১৭.২.২০২০, সোমবাৰ
৫.১ আতংকৰ অন্ত
খেনাৰিৰ কুঁৱলী-ধূসৰিত পুৱা ৷ সোনকালে শুই উঠাৰ পাছত গগৈ ছাৰৰ প্ৰস্তাৱ মৰ্মে ৬ বজাতে ছাৰ আৰু মই খেংগাৰ বাৰীত সোমালোঁ ৷ উদ্দেশ্য নামনিত থকা ধূনাজোপা নিৰীক্ষণ কৰা ৷ ঘৰৰ পাছফালেৰে খোজ লৈছোঁ ৷ হাতত নগা দা ৷ তললৈ নামোঁতে পিছলি নাযাবলৈ অতিশয় সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে ৷ অন্যথা চোঁচৰি ক’ত পৰিমগৈ ঠিকনা নাই ৷ তেনেকৈয়ে চাপিলোঁগৈ গছৰ গুৰি ৷ ধূনাৰ ক্ষৰণ দেখিয়ে অভিভূত হৈ পৰিলোঁ দুয়ো ৷ গছজোপাক সাবটি ধৰি ফটোও উঠিলোঁ ৷ ঘেৰটো আৱৰিবলৈ মোৰ নিচিনা মানুহ দুটা লাগিব ৷ গগৈ ছাৰৰ হেঁপাহ পূৰা হোৱাত এসময়ত আৰোহণ চলিল গহ্বৰৰ পৰা ৷ আমাৰ এই যাত্ৰাটোৰ ধূনা-অভিযানৰো ইমানতে যৱনিকা পৰিল ৷ উভতি আহি ছাৰে সমলবোৰ শৃংখলাবদ্ধ কৰি ল'লে ৷
খেংগাও সোনকালে উঠিছে ৷ ভাত হৈ গ'ল ৷ গৰমে গৰমে খাই-বৈ লৈ নঙলামুখতে বলেৰ’ পিক্-আপ্ৰ অপেক্ষাৰে
ৰৈছোঁ ৷ টোপোলা-টাপলিবোৰ নিয়ৰসিক্ত ঘাঁহনিত পেলাই ৰখা ৰাইডাং দুডালৰ ওপৰত
ৰাখিছোঁ ৷ নহ'লে তিতি যাব ৷ গিৰ্জাৰ পোনে পোনে, দূৰৰ পাহাৰলানিৰ সিপাৰৰ পৰা ৰঙচুৱা আবিৰ সানি এটা
নতুন দিনৰ প্ৰতিশ্ৰুতিৰে সূৰ্যটো ওলাই আহিছে ৷ আকৰ্ষণীয় দৃশ্যটোৱে মনটো ৰঙাই
তুলিলে ৷ পলক নেপেলোৱাকৈ চাই ৰ'লোঁ অলপ সময় ৷ ঈশ্বৰৰ কৃপাত খেনাৰিত আমাৰ সকলো কাম সুকলমে সমাধা হৈ গ’ল ৷ উদ্দেশ্য পূৰণ হ'ল ৷ এতিয়া ওভতনিৰ
যো-জা ৷ থাংচিয়ে কালি কৰা অংকমতে গাড়ী দুখন ওলালেহিয়েই হয় ৷ তাকে গুণা-গঁথা কৰি আছোঁ ৷
পাহাৰৰ বিশালতাৰ মাজত মন-প্ৰাণ হেৰাই যোৱা ওখ-চাপৰ সেউজীয়া ৷ সেউজীয়াৰ
মাজেৰেই ৰঙচুৱা ৰাস্তাটো ৷ খেংগাৰ প্ৰতিবেশী জনৈক ৰেংমা লোক তলৰ পৰা এখোজ-দুখোজকৈ উঠি আহি আছিল ৷ আমাৰ ওচৰ পাই
কাষ চাপি আহিল ৷ গগৈ ছাৰ আৰু তেওঁ আগৰে চিনাকি ৷ ছোৱালীজনী ছাৰৰ প্ৰাক্তন ছাত্ৰী ৷ ডিফু কলেজত পঢ়িছিল ৷ শিক্ষক-অভিভাৱক দুয়ো বহুদিনৰ মূৰকত আকস্মিকভাৱে লগ পাই অন্তৰংগতাৰে কথা আৰম্ভ কৰি খা-খবৰ বিনিময় কৰি
থাকোঁতেই থাংচিও উপস্থিত হ’লহি ৷ সি অহাত উৎসাহিত হ'লোঁ যদিও নিৰুৎসাহজনক কথা এটাও
হ’ল ৷ সেয়া হ’ল, ট্ৰেকাৰ নচলাত খেংগাই নিজৰ যাত্ৰা বাতিল কৰিলে ৷
