Tuesday, 11 August 2020

৪.৪ ৰিছাংগাৰিৰ বিশেষত্ব আৰু আকৰ্ষণ


মুকলি আকাশৰ তলত ব্যৱস্থা কৰা পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুশৃংখলিত খাদ্যথলীত পুৰুষ-মহিলা আটাইৰে অংশ গ্ৰহণত ১২ বজাত সমভিব্যাহাৰে দুপৰীয়াৰ আহাৰ খালোঁ ৷ বিভিন্নজনৰ সৈতে পৰিচয় হোৱাৰো সুযোগ পালোঁ ৷ ভাত খোৱাৰ পাছত থিয়া-থিইকৈয়ে হাঁহি-মাতি আকৌ অলপ কথা-বতৰা ৷ আমাৰ ধূনা অভিযানটোৱে অনেকৰে মনলৈ অনুসন্ধিৎসা সম্প্ৰসাৰিত কৰিছে ৷ জংঘলত নিশা কটাই অহা বুলি গম পাই কৌতূহলো বৰকৈ বঢ়াইছে ৷ প্ৰশ্নৰ পাছত প্ৰশ্নৰ উত্তৰ দি যাবলগীয়া হল ৷

প্ৰদূষণশূন্য পৰিৱেশ ৰিছাংগাৰিৰ ৷ গম পালোঁ যে ইয়াত আয়োজন কৰা এই সভাৰ কেইদিনত কোনো ধৰণৰ প্লাষ্টিক আনকি বজৰুৱা ডিচপজেবল বস্তুও ব্যৱহাৰ কৰা নাই ৷ প্ৰতিনিধিসকলক ইয়াৰ মানুহে নিজে খেতি কৰা পাহাৰীয়া চাউলৰ ভাত খুৱাইছে ৷ মাছ-মাংসবোৰো বজাৰৰ পৰা কিনি অনা নহয় ৷ গাঁৱৰ পোহনীয়া কুকুৰা, খেনাৰিৰ জীয়া মাছ ধৰি খুৱাইছে ৷ অনুষ্ঠান এটা বা সভা এখন হলেই সচৰাচৰ আমি দেখিবলৈ পোৱাৰ দৰে মিনাৰেল (!) ৱাটাৰৰ বটলৰ পয়োভৰ ইয়াত নাই ৷ নদীৰ পানী বইল কৰি ব্যৱহাৰ কৰিছে ৷ জংঘলৰ খৰিৰে ৰন্ধন কাৰ্য চলাইছে ৷ ডাঙৰ ডাঙৰ পাতত খাদ্য দিছে ৷ বাঁহৰ চুঙাত পানী দিছে, চাহ দিছে ৷ চ'লাৰ লাইটেৰে গাঁওখন পোহৰাইছে ৷ প্ৰতিনিধিসকলৰ একাংশক ঘৰে ঘৰে ৰাখিছে ৷ সমূহীয়া শ্ৰমদান আৰু পৰ্যাৱৰণ-অনুকূল বাস্তৱমুখী ধ্যান-ধাৰণাৰ সম্বন্ধে অৱগত বুলি জনাৰ পাছত স্থানীয় মানুহখিনিলৈ খুব শ্ৰদ্ধা উপজিল মোৰ ৷ পতিয়ন গলোঁ যে ৰেংমা হিলছ্‌ৰ ঘোঁকটৰ অৱস্থান হৈও এইবোৰেই ৰিছাংগাৰিৰ বিশেষত্ব আৰু বিশেষ আকৰ্ষণ, যিবোৰ সজাগতা তথা ব্যৱহাৰোপযোগিতা অন্যফালে নাই বা কম দেখা পাওঁ ৷

আনহাতে, এইটোও দেখি আচৰিত হৈছোঁ যে ইয়াত খেংগাৰ অচিনাকি বুলিবলৈচোন নায়েই ! প্ৰায় সকলোৱেই চিনাকি ৷ প্ৰত্যেকৰে লগতে সি ভাব বিনিময় কৰিছে, মাত দিছে ৷ নিজে একালত শক্তিশালী ৰূপত ডব্লিউ.আৰ.বি.এ.ৰ গুৰিবঠা ধৰা মানুহ ৷ এতিয়া সংসাৰ-ধৰ্মত ব্যস্ত, কাল্‌টিভেটৰ ৷ আত্মনিৰ্ভৰশীল আৰু কাকো খাতিৰ নকৰা স্বাধীন মনৰ গৰাকী বুলি যাক ধৰিব পাৰি ৷

