Monday, 10 August 2020

৪.৩ অচিনাকি ঠাই, চিনাকি মুখ


সভাখন সমাপ্ত হোৱাৰ উমান পাই অলপ দূৰত ৰৈ থকা খেংগাই চিঞৰ মাৰি কৈ উঠিল, লক, আমি তালৈ যাওঁ ৷ খেংগাৰ আহ্বান শুনি তিনিও ধীৰে ধীৰে তললৈ নামিব আৰম্ভ কৰিলোঁ ৷ আমাক দেখা পাই পৰম্পৰাগত সাজ পৰিহিতা যুৱতী এজনী সভাস্থলীৰ ফালৰ পৰা কোবাকুবিকৈ আগ বাঢ়ি আহিছে ৷ বুকুত অভ্যৰ্থনা সমিতিৰ বেজ ৷ হাঁহিমুখীয়া ছোৱালীজনীয়ে সম্ভ্ৰমেৰে এজন এজনকৈ কৰমৰ্দন কৰি আদ্‌বাটতে স্বাগতম জনালে আৰু সভাকক্ষলৈ মাতিলে ৷ তাইৰ আগ্ৰহ, আচৰণ আৰু কথা-বতৰা খুব ভাল লাগিল ৷ ওচৰতে থকা একমাত্ৰ হোটেলখনত চাহ খাই গৈ আছোঁ বুলি খেংগাই ৰেংমা দোৱানতে বুজাই দিলে ৷ তাই বেগাবেগিকৈ ঘূৰি গলগৈ ৷ মুহূৰ্তবোৰ উপভোগ কৰি থাকিলোঁ ৷

ৰিছাংগাৰিত গিৰ্জা স্থাপন কৰা হৈছিল বিগত ১৯৮৩ চনতে ৷ গিৰ্জাঘৰটো নতুনকৈ নিৰ্মাণ কৰাৰ অৰ্থে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে হোটেলখন খোলা হৈছে ৷ নাম ৰাখিছে Grace Hotel ৷ ভিতৰত আচবাব-পত্ৰ বুলিবলৈ বিশেষ নাই যদিও নতুন ডেস্ক-বেঞ্চ কেইযোৰমান আছে ৷ থাংচিয়ে কালি অনাবোৰ এইবোৰেই হব যেন মোৰ অনুমান হল ৷ দুটা বাঁহৰ খুঁটাৰ মাজত ডাঙৰ জোখৰ কাগজত লিখা মেনু এখন লগাই ৰাখিছে ৷ অ’.আৰ.এছ., ফ্ৰুটি, পানী, চাহ, কণী, পুৰি, চাউ, ঘুগ্‌নি, ব্ৰেড, ক্ৰীমবন, মিমি ৷ দাম উল্লেখ কৰা আছে ৷ আমি লালচাহ খালোঁ ৷

হোটেলখনতে পালোঁ ওখ আৰু ক্ষীণাংগী এক ৰেংমা গাভৰুক ৷ তাইৰ হাতত ডাঙৰ জোখৰ মবাইল ফোন এটা ! যন্ত্ৰবিধ দেখিয়েই কৌতূহল আৰম্ভ হল ৷ ইয়াত মবাইল নেটৱৰ্ক পায় জানো ? সুধিলোঁ ৷ মুখৰ আগৰ পাহাৰৰফালে আঙুলিয়াই দেখুৱালে তাই ৷ কলে, ওপৰত নেটৱৰ্ক পোৱা যায় ৷ বুজিলোঁ, 'মবাইল পইণ্ট এটা এইফালেও আছে তেনেহলে ! উঠি যোৱাটো সহজসাধ্য নহ'ব নিশ্চয় ৷ শীৰ্ষ পাবলৈ ২ ঘণ্টামান লাগে বুলি কলে ৷ ভাবি আচৰিত হ'লোঁ যে প্ৰয়োজনৰ সময়ত কাৰোবালৈ ফোন কৰিবলৈ তেনেকুৱা দুৰ্গম অৱস্থানলৈ যাবলৈকো পাছ নুহোঁহকে এওঁলোকে ৷ অন্যথা মবাইলৰ ব্যৱহাৰ গান শুনা, ফটো তোলা, টৰ্চ জ্বলোৱাতে সীমাবদ্ধ ৷

