Monday, 17 August 2020

৫.৩ সুকলমে দুপৰীয়া ঘৰ পাই গলোঁ


আমি চগিলাশ্বংন্যু (চাথি গাঁও) পালোঁহি ৷ কেইমিনিটমানৰ ব্যৱধান মাত্ৰ ৷ মাই তিমুং ভিলেজো পাৰ হলোঁ ৷ ৮ বাজি ৪৫ মিনিট গৈছে ৷ সন্মুখত নামবৰ নৈ ৷ দলং ইয়াতো নাই ৷ কেতিয়া হব, হবনে নহব, একো কোৱা নাযায় ৷ আগৰ দৰেই চালকজনে কুশলী নিয়ন্ত্ৰণেৰে জলভাগ পাৰ কৰাই আনিলে ৷ এয়াই প্ৰচলিত নিয়ম ৷ পানী বেছি হলে বাঁহ জোৰা দি থলুৱা লোকে সাজি উলিওৱা মেলেং চলে ৷ গাড়ী তেতিয়া বন্ধ ৷ নামবৰ, খেনাৰি, ৰিদংগে, নেউৰীয়া, যিখনেই নহওক, পানী বহুত বেছি হলে পাৰত বহি বাট চাব লাগে, সোঁত কেতিয়া কমে ৷ এইফালৰ জনসাধাৰণৰ দৈনন্দিন জীৱন-যাত্ৰাত এইচব ভাতৰ লগত পানী খোৱাৰ সমতুল্য কথা ৷ ১৯৭৭ চনত মই মূৰফুলনী হৈ প্ৰথমবাৰ চকীহোলালৈ যাওঁতে নাৱেৰে নৈ পাৰ হৈ যোৱা মনত আছে ৷ সেই ধাৰা আজিও অক্ষুণ্ণ আছে, এইটো প্ৰান্তত ৷

সিখন গাড়ী আগত ৰৈ আছেচোন ! সোনকালেই বুজা গল যে কাৰণটো অন্য একো নহয়, সৰুপানী বিৰতি ৷ আমাৰখনো ঠিক পাছতে ৰল ৷ ৰোৱাৰ লগে লগে মতাই-মাইকীয়ে যিয়ে যিফালে সুবিধাজনক বুলি ভাবি পালে, সেইফালেই পিয়াপি দিলে ৷ প্ৰকৃতিৰ আহ্বান নেওচিব কোনে ? তাৰ পাছত ঘূৰি আহি যেতিয়া গাড়ীখনত উঠিলহি, তেতিয়া এক ধৰণৰ নতুন সুখ, নতুন উদ্যম আৰম্ভ হৈ গ'ল ৷ কমি অহা মাত-কথাবোৰ পুনৰ সজোৰে ওলাব ধৰিলে ৷ গাড়ী দুখন ইখনৰ পাছত সিখন ৰৈ থাকোঁতেই পাস্তৰ গোৱাচৰ সৈতে দুষাৰমান পাতিছিলোঁগৈ ৷ ফটোও উঠিলোঁ একেলগে ৷ আকৌনো কেতিয়া কত কি পৰিস্থিতিত লগ পাম, পামনে নাপাম, কোনে জানে ? মাতিলোঁ তেওঁক ডিফুলৈ ৷

তিনিআলি এটা পালোঁহি ৷ গাড়ী দুখনে বাঁওহাতৰ পাকটো লৈ আগলৈ গতি কৰিব ধৰিছে ৷ সিদিনা শিলনিজানৰ পৰা আহোঁতে আমি বগামাটিত ফালৰি কাটি এইফালে সোমাই সোঁফালে দেখা দি থকা পথটোৰে আহিছিলোঁ ৷ এতিয়া চালকে বাঁৱে কাটি নিলে ৷ চাহ বাগিচাৰ মাজে মাজে চলিছে গাড়ী ৷ ধূলি উৰুৱাই গৈ আছোঁ ৷ আমি পাছত ৷ গগৈ ছাৰহঁত আগ বাঢ়িল ৷ সিখনে উৰুৱাই যোৱা ধূলিৰ পৰা হাত সাৰিবলৈ আমাৰখন ধীৰ গতিত চলাবলগীয়া হৈছে, নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি ৷

মাজে মাজে ধূলিৰ প্ৰকোপ ইমানেই চৰিছে যে বাট নেদেখা অৱস্থা হৈছে ৷ সেউজীয়াৰ সুন্দৰ আবেষ্টনীৰ পৰা ওলাই আহি হঠাতে এইহেন অস্বস্তিকৰ প্ৰদূষণত সোমাই পৰাত স্বাভাৱিকতেই অকণো সুখ নলগা হ'ল ৷ মুখখন ঘূৰাই পাছফালে চাই চাই গৈ আছোঁ ৷ যিমানেই আগুৱাইছোঁ, পাহাৰবোৰ সিমানেই আঁতৰি যাব ধৰিছে ৷ এইকেইদিন আমি কোনফালেনো সোমাই আছিলোঁগৈ ? একোবাৰ এনেকৈও ভাবি চাইছোঁ ৷ দিশটো সঠিকভাৱে উলিয়াব পৰা নাই ৷ গগৈ ছাৰে পাৰিলেহেঁতেন ৷ ভূগোলৰ মানুহ ৷

