৪.২ অন্তিম জনপদ ৰিছাংগাৰি পাই গ’লোঁ
শ্বৰ্টকাট শেষ হোৱাৰ পাছত সৰ্পিলাকৃতিৰ মূল পথটোৰে কেঁকুৰি কেইটামান ঘূৰি খুব বেছি ১০ মিনিট আগ বাঢ়ি অহা
হৈছে ৷ এনেতে পথৰ ওপৰতে ওখ স্থান এটুকুৰাত সাজি থোৱা তোৰণ এখন দূৰৰ পৰাই চকুত
পৰিল ৷ দুফালে তিনিটাকৈ খুঁটা ৷ তাৰ ওপৰত দুয়োফালে দুটাকৈ ৰেংমা পৰম্পৰাগত চাংঘৰৰ
সৰুকৈ নক্সা ৷ সামান্য যদিও অৰ্থবহ ৷ ইপাৰৰ পৰা সিপাৰলৈ ফ্লেক্স বেনাৰ লগোৱা আছে
৷
Richangari Village. Ryülo 70th Session Western Rengma Baptist
Association. Annual Delegate Meeting. Bintsü : Richangari Baptist
Church. Zan : 14th - 16th February 2020. তোৰণখন দেখি আৰু বেনাৰৰ লেখাখিনি
পঢ়ি পথ-প্ৰদৰ্শকজনে নক'লেও মোটামুটিভাৱে বুজি পালোঁ যে আমি ৰিছাংগাৰি সোমাইছোঁহি ৷ ১৪ৰ পৰা ১৬ ফেব্ৰুৱাৰী ২০২০লৈ
ৰিছাংগাৰি বেপ্টিষ্ট চাৰ্চত অনুষ্ঠিত ডব্লিউ.আৰ.বি.এ.ৰ ৭০ সংখ্যক
বাৰ্ষিক প্ৰতিনিধি সভালৈ অহা অভ্যাগতসকলক এনেকৈয়ে স্বাগতম জনোৱা হৈছে ৷ Ryülo মানে আগন্তুক, Bintsü মানে স্থান, Zan মানে দিনাংক ৷ ৰেংমা শব্দ ৷ খেংগাক অনুসৰণ কৰি তোৰণৰ তলেৰে সুৰকি আমি আগলৈ গৈ থাকিলোঁ ৷
গৰাটোৰ ইটো ঢালেৰে নামি দিয়াৰ লগে লগে ৰেংমা নগা গাঁওখন
দৃষ্টিৰ আগলৈ আহিল ৷ এইখিনিত ৰাস্তাটো চিধা ৷ হাবি-জংঘল কাটি বাটৰ আশ-পাশ মোকলাই
ৰাখিছে ৷ গছৰ গুৰিবোৰ আৰু অ’ত-ত’ত পৰি থকা পাথৰবিলাকত
চূণৰ প্ৰলেপ সানি থৈছে ৷ সভা উপলক্ষে এইদৰে সৌন্দৰ্যবৰ্ধন কৰা হৈছে বুলি ধৰিব পাৰিছোঁ ৷
সোঁহাতে ধূনা গছ এজোপা দেখা পালোঁ ৷ বৰ বেছি ওখ-ডাঙৰ
নহয় ৷ গুৰিত কোনোবাই ঘপিয়াই থৈছে ৷ ক্ষতস্থানৰ পৰা খুন অৰ্থাৎ ধূনা নিৰ্গত হৈ আছে
৷ আমাৰ বাঁওহাতেও গছ দেখা পাইছোঁ ৷ ওচৰ চাপিব পৰা দূৰত্বত নহয় ৷ জংঘলৰ মাজত ৷ গতিকে এইজোপা পৰ্যবেক্ষণ কৰি উঠাৰ পাছত খোজবোৰ চিধা বাটেৰেই গৈ থাকিল ৷
