৩.৩ জংঘলৰ মায়া এৰি খেংগাৰ ঘৰ পালোঁহি
এইটোৱেই গোৱাহিৰ কেম্প ৷ কেউপাশে চকু ফুৰাই কেইবাখনো চালি দেখা পাইছোঁ ৷ টকৌ পাত, পলিথিন, বাঁহেৰে অস্থায়ীভাৱে নিৰ্মিত ৷ শুকান মাটিৰ পৰিৱৰ্তে শুবলৈ ইয়াত চাং তৈয়াৰ কৰি লৈছে ৷ পাকঘৰ বেলেগে আছে ৷ ধোঁৱাচাঙো সাজি থৈছে ৷ মুকলিত বাঁহৰ ৰেক্, জুই ধৰা ঠাই ইত্যাদি ইত্যাদি ৷ হ’ম এৱে ফ্ৰম হ’ম !
নাতিদূৰত আৰু দুখন চালি ৷ অৰ্ধেক তিৰ্পাল, অৰ্ধেক টকৌ পাত ৷ বাহিৰত সিঁচৰতি হৈ থকা ডেক্চি, চচ্পেনবোৰ দেখিয়েই
বুজা যায় যে এইটো শিৱিৰত আশ্ৰয় লৈ থকা বেতকটীয়াৰ সংখ্যা ৰাজহঁতৰটোতকৈ সৰহ ৷ প্ৰেছাৰ কুকাৰটোও প্ৰকাণ্ড
৷ জুই আৰু ধোঁৱাৰ অত্যাচাৰত সেইটোৱে পিছে বৰণ কেতিয়াবাই সলালে ৷
ক’লা-বগা ৰঙৰ দীঘল দীঘল পাখিৰে কি চৰাইৰ জানো, ছাল এখন দেখিছোঁ ৷ শুকাবলৈ খুঁটা
এটাত আঁৰি থৈছে ৷ এখন চালিৰ ওপৰত কিবা জন্তুৰ ছাল এখনো ৷ মুখাংশলৈ চাই উৰন্ত কেৰ্কেটুৱা
যেন লাগিল ৷ পাকঘৰৰ ৰেক্ডালৰ ওপৰত মস্ত কোমোৰা এটাৰ এফাল মোৰ দৃষ্টিত ধৰা পৰিছে ৷
ৰাক্ছেক্টো খৰিৰ দ’ম এটাৰ ওপৰতে এৰি দিলোঁ ৷ নিজান পৰিৱেশটো কিবা এটা ভাল
লাগিল ৷ দুজনমানে ভাত খাই আছিল ৷ আমাক শোৱা চাং এখনতে বহুৱালে ৷ অলপ পাছত বাঁহৰ চুঙাত লালচাহ
দিলেহি ৷ ৩ খন গাড়ী ইতিমধ্যে ল’ড কৰা হৈ গৈছে ৷ আমাৰ কাৰণেই এওঁলোকে বাট চাই আছিল ৷ আমিও সময়মতেই ওলাইছোঁহি যেন ভাব হ’ল ৷
হিচাপ কৰি পালোঁ যে ইয়াত এই মুহূৰ্তত আমি মানুহ মুঠতে ১৪জন গোট খাইছোঁ ৷
হাঁহি-তামাচাৰ মাজতে গ্ৰুপ ফটো তোলা হ’ল ৷ বেত, ধূনা আদিক
লৈও গম্ভীৰ আলোচনা চলিল ৷ গগৈ ছাৰে তেওঁৰ ম’বাইল ফোনত ফটো
দেখুৱাইছে ৷ কিবাকিবি বুজাইছেও ৷ ধূনাগুটি সংগ্ৰহৰ কথাটোও আটাইৰে আগত ব্যক্ত কৰিলে
৷ ১০০ গুটি দিব পাৰিলে পুৰস্কাৰ ১,০০০ ৷ কেইজনমান তৎক্ষণাৎ ৰাজী হৈ গ’ল ৷ মনত স্ফূৰ্তি, মুখত হাঁহি ৷ কেইজনমানে ক’লে, 'কামটো সহজ নহ’ব ছাৰ ৷ ১০০টা ধূনাগুটি গোটোৱাটো মুখৰ কথা নহয় ৷ টকাটো কম হৈছে ৷' গগৈ ছাৰে অংকটো বঢ়াব বুলি আশ্বাস দিলে ৷ আৰু ক'লে যে আগতে গুটি লাগিব কিন্তু ৷
এজনে জনালে, 'এইটো কেম্পত বনৰীয়া হাতীৰ উপদ্ৰৱ চলে ৷ মানুহ নাথাকিলেই বিপদ ৷ অকস্মাতে হাতী
আহি ওলায় ৷ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে ৷ খাদ্য-বস্তু খাই পেলায় ৷' সেয়ে আমাৰ সৈতে গাড়ীত