সৰ্পিল কেঁচা ৰাস্তাৰে পুৱাৰে পৰা অসংখ্য নলা, বোকা, খলা-বমা, ধূলি, পানী, কেঁকুৰিৰ পাছত কেঁকুৰি পাৰ কৰি প্ৰায় ডেৰ ঘণ্টা সময় যাত্ৰা কৰা হৈছে ৷ এতিয়া পাদদেশৰ সমতলভূমিত গাড়ী চলি আছে ৷ চকুৰ সন্মুখলৈ আহিছে নতুন দৃশ্যপট ৷ মুখৰ আগত দম দম কয়লা ৷ ট্ৰাক কেইখনমানো ৰৈ আছে ৷ এই স্থানৰ পৰা কয়লা সৰবৰাহ কৰা হয় ৷ কয়লামাটি এলেকাত উপস্থিত হোৱা যেন লাগিছে ৷

৯.১৫ হওঁতে শিলনিজানৰ পৰা চকীহোলালৈ যোৱা পকা ৰাস্তাটোত উঠিলোঁহি ৷ এয়া এটা তিনিআলি ৷ আমি ইয়াত নামি যাম ৷ ৰখাব ৰখাব বুলি ডাঙৰকৈ চিঞৰ দুটামান মাৰিলোঁ, ড্ৰাইভাৰক উদ্দেশ্য কৰি ৷ একেবাৰে আগত থকা ইছেনথাঙৰ ককায়েকেও চিঞৰাৰ লগতে বডীত ভুকু কেইটামান শোধালে ৷ অথনি চেনীচম্পা কল খুওৱাজনী তেওঁৰে পৰিবাৰ অৰ্থাৎ ইছেনথাঙৰ বৌৱেক ৷ তেওঁলোক ল'লাশ্বংন্যুত থাকে ৷

গাড়ীখন একাষে ৰখাই দিয়া হ'ল ৷ আগৰখনৰ পৰা নামি গগৈ ছাৰে ইতিমধ্যে মাটিত ভৰি দিলেই ৷ ৰাক্‌ছেক্‌ পিঠিত তুলি লৈছে ৷ ৰাইডাং দুডালো লৈছে ৷ মাত লগাইছে ৷ আমিও নামিলোঁ ৷ হাত জোকাৰি জোকাৰি সহযাত্ৰীসকলৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত এনে লাগিল যেন বুকুৰ কুটুম একাংশকহে এৰিবলৈ ওলাইছোঁ ৷ ড্ৰাইভাৰজনে মোৰ অমৰা-কোমোৰাৰ ঠোঙাটো খিৰিকীৰে বাহিৰলৈ উলিয়াই দিলে ৷ গাড়ী দুখন চকীহোলা অভিমুখে অগা-পিছাকৈ ৰাওনা হল ৷ সমিলমিলেৰে হাঁহি-মাতি আহি থাকি বৰ ভাল লাগিছিল ৷ পৰিৱেশটো এতিয়া উত্তেজনাশূন্য আৰু নিৰৱ হৈ পৰিল ৷ ৰাস্তাত গাড়ী-মটৰৰো আহ-যাহ দেখা নাই ৷

পথটোৰ সিপাৰে, দাঁতিতে জনশূন্য ৱেইটিং শ্বেড এখন ৷ তিনিও তালৈকে যাব ধৰিলোঁ ৷ কাপোৰ-কানিবোৰ জাৰি-জোকাৰি লওঁ ৷ ধূলি খাই খাই চেহেৰা সলনি হৈ গৈছে ৷ জেকেটটোও খুলিব লাগিব ৷ খেনাৰিৰ তুলনাত এইফালে ঠাণ্ডা কম ৷

অদূৰত ৰঙা টাটা মেজিক এখন এঘৰৰ চৌহদৰ পৰা ওলাই আহিব ধৰা চকুত পৰিল ৷ অচিনাকি যুৱক এজন ৰাস্তাৰ কাষত আগৰে পৰাই ৰৈ আছিল ৷ সম্ভৱ তেৱোঁ শিলনিজানলৈ যাব ৷ তেৱেঁই আগুৱাই গৈ সুধিলে ৷ শিলনিজান... বুলি চিঞৰি জনালে আমাক ৷ খালী গাড়ী ৷  মজা, পাই গলোঁ ৷ ন' টেনচন ৷ ঘপাঘপ আসন অধিগ্ৰহণ কৰি ললোঁ চাৰিওটাই ৷ বাটত যুৱতী দুজনী উঠিছিল যদিও থেপাথেপি নাই ৷ আৰামছে আহি ৯ বাজি ৪০ মিনিট যাওঁতে শিলনিজান পাই গলোঁ ৷