কাণত পৰিব ধৰিছে বিপৰীত ফালৰ পৰা ভাহি অহা মাইকৰ আৱাজ ৷ শব্দবোৰ মিটিং থলীৰ
পৰাই আহিছে বুলি নিশ্চিত ৷ সভাথলী নামনিত থকাৰ বাবে জেগাটুকুৰা দেখা পোৱা নগৈছে ৷ আগলৈ গ'লেই পৰ্দা আঁতৰি যাব ৷
ৰেংমা সমাজ শ্ৰেণীহীন সমাজ, য’ত উচ্চ-নীচৰ প্ৰভেদ নাই ৷ এওঁলোকৰ সমাজত প্ৰতিটো ফৈদৰ মাজত সম-অধিকাৰ
দেখা যায় ৷ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয় যি কথাতেই নহওক কিয়, সকলোৱে একে
ধৰণে অংশ গ্ৰহণ কৰিব পাৰে ৷ ৰেংমা সমাজখন পুৰুষপ্ৰধান যদিও নাৰীৰ স্থান পুৰুষৰ
সমানেই উচ্চ আৰু সন্মানীয় ৷
কথা পাতি পাতি আৰু কিছু দূৰত্ব অতিক্ৰম কৰাৰ পাছতে পোনে পোনে নগৈ খেংগাই আমাক
সোঁহাতে এঘৰ মানুহৰ চৌহদলৈ সুমুৱাই নিলে ৷ পৰস্পৰ চিনাকি আছে তেওঁলোকৰ ৷ গৃহিণীগৰাকী সভালৈ যোৱা নাই ৷ ইচ্ছা থকা সত্ত্বেও ঘৰতে সোমাই থাকিবলগীয়া হ’ল ৷ কাৰণ, সৰু ল’ৰাৰ ভৰিৰ তলুৱাখনত বেয়াকৈ কাটিলে ৷ চেঙেলীয়াটোৰ সোঁ ভৰিত বেণ্ডেজ ৷ তাক তেনে অৱস্থাত দেখা পায়ে খেংগাই নিজৰ দোৱানতে সোধা-পোচা কৰাত লাগি গৈছিল
৷ আমিও চালোঁগৈ ৷ আইনাই ডাঙৰকৈ ফালি নিছে ৷ চিকিৎসা কৰাবলৈ একো ব্যৱস্থাই
নাই ইয়াত ৷ ল’বলগীয়া সাৱধানতাখিনিৰ উপৰি দৰকাৰী পৰামৰ্শ কিছুমান
দিলে গগৈ ছাৰে ৷
শিলাময় থিয় পাহাৰৰ পাদদেশত ৰৈ আছোঁ আমি ৷ পাহাৰৰ বক্ষত ইফালে-সিফালে ঘৰ কিছুমান ৷ গোটা বাঁহ ইডালৰ পাছত সিডাল
জোৰা দি ওপৰফালৰ কোনোবা উৎসৰ পৰা পানী তললৈ বোৱাই অনা হৈছে ৷ 'ৰেংমা টেক্নিক্' আৰু এটা প্ৰত্যক্ষ কৰিলোঁ ইয়ালৈ আহি ৷ বুদ্ধিটো মানিবলগীয়া ৷ বাঁহৰ পাইপৰ কাষেদিয়েই আমি উচ্চতালৈ উঠিব ধৰিছোঁ ৷ কষ্টকৰ আৰোহণ ৷ সাজ-পোছাক অনুকূল নোহোৱাত আৰাম লগা নাই ৷ ধীৰে-সুস্থিৰে বগাবলগীয়া হৈছে ৷
