৪.৫ খেনাৰিৰ পাৰে পাৰে, পথাৰে পথাৰে
লাকী ড্ৰখনত যদি আজি গগৈ ছাৰৰ ভাগ্য ফুলিলহেঁতেন ! … তাকে কল্পনা কৰি হাঁহি-মাতি খোজ দি আছোঁ ৷ তৃতীয় পুৰস্কাৰ, গাহৰিৰ
তপিনাটোকে পাই যোৱা হ’লে ছাৰে ! এতিয়া আমি পাল পাতি সেইটো দাঙি লৈ সগৰ্বে গৈ থাকিব পাৰিলোঁহেঁতেন ৷ খেনাৰিত গধূলিলৈ আকস্মিক বৰাখানা এটাৰ নিশ্চয় আয়োজন হ’লহেঁতেন ৷ পিছে ফুটা কপাল ৷ এনেকুৱাতে মনত খেলোৱাত শিলগুটি এটা বুটলি মোনাটোতে সুমুৱাই ল'লোঁ ৷ ৰিছাংগাৰিৰ স্মৃতিচিহ্ন ৷
হাস্য-ব্যংগৰ খোৰাক হৈ পৰা লটাৰীকেন্দ্ৰিক অলীক ভাবনাবোৰকে প্ৰকাশ্যে ভাগ-বতোৱাৰা কৰি
কৰি একে লেথাৰিয়ে ২০ মিনিটমান খোজ কাঢ়ি অহাৰ পাছত শ্বৰ্টকাট ৰাস্তাটোৰ গুৰিত ৰ'লোঁহি ৷ শেহতীয়াভাৱে প্ৰাপ্ত অভিজ্ঞতাৰে ক'ব পৰা হৈছোঁ যে সোঁহাতে সোমাই দিলেই খেনাৰি নৈখন ৷ অহাৰ দৰেই এতিয়াও চাৰিবাৰ পাৰাপাৰ হ’ব লাগিব ৷ তেনেদৰে সুকলমে আহি থাকি পুনৰায় মূল ৰাস্তালৈ উঠিলোঁ ৷ ঘড়ীত ২ বাজি ৩৫ মিনিট হ’ল ৷ আকাশ আৰু চৌদিশলৈ চাই নিশ্চিত হৈছোঁ যে পোহৰ থাকোঁতেই গন্তব্য পাই যাম ৷ চিন্তা কৰিবলগীয়া নাই ৷ বতৰটো ভাল ৷
পথে পথে প্ৰায় আধাঘণ্টা আগুৱাই আহিলোঁ ৷ এনেতে খেংগাই ৰাস্তাটোৰ পৰা
ফালৰি কাটি দ্বিতীয়বাৰৰ কাৰণে সোঁহাতে, নতুন বাট এটাৰে সুমুৱাই নিলে ৷ পুৱা যাওঁতে মূল ৰাস্তাছোৱা
বোকাময় আৰু কষ্টকৰ পোৱাত তেতিয়াই সিদ্ধান্ত লোৱা হৈছিল যে ঘূৰি আহোঁতে এইছোৱা পৰিহাৰ কৰাই বুদ্ধিমানৰ কাম হ’ব ৷ হেন জানি সদ্যহতে পথৰুৱা বাট এটাৰে আগুৱাই নিছে ৷
শীঘ্ৰেই আমি জলাশয়সদৃশ দ পথাৰ এডোখৰত উপস্থিত হ'লোঁ ৷ পথ-প্ৰদৰ্শকে জনালে, ‘এই পানীবোৰৰ সোৱাদ লুণীয়া ৷ সেয়ে পহুৱে খাবলৈ আহে ৷ চোপ লৈ থাকি গুলীওৱা হয় ৷’ চিকাৰী লুকাই থকা জেগা এটা দেখুৱালে তেওঁ ৷ তাৰ কাষেদিয়ে সাৱধানতাৰে আমি পাৰ হ’লোঁ ৷
