৰূপত অৱতীৰ্ণ হ'ল ৷ পোনেই নিজৰ পচন্দমতে আগতেই বাছি থোৱা আলুকেইটা ফুটছাইত ভৰালে ৷ আদা, পিঁয়াজ, ধনিয়া, জলকীয়া আদিও যতাই ৰাখিলে ৷ অন্যান্য কথাৰ মাজে মাজে ৰন্ধন-প্ৰকৰণৰ দিহা-পৰামৰ্শৰো আদান-প্ৰদান চলি থাকিল ৷ জলকীয়া যাতে ক'তো বেছিকৈ নিদিয়ে তাৰ বাবে দুয়োকে মই সকীয়াই থলোঁ ৷

ৰন্ধন কাৰ্যৰ মাজতে কাইলৈৰ কাৰ্যসূচী সম্বন্ধেও আলোচনা চলিছে ৷ উত্তেজনাও সমানে বৃদ্ধি পাইছে ৷ কেমেৰা, মবাইল, টৰ্চ লাইটৰ বেটাৰী চাৰ্জ হবলৈ দি থোৱা হ'ল ৷ নিবলগীয়া আৰু থৈ যাবলগীয়া কাপোৰ-কানি, বয়-বস্তু, জোতা-মোজা ইত্যাদি পৃথক কৰি ৰাক্‌ছেক্‌টো সাজু কৰিব লাগিল ৷ ৰন্ধন তদাৰকীৰ ফাঁকে ফাঁকে এইবোৰ চলি আছে ৷ কেম্পত খাবৰ কাৰণে নিবলগীয়া চাউল-দালি, আলু-পিঁয়াজ, বিস্কুট ইত্যাদি হিচাপমতে বেলেগে বেগত ভৰাইছে গগৈ ছাৰে ৷ তিনিও নিজ নিজ কামত ব্যস্ত ৷ যতি পেলাবলৈ ইয়াত মবাইল ফোনৰ ৰিংটোন বাজিবলৈ নাই ৷ সেয়ে কাম, কথা আৰু বাজি থকা গান পূৰাদমে উপভোগ কৰিব পাৰিছোঁ ৷ ভাতৰ কুকাৰটো জুইৰ ওপৰত বহুৱাই খেংগা গা ধুবলৈ গল ৷ তাৰ ঠিক আগে আগে চাউলত পানীৰ পৰিমাণ সঠিক হোৱা-নোহোৱাক কেন্দ্ৰ কৰি গগৈ ছাৰৰ সৈতে তেওঁৰ আমোদজনক বিতৰ্কৰ সূত্ৰপাত হ'ল ৷ আলেঙে আলেঙে উপভোগ কৰি থাকিলোঁ মধুৰ মুহূৰ্তকেইটা ৷

৯.৩০ বাজিছে ৷ বাহিৰত গভীৰ নিশা ৷ খেনাৰিত চাগৈ কোনো মানুহেই এতিয়ালৈ ৰাতিৰ সাঁজ খাবলৈ বাকী থোৱা নাই ৷ আমিহে পাকঘৰত লাগি আছোঁ ৷ গান শুনি আছোঁ ৷ অন্তহীনভাৱে ওলাই থকা পুৰণা কথা কিছুমানকে চোবাই আছোঁ ৷

গৃহস্থই ষ্ট'ৰ ৰূমৰ পৰা তিনিওৰে বাবে গিলাচ, প্লেট, বাটি আদি উলিয়াই আনিলে ৷ আথে-বেথে ভাতো বাঢ়িলে নিজেই ৷ বৰ তৃপ্তিৰে অন্নমুঠি ধৰা হল ৷ চৰু-কেৰাহী, বাচন-বৰ্তনো লগে লগে ধুই যথাস্থানত ৰখা হ'ল ৷ তেওঁ নিজে যিমান খায় আমাকো সিমান খুৱাব বিচাৰিছিল ৷ পিছে আমি পাৰিলেহে ! ফলাফল, ভাত এগাল ৰ'ল ৷ 'একো নাই, প্ৰেচাৰ কুকাৰতে থাকক, ৰাতিপুৱা কামত আহি যাব ৷' বুলিয়ে এতিয়া মুখনি মাৰিব লগা হ'ল ৷

পাকঘৰ সামৰি অলপ পৰ জুইৰ গুৰিত আড্ডা ৷ ৰেংমা পাহাৰৰ, ৰেংমা সমাজৰ বিভিন্ন কথা ৷ এসময়ত বিছনাত পৰিলোঁহি ৷ পুৱা ঘৰ এৰাৰ পাছৰ পৰা এতিয়ালৈকে মগজুৱে ধৰি ৰখা দৃশ্য কিছুমান চকুৰ আগত এফালৰ পৰা আহি থাকিবলৈ ল'লে ৷ খেংগা নিজৰ কোঠাত ৷ মোৰ কাষৰ বিছনাখনত ৰূমমেত ডক্টৰ গগৈ ছাৰ ৷ তেওঁৰ সৈতে কথা পাতি পাতি এসময়ত কব নোৱাৰা হৈ পৰিলোঁ ৷

No comments:

Post a Comment