৫.২ পাৰ হ’লোঁ দলংবিহীন ৰিদংগে’ আৰু খেনাৰি
পুৱা ৭.৪৫ত আমি খেনাৰি এৰিছিলোঁ ৷ হালি-জালি চলি আছে ঘৰমুখী যাত্ৰাটো ৷
সন্তুলন বজাই ৰাখি মাজে মাজে এহাতেৰেই ডিঙিত ওলমি থকা কেমেৰাটো নিয়ন্ত্ৰণ কৰি ক্লিক্
কৰি গৈছোঁ ৷ মানুহবোৰৰ কাৰো মুখমণ্ডলত সামান্যতমো ক্লেশ কিম্বা কষ্টৰ
অভিব্যক্তি নাই ৷ বৰঞ্চ হাঁহিহে ৷ চকা গাঁতত পৰিলে ৰগৰ বেছিকৈ উঠে ৷
গগৈ ছাৰহঁত আগে আগে গৈ আছে ৷ কেঁকুৰি আৰু জংঘলৰ আঁৰত বাৰে বাৰে লুকাই পৰাত
গাড়ীখন ভালকৈ এবাৰো দেখা পোৱা নগৈছে ৷ অফ্ ৰ’ড ড্ৰাইভিঙৰ শীতল
প্ৰতিযোগিতা এখনহে যেন চলি আছে, দুয়ো ড্ৰাইভাৰৰ মাজত ! মোৰ হ’লে এনেকুৱা ভাব হৈছে ৷
বেত মহলৰ বেতৰ দ’মবোৰৰ কাষেদি পাৰ হ’লোঁ ৷ এইটো এতিয়া নিশ্চিতভাৱে ক’ব পাৰোঁ যে বেত
কঢ়িওৱা বলেৰ’ পিক্-আপ্ গাড়ীকেইখনে জংঘলৰ পৰা উলিয়াই অনা
বেতবোৰ ইয়াতে আনল'ড কৰে ৷ সেইখিনি পাছত থৈ আমি গে’ঝেনলান্যু (খোৱানি গাঁও) সোমালোঁহি ৷ গাড়ী ৰোৱা নাই ৷ ৰ’বৰ সকামো নাই ৷
সন্মুখত দলংবিহীন ৰিদংগে’ ৷ শিলাময় নৈখনৰ পাৰত উপস্থিত হৈ চালকজন এক
মুহূৰ্ত ৰ’ল ৷ তাৰ পাছতে সুকলমে অতিক্ৰম কৰালে ৰিদংগে’ৰ খৰসোঁত ৷ ৰিদংগে’ পাৰ হৈয়ে ৰিদংগে’ন্যু (ৰাইছিং গাঁও) ৷ সিদিনা আমি আহোঁতে পোৱা
বগৰীজোপাৰ কাষতে সিখন গাড়ী ৰৈ আছে ৷ কিয়বা ? নাজানো ৷
আমি কিন্তু নৰ’লোঁ ৷ নিজৰ গতি অক্ষুণ্ণ ৰাখি চালকে আমাৰখন
আগলৈ নি থাকিল ৷ সেইখনক পাছ পেলোৱাৰ লগে লগে যাত্ৰীসৱে কিৰীলিয়াই আনন্দ
প্ৰকাশিব ধৰিলে ৷ বাই বাই বুলিও চিঞৰিলে সিহঁতলৈ চাই ৷ সিখনৰ যাত্ৰীবোৰো উল্লসিত
হৈ উঠিল ৷ প্ৰত্যুত্তৰত সিহঁতেও ক’লে বাই বাই ৷ সুৰতে সুৰ মিলাই ময়ো উকিয়ালোঁ
খুবমতে ৷ গগৈ ছাৰক চকামকাকৈ দেখা পোৱা গৈছিল ৷ পাছফালে চুক এটাত কুঁচি-মুচিকৈ বহি এইফালেই
চাই আছিল ৷ হাত এখন দাঙিছিল ৷ তেওঁলোকৰ গাড়ীত বাটে বাটে স্ফূৰ্তি হৈছেনে নাই
নাজানো, আমাৰ হ’লে তামাম হৈছে ৷
পুৰন্দৰ সিংহ (১৮৩৪-১৮৩৮) তেতিয়া আহোমৰ ৰজা হৈ আছিল ৷ ব্ৰিটিছ চাহাবে
স্বৰ্গদেউক এবাৰ এখন সভালৈ আমন্ত্ৰণ জনালে ৷ ৰজাই নিজে নগৈ তেওঁৰ প্ৰতিনিধি হিচাপে Nzonyuসকলৰ মুখিয়াল Keyhang Sebüক
পাচিলে ৷ ৰজাই তেওঁক সম্পূৰ্ণ যোদ্ধাৰ সাজেৰে যাবলৈ পৰামৰ্শ দিছিল ৷ তেনে ধৰণেই
কেইহাং যথাস্থানত উপস্থিত হ’লগৈ ৷ সিফালে আচহুৱা বেশৰ লোকজনক দেখা পাই ব্ৰিটিছ অফিচাৰ অবাক ৷ দোভাষীৰ
