Thursday, 30 July 2020

২.৬ বনৰীয়া হাতীৰ বিভীষিকাৰ মাজেৰে কেম্প পালোঁহি


বৰ থিয় গৰা এটা উঠিবলগীয়া হল পদযাত্ৰাটোৰ আৰম্ভণিতেই ৷ অথনি যিমান নামিছিলোঁ, সেইটো ঢালতকৈও এইটো ঢালৰ উচ্চতা বেছি বুলি সহজেই পতিয়ন গৈছোঁ ৷ বেত আৰু ওখ গছ কিছুমানৰ ফাঁকে ফাঁকে সৰ্পিল ট্ৰেকেৰে একেৰাহে অগ্ৰসৰ কৰোৱাই আমাৰ পথ প্ৰদৰ্শকদ্বয় ক্ৰমে গোৱানিনল আৰু ৰাজুৱে ধূনা গছ এজোপাৰ ওচৰ পোৱালে ৷ ওপৰলৈ এবাৰ খুব মনোযোগেৰে লক্ষ্য কৰি ডক্টৰ গগৈ ছাৰে লগত থকা ফিটাৰে গা-গছৰ জোখ লব ধৰিলে ৷ ধূনাগুটি কিছুমান সিঁচৰতি হৈ পৰি আছিল ৷ লগে লগে বুটলি ছাৰক কেইটামান দিয়াৰ লগতে কেইটামান নিজৰ কাৰ্গৰ পকেটতো ভৰাই লৈছোঁ ৷ বাটে বাটে চোবাই যাব লাগিব ৷ ধূনাগুটি খাই পাছত পানী খালে মিঠা মিঠা লাগে ৷ ছাৰে তথ্যবোৰ নোটবুকত টুকি আছে ৷

ধূনাজোপাৰ কাষতে আন গছ এজোপাৰ ওপৰত সাজি থোৱা অৱস্থাত এখন চাং ৷ গুটি খাবলৈ অহা পহু মাৰিবলৈ বেতকটীয়া চিকাৰীহঁত তাতে উঠি লয় আৰু খাপ পাতি ৰয় ৷ আজিকালি পহুকেইটা বৰ সিয়ান হৈ গৈছে ৷ ৰাজুৱে কথা প্ৰসংগত সজোৰে প্ৰকাশ কৰিলে ৷ সিহঁতৰ চিকাৰৰ মজাদাৰ খণ্ড-কাহিনী শুনি শুনি উঠি গৈ থাকিলোঁ ৷

কিছু সময়ৰ অন্তত লুংলুঙীয়া বাটটো মুকলি জংঘলী ৰাস্তা এটাত মিলিল ৷ ধাৰণা হল যে এইটো আমি অথনি গাড়ীৰ পৰা নমাৰ পাছত খোজ লৈ আহি থকা ৰাস্তাটোৰেই অৱশিষ্ট হব ৷ তেতিয়া আমি এঠাইৰ পৰা ফালৰি কাটি তলত থকা কেম্পলৈ নামি দিছিলোঁ ৷ সেই ৰাস্তাটোৱেই পাক মাৰি এইখিনিত ওলাইছেহি নিশ্চয় ৷ একালৰ কুন্দা টনা ৰাস্তা ৷ এতিয়া ট্ৰাকৰ চলাচল নাই ৷ ৰাস্তাৰ ওপৰত গছ-বন গজি গৈছে ৷ ঠায়ে ঠায়ে বৰষুণে খহাই নিছে ৷ বেত কঢ়িওৱা বলেৰ পিক্‌-আপ্‌ এই অংশলৈ নাহে ৷ মন কৰিলোঁ যে লাহে লাহে বেত গছবোৰো অন্তৰ্ধান হল ৷

অলপ দূৰ গৈ থকাৰ পাছত ৰাস্তাটো বাদ দি গাইডে বাঁওহাতে সুমুৱাই নিলে আমাক ৷ আকৌ লুংলুঙীয়া আৰম্ভ ৷ উঠা-নমা, খলা-বমা ৷ অলপ আগতে আৰোহণ কৰা পাহাৰটোৰ বিপৰীত ঢাল এইটো ৷ হাতীৰ খোজ, হাতীয়ে মহতিয়াই থোৱা গছ-গছনি বাটে বাটে পৰিলক্ষিত হৈছে ৷

আমাৰ খোজবোৰ আগতকৈ অধিক সাৱধানী হৈ পৰিল ৷ আগে-পাছে বন্দুকধাৰী ৷ মাজত গগৈ ছাৰ আৰু মই ৷ কেউপিনে সজাগ দৃষ্টি ৷ উশাহত কিবা বেলেগ গোন্ধ পোৱা যায় নেকি ? তাৰো খেয়াল ৰখা হৈছে ৷ অৰণ্যত পিট্‌পিটাই ফুৰোঁতে প্ৰতি মুহূৰ্ততেই সজাগ হৈ থকাটো নিয়মৰ কথা ৷ অন্যথা অনাকাংক্ষিত কিবা ঘটিব লাগিলে থৰ-কাছুটি এৰিব লাগিব ৷

দ ঠাই এটুকুৰা তৰা গছেৰে ভৰি আছে ৷ কাষে কাষে পাৰ হৈ থাকোঁতেই ৰাজুৱে কলে, ঘূৰি যাওঁতে পাত কিছুমান সংগ্ৰহ কৰি নিব লাগিব ৷ ভাত খাওঁতে প্ৰয়োজন ৷ কেম্পত পাত কম আছে ৷ তাতে আমাৰ আজি ৩জন আলহীও আছে ৷ৰাজুৰ চিন্তাটো ভাল লাগিল ৷

২ মান বাজে ৷ হঠাতে কি হলজানো ! দলটোৰ সন্মুখত থকা ৰাজু আৰু খেংগা মুহূৰ্ততে সষ্টম হৈ পৰিল ৷ সিহঁতৰ শৰীৰৰ ভাষালৈ চাই বুজি উঠিলোঁ যে কিবা এটা ওলাইছে ৷ পাছলৈ চাই ফুচ্‌ফুচাই কলে, হাতী, হাতী ৷ হঠাতে এনেকৈ শুনা পাই এনে লাগিল যেন গাৰ কাষতে বনৰীয়া হাতী উপস্থিত ! ৰাজুৱে সিটো ঢাললৈ আঙুলিয়াই দেখুৱাইছে ৷ দেখা পাইছোঁ, তলৰ পৰা উঠি যাব ধৰিছে প্ৰকাণ্ড বনৰীয়া হাতী এটা ৷ আমি কেউটাই এইফালে শাৰী পাতি ৰৈ ললোঁ ৷ স্পষ্টকৈ দেখা পাই আছোঁ ৷ কেতিয়াও নেদেখা দৃশ্য ৷ এঢলীয়াৰে হাতীটো উঠি গৈ আছে ৷ ৰাজু আৰু গোৱানিনলই তাক জোকাবলৈ চেষ্টা কৰি শব্দ কিছুমান কৰিব ধৰিলে ৷ গজেন্দ্ৰই ঠাইতে ৰৈ আমাৰ পিনে চালে ৷ মোৰ আকৌ, লগত পোৱালি এটা থকাযেনো লাগিল ৷ এনেয়ে হ'লে হাতী শান্তিপ্ৰিয় জীৱ ৷ পোৱালি থাকিলে খঙাল হৈ উঠিব পাৰে ৷ কিয় জোকাইছ বুলি খেংগাই ইহঁতক ধমক লগালে ৷ কেনি যায় চুপ-চাপ চাই থাকিবলৈ কলে ৷ ততাতৈয়াকৈ সেইফালে পোনাই মই কেমেৰাত ব্যস্ত হৈ পৰিলোঁ ৷

ইহঁত দুটা পিছে মনে মনে নাথাকিল ৷ হাত-চাপৰি বজাই, অত-তত গছে-পাতে কোবাই, হেই হেই কৰি হাতীটোক হুৰাব ধৰিলে ৷ গুলী ফুটাই দিওঁ নেকি বুলিও কোৱা শুনিলোঁ ৷ অলপ পৰ ৰৈ দিয়া হাতীটো এতিয়া এঢলীয়াৰে আকৌ উঠি গৈ আছে ৷ মানুহেই ইমান বেগেতে উঠিব নোৱাৰিব কিজানি ৷ সেইহেন থিয় গৰাটো ইমান প্ৰকাণ্ড শৰীৰটোৰে কেনেকৈনো ঘপাঘপ উঠিল, নিজ চকুৰে দেখি তবধ মানিলোঁ ৷ আমি লক্ষ্য কৰি থাকোঁতেই জংঘলৰ মাজত লুকাই পৰিলগৈ ৷ অভয়াৰণ্যত, চাহবাগিচাৰ ভিতৰত, হাইৱেত, গাঁৱৰ মাজত সোমোৱা বনৰীয়া হাতী এটা-দুটা নহয়, জাক পৰ্যন্ত দেখিছোঁ ৷ কিন্তু এনেকৈ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত গজেন্দ্ৰৰ মুক্ত বিচৰণ পূৰ্বতে কাহানিও দেখা নাছিলোঁ ৷ মনে মনে ভয় লাগিল যদিও বিৰল দৃশ্য কিছুমান উপভোগ (!)ৰ সৌভাগ্য লভিলোঁ ৷

হাতীটো নেদেখা হ'লত সংশয় মনত লৈ আগ বাঢ়িলোঁ ৷ আকৌ এয়া কি দেখিছোঁ ? আগতচোন খোজেই খোজ ৷ পিছল খোৱা খোজ, খোজভৰ্তি পানীৰ ডোঙা, বিষ্ঠা ৷ এইবোৰ দেখা পাই দাঁতি-কাষৰতে হাতী মনে মনে ৰৈ আছেহি যেন ভাব এটাই ক্ৰিয়া কৰিব ধৰিলে আৰু আগতকৈ অধিক ভীতিৰো সঞ্চাৰ কৰিলে ৷ হলেও অৰণ্যৰ শান্তি বিঘ্নিত নকৰি সন্তৰ্পণে আমি গৈ থাকিলোঁ ৷

এঠাইত পুনৰ বিপদে লম্ভিলে ৷ ৰাস্তা হেৰাই থাকিল ! ডাঠ হাবি ফালি আগুৱাই নিছিল যদিও অলপ পাছতে আমি সন্ধানত অহা পুং সেইফালে নহয় বুলিহে প্ৰতিপন্ন হল ৷ ঘূৰি আহিলোঁ ৷ এইবাৰ অইন এফালে নিলে ৷ সিফালেও নহয় ৷ পৰুৱাই পালে নেকি ? ভাগ্য ভাল, তাৰ পাছত বাঁওদিশেৰে ধাৱমান হৈ গৈ গৈ মুকলি আকাশৰ তলত ওলালোঁহি ৷

কেউফালে ওখ ঘাঁহনি ৷ ঘাঁহবোৰ শুকাই ৰঙচুৱা হৈ পৰিছে ৷ নলা এটাৰে পানী বৈ আছে ৷ মাজত মুকলি অঞ্চল এটা ৷ তালৈকে আগ বঢ়াই নিয়া হৈছে আমাক ৷ বোকাময় বাট ৷ বিভিন্ন জন্তু-জানোৱাৰৰ খোজ, কেঁকোৰা গাঁত ইত্যাদি পৰিলক্ষিত হৈছে ৷ কিবা লুকাই থাকিলেও ক'ব নোৱাৰি ৷ দুপিয়াই, জঁপিয়াই কোনো ৰকম আহি পালোঁ ৷ এয়াই পুং ৷ আহল-বহল, জলাশয়সদৃশ জেগা এটুকুৰা ৷ আগতকৈ বাম হৈ পৰিল বুলি খেংগাই পুৰণা অভিজ্ঞতাৰ ভিত্তিত কলে ৷ পানী এতিয়া তেনেকৈ নাই ৷ এলেকাটো বোকাময় হৈ আছে ৷ বাৰিষা পুখুৰী হৈ পৰিব ৷ অলপ আগতে দেখা নলাটোৰ পানীভাগ ইয়াৰ পৰাই ওলাই বৈ গৈছে ৷ ম্যানমাৰৰ অন্তৰ্ৱৰ্তী লে'ক অফ্‌ ন' ৰিটাৰ্ণ নামে প্ৰসিদ্ধ নংয়্যাং হ্ৰদটোত দেখা, খোজ দিলে সোমাই যোৱা ভেৰ বা লেপ্‌লেপীয়া বোকাৰ অনুৰূপ যেন লাগিল এই পুঙৰ বোকাবোৰো ৷

