Monday, 3 August 2020

৩.২ ধূনা অভিযান


কালেক অনুসৰণ কৰি প্ৰায় আধা ঘণ্টা একেৰাহে খলা-বমা ট্ৰেকেৰে উঠা-নমাকৈ গৈ থকাৰ পাছত এজোপা ধূনা গছৰ কাষ চাপিলোঁ ৷ ঠাইটুকুৰা হেলনীয়া ৷ ৰৈ থকাটোৱে কষ্টকৰ ৷ সি যি কি নহওক, আজিৰ অভিযানৰ প্ৰথম সফলতাত গছজোপাৰ গুৰিত উপস্থিত হৈয়ে মুখত হাঁহি বিৰিঙি উঠিল গগৈ ছাৰৰ ৷ পোনপ্ৰথমে যন্ত্ৰ চাই ভৌগোলিক অৱস্থান নোট কৰিলে ৷ বন্দুকধাৰীয়ে পহৰা দি থাকিল ৷ তাৰ পাছতে প্ৰয়োজনীয় তথ্য সংগ্ৰহত লাগি গল ৷

ধূনাজোপাৰ আনুমানিক উচ্চতা ৭৫ ফুটৰো অধিক হব ৷ ঘেৰ প্ৰায় ৬ ফুট ৷ বয়স কিমান হ'ব ? নাজানো ৷ আমাক আচৰিত কৰি ছাৰে বেগৰ পৰা কেটেপা এখন উলিয়ালে ৷ বাটলুগুটি মাৰি ওপৰত লাগি থকা গুটি সৰুৱাবৰ চেষ্টা চলাইছে ৷ যথেষ্ট ওখত থকা হেতুকে নিচান মিলোৱাত অসুবিধা হৈছে যদিও একোবত ৪-৫টামান সৰি পৰিল ৷ হাবিৰ তলে তলে সোমাই বিচাৰি উলিয়ালোঁ ৷ আপুৰুগীয়া বস্তু ৷ গুটিকেইটা কজলা ৰঙৰ ৷ বাটলুগুটিৰেই পাতো সৰুৱা হ'ল ৷ পাতবোৰ দীঘলে ৬ ইঞ্চিমান ৷ উপৰিভাগ খহটা ৷ পাছফালে শুং নাই ৷ ইয়াৰ পাছতে গা-গছৰ পৰা কিছু ধূনা সংগ্ৰহ কৰি লোৱা হল ৷ ঠাইতে ৰৈ নোটবুকত কিবাকিবি খচাখচ লিখিলে ছাৰে, নিজৰ পৰ্যবেক্ষণৰ ভিত্তিত ৷ মই ফটো তুলিলোঁ ৷ গৱেষকৰ পাল্লাত পৰি এইদৰেই ধূনা আৰু ধূনা গছ সম্বন্ধে কোনোদিনে নজনা কথা কিছুমান জানিবলৈ সক্ষম হলোঁ ৷ ভালো লাগিল ৷

ধূনাগুটিবোৰৰ আকাৰ আৰু বৰণ, পাতৰ আকাৰ আৰু ধৰণ ইত্যাদি দেখুৱাই ভিডিঅ ৰেকৰ্ডিং আৰম্ভ কৰিলে গগৈ ছাৰে ৷ এইজোপা তেওঁ বিচৰা ধূনা গছৰ ভিতৰত দ্বিতীয় উন্নত জাতৰ বুলি মন্তব্য কৰিলে ৷ বৈজ্ঞানিক নাম canarium resiniferum ৷

শিলনিজানৰ পৰা এইখিনিলৈ ৪৬-৪৭ কিলমিটাৰৰ কম নহব ৷ ডাঙৰ অঞ্চল এটাৰ ভিতৰত একেজোপাই গছ পাইছোঁ ৷ বীজৰ অংকুৰণ ঘটাব পাৰিলে যথেষ্টখিনি পুলি তুলিব পৰা যাব আৰু বংশবৃদ্ধি হব ৷ তাৰ বাবে প্ৰথমে লাগিব ভাল ভাল বীজ ৷ কালে, গোৱানিনলহঁতক দায়িত্ব দিয়া হল গুটি সংগ্ৰহৰ ৷ ১০০টাত ১,০০০ টকা ৷ বনৰীয়া হাতীৰ বিভীষিকাৰ মাজতো গছজোপাৰ গুৰিত থিয় দি যথেষ্ট চৰ্চা হল আৰু হঁহাও হল ৷