জৰিয়তে জানিব বিচাৰিলে যে মানুহজনৰ দোৱানটো কি ? উত্তৰত কেইহাঙে জনালে Remme/Rengme বুলি ৷ অফিচাৰজনে লগে লগে
ডায়েৰীত নোট কৰি ল’লে ৷ কেইহাং
গুচি আহিল ৷ পাছত শুনা পালে যে তেওঁৰ গোষ্ঠীৰ Nzon বা Nzonyu মানুহখিনিক ব্ৰিটিছে
Rengma বুলিছে ! এনেকৈয়ে ৰেংমা শব্দটোৰ প্ৰচলন হোৱা বুলি এচামে ঠাৱৰ কৰিছে ৷
ৰেংমা বুলি জনাজাত হোৱাৰ পূৰ্বে পূৰ্বপুৰুষৰ নামানুসাৰে এই নগাসকলে নিজকে
Nzon বা Nzonyu (Nzonৰ লোক) বা Nzon nyennyu (Nzonৰ সন্তান) বুলি কৈছিল ৷ গৱেষকৰ
মতে Nzon তেওঁলোকৰ আদিপুৰুষ ৷ তেখেতৰ এজন পুত্ৰ আছিল ৷ নাম Mejoham ৷ এখেতৰ
সন্তান আছিল ৪জন ৷ Njonkhg, Nrhoga, Nkakhing আৰু Nrungm ৷ ব্ৰিটিছে নগা পাহাৰ
অধিকাৰ কৰাৰ সময়তে Nzonyu বা Nzon nyennyu গুচি ‘ৰেংমা’ নামটো আহিল ৷ এই নামকৰণ প্ৰক্ৰিয়াৰ অন্তৰালত ব্ৰিটিছ নতুবা
অন্য চুবুৰীয়া জনজাতি জড়িত থকাটোৱে সম্ভৱ বুলি ৰেংমাসকলৰো সাধাৰণ ধাৰণা ৷
আহোম, মান বা ইংৰাজ অহাৰ আগৰে পৰাই Nzonসকলে বৰ-অসমৰ পৰ্বতাঞ্চল, ৰেংমা
হিলছ্ত বসবাস কৰি আছিল ৷ পাছলৈ ধৰ্মমতত খ্ৰীষ্টান হ’ল, উপাসনা-গৃহ গিৰ্জা স্থাপন হ’ল ৷ এইসকল তাৰেই বংশধৰ ৷
আমেৰিকান মিছনেৰীয়ে খ্ৰিষ্টানলৈ ধৰ্মান্তৰিত কৰাৰ পাছত পূৰ্বৰ আদিম প্ৰথাবোৰ ক্ৰমাৎ লোপ পালে ৷ হিংস্ৰতা, লুটপাট, উপদ্ৰৱৰ দৰে কু-অভ্যাসসমূহ এৰি
উদাৰতা, সহিষ্ণুতা আৰু চুবুৰীয়াৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ উপৰি শিক্ষা,
স্বাস্থ্যবিধি, সুস্থ জীৱনধাৰাৰ মূল্য উপলব্ধিৰে শৃংখলাবদ্ধভাৱে এই মানুহখিনিয়ে
জীৱন অতিবাহিত কৰি গৈছে ৷ এওঁলোক প্ৰভু যিশুৰ পৰম ভক্ত ৷ মুক্তিদাতা যিশুখ্ৰিষ্টৰ
প্ৰতি এওঁলোকৰ অপৰিসীম আস্থা ৷ দহোবন কাটি কৰি, কষ্ট স্বীকাৰ কৰি ডব্লিউ.আৰ.বি.এ.ৰ সভালৈ এনেকৈয়ে আহিছিল, আজি এনেকৈয়ে ঘৰলৈ ঘূৰিছে ৷ অভিযোগ একো নাই ৷ মনবোৰ মুকলি ৷
ৰেংমা নগাসকলক ইণ্ডো-তিবেত’-চাইনিজ পৰিয়ালৰ মংগোলীয় প্ৰজাতিৰ লোক হিচাপে গণ্য কৰা হয় ৷ জাৰ্মান ভাষাবিদ ছাৰ জৰ্জ গ্ৰীয়েৰছনে মানুহখিনিৰ মুখৰ ভাষাটোক তিব্বত-বৰ্মী ভাষা পৰিয়ালত অন্তৰ্ভুক্ত কৰিছে ৷
ৰেংমা নগাসকলক ইণ্ডো-তিবেত’-চাইনিজ পৰিয়ালৰ মংগোলীয় প্ৰজাতিৰ লোক হিচাপে গণ্য কৰা হয় ৷ জাৰ্মান ভাষাবিদ ছাৰ জৰ্জ গ্ৰীয়েৰছনে মানুহখিনিৰ মুখৰ ভাষাটোক তিব্বত-বৰ্মী ভাষা পৰিয়ালত অন্তৰ্ভুক্ত কৰিছে ৷