চলতি শব্দত পুং বোলা এইখিনিক ৰেংমা দোৱানত Hikhangphend বোলে ৷ Beng Pukhuri বুলিও কয় ৷ খেংগাই ক'লে ৷ লক্ষ্যস্থান পাই চৌদিশে দৃষ্টি সম্প্ৰসাৰিত কৰি ভালকৈ চাই লোৱাৰ পাছতে বহিলোঁ এখন্তেক ৷ দূৰত সেউজীয়া ৰেংমা পাহাৰে দেখা দি আছে ৷ জলাশয়টোৰ সিপাৰে ডাঙৰ ডাঙৰ গছ কিছুমান ৷ খেংগাহঁতে আগতে তাতে চাং পাতি পুঙত পানী খাবলৈ অহা জন্তু গুলীয়াই মাৰিছিল ৷ সেই অভিজ্ঞতাপূৰ্ণ কাহিনী শুনিলোঁ ৷ হাতত বন্দুক, খুকুৰি লৈ কেইখনমান ফটোও তোলা হল পুঙৰ কাষত ৰৈ ৷ গগৈ ছাৰে উচ্চতা জুখিলে ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৮৬৬ মিটাৰ পোৱা গ'ল ৷

মাজতে কি মন গল জানো, খেংগাই ওচৰতে থকা শুকান ঘাঁহ কিছুমানত জুই লগাই দিলে ৷ ফৰ্‌ফৰ্‌ শব্দ তুলি জ্বলিব আৰম্ভ কৰিলে ৷ অগ্নিৰ প্ৰকোপ ক্ৰমাৎ বাঢ়ি গ'ল আৰু ক্ষন্তেকতে এছোৱা পুৰি ভষ্ম হৈ থাকিল ৷ কুকুহাও উৰিল ৷ বনজুইৰ দৰে যাতে বিয়পি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব নোৱাৰে তাৰ প্ৰতি সজাগ থাকি সোনকালেই চবেই লাগি-ভাগি জুই নুমুৱাই পেলালোঁ ৷

৩ বাজি ১০ মিনিট গৈছে ৷ পুঙৰ পৰা উভতিবৰ হল ৷ কথা পাতি পাতি আহি আছোঁ ৷ হঠাতে এঠাইত গৰাৰ তলত মৰ্‌মৰণি শুনা পালোঁ ৷ 'হাতীয়ে বাঁহগছ ভাঙিছে ৷ অথনিৰ হাতীটোৱেই ঘূৰি পকি এইখিনি পালেহি ৷' গোৱানিনলই এইদৰে মন্তব্য কৰিলে ৷ আৱাজবোৰলৈ চাই লগত আৰু থাকিব পাৰে বুলিও কলে ৷ ইহঁত জংঘলত অহা-যোৱা কৰি থকা, গতি-গোত্ৰ জনা মানুহ ৷ আমি হলোঁ এদিনীয়া ৷

আকৌ হাতী ! শুনিয়েই পেটত হাত-ভৰি লুকাবৰ উপক্ৰম কৰিলে ৷ এতিয়া এইখিনি পাৰ হওঁ কিদৰে ? বন্দুকধাৰী ৰাজু আৰু গোৱানিনল আগে আগে আছিল ৷ সিহঁত দুটা পাৰ হৈ গল ৷ সিহঁতৰ পৰা কেইমিটাৰমান নিলগত গগৈ ছাৰ আৰু মই ৷ আমাৰ পাছত খেংগা ৷ খেংগাৰ লগতো বন্দুক আছে ৷ চাওঁতে চাওঁতে মৰ্‌মৰণি বাঢ়ি আহিল ৷ এইফালে আমাৰো দৌৰা-দৌৰি লাগি গল ৷ বন্দুক হাতত লৈয়ে কুঁজা হৈ খেংগাই দৌৰিব আৰম্ভ কৰি দিলে ৷ আমিও দৌৰিছোঁ যদিও পাছ পৰি গলোঁ ৷ মই সবাতোকৈ পাছত ৷ হাতীয়ে খেদিলে কি কৰিব লাগে নাজানো ৷ তথাপি সাহস কিছু গোটাই মাজে মাজে পাছলৈ মন কৰি দৌৰি আছোঁ যাতে সোনকালে এক নিৰাপদ দূৰত্বত উপস্থিত হওঁ ৷ হাতী ওলাই আহে নেকি তাকো চোৱাৰ হেঁপাহ !

বিপদসীমাৰ বাহিৰ পালোঁহি যদিও কোনো ৰৈ থকা নাই ৷ হাতীৰ সৈতে দূৰত্বটো যিমান পাৰি বঢ়াই দিয়া উচিত ৷ আৰু ক'ৰবাত মনে মনে ৰৈ আছে নেকি ? চৌপাশলৈ চোকা নজৰ ৰাখি গৈ আছোঁ ৷ গগৈ ছাৰে খেংগাৰ কথা কৈ ৰগৰ কৰিলে, খেংগাদাই হাতত বন্দুকটো থাকিও আমাক সুৰক্ষা দিব কি, নিজেহে তৰা-নৰা ছিঙি পলালে ৷ আমি অস্ত্ৰবিহীন অহিংস দুটাই পাছ পৰি গৈও ধৈৰ্য, সাহস আৰু নিৰৱতা অৱলম্বনেৰে বিভীষিকাৰ মাজৰ পৰা ওলাই আহিব পাৰিলোঁ যেনিবা ৷

না বনৰক্ষী না বনকৰ্মী ৷ বনৰীয়া হাতীৰ পৰা বাচিবলৈ কি কৰিব লাগে নাজানো ৷ প্ৰশিক্ষণো নাই ৷ ইফালে হাতী হৈছে মগজুধাৰী বুধিয়ক প্ৰাণী ৷ বৃহৎ দেহটোৰেও ঘণ্টাত ৩৫-৪০ কিলমিটাৰ বেগেৰে যাব পাৰে বুলি পঢ়িবলৈ পাইছিলোঁ ৷ কালৈকো নোচোৱাকৈ গগৈ ছাৰে প্ৰশ্ন কৰিছে, হাতীয়ে পাছে পাছে খেদি আহিলে কি কৰিব লাগে ?উত্তৰ কোনেও দিয়া নাই ৷ এঢলীয়াৰে নামি দিম বুলি মনে মনে ভাবি থৈছিলোঁ মই ৷ মই এইদৰে কলোঁ ৷ শুদ্ধ-অশুদ্ধ নাজানো ৷ আকৌ অন্য ধৰণেও ভাবিছোঁ যে হাতীৰ কাৰণে আমি একো অসুবিধাৰ সৃষ্টি নাই কৰা ৷ আঘাত নাই কৰা ৷ খং উঠাৰ ইংগিতো নাই পোৱা ৷ এনেস্থলত খেদি আহিবজানো ? সিও এটা কথা ৷ পিছে এনে প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ যোৱাতকৈ নিজে নিজৰ অৱস্থান সুৰক্ষিত কৰাটোহে উত্তম ৷

তৰা পাত ভৰি থকা সেমেকা জেগাডোখৰ পালোঁহি ৷ খেংগা আৰু গোৱানিনলই পাত কাটিব ধৰিলে ৷ ৰাজুৱে বন্দুক লৈ পহৰা দি থাকিল ৷ বহল ৰাস্তাৰ পৰা কেম্পৰফালে অহা লুংলুঙীয়াটো পাওঁতে ৰাজু আৰু গোৱানিনলই বাটটো বুজাই দি আমাৰ লগ এৰিব খুজিলে ৷ সিহঁতে কেটেলা পহু চিকাৰ কৰিব ৷ বাটত হেনো দেখা পাই আহিছে ৷ সময়টোও চিকাৰৰ অনুকূল ৷ ৰাস্তা চিনি নাপাওঁ বুলি কৈ গোৱানিনল'ক কেম্পৰ ওচৰৰ নিৰাপদ দূৰত্বলৈকে লগত লৈ আহিলোঁ ৷ ৰাজু তাতে অকলে অকলে বহি থাকিল ৷ গোৱানিনল'ই ওপৰৰ পৰা চিঞৰ মাৰি মতাত কেম্পৰ পৰা হাতত বন্দুক লৈ প্ৰেম দৌৰি আহিল ৷ খৰখেদাকৈ সিহঁত চিকাৰলৈ গুচি গ'ল ৷ খেংগা, গগৈ ছাৰ আৰু মই অৱশিষ্ট দূৰত্বকণ অতিক্ৰমৰ বাবে লুংলুঙীয়াত সোমাই পৰিলোঁ ৷

শিৱিৰ পাওঁহিমানে ৪.৩০ বাজিল ৷ পৰম্পৰা অনুসাৰে হাতী হৈছে শুভৰ প্ৰতীক ৷ কেম্পত ভাত-পানীৰ দিহাত ব্যস্ত থকা জিতেন, ৰাজ, চিয়নহঁতে যেতিয়া শুনিলে যে আমি যাওঁতেও বনৰীয়া হাতী পালোঁ, আহোঁতেও পালোঁ, তেতিয়া জিতেনে কৈ উঠিল, আপোনালোকে এদিন আহিয়ে ভাল অভিজ্ঞতা লভিলে ৷ যাত্ৰাটো সফল হোৱাত আটাইৰে মুখত হাঁহি বিৰিঙিল ৷

Wednesday, 29 July 2020

২.৫ শিৱিৰত এখন্তেক ৰৈ ওলালোঁ পুং চাবলৈ


জংঘলী শিৱিৰটোৰ তিনিটা ফাল উন্মুক্ত ৷ এফালে বেতৰ পাত কিছুমান গুজি বেৰৰ দৰে কৰি ৰখা হৈছে ৷ তলত পলিথিনৰ শ্বিট ৷ তাৰ ওপৰতে ঢলা-বিচনা ৷ তাতে বেগ, কম্বল, কাপোৰ-কানি ইত্যাদি দম খাই পৰি আছে ৷ সেমেকা, নিৰ্জন ঠাই ৷ শীতৰ মাত্ৰা খেনাৰিতকৈ অধিক ৷ চৌপাশে ওখ গছ, আৰু বেতনি ৷ পাছফালে নলা ৷ এটা ব্যতিক্ৰমী পৰিৱেশ ৷

ওপৰৰ পৰা নামি থাকোঁতেই অত-তত বেত কাটি থকা ডেকা কেইজনমানক দেখা পাইছিলোঁ ৷ আটায়ে খেংগাৰ চিনা-জনা ৷ সিহঁতৰে কেম্প এইটো ৷ মুঠতে ৬জন থাকে ৷ ইয়াত বেত কটা কাম শেষ হৈ গল ৷ কাইলৈ কেম্পটো এৰি দিব ৷ আমাৰে কিনো সৌভাগ্য যে শেষ ৰজনীৰ অতিথি হবহি পাৰিলোঁ ৷ এদিন পলম কৰা হলেই আশা, ইচ্ছা চব চেঁচাপানী হলহেঁতেন ৷