হোটেল এখনত সোমাই হাত-মুখ ধুই পেলোৱাতহে নিজকে অকণমান পৰিষ্কাৰ লাগিল ৷ এতিয়া ডিফুলৈ যাবলৈ কি পাম ? মেজিকখনত আহি থাকোঁতেই নেটৱৰ্ক পোৱাত গগৈ ছাৰে ম'বাইলত Where is my Train খোঁচৰাত লাগি গৈছিল ৷ 55904 নং নামনিমুৱা মৰিয়নি-ডিমাপুৰ পেছেঞ্জাৰখন আহি আছে ৷ ১০.২৫ত বৰপথাৰ ষ্টেচন এৰি যাব ৷ গতিকে চাহ খোৱাৰ মন থাকিলেও কালবিলম্ব কৰাৰ সুযোগ নাই ৷ ইফালে বৰপথাৰলৈ তৎক্ষণাৎ গুচি যাব পৰা অন্য গাড়ীও নাই ৷ কি কৰা যায় ? ছাৰৰ তৎপৰতাতে টাটা মেজিক এখন ভাৰা কৰা হ'ল ৷ বৰপথাৰৰ পৰা আমি সেইখন ৰে'লেৰে সৰুপথাৰ পাবগৈ লাগিব ৷ সৰুপথাৰত 15928 নং নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়াখন ধৰিব লাগিব ৷ বৰপথাৰত এইখনৰ যিহেতু ষ্টপেজ নাই গগৈ ছাৰে পৰিকল্পনাটো এনেদৰে কৰি পেলালে, তৎমুহূৰ্ততে ৷

ইফালে বাটত নকৰিলে নোহোৱা অতিৰিক্ত কাম এটাও ওলাল ৷ শান্তিপুৰ আৰক্ষী থানাত সোমাই ঠাংচিয়ে তাৰ চিনা-জনা কোনোবা এজনক ঘৰৰ পৰা অনা ভূত জলকীয়াৰ টোপোলাটো দি থৈ যাব লাগিব ৷ চালকক জনোৱাৰ পাছতে ততাতৈয়াকৈ বৰপথাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰি দিলে ৷ 

ঘড়ীয়ে ৰঙা চকু দেখুৱাই আছে ৷ হাতত সময় তাকৰ ৷ চালকেও গাঁত-চাত বাছিবলৈ বাদ দিলে ৷ থেকেচি নিব ধৰিছে ৷ মিনিটবোৰ হিচাপ কৰি আছোঁ ৷ তড়িৎ গতিৰে আহি শান্তিপুৰ সংযোগী তিনিআলিটো পাই গ'লোঁ ৷ ছাৰ আৰু ঠাংচিয়ে থানাৰ কামটো কৰি ঘূৰি আহে মানে ময়ো একেটা ৰাস্তাতে থকা মাহীৰ ঘৰত বাউলী পাক এটা মৰাৰ সোণালী সুযোগ লৈ ললোঁ ৷

ঘটং-মটংকৈ আকৌ যাত্ৰা ৷ বৰপথাৰ ষ্টেচন পাইছোঁ কি নাই, ৰেলখন আগতেই আহি হাজিৰ ৷ ভাগ্যে ধৰিলোঁহি ৷ পোনছাটেই উঠি গৈ চিট লৈ ললোঁ ৷ বৰপথাৰ-সৰুপথাৰ ১০ কিলমিটাৰমান মাত্ৰ ৷ ১১ নাবাজোঁতেই সৰুপথাৰ ষ্টেচন পাই গলোঁ আৰু নামিলোঁ ৷ এতিয়া হাতত সময় আছে ৷ বজাৰৰ মুখতে চাহ-পৰঠা খাই লৈ অপেক্ষা কৰি আছোঁ ডিব্ৰুগড়-ৰঙিয়া অহালৈ ৷ প'ষ্টমৰ্টেম চলিছে খেনাৰি-ৰিছাংগাৰি, ধূনা-বেত, হাতী-বাঘ-হলৌ ইত্যাদিৰ ৷ ৰেভাৰেণ্ড আথাং আৰু ছেমুৱেল ক'ত ? ফোন কৰি গম পালোঁ যে সিহঁত দুয়ো শিলনিজানৰ পৰা বাছেৰে গৈ আছে ডিফুলৈ ৷

১১.৩০ত সৰুপথাৰৰ পৰা আমাৰ ৰে'ল-যাত্ৰাটোৰ দ্বিতীয় খেপ আৰম্ভ হল ৷ ১ বজাৰ কেইটামান মিনিটৰ পাছতে গৃহ চহৰত নামিলোঁ ৷ এটা সফল ভ্ৰমণ আৰু ধূনা অভিযানৰ পৰিসমাপ্তিত গগৈ ছাৰ, থাংচি আৰু মই, ইজনে সিজনক ধন্যবাদ জনাই এৰা-এৰি হ'লোঁ ঘৰৰ কাষতে থকা ডিফু টাউন প্ৰাইমেৰী বিদ্যালয়ৰ সন্মুখত ৷ (সমাপ্ত)

No comments:

Post a Comment