কৰকাণ্ঠিছ’ : লংতাং পাহাৰৰ অচিন দুৰ্গমতাত এদিন
(Explore
Karbi Anglong)
পুনৰ
এক ভ্ৰমণ অভিজ্ঞতা লিখিবলৈ লৈ পাতনি হিচাপে এড্ভেন্সাৰপ্ৰেমী সহৃদয় পাঠকবৃন্দক এইখিনি জনাবৰ মন গৈছে, য’ৰ পৰা আৰম্ভ হৈছিল দুৰ্গম যাত্ৰাটোৰ উক্মুকনি...
National
Informatics Centre (NIC), Karbi Anglong District Unit, ডিফুৰ District
Informatics Officer (DIO) তথা মোৰ বন্ধুস্থানীয় শ্ৰী ৰঞ্জন জ্যোতি বৰ্মন (‘অকব’ৰো অন্যতম সদস্য)ৰ আকস্মিক আহ্বান, একান্ত আগ্ৰহ তথা ভাতৃবৎ সদিচ্ছাৰ প্ৰতি
এদিন যোগাত্মক সমৰ্থন জনোৱাৰ ফলস্বৰূপেই গুৱাহাটীস্থিত Assam Electronics
Development Corporation Ltd. (AMTRON)ৰ IT Divisionৰ দ্বাৰা স্বীকৃত হৈ ১৪
অক্টোবৰ ২০১৯ তাৰিখে District Support Manpower (Content Reviewer), চমুকৈ DSP-CR
হিচাপে ৬ মাহৰ কাৰণে NIC, ডিফুত যোগদান কৰাৰ লগে লগে অসম চৰকাৰৰ
Secretariat Administration Department (SAD)ৰ অধীনস্থ e-Office Projectৰ সৈতে সংযোজিত হৈ পৰিলোঁ আৰু দ্বিভাষিক কৰিব বিচৰা
District Websiteত ইতিপূৰ্বে উপলব্ধ হৈ থকা তথ্যসম্ভাৰ ইংৰাজীৰ পৰা অসমীয়ালৈ
একাদিক্ৰমে তৰ্জমা কৰাৰ উপৰি প্ৰয়োজনসাপেক্ষে নতুনকৈ লিখি উলিওৱাত দায়বদ্ধতাৰে,
পূৰ্ণোদ্যমে লাগি গ’লোঁ ৷
তাৰ
পাছত আহিল ১ নবেম্বৰ ২০১৯ ৷ শ্ৰী বৰ্মনে মোক জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা NICলৈ
মাতিলে ৷ লগত লৈ যোৱা pen driveটোত ভৰাই দিলে Karbi Anglong Tourism শীৰ্ষক পৃষ্ঠাকেইটা ৷ বিষয়-বস্তু
শুনিয়েই বিৰাট অনুসন্ধিৎসাই লগ লৈছিল ৷ পিছে ঘৰলৈ আহি কম্পিউটাৰত চাই নিৰাশ হোৱাৰ লগতে খোকোজাৰ গৰাহতো পৰি
গ’লোঁ ৷ Tourist Spots of
Karbi Anglong District শিৰোনামযুক্ত লেখাখিনিত আছে ৯খন
ফটোগ্ৰাফেৰে সৈতে Amreng Tourist Centre, Khanduli Tourist Centre,
Kohora Tourist Centre আৰু Umwang
Tourist Centreৰ ক্ষুদ্ৰ বিৱৰণ ৷ লগতে Trekking
Expeditions বুলি অকণমান ৷ ইয়াৰে কঁহৰাক বাদ দি বাকীবোৰ আজিৰ তাৰিখত
পশ্চিম কাৰবি আংলঙৰহে অন্তৰ্গত ৷ তাৰ মানে, কাৰবি আংলং জিলাৰ তথ্য-তালিকাত এইবোৰ সদ্যহতে