চালিখনৰ কাষত উপস্থিত হোৱাৰ পাছতে সোধ-পোছ নাই, ৰাক্‌ছেক্‌ নমাই লাং খাই পৰি দিলোঁ ঢলা-বিছনাত ৷ কঠিন মাটিৰ ওপৰত কেৱল প্লাষ্টিক এখন ৷ তাৰ ওপৰতে কেইমিনিটমানৰ বাবে জিৰণি ৷ দীঘল দীঘল উশাহ টানিছোঁ, এৰিছোঁ ৷ ওপৰলৈ চাই চাই ভাবিছোঁ, আজি আমাৰ এয়াই আশ্ৰয়থলী, এই বিচিত্ৰ তামীঘৰা ৷ অত-তত কিবা-কিবি ওলমাই ৰাখিছে ৷ সকলো অস্থায়ী ৷ চিজিল বুলিবলৈও একো নাই ৷

অলপ পাছতে বেতকটীয়াকেইজন আহি ওলাল ৷ গোৱানিনল নন্দু, প্ৰেম চুব্বা, জিতেন বড়ো, ৰাজু তাঁতী, ৰাজ ভগত, চিয়ন মুন্দা ৷ দেখাতেই পৰিশ্ৰমী ৷ প্ৰত্যেকেই দা আৰু বন্দুক সমানে চলাব জানে ৷ চিনাকি হোৱাৰ লগতে গৰম লালচাহত চুমুক দি থাকি আলোচনা আৰম্ভ হল ধূনা গছৰ সম্বন্ধে ৷ গগৈ ছাৰৰ প্ৰশ্নৰ উত্তৰত কোনফালে কোনখিনিত গছ দেখা পাইছে মনত পেলাই পেলাই আঙুলিয়াই আঙুলিয়াই কৈ গল প্ৰেম চুব্বাই ৷ সহযোগ কৰিলে বাকী সকলোৱে ৷ কষ্ট কৰি আহি ধূনা গছ পাম ৷ সম্ভাৱনাটোৱে আমালৈ প্ৰচুৰ সুখ কঢ়িয়াই আনিলে ৷

আচৰিত হলোঁ যে ঘন অৰণ্যৰ মাজত হলেও ঠাইবোৰৰ স্থানীয় লোকে দি লোৱা নাম একোটা আছে ৷ এইখিনিক Rongkubeng বুলি কোৱা হয় ৷ শিলনিজানৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ৫ কিলমিটাৰ হৈ যাব ৷ তাৰ মানে খেংগাৰ ঘৰৰ পৰা আমি প্ৰায় ১৮ কিলমিটাৰ আগ বাঢ়ি আহিলোঁ ৷ গগৈ ছাৰৰ যন্ত্ৰই জনাই দিলে যে সমুদ্ৰপৃষ্ঠৰ পৰা এই ৰংকুবেঙৰ উচ্চতা ৯২৮ মিটাৰ ৷

বেতকটীয়াসকলক সোধা হল, এই হাবিত ইমানদিনে থাকি কি কি জন্তুৰ মুখামুখি হৈছে বা দেখা পাইছে তেওঁলোকে ? উত্তৰ আহিল- বাঘ, ঘোং, ভালুক, পহু, জহামাল, কেটেলা, বন-কুকুৰা, হাতী আদি আছে ৷ লগতে উৎসাহেৰে কলে, ইয়াত থাকিলে ঘৰতকৈও বেছি মাংস খোৱা হয় ৷ বেত কটা, চিকাৰ কৰা আৰু খোৱা ৷ এইকেইটাই কাম ৷ এদিন চিকাৰ কৰিলে ডেইলী মাংস খাবলৈ পোৱা যায় ৷ প্ৰত্যেক সাঁজতে মাংস ৷ খাই খাই আমুৱাই গৈছে ৷জুইৰ ওপৰত শুকুৱাই থোৱাকেইটা কি প্ৰাণী বুলি সোধাত কেটেলা বুলি কলে ৷ মানে কেটেলা পহু ৷ অনেক আছে হাবিখনত ৷ বাঘ দেখা নাই ৷ কিন্তু খোজৰ চিন পোৱা গৈছে ৷ গতিকে বন্দুক ইয়াত চিৰসংগী ৷ বেত কাটি থাকোঁতেও বন্দুক লগত থাকে ৷

এইবাৰ জানিব বিচৰা হল, ওচৰতে চাবলৈ যাব পৰা অন্য এনে কি আছে, যলৈ এতিয়াই যাব পাৰি আৰু আন্ধাৰ হোৱাৰ আগতে ঘূৰি আহিব পাৰি ? উত্তৰত কলে যে পুং বুলি এটুকুৰা ঠাই আছে ৷ জংঘলী ৰাস্তাৰে ইয়াৰ পৰা ৫ কিলমিটাৰমান হব ৷ পুং হল জীৱ-জন্তুৱে পানী খাবলৈ অহা ঠাই ৷ চিকাৰৰো ঠাই ৷ খেংগা আগতে গৈছে ৷

১.৩০ বাজিবৰ হৈছেহি ৷ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত হল যে আমি এতিয়াই পুং চাবলৈ যাম ৷ বাটত ধূনা গছো চাম ৷ খৰধৰকৈ প্ৰস্তুত হৈ গলোঁ ৷ খেংগা, গগৈ ছাৰ, গোৱানিনল, ৰাজু আৰু মই ৷ ৫জনীয়া দলটোত তিনিটা বন্দুক, দা-খুকুৰি আৰু লাঠী ৷ গগৈ ছাৰৰ পিঠিত সা-সৰঞ্জামৰ বেগ ৷ মোৰ ডিঙিত কেমেৰা ৷ বেতনিৰ মাজে মাজে আকৌ আমাৰ খোজ আৰম্ভ হল, আগৰ ভাগৰ পাহৰি ৷

Tuesday, 28 July 2020

২.৪ বেতকটীয়াৰ কেম্প পালোঁহি


লাহে লাহে আৰু হালি-জালি চলি থকা গাড়ীখনৰ ভিতৰত কথা পাতি পাতি গৈ আছিলোঁ ৷ আমি ডিফুৰ পৰা ধূনা গছৰ সন্ধানত অহা বুলি গম পাই গাড়ীচালক বাবু টেৰণ ভীষণ উৎসুক হৈ পৰিল ৷ বিভিন্ন কথা সোধাৰ পাছত অলপ আগত ৰাস্তাৰ দাঁতিতে ধূনা গছ এজোপা আছে বুলি জনালে ৷ আহোঁতে-যাওঁতে প্ৰতিবাৰেই দেখা পাই থকা গছ ৷ বনাঞ্চলৰ অভ্যন্তৰত ধূনা গছ কত কত আছে তাৰ সম্ভেদ তাত থকা বেতকটীয়াবোৰে নিৰ্ভুলভাৱে দিব পাৰিব বুলি তেওঁ সজোৰেই জনালে ৷ কাৰণ, জংঘলত সিহঁতেহে বেছিকৈ পিট্‌পিটাই ফুৰে ৷ আশাৰ এক ৰেঙণিয়ে তৎমুহূৰ্ততে গগৈ ছাৰৰ চকু-মুখ উজলাই পেলালে ৷

নেটৱৰ্ক পইণ্ট এৰি এইদৰে ২০ মিনিটমান যাত্ৰা কৰা হৈছে ৷ ৰাস্তাৰ বাঁওহাতে গৰাৰ ওপৰত থকা ধূনাজোপা ক্ৰমান্বয়ে চাপি আহিল ৷ কাষ পাওঁতেই টেৰণে ব্ৰেক মাৰিলে ৷ এইখিনিৰ পৰা ৰাস্তাটো সামান্য ওপৰলৈ উঠিছে ৷ আমাৰ গাড়ীখন ৰৈ যোৱা দেখি পাছৰ দুখনো আপোনা-আপুনি ৰৈ গল ৷ চালক আৰু গগৈ ছাৰৰ লগতে চাপি গলোঁ ময়ো ৷ খেংগা আৰু পাছফালৰ চালককেইজনো আহিল আমাৰ ওচৰলৈ ৷ গছজোপাৰ নিৰীক্ষণ চলিব ধৰিলে ৷ সদায় আগেদিয়েই পাৰ হৈ যোৱা-অহা ৷ এই গছজোপাযে বিশেষ মনোযোগৰ কাৰণ হৈ উঠিব পাৰে গাড়ীচালকসকলে ভাবিব নোৱাৰা কথা ৷ সেয়ে কৌতূহল আটাইৰে বাঢ়িল আৰু গগৈ ছাৰৰ সোঁৱে-বাঁৱে থিয় দিলেহি ৷ গা-গছত আগতে কোনোবাই মৰা ঘাপ কিছুমান দেখা গৈছে যদিও ক্ষৰণ সিমান হোৱা নাই ৷ ছাৰে নখেৰে চিকুটি, ছুৰীৰে ঘুঁকুটিয়ায়ো চালে ৷ বেছিকৈ খুন ওলোৱা গছ লাগিলে জংঘলৰ ভিতৰতহে পাব ছাৰ ৷ এজনে প্ৰচণ্ড আত্মবিশ্বাসেৰে মন্তব্য কৰিলে ৷ হেঁপাহত গগৈ ছাৰৰ মুখত হাঁহি বিৰিঙি উঠিল ৷

দুপৰীয়া ১২ বাজোঁ বাজোঁ ৷ হঠাতে ৰাস্তাটো দুভাগত বিভক্ত হল ৷ এতিয়া কোনফালে পিছে ? গাড়ীখন সোঁহাতে সোমাল ৷ সিহঁতৰ কেম্প সেইফালে আছে ৷ এনেতে পাছফালৰ পৰা মৰা বিকট হৰ্নৰ আৱাজ শুনা পাই চালকে ব্ৰেক ধৰিলে ৷  খেংগা নামি আহিছে ৷ আমি যাব লাগিব বাঁওফালে ৷ ফলাফল, ছাৰ আৰু মই নামিব লাগিল ৷ গাড়ী ইমানতে বিদায় ৷

ঠিকেই আছে ৷ আপত্তিৰ প্ৰশ্ন নাই ৷ বৰং ভালহে লাগিছে ৷ এইখিনিৰ পৰা খোজ কাঢ়িবলৈ পাম ৷ পিঠিত ৰাক্‌ছেক্‌ লৈ সাজু হলোঁ ৷ কেম্প আগত আছে বোলে ৷ কিমান দূৰ নাজানো ৷ পদযাত্ৰা আৰম্ভ কৰাৰ আগতে খেংগাই গাড়ীচালকহঁতৰ সৈতে কথা পাতিলে ৷ কাইলৈ কিমান সময়ত কত সিহঁতৰ সাক্ষাৎ পোৱা যাব এৰা-এৰি হোৱাৰ পূৰ্বেই জানি-বুজি নললে ইয়াত কোনো প্ৰকাৰেই সংযোগ পাবলৈ নাই ৷ খোজ কাঢ়িব লাগিব খেনাৰিলৈকে ৷ সিফালৰ পৰা উত্তৰত কি কলে, কি বুজিলে সেয়া খেংগাইহে জানে ৷ আমি নিজবাটে ৰাওনা হ'বলৈ সাজু হলোঁ ৷