পাহাৰ উঠি গৈ পোৱা চাংঘৰটোৰ চৌহদতে বগৰী গছ এজোপা পালোঁ ৷ লমালমে লাগি থকা পকা বগৰীবোৰে মোক খা মোক খা কৰি আছে ৷ মুখৰ আগত দেখা পায়ে আন কথা বাদ দি ছাৰ আৰু মই ফৰ্মূটিওৱাত
লাগি গ’লোঁ ৷ কিছু খালোঁ, মোনা আৰু পেণ্টৰ পকেটতো যি পাৰোঁ সুমুৱাই লোৱা হ’ল ৷ বগৰীকেইটা বেচ ভাল ৷ ৰিদংগে’ন্যুত সিদিনা আহোঁতে খোৱাকেইটাও ধুনীয়া আছিল ৷
ঘৰবিলাক জনশূন্য ৷ সকলো মানুহ সভালৈ গৈছে ৷ চাংঘৰৰ উপৰি মাটিৰ ওপৰত সজা
ঘৰো আছে ইয়াত ৷ তদুপৰি পৃথকে পৃথকে আছে পাকঘৰ, খৰি থোৱা ঘৰ, বাচন-বৰ্তন ৰ’দত দিয়া চাং, ভঁৰাল, গা ধোৱা ঘৰ, শৌচাগাৰ, গোহালি, কুকুৰা গঁৰাল, গাহৰি
গঁৰাল ইত্যাদি ৷ সেইবোৰৰ ফাঁকে ফাঁকে সৰকি এঘৰৰ চোতালত খেংগা ৰৈ গ’ল ৷ চাংঘৰ এটাৰ সামান্য ফাঁক হৈ থকা বাঁহৰ দৰজাখন ঠেলি দিলে ৷ যেন সদায় আহ-যাহ চলিহে থাকে
! ভিতৰত বুঢ়ী এগৰাকী বহি আছিল ৷ অকলশৰীয়া বয়োবৃদ্ধ আইগৰাকীৰ সৈতে খেংগাই
দোৱানতে কথা পাতিলে ৷ পুনৰ আগ বাঢ়িলোঁ গাঁৱৰ মাজে মাজে, লাহে লাহে ৷
লুংলুঙীয়া বাটটোৰ সোঁহাতে বৃহৎ আকাৰৰ ধূনা গছ এজোপা ৷ দেখা পাই গগৈ ছাৰে ৰৈ দিলে ৷ আমিও ৰ'লোঁ ৷ যথেষ্ট ওখ আৰু বয়সিয়াল গছ ৷ ছাৰে কেটেপা উলিয়াই ল’লে ৷ খেনাৰিৰ পাৰৰ পৰা বুটলি অনা শিলগুটিকেইটাৰ সদপ্ৰয়োগৰ সময় এয়া ৷ সৰি পৰা পাত, গুটি বুটলি
আনি ছাৰক সহায় কৰি থাকিলোঁ ৷ ওচৰতে আৰু এজোপা গছ আছিল ৷ বয়স আৰু গা-গছৰ ঘেৰ যথেষ্ট কম ৷
এইজোপাৰো নিৰীক্ষণ চলিল ৷ নোটবুকত আনুষংগিক তথ্যবোৰ ভাগে ভাগে টুকি লোৱা হ'ল ৷
গাঁওখন নিমাত-নিস্তব্ধ হৈ আছে ৷ ওপৰলৈ আৰু ঘৰ কেইটামান আছে ৷ এঢলীয়াত থকা চাংঘৰবোৰ টকৌপাত, খেৰ,
টিনপাতেৰে চোৱা ৷ ইটোৰ সৈতে সিটো ঘৰ সংযোগী লুংলুঙীয়া বাটেৰে বাধাহীনভাৱে
পংপঙাই ঘূৰি ফুৰিছোঁ ৷ অন্তিম ঘৰটো পৰ্যন্ত গ’লোঁ খেংগা আৰু মই