অপ্ৰাসংগিক ৷ অৰ্থাৎ বুজিলোঁ যে আমাৰ জিলাখনৰ পৰ্যটনথলীসমূহৰ সম্বন্ধে District
Websiteত তথ্য আপল’ড কৰা হোৱাই নাই ৷ তাৰ মানে, সেইবোৰ স্বয়ংসম্পূৰ্ণ
আৰু শুদ্ধভাৱে নকৈ লিখি উলিয়াব লাগিব ৷ লগতে ফটোও সংযোজন কৰিব লাগিব ৷ কাম
বাঢ়িল ৷
সম্ভাব্য
প্ৰক্ৰিয়াটোৱে সুদীৰ্ঘ চিন্তাৰ উদ্ৰেক কৰিলে ৷ বিপৰীতে, উত্তেজনাও বঢ়াই নোতোলাকৈ
নাথাকিল ৷ বিষয়-বস্তুত সোমাই পৰাৰ মানসেৰে, যোগাত্মক ধ্যান-ধাৰণাৰে Explore
Karbi Anglong বুলি নিজস্ব Theme এটাকে সৃষ্টি কৰি ল’লোঁ, মনে মনে ৷ উদ্দেশ্য, এই সুযোগতে কাৰবি আংলংখন পুনৰবাৰ অধ্যয়ন কৰিব পাৰিম,
যাব পাৰিম, চাব পাৰিম ৷ সমস্তখিনি যথাযথভাৱে লিখি উপস্থাপন কৰাৰ দায়বদ্ধতা মোৰ
কান্ধত, সুযোগ মোৰ হাতত পৰিলহি ৷ সফলকাম হ’ব পাৰিবই লাগিব ৷
আকৌ
চিন্তা কৰাত লাগিলোঁ ৷ এই কাম ফলৱতী হোৱাৰ বাবে নিশ্চয়কৈ সহায় ল’ব লাগিব সংশ্লিষ্ট বিভাগৰ ৷ সেয়ে প্ৰথমে কথাবিলাক
খোলাখুলিকৈ আলোচনা কৰি লোৱা যাওক বুলিয়ে পাছদিনাই পোনাই দিলোঁ স্থানীয় পৰ্যটন
বিভাগৰ কাৰ্যালয়লৈ ৷ মনোভাবটো হ’ল, টুৰিষ্ট অফিচাৰ শ্ৰী মিৰজেং ৰংহাঙক সোঁশৰীৰে লগ ধৰা ৷ তেওঁ মোৰ কলেজীয়া
দিনৰে চিনাকি ৷
NICৰ District Websiteত কাৰবি আংলং জিলাৰ টুৰিষ্ট স্পটসমূহক যথাযথ ৰূপত আলোক-চিত্ৰসহ
প্ৰতিফলিত কৰাৰ অভিপ্ৰায় ব্যক্ত কৰাত বিষয়াজন আনন্দিত হ’ল, কাৰণ খুদ তেওঁৰ বিভাগটোৱেও আজিলৈকে এইটো কাম কৰি থোৱা নাই ৷ শ্ৰী ৰংহাঙে লগ
লগাই দিলে নিজৰ কাৰ্যালয়ৰে কৰ্মচাৰী শ্ৰী মংগলছিং ক্ৰ’ক ৷ কৰ্মব্যস্ততাৰ দোহাই দি লগে লগে একো নকৈ নিৰ্দিষ্ট দিন আৰু সময়ত শ্ৰী ক্ৰ’ই মোক অফিচলৈ আহিবলৈ ক’লে ৷ অধৈৰ্য নহৈ, ভাবনা কিছুমান মনত লৈ ঘৰ পালোঁহি ৷
পৰ্যটন বিভাগৰ অফিচলৈ দ্বিতীয়বাৰ যোৱাৰ পূৰ্বে নিজস্ব চিন্তাৰে চালি-জাৰি চাই দীঘলীয়া তালিকা এখন
যুগুত কৰি চাক্ষুষ অভিজ্ঞতা আৰু পুথিগত তথ্যৰ ভেটিত সত্যনিষ্ঠভাৱে যিখিনি পাৰোঁ লিখি
উলিয়ালোঁ ৷ স্থানীয় গুৰুত্বপূৰ্ণ স্পটসমূহলৈ গৈ শেহতীয়া দৰ্শনেৰে সেইখিনি সংযোজন
