১.৮ খেনাৰিলৈ আদৰণি
ৰিদংগে’ৰ খৰস্ৰোতা জলধাৰা অতিক্ৰম কৰাৰ পাছতে ৰাস্তাটো
ওপৰলৈ উঠিছে ৷ অকলশৰীয়াভাৱে থকা ঘৰ এটা পালোঁহি ৷ তাৰ সন্মুখতে গাড়ীখন ৰৈ দিলে ৷
মানুহ এহাল নামিল ৷ সেইটো তেওঁলোকৰে বাসস্থান ৷ নঙলামুখত ৰেংমা পৰম্পৰাগত আৰ্হিত
সজ্জিত বাট চ’ৰা ৷ বাঁহ আৰু টকৌপাতেৰে সজা বাট চ’ৰাটোৱে পৰিৱেশলৈ আভিজাত্য কঢ়িয়াই অনাৰ লগতে জনগোষ্ঠীয় স্বকীয়ত্বৰো ইংগিত
বহন কৰিছে ৷
আকৌ ১০ মিনিটমান যাত্ৰা ৷ দীঘলীয়া গিৰ্জাঘৰ এটা নাপাওঁতেই ট্ৰেকাৰখন পুনৰ থামিল
৷ ইয়াতো যাত্ৰী নামিব ৷ ওপৰৰ পৰা বস্তুও নমাব ৷
বাটৰ সোঁকাষে কিছু উচ্চতাত থকা গিৰ্জাঘৰটোত স্পষ্টকৈ লিখা আছে, গে’ঝেনলান্যু বেপ্টিষ্ট চাৰ্চ ৷ প্ৰতিষ্ঠা ১৯৪৮ চন ৷ বহি থকাৰ পৰাই শব্দকেইটা পঢ়িব পাৰিছোঁ ৷ সেয়া পঢ়ি বুজি
পালোঁ যে এই গিৰ্জা স্থাপন হৈছিল দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰটো বছৰতে ! তদানীন্তন
ৰেংমা হিল্ছৰ এই অঞ্চলৰ ৰূপটো কেনে আছিল ? কল্পনা কৰিবলৈ লৈ উৱাদিহ হেৰুৱাই পেলালোঁ
৷ উন্নয়নৰ পৰশ এতিয়াও যথাযথভাৱে নপৰিল ৷ অহা-যোৱা কৰাটো আজিও মস্কিল ৷ আজিৰ
তাৰিখতো ঠাইখিনি দুৰ্গম ঘোঁকটেই হৈ আছে ! অথচ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিমাননো দূৰ
? নিজে আহি গম পাইছোঁ ৷
এইখিনিৰ নাম গে’ঝেনলান্যু ৷ ২২-২৩ ঘৰ মানুহৰ বসতি ৷ চৰকাৰী ৰেকৰ্ডমতে গে’ঝেনলান্যুক খোৱানি বুলি লিখা অহা হৈছে ৷
গিৰ্জাটোৰ
কাষেৰে ওপৰলৈ উঠি গৈছে উপপথ এটা ৷ সেইফালেই অন্য এখন ৰেংমা গাঁও আছে ৷ নামটো চ’শ্বেনতংৰি ৷ তালৈ এইখিনিৰ পৰা দূৰত্ব প্ৰায়
৬ কিল’মিটাৰ ৷ ১৬ ঘৰ
ৰেংমা মানুহেৰে চ’শ্বেনতংৰি গাঁওখন
৷ বাটৰ অৱস্থা অনুৰূপ ধৰণৰে হ’ব বুলি ধাৰণা
হৈছে ৷ ইয়াত নমা সেই গাঁৱৰ যাত্ৰীসৱে এতিয়া নিজৰ ঘৰখন পাবলৈ খোজ ল’ব লাগিব ৷ আহ-যাহৰ বাবে দুভৰিয়েই সাৰথি ৷
চ’প্যেংৰি নামৰ জুৰি এটা ৷ জুৰিটো পাৰ হ’লেই খেনাৰি এলেকা ৷ ধীৰে ধীৰে আগ বাঢ়ি আমি
খেনাৰি এলেকাত প্ৰৱেশ কৰিলোঁ ৷ পোনেই চকুৰ আগলৈ আহিল দ’ম দ’ম বেত ৷ বেতৰ মহলহে যেনিবা ! জংফালৈ যাওঁতে বেত মহল বুলি