৷ বগৰী গছ এইফালেও আছে ৷ শিলেৰে ঘেৰি ৰখা পৰম্পৰাগত কবৰো দেখা পালোঁ ৷ মনলৈ প্ৰশ্ন আহিছে, ৰিছাংগাৰিৰ
মানুহবোৰ কেনেকৈনো জীয়াই থাকে ? মাছ মৰা আৰু খেতি-বাতিয়ে জীৱিকাৰ উপায় বুলি
খেংগাই উত্তৰ দিলে ৷
বগৰীৰ উপৰি মধুৰিআম, ৰবাবটেঙা, কলগছ, তামোল গছ, চেগুন গছ, ফুলৰ গছ ইত্যাদি
চকুৰ আগত দেখিছোঁ ৷ ইয়াত ইলেকট্ৰিচিটি নাই ৷ ঘৰৰ ওপৰত থৈ দিয়া সৌৰৰশ্মি কালেক্টৰ পেনেল দৃষ্টিগোচৰ হৈছে ৷ ধান খুন্দা কল এটাও আছে ৷ ডিজেল জেনেৰেটৰ
ছেটৰ সহায়ত চলায় ৷ মানুহবোৰৰ চোতাল-ঘৰ খুব পৰিষ্কাৰ ৷
সভা এতিয়া সামৰণি পৰ্যায়ত ৷ ওপৰৰ পৰা ধুনীয়াকৈ সকলো শুনি আছোঁ ৷ ডিফুৰ
পৰা সিদিনা আমাৰ সৈতে ৰে'লত একেলগে অহা ৰেভাৰেণ্ড আথাঙে কথা কৈ আছে ৷ কণ্ঠটো স্পষ্টভাৱে ধৰিব পাৰিছোঁ ৷ শিলনিজানৰ পৰা আথাং আৰু ছেমুৱেল উঠি অহা ডব্লিউ.আৰ.বি.এ. মিছন চেণ্টাৰৰ জীপচিখন তলত ৰৈ আছে ৷
সভাঘৰৰ পৰা নিজাঘৰলৈ বুলি ওপৰলৈ উঠি আহি থকা যুৱক দুজনৰ সৈতে আলাপ আৰম্ভ হ’ল ৷ প্ৰশ্ন, 'ধূনা গছ কেনি কেনি আছে ?' ইয়াৰ পৰা বিপৰীতফালে দেখা গৈ থকা পাহাৰখনলৈ আঙুলিয়াই দিলে
আগন্তুকে ৷ পাহাৰখনৰ নাম Ekhongphengchong ৷ পাহাৰলৈ গ’লে গগৈ ছাৰলৈ ধূনা
গুটি লৈ আহিব লাগে ৷ ১০০ত ১০০০ ৷ চৰ্ত অপৰিৱৰ্তিত ৷ ধূনাৰ সন্ধানত যুৱক এজনক
নিয়োজিত কৰা হ'ল ৷ ফোন নম্বৰো দিলে ছাৰে ৷ মুঠতে যেনেকৈ য’ৰ পৰাই নহওক, ধূনা গুটি লাগে ৷ উন্নত জাতৰ বীজৰ অংকুৰণ ঘটাব লাগে ৷ গৱেষকৰ লগত থাকি ময়ো কিছু কিছু ক'ব পৰা হৈছোঁ এতিয়া ৷
ৰেংমা সমাজ সম্প্ৰসাৰিত হয় পৰিয়ালভিত্তিক গ্ৰাম্য প্ৰথাৰে ৷ নিৰ্ভীকতা, স্বাধীনতাপ্ৰেম আৰু মুক্ত মন মুক্ত প্ৰাণ তেওঁলোকৰ স্বভাৱজাত বৈশিষ্ট্য ৷ ৰিছাংগাৰি হৈছে খেনাৰিৰ সম্প্ৰসাৰিত গাঁও ৷ ১৯৮৩ চনত তাৰ পৰা উঠি অহা ১৫টা পৰিয়ালে এই গাঁও পাতিছিল ৷ ৰেংমা