একালত জংঘলৰ পৰা কাঠ টানিবলৈ উলিওৱা ৰাস্তা ৷ ৬ চিলিণ্ডাৰযুক্ত শক্তিমান ট্ৰাক চলিছিল ৷ এতিয়া নচলে ৷ ঠায়ে ঠায়ে সেমেকা ৷ বোকা ফালি অগ্ৰসৰ হৈছোঁ ৷ দীঘল কাক-বাঁহ এডাল পৰি থকা দেখা পাই খেংগাই লগত থকা খুকুৰিৰে সমানে দুছোৱা কৰিলে ৷ এটুকুৰা নিজে আৰু আন টুকুৰা গগৈ ছাৰে কান্ধত তুলি লৈছে ৷ ভাত-দাইল ৰান্ধিবলৈ, পানী ভৰাবলৈ ভাল হব, যিহেতু পাবটোহঁত ডাঙৰ আৰু ফোঁপোলা ৷ চুঙাত ৰন্ধা আহাৰৰ সোৱাদেই বেলেগ ৷ তেনে অভিজ্ঞতা পুনঃ পুনঃ লবলৈ মনটো লক্‌লকাই থাকে ৷ দেখিছোঁ এইফালে বাঁহগছৰ অভাৱ নাই ৷ ইফালে আমিও, চাউল-দাইল লগত আনিছোঁ যদিও বাচন-বৰ্তন অনা নাই ৷ গতিকে চুঙাতেই কামটো হব লাগিব ৷

আচৰিত নহৈ নোৱাৰিলোঁ যে হাবিতলীয়া সৰ্পিল ৰাস্তাটোৰে উঠি-নামি ২০ মিনিটমান গৈ থকাৰ পাছত হঠাতে বাঁহগছবোৰৰ অস্তিত্ব নাইকিয়া হল ! বিভিন্ন প্ৰকাৰৰ সৰু-বৰ গছ-গছনিৰ পয়োভৰ আহিল ৷ নিৰ্জন হাবি ৷ হাবি ডাঙৰ হৈ আহিল ৷ ক'ৰবাত ্অচিন চৰাইৰ একোটা মাত ৷ জয়াল জয়াল অনুভৱে মনত ঠাই ল'লেহি ৷

আগ বাঢ়ি থাকি এঠাইত পালোঁ, এগালমান বেত ৰাস্তাটোতে পথালিকৈ পেলাই ৰাখিছে ৷ আৰু আগলৈ গৈ তেনেকুৱা আৰু কিছুমান পালোঁ ৷ খালৰ ওপৰত পথালিকৈ দম লগাই বেত পেলাই গাড়ী যাব পৰা কৰি ৰাখিছে ৷ বেতৰ ভাৰবহন শক্তি সঁচাই মানিবলগীয়া ৷ সৰুতে পঢ়া, মৃত্যুমুখী দেউতাক আৰু পুতেকহঁতৰ নীতি-শিক্ষা বিষয়ক সাধুটোলৈকো একে সময়তে মনত পৰি গল ৷ 'একতাই বল' নে কি আছিল নামটো ৷

বাটৰ কাষত মুঠা বন্ধাকৈ পৰি থাকি পচি যোৱা বেত কিছুমানো দেখা পালোঁ ৷ বান্ধি ৰখা হৈছিল যদিও কিবা কাৰণত উঠাই নিয়া নহল ৷ দেখি বেয়া লাগিছে ৷ গগৈ ছাৰৰো মুখেদি আপোনা-আপুনি ইস্‌-ইস-আস-আস শব্দ ওলাই আহিছে ৷ আনহাতে ধূনা গছ এজোপাৰো হলে দেখা-দেখি নাই ৷ ছাৰৰ যেন চিন্তা বাঢ়ি গৈছে !

এঠাইত মুঠিয়ে মুঠিয়ে দম লগাই ৰখা আছে বেত এগালমান ৷ পথ প্ৰদৰ্শকজনে আমাক সোঁহাতে সুমুৱাই নিলে, সেইবোৰৰ কাষেৰেই ৷ ৰাস্তাটো এতিয়া লুংলুঙীয়া হৈ পৰিল ৷ এঢলীয়াত উপস্থিত হলোঁহি ৷ বেতনিৰ মাজে মাজে সাৱধানে নামি আছোঁ ৷ কাপোৰত কামোৰ মাৰি ধৰা কাঁইটে গতি ৰুদ্ধ কৰিছে ৷ মাজে মাজে ট্ৰেকচুট ফালোঁ ফালোঁ কৰে ৷ ঠাইতে ৰৈ পিছুৱাই আহোঁ ৷ নিজকে মুক্ত কৰি আগ বাঢ়ােঁ ৷ টুপীত লাগি ধৰে ৷ টুপী খুলি এৰুৱাওঁ ৷ হাণ্টি শ্বুযোৰে কিন্তু বেছ কামত দিছে ৷ এবাৰো পিছল খোৱা নাই ৷ অন্য জোতা পিন্ধি অহা হলে বিপদেই আছিল ৷

অকাই-পকাই সাৱধানে কিছু সময় নমাৰ পাছত নলা এটা পালোঁ ৷ বৰ্ষাৰণ্য যেন লাগিছে ৷ পাৰি থোৱা পুৰণা গা-গছৰ ওপৰেৰে, কৰবাত দেও দি, শিলত ভৰি থৈ পাৰ হৈ যি ঠাইত উপস্থিত হলোঁহি, এয়া কিছু সমতল ৷ কিন্তু ঘোপ মৰা ৷ কিবা গহ্বৰত সোমাই পৰা যেন লাগি গ'ল ৷ ঠাণ্ডা বেছি অনুভৱ হৈছে ৷ যাত্ৰাৰম্ভতে কোনোবা এজনে কৈছিল যে কেম্পত ঠাণ্ডা বহুত বেছি হ'ব ৷ হয় কথাটো ৷ আহি থাকি প্ৰমাণ পাইছোঁ ৷

১২ বাজি ৪০ মিনিট পাৰ হৈছে ৷ দুজোপা প্ৰাচীন আৰু প্ৰকাণ্ড গছৰ মাজেৰে সৰকি সামান্য আগলৈ গতি কৰিয়েই আমি এটা কেম্পত উপস্থিত হ'লোঁ ৷ বেতকটীয়াৰ ছাউনী ৷ গা-গছৰ দুটা খুঁটা, এডাল মাৰলি, ওপৰত হেলনীয়াকৈ নীলা ৰঙৰ তিৰ্পাল এখন ৷ বাঁহৰ চাং দুখন ৷ বাচন-বৰ্তন কেইটামান ৷ জুই জ্বলোৱা ঠাই দুডোখৰ ৷ দুয়োফালে জুইৰ ওপৰত ওলমাই ৰখা অৱস্থাত শুকাবলৈ আৰম্ভ কৰি ধৰিব নোৱাৰা হৈ পৰা জন্তু দুটা ৷ প্ৰথম দৰ্শনতে পৰিৱেশটো কিবা ভৌতিক ভৌতিক লাগি গল ৷

বুজিলােঁ, আজি ৰাতিটো আমি ইয়াতে খপিব লাগিব, সম্পূৰ্ণ জংঘলী কায়দাৰে ৷

Monday, 27 July 2020

২.৩ নেটৱৰ্ক পইণ্ট !


ওখোৰা-মোখোৰা আৰু ঊৰ্ধ্বমুখী পাহাৰীয়া কেঁচা আলিবাটটোৰে গাড়ীবোৰ আগ বাঢ়িছে ৷ উঠি যাওঁতেই বাঁওহাতে ৰাস্তা এটা ফাটি যোৱা দেখা পোৱাত স্বাভাৱিকতে প্ৰশ্ন জাগিল ৷ চালকক উদ্দেশ্য কৰি সোধা অনুসন্ধিৎসাভৰা প্ৰশ্নৰ উত্তৰত গম পোৱা গ'ল যে সেইফালে ৰিছাংগাৰিলৈ যায় ৷ ইয়াৰ পাছত আৰু বুজাত অসুবিধা নহ'ল ৷ তাৰ মানে ছেমুৱেল, আথাংহঁত কালি যোৱা বাটটো সেইটোৱেই ৷ গগৈ ছাৰকো বুজাই দিলোঁ ৷

আমি নিজৰ ৰাস্তা ধৰিলোঁ ৷ ঘৰ-বাৰীবোৰ কমি আহিল ৷ চৌপাশৰ দৃশ্যপট ক্ৰমান্বয়ে সলনি হৈ আহিব ধৰিলে ৷ কেঁচা মাটিৰ ধূলিয়ৰি শুকান পৰিৱেশ ৷ মাজে মাজে বোকা ৷ দুটা বৈসদৃশ দৃশ্য ৷ মন-মগজুত সীমাহীন কৌতূহল ৷ আগত কি পাম ?

নলা এটা পাৰ হৈ বাঁহনিত সোমালোঁহি ৷ নলাটোৰেই পানীৰ পাইপ এডালো পাৰ কৰাই নিছে ৷ খেংগাৰ ঘৰলৈ এইডালেৰেই পানী যায় নেকি ? এইটো প্ৰশ্নৰহে উত্তৰ নাপালোঁ ৷ গাড়ীখনে পাইপডালৰ ওপৰেদিয়ে নলাটো অতিক্ৰম কৰি পুনৰ ওখলৈ উঠিব ধৰিলে ৷

ৰাস্তাৰ ৰূপ ভয়ংকৰ ৷ বিপজ্জনক অৱস্থান পালেই গগৈ ছাৰে সন্মুখলৈ আঙুলি টোঁৱাই থাকি মোৰ মনোযোগ আকৰ্ষণ কৰে ৷ অলপ পাছতে নিজৰ মূৰটো ঘূৰাই চকু দুটা মুদি দিয়ে ৷ ইস্‌, উঃ, চাওক চাওক ইত্যাদি শব্দও মুখৰ পৰা ওলাই আহে তেওঁৰ ৷ যুৱ চালকজন অলপো নাৰ্ভাচ নহয় ৷ ঘেঁ ঘেঁকৈ কাটি-কুটি উঠাই লৈ যায় গাড়ীখন ৷ নিৰাপদ স্থান পোৱাৰ পাছতহে ছাৰে দীঘলকৈ উশাহ এটা টানে ৷ বাটৰ কাষত ধূনা গছ দেখে নেকি শেন দৃষ্টি নিগৰাই যাব ধৰে ৷ যাত্ৰাপথটোৰ লগতে কাষৰীয়া দৃশ্যৰাজি উপভোগ কৰোঁ মই ৷

খেনাৰিক ঘেৰি থকা পাহাৰমালাৰ দৃষ্টিনন্দন ৰূপসম্ভাৰ মুখৰ আগলৈ আহিল ৷ চকুৰে নমনা দূৰণিব্যাপী কেৱল অৰণ্যানী ৷ জংঘলময় এই প্ৰকৃতিয়েই হল সভ্যতাৰ মূল আধাৰ ৷ এই আধাৰক আমি শ্ৰদ্ধা কৰা উচিত, আদৰ কৰা উচিত ৷ ইয়াৰ ক্ষতি কেতিয়াও কৰা অনুচিত ৷ সেউজ প্ৰকৃতিৰ মাজে মাজেই অকাই-পকাই যাব ধৰিছে আমাৰ বলেৰ' পিক্‌-আপ্‌কেইখন ৷

পাহাৰৰ এঢলীয়াত শাৰী শাৰীকৈ ভৰি থকা সুমথিৰাৰ গছ এখিনি ওলাল ৷ কমলাৰ দিন হোৱা হলে এইডোখৰযে কেনেকুৱা ৰকম-জমক হৈ থাকিলহেঁতেন ! কল্পনা কৰি চালোঁ ৷ খেনাৰি, আখৈফুটা, জংফাৰ কমলা টেঙাৰে মেটমৰা হৈ দোঁ খাই পৰা গছবোৰ ফটোত মই দেখিছোঁ ৷ কৰ মানুহ আহি কতযে কমলা খেতিত সোমালোঁহি ! ভাবি চাই আচৰিতেই হ'লোঁ ৷ কমলা বুলিলেই কাৰবি আংলঙৰ বোকাজান মহকুমাৰ চকীহোলাৰ নামটো ওলায় ৷ চকীহোলাৰ পৃষ্ঠপটত এই ৰেংমা নগা গাঁওবোৰ, যৰ পৰা গাড়ীয়ে গাড়ীয়ে যোগান চলে উজনি, নামনি, আনকি ৰাজ্যৰ বাহিৰলৈও ৷

