১.৪
খেনাৰি অভিমুখে...
শিলনিজান এৰাৰ অলপ পাছতে পথৰ দাঁতিত
থিয় দি থকা কাৰবি মহিলা এগৰাকীয়ে ট্ৰেকাৰখন ৰখাবলৈ ইংগিত দিলে ৷ চিট নাই ৷ তথাপি চালকে
ব্ৰে’ক মাৰিলে ৷
মোৰ মনত প্ৰশ্ন, বেজি সুমুৱাবৰ বাট নাই, আৰু পেচেঞ্জাৰ উঠালে বহুৱাব ক’ত ? জেগাচোন
শূন্য !
সোনকালেই বুজি পালোঁ যে এই ৰাস্তাত কাকো
এৰি থৈ যোৱাৰ নিয়ম নাই ৷ গাড়ীত চিট থাকক বা নাথাকক, ৰৈ দিয়া হয় ৷ উঠিব পৰা-নোৱাৰাৰ
সিদ্ধান্ত যাত্ৰীৰ ৷ এতিয়াও সেইটোৱেই হ'ল ৷
কাষ চাপি অহা মহিলাগৰাকীয়ে গাড়ীখনৰ ভিতৰলৈ সন্ধানী
দৃষ্টিৰে চাব ধৰিছে ৷ চালকজনে বহাৰ পৰাই ডিঙিটো ঘূৰাই অপাৰগতা প্ৰকাশক মন্তব্য এৰিলে, ‘উঠিব নোৱাৰিবি অ’ নী, চিট একেবাৰে খালী নাই ৷ দেখিছই
নহয় ৷ কাইলৈ আহিবি দে ৷’
‘আজি যাবই লাগিব ৷ ঘৰত বহুত কাম আছে ৷’ উত্তৰটো দি তাই অসহায় ভংগীত যাত্ৰীসকললৈ
চাই ৰ’ল ৷
এক, দুই ছেকেণ্ডকৈ মুহূৰ্তবোৰ পাৰ হৈ গৈ আছে ৷ আমাৰ শাৰীটোৰ একেবাৰে সিমূৰে বহি অহা
ৰেংমা পুৰুষজনে কিবা এটা ভাবি নামি দিলে ৷ ‘ইংনি থা নী ৷’ মানে বহক বাইদেউ ৷ বায়েকক আসনখন এৰি দি নিজে সেইফালৰ
ফুটব’ৰ্ডত উঠি বডীৰ পাইপত টানকৈ খামুচি ধৰি
ল’লে ৷ ট্ৰেকাৰখন
চলিব লাগিল ৷
এনেকৈয়ে যাত্ৰা চলে এইফালে ৷ পাৰস্পৰিক
বুজাবুজি, সহযোগিতা আৰু প্ৰত্যাহ্বানৰ মাজেৰে ৷ মন কৰিবলগীয়া যে নিলিপৰ কাৰবি লোকে ৰেংমা ভাষা আৰু
ৰেংমা লোকে কাৰবি ভাষা বুজে, ক’ব পাৰে ৷ কাৰবি আংলঙত বসবাস কৰি অহা ২৯টা জনগোষ্ঠীৰ
মাজত ৰেংমাসকল অন্যতম ৷ কাৰবিসকল প্ৰধান অধিবাসী ৷
ডক্টৰ গগৈ ছাৰে আমাৰ পাছফালৰ ৰেংমা সহযাত্ৰীৰ
লগত কথা পতা আৰম্ভ কৰি দিছে ৷ আগৰবাৰ যাওঁতে লগ পোৱা মানুহ হেনো ৷ চেহেৰা চিনিব পাৰি বা-বাতৰি
সুধিছে ৷ আজিৰ আগমনৰ উদ্দেশ্য উনুকিয়াই ধূনা গছ ক’ত ক’ত দেখা পাইছে তাৰো
উমান লৈছে ৷ তেওঁৰ মন-মগজুতযে ধূনা আৰু ধূনা গছে এতিয়া ওখ ঠাই অধিকাৰ কৰি আছে সেয়া
মই বুজি গৈছোঁ ৷ পথে পথে নিজেও চকু মাৰি গৈছোঁ, কেনিবা ধূনা গুটি লাগি থকা গছ দেখোঁ