আজিটো ৰৈ দি কাইলৈহে যোৱা হ’ব ৷ চাৰিওটাই একেলগে হাঁহি-মাতি ইয়াৰ পৰা শিলনিজান, শিলনিজানৰ পৰা বাছত উঠি ডিফুলৈ যাম বুলি আশা
পালি আছিলোঁ, নহ’লগৈ ৷
খেংগাৰ একান্ত সহযোগিতাতে এইকেইদিন আমাৰ চফৰ চলিল এনেকুৱা এটা অঞ্চলত য’ত ১০০ শতাংশই ৰেংমা নগা ৷ ৰেংমা শব্দটোৰ মূল
কি সেইটো খাটাংকৈ কোৱা টান ৷ নামটো অনা-ৰেংমাই দিয়া বুলিয়ে পণ্ডিতসকলে কয় ৷ শব্দটোৰ উৎপত্তি ১৯ শতিকাত বুলিও গৱেষকসকল পতিয়ন গৈছে ৷ একাংশৰ মতে আকৌ ৰেংমা
শব্দৰ অৰ্থ হৈছে এক ধৰণৰ দৈৱশক্তি ৷ যুদ্ধত শত্ৰুক পৰাভূত কৰিবৰ বাবে ৰেংমা
পুৰুষসকলে অতীজত যেতিয়া মূৰত ‘পিথং’, হাতৰ সৰু গাঁঠিৰ
তলত ‘বেংপেন’, বাহুৰ তলত ‘পেন্ছি’, বুকুত ‘কে’ৰহা’, কঁকালত ‘তাছিনয়াং’, কলাফুলত ‘ফাপেং’ আদি পৰম্পৰাগত
বস্ত্ৰ তথা অংগসজ্জাৰে সুসজ্জিত হৈ এহাতে ‘জেং’ অৰ্থাৎ দা
আৰু আনহাতে ‘মেই’ অৰ্থাৎ যাঠী লৈ যুদ্ধংদেহী ৰূপত ওলাই
গৈছিল, তেতিয়া দৈৱশক্তিৰ সৈতে তুলনা কৰা হৈছিল ৷ ৰেংমা নগাৰ দা, যাঠী, মোনা, আটাইবোৰ খেংগাৰ ঘৰতো আছে ৷ যুযুৎসু চৰিত্ৰ নাই ৷ অকলে থাকিও সুন্দৰ আতিথ্যৰে আমাক কৃতজ্ঞতাৰ নাগপাশেৰেহে বান্ধিলে ৷ এৰি যাবলৈ বেয়াই লাগিছে ৷
আঁতৰত গাড়ীৰ শব্দ শুনা পালোঁ ৷ আহিছে আহিছে বুলি কোনোবাই কোৱা মাত্ৰক প্ৰত্যেকেই কাণ থিয় কৰিলে ৷ হয়, মহিন্দ্ৰ
বলেৰ’ পিক্-আপেই হ’ব সেইখন ৷ আৱাজটো তেনেকুৱা যেন লাগিছে ৷ কেঁকুৰিটো ঘূৰি দিয়াৰ লগে লগে গাড়ীখন দেখা পোৱা গ’ল আৰু সমস্ত
উৎকণ্ঠা, সীমাহীন প্ৰশ্নবোধকবোৰৰ ওৰ পৰিল ৷ ঘেঁ-ঘেঁকৈ উঠি আহি আছে পিক্-আপখন ৷ থাংচিয়ে ছিগনেল দিলে ৷ গাড়ী ৰৈ গ’ল ৷ সন্মুখত বহিবলৈ জেগাই নাই ৷ Choshenlari-2 Baptist Churchৰ পাস্তৰ Gwasholo Sebü খিৰিকীৰ কাষত বহি আহিছে ৷ আমাৰ মাজত সৌহাৰ্দপূৰ্ণভাৱে পুৱাৰ সম্ভাষণ বিনিময় হ’ল ৷ পাছফালেও মতাই-মাইকীয়ে এগাল ৷ কি হ'ব এতিয়া ? চিন্তা কৰি আছোঁ ৷ ইফালে কি
ভাবি জানো, গগৈ ছাৰ ঘপকৈ উঠি গ’ল ৷ জুমটোৰ মাজত কোনোৰকম সোমাই ল’লে ৷ শৰীৰটো খীণ হোৱাৰ এয়াই সুবিধা ৷ বেগ, ৰাইডাং বেত উঠাই দিলোঁ ৷ ঠাংচি আৰু মোৰ বাবে ঠাই নোজোৰে