ৰিছাংগাৰিলৈ সোমাই অহা ৰাস্তাটোৰ কাষতে, প্ৰথমেই এই হোটলখন ৷ হোটেলখন পাৰ হৈয়ে গিৰ্জাঘৰটো ৷ ঘৰটো পুৰণা হৈছে ৷ আমাৰ ঘৰৰ কাষৰ ৱেষ্ট ডিফু টাউন বেপ্টিষ্ট চাৰ্চটোও এনেকুৱাই, এসময়ত বাঁহ-খেৰৰ আছিল ৷ অত-তত পিত্‌পিতাই ফুৰি ভাল পোৱা শৈশৱ-কৈশোৰৰ আত্মমগন দিনবোৰত অনুসন্ধিৎসু মন লৈ জালিকটা খিৰিকীৰে আমি জুপিছিলোঁগৈ, গিৰ্জাৰ ভিতৰত কিনো থাকে বুলি ৷

ৰিছাংগাৰি বেপ্টিষ্ট চাৰ্চৰ কাষত দেখিলোঁ আহল-বহল মুক্তাংগন ৷ তাতে চালৰ ওপৰত তিৰ্পাল দি সজা আছে পেণ্ডেল এটা ৷ তাতে অনুষ্ঠিত হৈছে ডব্লিউ.আৰ.বি.এ.ৰ প্ৰতিনিধি সভা ৷ পেণ্ডেলটোৰ মুখতে পুতি ৰাখিছে তিনিখন পতাকা ৷ ডব্লিউ.আৰ.বি.এ.ৰ সমূহীয়া পতাকা, ৱমেন ডিপাৰ্টমেণ্টৰ পতাকা আৰু য়ুথ ডিপাৰ্টমেণ্টৰ পতাকা ৷ তাৰ সন্মুখত কেইফুটমানৰ ব্যৱধানত একে শাৰীতে উৰি আছে অান ১৭খন পতাকা ৷ সংস্থাটোৰ অন্তৰ্গত বিভিন্ন স্থানত প্ৰতিষ্ঠা লভা ১৭টা গিৰ্জাঘৰক প্ৰতিনিধিত্ব কৰিছে এই পতাকাকেইখনে ৷ পৰিৱেশটোও ভাল লগা কৰি তুলিছে ৷

আৰু ভাল লাগিল যেতিয়া আগুৱাই যোৱাৰ লগে লগে চিনাকি মুখবোৰ এখন এখনকৈ চকুৰ আগলৈ আহিব ধৰিলে ৷ ডিফুৰ পৰা অহা ৱেষ্ট ডিফু টাউন বেপ্টিষ্ট চাৰ্চৰ পাস্তৰ Rev. Athang Sebü, য়ুথ প্ৰেচিডেণ্ট Samuel Thakuri, Thangshi Jishing ৷ ডিফুৰ Rengma Baptist Churchৰ পাস্তৰ Evan. Jonathan Nyenthang, আগতে ডিফুত আৰু এতিয়া চকীহোলাত থাকি কাৰ্যভাৰ চলাই থকা WRBAৰ বৰ্তমানৰ কোষাধ্যক্ষ Yhoningno Jishing ৷ Jonathanৰ ঘৰ ৰিছাংগাৰিতে ৷ তেওঁ মোক দেখি আলিংগন কৰিলে আৰু গাঁৱলৈ স্বাগতম জনালে ৷ Yhoningnoক বহুত দিনৰ পাছত লগ পালোঁ ৷ সিও মোক দেখি আচৰিত হল ৷ ৰ পৰা ওলালে অ’’ বুলি স্বভাৱসিদ্ধ কৌতূহলী প্ৰশ্নৰে উপৰ্যুপৰি সোধা-পোচাত লাগি গল ৷ ধূনা প্ৰসংগই ধৰ্মালোচনাৰ পৰা মনবোৰ প্ৰকৃতিমুখীলৈ পৰিৱৰ্তন কৰি পেলালে ৷