শীঘ্ৰেই আমি জলাশয়সদৃশ দ পথাৰ এডোখৰত উপস্থিত হ'লোঁ ৷ পথ-প্ৰদৰ্শকে জনালে, ‘এই পানীবোৰৰ সোৱাদ লুণীয়া ৷ সেয়ে পহুৱে খাবলৈ আহে ৷ চোপ লৈ থাকি গুলীওৱা হয় ৷’ চিকাৰী লুকাই থকা জেগা এটা দেখুৱালে তেওঁ ৷ তাৰ কাষেদিয়ে সাৱধানতাৰে আমি পাৰ হ’লোঁ ৷
বেলিটোৱে পশ্চিম আকাশলৈ গতি কৰিছে ৷ অলপ পাছতে পাহাৰৰ আঁৰত লুকাই পৰিব ৷ তিনিও
খেনাৰিৰ পাৰত হাজিৰ হ’লোঁহি ৷ সোঁহাতে দেখি থকাখিনিত জলস্তৰৰ গভীৰতা তেনেকৈ
নাই ৷ সিপাৰে পাহাৰ ৷ নৈ আৰু পথাৰৰ মাজেৰে যাব ধৰিছোঁ ৷ ঠেক উপত্যকা এইটো ৷ সুবিধা বুজি মানুহে খেতি-বাতি কৰিছে ৷
নদীৰ পাৰত বন্ধাকবিৰ খেতি কৰা হৈছিল ৷ এতিয়াও কিছু কিছু আছে ৷ পাহাৰৰ বক্ষত
কোনোবা ৰেংমা কৃষকৰ জুমতলী ৷ চাংঘৰো আছে ৷ নৈ আৰু পথাৰ এৰি লিকটোৱে আমাক মূল পথৰ পিনে
আনিব ধৰিলে ৷ মাজতে এসোপা জংঘল ৷ জংঘলৰ সোঁমাজত অকলশৰীয়াকৈ এজোপা অমৰা গছ ৷ অমৰা লাগি আছে ৷ সৰি পৰা
পকা অমৰা খাই আছে ছাগলী এপালে ৷ পকা অমৰাৰ গোন্ধে ইহঁতক পগলা কৰি তুলিছে ৷ অমৰাবোৰ দেখা পাই আমাৰো গা উঠি গ’ল ৷ ফৰ্মূটিওৱাত ধৰিলোঁ
৷ বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ ৷ আমাৰ ঘৰৰ ওচৰে-পাজৰে সৰুকালত দেখা অমৰা
গছবোৰ কালক্ৰমত অদৃশ্য হৈ পৰিল ৷ তাহানি অমৰা খোৱাৰ নিৰ্ভেজাল আৰু আনন্দদায়ক স্মৃতি কিছুমানৰ তৎমুহূৰ্ততে ভাগ-বতৰা
চলিল খেংগা আৰু গগৈ ছাৰৰ লগত ৷ এগালমান সৰাই মোনাত ভৰাই ল’লোঁ কাইলৈ ঘৰলৈ লৈ যোৱাৰ মতলবেৰে ৷
পথাৰৰ মাজেদি আহি মূল পথত উঠি লাহে-ধীৰে আগুৱাই আছোঁ ৷ সিফালৰ পৰা বন্দুকসহ মানুহ এজনৰ আবিৰ্ভাৱ ঘটিল ৷ পিন্ধনত
খাকী পোছাক ৷ ভৰিত হাণ্টিং শ্বু ৷ খেংগাৰ চিনাকি ৷ চিকাৰলৈ ওলাইছে তেওঁ ৷ গগৈ ছাৰৰ অনুসন্ধিৎসা বাঢ়ি গ’ল ৷ আগন্তুকক সুধিলে, ‘কি চিকাৰ পাব ককাই ?’ উত্তৰ আহিল, ‘পহু ৷’ চিকাৰীৰ পকেটত থকা সৰু টৰ্চ লাইটটোৱে