ইয়াৰ পাছতে ওলাল পাহাৰতলীৰে বোৱা নলা এটা ৷ পাৰ হবলৈ পাৰত খোজ দিয়ে বিস্ময়ত হতবাক ৷ হাতী-দণ্ডি আৰু হাতীৰ লাদ ! ট্ৰেকত পৰি থকা বনৰীয়া হাতীৰ বিষ্ঠাবোৰ স্বাভাৱিকতে আমাৰ বাবে কৌতূহল আৰু শংকাৰ কাৰণ হৈ উঠিল ৷ গজৰাজৰ অৱস্থান এই মুহূৰ্তত জানিব পৰাত নাই ৷ গতিকে সাৱধানে বাট বুলিব লাগিব ৷ হৈ-হাল্লা নকৰি, আশে-পাশে শেনদৃষ্টি ৰাখি, পৰস্পৰ সংযোগ ৰাখি গৈ থাকিবলৈ সকলোকে সকীয়াই দিয়া হল ৷ সিবাৰ কেইহাং ৰেন্‌চলৈ যাওঁতে বন্যহস্তীৰ খোজ দেখিছিলোঁ ৷ হাতী দেখা নাছিলোঁ ৷ ইয়াত স্বচক্ষে দেখিলোঁ কালি ৷ এতিয়া এইফালেও পয়োভৰ ৷ আমাৰ আগে আগে পাৰ হৈ গৈছে বুলি খেংগাই কলে ৷ আশংকা বাঢ়ি গল ৷

চাৰিওফালে বেত, কেৱল বেত ৷ তাৰ মাজতে থকা দ্বিতীয়জোপা গছলৈ আঙুলিয়ালে কালেই ৷ ৰাক্‌ছেক্‌বোৰ ট্ৰেকতে পেলাই থৈ ওচৰ চাপিবৰ যত্ন কৰিছোঁ ৷ কালে আৰু গোৱানিনলই জংঘল কাটি আমাক সুমুৱাই নিলে ৷ ৯ বাজি পাৰ গৈছে ৷

পৰিধি বেছি নহয় যদিও গছজোপাৰ পৰা অধিক পৰিমাণে ক্ষৰণ হৈ আছে ৷ এই ক্ষৰণ প্ৰাকৃতিক ৷ মানুহে কটা নহয় ৷ ধূনাৰ জাতটোও ভাল ৷ বৰণটো অধিক কলা ৷ চিচা-ধূনা বুলি কয় হেনো ৷ শুঙি চালোঁ ৷ সুন্দৰ গোন্ধ ৷ গছজোপাহে পোকে তেনেই নষ্ট কৰি আছে ৷ হাতেৰে চুওঁতেই গা-গছৰ বাকলি চটাচতে এৰাই যাব ধৰিলে ৷ পাতবোৰ ডাঙৰ ৷ দৈৰ্ঘ প্ৰায় ১০-১১ ইঞ্চি ৷ দীঘল দাৰিকি এডাল লৈ কালেই তলৰ পৰা খুঁচি খুঁচি ধূনা কিছুমান সৰুৱালে ৷ অধিকাংশই থাকি গল ৷ ঢুকি নাপায় আৰু টান ৷

এইজোপা ১ নম্বৰ প্ৰকাৰৰ গছ হব পাৰে ৷ গগৈ ছাৰে এইবুলি মন্তব্য কৰিলে ৷ তেওঁৰ মতে resiniferum নহয় black dammar হব পাৰে ৷ ঔষধি গুণৰ লগতে ব্যৱসায়িক গুৰুত্ব বেছি ৷ খেনাৰিৰ বাটচৰাত দেখা ধূনা গছজোপা উত্তম প্ৰকাৰৰ ৷ এইজোপা একে ধৰণৰ হব পাৰে ৷ এই সন্দৰ্ভত অধিক অধ্যয়নৰ প্ৰয়োজন আছে ৷ ওপৰত থূপ খাই থকা ধূনা খুঁচি সৰাবলৈ অপাৰগ হোৱাত গছত উঠাৰ কথা ওলাল ৷ কালবিলম্ব নকৰি গগৈ ছাৰে কঁকালত মেৰিয়াই ৰখা ৰঙা মাফলাৰখনত গাঁঠি লগাই বিশেষ কায়দাৰে ভৰিত সুমুৱালে আৰু গছজোপাত উঠিবলৈ উদ্যত হল ৷ গোৱানিনলই তেওঁক কান্ধত তুলি দাঙি দিলে ৷ ছাৰ উঠি গল ৷ খুকুৰিৰে ঘপিয়াই এৰুৱাই পেলোৱা, ছিটিকি পৰা ধূনাৰ টুকুৰাবোৰ আমি তলত সংগ্ৰহ কৰিলোঁ ৷ গছজোপাত গুটি হলে এটাও দেখা নাই ৷ বংশবৃদ্ধি কৰিব পাৰিলে জাতটোৰ বিষয়ে খাটাং হব পৰা গলহেঁতেন ৷

