Sunday, 12 July 2020

১.৫ শৌচ-বিৰতি


বাঁহ গছৰ মাজে মাজে ৰঙা মাটিৰ ওখোৰা-মোখোৰা ৰাস্তা ৷ মাজে মাজে নলা একোটা ৷ সেমেকা অংশত আলতীয়া বোকা ৷ শুকান জেগাবোৰত ধূলি ৷ বাৰিষাৰ বোকা আৰু খৰালিৰ ধূলি, এনে ৰাস্তাৰ চিৰ-সহচৰ ৷

ৰাস্তাটোৰ দাঁতিতে, নিৰ্জনতাৰ মাজত, আকাশী নীলা ৰঙৰ চাইনবৰ্ড এখন দেখা পালোঁ ৷ লিখা আছে Welcome to Mai Timung Village (Mai Gaon), Karbi Anglong ৷ তাৰ মানে আমি মাই গাঁও পালোঁহি ৷ নামবৰ পাৰ হৈ প্ৰথমটো জনপদ ৷

'ৰখাবি ৰখাবি ৷' ঘৰৰ চাবিটো পাহৰি আহি অথনি আদবাটত ঘমঘণ্ট লগোৱা মহিলাগৰাকী নামিব ৷ ড্ৰাইভাৰক ইংগিত দি দিছে ৷ নিৰিখমতে ভাড়া লৈ চালকে ট্ৰেকাৰ এৰি দিলে ৷ চলন্ত গাড়ীৰ পৰাই মানুহজনীলৈ মই ঘূৰি ঘূৰি চাই গৈছোঁ, কেনিনো যায় চাওঁ বুলি ৷ ৰাস্তাটোৰ নিচেই কাষতেই ঘৰটো ৷ মোনাখন লৈ জপনা খুলি সোমাই যাব ধৰিছে ৷ গৰাকীৰ আগমন ঘটা বুলি গম পাই কুকুৰ এহাল দৌৰি আহিল ৷ এতিয়া নিশ্চয় তেওঁৰ প্ৰথম কামফেৰা হব দৰজাৰ তলাটো ভঙা ৷

১০ মিনিটমানৰ পাছতে অন্য এক জনপদ ওলালোঁহি ৷ চেগুন গছত গজাল মাৰি থোৱা ফলক এখনে জনালে যে এইখিনি চাথি গাঁও ৷ মোৰ কাষতে ফুটবৰ্ডত ভৰি থৈ বাদুলি ওলমাদি আদিবাসী লৰা এটা ওলমি আহি আছিল ৷ সি ইয়াতে নামিল ৷ ৰাজমিস্ত্ৰীৰ লগত কাম কৰে হেনো ৷ কাৰোবাৰ গৃহ-নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে ৷ ঘৰ শিলনিজানৰ ফালে ৷

কাৰবি আংলং জিলাৰ চৰকাৰী নথিত চগিলাশ্বংন্যুক চাথি গাঁও কৰা হৈছে বুলি ৰেংমা লোকৰ মুখত শুনিছিলোঁ ৷ আন কেইবাখনো ৰেংমা নগা গাঁৱৰো মূল ৰেংমা নামকৰণ এনেদৰে সলনি কৰি পেলোৱা হৈছে ৷ তাকে লৈ অসন্তুষ্টিও নথকা নহয় ৷

২ বাজি ৩০ মিনিট পাৰ হল ৷ তাৰ মানে শিলনিজান এৰা ডেৰ ঘণ্টাই গলহি ৷ সময় অনুপাতে দূৰত্বহে বৰ বেছি আৱৰিব পৰা নাই ৷ একমাত্ৰ কাৰণ পথৰ দুৰৱস্থা ৷ এই পথটোৱে কেতিয়াযে আলকতৰাৰ মুখ দেখিব, কোন ৰাজনেতাৰ কাহানিকৈ সদিচ্ছা জাগিব, কোৱাটো টান ৷ ৰাস্তা বেয়া বুলি জানিও সুযোগটো পায়ে গগৈ ছাৰৰ সৈতে আহি গ'লোঁ ৷ সেয়ে এতিয়া কাকো একো অভিযোগ দৰ্শাবলৈ নাই ৷ যি চিন্তা কৰিছোঁ সেয়া মনে মনেহে ৷ আৰু উপভোগ কৰাত লাগিছোঁ হাবিতলীয়া যাত্ৰাটো ৷

বাটৰ কাষতে খুঁটা এটাত দণ্ডায়মান অৱস্থাত আকৌ পালোঁ নীল বৰণৰ বৰ্ড এখন ৷ এইটো ভাল পাইছোঁ যে এনে ধৰণৰ চাইনব'ৰ্ডে সৰু হ'লেও ঠাইটুকুৰাৰ বিষয়ে আগমনকাৰীক দুটা কথা জনাই দিছে ৷ গাড়ীখন চলি থকা অৱস্থাতে সাউতকৈ পঢ়ি গম পালোঁ যে আমি আপাৰ দৈগ্ৰোং এলেকাত উপস্থিত হৈছোঁ ৷ অঞ্চলটো কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ শিলনিজান ৰাজহ-চক্ৰৰ নিলিপ উন্নয়ন খণ্ডৰ ভিতৰুৱা ৷ চৰকাৰী গাঁওবুঢ়াজনৰ নাম দাকিৰাম ৰংফাৰ ৷