নেকি ৷ সহযোগী সন্ধানকাৰী হিচাপে লগত আনিছে যেতিয়া যি পাৰোঁ সহায়-সহযোগিতা আগ বঢ়াবই লাগিব ৷
‘ৰ ৰ ৰ, ঐ ড্ৰাইভাৰ, গাড়ী ৰখা, গাড়ী ৰখা ৷’ মুকলি আৰু পকা ৰাস্তাটোত ট্ৰেকাৰখনে উদ্যমী গতি এটা লৈ থাকোঁতেই কোনোবাই
চালকজনলৈ লক্ষ্য কৰি চিঞৰি উঠিল এইদৰে ৷ নাৰী কণ্ঠৰ আৱাজ ৷ ধূনা ভাবনাত আছিলোঁ ৷ বাক্যটো শুনি চক্ খাই গ'লোঁ ৷
সমানে হতভম্ব বাকী সহযাত্ৰীবৃন্দও ৷ বুজা গ’ল, কণ্ঠৰ গৰাকী ক্ষন্তেক আগতে উঠা মহিলা ৷
মুহূৰ্ততে কি হ’ল আকৌ এইগৰাকীৰ ? ট্ৰেকাৰখন
ৰাস্তাৰ একাষে স্থিৰ হৈ ৰ’ল
৷
ঘটনাটো
কি ? তেওঁ ঘৰৰ চাবিটো এৰি থৈ আহিল ৷ ইমান দূৰ বাট আগুৱাই অহাৰ পাছত এতিয়াহে ঘপহকৈ
মনত পৰিল যে সেইটো অনা নহ'ল ৷ কি কৰা যায় ? আনি
দিব কোনে ? শিলনিজানলৈ উভতি যায় কেনেকৈ ? না ইস পাৰ, না উস পাৰ ! ফোন কৰিছে কাৰোবাক
৷ চাবিটো আনি দিবলৈ কওঁতেই নে’টৱৰ্কেও
লগালে বেমেজালি ৷ সংযোগ সাধিবৰ পুনঃ পুনঃ চেষ্টা চলাইছে ৷ পিছে নেছেল ৷ আমাৰ অৱস্থান নে’টৱৰ্ক
কভাৰেজৰ বাহিৰত ৷ কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে মানুহজনী ৷
‘ব’ল
ব’ল, তলাটো ভাঙি দিবি ৷’ ড্ৰাইভাৰে কৈ উঠিল ৷ তাই নামানে ৷ তলা বুলিবলৈ ঘৰখনত একেটিয়ে
মাত্ৰ ৷ ভাঙি পেলালে কেনেকৈ হ’ব
? উত্তৰটো এনেকৈ আহিল ৷ আলোচনা-বিলোচনা, বিচাৰ-বিবেচনা, দিহা-পৰামৰ্শ ইত্যাদি চলিল অলপ পৰ ৷ কিছু সময়ৰ
পাছত কি হ’ল জানো, ট্ৰেকাৰখন
আগলৈ যাব ধৰিলে ৷ অনিচ্ছাসত্ত্বেও তলা ভাঙি পেলোৱাটোৱে থিৰাং হ’ল বুলি গগৈ ছাৰে মোক ফুচ্ফুচাই জনালে ৷ তাইৰ লগত সময় নষ্ট
হোৱাত খেনাৰি পাওঁতে পলম হ’ব
বুলি ছাৰৰ দুশ্চিন্তা জাগিছিল যদিও পৰিস্থিতিটো মই আলেঙে আলেঙে বেচ উপভোগ কৰিলোঁ
৷
শিলনিজান এৰি চকীহোলাৰ ৰাস্তাৰে ২৫ মিনিটমান হ’ল অহা ৷ আগত এটা তিনিআলিয়ে দেখা দিলে ৷ জিৰণী-চ’ৰা এটাও সজা আছে, গছ এজোপাৰ পাছফালে ৷ জেগাকণৰ
নাম বগামাটি ৷