আমাৰ গাড়ীখনত থকা মহিলাসকলে সমৱেত কণ্ঠত গীত গোৱা আৰম্ভ কৰিলে ৷ খ্ৰীষ্ট-গান
৷ নিজৰ দোৱানত গাইছে ৷ সুৰটো ভাল লাগিছে শুনি ৷ তাৰ মাজতে দুই-একৰ সৈতে মোৰ বাৰ্তালাপ চলিছে ৷ কিবা-কিবি
সুধিছে ৷ কালি ৰিছাংগাৰিত দেখা পোৱা বুলিও কৈছে ৷ যাত্ৰীসকলৰ কোনোবাজন জংফালৈ যাব,
কোনোবা ল’লাশ্বংন্যুলৈ ৷ মই জংফালৈ গৈছোঁ, আখৈফুটালৈ গৈছোঁ বুলি ক’লোঁ ৷ থাংচিয়ে সমৰ্থন দিলে ৷ সিহঁতৰ দোৱানতে কিবা-কিবি ব্যাখ্যা কৰিব ধৰিলে
৷ জংফাৰ পৰা কেইহাং ৰেনচ’লৈ গৈছিলোঁ, কেইহাং ৰেংমা ফুকনৰ সমাধি চাই
আহিছোঁ বোলাত মানুহবোৰ আচৰিত হৈ পৰিল ৷ থাংচিয়ে পুনৰ সঁহাৰি জনাই দুআষাৰ ক'লে ৷ থাংচি আমাৰ বাট-প্ৰদৰ্শক তথা ব্যৱস্থাপক মূল ব্যক্তি আছিল ৷
কাৰেংগা গাঁও সোমালোঁহি ৷ দুফালে পৰম্পৰাগত ৰেংমা নগা চাংঘৰ কিছুমান আছে ৷ এসময়ৰ ঙাঁদা উৎসৱথলী ৷ বৰ্তমান নিমাওমাও পৰিৱেশ ৷ ঠিক সোঁমাজেৰে গাড়ীখন অগ্ৰসৰ হৈছে ৷ এইডোখৰ প্ৰায় সমান ৷ সিখনো আহি আছে পাছে পাছে ৷ নিয়ন্ত্ৰিত গতি ৷
এতিয়া ৮ বাজি ১০ মিনিটমান গৈছে ৷ সন্মুখত দৈগ্ৰোঙৰ আগলি, খেনাৰি নদীখন ৷
দলংবিহীন খেনাৰিত গাড়ী নমাই দিলে চালকে ৷ পানী ফালি ঠিকে ঠিকে পাৰ কৰাই আনিলে ৷ এনেকুৱাতে মহিলা
এগৰাকীক দেখিলোঁ, মোনাৰ পৰা চেনীচম্পা কল এগালমান উলিয়াইছে ৷ চলন্ত গাড়ীতে
এফালৰ পৰা বিতৰণ কৰাত লাগিল ৷ চালক আৰু আগফালে বহি থকা কেইজনলৈকো আগ বঢ়াইছে ৷ ময়ো
পালোঁ কেইটামান ৷ থেকেচনিত ৰাতিপুৱা খেংগাৰ ঘৰত খাই অহা জলপানকেইটা হজম হৈ ভোকটো
লাগি আহিছিল ৷ কলকেইটা খাই কিছু সকাহ পালোঁ ৷ গগৈ ছাৰে কি পাইছে, কি খাইছে তাকহে
জনাৰ কোনো উপায় নাই ৷ খেনাৰিৰ বালিয়ৰি পথছোৱাত আমাৰখনৰ গতি মন্থৰ হৈ পৰোঁতে তেওঁলোকে আমাক অতিক্ৰম কৰি গ’ল ৷ আকৌ উভয় পক্ষৰ মাজত কিৰীলি, বাই বাই ধ্বনিৰ জোৱাৰ উঠিল ৷
৫ মিনিটৰ পাছতে ফাংচেৰপলৈ সোমাই যোৱা ৰাস্তাটো অৰ্থাৎ তিনিআলিটো
পালোঁহি ৷ ফেনচেৰ’ গাঁৱৰ Pfukha Rengma আহোম ৰজাৰ পৰা স্বীকৃতি লভা অন্তিমজন ৰেংমা মৌজাদাৰ
আছিল ৷ ইয়াৰ পৰা বাঁওহাতে ফেনচেৰ’ গাঁও ৷ চলতি ভাষাত ফাংচেৰপ ৷ ৰেংমা গাঁওখনলৈ কেতিয়াবা
সুযোগ পালে যোৱাৰ আশা পুহি সংযোগী ৰাস্তাটো এৰি থৈ আগ বাঢ়িব ধৰিলোঁ ৷
No comments:
Post a Comment