৪.৬ খেনাৰিত আমাৰ অন্তিম নিশা
কাপোৰ-কানি সলায়ে গগৈ ছাৰ আৰু খেংগা লৰালৰিকৈ সৰিয়হতলীৰ ফালে ৰাওনা হৈছে ৷
আধা ঘণ্টামানৰো বেছি সময় ৰ’লোঁ, সিহঁত আহি নোপোৱাই হ’ল ! কোঠাৰ ভিতৰত অকলে অকলে সোমাই থাকি ভালো লগা নাই ৷ কি কৰা যায় ? ক’তনো আছে ইহঁত বুলি ওলাই গ’লোঁগৈ ৷ এখোজ-দুখোজকৈ
গিৰ্জাটো পাৰ হৈ আগ বাঢ়ি ওপৰৰ পৰাই দেখা পালোঁ, খেনাৰিৰ বাটচ’ৰাৰ অলপমান আগত, বাঁওহাতে থকা একমাত্ৰ ঘৰটোৰ সন্মুখত ৰৈ আছে দুয়ো ৷ গৃহস্থনীৰ
লগত ছাৰ কথা পতাত মগন ৷ অংগী-ভংগীৰে কিবা বুজাইছে ৷
পাছত জানিবলৈ পালোঁ যে সেই
মহিলাগৰাকীয়েই বাটচ’ৰাৰ সমীপত থকা গছজোপাৰ পৰা দীৰ্ঘদিন ধৰি ধূনা
সংগ্ৰহ কৰি আহিছে ৷ ছাৰে কথাটো কেনেবাকৈ গম পালে ৷ যধে-মধে ঘপিয়াই গছজোপা যাতে
নষ্ট কৰি নেপেলায়, তাকে ঘৰলৈ গৈ বুজনি দি আহিল ৷ এইবাৰৰ অভিযানত সেইজোপা তেওঁ
বিচাৰি পোৱা প্ৰথম জাতৰ ধূনা গছ বুলি উল্লেখ কৰিছিল ৷ ওপৰত গুটিহে এটাও দেখা নগ'ল ৷ গতিকে
গছজোপা যিকোনো প্ৰকাৰে হ’লেও জীয়াই ৰাখিব লাগিব ৷ খেংগাকো কঠিন সুৰেৰেই
শুনাই দিয়া হৈছে, ‘গুৰিটোত ওখকৈ জেওৰা দি দিব আৰু লক্ষ্য ৰাখিব যাতে
কোনেও কাষলৈ যাব নোৱাৰে ৷ নহ’লে বচোৱা টান হ’ব কিন্তু ৷’
খেংগা আগে আগে, গগৈ ছাৰ পাছে পাছে ৷ পোনে পোনে নাহি তাৰ পৰা সৰিয়হতলীলৈ পোনাইছে ৷ এইফালে
নহা দেখি মই ঘৰলৈ গুচি আহিলোঁ ৷ অলপ পাছত আন্ধাৰেই হ’ব ৷ লাইটকেইটা
জ্বলাই দিছোঁ ৷ জুইকুৰা ধৰি কেটলিত পানী ভৰাই ইটো-সিটো কৰি আছোঁ ৷ এনেতে ধম্ধমাই
ওলালহি দুয়ো ৷ খেংগাৰ কান্ধত সৰিয়হ আধাবস্তা ৷ শুকাবলৈ দিয়া সৰিয়হবোৰ দুয়োজনে
মিলি তলীতে কোবাই গুটি সৰুৱাই বস্তাত ভৰাই আনিছে ৷ পেৰিবৰ কাৰণে ডিফুলৈ লৈ যাব ৷ এতিয়াহে