এতিয়া কেইজনমান ঘৰলৈ যাবলৈ ওলাইছে যদিও কেইজনমান ৰৈ যাব, পহৰাদাৰ হৈ ৷ বেত নাকাটিলে বেলেগ কামো নাই ৷ চিকাৰ কৰিব, ভাত ৰান্ধিব, খাব, তাচ খেলিব, শুব ৷ ম'বাইল নে'টৱৰ্ক নাপায় ইয়াত ৷
১১ বাজি ৩০ মিনিট গৈছে ৷ কালিৰ দৰেই গগৈ ছাৰ আৰু মই এখনত উঠি একেলগে বহিলোঁ ৷ খেংগা অন্য এখনত ৷ আমাৰ
চালক নৰেন ছিংনাৰ ৷ মুঠি মুঠি বেতৰ মেটমৰা বোজা লৈ বলেৰ’ পিক্-আপ্ আগ বাঢ়িল ৷ আগে-পাছে দুখন গাড়ী, মাজত আমি ৷ চালকে গান বজাই
দিছে ৷ দুখনৰ মাজত নিৰাপদ দূৰত্ব ৰাখি, কেঁকুৰিৰ পাছত কেঁকুৰি, এঢলীয়া আৰু খলা-বমাবোৰ
সুকলমে পাৰ কৰি ছিংনাৰে গাড়ীখন আগুৱাই নি আছে ৷ তেওঁৰ সৈতে কথা পাতি, বাটৰ ফটো তুলি,
ভিডিঅ’ ৰেকৰ্ডিং কৰি গৈছোঁ ৷ চালকজনৰ ঘৰ দেইথৰত ৷ পত্নী আৰু সন্তান তাতে থাকে ৷ পাহাৰৰ
বিপদসংকুল ৰাস্তাত এনেকৈয়ে গাড়ী চলাই পৰিয়াল পোহপাল দি আহিছে ৷ বৰষুণ দিলেই বিপদ
৷ তেনেকুৱা দিনৰ অভিজ্ঞতা কিছুমান ড্ৰাইভিং চিটৰ পৰাই তেওঁ আমাক কৈ গ’ল ৷ ‘বেলেগ মানুহক যদি এনেকুৱা ৰাস্তা দেখুৱায়, ভয়
লাগিব ৷ গাড়ীত উঠিব নুখুজিব’ বুলি সঁচা কথাকে কৈ দিলে তেওঁ ৷
Rengma Phedaphen ৷ বাঁওহাতে পোৱা গছ
এজোপাৰ ছাল চকলিয়াই ক’লা ৰঙেৰে লিখা আছে দুটা শব্দ ৷ মানে ডাঙৰ গাঁও ৷ ছিংনাৰে গাড়ীখন চপাই ৰাখি দিলে ৷ ১২ বাজি ১০
মিনিট পাৰ হৈছে ৷ আমি নামিলোঁ ৷ কৌতূহল কিছুমান মনত লৈ আগ বাঢ়িলোঁ কিনো আছে চাওঁ
বুলি ৷
কেইহাং ৰেন্চ’ৰ দৰে ইয়াতো শিলেৰে চক্ৰাকাৰে ঘেৰি ৰখা সমাধি কিছুমান দেখা
পালোঁ ৷ উলম্বভাৱে পুতি থোৱা শিল কিছুমানো আছে ৷ এসময়ত ইয়াত ৰেংমাসকলৰ গাঁও আছিল ৷ ঙাঁদা অনুষ্ঠিত হৈছিল ৷ ঙাঁদা হৈছে ৰেংমা
নগা সমাজত বৃহৎভাৱে আয়োজিত আনন্দ সমাৰোহ ৷ প্ৰেম, ভাতৃত্ব, ঐক্য, মিলন, জয়লাভ,
কৃতজ্ঞতা, শুভেচ্ছা, সংকল্প আদি সকলোবিলাক কথাই সাঙোৰ খাই থাকে এই উৎসৱত ৷ স্বকীয়
সামাজিক-সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ ধাৰক আৰু বাহক বুলিব পৰা হৃদয়ৰ মহোৎসৱ এয়া
৷ অতীতত পুতি ৰখা শিলবোৰ তাৰে পৰিচায়ক ৷
মংগোলীয় বংশোদ্ভৱ ৰেংমা নগাসকলে ৫ দিনৰ পৰা ৮ দিন জুৰি ধুমধামেৰে ঙাঁদা উদ্যাপন
কৰিছিল ৷ ইয়াত অৱশ্যে এতিয়া তাহানিৰ গাঁওখনৰ একো অস্তিত্ব নাই ৷ আবাসীও নাই ৷ সময় নিৰূপণ কৰিব
পৰা যাবনে নাযাব সেয়া বিশেষজ্ঞইহে ক’ব পাৰিব ৷ শিলে কি কথা কয় আমি উদ্ধাৰ কৰিব নোৱাৰিম ৷