সম্প্ৰতি গছবোৰ বুঢ়া হৈছে ৷ মৰিছেও ৷ দীৰ্ঘদিন ধৰি চাফা কৰা নাই ৷ ক্ষীণ আশা এটা কৰি আহিছিলোঁ যদিও কমলাৰ চিজন এতিয়ালৈ সমাপ্ত হল ৷ কালি বিয়লি খেংগাৰ বাৰীত থকা গছকেইজোপাত গগৈ ছাৰৰ সৈতে অভিযান চলাই অৱশিষ্ট ৪-৫টা যি পালোঁ তাকে খাই হেঁপাহটো পূৰাই থৈছোঁ যে কমলাৰ ৰাজ্যলৈ আহি অন্ততঃ চাকি চাবলৈ পালোঁ ৷ মনত পৰে, এসময়ত চিন্দু মামাই বাঁহৰ খাঙত ভৰাই নি আমাৰ ঘৰত দিছিলগৈ এগাল এগাল কমলা টেঙা ৷ নিজে জীপ চলাই গৈছিল ৷ সেই দিন আজি আৰু নাই ৷ সেয়া সাধুকথা হল ৷

কেঁকুৰি এটা ঘূৰিয়ে গাড়ী তিনিখন হঠাতে ৰৈ দিলে ৷ ড্ৰাইভাৰকেইজন নামিছে আৰু খৰধৰকৈ উঠি গৈছে ওপৰলৈ দেখা পাই থকা চাংঘৰ এটাৰ ফালে ৷ আকস্মিকভাৱে ঘটা ঘটনাটোৰ একো উৱাদিহ নাই পোৱা আমি দুজনে ৷ কি হব পাৰে ? চিন্তা কৰি আছোঁ ৷ খেংগা ওচৰলৈ আহি জনালে, এইটো নেটৱৰ্ক পইণ্ট ৷ এইখিনিত বি.এছ.এন.এল.ৰ টাৱাৰ পোৱা যায় ৷ ইয়াৰ পাছত কিন্তু কতোৱেই নাপায় ৷ গতিকে ঘৰলৈ ফোন-চোন কৰিলে কৰি লওক ৷

নেটৱৰ্ক পইণ্ট ! ঠিক নাম দিছে খেংগাই ৷ সঁচা-মিছা নাজানো, অভিজ্ঞতা অকণমানকে লোৱা হওক বুলি ততাতৈয়াকৈ আমি দুয়োও নামিলোঁ ৷ আমাতকৈ আগতেই গৈ পোৱা চালককেইজনে খেৰৰ দুচলীয়া চাংঘৰ এটাৰ গাধৈত লেপেটি কাঢ়ি বহি লৈছে ৷ আগে-ভাগে কাৰোবালৈ ফোন লগাই চিঞৰি চিঞৰি আনন্দময় আলাপ আৰম্ভ কৰিলেই ৷ তাকে দেখি ওখ ঠাইত ৰৈ গগৈ ছাৰ আৰু ময়ো চেষ্টা কৰিব ধৰিলোঁ ৷

দূৰ দিগন্তলৈকে নীলা পাহাৰৰ লানি ৷ এইফালে চাংঘৰৰ দাঁতি-কাষৰৰ পৰা আৰম্ভ হৈছে সেউজীয়া পাহাৰৰ ঢাল ৷ নাতিদূৰত পাহাৰৰ বক্ষত জুমতলী এডৰা ৷ গছ এজোপাৰ তলত চাংঘৰ এটাও দেখা গৈ আছে ৷ মানুহহে ক'তো চকুত পৰা নাই ৷

ছাৰৰ লাগি গল ৷ পৰিবাৰৰ সৈতে বাৰ্তালাপ চলিছে ৷ কালি শিলনিজান এৰাৰ পাছৰ পৰা আৰম্ভ কৰি এই পৰ্যন্ত সংক্ষেপে বৰ্ণনা শুনাই আছে ৷ মোৰ নাই লগা ৷ অহৰহ চেষ্টা চলাই গৈছোঁ ৷ কি আচৰিত ! শেষ পৰ্যন্ত নালাগিলেই ৷ ভাবি ললোঁ যে হব, কোনো কথা নাই ৷ ছাৰৰ ঘৰৰ পৰাই মোৰো অৱস্থান গম পাই যাব ৷

সৌন্দৰ্যৰস পান কৰি বিভোৰ হৈ পৰাৰ লগতে ফোনত ব্যস্ত থকা অৱস্থাতে ঠাই এৰিবৰ বেলি হল বুলি খবৰ আহিল ৷ ফটাফট ফটো কেইখনমান তুলি গাড়ীত নিজৰ আসনত বহিলোঁহি ৷

গন্তব্যস্থল ক'ত, সেয়া পাবলৈ আৰু কিমান যাব লাগিব, সময় কিমান লাগিব, একো নাজানো ৷ ১১ বাজি ১০ মিনিট পাৰ হৈ গৈছে ৷

Sunday, 26 July 2020

২.২ এটা অৰণ্য-যাত্ৰাৰ আৰম্ভণি


ঘৰৰ ভিতৰে-বাহিৰে চালোঁ যদিও খেংগাক নাপালোঁ ৷ কত গল জানো মানুহটো ! ৰৈ ৰৈ গগৈ ছাৰে ময়ে চাহ কৰিও খালোঁ ৷ তেতিয়াও খেংগাৰ দেখা-দেখি নাই ৷ কলৈ যাব পাৰে বাৰু ? অলপ পাছতে ওলালহি ৷ ওচৰতে, ওপৰফালে থকা সম্বন্ধীয় লোকৰ তালৈ গৈছিল ৷ দুদিন ঘৰত অনুপস্থিত থাকিব হেতুকে জাননী দি আহিলগৈ ৷

যাত্ৰাৰ আগে আগে খাই যাবলৈ ৰাতি থাকি যোৱা ভাতখিনিকে ফ্ৰাইড ৰাইচ কৰাৰ সৰ্বসন্মত সিদ্ধান্ত হৈছে ৷ লগত আলু তৰকাৰি আৰু আচাৰ ৷ কামত লাগি থকাৰ মাজতে খেংগাই ফ্ৰেমত বন্ধা পুৰণা ফটো এখন ভিতৰৰ পৰা আনি দেখুৱালে ৷ বাঁহৰ বেৰেৰে এটা খেৰী ঘৰ ৷ সন্মুখত চাৰিটা শাৰীত বিভক্ত হৈ আৰক্ষীৰ পোছাকত বিভিন্নজন ৷ একেবাৰে আগৰ শাৰীৰ মাজত ৰখা বৰ্ড এখনত লিখা আছে Police Office, United Mikir & North Cachar Hills, Diphu, Assam ৷ ৪০জনীয়া দলটোৰ মধ্যস্থানত বহি আছে তদানীন্তন উপায়ুক্ত চি. এছ. বুথ, আই.এ.এছ. ৷ অবিভক্ত জিলাখনৰ প্ৰথমগৰাকী উপায়ুক্ত আছিল বুথ চাহাব ৷ কাৰ্যকাল ১৭.১১.১৯৫১ৰ পৰা ১৫.১১.১৯৫৩ পৰ্যন্ত ৷ আৰক্ষীৰো ভাৰপ্ৰাপ্ত আছিল ৷ তাৰ মানে অনুমান কৰিলোঁ যে সময় উল্লেখ নথকা এই ফটোখন সেই কালছোৱাৰ ভিতৰৰে হব ৷ এখন ঐতিহাসিক ফটো ৷ খেংগাই সুন্দৰভাৱে সংৰক্ষণ কৰিছে ৷ ধন্যবাদ জনালোঁ ৷

গা ধোৱা, খোৱা-বোৱা হৈ যোৱা পাছতে পাকঘৰ সামৰা, ঘৰ সামৰাও হল ৷ লৈ যাবলগীয়া বস্তুবোৰ আগফালৰ বাৰাণ্ডাত একেঠাই কৰা হৈছে ৷ বন্দুক, গুলী, খুকুৰি, হাণ্টিং শ্বু, বেগ, জিন্‌ছ পেণ্ট, চামৰাৰ জেকেট, কাউবয় টুপী, গামোচা, টৰ্চ লাইট, কম্বল আদি উলিয়াইছে খেংগাই ৷ আমাৰো ৰাক্‌ছেক্‌ ৰেডী ৷ ড্ৰেছ-পাতি কৰি সষ্টম ৷

ইয়াত ঘৰে ঘৰে বন্দুক আছে ৷ খেংগাৰো আছে ৷ লাইচেন্সযুক্ত বন্দুক ৷ খেংগাৰ বন্দুকটো হাতত লৈ চোতাললৈ ওলাই গলোঁ ৷ আগ্নেয়াস্ত্ৰৰ লগত সম্বন্ধ নাই যদিও বহুত দিনৰ মূৰত লিৰিকি-বিদাৰি ভাল লাগিল ৷ যোৰহটীয়া ছাত্ৰাৱস্থাতে এন.চি.চি.ৰ কাৰ্যক্ৰমত এবাৰ (চন ১৯৮৬) আমাক ট্ৰাকত উঠাই ৰৰৈয়ালৈ লৈ গৈছিল ৷ ফায়াৰিং ৰেঞ্জত প্ৰশিক্ষণ ৷ থিয় হৈ, আঁঠু কাঢ়ি, শুই শুই গুলীয়াবলৈ শিকাইছিল ৷ টাৰ্গেট চিৰাচিৰ হৈ গৈছিল যদিও না পুলিচ, বেটেলিয়ান হব পাৰিলোঁ, না চি.আৰ.পি., আৰ্মী হব পাৰিলোঁ ৷ সেয়াই জীৱনৰ প্ৰথম আৰু শেষ পাঠ, শেষ অভিজ্ঞতা ৷ এতিয়া খেংগাৰ বন্দুকটো পাই এহাতে বন্দুক, এহাতে ম'বাইল লৈ ধুমধাম ছেল্‌ফি উঠাত লাগি গলোঁ ৷ গুলী নভৰোৱা অৱস্থাতে যেনি-তেনি এইম কৰি লপলপীও টানি চালোঁ, কোনোবা কাল্পনিক চিকাৰীৰ ভাও দি ৷ কাণ্ড-কাৰখানা দেখা পাই গগৈ ছাৰে খুব হাঁহিলে ৷ ভাবিবলৈ বাধ্য হ'লোঁ যে তেওঁৰো অভিজ্ঞতা নিশ্চয় শৈশৱৰ পুতলা বন্দুকতে অন্ত ৷

এইখন কৰি থাকোঁতেই ১০ বাজি ১৫ মিনিট হল ৷ বেত কঢ়িয়াই অনা গাড়ী অহাৰ শব্দ দূৰৰ কেঁকুৰিত শুনা পোৱা গৈছে ৷ গগৈ ছাৰ ৰাস্তাটোৰ ফালে ভিৰাই লৰ মাৰিলে ৷ খেংগাৰ ঘৰৰ আগেদি যাওঁতে ওপৰৰ পৰাই ইংগিত দি দিলে যে আমি সাজু আছোঁ ৷ তোমালোক ঘূৰি আহাঁগৈ ৷

আনলড কৰি গাড়ী তিনিখন অলপতে ঘূৰি আহিল ৷ আমিও খোজেৰেই পিঠিত ৰাক্‌ছেক্‌ লৈ হাঁহি-স্ফূৰ্তি কৰি ষ্টাৰ্টিং পইণ্ট পালোঁহি ৷ ট্ৰেকাৰ ষ্টেণ্ডটোৱেই ষ্টাষ্টিং পইণ্ট ৷ গাড়ীকেইখন ৰৈ আছে ৷ ড্ৰাইভাৰহঁতে মটৰ চাইকেলত অহা চিনাকি স্থানীয় যুৱক কেইজনমানৰ সৈতে কথা-বতৰাৰ লগতে হাঁহি-ধেমালি কৰিছে ৷ নগৰৰ পৰা আঁতৰৰ দুৰ্গমতাত এনেকৈয়ে এওঁলোকে এওঁলোকৰ দৈনন্দিন পাৰ কৰি আহিছে ৷

কাষতে থকা মানুহঘৰৰ নঙলাৰ ব্যৱস্থাটোৱে পলকতে মোৰ দৃষ্টি আকৰ্ষণ কৰি পেলালে ৷ গা-গছ এডাল প্ৰথমে মাজে মাজে ফালি পেলোৱা হৈছে ৷ দুয়োটা ফালতে সমান জোখত ত্ৰিভুজাকৃতিৰ ফুটা উলিওৱা হৈছে ৷ তাৰ পাছত চোতাললৈ সোমোৱা বাটটোৰ দুয়োফালে এডালকৈ পুতি দিছে ৷ নঙলাৰ বাঁহকেইডাল ফুটাকেইটাতে ভৰাই ৰখা হয় ৷ 'ইওচোন এক ল'কেল ৰেংমা টেক্‌নিক্‌ ৷' আঙুলিয়াই গগৈ ছাৰক ক'লোঁ ৷ তেৱোঁ মনোযোগেৰে চালে ৷

নঙলাৰ কাষতে ৰৈ আছে তিনিখন মহীন্দ্ৰ বলেৰ’ পিক্-আপ্‌ ৷ ফৰ হুইল ড্ৰাইভ ৷ এজনে চকাবিলাক টুকুৰিয়াই পৰীক্ষা কৰি আছে ৷ হাৱা ঠিক আছেনে নাই চাইছে ৷ এটা চকাত কম পোৱাত পাম্প উলিয়াই আনিলে ৷ কেবলৰ মূৰটো ভালভত ফিক্স কৰি হেঁচি হেঁচি বায়ু সুমুৱাত লাগি গল ৷ ব্যৱস্থাটোৱে হাঁহিৰ খোৰাক দিলে যদিও ভাবি পালোঁ যে ইয়াত এনেকৈয়ে চলি আহিছে ৷ চাৰ্ভিচিং চেণ্টাৰ, হাৱা মেচিন ক'ত থাকিব ?

যাত্ৰা প্ৰস্তুতি হৈ উঠাৰ পাছত খেংগাই প্ৰথমখন গাড়ীত ড্ৰাইভাৰৰ সৈতে গগৈ ছাৰ আৰু মোক বহিবলৈ দিলে ৷ নিজে আমাৰ পাছৰখনত উঠিল ৷ মই খিৰিকীৰ কাষত লৈছোঁ ৷ কেমেৰা চলাই যাব লাগিব ৷ গগৈ ছাৰ মাজত ৷ পাছফালে উঠি মুক্ত বায়ু সেৱন কৰি চৌদিশ চাই চাই গৈ থকাৰহে মন আছিল যদিও নিদিলে, ধূলি খাব লাগিব বুলি ৷

আমাৰ চালকৰ নাম বাবু টেৰণ ৷ ইংগিত পাই তেওঁ ইঞ্জিন ষ্টাৰ্ট দিলে ৷ ১০.৪০ বজাত বেত কঢ়িওৱা গাড়ীৰে ৰেংমা হিল্‌ছৰ গভীৰ অৰণ্য অভিমুখে এড্‌ভেন্সাৰ যাত্ৰা এটা আৰম্ভ হল ৷

Friday, 24 July 2020

১৪.০২.২০২০, শুক্ৰবাৰ
২.১ খেনাৰিত প্ৰাতঃভ্ৰমণ


৬ বাজিবলৈ কেইটামান মিনিট বাকী থাকোঁতেই গগৈ ছাৰ আৰু মই মুকলি আকাশৰ তললৈ ওলাই আহিলোঁ ৷ বাটচৰাৰ কাষৰ ধূনা গছজোপা চোৱাৰ কথা বন্ধা আছিল কালিয়েই ৷ এতেকে কালবিলম্ব নকৰি পদব্ৰজে ৰাওনা হলোঁ সেইফালে ৷

খেনাৰিতচোন কুঁৱলী নাই ! জাৰ হলে আছে ৷ ভবাৰ লগে লগে এটা কথা অনুভৱ কৰিলোঁ যে সৌ-সিদিনা মাত্ৰ আনিনি, আচ্‌হিছ আৰু মায়ডিয়াত অকথ্য ঠাণ্ডাৰ মুখামুখি হৈ অহাৰ পাছত খেনাৰিৰ এই শীতলতা মোৰ শৰীৰ কঁপাব পৰা একো কাৰক হৈ উঠিব পৰা নাই ৷ নতুবা মনোজগতত ইয়াকে লৈ কোনো চিন্তা-প্ৰতিক্ৰিয়াও সৃষ্টি হোৱা নাই, যিমানখিনি ডক্টৰ গগৈ ছাৰৰ কথা-বতৰা, ভাব-ভংগী, চাল-চলনত প্ৰকাশ পাইছে ৷ আনহাতে কিন্তু এইটো কথাত নিশ্চিত হৈ আছোঁ যে ৰেংমা হিল্‌ছৰ ৰদ নপৰা অৰণ্যৰ অভ্যন্তৰত উষ্ণতা ইয়াতকৈ নিশ্চয়কৈ কিছু হলেও তলত থাকিব ৷ তাৰ বাবে প্ৰস্তুত হৈ যাব লাগিব ৷

খেংগা ৰেশ্বৰ চৌহদৰ প্ৰৱেশত থকা নঙলামুখত থিয় দিলেই পোনছাটেই চকুহালক টানি নিয়ে পূব দিগন্তৰ পাহাৰলানিক পৃষ্ঠপটত লৈ সগৌৰৱে দণ্ডায়মান হৈ থকা গিৰ্জাঘৰটোৱে ৷ আকাশখন মুকলি ৷ পুৱাৰ পোহৰত গিৰ্জাটো জল্‌মলাই উঠিছে ৷ কাষতে ওখকৈ কলা ৰঙৰ পাথৰ এটা ৷ জুবিলী ষ্টন ৷ ৰেংমা নগাসকলে শিল পুতি এইধৰণে স্মাৰক ৰাখে ৷ সংক্ষেপে কথাংশও তাতে খোদিত কৰি থয় ৷ ইয়াতো থৈছে ৷ বৰ্তমান খেনাৰি বেপ্টিষ্ট চাৰ্চটোৰ পালক Tsangthanga Nyenthang ৷

ৰেংমা নগাসকল আজি আধুনিক শিক্ষাৰে শিক্ষিত হৈছে ৷ ইয়াৰ মূলতে আছিল American Baptist Foreign Mission Societyৰ উৎসাহ আৰু প্ৰেৰণা ৷ তেওঁলোকৰ তৎপৰতাতে গোলাঘাটত মিছন স্কুল প্ৰতিষ্ঠা হৈছিল ৷ ইফালে পাহাৰত খেতি-বাতি কৰা আৰু নিজৰ কলা-কৃষ্টি বৰ্তাই ৰাখি জীৱন ধাৰণ কৰাতে এই লোকসকলৰ জীৱন সীমাবদ্ধ আছিল ৷ যিশুৰ সন্ধান বা শিক্ষা গ্ৰহণ আছিল ভাবিব নোৱাৰা কথা ৷ ঠিক তেনেকুৱা সময়তে দুজন ৰেংমা ডেকা ক্ৰমে Serisheng Sebü আৰু Jokhen Sebüই পৰিয়াল, বন্ধু-বান্ধৱ তথা গাঁৱৰ মায়া-মোহ একাষৰীয়াকৈ থৈ নিকটৱৰ্তী আগ বঢ়া ঠাই গোলাঘাটলৈ বুলি ওলাই গৈছিল ৷ পঢ়া-শুনা কৰাৰ উদ্দেশ্যে দুয়ো তাৰ মিছন স্কুলত ভৰ্তি হল ৷ অধ্যয়নৰত অৱস্থাতে ১৯১৪ চনত গোলাঘাটত তেওঁলোকৰ শিক্ষক ৰেভাৰেণ্ড জন মজেছ কাৰ্ৱেলে দুয়োকে খ্ৰিষ্ট ধৰ্মত দীক্ষিত কৰায় ৷ ঘৰলৈ উভতি আহি চেৰিশ্বেং চেব্বেই ৰেভাৰেণ্ড কাৰ্ৱেলৰ তত্ত্বাৱধানত ১৯১৭ চনত নিজৰ গাঁও শ্বাহোন্যুত এখন মিছনেৰী স্কুল স্থাপন কৰে ৷ বিদ্যালয়খনৰ প্ৰথমগৰাকী শিক্ষক হিচাপে শিক্ষকতা কৰাৰ লগতে ৰেংমাসকলৰ মাজত খ্ৰিষ্টৰ বাণী প্ৰচাৰতো তেওঁ ব্ৰতী হয় ৷

ৰেংমা সমাজৰ প্ৰথম গিৰ্জাঘৰটো নিৰ্মাণ কৰা হৈছিল ১৯৩২ চনত, ল
লাশ্বংন্যুত, সেই সময়ৰ অগ্ৰণী মিছনেৰী ৰেভাৰেণ্ড ডব্লিউ. আৰ. হাটনৰ তত্ত্বাৱধান আৰু ক্ৰমে গুৱাথাংন্যি চেব্বে, চানথাং জিছিং (প্ৰচাৰক) আৰু উক্ত গিৰ্জাৰ পালক কেনিনল চেব্বেৰ সহযোগিতাত ৷ গিৰ্জা প্ৰতিষ্ঠাৰ পাছত মিছনেৰী স্কুলখন শ্বাহোন্যুৰ পৰা ললাশ্বংন্যুলৈ তুলি অনা হয় ৷ শিক্ষক হিচাপে নিযুক্ত কৰা হয় কান্দিৰ টেৰণক ৷

এইটো সহজবোধ্য যে পুৰণি ধ্যান-ধাৰণা পৰিত্যাগ নকৰা তাহানি কালৰ গাঁওবোৰত মিছনেৰীৰ প্ৰৱেশ সহজসাধ্য মুঠেই নাছিল ৷ ৰেভাৰেণ্ড হাটনৰ নেৰানেপেৰা চেষ্টাত সেয়া সম্ভৱ হৈছিল ৷ কাৰবি ভাষাৰ সৈতে ৰেংমাসকলৰ পৰিচয় থকাত ছাম হাঞ্চে নামৰ কাৰবি লোক এজনে তেতিয়া দোভাষীৰ কাম কৰিছিল ৷ মানুহে লাহে লাহে ঈশ্বৰৰ বাক্য শুনিব ধৰিলে, সেই বাণীয়ে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিলে ৷ খ্ৰিষ্টৰ প্ৰতি আকৰ্ষিত হল ৷