গম পালোঁ যে কাইলৈ খেংগাও ওলাব আমাৰ লগতে ৷ সৰিয়হৰ উপৰি চাউল দুবস্তাও লৈ যাব ৷ খেতি কিমান কৰিছিল, সৰিয়হ কিমান পোৱা হ’ল, পেৰিলে তেল কিমান ওলাব, তেলখিনি কি কৰিব, বিক্ৰী কৰিব নেকি, বিকিলে কোনে কোনে
কিনিব, তেতিয়া আমাকো জনাব… অনেক প্ৰশ্ন, উত্তৰ, মন্তব্য, জল্পনা-কল্পনা ৷
খেনাৰিলৈ ইতিমধ্যে অন্ধকাৰ নামি আহিল ৷ মই নুড্লছখিনি উতলোৱাৰ যো-জা কৰিছোঁ
৷ এনেতে খেংগাই গুদাম মানে পকী পাকঘৰটোলৈ মাতিলে ৷ দুহাতেৰে ৰঙালাউ এটা দাঙি হাস্যবদনে মোলৈ আগ
বঢ়াইছে ৷ লগতে কৈছে, ‘ৰেংমা বস্তিলৈ ইমান
কষ্ট কৰি আহিলে ৷ কি দিমনো ইয়াৰ পৰা ঘৰলৈ লৈ যাবলৈ ? মোৰ খেতিৰ ৰঙালাউ এটাকে
নিয়ক ৷ নিবনে ?’ গুদামটোত ৰঙালাৱেই ৰঙালাউ ৷ কোমোৰাই
কোমোৰা ৷ কৰ্মী মানুহৰ চিন ৷ গগৈ ছাৰকো ৰঙালাউ এটা দিলে ৷ ধুনীয়া ৰঙালাউ ৷ না বুলি শব্দ কৰাৰ কথাই নাহে ৷ এটা এটা কোমোৰাও লৈ যাওক বোলাত ছাৰে তেওঁৰ বেগত অকণো জেগা
নাই বুলি গ্ৰহণ কৰিবলৈ অমান্তি হ’ল ৷ মই কিন্তু ল’লোঁ ৷ ৰঙালাউ আৰু
কোমোৰা আথে-বেথে দাঙি আনি ৰূমত থ’লোঁহি ৷ ইফালে সন্ধিয়াৰ
খাদ্যও ৰে’ডী হৈ গৈছে ৷
ফুটগধূলিখন খেংগাক
লগ ধৰিবৰ বাবে কেইবাজনো স্থানীয় লোক আহিছে ৷ আগফালৰ বাৰাণ্ডাতে বহুৱাই খবৰটো
দিলোঁহি ৷ কথা শেষ নহয়হে নহয় ৷ কিবা গুৰুত্বপূৰ্ণ আলোচনা যেনেই ভাব হৈছে ৷ এইফালে গগৈ
ছাৰ আৰু মই ৰৈ আছোঁ তিনিও একেলগে চাহ খাওঁ বুলি ৷ মানুহটো উঠি আহিবকে পৰা নাই ৷ কথোপ-কথনবোৰ
ৰেংমা দোৱানত হৈ থকা হেতুকে বুজিও পোৱা নাই ৷ ইংগিতেৰেই আমাক খাই ল’বলৈ ক’লে ৷ অৱশেষত সভাখন ভংগ হ’ল ৷ গাঁৱৰ কিবা-কিবি জৰুৰী প্ৰসংগ লৈ আলাপ চলিছিল বুলি ক’লে ৷ কাইলৈ ডিফুলৈ গুচি গ’লে কামবোৰ ৰৈ যাব নহ’লে ৷ সেয়ে পৰামৰ্শ কিছুমান দিয়া হ’ল ৷ খেনাৰিৰ ৰেংমা নগা সমাজখনত খেংগা ৰেশ্ব'ৰ এটা গুৰুত্বপূৰ্ণ স্থান আছে ৷
