১৬.২.২০২০, দেওবাৰ
৪.১ পদব্ৰজে ৰিছাংগাৰিলৈ
পুৱা শুই উঠাৰ পাছতেই ভাতৰ প্ৰস্তুতি চলিল ৷ ভাত আৰু আলু তৰকাৰি, অৰ্থাৎ
জোল ৷ শ্বৰ্টকাট ৷ হাতত সময় তাকৰ ৷ তাতে নিজৰ খেতিত হোৱা যিগালহে আলু খেংগাৰ
গুদামত আছে, কেইবাদিনো খায়ো ঢুকাব নোৱাৰিম আমি ৷ অতি সোৱাদভৰা ৷ সেয়ে আলুকে নিৰ্বাচন কৰা হ'ল ৷ তাতে আলু এক উত্তম পাচলি বুলি আগতে ক'ৰবাত পঢ়া মনত আছে ৷
সভাস্থলীলৈ ওলাইছোঁ হেতুকে জংঘলী পোছাক ত্যাগ কৰি গাত এতিয়া পৰিষ্কাৰ
আৰু ফিট্ফাট্ ড্ৰেছ ৷ কান্ধত ওলমাই লৈছোঁ সুদৃশ্য ৰেংমা মোনা এটা ৷ খেংগাৰ পৰা খুজি লৈছোঁ ৷
মোনাটোৰ ভিতৰত কেমেৰা, পানীৰ বটল আৰু বিস্কুটৰ পেকেট ৷ খেংগাই ৰেংমা পৰম্পৰাগত জেকেট আৰু জিনছ্ পিন্ধিছে ৷ মূৰত চামৰাৰ কাউবয় কেপ্ ৷ খাই-বৈ লৈ ঘৰত তলা মাৰি ৮ বজাত আমি যাত্ৰাৰ বাবে ওলালোঁ ৷
গাঁওখনৰ মাজেদি আগ বাঢ়িছোঁ তিনিজনীয়া অভিযাত্ৰীৰ দলটো ৷ বেত কঢ়িওৱা গাড়ীৰে কালি সোঁফালৰ
ৰাস্তাটোৰে আহিছিলোঁ ৷ ৰিছাংগাৰিলৈ পোনে পোনে যাব লাগিব ৷ কেইটামান মিনিট মাত্ৰ ৷ আগ বাঢ়ি
যাওঁতে অকণমান আগত শিলাময় জুৰি এটা সন্মুখলৈ আহিল ৷ খেংগাক সুধিলোঁ, 'নামটো কি ?' ৰিক’ নলা বুলি ক’লে ৷ দলং নাই ৷ শিলৰ ওপৰতে গোটা বাঁহ দুডাল
লগা-লগিকৈ পাৰি থোৱা আছে ৷ ৰেভাৰেণ্ড আথাংহঁত সিদিনা এই বাটেৰেই গৈছে ৷ গাড়ী পাৰ কৰাটো সহজ নহয় ৷ জীপচি বুলিহে ৷ পৰিৱেশ দেখি ধাৰণাটো এনেকুৱা হ'ল ৷ এইবোৰ ৰাস্তাৰে আহিলে গাড়ী নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ কথা ৷ অফ্ ৰ'ডৰ উপযুক্ত বাহনৰ বাহিৰে বাকীবোৰে পেঁপা কাঢ়ি যাব ৷
নলাটো সাৱধানে অতিক্ৰম কৰি গৈ থাকোঁতে কিছু দূৰত একেলগে দুজোপা ধূনা গছ
দেখা পাই গগৈ ছাৰৰ স্ফূৰ্তি লাগি গ’ল ৷ ৰৈ যাবলৈ বাধ্য
হ’লোঁ ৷ ছাৰে গুৰিৰ পৰা আগলৈকে অনুসন্ধিৎসু দৃষ্টি নিক্ষেপ কৰিলে ৷ প্ৰাকৃতিকভাৱেই ক্ষৰণ হৈ আছে গছজোপাৰ পৰা ৷
থিয়ৈ থিয়ৈ অধ্যয়ন অকণমান হ’ল ৷