নগা অধ্যুষিত গাঁওখনৰ অৱস্থানটো ভাল লাগিছে ৷ দুশাৰী পাহাৰৰ মাজৰ ঠেক উপত্যকাটোৰে গাঁওবাসীৰ অহা-যোৱা কৰা ৰাস্তা ৷ অৰণ্যৰ মাজে মাজে একাষেদি খেনাৰিখন ৷ পাহাৰৰ ঢালত ঘৰবোৰ ৷ ৰ’দঘাই জেগা নিৰ্বাচনক প্ৰাধান্য দি গাঁওখন পতা হৈছিল যেন ধাৰণা হৈছে ৷ ইয়াত দিনটোৰ সকলো সময়তে বেলিৰ পোহৰ আৰু উত্তাপ পোৱা যায় ৷ সদ্যহতে ২৪টা পৰিয়ালেৰে ১২৫ সংখ্যক লোকৰ বসতিথলী ৷ Gwaning Nyenthang বৰ্তমান ৰিছাংগাৰিৰ চৰকাৰী গাঁওবুঢ়া ৷
ৰেংমা সমাজ সম্প্ৰসাৰিত হয় পৰিয়ালভিত্তিক গ্ৰাম্য প্ৰথাৰে ৷ নিৰ্ভীকতা, স্বাধীনতাপ্ৰেম আৰু মুক্ত মন মুক্ত প্ৰাণ তেওঁলোকৰ স্বভাৱজাত বৈশিষ্ট্য ৷ ৰিছাংগাৰি হৈছে খেনাৰিৰ সম্প্ৰসাৰিত গাঁও ৷ ১৯৮৩ চনত তাৰ পৰা উঠি অহা ১৫টা পৰিয়ালে এই গাঁও পাতিছিল ৷ ৰেংমা নগা অধ্যুষিত গাঁওখনৰ অৱস্থানটো ভাল লাগিছে ৷ দুশাৰী পাহাৰৰ মাজৰ ঠেক উপত্যকাটোৰে গাঁওবাসীৰ অহা-যোৱা কৰা ৰাস্তা ৷ অৰণ্যৰ মাজে মাজে একাষেদি খেনাৰিখন ৷ পাহাৰৰ ঢালত ঘৰবোৰ ৷ ৰ’দঘাই জেগা নিৰ্বাচনক প্ৰাধান্য দি গাঁওখন পতা হৈছিল যেন ধাৰণা হৈছে ৷ ইয়াত দিনটোৰ সকলো সময়তে বেলিৰ পোহৰ আৰু উত্তাপ পোৱা যায় ৷ সদ্যহতে ২৪টা পৰিয়ালেৰে ১২৫ সংখ্যক লোকৰ বসতিথলী ৷ Gwaning Nyenthang বৰ্তমান ৰিছাংগাৰিৰ চৰকাৰী গাঁওবুঢ়া ৷
সভাস্থলী যথেষ্ট তলত ৷ আমি ওপৰত, পাহাৰৰ বুকুত বহি আছোঁ ৷ প্ৰাৰ্থনা চলি আছে ৷ ভাল সময়তে আমি ৰিছাংগাৰি আহি পাইছোঁ ৷ সেয়া শেষ হ’লেই তাত প্ৰৱেশ ঘটাব পাৰিম ৷ খতম নোহোৱালৈকে অলপমান সময় ধৈৰ্য সহকাৰে অপেক্ষা কৰিব লাগিব বুলি খেংগাই বুজনি দিলে ৷ ১১.৩০ হওঁ হওঁ ৷ কোনো কথা নাই ৷ নামি নগৈ ওপৰতে আড্ডা মাৰি বহি থাকিলোঁ ৷ ৰিছাংগাৰিৰ প্ৰাকৃতিক সৌন্দৰ্যত অৱগাহন কৰি ভাবনাত বিভোৰ হ'লোঁ ৷
No comments:
Post a Comment