থাংচি জিশ্বিং আহি ওলাল ৷ সিও কাইলৈ ডিফুলৈ ঘূৰি যাব ৷ চাৰিওজন একেলগে যাব পাৰিম তেনেহ’লে ! ভাবি ভালেই লাগিল ৷ ট্ৰেকাৰখনহে পিছে এতিয়ালৈকে
নাই অহা ৷ থাংচিয়ে খবৰ লৈ আহিছে ৷ প্ৰশ্ন হ’ল, সেইখন যদি নাহে, আমি যাম কিহত ? শিলনিজানলৈ কেনেকৈ যোৱা হ’ব ? বাহনৰ অভাৱত এদিন থাকি যাব লাগিব দেখোন ! গম্ভীৰ আলোচনা আৰম্ভ
হ'ল ৷ খেংগাৰো চিন্তা লাগিছে ৷ ট্ৰেকাৰ নচলিলে ইমানবোৰ টালি-টোপোলা লৈ ডিফুলৈ
ওলোৱাটো তাৰ পক্ষে সমীচীন নহ’ব ৷ তথাপিতো বস্তাকেইটা বান্ধি-কুন্ধি সাজু কৰি ৰাখিছে ৷ ওপৰঞ্চি, অন্য এটা
গুৰুতৰ সমস্যাও শেহতীয়াভাৱে উদ্ভৱ নোহোৱা নহয় ৷ চিকাৰ কৰিব বুলি কালি বন্দুকটো এজনে ৰাখি থ’লে ৷ আজি ঘূৰাই দিয়াহি কথা ৷ এই পৰ্যন্ত টিকনিকে দেখিবলৈ নাই ৷ এই চিন্তাটোৱেহে
খেংগাক খুলি খুলি খাইছে ৷ গতিকে সি যাব পৰা-নোৱাৰাটো হৈ পৰিছে দুই নাও দুই ভৰিৰ লেখীয়া ৷ অনিশ্চয়তাৰ দোমোজাত কক্বকাই বন্দুক নিয়াজনলৈ খেংগাৰ ভীষণ খং উঠিছে, মুহূৰ্তে
মুহূৰ্তে বকি-জঁকি আছে ৷ ইফালে বন্দুকটো কাৰোবাৰ হাতত এৰি ক’তো যাবও নোৱাৰে ৷ ঘটনা ঘটিবলৈ হ'লে জেলৰ ভাত খাব লাগিব ৷
এনে সময়তে আমাৰ কাৰণে থাংচিয়েই উল্লেখ কৰিলে এটা সম্ভৱপৰ উপায় ৷ ৰিছাংগাৰিত
দুখন বলেৰ’ পিক্-আপ আছে ৷ ডব্লিউ.আৰ.বি.এ’.ৰ সভালৈ জংফা, ল’লাশ্বংন্যুৰ পৰা অহা মানুহবোৰক লৈ সেই দুখন কাইলৈ পুৱা ৭ বজাত তাৰ পৰা
ওলাই অহাৰ কথা ৷ আমি সেইমতে সময় মিলাই সাজু হৈ খেংগাৰ ঘৰৰ আগত ৰৈ থাকিব লাগিব ৷ তাতে
কষ্টে-মষ্টে উঠি যাব লাগিব ৷ যেনে-তেনে বগামাটি পালেগৈ আৰু চিন্তা নাই ৷ সিফালে বেলেগ
গাড়ী ধৰিব পাৰিম ৷ ছেমুৱেল আৰু ৰেভাৰেণ্ড আথাংহঁতৰ জীপচিখনো ৰিছাংগাৰিৰ পৰা পুৱা
আহিব যদিও সিহঁতৰ গাড়ীত তিনিজনৰ জোখাৰে জেগা নথকাটোৱেই স্বাভাৱিক ৷ গতিকে আমাৰ
একমাত্ৰ লক্ষ্য হ’ব বলেৰ’ পিক্-আপ দুখন ৷