৷ এইখনক যাবলৈ দিয়া হওক ৷ আমি পাছৰখনলৈ বাট চাম ৷ খেংগালৈ চাই গগৈ ছাৰে হাত
জোকাৰি জোকাৰি গৈ থাকিল, নেদেখা হোৱালৈকে ৷ খেংগায়ো জোকাৰিলে ৷ হাঁহিবোৰ স্তিমিত হৈ আহিল, এৰা-এৰি হোৱাৰ বেদনাত ৷
ক্ষণিক বিৰতি ৷ ঘেঁ-ঘেঁ-ঘেঁ-ঘেঁ ৷ অনুৰূপ শব্দ তুলি দ্বিতীয়খন গাড়ী উঠি আহিছে ৷ যেন-তেন প্ৰকাৰেণ যাবই লাগিব এইখনত ৷ বিকল্প আৰু নাই ৷ আগৰ দৰেই থাংচিয়েই ৰখালে ৷ প্ৰথমে
ৰাক্ছেক্তো তুলি দিলোঁ ৷ অমৰা-কোমোৰাৰ টোপোলাটো ড্ৰাইভাৰজনে নিজেই খুজি আগত লৈ
ল’লে ৷ থাংচি আৰু মই বগাই উঠিলোঁ পাছফালে ৷ ভৰি দুখন থ’বলৈ ধৰোঁতেই এজনে গচক খালে ৷ ছ'ৰী বুলি ক'লোঁ ৷ হাঁহিলে তেওঁ ৷ জানেই যে
এনেকৈয়ে চলে এই দুৰ্বিষহ যাত্ৰাবোৰ ৷ গাত গা লাগে, গচক খোৱা যায়, খুন্দিয়া-খুন্দি হয় ৷ মামুলি কথা এইবোৰ ৷ উঠিয়ে ঘপাঘপ মূৰকেইটা হিচাপ কৰিছোঁ ৷ থাংচি আৰু মোক বাদ দি
পুৰুষ-নাৰী সমন্বিতে ১৩জন আহিছে ৷ এতিয়া ১৫ হ’লোঁ ৷ তোচক, বেগ
ইত্যাদিৰ ওপৰতে মানুহখিনিয়ে যিয়ে যেনেকৈ পাৰে সুবিধা কৰি বহি লৈছিল ৷ বেগ কিছুমান
গাড়ীৰ বডীতো বান্ধি ওলমাই দিয়া হৈছে ৷
‘গৈ থাকোঁ ৷ আপুনি আহি যাব কাইলৈ ৷ ডিফুত লগ পাম ৷’ ঠাইতে থিয় হৈ খেংগালৈ চাই চিঞৰকেইটা মাৰিছিলোঁহে, বলেৰ’ পিক্-আপৰ চকা ঘূৰিবলৈ ধৰিলেই ৷ জেগা অকণমান উলিয়াই থাংচি বহি পৰিল ৷ মই ঠাইতে
থিয় ৷ দুহাতেৰে বডীত ভালকৈ খামোচ মাৰি ধৰিছোঁ ৷ বতাহ বৰ ঠাণ্ডা ৷ টুপীটো তললৈ টানি কাণ দুখন ভালকৈ ঢাকি লৈছোঁ ৷ থেকেচনি, হেন্দোলনিৰ লগে লগে কেমেৰাটো অদ্ভুত
ধৰণে দুলিবলৈ আৰম্ভ কৰিছে ৷ টোকৰ খাই যাতে লেন্স দুফাল নহয় তালৈ খেয়াল ৰাখিবলগীয়া হ’ল ৷ কেঁকুৰি ঘূৰি দূৰৰ পৰা খেংগালৈ চাই হাত এখন দাঙি দিলোঁ ৷ খেংগায়ো দিলে ৷ তাৰ পাছতে পৰস্পৰ অদৃশ্য হৈ পৰিলোঁ ৷ বহুত সহায় কৰিলে মানুহটোৱে ৷ পাহৰিব নোৱাৰি ৷ অৰণ্যৰ নতুন ঘ্ৰাণ পালোঁ, স্বাদ পালোঁ, খেংগা ৰেশ্ব'ৰ জহতে ৷ এই আগমনৰ সুবাদতে খেনাৰিত কেম্প এটা হ'ল আমাৰ ৷
ঢালটো নামি Nkhenlari
Village (Khanari)লৈ স্বাগতম জনোৱা বাটচ'ৰাৰ তোৰণখন পাৰ হওঁতে পাছফালে চাই মনে মনে বিৰবিৰালোঁ... বিদায় খেনাৰি, আকৌ
আহিম ৷
No comments:
Post a Comment