এইখিনিত দোকান দুখনমান নথকা নহয় ৷ দুচলীয়া টিনপাতৰ ঘৰ আৰু ঘৰে ঘৰে তামোল গছ কিছুমানো দেখা পাইছোঁ ৷ সন্মুখত মুকলি ঘাঁহনিৰ সৈতে গিৰ্জা এটাও পালোঁ ৷ অদূৰত শিশুকেইটামানে কিবা খেলি আছিল ৷ ট্ৰেকাৰখনৰ মাত শুনা মাত্ৰকে দৌৰি চাপি আহিল ৷ যাত্ৰীসকললৈ ৰ লাগি চালে ৷ গৈ থাকিয়ে মই সিহঁতক বাই বাই দিব ধৰিলোঁ ৷ কেমেৰাটোও টোঁৱাই দিলোঁ ৷ তাতে ৰং পাই প্ৰত্যুত্তৰত সিহঁতেও হাঁহি মাৰি হাত জোকাৰিলে ৷ ভাল লাগি গ'ল ৷ স্থান, কাল, পাত্ৰ যিয়েই নহওক, এনেকুৱা ইংগিতৰ ভাষা সাৰ্বজনীন, নিৰ্ভেজাল আৰু উপভোগ্য ৷

দুৰ্ভাগ্য নে সৌভাগ্য নাজানো, আহি থকা ৰাস্তাটোত আমি ভালেকেইটা নলা অতিক্ৰম কৰিবলৈ পাইছোঁ ৷ কালভাৰ্ট নাই ৷ গতিকে বোঁৱতী পানীৰ ওপৰেৰেই চকা চলিছে ৷ বল্ডাৰ কিছুমান পাৰি গাড়ীখন কোনোৰকম যাব পৰা কৰি ৰাখিছে ৷ বাৰিষা কি ৰূপ লয় ভগৱানেহে জানে ৷ চালকজনে সতৰ্কতাৰে আৰু লাহে-ধীৰে আগুৱাই নিছে ট্ৰেকাৰখন ৷ কোনো খৰ-ধৰ নাই ৷ পথৰ অৱস্থা আৰু গাড়ীচালনাৰ সৈতে ইমানপৰে খাপ খাই পৰাৰ পাছত হেন্দোলনি, আফালনি, কেঁকুৰিৰ পাকবোৰ ক্ৰমাৎ ভাল লাগি আহিছে ৷ থেকেচা খাই পাছফালে বহা সহযাত্ৰীয়ে 'আই ঔ' বুলি আটাহো পাৰিছে ৷ তাকে লৈ হাঁহিৰ ৰোলো উঠিছে ৷ উলাহত ময়ো পাহৰি গৈছোঁ মায়'ডিয়াত পাই থোৱা কঁকালৰ বিষ ৷

ক্ষন্তেকৰ পাছতে আকৌ আৰণ্যক নিৰ্জনতাত সোমাই পৰিলোঁ ৷ হঠাতে হাবিৰ মাজতে গাড়ীখন ৰখাই দিলে ৷ কি হল জানিব বিচাৰি গম পালোঁ যে আমাৰ সিফালে বহি অহা ৰেংমা পৰিয়ালটোৰ সৰু ছোৱালীজনীৰ পায়খানা কৰিব লাগিল ৷ মাই গাঁৱত মহিলাগৰাকী নামি যোৱাৰ পাছৰে পৰা তাই দেউতাকৰ কোঁচত বহি আহিছিল ৷ এতিয়া ৰ'ব নোৱাৰা হ'ল ৷

৮-৯ বছৰীয়া ছোৱালীজনীক লৈ প্ৰথমে দেউতাকজন নামিল ৷ ছোৱালীজনীৰ হাতত বটল এটা ৷ এই ৰাস্তাৰে নিতৌ আহ-যাহ কৰি থকাৰ অভিজ্ঞতাৰে পুষ্ট ড্ৰাইভাৰজনে জনালে যে আগত নলা এটা আছে ৷ তাতে পানী পোৱা যাব ৷ চিন্তা কৰিব নালাগে ৷ মাকে ছোৱালীজনীক লগত লৈ খৰখেদাকৈ সেইদিশে যাব ধৰিলে ৷ বাকী যাত্ৰীসকলেও সুযোগৰ সদ্ব্যৱহাৰ কৰি সৰু পানী চুবৰ অভিপ্ৰায়েৰে জংঘলত সিঁচৰতি হৈ পৰিল ৷ চালকজনে আগচকাৰ কিবা এটা ঠিক-ঠাক কৰাত লাগি গল ৷

প্ৰায় ১০ মিনিটৰ শৌচ-বিৰতি ৷ ২.৪৫ বাজি গৈছে ৷ তলে-ওপৰে সকলোৱে নিজ নিজ স্থানত উপৱিষ্ট হোৱাৰ পাছত ট্ৰেকাৰখন পুনৰ ৰাওনা হল, আগলৈ ৷

No comments:

Post a Comment