Monday, 27 July 2020

২.৩ নেটৱৰ্ক পইণ্ট !


ওখোৰা-মোখোৰা আৰু ঊৰ্ধ্বমুখী পাহাৰীয়া কেঁচা আলিবাটটোৰে গাড়ীবোৰ আগ বাঢ়িছে ৷ উঠি যাওঁতেই বাঁওহাতে ৰাস্তা এটা ফাটি যোৱা দেখা পোৱাত স্বাভাৱিকতে প্ৰশ্ন জাগিল ৷ চালকক উদ্দেশ্য কৰি সোধা অনুসন্ধিৎসাভৰা প্ৰশ্নৰ উত্তৰত গম পোৱা গ'ল যে সেইফালে ৰিছাংগাৰিলৈ যায় ৷ ইয়াৰ পাছত আৰু বুজাত অসুবিধা নহ'ল ৷ তাৰ মানে ছেমুৱেল, আথাংহঁত কালি যোৱা বাটটো সেইটোৱেই ৷ গগৈ ছাৰকো বুজাই দিলোঁ ৷

আমি নিজৰ ৰাস্তা ধৰিলোঁ ৷ ঘৰ-বাৰীবোৰ কমি আহিল ৷ চৌপাশৰ দৃশ্যপট ক্ৰমান্বয়ে সলনি হৈ আহিব ধৰিলে ৷ কেঁচা মাটিৰ ধূলিয়ৰি শুকান পৰিৱেশ ৷ মাজে মাজে বোকা ৷ দুটা বৈসদৃশ দৃশ্য ৷ মন-মগজুত সীমাহীন কৌতূহল ৷ আগত কি পাম ?

নলা এটা পাৰ হৈ বাঁহনিত সোমালোঁহি ৷ নলাটোৰেই পানীৰ পাইপ এডালো পাৰ কৰাই নিছে ৷ খেংগাৰ ঘৰলৈ এইডালেৰেই পানী যায় নেকি ? এইটো প্ৰশ্নৰহে উত্তৰ নাপালোঁ ৷ গাড়ীখনে পাইপডালৰ ওপৰেদিয়ে নলাটো অতিক্ৰম কৰি পুনৰ ওখলৈ উঠিব ধৰিলে ৷

ৰাস্তাৰ ৰূপ ভয়ংকৰ ৷ বিপজ্জনক অৱস্থান পালেই গগৈ ছাৰে সন্মুখলৈ আঙুলি টোঁৱাই থাকি মোৰ মনোযোগ আকৰ্ষণ কৰে ৷ অলপ পাছতে নিজৰ মূৰটো ঘূৰাই চকু দুটা মুদি দিয়ে ৷ ইস্‌, উঃ, চাওক চাওক ইত্যাদি শব্দও মুখৰ পৰা ওলাই আহে তেওঁৰ ৷ যুৱ চালকজন অলপো নাৰ্ভাচ নহয় ৷ ঘেঁ ঘেঁকৈ কাটি-কুটি উঠাই লৈ যায় গাড়ীখন ৷ নিৰাপদ স্থান পোৱাৰ পাছতহে ছাৰে দীঘলকৈ উশাহ এটা টানে ৷ বাটৰ কাষত ধূনা গছ দেখে নেকি শেন দৃষ্টি নিগৰাই যাব ধৰে ৷ যাত্ৰাপথটোৰ লগতে কাষৰীয়া দৃশ্যৰাজি উপভোগ কৰোঁ মই ৷

খেনাৰিক ঘেৰি থকা পাহাৰমালাৰ দৃষ্টিনন্দন ৰূপসম্ভাৰ মুখৰ আগলৈ আহিল ৷ চকুৰে নমনা দূৰণিব্যাপী কেৱল অৰণ্যানী ৷ জংঘলময় এই প্ৰকৃতিয়েই হল সভ্যতাৰ মূল আধাৰ ৷ এই আধাৰক আমি শ্ৰদ্ধা কৰা উচিত, আদৰ কৰা উচিত ৷ ইয়াৰ ক্ষতি কেতিয়াও কৰা অনুচিত ৷ সেউজ প্ৰকৃতিৰ মাজে মাজেই অকাই-পকাই যাব ধৰিছে আমাৰ বলেৰ' পিক্‌-আপ্‌কেইখন ৷

পাহাৰৰ এঢলীয়াত শাৰী শাৰীকৈ ভৰি থকা সুমথিৰাৰ গছ এখিনি ওলাল ৷ কমলাৰ দিন হোৱা হলে এইডোখৰযে কেনেকুৱা ৰকম-জমক হৈ থাকিলহেঁতেন ! কল্পনা কৰি চালোঁ ৷ খেনাৰি, আখৈফুটা, জংফাৰ কমলা টেঙাৰে মেটমৰা হৈ দোঁ খাই পৰা গছবোৰ ফটোত মই দেখিছোঁ ৷ কৰ মানুহ আহি কতযে কমলা খেতিত সোমালোঁহি ! ভাবি চাই আচৰিতেই হ'লোঁ ৷ কমলা বুলিলেই কাৰবি আংলঙৰ বোকাজান মহকুমাৰ চকীহোলাৰ নামটো ওলায় ৷ চকীহোলাৰ পৃষ্ঠপটত এই ৰেংমা নগা গাঁওবোৰ, যৰ পৰা গাড়ীয়ে গাড়ীয়ে যোগান চলে উজনি, নামনি, আনকি ৰাজ্যৰ বাহিৰলৈও ৷