বগামাটি বোলোঁতে ততালিকে মনলৈ আহি গ'ল, কোনফালে নজনাকৈ যাৰ সন্ধানত গুৱাহাটীৰ পৰা এদিন অকলে অকলে গুচি গৈছিলোঁ ৷ ইণ্ডো-ভূটান ব'ৰ্ডাৰত আৱিষ্কাৰ কৰিছিলোঁ অসমৰ বাগ্সা জিলাৰ আকৰ্ষণীয়, উৎকৃষ্ট আৰু জনপ্ৰিয় পিকনিকথলী বগামাটি ৷ দুঃসাহসিক ক্ৰীড়াৰ সম্ভাৱনাপূৰ্ণ, সহজগম্য, আদৰ্শ থলী বগামাটি ৷ প্ৰথম North East Adventure Tourism Festival (NEATOFEST) অনুষ্ঠিত হৈছিল তাত ১৩ ছেপ্টেম্বৰ ২০১৮ত, বৰনদীৰ পাৰত ৷ মাটিবোৰ বগা দেখিছিলোঁ ৷ ইয়াত সিমান নহয় ৷
শিলগুটি দিয়া ঠেক ৰাস্তা এটা এইখন বগামাটিৰ পৰা বাঁওহাতে ফাটি গৈছে ৷ ট্ৰেকাৰখনে সেইবাট
ল’লে ৷ পোনে পোনে গ’লে কয়লামাটি, বগীজান, চকীহোলা, জংফা ইত্যাদি ৷ আনহাতে
কয়লামাটিৰ পৰা খেনাৰিলৈ আহ-যাহ কৰা ৰাস্তাটোও এইটো ৰাস্তাতে কিছু আগত মিলিত হৈছে ৷
মূল পথটো পকী আছিল ৷ এইটোৰহে ছাল-বাকলি গুচিল ৷ তাৰ ওপৰেৰেই ধূলি উৰুৱাই আগ বাঢ়িছে খেনাৰিগামী আমাৰ এ.এছ.০৩ ডি. ৬০৫৯ নং যাত্ৰীবাহী ট্ৰেকাৰ ৷ নিয়ন্ত্ৰিত গতিবেগ ৷ শিলগুটিয়ে দাঁত নিকটাই থকা উপৰিভাগেৰে অতিক্ৰম কৰোঁতে খেলেং-মেলেং শব্দ কিছুমানৰ জোৱাৰ উঠিছে ৷
ৰেংমা পাহাৰলৈ গৈ আছোঁ যদিও এই পৰ্যন্ত
পাহাৰৰ নামো-নিচান নাই ৷ পাহাৰ কেতিয়া পাম তাৰে অপেক্ষাত অধীৰ হৈ পথাৰ-সমাৰ চাই
চাই যাব ধৰিছোঁ ৷ গ্ৰাম্য পৰিৱেশ ৷ গ্ৰাম্য প্ৰকৃতি ৷ জনবসতি ক্ৰমাৎ পাতলীয়া হৈ
আহিছে ৷ চৌহদবোৰৰ ভিতৰত কল আৰু তামোলৰ বাৰী চকুত পৰিছে ৷ মানুহবোৰ কৰ্মী যেন
লাগিছে ৷
১ বাজি ৪০ মিনিট পাৰ হ’ল ৷ ৰাস্তাটো নৈ এখনলৈ নামিল ৷ দলং নাই ৷ গৰা এটাৰে নমাই চালকে গাড়ীখন
পানীত সুমুৱাই দিলে ৷ তলিৰ শিলগুটি দেখা পাই আছোঁ ৷ সেইবোৰৰ ওপৰে ওপৰে পানী ফালি
আগুৱাব লাগিল ৷ বাঢ়নী পানী আহিলে, জলস্তৰ বাঢ়িলে যাতায়াতযে ব্যাহত হয়, সেয়া সহজবোধ্য
৷ কষ্ট হয় নিশ্চয়, মানুহবোৰৰ ৷ কি নৈ এইখন বুলি সোধাত উত্তৰ পালোঁ নেউৰীয়া বুলি ৷ পাৰ হৈ কেইমিনিটমান যোৱাৰ পাছত
বাটৰ কাষত চাহবাগিচাও চকুত পৰিল ৷
কাৰবি আংলঙৰ এইটো প্ৰান্তত উন্নতি আজিও যেন সুদূৰ পৰাহত ৷ চৰকাৰঘৰীয়াৰ
মুখত কেৱল কথাৰ ফুলজাৰি ৷ কথাত বন্দী শব্দ হৈ পৰিছে ‘উন্নয়ন’ ! পথ-দলঙেই