থাংচিৰ আইডিয়াটো শুনি উত্তেজনা এটাই মুহূৰ্ততে বাহ ল’লে ৷ আকৌ বলেৰ’ পিক্-আপ ! ৰেংমা হিলছ্ত দেখিছোঁ, এই গাড়ীৰেই বাহাদুৰি ৷ পাছফালে উঠি জঁপিয়াই জঁপিয়াই গৈ থাকি
কেনে লাগিব, তাৰ সোৱাদ কাইলৈ পাম ৷ এনেয়ে এবাৰ কল্পনা কৰি চালোঁ ৷
জুহালত বহি পতা কথা-বতৰাৰ মাজতে লাহেকৈ নিশাৰ ভাতসাজৰো আয়োজন চলিব ধৰিলে ৷ খেংগাই
থাংচিকো খাই যাবলৈ কৈছে ৷ সি অনিচ্ছা প্ৰকাশ কৰিলে ৷ পিছে আমাৰ অনুৰোধত দুটা চৰ্তত মান্তি হ’ল ৷ এক. ভাত কমকৈ খাব আৰু দুই. সোনকালে আমাৰ পৰা বিদায় ল’ব ৷ কিয়নো তাৰ ঘৰত ভাত ৰান্ধিছে ৷ সেয়া নাখালে খুব বেয়া কথা হ’ব ৷ তাতে অহাৰ পৰা ঘৰত সময় দিবই পৰা নাই ৷ পৰহিদিনা পোনে পোনে ৰিছাংগাৰিলৈ
গুচি গ’ল ৷ এতিয়াও ৰিছাংগাৰিৰ পৰা আহি পায় ভুমুকি এটা মাৰিয়ে পোনেই ইয়ালৈ গুচি আহিছে,
আমাক লগ পাবলৈকে ৷
পাকঘৰত এতিয়া আমি চাৰিজন ৷ কাঠখৰিৰ তাপে উমাল কৰি তোলা পৰিৱেশটোত নানান
বিষয়ৰ গম্ভীৰ আলোচনা আগ বাঢ়িছে ৷ ৰেংমা নগা জনগোষ্ঠীটোৰ প্ৰব্ৰজনৰ পৰা আদি কৰি খেনাৰি-ৰিছাংগাৰিৰ ইতিহাস, ভূগোল, সমাজ, সংস্কৃতি ইত্যাদি ইত্যাদি ৷ লগতে ভৱিষ্যতৰ প্ৰশ্ন, সমস্যা
আৰু সমাধানৰ উপায় আদি, যদিওবা সমাধানৰ ক্ষমতা এজনৰো তিলমানো নাই !
এক কথাত খেনাৰি-ৰিছাংগাৰিলৈ মানুহ আহিবলৈ ৰাস্তা আজিও ঠিক নাই ৷ চৰকাৰৰ
শুভদৃষ্টি, অভিলাষী আঁচনিৰ পৰা অদ্যাপি বঞ্চিত, অৱহেলিত ৷ তেনেস্থলত বেলেগ ধৰণে কেনেকৈ
আগুৱাই যাব পৰা যাব ? কাৰ্যকৰী সম্ভাব্য পথ কি হ’ব পাৰে ? এইকেইদিনৰ
অভিজ্ঞতা আৰু নিজস্ব চিন্তাৰে ভাবি পাইছোঁ যে বেচৰকাৰী সংস্থা গঠন কৰি পৰ্যটন
উন্নয়নৰ দিশত নতুন দৃষ্টিভংগীৰে কাম কৰি চাব পাৰিচোন ৷ ইয়াকে লৈ মোৰ অন্তৰত বিশ্বাস
এটা উপজিছে আৰু তাকে জনাবলৈ খেংগা, থাংচিহঁতৰ চিন্তাবোৰ পৰ্যটনমুখী কৰাৰ