খাদ্যথলীৰ কাষতে ৰিছাংগাৰিৰ একমাত্ৰ শিক্ষানুষ্ঠানখন ৷ এইখন এখন প্ৰাথমিক বিদ্যালয় ৷ থাংচিয়ে কালি অনা ডেস্ক-বেঞ্চবোৰ এই স্কুলখনৰে আছিল ৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৰ বেছি নহয় ৷ তেনেকৈয়ে চলি আছে ৷ স্কুলখন আৰু গিৰ্জাটো, তাৰ বাদে মানুহৰ ঘৰবোৰ ৷ অন্য একোৱেই চকুত পৰা নাই ৷ লেণ্ডস্কেপ কিন্তু বৰ ধুনীয়া ৷

ইয়াৰ পৰা আগলৈ গাঁৱৰ অৱস্থিতি শূন্য ৷ এইখনেই অন্তিম জনপদ ৷ সিমূৰে দেখি থকা লিক্‌টোৰে কইনা বুলনেৰে খেংগাৰ সৈতে কিছুদূৰ আগ বাঢ়ি গ'লোঁ ৷ সিটো প্ৰান্তৰ পৰানো ৰিছাংগাৰিখন কেনেকুৱা দেখি তাকে চালোঁ ৷ উভতি আহি স্কুলৰ বাহিৰত অস্থায়ীভাৱে সজা শিৱিৰত নাগালেণ্ডৰ পৰা অহা চিনাকি মানুহ পোৱাত খেংগাৰ খোজ থমকি ৰল ৷ মোৰ সৈতেও পৰিচয় কৰাই দিলে ৷ ক'হিমাৰ পৰা আহিছে ৷ নাগালেণ্ড পুলিচত চাকৰি ৷ হৰ্নবিল ফেষ্টিভেল, খনমা আৰু ঝুক' ভেলীৰ প্ৰসংগ ওলাল ৷ মই গৈছোঁ বুলি কোৱাত তেওঁ আচৰিত ৷ ক'হিমাত থাকি আজিও হেনো যাব পৰা নাই ঝুক' ভেলীলৈ ৷

বেঞ্চ এখনতে আমি একেলগে বহি লৈ কথা পাতি আছোঁ ৷ এনেতে মাইকত ঘোষণা শুনা পালোঁ যে লটাৰী খেল আৰম্ভ কৰিবলৈ লোৱা হৈছে ৷ কোনোবাই টিকট লব খুজিলে শেষ সুযোগ এটা এতিয়াই ল'ব পাৰে ৷ ইয়াৰ পাছত আৰু নহব ৷ অচিৰেই খেল আৰম্ভ হৈ যাব ৷

প্ৰথমতে বুজিব পৰা নাছিলোঁ ৷ খেংগাৰ মুখেৰে শুনিলোঁ যে ৰিছাংগাৰিৰ গিৰ্জাঘৰটো নিৰ্মাণাৰ্থে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে Charity Lucky Draw এখনৰ আয়োজন কৰা হৈছিল ৷ তাকে এতিয়া অনুষ্ঠিত কৰিবলৈ লৈছে ৷ দেখা পাইছোঁ, মানুহবোৰ যিয়ে য'ত আছিল, ঘোষণাটোৰ পাছতে উৎসাহেৰে চাপি গৈছে সভাগৃহলৈ ৷ পেণ্ডেলৰ সন্মুখত পৰম্পৰাগত বাটচ'ৰা ৷ সন্মুখৰ মুকলি জেগাখিনিয়ে লাকী ড্ৰৰ থলী ৷ 

লটাৰীখনৰ মুখ্য পৰিচালকৰ দায়িত্ব অৰ্পণ কৰা হৈছে ছেমুৱেলক ৷ হাতত মাইক্ৰফোনটো লৈ সি কথা কবলৈ আৰম্ভ কৰি দিছে ৷ কাগজ-কলম লৈ কাষতে অান এজন সহযোগী ৷ নগদ ১০০ টকা দি গগৈ ছাৰে টিকট এটা কাটিছে ৷ আমি দূৰৰ পৰাই দেখি আছোঁ, সকলো গম লৈ আছোঁ ৷ খেংগাই মোক সুধিলে, টিকট লবলৈ মন আছে নেকি আপোনাৰ ? মই উত্তৰ দিলোঁ, ভাগ্য পৰীক্ষা নকৰোঁ, গিৰ্জাৰ নামত এনেয়েই কিবা এটা দান দি থৈ যাম ৷ কথাটো ভাবিয়ে থৈছোঁ ৷