উন্মুক্ত কৰি দিয়ে যাৰ আচল স্বৰূপ ৷ জেগাবোৰ ঘোঁকটত সোমাই থাকিব পাৰে, গুৰুত্ব
নিশ্চয় একেবাৰে নথকাও নহয় ৷ পিছে চকু দিয়ে কোনে ? দুখ-দুৰ্দশাক আজীৱন সাবটিয়ে
জীৱন-পাত কৰিব লাগিছে এইফালৰ জনসাধাৰণে ৷ এনেকৈ আহিলেহে বুজা যায় ৷ তদুপৰি বাৰিষা প্ৰকৃত ৰূপটো চোৱাৰো ইচ্ছা হয় ৷
১০ মিনিটমান যাত্ৰা কৰাৰ পাছত আকৌ এখন নৈ পালোঁ ৷ আগৰখনতকৈ বহল ৷ গভীৰতাও
অধিক ৷ অৱস্থা তথৈবচ, দলং নাই ৷ অতিক্ৰমণ পদ্ধতিও আগৰে একেই ৷ শিলৰ ওপৰত চকাকেইটা
ঘূৰিবলৈ লোৱাৰ লগে লগে নিস্তব্ধতা ভংগ কৰি চৰ্ চৰ্ শব্দৰ খলকনি উঠিল ৷ অলপ
আগলৈকে শান্ত হৈ থকা উপৰিভাগত এতিয়া উঠা ঢৌৱে হিল্লোল সৃষ্টি কৰিব ধৰিলে ৷
প্ৰকাণ্ড ফক্লেন এখনে পানীত নামি সিপাৰৰ মাটি কাটি আছে ৷ এইখন নামবৰৰ আগলি বুলি ক’লে এজনে ৷ নামবৰ ধনশিৰিৰ অন্যতম প্ৰধান উপনৈ ৷ ৰহস্যময়
নামবৰ বনাঞ্চল আৰু গৰমপানীৰ উঁহৰ বাবে নামবৰ পৰিচিত ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে
যাওঁতে পোৱা যায় ৷ উৎপত্তি কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ মধ্যভাগৰ দিং তেৰাঙৰ
পশ্চিমে পাহাৰৰ মাজত ৷
নৈখন পাৰ হৈ কেঁচা ৰাস্তাৰে ওপৰলৈ উঠি অহাৰ পাছৰে পৰা জংঘলৰ মাজে মাজে ট্ৰেকাৰখন
অগ্ৰসৰ হৈছে ৷ সমতল শেষ কৰি এতিয়া ওখ-চাপৰ, একা-বেঁকা মাটিৰ ৰাস্তা ৷ মাজে মাজে বৰষুণৰ
ঢলে উটুৱাই নি খলা-বমা কৰি পেলাইছে ৷ তাকে চাই অফ্ ৰ’ড জাংগল ট্ৰেভেলৰ মৰ্যাদা লভিল যেনেই লাগিছে আমাৰ খেনাৰি যাত্ৰাই ! গম পাইছোঁ,
আগলৈ পকা ৰাস্তা পোৱাৰ কোনো সম্ভাৱনা নাই ৷ বাটৰ অৱস্থালৈ চাই সন্মুখত কি আছে জানিবলৈ অধিক উদগ্ৰীৱ হৈ
পৰিছোঁ ৷
পাছফালৰ পৰা জীপচি এখন আহি ওলাল ৷ ঠেক ৰাস্তাটোত ছল চাই এঠাইত ৰৈ দি আমাৰ চালকে সিখনক যাবলৈ সুবিধা উলিয়াই দিলে ৷ ৰেভাৰেণ্ড আথাং আৰু ছেমুৱেলক জীপচিখনত দেখা পালোঁ ৷ এইফালে
চাই হাত জোকাৰি গৈছে ৷ মুখত হাঁহি ৷ তাৰ মানে সেইখনেই মিছন চেণ্টাৰৰ পৰা অহা গাড়ী ৷ যাত্ৰী আৰু বয়-বস্তুৰে ঠাহ খাই গৈছে ৷ উলাহতে হাত এখন ময়ো জোকাৰি দিলোঁ ৷
No comments:
Post a Comment