৩.৪ আকৌ এটা পদযাত্ৰাৰ উক্মুকনি
মনৰ আনন্দই ভাগৰক পৰাভূত কৰিলেও ভোক কিন্তু প্ৰচণ্ডভাৱে লাগি আহিছে ৷ তথাপিও
ঘৰ সোমায়ে প্ৰথম কাম হ’ব গাটো ভালকৈ পখালি লোৱাটোহে ৷ তাৰ পাছত উদৰ
পূৰাব লাগিব ৷ গভীৰ অৰণ্যত কালি আৰু আজি য’তে-ত’তে ঘূৰি-পকি, বাগৰি-জুগৰি একেবাৰে জহুদটো হৈ আছোঁ ৷ অস্বস্তি লাগি গৈছে নিজৰে ৷ নঙলাকেইডাল দেই যাওঁতে
ভাবনাখিনি আছিল এনেকুৱা ৷
নিশাটো আতংকময় আছিল যদিও জংঘল-যাত্ৰাটোৰ মাদকতাময় সময়খিনিয়ে মাত্ৰ মোকেই নহয়, খেংগা
আৰু গগৈ ছাৰকো উৎফুল্লিত কৰি ৰাখিছে ৷ মনত পৰি আছে হাতী, বাঘ, বান্দৰ, চৰাই, বেতকটীয়া
সংগীকেইটা, বেতৰ মুঠাবোৰ, ধূনা গছকেইজোপা ইত্যাদি ইত্যাদিলৈ ৷ গগৈ ছাৰে সংগ্ৰহ কৰি অনা
সম্পদখিনি আথে-বেথে বেগৰ পৰা উলিয়াই আগফালৰ বাৰাণ্ডাখনতে একাষে মেলি থ’লে ৷ ভাগে ভাগে পাছত চিজিল লগাব ৷ পেকিঙৰ বস্তু তেওঁ লগত লৈয়ে আহিছে ৷
ঘৰৰ তলাটো খুলিয়েই খেংগাই চিধাই পাছফালৰ চৌকাত জুই ধৰিলেগৈ ৷ কেটলিত মই পানী ভৰাই দিলোঁ ৷ অংক কৰি চালোঁ, গৰম হোৱালৈকে অনেক সময় লাগি যাব
৷ ইমান পৰ ৰৈ থাকে কোনে ? চৌবাচ্চাৰ পানীকে উৰাই-ঘূৰাই ঢালি
ইচ্ছামতে গাটো ধুলোঁ ৷ ঠাণ্ডা যদিও বৰ তৃপ্তি লাগিল ৷ পৰিষ্কাৰ কাপোৰ এসাজ পিন্ধাৰ পাছত মনটো প্ৰফুল্লতাৰে
ভৰি পৰিল ৷ তাৰ পাছতে জুইৰ গুৰিত থিতাপি লৈছোঁহি ৷ গগৈ ছাৰে পানী গৰম হোৱালৈ ৰৈছে ৷
সোনকালে হোৱা বাবে আমি নুডলছ্ বনালোঁ ৷ খাই-বৈ এখন্তেক জিৰণি ৷ বিছনাখনত ওপৰমুৱাকৈ পৰি থাকি ভাবি আছোঁ, ক’তযে সোমাই আছিলোঁগৈ ! ভালো লাগিল অৱশ্যে ৷ আগতে কেতিয়াও নোহোৱা অভিজ্ঞতা লভিলোঁ ৷ আজীৱন সুঁৱৰি থাকিম এই যাত্ৰা য'ত পাহাৰত বনৰীয়া হাতীৰ স্বাভাৱিক চলন দেখি আহিলোঁ ৷ খেংগাৰ সহযোগিতাও মনত থাকিব ৷
আৰু ভাবিছোঁ, আজি হ’ল শনিবাৰ ৷ কাইলৈ দেও ৷ দেওবাৰে ট্ৰেকাৰ নচলে
বুলি কৈছিল ৷ খবৰ এটা ল’ব পৰা হ’লে… ! শনিবাৰে বিয়লি ঘূৰি যায় বুলিছিল ৷ আমিও উঠি যাব পাৰিলোঁহেঁতেন যদি !