প্ৰচেষ্টাত লাগি থাকিলোঁ মই ৷
খেনাৰি-ৰিছাংগাৰিৰ ৰাস্তাত পাহাৰীয়া নৈ আছে, দলং নাই ৷ উঠা-নমা সৰ্পিল
কেঁচা আলিবাট আছে, মসৃণ আধুনিকতাৰ ক’লীয়া প্ৰলেপ নাই ৷
ভাল ৰাস্তাৰ সম্ভাৱনা যিহেতু নায়েই বুলি ভাবি লোৱা হৈছে, তেনেস্থলত বৰ্তমানৰ অৱস্থাটোৰ
যোগাত্মক তথা বুদ্ধিমানী সদ্প্ৰয়োগ কেনেকৈ কৰা যায় ? চিন্তা কৰি পাইছোঁ যে অফ্
ৰ’ড ভাল পোৱা, সেউজীয়াৰ সুষমা বিচাৰি থকা, অৰণ্যত খোলা চকুৰে জন্তু চাই আনন্দ পোৱা,
নেচাৰেলিষ্ট-এড্ভেন্সাৰিষ্ট, ইক’টুৰিষ্টৰ বাবে এই পাৰ্বত্য অঞ্চলবোৰ দেখোন ভূস্বৰ্গ ৷ ৰেংমাসকলৰ গ্ৰাম্য সমাজ-সংস্কৃতিৰ শ্ৰৱণ-দৰ্শন আৰু অধ্যয়নথলী হিচাপেও অনন্য ৰূপত গঢ় দিব পৰা যায় খেনাৰি-ৰিছাংগাৰিক ৷ সম্ভাৱনাবোৰক প্ৰচাৰ কৰাত, মানুহৰ ওচৰ
চপোৱাত ইণ্টাৰনে’টৰ সহায় ল'লেই হ'ল ৷ নিকটৱৰ্তী
ব্যৱসায়িক কেন্দ্ৰস্থল শিলনিজানত টুৰ অপাৰেটৰৰ কাৰ্যালয় স্থাপন কৰি তাৰ পৰাই টুৰিষ্টক গাইড কৰিব পাৰি
৷ ঠাইতে বহি তথ্যবোৰ গম পোৱাৰ পাছত ওখোৰা-মোখোৰা বাটেৰে নৈ পাৰ হৈ পাহাৰ
অতিক্ৰমি এচাম মানুহ ইয়ালৈ আহিবই আহিব ৷ নগৰ-মহানগৰলৈ পিঠি দি আজি এচাম পৰ্যটকে এনে ল'কেচনেইতো বিচাৰি ফুৰে য’ত কৃত্ৰিমতা নাই, আছে স্বাভাৱিক প্ৰাকৃতিক
নান্দনিকতা ৷ গতিকে বোকা-পানী ফালি তেওঁলোক আহিব, ৰেংমা পৰম্পৰাগত চাংঘৰত থাকিব, ৰেংমা
ৰন্ধন-প্ৰকৰণৰ জুতি ল’ব, ৰেংমা জনজাতীয় সংস্কৃতিৰ বুজ ল’ব, অৰণ্যলৈ খোজ ল’ব, গগৈ ছাৰে ক’বৰ দৰে ‘আমাজন ফৰেষ্ট’ত নিশাটো কটাব, এক্সপ্ল’ৰ কৰিব… ট্ৰেকিং-কেম্পিং-এড্ভেন্সাৰ... উঃ আৰু ভাবিব
নোৱাৰিছোঁ ! ইয়াতকৈ কিবা সম্ভাৱনা লাগিছেনে ? এই সম্পদবোৰচোন খেংগাহঁতৰ সন্মুখত বছৰ বছৰ
ধৰি প্ৰয়োগ নোহোৱাকৈয়ে পৰি আছে ৷ পকা ৰাস্তা নাই, তাতে কি হ’ল ?