কোৱা ঘৰ এটা দেখা পোৱা ৰিণিকি ৰিণিকি মনত পৰে ৷ কলিয়নি নৈৰ সিটো পাৰে আছিল ৷ চ’শ্বেনলাৰি নং ২ৰ সমীপত ৷ ইয়াতো বেতৰ দ’মবোৰৰ প্ৰায় সন্মুখতে
ঘৰ এটা আছে ৷ এইটো অৱশ্যে বেত মহলৰ ঘৰ নহয় ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা নিৰ্মিত
কাৰ্যালয় গৃহ ৷ কাৰ্যক্ষমহে আজিও নহ’ল ৷ এৰা ঘৰ যেন
লাগিছে দেখি ৷ অন্য অৰ্থত ভূত বঙলা ৷
পাহাৰৰ কাষেৰে আগুৱাইছে আমি আহি থকা ৰাস্তাটো ৷ বাঁওহাতে দৃশ্যমান হৈছে পথাৰ
৷ কাষেৰে বৈছে খেনাৰি নৈ ৷ পাহাৰৰ মাজত সুন্দৰ কিছু নৈসৰ্গিক চিত্ৰ ৷ উৎফুল্লিত হৈ
উঠিছোঁ দেখা পাই থাকি ৷
ৰেংমা নগাসকল ঘাইকৈ কৃষিনিৰ্ভৰ ৷ বয়ন শিল্পতো আগ বঢ়া ৷ অতীজত তেওঁলোকে নাগালেণ্ডত
আংগামী নগাসকলক কপাহ বিক্ৰি কৰিছিল বুলি পঢ়িবলৈ পাইছিলোঁ ৷ মনত পৰে, ২০০৫ চনত
প্ৰতিষ্ঠিত Rengma Junyu নামৰ self-help group এটাৰ কেলেণ্ডাৰ ছপা কৰিছিলোঁ,
২০১৩ চনত ৷ ৰেংমা নগা মহিলাই গছৰ পৰা কপাহ সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি কাপোৰ
প্ৰস্তুত কৰালৈকে ১১খন আলোক-চিত্ৰ একাদিক্ৰমে এনে অনুক্ৰমত সজোৱা হৈছিল যে
জনগোষ্ঠীটোৰ বয়ন সম্বন্ধে শব্দ-বাক্যৰে ব্যাখ্যা নিলিখিলেও ছবি চায়ে সহজতে বুজিব
পৰা হৈ গৈছিল ৷ বোৱা-কটা, বাঁহ-বেত, মাটি, কাঠ, চামৰা আৰু শিলৰ কাম ৰেংমা
নগাসকলে ভালদৰে জানে আৰু কৰে বুলি জেমছ ফিলিপ মিল্ছ প্ৰমুখ্যে লেখকসকলে তাহানিতেই
উনুকিয়াই থৈ গৈছে ৷
ধূলি উৰুৱাই আহি আছিলোঁ ৷ এইখিনিত চকাৰ লিক্ দুটাৰ বাদে ৰাস্তাটোৰ
উপৰিভাগ ঘাঁহে আৱৰি ৰাখিছে ৷ অতিক্ৰম কৰি থাকি ভাল লাগিছে ৷ ধূলি কম ৷
সামান্য পাক এটা লৈয়ে তোৰণ এখনৰ সন্মুখত উপস্থিত হ’লোঁ ৷ কাঠ আৰু টিনপাতেৰে সজা হৈছিল গে’টখন ৷ নতুনকৈ
আৰ.চি.চি. নিৰ্মাণ কাৰ্য চলি আছে ৷ তোৰণখনৰ ওপৰ অংশত ক’লা ৰঙৰ বৰ বৰ হৰফেৰে লিখা আছে Welcome to Nkhenlari Village (Khanari) ৷ বুজিলোঁ,
তাৰ মানে আমাৰ লক্ষ্যস্থান খেনাৰি পালোঁহি ৷ Hunting and fishing is strictly
prohibited. By order. Village authority ৷ ওচৰতে ক’লাত-বগাৰে এইখিনি
লিখা অন্য এখন ফলক ৷ ই যি কি নহওক, এতিয়া আমাৰ প্ৰথম কামটো হ’ব খেংগা ৰেশ্ব’ৰ ঘৰটো বিচাৰি উলিওৱা ৷
No comments:
Post a Comment