Saturday, 1 August 2020

২.৭ ৰেংমা হিলছ্‌ৰ নিদ্ৰাহীন ৰজনী


পাহাৰৰ আঁৰত বেলিটো কেতিয়াবাই অদৃশ্য হল ৷ গহ্বৰৰ মাজত পতা কেম্পটোত স্বাভাৱিকতেই সন্ধিয়াৰ অন্ধকাৰ আগতীয়াকৈ নামি আহিছে ৷ খুঁটাত ওলমাই ৰখা ছলাৰ লাইট এটা জ্বলি উঠিল ৷ ব্লুটুথ স্পীকাৰত কোনোবাই গান বজাই দিছে ৷ ৰজনজনাই উঠিছে চৌদিশ ৷

কাণি-মুনি পৰতে নিশাৰ বাবে ৰন্ধা-বঢ়াৰো আয়োজন আৰম্ভ কৰা হৈছে ৷ মিঠাতেলৰ ডাঙৰ খালী পাত্ৰ দুটাত চিয়নে নলাটোৰ পৰা পানী ভৰাই আনিলেগৈ ৷ অথনি আমি অনা বাঁহৰ চুঙাত আমাৰ বাবে ভাত ৰন্ধা হব ৷ বন্দুকটো চাঙৰ ওপৰত থৈ খেংগা কামত লাগি গৈছে ৷ পাতেৰে মেৰিয়াই চাউলবোৰ ভৰাইছে ৷ মোৰ সন্মুখতে চুঙাকেইটা শাৰী পাতি জুইৰ ওপৰত বেঁকাকৈ ৰাখি দিলে ৷ গোটা বাঁহ দুডালৰ ওপৰত মই বিপৰীতফালে বহি জুই পুৱাই আছোঁ ৷ ইয়াত ঠাণ্ডা বেছি ৷

আৰণ্যক পৰিৱেশটোত উপস্থিত থাকি বুজাব নোৱাৰা ধৰণৰ উত্তেজনা অনুভূত হৈছে ৷ কত আছোঁ কত আছোঁ যেন লাগিছে নিজৰে ৷ জুইৰ সেক লৈ, কথা পাতি কিছু সময় কটালোঁ ৷ দিনটোৰ পষ্টমৰ্টেম চলিব ধৰিছে ৷ আবেলি পাহাৰত দেখি অহা হাতীটো, পুং, ধূনা গছ সম্বন্ধে চৰ্বিত-চৰ্বন ৷ ধূনা গছ এডালহে পালোঁ আজি ৷ অন্যফালে যাবলৈ সময় নুজুৰিলে ৷ কাইলৈ দেখা যাব ৷ পুৱা সোনকালে কেম্প এৰিব লাগিব আমি ৷ কথা-বতৰা চলি থকাৰ মাজতে গগৈ ছাৰে তেওঁৰ ৰাক্‌ছেকত থকা শক্তিশালী টৰ্চ লাইটটো উলিয়াই আনি ইফালে-সিফালে মাৰি দেখুৱাইছে ৷ চিকাৰলৈ যাওঁতে উপযোগী হব বুলি বিভিন্নজনৰ মন্তব্য শুনা গৈছে ৷

প্ৰেম, ৰাজু আৰু গোৱানিনল আহি পোৱাই নাই ৷ কেতিয়া আহিব তাৰো কোনো ঠিকনা নাই ৷ চিকাৰ বুলিলে পাগল ইহঁত ৷ ওৰে ৰাতি জংঘলত খপিব লাগিলেও কোনো আপত্তি নাই ৷ আচলতে চিকাৰ কৰাৰ আনন্দ যি পায়, সিহে বুজে ৷ সৰুতে চিকাৰ কাহিনী কিছুমান পঢ়িছিলোঁ ৷ আজিকালি নোপোৱা হ'লোঁ ৷ জংঘলী জানোৱাৰৰ গতি-প্ৰকৃতি সম্বন্ধে জানিবলৈ হ'লে এইবোৰ পঢ়াটো বৰ জৰুৰী ৷