কথাটো গগৈ ছাৰৰ সন্মুখত কোৱাত হয়ভৰ দিলে ৷ তৎমুহূৰ্ততে ওলাই গ'লোঁ ৷ যথাস্থানত চাই আহিলোঁগৈ ৷
গাড়ীখন নেদেখিলোঁ ৷ তাৰ মানে কিজানি আমি সিফালৰ পৰা আহি পোৱাৰ আগতেই ৰাওনা গ’ল শিলনিজানলৈ ৷ কাইলৈ নাহে ৷ একেবাৰে সোমবাৰেহে আহিব ৷ ইস্,
মিছ্ কৰিলোঁ ৷ আগতীয়াকৈ ভবা নহ'ল ৷ ৰেংমা নগাসকলৰ প্ৰাচীন বৃহৎ গাঁওখনৰ অৱস্থানটোত নামোঁতেই পলম
হৈ গ’ল কিজানি ৷ এই মিছ্ কৰাটোৰ সদ্যহতে পৰিণাম এইটোৱেই হ’ল যে আমি সোমবাৰেও গৃহমুখী হ'ব নোৱাৰিম ৷ মঙলবাৰেহে পাৰিম চাগৈ ৷
বিকল্প চিন্তিবলৈ অন্য একোৱেই নাই ইয়াত ৷ অৱশেষত, ভাবি লাভ নাই, যি হয় হ'ব বুলি চিন্তাটোক কবৰ দি দিলোঁ ৷
গগৈ ছাৰ আৰু খেংগা খেনাৰিৰ পাৰত থকা পথাৰৰ ফালে গৈছে ৷ পাহাৰলৈ যোৱাৰ আগতে সৰিয়হৰ মুঠাবোৰ সিদিনা
লুটিয়াই যোৱা হৈছিল ৷ মই নগ’লোঁ ৷ অকলে অকলে বিছনাখনতে বাগৰি ভাবি আছোঁ,
খেংগাৰ পৰিয়াল থাকে ডিফুত ৷ ইমান ডাঙৰ ঘৰটোত তেনেই অকলশৰীয়াকৈ মানুহটোৱে
কেনেকৈযে কটায় ! বেয়া নালাগেনে ? মাজে মাজে যোৱা হয় অৱশ্যে ডিফুলৈ ৷ তাতো বেছিদিন থাকিব নোৱাৰে ৷ নহ'লে এইখন সাম্ৰাজ্য চম্ভালিব কোনে ?
ভাবগধুৰ হৈ থাকোঁতেই নঙলা খুলি হুৰমূৰকৈ কোনোবা এটাক চৌহদৰ ভিতৰত প্ৰৱেশ কৰা দেখিলোঁ
৷ আৰে, সেইটোচোন থাংচি ! সোমাওঁ-নোসোমাওঁকৈ থকা দেখি ওলাই গৈ আগ বঢ়াই
আনিলোঁ ৷ থাংচিয়ে জানে আমি খেংগাৰ ঘৰত বাহৰ পাতিম বুলি ৷ তথাপি বাহিৰত ৰ’দত থৈ দিয়া হাণ্টিং শ্বুকেইযোৰ দেখি তাৰ মনত হেনো সংশয় উপজিছিল,
সন্দেহযুক্ত কোনোবাই আশ্ৰয় লৈ থকা বুলি ৷ মোক দেখা পাই হাঁহি মাৰি প্ৰথমেই এইষাৰ ক’লে ৷ মই অৰ্থ বুজি পালোঁ ৷ থাংচি বেছি সময় নবহিল ৷ মিনি ট্ৰাক এখনত
স্কুলৰ ডেস্ক-বেঞ্চ লৈ সি ডিফুৰ পৰা আহি আছে ৷ অত্যন্ত বেয়া পথেৰে তাৰ গাঁওখনলৈ আমি কষ্ট কৰি অহাৰ কাৰণে