এনেকৈয়ে আমেৰিকান আৰু কাৰবি প্ৰচাৰকৰ জৰিয়তে লাহে লাহে ৰেংমা নগাসকলে খ্ৰিষ্টান বিচাৰ-ধাৰা, জীৱন-চৰ্যাক আঁকোৱালি ললে ৷ ৰেংমা অধ্যুষিত অঞ্চলত ধৰ্ম প্ৰচাৰক হিচাপে গুৱাশ্বিং চেব্বে, মংৱে ৰংহাং, হলিৰাম ইংলেং আদিয়ে সেই সময়ত বগা চাহাবৰ সৈতে সহযোগ কৰিছিল ৷ এইদৰে ব্যাপ্তি লাভ কৰি ১৯৪৯-১৯৫১ চনৰ ভিতৰত সকলো ৰেংমা লোকেই ধৰ্মীয়ভাৱে খ্ৰিষ্টান হৈ পৰে ৷

আমি দেখি থকা খেনাৰিৰ গিৰ্জাটোৱে প্ৰতিষ্ঠা লভিছিল ১৯৫৯ত ৷ সম্প্ৰতি গাঁওখনৰ বাসিন্দাৰ সংখ্যা ৬০ ঘৰতকৈও বেছি ৷ খেংগাই সংখ্যাটো কৈছিল ৷ মইহে পাহৰিলোঁ ৷ চৰকাৰী গাঁওবুঢ়া Rongshwen Nandu ৷ পাহাৰৰ বক্ষত কৰা জুম খেতিৰ উপৰি মূলতঃ কমলা বাগানৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ আবাসীসকল ৷ সময়ৰ সোঁতত, বয়স হোৱাত গছবোৰ ক্ৰমাৎ মৰি যাব ধৰিছে ৷ ইয়াৰোপৰি, ২০১৩ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়তো যথেষ্ট ক্ষতিসাধন হল ৷ খোৱানি, খেনাৰি আদি গাঁওকেইখন তেতিয়া আক্ৰান্ত হৈছিল ৷ কমলা গছ কাটি খাস্তাং ৷ আশ্ৰয় শিৱিৰৰ আলহী হবলগীয়া হৈছিল দুৰ্দশাগ্ৰস্ত মানুহবোৰ ৷ সেয়া আছিল খেনাৰিৰ দুৰ্ভগীয়া অতীত ৷ যাক লাহে লাহে পাহৰিবৰ চেষ্টা কৰা হৈছে ৷ সমন্বয়ৰ মাজেৰে জীৱন সংগ্ৰাম পুনৰায় আগ বাঢ়িছে ৷

জুম খেতিৰ লগতে কমলা উৎপাদন এইটো প্ৰান্তৰ বিশেষত্বপূৰ্ণ জীৱন-ধাৰা যদিও ইয়াৰ মানুহবোৰে অত-তত কাম-বন কৰিও জীৱিকা মোকলায় ৷ পৰিষদীয় সমষ্টি ২৫-নিলিপ, বিধান সভা সমষ্টি ১৭-বোকাজান, লোক সভা সমষ্টি ৩ নং স্বায়ত্তশাসিত জিলা (অ.জ.)ৰ অন্তৰ্গত এই গ্ৰাম্যাঞ্চল কাৰবি আংলঙৰ বোকাজান মহকুমাৰ নিলিপ উন্নয়ন খণ্ডৰ ভিতৰুৱা ৷

কাৰবি আংলঙৰ নাগা ৰেংমা মৌজাত অন্তৰ্ভুক্ত খেনাৰিলৈ জিলা সদৰ ডিফুতকৈ গোলাঘাটৰ পৰাহে ওচৰ ৷ দূৰত্ব প্ৰায় ৬০ কিলমিটাৰ ৷ বজাৰ-সমাৰ কৰিবলৈ ৰেংমা মানুহখিনি সহজপক্ষে তালৈকে যায় ৷ ডিফুলৈ ইয়াৰ পৰা ১২৭ কিলমিটাৰ ৷ পথেই যত নাই, গতিকে জিলা সদৰলৈ বাদেই, পোনপটীয়া যোগাযোগ বা যাতায়াত ব্যৱস্থা ক'লৈকোৱেই নাই ৷ আদবাটৰ বগামাটি নতুবা শিলনিজানৰ পৰা বাছ ধৰিবগৈ লাগে ৷ ৰে'ল ধৰিবলৈ হ'লে যাব লাগে বৰপথাৰ ৷ তালৈ ইয়াৰ পৰা ৩৭ কিল'মিটাৰ ৷ নিকটৱৰ্তী সেই ষ্টেচনত নামিয়ে আমি কালি মেজিক আৰু ট্ৰেকাৰেৰে বগাই ওলালোঁহি এই ঠাই ৷

এইবোৰ গুণা-গঁথা কৰি থাকোঁতেই শিলনিজান অভিমুখী ট্ৰেকাৰখন ঘেঁ ঘেঁকৈ তলৰ পৰা উঠি অহাৰ শব্দ শুনা পালোঁ ৷ গাড়ীৰ ওপৰত বস্তু-বাহানি এগালমান ৷ আমাৰ কাষেদিয়েই গুচি গল ৷ ইয়াৰ পাছত দিনটোলৈ আৰু কোনো পৰিৱহণ নাই ৷ কিবা কাৰণত কাৰোবাৰ যাবলগীয়া ওলালে নিজা ব্যৱস্থাপনাৰে যাব লাগিব ৷ বহু সময়ত এই মানুহখিনিৰ খোজ লোৱাৰ বাদে গত্যন্তৰ নাথাকে ৷

আৰু অলপমান আগুৱাই যোৱাৰ পাছতে একেটা দিশতে দেখা দি থকা খেনাৰি নৈখনৰ অপৰূপ নৈসৰ্গিক শোভাই মন মুহি পেলালে ৷ 'গা ধুবগৈ পৰা হলে ভাল আছিল ৷' এইবুলি কৈছিলোঁহে, লগত থকাজন আগ্ৰহী হৈ উঠিল ৷ পিছে সময়টো অনুকূল নহয় ৷ 'বেমাৰ হ'ব লাগিলে চিকিৎসা কেন্দ্ৰ এটাও নাই ইয়াত ৷ বাদ দিয়ক, ব'লক ৷' কথা আৰু আগ নবঢ়াই সামৰিলোঁ প্ৰসংগটো ৷

গাঁৱৰ আদৰণী তোৰণখন পালোঁহি ৷ ৰাস্তাৰ বাঁওকাষে ওচৰতে ধূনা গছজোপা ৷ গগৈ ছাৰে জংঘল ফালি চাপি গৈ নিৰীক্ষণ কৰিলে ৷ গুৰিৰ পৰা হাতে ঢুকি পোৱালৈকে গা-গছৰ অত-তত যধে-মধে মৰা ঘাপবোৰ দেখি আমাৰ দুখো লাগিল, খঙো উঠিল ৷ গছজোপাৰ পৰা কোনোবাই এনেকৈয়ে ধূনা সংগ্ৰহ কৰি আহিছে ৷ ডিফুলৈ ঘূৰি যোৱাৰ পূৰ্বে গৱেষণাৰ অৰ্থে প্ৰয়োজনীয় সমলখিনি সংগ্ৰহ কৰাৰ পণ লৈ দুয়ো উভতিলোঁ ৷

ফিৰি আহি আছোঁ ৷ পোন বাটে যোৱাৰ পৰিৱৰ্তে উচ্চতালৈ উঠি গৈ তাৰ পৰা নামনিৰ গিৰ্জাটো, নৈখন আৰু সিপাৰৰ পাহাৰবোৰ চোৱাৰ হেঁপাহ জাগিল ৷ পাহাৰৰ এঢলীয়াৰে আৰোহণ কৰি আছোঁ ৷ বিশেষ সঁজুলি এটাই মনোযোগ আকৰ্ষণ কৰিলে ৷ প্লাষ্টিকৰ ডাঙৰ পাত্ৰ এটা ৷ বোধ কৰোঁ তেলৰ আধাৰ আছিল ৷ এটাফালে ৪ ইঞ্চি ব্যাসৰ পাইপ এডাল সোমাই আছে ৷ তাতোকৈ সামান্য তলেদি আন দুটাফালে সোমাই আছে ১ ইঞ্চি ব্যাসৰ ৪ডাল পাইপ ৷ বুজি পালোঁ, ডাঙৰ পাইপডালেৰে পাহাৰৰ ভিতৰৰ কোনোবা উৎসৰ পৰা বোৱাই অনা পানী এইখিনিৰ পৰা চাৰিডাল পাইপেৰে চাৰি ঘৰলৈ ভাগ হৈ গৈছে ৷ ৰেংমা ল'কেল আইডিয়া ৷ ডিষ্ট্ৰিবিউচন ষ্টেচনটো ভাল লাগিল ৷ মেঘালয়ৰ মাউলিন্‌নঙত ভলুকা বাঁহ থিয়ৈ থিয়ৈ পুতি তাতে পাইপ সুমুৱাই সজা অন্য এক অদ্ভুত জল বিতৰক সঁজুলি দেখিছিলোঁ ৷ সেইটোও মনলৈ আহিল ৷ ভিন্ন ঠাই, ভিন্ন চিন্তা আৰু ব্যৱহাৰিকতা যদিও অভাৱেই আৱিষ্কাৰৰ মূল ৷

চৌহদৰ ভিতৰত খেংগাৰ মুক্তাংগনত উপস্থিত হোৱাৰ পাছতে গগৈ ছাৰ খৰখেদাকৈ ভিতৰ পালেগৈ ৷ যন্ত্ৰ আৰু কাগজ-কলম লৈ ওলাই আহিল ৷ এঠাইত ৰৈ ভৌগোলিক অৱস্থান পৰীক্ষা কৰিব ধৰিলে ৷ হাতত লৈ থকা নোটবুকত লগে লগে ৰেকৰ্ডো কৰি গ'ল ৷ যন্ত্ৰই খেংগাৰ চোতালৰ স্থানাংক জনালে, 26° 17' 53.7" N, 93° 39' 15.3" E ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ২৪৪ মিটাৰ ৷

সংৰক্ষণৰ উদ্দেশ্যে চোতালতে পৰি থকা সৰু শিলগুটি এটা বুটলি লৈ ভিতৰ সোমাই গলোঁ গৃহস্থক চিঞৰি চিঞৰি ৷ জংঘল যাত্ৰালৈ ওলাবৰ সময় হৈ আহিছে ৷

Wednesday, 22 July 2020

১.১২ খেনাৰিত আমাৰ প্ৰথম নিশা


গাঁও ফুৰি আহিয়ে গগৈ ছাৰ আৰু খেংগাই বাহিৰে বাহিৰে নৈলৈ পোনালে ৷ ভেটাত পাতি থোৱা চেপাত লাগি থকা মাছ কেইটামান লৈ ২০ মিনিটমানৰ পাছতে ঘৰ সোমালহি ৷ দেখি পেটে পেটে ভালেই পালোঁ যে ৰাতি ঠাণ্ডাখনত ইহঁত দুয়োৰে খেনাৰিত মাছ মাৰিবলৈ যোৱাটো অন্ততঃ বাতিল হব ৷ বাতিল হলোঁ ৷ গগৈ ছাৰেই নতুন সিদ্ধান্তটো শুনালে ৷