কৰি পেলোৱা হ’ল ৷ প্ৰিণ্ট আউট লগত লৈ নিৰ্দিষ্ট দিনা আহিলোঁ শ্ৰী ক্ৰ’ৰ ওচৰলৈ ৷ আমাৰ মাজত অনেক সময় ধৰি আলোচনা-বিলোচনা,
বিচাৰ-বিশ্লেষণ আদি চলিল ৷ লেখাবোৰ পঢ়ি চালে, পছন্দ হ’ল, পৰামৰ্শ দুই-এটা দিলে, পূৰ্ণ সহযোগিতাৰো আশ্বাস পালোঁ ৷ শ্ৰী ক্ৰ’ এজন ভাল ফটোগ্ৰাফাৰ আৰু
ট্ৰেকিং-কেম্পিং-এড্ভেন্সাৰপ্ৰিয় সুঠাম ডেকা ৷
আৰবৰেটাম গাৰ্ডেন, ব’টানিকেল গাৰ্ডেন, ছিমন্জিৰ চিলড্ৰেন পাৰ্ক-কাম-পিক্নিক্ স্পট, আৰবৰেটাম-কাম-ক্ৰাফ্ট
চেণ্টাৰ, ডিমা-ৰাজা খাৰনাই, কাৰবি পিপুল্ছ হল, বায়’-ডাইভাৰচিটি-কাম-ৰিক্ৰিয়েশ্বন
পাৰ্ক, লংছ’কাংথু, লাংচিথিং, শিলভেটা পাব্লিক গাৰ্ডেন-কাম-পিক্নিক্ স্পট, চেণ্টাৰ বজাৰ
শৈলক্ষেত্ৰ, তাৰাবাছা পিক্নিক্ স্পট, ছক্ লংতাৰ, মহামায়া থান, বুঢ়াগোসাঁই থান, বৰগংগা থান, ডিক্ৰুতপী, ডিক্ৰুতছ’, কৰকাণ্ঠিছ’ পিক্নিক্ স্পট, আৰ্লং লাংদ, কাংথিলাংছ’, লাং কাৰ-অম্, ঊৰ্ধ্ব
গংগা, কয়লালাংছ’, লাংৱ’কু, চূণা পাহাৰ, ডিলাই ১-২-৩, বনচাই শ্যাম গাঁও, দেওপানী থান, চিংহন লে’ক, গৰম পানী, ভিতৰ কলিয়নি বৌদ্ধ বিহাৰ, নাগালাংছ’, কেইহাং ৰেংমা ফুকনৰ মৈদাম, কাইফ’লাংছ’, ৰংমংৱে’ৰ ওলমা সাঁকো, কঁহৰাৰ ইথ্নিক ভিলেজ, কাজিৰ ৰংহাংপী মেম’ৰিয়েল পাৰ্ক, ইক’ টুৰিজিম্ পাৰ্ক, আংজকলাংছ’ৰ উপৰি ট্ৰেকিং-কেম্পিং-এড্ভেন্সাৰ,
জনজাতীয় গাঁও পৰিভ্ৰমণ, বন্যপ্ৰাণী অভয়াৰণ্যসমূহ, প্ৰত্নতাত্ত্বিক সমলথলীসমূহৰ বিষয়ে সংক্ষিপ্ত টোকা যুগুত কৰাৰ চেষ্টা কৰা হৈছিল ৷
ইয়াৰ পাছৰে পৰাই শ্ৰী ক্ৰ’ৰ সৈতে যোগাযোগ আৰু কথা-বতৰা
বৃদ্ধি পালে ৷ ইচ্ছাৰ সুঁতি মিলি যোৱাত এদিন ময়ে প্ৰস্তাৱ দিলোঁ যে জিলাখনৰ আমি
নেদেখা বা নোযোৱা স্পটকেইটালৈ নিজে অন্ততঃ একোবাৰকৈ যোৱা উচিত, চোৱা উচিত,
ফটো তুলি অনা উচিত, যিহেতু এইবোৰ District Websiteত সন্নিৱিষ্ট হ’ব, বিভাগটোৰ কাৰণেও গুৰুত্বপূৰ্ণ আৰু ভাল
কথা হ’ব ৷ ধীৰে
ধীৰে এই ভ্ৰমণ-চেতনা তেওঁৰো জাগিব ধৰিলে ৷ হয়ভৰ পোৱাত গোপনে পৰিকল্পনা ৰচনাত
লাগি গ’লোঁ ৷ যাবলগীয়া থলী
কেইটামান আছে ৷ ভাবি থাকিলোঁ, প্ৰথমে ক’লৈ যাম, কেনেকৈ যাম ?