খেলখন আৰম্ভ হোৱাত মজা লওঁ বুলি আমিও জুমটোৰ কাষলৈ গুচি আহিলোঁ ৷ ৰেংমা ৰাইজৰ মাজত সোমাই মুহূৰ্তবোৰ উপভোগ কৰি যাব ধৰিছোঁ ৷ বুকুৰ মাজত কৌতূহল ৷ পুৰস্কাৰনো কি দিব তাকো গম নাপাওঁ ৷

ছেমুৱেলে তৃতীয় পুৰস্কাৰৰ বাবে খেল আৰম্ভ কৰিলে ৷ চশ্বেনলাৰিৰ মহিলা এগৰাকীৰ ভাগ্য ফুলিল ৷ নাম মতাত মুখত এমোকোৰা হাঁহি লৈ তেওঁ আগ বাঢ়ি আহিছে ৷ ইমান পৰে কাষৰ জেওৰাত ওলমাই ৰখা পুৰস্কাৰটি বিজেতাৰ হাতত তুলি দিয়া হল ৷ গোটাই গোটাই গাহৰিৰ পাছঠেংটো গতাই দিয়াৰ পৰত উপস্থিত জনতাৰ মাজত তামাম হাঁহিৰ ৰোল উঠিল ৷ কোনোবাই চিঞৰিলে, পাৰ্টী, পাৰ্টী ৷ তেতিয়াহে জানিলোঁ, চেৰিটী লাকী ড্ৰৰ তৃতীয় পুৰস্কাৰটো আছিল গাহৰিৰ মস্ত পিৰা এটা !

প্ৰাপকক কংগ্ৰেচুলেট কৰি বিদায় দিয়াৰ পাছত এইবাৰ দ্বিতীয় পুৰস্কাৰৰ ভাগ্যৱানজনৰ সন্ধান আৰম্ভ ৷ দ্বিতীয় পুৰস্কাৰটো হৈছে কটা গাহৰিৰ মূণ্ড (সৰু) এটা ৷ জংফাৰ লৰা এটাই পালে এইটো ৷ পুৰস্কাৰ প্ৰদান কৰাৰ সময়ত পুনৰ সমজুৱাৰ কিৰীলি, হাত-চাপৰি ৷ আয়োজকৰ অভিনন্দন ৷

ইয়াৰ পাছত আহিল প্ৰথম পুৰস্কাৰ কটা গাহৰিৰ মূৰ (ডাঙৰ)টোক লৈ ভাগ্য বাছনি ৷ সেইটোও চশ্বেনলাৰিৰ জনৈক ব্যক্তিয়েই নিলে ৷ পুৰস্কাৰ বিতৰণ বেছ জমি উঠিল ৷ এনেকৈয়ে ৰং-ধেমালিৰ মাজেৰে সামৰণি পৰিল বহুপ্ৰত্যাশিত লটাৰী খেলখন ৷ অভাবনীয় মুহূৰ্তবোৰৰ সাক্ষী হ'ব পাৰি নিজৰে ভাল লাগিল ৷

পোৱাজনৰ প্ৰাপ্তিৰ আনন্দ, নোপোৱাজনৰ অপ্ৰাপ্তিৰ বেদনা ৷ তাকে ভাগে ভাগে লৈ মানুহবোৰ পাহাৰ বগাই ঘৰা-ঘৰি গৈছেগৈ ৷ ৰেংমাসকলৰ পৰম্পৰাগত বস্ত্ৰৰ উজ্জ্বলতা আৰু জিলিঙনিত ৰিছাংগাৰিৰ পাহাৰখন ৰঙা-বগা ফুল বছা যেন হৈ পৰিছে ৷ বৰ ভাল লাগিছে দৃশ্যটো চাই ৷

গগৈ ছাৰ আৰু মই পেণ্ডেলটোৰ ভিতৰত এভুমুকি মাৰিলোঁগৈ ৷ পোনে পোনে মঞ্চ এটা আছে ৷ অলপমান দূৰে দূৰে তিনিটুকুৰাকৈ গোটা বাঁহ একেলগে পাৰি দুয়ো কাষে দুশাৰীকৈ বহাৰ ব্যৱস্থা সাজি দিয়া হৈছে ৷ তাৰ দুকাষে হাফৱালৰ দৰে বাঁহৰ বেৰা ৷ ক্ষন্তেক বহিছিলোঁহে, ফটো চেছনৰ কাৰণে মাতিলে ৷ গ্ৰুপ ফটো তোলা হল ৷ পৃষ্ঠপটত পাহাৰৰ গাত চূণ দিয়া শিলগুটিৰ সাজোনেৰে লিখা Welcome to 70th Session ADM 2020, Richangari Baptist Church ৷