৬.৪৫ত ভাত খাই উঠিলোঁ ৷ খাই থাকোঁতেই দূৰত গুৰুমকৈ গুলী ফুটাৰ আৱাজ এটা শুনা গৈছিল ৷ পহু মাৰিলে চাগৈ ৷ জিতেনে কৈ উঠিল ৷ যেন সি দেখিলেহে ! খেংগাই যোগ দিলে বেলেগ এটা কথা ৷ জংঘলত এটা গুলীৰ মূল্য বহুত ৷ লক্ষ্যভ্ৰষ্ট হৈ কাৰ্টুজ এটা নষ্ট হোৱা মানে বৰ দুখৰ কথা ৷ চিকাৰ কাহিনী খেংগাৰো নথকা নহয় ৷ এতিয়া এৰিছে ৷ আত্মৰক্ষাৰ বাবেহে বন্দুকটো লগত আনিছে ৷ জন্তু নিধনৰ কোনো অভিপ্ৰায় নাই ৷

আনহাতে, অৰণ্যত থাকিলে চিকাৰীৰ মনটোহঁত লক্‌লকাই থাকেই ৷ জিতেন, চিয়ন আৰু ৰাজো ব্যতিক্ৰম নহয় ৷ ইহঁতকেইটা এতিয়া চিকাৰলৈ ওলাইছে ৷ আহিহে ভাত খাব ৷ গগৈ ছাৰে তেওঁৰ শক্তিশালী টৰ্চ লাইটটো সিহঁতক দি দিলে ৷ কায়দা কিছুমানো শিকাই দিলে ৷ সেইটো পাই সিহঁতৰ স্ফূৰ্তি ৷ নলাটো পাৰ হৈ সিহঁতকেইটা অদৃশ্য হল ৷ দিনৰ দিনটো বেত কাটিও ৰাতি হলে চিকাৰৰ নিচা ৷ গৰম-ঠাণ্ডা কথা নাই ৷ ইচ্ছাশক্তি মানিলোঁ ৷ চিকাৰ কি পায় নাজানো ৷

আমি তিনিটাই কথা পাতি পাতি বহি আছোঁ ৷ ৯মান বজাত, টোপনিয়ে আমনি কৰা নাই যদিও শেতেলিত পৰিলোঁহি ৷ ৬জনীয়া কেম্পটোত আজি ৯জন মানুহে শুব লাগিব ৷ টোপোলা-টাপলিবোৰ আঁতৰাই আমি তিনিজনে এটা মূৰে নিজৰ নিজৰ জেগা উলিয়াই লৈছোঁ ৷ খেংগাই পলিথিনৰ ওপৰত পাতল মেট এখন পাৰি দিলে ৷ তলত শুকান মাটি ৷ পানী আনিবলৈ যোৱা মুকলি বাটটোৰ কাষতে সোঁহাতৰ পৰা প্ৰথমে খেংগা, খেংগাৰ পাছত মই, মোৰ পাছত গগৈ ছাৰ ৷ মানে মই দুয়োৰে মাজত ৷ গগৈ ছাৰৰ সিফালে বেতকটীয়া ৬টা শুব ৷ বাগৰ দিয়ে যিটো গম পালোঁ, মোৰ ভাগত জেগা যিটুকুৰা পৰিল সেয়া কিছু এঢলীয়া ৷ বৰ অশান্তি লাগিল প্ৰথমে ৷ শ্লিপিং বেগৰ ভিতৰত সোমাই খচ্‌মচাই আছোঁ ৷ পাছত যেনিবা খাপ খুৱাই ললোঁ ৷ তথাপি খেংগাৰ ফালৰ পৰা গগৈ ছাৰৰ ফাললৈ বাগৰি যাম যেন লাগি থাকিল ৷