সম্প্ৰতি গছবোৰ বুঢ়া হৈছে ৷ মৰিছেও ৷ দীৰ্ঘদিন ধৰি চাফা কৰা নাই ৷ ক্ষীণ আশা এটা কৰি আহিছিলোঁ যদিও কমলাৰ চিজন এতিয়ালৈ সমাপ্ত হল ৷ কালি বিয়লি খেংগাৰ বাৰীত থকা গছকেইজোপাত গগৈ ছাৰৰ সৈতে অভিযান চলাই অৱশিষ্ট ৪-৫টা যি পালোঁ তাকে খাই হেঁপাহটো পূৰাই থৈছোঁ যে কমলাৰ ৰাজ্যলৈ আহি অন্ততঃ চাকি চাবলৈ পালোঁ ৷ মনত পৰে, এসময়ত চিন্দু মামাই বাঁহৰ খাঙত ভৰাই নি আমাৰ ঘৰত দিছিলগৈ এগাল এগাল কমলা টেঙা ৷ নিজে জীপ চলাই গৈছিল ৷ সেই দিন আজি আৰু নাই ৷ সেয়া সাধুকথা হল ৷

কেঁকুৰি এটা ঘূৰিয়ে গাড়ী তিনিখন হঠাতে ৰৈ দিলে ৷ ড্ৰাইভাৰকেইজন নামিছে আৰু খৰধৰকৈ উঠি গৈছে ওপৰলৈ দেখা পাই থকা চাংঘৰ এটাৰ ফালে ৷ আকস্মিকভাৱে ঘটা ঘটনাটোৰ একো উৱাদিহ নাই পোৱা আমি দুজনে ৷ কি হব পাৰে ? চিন্তা কৰি আছোঁ ৷ খেংগা ওচৰলৈ আহি জনালে, এইটো নেটৱৰ্ক পইণ্ট ৷ এইখিনিত বি.এছ.এন.এল.ৰ টাৱাৰ পোৱা যায় ৷ ইয়াৰ পাছত কিন্তু কতোৱেই নাপায় ৷ গতিকে ঘৰলৈ ফোন-চোন কৰিলে কৰি লওক ৷

নেটৱৰ্ক পইণ্ট ! ঠিক নাম দিছে খেংগাই ৷ সঁচা-মিছা নাজানো, অভিজ্ঞতা অকণমানকে লোৱা হওক বুলি ততাতৈয়াকৈ আমি দুয়োও নামিলোঁ ৷ আমাতকৈ আগতেই গৈ পোৱা চালককেইজনে খেৰৰ দুচলীয়া চাংঘৰ এটাৰ গাধৈত লেপেটি কাঢ়ি বহি লৈছে ৷ আগে-ভাগে কাৰোবালৈ ফোন লগাই চিঞৰি চিঞৰি আনন্দময় আলাপ আৰম্ভ কৰিলেই ৷ তাকে দেখি ওখ ঠাইত ৰৈ গগৈ ছাৰ আৰু ময়ো চেষ্টা কৰিব ধৰিলোঁ ৷

দূৰ দিগন্তলৈকে নীলা পাহাৰৰ লানি ৷ এইফালে চাংঘৰৰ দাঁতি-কাষৰৰ পৰা আৰম্ভ হৈছে সেউজীয়া পাহাৰৰ ঢাল ৷ নাতিদূৰত পাহাৰৰ বক্ষত জুমতলী এডৰা ৷ গছ এজোপাৰ তলত চাংঘৰ এটাও দেখা গৈ আছে ৷ মানুহহে ক'তো চকুত পৰা নাই ৷

ছাৰৰ লাগি গল ৷ পৰিবাৰৰ সৈতে বাৰ্তালাপ চলিছে ৷ কালি শিলনিজান এৰাৰ পাছৰ পৰা আৰম্ভ কৰি এই পৰ্যন্ত সংক্ষেপে বৰ্ণনা শুনাই আছে ৷ মোৰ নাই লগা ৷ অহৰহ চেষ্টা চলাই গৈছোঁ ৷ কি আচৰিত ! শেষ পৰ্যন্ত নালাগিলেই ৷ ভাবি ললোঁ যে হব, কোনো কথা নাই ৷ ছাৰৰ ঘৰৰ পৰাই মোৰো অৱস্থান গম পাই যাব ৷

সৌন্দৰ্যৰস পান কৰি বিভোৰ হৈ পৰাৰ লগতে ফোনত ব্যস্ত থকা অৱস্থাতে ঠাই এৰিবৰ বেলি হল বুলি খবৰ আহিল ৷ ফটাফট ফটো কেইখনমান তুলি গাড়ীত নিজৰ আসনত বহিলোঁহি ৷

গন্তব্যস্থল ক'ত, সেয়া পাবলৈ আৰু কিমান যাব লাগিব, সময় কিমান লাগিব, একো নাজানো ৷ ১১ বাজি ১০ মিনিট পাৰ হৈ গৈছে ৷

No comments:

Post a Comment