ফটো তোলাত অংশ গ্ৰহণ কৰাৰ পাছতে কিছুমানে বিদায় ললে ৷ ইফালে ধূনা সম্পৰ্কীয় কথাবোৰ জানিবৰ বাবে ইচ্ছুক হৈ পৰা পাস্তৰ গোৱাচ চেব্বে'ৰ মতলব বেলেগ ৷ গগৈ ছাৰ আৰু মোক তেওঁ মাতি আনি গিৰ্জাৰ বাৰাণ্ডাত আথে-বেথে বহুৱাই ল'লে ৷ এই সুযোগতে ৰিছাংগাৰি গিৰ্জাৰ পাস্তৰজনৰ হাতত মই গিৰ্জা নিৰ্মাণৰ কামটোলৈ বুলি নিজৰ ফালৰ পৰা সামান্য অৰিহণা অকণমান আগ বঢ়ালোঁ ৷ ধূনা গছকে মুখ্য কৰি অন্যান্য কিছুমান বৃক্ষৰোপণ আৰু বৃক্ষ-অৰ্থনীতি সম্বন্ধে গধুৰ আলোচনা আৰম্ভ হৈছে ৷ প্ৰশ্নও উত্থাপিত হৈছে ৷ আগ্ৰহী আৰু দুই-এক বহিলহি ৷ ছাৰে উত্তৰ দি গৈছে ৷ গোৱাচ'ল' উদ্যমী আৰু উদ্যোগী মানুহ ৷

গিৰ্জাঘৰটোৰ সমীপতে, হোটেলখনৰ পাছফালে, খেনাৰিৰ পাৰলৈ, গৰা এটাত ধূনা গছ এজোপা আছে ৷ খবৰটো পায়ে ছাৰ আৰু মই ঢাপলি মেলিলোঁ ৷ আহিছোঁ যেতিয়া চাই যাব লাগিব ৷ কিছু সময় ধৰি নিৰীক্ষণ চলিল ৷ ওখ-ডাঙৰ গছ ৷ গৱেষকৰ লগত থাকি কৰিবলগীয়াখিনি কৰিহে আজৰি ৷ এনেকুৱাতে দেখা পালোঁ যে পিন্ধি থকা মোৰ চোলাটোৰ সোঁহাতৰ কিলাকুটিৰ আশে-পাশে তেজে কৰ্কৰীয়া মাৰিছে ৷ অলপ আগতে জেওৰাত ভেজা দি বহি ধূনা আলোচনাৰ একান্ত শ্ৰোতা হৈ থাকোঁতে ক'ব নোৱাৰাকৈয়ে গাহৰিৰ তেজ লাগি তেনেই ৰঙা হৈ পৰিল ! পুৰস্কাৰৰ পিৰা আৰু মুণ্ড দুটা সেইখিনিতে ওলমাই থোৱা হৈছিল ৷

খেংগাই ইতিমধ্যে ছিগনেল দি আছিল যে আমি এতিয়া উভতি যোৱা উচিত ৷ দেৰি কৰিলে বাটত মস্কিল হ'ব পাৰে ৷ হাবিতলীয়া ৰাস্তা ৷ বন্দুকো নাই, টৰ্চ লাইটো অনা নাই ৷ সেয়ে তাৰ চিন্তা ৷ আমি ইফালে ৰিছাংগাৰি এৰিবকে খোজা নাই ৷

ঠাই এৰাৰ আগতে গগৈ ছাৰে মিটিংথলীৰ ভৌগোলিক অৱস্থানটো চালে ৷ 26° 16' 50.4" উত্তৰ অক্ষাংশ, 93° 37' 25.5" পূব দ্ৰাঘিমাংশ ৷ হাতত থকা যন্ত্ৰই এইটোও জনালে যে আমি এতিয়া যত ৰৈ আছোঁ, এইডোখৰৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৩১৬ মিটাৰ ৷

প্ৰত্যাৱৰ্তনৰ বেলি হল ৷ আচহুৱা মুহূৰ্ত কিছুমান মনৰ একোণত সযতনে সংৰক্ষণ কৰি, ঘোঁকটৰ সুখ-স্মৃতি কিছুমান হৃদয়ৰ গহ্বৰত আলফুলে সাঁচি-সামৰি, চিনাকি-অচিনাকি প্ৰত্যেকৰে পৰা কৰমৰ্দনেৰে বিদায় মাগি, ঠিক ২.০০ বজাত আমি তিনিও জনাথনৰ গাঁও ৰিছাংগাৰিৰ পৰা যাওঁ কি নাযাওঁ খোজেৰে উভতিলোঁ খেংগাৰ গাঁও খেনাৰিলৈ ৷

No comments:

Post a Comment