দুই ৷৷ সুযোগ
পুৱা
সোনকালে শুই উঠা আৰু খোজ কঢ়াটো মোৰ এটা পুৰণা অভ্যাস ৷ আমাৰ চুবুৰীয়া ডেকা মংগলছিং ৰংহাঙো নিয়মীয়াভাৱে ওলায় ৷ টাউন প্ৰাইমেৰী এল.পি. স্কুলখনৰ কাষত, চাৰিআলিটোৰ দাঁতিত আমি লগ হওঁ, সোণাৰু গছৰ তলত দুটা খুঁটিৰ ওপৰত গজাল মাৰি থোৱা তক্তাচটাত বহি আড্ডা মাৰোঁ ৷ আলোচ্য বিষয়বোৰৰ ভিতৰত
আমাৰ জিলাখনৰ পৰ্যটনস্থলবোৰেও সঘনে ঠাই পায় ৷ ভ্ৰমণ-উন্মাদনা বৃদ্ধি হ'ব ধৰে ৷
মংগলৰ
ঘৰ ছামেলাংছ’ত ৷ কথাটো জানিব পাৰি কৰকাণ্ঠিছ’ৰ সম্পৰ্কে প্ৰশ্ন তোলা আৰম্ভ কৰি দিলোঁ ৷ ঠাইটুকুৰাৰ
অৱস্থান ছামেলাংছ’ৰ ফালেই ৷ ডিফুৰ পৰা ডকমকা হৈ ছামেলাংছ’লৈ ১০৫ কিল'মিটাৰ ৷ লাংহিন-মাণিকপুৰ হৈ ৯৭ ৷ বহুত বছৰৰ পূৰ্বে তেওঁ তালৈ গৈছিল
৷ অতীতৰ বৰ্ণনা উছাহেৰে কিছু শুনালে ৷ গুগুল মেপ খুঁচৰি ম’বাইলৰ স্ক্ৰীণত উলিয়াই অঞ্চলটোৰ বৰ্তমানৰ ৰূপটোও মোক দেখুৱাবৰ প্ৰয়াস নকৰাকৈ
নাথাকিল ৷ লাহে লাহে মংগলৰ উত্তেজনাৰ মাত্ৰা চৰিল আৰু এদিন মোৰ আহ্বানত তালৈ যোৱাৰ
পক্ষে সন্মতি প্ৰদান কৰিলে ৷
দুৰ্গম স্থান ৷ যাতায়াত অসুচল ৷ যাবলৈ-আহিবলৈ হ’লে নিজাববীয়াকৈ গাড়ী এখন লাগিবই ৷ মংগলৰ মাৰুতি ৮০০ এখন
আছে ৷ পুৰণা হৈছে যদিও সেইখনেৰেই যোৱাৰ নিশ্চিতি দিলে ৷ চালক-গাইড মংগলছিং ৰংহাং, লগত মই ৷ আমি দুজন হ’লোঁৱেই ৷ আৰু দুজন লাগে ৷ পৰ্যটন বিভাগৰ চাকৰিয়াল মংগলছিং ক্ৰ’ক ক’লোঁ ৷ তেৱোঁ লগে লগেই মান্তি হ’ল ৷ তিনিজন হ’লোঁ ৷ আৰু এজন যাব পাৰে ৷ কাক লওঁ ? পূৰ্বৰ
কেইবাটাও ভ্ৰমণৰ সহযাত্ৰী অৰূপদা (অৰূপ কলিতা)ক টুকুৰিয়াই চালোঁ ৷ দহো বন কাটি কৰি তেৱোঁ
তৎক্ষণাতে ৰাজী হৈ গ’ল ৷ চাৰিজনীয়া দলটো গঠন
হোৱাৰ পাছত দিন নিৰ্বাচন হ’ল ৷ ৮ ডিচেম্বৰ, ২০১৯ তাৰিখ, দেওবাৰ ৷
নিৰ্দিষ্ট
যাত্ৰা-মুহূৰ্তটো চমু চাপি আহিছে ৷ আগ-সন্ধিয়া উৎসাহী ফোনকল এটাও আহিল ৷ কৰিবলগীয়া ঠিক-ঠাকখিনি
কৰি আন্ধাৰ হোৱাৰ আগতেই মংগলে গাড়ী ৰে’ডী ৰাখিছে ৷ খাবলৈ চিৰা-গুৰো কিনিলে, নিজমনে ৷ বাকী দৰকাৰী বস্তুখিনি
আলোচনামৰ্মে ডকমকা বা ছামেলাংছ’ বজাৰত সংগ্ৰহ কৰি লোৱা হ’ব ৷ বাচন-বৰ্তন নিয়াত নাই ৷ ৰন্ধন কাৰ্য বাঁহৰ চুঙাত ৷ কথনভংগীত উদ্যম আৰু মানসিক চাঞ্চল্যৰ বহিঃপ্ৰকাশ ৷
Explore
Karbi Anglong ৷ এই উদ্দেশ্যৰেই কাইলৈ পুৱা ৫.৩০ বজাত যাত্ৰা আৰম্ভ কৰিম আমি ৷ আমি
মানে মংগলছিং ৰংহাং, মংগলছিং ক্ৰ’, অৰূপ কলিতা আৰু মই ৷ ডেষ্টিনেচন ইক’-টুৰিজম্ স্পট কৰকাণ্ঠিছ’ ৷ কথাটো তেনেকৈ কাকো কোৱা নাই ৷ গোপন এক জংঘল-যাত্ৰা ৷ মনে মনে ভীষণ উত্তেজিত আৰু কৌতূহলী হৈ আছোঁ ৷ (ক্ৰমশঃ)
No comments:
Post a Comment