গগৈ ছাৰৰ মনত অন্তহীন প্ৰশ্ন তুলিব ধৰিছে ৷ টৰ্চটো তেওঁ নিজৰ হাতত ল'লে ৷ জ্বলাই-নুমুৱাই চালে ৷ নিজৰো আছে অনুৰূপ টৰ্চ এটা ৷ আকৌ সুধিলে, ‘এইটোৰে পহু চিকাৰ কৰা যায় জানো ?’ চিকাৰীয়ে উত্তৰ দিলে, ‘এইটোৱেই ভাল ছাৰ ৷ পোহৰ ভাল ৷ চকুত পৰিলে পহুটো ঠাইতে
অঁকৰা লাগি ৰৈ যায় ৷’ মানুহজনৰ সৈতে
এৰা-এৰিৰ বহু পৰৰ পাছলৈকো টৰ্চ লাইটৰ প্ৰসংগই গগৈ ছাৰৰ মনোজগত অধিকাৰ কৰি থাকিল
৷ মই মনে মনে গুণা-গঁথা কৰিব ধৰিলোঁ, এনেকুৱা এটা মইহে কিনিব লাগিব ৷
স্কুলফিল্ডৰ কাষত য’ত ট্ৰেকাৰখন ৰাখে তাতে খেনাৰিৰ একমাত্ৰ
দোকানখন অৱস্থিত ৷ আচলতে ঘৰ এটাৰে অংশ ৷ খিৰিকী এখনেৰে গ্ৰাহকক বস্তু দিয়ে ৷
মহিলা এগৰাকীয়ে দোকানখন চলায় ৷ নিৰ্দিষ্ট খিৰিকীখনত টোকৰ কেইটামান মাৰোঁতেই খোল খালে ৷ গধূলি খাবলৈ তাৰ পৰাই নুডল্ছৰ পেকেট তিনিটা কিনি ল’লোঁ ৷
গগৈ ছাৰে হেঁপাহ পলুৱাই যেনি-তেনি ফটো তুলি আছে ৷ কেমেৰাটো কেতিয়াবাই তেওঁক গতাই দিছিলোঁ ৷ মন কৰিলোঁ যে পুৱা শিলনিজানলৈ যাবলগীয়া ট্ৰেকাৰখন যথাস্থানত নাই ৷ গাড়ীখন নেদেখাত খূ-দুৱনি এটা আৰম্ভ হ'ল ৷ আমি কাইলৈ সেইখনতে যাব লাগিব ৷ পাছত আহি পাবহি চাগৈ ৷ নাহিলে কি হ'ব ? আজি দেওবাৰ ৷ অনিশ্চয়তা এটাই মনটো আৱৰি ধৰিলেহি ৷
গগৈ ছাৰে হেঁপাহ পলুৱাই যেনি-তেনি ফটো তুলি আছে ৷ কেমেৰাটো কেতিয়াবাই তেওঁক গতাই দিছিলোঁ ৷ মন কৰিলোঁ যে পুৱা শিলনিজানলৈ যাবলগীয়া ট্ৰেকাৰখন যথাস্থানত নাই ৷ গাড়ীখন নেদেখাত খূ-দুৱনি এটা আৰম্ভ হ'ল ৷ আমি কাইলৈ সেইখনতে যাব লাগিব ৷ পাছত আহি পাবহি চাগৈ ৷ নাহিলে কি হ'ব ? আজি দেওবাৰ ৷ অনিশ্চয়তা এটাই মনটো আৱৰি ধৰিলেহি ৷
খেনাৰি প্ৰাথমিক বিদ্যালয়ৰ কাষেৰে শেষৰ গৰাটো উঠি খেংগাৰ নঙলামুখ পাওঁতে বিয়লি ৩ বাজি
৩০ মিনিট পাৰ হ’ল ৷
No comments:
Post a Comment