পাৰস্পৰিক শুভেচ্ছা বিনিময় আৰু কৃতজ্ঞতা জ্ঞাপনৰ অৰ্থে উৎসাহ-উদ্দীপনাৰ
মাজেৰে সমূহীয়াভাৱে পালিত ঙাঁদা উৎসৱৰ জৰিয়তে ৰেংমা নগাসকলে আজিও নিজস্ব বৈশিষ্ট্য
অক্ষুণ্ণ ৰাখিছে ৷ নৱেম্বৰ মাহৰ শেষত কৃষি-কৰ্মৰ পৰিসমাপ্তিত ঙাঁদাৰ আয়োজন চলে ৷
পুৰণি বছৰক বিদায় দি সমাগত নতুন বছৰক আদৰণি জনোৱাৰ উদ্দেশ্যও ইয়াত অন্তৰ্নিহিত হৈ
থাকে ৷ উৎসৱৰ তৃতীয়দিনা মহিলাসকল আত্মীয়ৰ সমাধিস্থললৈ গৈ কবৰ পৰিষ্কাৰ কৰা ৰীতি
আছে বুলি পঢ়িবলৈ পাইছিলোঁ ৷
উৎসৱৰ কেইদিন আনুষংগিক কাম-কাজৰ বাদে আন সকলো ধৰণৰ কৰ্ম নিলগাই থৈ ৰেংমা
নগাসকলে ঙাঁদাৰ প্ৰীতি-ভোজ, নৃত্য-গীত, খেল-ধেমালি, বন্ধু-মিলন, মাছ ধৰা, পুৰণিক
বিদায় জনোৱা, নতুনক সম্ভাষণ জনোৱা, প্ৰিয় মিত্ৰক স্মৰণ, কৃষিৰ উন্নয়নৰ বাবে
প্ৰাৰ্থনা, সাজ-পাৰ আৰু অলংকাৰ প্ৰদৰ্শন, পৰম্পৰা পালনত আন্তৰিকতাৰে আত্মনিয়োগ কৰে
৷ ঙাঁদাৰ সময়তে গাঁও এখনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ পৰৱৰ্তী
বৰ্ষত কোনটো অঞ্চলত খেতি কৰা হ’ব, নতুন ঘৰ কিমানটা সজা হ’ব, সমূহীয়া মাছ ধৰা পৰ্ব কোন দিনা হ’ব, অন্য গাঁৱৰ সৈতে শান্তিচুক্তি কৰিব লগা আছে নেকি, গাঁৱৰ কাৰোবাৰ মাজত
ভুল বুজাবুজি হৈছে নেকি আৰু যদি হৈছে তাৰ মিট-মাট কৰা, সমূহীয়া ভোজত কিমান ঘৰে অংশ
ল’ব ইত্যাদি বিভিন্ন
বিষয়ৰ আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ এই সময়টোতে কৰা হয় ৷ এই মহোৎসৱেই একত্ৰিত কৰে
ৰেংমা নগা সমাজখনক ৷ ইয়েই জগাই তোলে তেওঁলোকৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাব ৷ ৰেংমা
নগাসকলৰ বাৰেবৰণীয়া সংস্কৃতিৰ ফল্গুধাৰাটো এইদৰেই আজিও অজৰ-অমৰ হৈ বৈ আছে,
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ৷
পাছৰ গাড়ীখনৰ ড্ৰাইভাৰ চুৱেন্দা চৌহাই, আমাৰখনৰ
ছিংনাৰ আৰু অন্য বেতকটীয়া ৰেংমা যুৱক দুজনৰ সৈতে ফটো উঠিলোঁ ৷ আগৰ গাড়ীখন গুচি গ'ল ৷ খেংগা উঠি অহাখন থাকিল ৷ ১৫ মিনিটমান কটোৱাৰ পাছত
পৰৱৰ্তী যাত্ৰাৰ বাবে ইঞ্জিন ষ্টাৰ্ট দিলে ৷ নে’টৱৰ্ক পইণ্টৰ কেঁকুৰিটো পাওঁতে ছিংনাৰে ‘ঘৰলৈ ফোন কৰিব নেকি ছাৰ’ বুলি সুধিছিল ৷ আমি না
কৰিলোঁ ৷ উত্তৰ শুনি তেৱোঁ নৰ’ল ৷
আনবোৰ গাড়ীও ৰোৱা নাই ৷ সকলোৰে যেন খেনাৰি পোৱাৰ অঘোষিত প্ৰতিযোগিতা ৷
No comments:
Post a Comment