তেনেকৈয়ে চকু দুটা মুদি আছোঁ ৷ কি হ'লজানো, টোপনি নহা হৈ থাকিল ৷ বাৰে বাৰে মনলৈ অথনি দেখি অহা হাতীটোৰ ছবিখনকে আহি আছে ৷ বনৰীয়া হাতীৰ ভয়ত পলায়ন কৰা পাছৰ মুহূৰ্তকেইটাও ভাহি উঠিছে ৷ কেম্পত যদি হাতী আহি ওলায়, তেন্তে কি হব ? সকলো ফালেই মুকলি ৷ মূৰৰ ফালেদি যদি বাঘে হাতোৰা ভৰাই, তেনেহ'লে কি দশা হব ? দুশ্চিন্তা কিছুমানে মনটোত সীমাহীন আশংকা জগাব ধৰিলে ৷ অৱস্থানটো চাই কিবা ভয় ভয় লাগি থাকিল ৷ জোৰকৈ চকু মুদি পৰি আছোঁ তেনেকৈয়ে ৷

১০মান বজাত কোনোবা তিনিটা আহি ওলাল ৷ পাছত যোৱা পাৰ্টীটো ৷ বনৰীয়া চৰাই এগালমান মাৰি আনিছে ৷ উঠি গৈ চালোঁ ৷ চিনিবকে নোৱাৰিলোঁ এটাও ৷ আহিয়েই ধমাধম কটা-বছাত লাগি গল ৷ মাংস ৰান্ধিব এতিয়া ৷ এই ৰাতিখন ! অথনি ভাত বনাই থৈ গৈছিল ৷ তিনিওটাই যুদ্ধকালীন ক্ষিপ্ৰতাৰে কামখিনি কৰিলে ৷ বাকী তিনিটালৈ ভাত-মাংস ৰাখি থৈ খালে ৷ এসময়ত আমাৰ কাষতে শোৱাৰ বাবে যো-জা চলালে ৷ প্ৰথমটো দলৰহে খবৰ নাই ৷ ক'তনো গ'ল ইহঁত ? ভাবিব ধৰিলোঁ ৷ পিছে ভাবি পাৰ পাওঁ ক'ত ?

মধ্যৰাতিয়েই হলহি ৷ তেনেতে গিৰিপ-গাৰাপকৈ ওলালহি কেটেলা মাৰিবলৈ যোৱাকেইটা ৷ হাত খালী ৷ একো নাপালে ৷ পহু খেদি খেদি ভাগৰি আহিছে ৷ এবাৰ গুলীয়াইছিল ৷ ঠেঙত লাগিছিল হেনো ৷ তাকে বিচাৰি বিচাৰি হায়ৰাণ হৈ গল ৷ নাই, নাপালে ৷ কাইলৈ পুৱা পোহৰ হলেই আকৌ বিচাৰি যাব লাগিব ৷ পহুটোৱে বেছি দূৰলৈকে লৱৰিব নোৱাৰিব বুলি সিহঁতৰ বিশ্বাস ৷

এইবাৰ জুইৰ গুৰিত বহি চিকাৰৰ কথাকে পাতি পাতি তিনিও ভাত খাব ধৰিলে ৷ ভাত আৰু চৰাইৰ মাংস ৷ খাই উঠি শোৱাৰ প্ৰস্তুতি ৷ ইহঁত সোমাই দিয়াৰ লগে লগে তম্বুৰ তলখন থেপা-থেপি হৈ পৰিল ৷ জেগাৰ অভাৱত কোনোবাটো বাহিৰ হৈ গৈছেগৈ ৷ তাকে লৈ ইটোৱে সিটোক অভিযোগ দৰ্শাই খঙো কৰিছে, ৰগৰো চলিছে ৷ যিমান পাৰি চাপি-কুচি আমি ঠাই উলিয়াই দিয়াৰ চেষ্টা কৰিছোঁ ৷ আচলতে আমাৰহে অনধিকাৰ প্ৰৱেশ আৰু হস্তক্ষেপ ঘটিছে আজি ৷ নিজৰ তম্বু নাই ৷ বাচন-বৰ্তনো নাই ৷ তিনিটাকৈ ওপৰঞ্চি মানুহ ৷ বাহৰ পাতিলোঁহি লোকৰ কেম্পত ৷