বাঁওফালে পথাৰ, সোঁফালে পাহাৰৰ ঢাল ৷ জংঘলৰ মাজত হঠাতে কিহবাৰ খৰ্মৰণি শুনা
গৈছে ৷ কি হ'ব পাৰে ? খেংগাই খুব সন্তৰ্পণে চালেগৈ ৷ বন কুকুৰা ৷ বন্দুক অনা নাই ৷ শিলগুটি, মাটিৰ চপৰা দলিওৱা
আৰম্ভ হৈ গ’ল ৷ চৰাইৰ কপালত আয়ুস আছিল ৷ উৰি কোনোবা ধুবুৰী
পালেগৈ ৷ হাতৰ অৱশিষ্ট লদিকেইটা তাতে পেলাই চিধা ৰাস্তা ধৰিলোঁ আমি ৷
আৰু আগত পথাৰৰ দাঁতিতে অকলশৰীয়াভাৱে ঘৰ এটা ৷ পৰিয়ালৰ সদস্যসকলে চোতালতে
বহি কিবা-কিবি কৰি আছে ৷ গাহৰি, কুকুৰা, কুকুৰ, ছাগলীৰে ভৰা সংসাৰ ৷ ভঁৰাল, গঁৰাল
চব আছে ৷ দেখি ভাল লাগিল ৷ কৰ্মী মানুহৰ আকাল নাই ৷ চহৰতে হওক, জংঘলতে হওক ৷
ৰাস্তাটোৰ অৱস্থাটোহে যিহে ! বোকা-পানীৰ প্ৰতাপত এঠাইত বেয়াকৈ জব্দ হৈ পৰিলোঁ
আমি ৷ কোনফালেদি পাৰ হ'ম ? বাট বিচাৰি বিচাৰি কোনো ৰকমেহে অতিক্ৰম কৰিব পাৰিলোঁ ৷
খেংগাই কৈ উঠিল, ‘ঘূৰি আহোঁতে বেলেগ উপায় কৰিব লাগিব ৷ এইফালেদি
আহিব নোৱাৰি ৷’ নুবুজিলোঁ কি উপায় ৷ বিকল্প কিনো আছে তাকে ভাবি
থাকোঁতেই চকুত পৰিল প্ৰকাণ্ড পাথৰ এটা ৷ আঁতৰৰ পৰা দেখাত সাইলাখ গঁড় এটা ৰৈ থকাৰ
দৰে লাগিছে ৷ কোনোবা কৃষকৰ কৃষিভূমি আছিল এইডোখৰ ৷ পাছলৈ এৰা পৰিল ৷ অদূৰত দণ্ডায়মান
অকণমানি চাংঘৰ এটাই তাকেই যেন সোঁৱৰাই আছে ৷ চৌপাশ নিৰৱ, নিস্তব্ধ ৷ কলগছ কিছুমান
আছে ৷ ইফালে-সিফালে এতিয়া কঁহুৱা ফুলিছে ৷
এইটোক দৰাচলতে ৰাস্তা বোলাটোৱেই ভুল হ’ব ৷ আহ-যাহৰ নিমিত্তে গাঁৱৰ মানুহে কষ্ট কৰি কাটি উলিওৱা বাট ৷ চৰকাৰী
কৃপাদৃষ্টি কেতিয়া পৰিব নাজানো ৷ বাৰিষা বৰষুণে সমূলি নষ্ট কৰি পেলায় ৷ নদীয়েও
ভালেমান অৱস্থানত বাধা জন্মায় ৷ খৰালি দুচকীয়া, ফ'ৰ হুইলযুক্ত চাৰিচকীয়াৰে হেলেং-পেলেংকৈ কোনো
ৰকম যাব পৰা যায় ৷ বাৰিষা পিছে নহ’ব ৷ এবাৰ ইয়াৰে এঠাইত
খেংগাৰ জীপ দুৰ্ঘটনা সংঘটিত হৈছিল বোলে ৷ গৈ থাকোঁতেই কাহিনীটো ক'লে ৷ ভয়ংকৰ ঘটনা