এতিয়া নৈশসাঁজৰ বাবে চিন্তা-ভাবনা ৷ পাকঘৰত পদাৰ্পণ কৰিয়ে খেংগাৰ ঘোষণা, কি কি আইটেম আগ বঢ়াব ৷ আমাৰ একো ওজৰ-আপত্তি কৰিবলৈ নাই ৷ যি দিব তাকে খাম ৷ গগৈ ছাৰে মবাইল ফোনত গান বজাই দিছে ৷ নিস্তব্ধতা ফালি সেই আৱাজ কিমান দূৰ পাইছেগৈ নাজানো ৷ দীৰ্ঘদিন ধৰি নিমাওমাও হৈ থকা খেংগাৰ ঘৰটোলৈ প্ৰাণ-চঞ্চলতা এটা কিন্তু আহি গৈছে ৷ মনবোৰ আমাৰ অজান আনন্দত মতলীয়া হৈ উঠিছে ৷ নিজকে মুক্ত বিহংগৰ দৰে লাগিছে ইয়ালৈ আহি ৷ কাইলৈৰ অভিযানটোৰ কথা ভাবি আনন্দ দুগুণে চৰিছে ৷

পৰিয়ালৰ অবৰ্তমানত ষ্টৰ ৰূম হিচাপে ব্যৱহৃত, আৰ.চি.চি. ৰন্ধনশালাৰ তলাটো খুলি বস্তাৰ পৰা খেংগাই আলুগুটি কেইটামান উলিয়াই আনিলে ৷ নিজৰ খেতিত উৎপাদিত ফচল ৷ সুন্দৰ আকৃতি, দেখাতো পৰিষ্কাৰ ৷ গৌৰৱ কৰিব পৰা কথা ৷ কটাৰী এখন লৈ মই হিচাপ অনুযায়ী এফালৰ পৰা আলু, পিঁয়াজ, আদা, নহৰুৰ বাকলি গুচোৱাত লাগি গলোঁ ৷ প্ৰয়োজনীয় খাদ্য-বস্তু কিছুমান লগত লৈয়ে অহা হৈছে ৷ এনেস্থলত সদ্যহতে একোৰেই আমাৰ অভাৱ নাই ৷

গগৈ ছাৰে পাছফালৰ খৰিঘৰলৈ পোনালে ৷ ফলাখৰি এবোজা দাঙি লৈ আহিল ৷ ডাঙৰকেইডাল নগাদাৰে জোখমতে কাটি টুকুৰা-টুকুৰ কৰিব ধৰিলে ৷ খেংগাৰ ঘৰত ৰন্ধন গেছ আছে ৷ হলেও আমি খৰিৰ জুইত ৰান্ধি খোৱাৰ সংকল্প লৈছোঁ ৷ ইয়াত খৰিৰ অভাৱ নাই ৷ পানীৰো অভাৱ নাই ৷ পাইপেৰে আহি থকা পানী চৌবাচ্চা ভৰ্তি হৈ অহৰহ পৰিয়েই আছে ৷ খেংগাই আমাক একো কৰিব নালাগে দেই, আপোনালোক মোৰ গেষ্ট বুলি মাজে মাজে বাধা প্ৰদান কৰি আছে যদিও মিছা ৷ লাগি-ভাগি কৰি খোৱাতহে মজা ৷ 'আলহীৰ ৰূপত কেৱল হাত ধুই ভাত-মাছ খাবলৈ আমি ইয়ালৈ অহা নাই' বুলি তেওঁক স্পষ্ট কৰি দিয়াতহে ডায়লগটোও বন্ধ হল ৷

পাকঘৰটোৰ একাষলৈ ধোঁৱাচাঙৰ তলত থকা চৌকা আৰু প্ৰায় মধ্যস্থানত পাতি লোৱা লোৰ ফ্ৰেম এটাৰে পৰম্পৰাগত চৌকা ৷ দুফালে দুকুৰা জুই গৃহস্থৰ তৎপৰতাত দপদপাই জ্বলি উঠিছে ৷ পানীভৰ্তি মস্ত কেটলি এটা ফ্ৰেমটোৰ ওপৰত পাতি দিলোঁ ৷ বন্ধাকবিৰ পাতবোৰ ধুই-ধাই কাটি দিলোঁ ৷ ষ্টৰ ৰূমৰ পৰা গৃহস্থজনে এইবাৰ চাউল আনি দিলে ৷ সেইখিনিও ধুই থলোঁ ৷ নিজৰ পথাৰৰ চাউল ৷ দোকানৰ পৰা কিনি খোৱাৰ দস্তুৰ নাই ৷ গুদামঘৰত ৰঙালাউ আৰু কোমোৰা ঠাহ খাই আছে ৷ শুকুৱাই থোৱা খাদ্য-বস্তুও আছে কিছু কিছু ৷ গছত অমিতা লাগি থকা অথনি প্ৰত্যক্ষ কৰিছিলোঁ ৷ খেতিয়ক মানুহৰ স্বাৱলম্বিতাৰ নিদৰ্শন এইবোৰেই ৷ আপোন হাত জগন্নাথ ৷

জুইৰ কাষত বহিবৰ কাৰণে জীপগাড়ীৰ দীঘলীয়া চিট এটা পতা আছে ৷ মোৰ মনত থকামতে, খেংগাৰ এখন ৱিলিজ জীপ আছিল ৷ যিমানদূৰ সম্ভৱ ডাঠ সেউজীয়া অৰ্থাৎ মিলিটেৰী বৰণৰ ৷ পাহাৰত জীপ চলোৱা, মটৰ চাইকেল চলোৱাত পাকৈত আছিল তেওঁ ৷ এতিয়াহে নচলোৱা হল ৷ গাড়ীখনো বৰ্তমান নাই ৷ অনুমান কৰিছোঁ, এইটো সেইখনৰে চিট হব লাগে ৷ সোধাত য়েছ বুলি কলে ৷ মাজে মাজে তেওঁ এনেকৈ ইংৰাজীত সমিধান দিয়ে ৷ সন্মতি থকা যিকোনো কথাতেই উত্তৰ আহে ’-ক্কেবুলি, স্পষ্টভাৱে ৷

খেংগা ৰেশ্ব আজি আমাৰ মূল খানচামা ৷ প্ৰথমে নিৰামিষ ব্যঞ্জনকেইভাগ অঁটাই লোৱা হ'ব ৷ দাইল, বন্ধাকবি-আলুৰ আঞ্জা, পোৰা আলুৰ পিটিকা ৷ কচু আদি কৰি ঘৰতে থকা কিবা-কিবি মিহলাই ৰেংমা ষ্টাইলৰ বইল তৰকাৰি এখনো থাকিব ৷ তাৰ পাছত মাছ ভাজিব ৷ প্ৰেছাৰ কুকাৰত ভাত বহাই দিব ৷ বচ ৷ দুয়োজনৰে কাৰণে আগে-ভাগে মাছকেইটা বাছি-কাটি তেওঁ ৰে'ডী কৰি ল'লে ৷

গগৈ ছাৰে অথনি গা ধোৱা নাছিল ৷ পানী গৰম হোৱাত এতিয়াহে গাটো তিয়ালেগৈ ৷ তাৰ পাছতে পুনৰ সক্ৰিয় সহায়কাৰীৰ ৰূপত অৱতীৰ্ণ হ'ল ৷ পোনেই নিজৰ পচন্দমতে আগতেই বাছি থোৱা আলুকেইটা ফুটছাইত ভৰালে ৷ আদা, পিঁয়াজ, ধনিয়া, জলকীয়া আদিও যতাই ৰাখিলে ৷ অন্যান্য কথাৰ মাজে মাজে ৰন্ধন-প্ৰকৰণৰ দিহা-পৰামৰ্শৰো আদান-প্ৰদান চলি থাকিল ৷ জলকীয়া যাতে ক'তো বেছিকৈ নিদিয়ে তাৰ বাবে দুয়োকে মই সকীয়াই থলোঁ ৷

ৰন্ধন কাৰ্যৰ মাজতে কাইলৈৰ কাৰ্যসূচী সম্বন্ধেও আলোচনা চলিছে ৷ উত্তেজনাও সমানে বৃদ্ধি পাইছে ৷ কেমেৰা, মবাইল, টৰ্চ লাইটৰ বেটাৰী চাৰ্জ হবলৈ দি থোৱা হ'ল ৷ নিবলগীয়া আৰু থৈ যাবলগীয়া কাপোৰ-কানি, বয়-বস্তু, জোতা-মোজা ইত্যাদি পৃথক কৰি ৰাক্‌ছেক্‌টো সাজু কৰিব লাগিল ৷ ৰন্ধন তদাৰকীৰ ফাঁকে ফাঁকে এইবোৰ চলি আছে ৷ কেম্পত খাবৰ কাৰণে নিবলগীয়া চাউল-দালি, আলু-পিঁয়াজ, বিস্কুট ইত্যাদি হিচাপমতে বেলেগে বেগত ভৰাইছে গগৈ ছাৰে ৷ তিনিও নিজ নিজ কামত ব্যস্ত ৷ যতি পেলাবলৈ ইয়াত মবাইল ফোনৰ ৰিংটোন বাজিবলৈ নাই ৷ সেয়ে কাম, কথা আৰু বাজি থকা গান পূৰাদমে উপভোগ কৰিব পাৰিছোঁ ৷ ভাতৰ কুকাৰটো জুইৰ ওপৰত বহুৱাই খেংগা গা ধুবলৈ গল ৷ তাৰ ঠিক আগে আগে চাউলত পানীৰ পৰিমাণ সঠিক হোৱা-নোহোৱাক কেন্দ্ৰ কৰি গগৈ ছাৰৰ সৈতে তেওঁৰ আমোদজনক বিতৰ্কৰ সূত্ৰপাত হ'ল ৷ আলেঙে আলেঙে উপভোগ কৰি থাকিলোঁ মধুৰ মুহূৰ্তকেইটা ৷

৯.৩০ বাজিছে ৷ বাহিৰত গভীৰ নিশা ৷ খেনাৰিত চাগৈ কোনো মানুহেই এতিয়ালৈ ৰাতিৰ সাঁজ খাবলৈ বাকী থোৱা নাই ৷ আমিহে পাকঘৰত লাগি আছোঁ ৷ গান শুনি আছোঁ ৷ অন্তহীনভাৱে ওলাই থকা পুৰণা কথা কিছুমানকে চোবাই আছোঁ ৷

গৃহস্থই ষ্ট'ৰ ৰূমৰ পৰা তিনিওৰে বাবে গিলাচ, প্লেট, বাটি আদি উলিয়াই আনিলে ৷ আথে-বেথে ভাতো বাঢ়িলে নিজেই ৷ বৰ তৃপ্তিৰে অন্নমুঠি ধৰা হল ৷ চৰু-কেৰাহী, বাচন-বৰ্তনো লগে লগে ধুই যথাস্থানত ৰখা হ'ল ৷ তেওঁ নিজে যিমান খায় আমাকো সিমান খুৱাব বিচাৰিছিল ৷ পিছে আমি পাৰিলেহে ! ফলাফল, ভাত এগাল ৰ'ল ৷ 'একো নাই, প্ৰেচাৰ কুকাৰতে থাকক, ৰাতিপুৱা কামত আহি যাব ৷' বুলিয়ে এতিয়া মুখনি মাৰিব লগা হ'ল ৷

পাকঘৰ সামৰি অলপ পৰ জুইৰ গুৰিত আড্ডা ৷ ৰেংমা পাহাৰৰ, ৰেংমা সমাজৰ বিভিন্ন কথা ৷ এসময়ত বিছনাত পৰিলোঁহি ৷ পুৱা ঘৰ এৰাৰ পাছৰ পৰা এতিয়ালৈকে মগজুৱে ধৰি ৰখা দৃশ্য কিছুমান চকুৰ আগত এফালৰ পৰা আহি থাকিবলৈ ল'লে ৷ খেংগা নিজৰ কোঠাত ৷ মোৰ কাষৰ বিছনাখনত ৰূমমেত ডক্টৰ গগৈ ছাৰ ৷ তেওঁৰ সৈতে কথা পাতি পাতি এসময়ত কব নোৱাৰা হৈ পৰিলোঁ ৷