অলপ পাছত পেচাব কৰিবলৈ যাওঁতে কোনোবা এটাই বাঘৰ শব্দ আৰু গোন্ধ পোৱাৰ সম্ভেদ আনিলে ৷ বাঘ ! কোৱা মাত্ৰকে শোৱাপাটী এৰি ততাতৈয়াকৈ গোটেইজাক উঠিল আৰু হাতে হাতে বন্দুক-বাৰুদ লৈ সষ্টম হৈ পৰিল ৷ জীৱন ৰক্ষা প্ৰথম কথা ৷ টৰ্চ লাইটবোৰো একেলগে জ্বলি উঠিছে ৷ বন্দুক হাতত লৈ খেংগাও সষ্টম ৷ টৰ্চৰ পোহৰ পেলাই এফালৰ পৰা ওচৰ-পাজৰ, হাবি, হাবিৰ তল, গছৰ তলবোৰ চালে ৷ লাহেকৈ দূৰণিলৈ ৷ নাই, একো দেখা নাই ৷ এনেতে কোনোবা এটাই কাষতে থকা ওখ গছ এজোপাৰ ওপৰলৈ টৰ্চ মাৰি দিয়াত স্পষ্টকৈ ধৰা পৰিল যে জন্তুটো তাতে লুকাই আছে ৷ শ্লিপিং বেগৰ পৰা ওলাই চালোঁগৈ ময়ো ৷ ডালৰ ওপৰত ইফাল-সিফাল কৰি ফুৰিছে ৷ মাজে মাজে নিশ্চুপ ৷ বহু সময় সাৰ-সুৰ নাই ৷ পুনৰ দেখা যায় ৷ ডালে ডালে ইফালে বগায়, সিফালে যায় ৷ পোহৰ পৰি চকু দুটা তিৰ্‌বিৰাই উঠিছে ৷ কোনোবাই কলে লতাফুটুকী ৷ লতামাকৰি বাঘ ৷ কোনোবাই কলে নহয়, জহামাল হয় ৷ নাজানো, মই একো ধৰিব পৰা নাই ৷ জহা জহা গোন্ধও পোৱা নাই ৷

শীঘ্ৰে আলোচনা আৰম্ভ হল, কি কৰা যায় ইয়াক ? শেষত গুলীওৱাৰে সিদ্ধান্ত লোৱা হল ৷ নহলে ওৰে নিশাটো নিদ্ৰাহীনতাত কটাব লাগিব আমি ৷ প্ৰশ্ন উঠিল, গুলীয়াব কোনে ? খেংগা সাজু হল ৷ গগৈ ছাৰৰ টৰ্চ লাইট ৷ পোহৰ ওপৰলৈ মৰা হৈছে ৷ ওপৰত বাঘটো ঘূৰি আছে ৷

ঠাণ্ডাখনত বাহিৰত ৰৈ খেংগাই তাৰ্গেটলৈ লক্ষ্য কৰি আছে ৷ জন্তুটো স্থিৰ হোৱা নাই ৷ এইম কৰোঁতে সময় লাগিছে ৷ টৰ্চ মৰাই যিমান সম্ভৱ হাত নকঁপাকৈ তাৰ কাম কৰি গৈছে ৷ ধাম্‌ ৷ গুলী এটা ওলাই গল ৷ নলীৰ আগছোৱা ধোঁৱাময় হৈ পৰিল ৷ জন্তুটো জংঘলত জঁপিয়াই পলোৱাৰ শব্দ ৷ আফ্‌ছোছ ৷ কাৰ্টুজ এটা নষ্ট

পানী কেইঢোকমান খাই আকৌ শ্লিপিং বেগত সোমালোঁহি ৷ পিছে কি হব, শান্তি নহল ৷ হাতী-বাঘৰ চিন্তাত টোপনি বাৰে বাৰে ভাগি যাব ধৰিলে ৷ কেতিয়া ৰাতি পুৱাই কেতিয়া ৰাতি পুৱাই লাগি থাকিল ৷ তলফালে অসমান জেগাটুকুৰাই দি থকা অসুবিধাটোতো আছিলেই ৷

No comments:

Post a Comment