আনন্দ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা জনাই পাছত ভালকৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সি গ’লগৈ ৷ ঘৰত ক্ষন্তেক দেখা দি ৰিছাংগাৰি পাবগৈ লাগিব ৷
গধূলি লালচাহ খাই খাই গগৈ ছাৰ, খেংগা আৰু মোৰ মাজত আলোচনা চলিছে, উভতি যাব যদি নোৱাৰোঁৱেই তেনেহ’লে কাইলৈ দিনৰ দিনটো কি কৰা যাব ? খেংগাই ক’লে, ‘খোৱানি অৰ্থাৎ গে’ঝেনলান্যু বেপ্টিষ্ট চাৰ্চৰ কাষেৰে ওপৰফালে উঠি যোৱা ৰাস্তাটোৰে গ’লে চ’শ্বেনতংৰি নামৰ ৰেংমা গাঁওখন পোৱা যায় ৷ সেইফালেই পাহাৰৰ বুকুত এক ধৰণৰ বিশেষ পাথৰৰ খনি আছে ৷ তাকে চাই আহিবগৈ পাৰি ৷’ কথাখিনি মন দি শুনিলোঁ ৷ মূৰ দুপিয়াই শলাগি গ'লোঁ যদিও মোৰ মতলবটো অলপ বেলেগ ৷ আথাং আৰু ছেমুৱেলে সিদিনা এৰা-এৰিৰ সময়ত ৰিছাংগাৰিলৈ মাতিছিল ৷ থাংচিও গৈছে তালৈকে ৷ আমিও তালৈ যোৱাটোহে ভাল হ’ব ৷ চিনাকি মানুহ লগ পাম, বাটে বাটে ধূনা গছো বিচাৰিম, ক’বলৈও হ’ব যে এইটো প্ৰান্তৰ অন্তিমখন ৰেংমা গাঁও পৰ্যন্ত গৰকি আহিলোঁ ৷ কথা শুনি প্ৰস্তাৱটোত বাকী দুজন ততালিকে মান্তি হৈ গ’ল ৷ ‘ৰিছাংগাৰিলৈ যাবলৈ হ’লে খোজ কাঢ়িব লাগিব ৷ পুৱা ৮ বজাত ৰে’ডী হ’ব লাগিব’ বুলি খেংগাই শেষ-বাক্য শুনাই দিলে ৷ নতুন যাত্ৰাটোক লৈ উত্তেজনা এটাৰ উক্মুকনি আৰম্ভ হৈ গ’ল ৷
গধূলি লালচাহ খাই খাই গগৈ ছাৰ, খেংগা আৰু মোৰ মাজত আলোচনা চলিছে, উভতি যাব যদি নোৱাৰোঁৱেই তেনেহ’লে কাইলৈ দিনৰ দিনটো কি কৰা যাব ? খেংগাই ক’লে, ‘খোৱানি অৰ্থাৎ গে’ঝেনলান্যু বেপ্টিষ্ট চাৰ্চৰ কাষেৰে ওপৰফালে উঠি যোৱা ৰাস্তাটোৰে গ’লে চ’শ্বেনতংৰি নামৰ ৰেংমা গাঁওখন পোৱা যায় ৷ সেইফালেই পাহাৰৰ বুকুত এক ধৰণৰ বিশেষ পাথৰৰ খনি আছে ৷ তাকে চাই আহিবগৈ পাৰি ৷’ কথাখিনি মন দি শুনিলোঁ ৷ মূৰ দুপিয়াই শলাগি গ'লোঁ যদিও মোৰ মতলবটো অলপ বেলেগ ৷ আথাং আৰু ছেমুৱেলে সিদিনা এৰা-এৰিৰ সময়ত ৰিছাংগাৰিলৈ মাতিছিল ৷ থাংচিও গৈছে তালৈকে ৷ আমিও তালৈ যোৱাটোহে ভাল হ’ব ৷ চিনাকি মানুহ লগ পাম, বাটে বাটে ধূনা গছো বিচাৰিম, ক’বলৈও হ’ব যে এইটো প্ৰান্তৰ অন্তিমখন ৰেংমা গাঁও পৰ্যন্ত গৰকি আহিলোঁ ৷ কথা শুনি প্ৰস্তাৱটোত বাকী দুজন ততালিকে মান্তি হৈ গ’ল ৷ ‘ৰিছাংগাৰিলৈ যাবলৈ হ’লে খোজ কাঢ়িব লাগিব ৷ পুৱা ৮ বজাত ৰে’ডী হ’ব লাগিব’ বুলি খেংগাই শেষ-বাক্য শুনাই দিলে ৷ নতুন যাত্ৰাটোক লৈ উত্তেজনা এটাৰ উক্মুকনি আৰম্ভ হৈ গ’ল ৷
সাজ লগাৰ পৰতে স্থানীয় মানুহ কেইজনমান আহি ওলাল ৷ আমাক, বিশেষকৈ ডক্টৰ গগৈ
ছাৰক লগ পাবলৈ আহিছে ৷ আমাৰ কোঠাতে বহিবলৈ দিলোঁ ৷ ৰেংমাসকলৰ অতীত, বৰ্তমান,
ভৱিষ্যৎ সামৰি বিভিন্ন প্ৰসংগৰ অৱতাৰণা চলিছে ৷ আলোচনাই খেনাৰিৰ গ্ৰাম্য অৰ্থনীতি
আৰু ইয়াৰ সবলীকৰণৰ দিশে গতি কৰিলে ৷ গগৈ ছাৰে গছ-গছনিৰ উপকাৰিতা সম্বন্ধে
জ্ঞান-গম্ভীৰ ব্যাখ্যা-বিশ্লেষণ দাঙি ধৰিছে ৷ বগা চন্দন, ধূনা গছ ইত্যাদিৰ পৰা হ'ব পৰা ব্যৱসায়িক লাভালাভকে ধৰি
বিশদ আলোচনা আৰু পৰামৰ্শ আগ বঢ়াইছে ৷ পৰিৱেশটো গহীন হৈ উঠিছে ৷ যেন ছেমিনাৰহে চলি আছে এখন, গগৈ ছাৰে পেপাৰ প্ৰেজেণ্ট কৰিছে ৷ শুনি আছোঁ মনে
মনে ৷ বিজ্ঞজনৰ পৰা দুটা কথা আহৰণ কৰিব পাৰিছোঁ ৷ আমি সংগ্ৰহ কৰি অনা ধূনা, ধূনাগছৰ পাত, গুটি আদিও প্ৰদৰ্শন কৰিলে ৷ প্ৰথম প্ৰজাতিৰ গছৰ সম্ভেদ ল'লে লোককেইজনৰ পৰা ৷ গুটি সংগ্ৰহৰ দায়িত্বও নিদিয়াকৈ নাথাকিল ৷ ১০০ গুটিত ১০০০ ৷ একেটাই ঘোষণা ৷
আলহীয়ে বিদায় লোৱাত জুহাল পালোঁহি ৷ খেংগাই খুট্ খুট্কৈ কিবা-কিবি কৰি আছিল
৷ নিশাৰ সাঁজৰ যো-জাত আমিও পূৰ্ণোদ্যমে লাগি গ’লোঁ ৷ দিনৰ ভাত বুলিবলৈ পুৱা কেম্পতেই খোৱা ৷ ভোক লাগি থকাটো স্বাভাৱিক ৷ খাই-বৈ লৈ পাকঘৰ সামৰি সোনকালেই শুই থাকিলোঁ ৷ ৰিছাংগাৰিৰ স্বপ্নই মানসপটত থৌকি-বাথৌ লগাই থাকিল ৷
No comments:
Post a Comment