মুক্তাংগনতে লগ পালোঁ Rengma Baptist Church, Chokiholaৰ পাস্তৰ Rev. Handent Nyenthangক ৷ এসময়ত Lolashongnyu Baptist Church আৰু এতিয়া Choshenlari-2 Baptist Churchৰ পাস্তৰ Gwasholo Sebüও আগুৱাই আহিল আৰু হাত মিলালে ৷ আগতে গিৰ্জাৰ ছপা কাম-কাজ কৰাৰ সুবাদতে এইসকলৰ লগত পৰিচয় আছিল আৰু সদ্ভাৱ আজিও বৰ্তি আছে ৷ আচম্বিতে ৰিছাংগাৰিৰ ঘাঁহনিত উপস্থিতি দেখা পাই স্বাভাৱিকতে এওঁলোকো আচৰিত হৈ পৰিল ৷ কথাবোৰ ভাঙি দিবলগীয়া হল ৷

কেইহাং ৰেন্‌চলৈ যাওঁতে অন্যতম পথ-প্ৰদৰ্শক হিচাপে আমাৰ সৈতে যোৱা জংফা গাঁৱৰ Philip Nyenthangকো পালোঁ ৷ ফিলিপৰ মুখখন দেখি আগতে কত দেখিছোঁ, কত পাইছিলোঁ, এনেকুৱা লাগি আছিল ৷ অলপ পাছতে সকলো মনত পৰি গল ৷ অজান ঠাইত পূৰ্বপৰিচিত কেইজনমানক পাই পৰিৱেশটো অতিকৈ ভাল লগা আৰু সহজ হৈ পৰিল ৷

দিনৰ আহাৰ গ্ৰহণৰ বাবে মাইকত ঘোষণা হৈছে ৷ বাঁহৰ ডেস্ক সাজি মুকলিতে ব্যৱস্থা কৰা আছে ৷ উপস্থিত ৰাইজে শাৰী পাতিছে ৷ ৰেভাৰেণ্ড আথাং, গোৱাচ আৰু হেনডেনে মোক টানিছে একেলগে ভাত খাবলৈ ৷ মই নাখাওঁ বুলিছোঁ ৷ খেংগাৰ ঘৰত খাই আহিছোঁ বুলি কৈছোঁ ৷ হলেও এৰা নাই ৷ ইফালে গগৈ ছাৰ আৰু খেংগাই ছেমুৱেল, থাংচি আৰু কোনো কোনোৰ সৈতে আলাপত মছগুল ৷ মতা হৈছে যদিও অহাৰ নামেই নলয় ৷ কথা তুংগত উঠিছে ৷ লগ এৰিবলৈও বেয়া ৷ কি কৰা যায় ? 

আথাংহঁতক পুনৰ কৈছোঁ যে মই নিৰামিষভোজী ৷ আনহাতে ইয়াত মাংস-মাছহে চলিব ৷ গতিকে নালাগে দিয়ক ৷ তেওঁলোকে অভয় দিছে ৷ কৈছে যে চিন্তা কৰিব নালাগে, আমি আছোঁ ৷ দাইল, চব্‌জি থাকিবতো ৷ মই বুজিলোঁ যে ইহঁতে নেৰে ৷ খাদ্যাভাসক লৈ নানা প্ৰশ্নও উত্থাপিত হৈছে ৷ তিনিও পাস্তৰে শাৰীটোত মোক মাজত ভৰাই ললে ৷ আতিথ্যৰ উমাল স্পৰ্শই হৃদয় চুই গল ৷ খোজত খোজ মিলাই আগ বাঢ়ি থাকিলোঁ খাদ্যসম্ভাৰৰ পিনে ৷ অলপ পাছত খেংগা আৰু গগৈ ছাৰো আহি শাৰীত উপস্থিত হ'ল ৷ পাছে পাছে থাংচি আৰু ছেমুৱেল ৷

1 comment:

  1. পঢ়ি যাওতে চকুৰ আগত ভাহিঁ আহে,বৰ্ণনা শৈলী অপুৰ্ব।অগতানু গতিক ভ্ৰমন কাহিনী

    ReplyDelete