৷ ভাগ্যক্ৰমেহে পৰিয়ালটো বাচিল ৷ তাৰ পাছতেই জীপো বেচিলে, গাড়ী চলাবলৈও এৰি দিলে ৷
সাক্ষীগোপাল হিচাপে চিট এটাহে থাকি গ’ল পাছফালৰ জুহালখনত ৷
কথা পাতি পাতি, প্ৰকৃতি চাই চাই একে লেথাৰিয়ে প্ৰায় ৪৫ মিনিট আহিলোঁ আমি ৷
মূল পথটো এৰি বাঁওহাতে শ্বৰ্টকাট এটাৰে খেংগাই আমাক সুমুৱাই নিলে ৷ অকণমান গৈয়ে
নৈ এখন ওলাল ৷ ‘এইখন খেনাৰি ৷ দৈগ্ৰোঙৰ আগলি ৷’ খেংগাই ক’লে ৷ আকৌ ক’লে, ‘নৈখন আমি ৪ বাৰ ইপাৰ-সিপাৰ হ’ব লাগিব ৷ হিচাপ
কৰি যাব ৷ এয়া এক ৷’
পানীখিনি পৰিষ্কাৰ ৷ গোটা বাঁহ পেলাই সজা সাঁকো এখন আছে ৷ পাহাৰত বৰষুণ হ’লে এই সাঁকোযে তিষ্ঠি নাথাকে সেইটো সহজে বুজিব পাৰি ৷ খেনাৰি পাৰ হৈয়ে ওখ
গৰা এটা বগাব লাগে ৷ ষ্টেপ কটা আছে ৷ ঠাইখিনি পিছল ৷ আমি সাৱধানে উঠি
আহিলোঁ ৷
কমলা গছ কিছুমান পালোঁ ৷ তাৰ কাষেৰেই আহি থাকি গৰাটো নামি গোটা বাঁহৰ
ওপৰেদি পুনৰবাৰ একেখন নৈকে পাৰ হোৱাৰ ব্যৱস্থা কৰি ৰাখিছে ৷ খেনাৰিখন এইখিনিত অকণমান বহল হৈ পৰিছে ৷
এইটো এটা কেঁকুৰি ৷ বালিৰ ওপৰত গোলাকৃতিৰ ধুনীয়া শিলগুটিবোৰ দেখি গগৈ ছাৰে
একান্তমনে বুটলাত লাগি গ’ল ৷ কেটেপাৰে ধূনাগুটি আৰু পাত সৰুৱাবলৈ ভাল হ’ব ৷ ময়ো সহায় কৰি দিলোঁ ৷
আকৌ গৰা এটা উঠি, পুনৰ নামি, নৈখনতে ওলালোঁ ৷ তৃতীয়বাৰলৈ পাৰ হ’লোঁ খেনাৰি ৷ ইয়াতো কেঁকুৰি ৷ আগৰ দৰে গোটা বাঁহৰ দীঘলীয়া সাঁকো পতা
আছে ৷ অজ্ঞাত কোনো কৃষকৰ কৃষিক্ষেত্ৰৰ কাষেদি লুংলুঙীয়া ৰাস্তাটো আগুৱাইছে ৷
কলগছ কিছুমান আৰু পৰিত্যক্ত যেন লগা চাংঘৰ এটা ইয়াতো দেখা পাইছোঁ ৷ গৈ থাকি আকৌ
নৈৰ পাৰ পালোঁ ৷ সিপাৰলৈ যাবৰ বাবে বাঁহেৰে দলং এখন সাজি থোৱা আছে ৷
আজলি ভৰাই খেনাৰিৰ পানী কেইঢোকমান পি লৈ মোনাৰ পৰা বিস্কুটৰ পেকেট উলিয়ালোঁ ৷ পাৰৰ শিলত বহি ৰেংমা হিলছ্ৰ গোপন অভ্যন্তৰৰ প্ৰকৃতি দৰ্শনৰ লগতে বিস্কুট
চোবালোঁ আমি ৷ নানান প্ৰসংগৰে কথা-বতৰাও চলি থাকিল ৷ বতৰটো ভাল ৷
No comments:
Post a Comment