আকৌ এটা নলা পাৰ হলোঁ ৷ নলাৰ পাৰৰ কোমল মাটিত পুনৰ দেখিলোঁ হাতীৰ খোজ ৷ বিভীষিকাৰ মাজেৰেই আমাৰো সাৱধানী খোজবোৰ আগ বাঢ়িছে ৷ কেঁকুৰি কেইটামান ঘূৰি পৰিত্যক্ত কেম্প এটাত উপস্থিত হলোঁহি ৷ বেতকটীয়াই এৰি যোৱা বাঁহৰ চাঙত বাগৰি কিছু সময় জিৰণি লোৱা হল ৷ তাৰ পাছতে পানী কেইঢোকমান খাই সাজু হলোঁ ৷ দেৰি কৰিব নোৱাৰি ৷

সন্মুখত নলা এটা ৷ খেংগাই নলাৰ পানী বাঁহৰ চুঙাত ভৰাই পি লৈছে ৷ নলাটো পাৰ হৈয়ে আৰম্ভ হল ঊৰ্ধ্বমুখী পদচালনা ৷ প্ৰকাণ্ড আকাৰৰ ঢেঁকীয়া আৰু চিনা-নিচিনা উদ্ভিদে দৃষ্টি আকৰ্ষণ কৰিলে ৷ কেম্পটোলৈ গাড়ী সুমুৱাৰ বাটটোত উঠিলোঁহি ৷ এইখিনি অকণমান আহল-বহল ৷ উলম্বভাৱে ওপৰলৈ উঠি আহি আছিলোঁ, কালেই আমাক বাটটোৰ পৰা ফালৰি কটাই পুনৰবাৰ জংঘলত সুমুৱালে ৷

এঢলীয়া এলেকা ৷ ডাঙৰ ডাঙৰ গছবোৰৰ মাজত ধূনা গছ এজোপাও আছে ৷ বগা জাতৰ ধূনা গছ ৷ গছজোপা মিহি ৷ গা-গছত কোনোবাই ঘাপ মাৰিছিল ৷ ক্ষতস্থানৰ পৰা যথেষ্ট ধূনা নিৰ্গত হৈ আছে ৷ বিজ্ঞানসন্মত পদ্ধতিৰে কটা নাই বাবে এনে কাৰ্যৰ দ্বাৰা গছজোপাৰ ক্ষতি হোৱাৰ আশংকাই সৰহ ৷ ওলাই থকা ধূনাবোৰ কলা, চিক্‌চিকীয়া ৷ গুটি আছে ৷ গুটিৰ বৰণ সেউজীয়া ৷ সাগৰপৃষ্ঠৰ পৰা ১,০১৯ মিটাৰ উচ্চতাত এই গছজোপা পোৱা গৈছে ৷ সময় এতিয়া ১০ বাজি ১৫ মিনিট ৷

গগৈ ছাৰে অধ্যয়ন-নিৰীক্ষণৰ কামখিনি কৰিলে ৷ গোৱানিনল, কালে আৰু ছাৰক তাতে এৰি লাহে লাহে একেৰাহে উঠি আহি থাকি খেংগা আৰু মই মূল ৰাস্তাটো পাই গ'লোঁ ৷ অলপ সময়ৰ পাছতে আটায়ে একেলগ হৈ পুনৰ খোজ ললোঁ আমি উদ্দেশ্য কৰি অহা কেম্পটোলৈ, যত বলেৰ পিক্‌-আপ্‌ ৰৈ থকাৰ কথা ৷

এটা কথা বুজিলোঁ যে জংঘলখনৰ সৈতে কালে'ৰ বেচ পৰিচয় আছে ৷ গছ কোনখিনিত আছে ঠিকেই চিনি পায় ৷ সিয়ে আজি আমাৰ এই অনুসন্ধানত মুখ্য ভূমিকা ললে ৷ বহুত কষ্টৰ বিনিময়ত গছবোৰ দেখা পালোঁ ৷ ধূনাৰ লগতে গুটি আৰু পাত সংগ্ৰহ কৰিলোঁ ৷ অভিযান সফল হোৱা হেতুকে ছাৰক খুব সুখী সুখী লাগিছে ৷

১০.৪৫ হল ৷ আমি গোৱাহিৰ কেম্প পালোঁহি ৷ গগৈ ছাৰৰ যন্ত্ৰই জনালে যে সমুদ্ৰপৃষ্ঠৰ পৰা এইখিনিৰ উচ্চতা ৯৬২ মিটাৰ ৷ শিলনিজানৰ পৰা আনুমানিক দূৰত্ব ৫০ কিলমিটাৰমান হব ৷ বিস্ময় আৰু উৎকণ্ঠাৰ মাজেৰে আহি আহি এই কেম্পটো পোৱাত মনটো মুকলি লাগিল ৷ স্ফূৰ্তি মোৰো লাগিল যে ধূনা গছ কেইজোপামান পালোঁ ৷ ডিফুৰ পৰা বিচাৰি অহাটো সাৰ্থক হ'ল ৷

No comments:

Post a Comment