বুজাই বুজে যে সচৰাচৰ
মানুহ নহা, ঘোঁকটৰ গ্ৰাম্য জনজীৱন চাবলৈ পোৱা আওহতীয়া ঠাইলৈ কৰা আহুকলীয়া যাত্ৰাবোৰৰো আছে সুকীয়া মাদকতা, যিটো সহজ গতিপথত নাই ৷ তাৰে ভিত্তিত সকলোৰে আগত মই কিছু কথা
ক’লোঁ ৷ পিছপৰা
বুলি মোহৰ মৰা এনেকুৱা ঠাইবোৰক লৈযে এক ধৰণৰ নব্য ধ্যান-ধাৰণাৰ টুৰিজিম গঢ় লৈ উঠিব পাৰে,
জুইৰ কাষত তাৰে লেথাৰি নিছিগা কথোপ-কথন চলি আছে ৷ গগৈ ছাৰে হয়ভৰ দি গৈছে ৷ খেংগা, থাংচিয়ে একান্তমনে শুনি থাকি মূৰ দুপিয়াই আছে ৷
চৰকাৰী
পৃষ্ঠপোষকতা অবিহনেই এই কামবোৰ কৰিব পাৰি ৷ কেৱল আজিৰ দৰে সেউজীয়াৰে চৌপাশ উপচি থাকিব লাগে, পানীবোৰ
ফট্ফটীয়া হ’ব লাগে, বতাহ সুনিৰ্মল হ’ব লাগে ৷ তাৰ লগে লগে স্থানীয় অধিবাসীৰ আতিথ্য মনপৰশা হ’ব লাগে ৷ নিৰাপত্তা সুনিশ্চিত হ’ব লাগে ৷ তেতিয়া সেউজীয়া মনৰ এচাম ভ্ৰমণকাৰী আহিবই আহিব, যি ফ’ৰ লে’ন টু লে’ন ৰাস্তা
নিবিচাৰে, বিলাসী বাহনো নিবিচাৰে ৷ কেৱল বিচাৰে পৰ্যটন-অনুকূল পৰিৱেশ আৰু স্থানীয়
লোকৰ আন্তৰিক সহযোগিতা ৷
গছ-গছনি, বাঁহ-বেতৰ মাজে মাজে শাৰী পাতি শুকান পাত খচকি গৈ থাকি অন্তৰত কেনেকুৱা
অনুভৱ হয় তাক বুজিবলৈ, ধৰ্মীয় কিম্বা গোষ্ঠীগত পৃথকত্ব ভৰিৰে মোহাৰি পাৰস্পৰিক সহায়
আৰু ভাতৃ ভাবেৰে একত্ৰ হ’বলৈ, তেওঁলোক নিশ্চয় আহিব ৷ মন-গহনত যাৰ একেই ভাব-ভাষা, একেটাই
লক্ষ্য-উদ্দেশ্য ৷ প্ৰকৃতিৰ উমাল সান্নিধ্যৰে আশিষধন্য হোৱা ৷ তেনে হৃদয়ত অনুভূতিবোৰনো
কেনে হয় তাৰ সঁচা ব্যাখ্যা আচলতে তেওঁলোকেহে কৰিব, যিবোৰ বখানিবলৈ দৰাচলতে ওঁঠৰ ভাষাও
বহু সময়ত অক্ষম, অসমৰ্থ ৷
ভাতসাঁজ সোনকালেই খালোঁ আমি ৷ পুৱা সময়মতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঠাংচি গ’লগৈ ৷ প্ৰত্যেকেই নিজৰ নিজৰ টালি-টোপোলা সামৰাত
লাগি গ’লোঁ ৷ এইকেইদিনে সৃংগৃহীত
ধূনা গছৰ গুটি, পাত, ধূনা আদি গগৈ ছাৰে ভাগে ভাগে পেকেটত ভৰাই লৈছে ৷ ধূনা অকণমান মোকো
যাচিলে ৷ জংঘলৰ পৰা তেওঁ কঢ়িয়াই অনা ৰাইডাং দুডাল যাতে নাপাহৰে, মনত পেলাই দিলোঁ ৷ খেংগাই উপহাৰ দিয়া
ৰঙালাউটো মোৰ ৰাক্ছেকত যেনে-তেনে সুমুৱালোঁ যদিও অমৰা, কোমোৰা আদিয়ে অন্য এটা
টোপোলা সৃষ্টি কৰিবলৈ বাধ্য কৰালে ৷ গগৈ ছাৰেই দিলে মস্ত ঠোঙা এটা ৷
No comments:
Post a Comment