Sunday, 30 August 2020

তিনি ৷৷ যাত্ৰা-নাস্তি !


পুৱা ঠিক ৪.০০ বাজিছে ৷ গাৰুৰ কাষতে, হাত দিলেই পোৱাকৈ ৰখা মোৰ মবাইল ফোনটো হঠাতে বাজি উঠিল ৷ ৪.৩০ত এলাৰ্ম দি থোৱা আছিল ৷ তেতিয়ালৈ এতিয়াও আধা ঘণ্টা বাকী ৷ চকুহাল মোহাৰি দেখোঁ যে স্ক্ৰীণত দুটা চিনাকি শব্দ, এটা চিনাকি নাম ৷ মংগলছিং ৰংহাং ৷

কি হল মংগলৰ ? এড্‌ভেন্সাৰ ট্ৰিপটোক লৈ উত্তেজনা ইমানেই পাৰ ভাঙিলেনে যে নিৰ্ধাৰিত সময়ৰ ইমান আগতেই সি মোক জগাই দিছে ! এইদৰে ভাবি খক্‌মক্‌কৈ কলটো ৰিচিভ কৰিলোঁ ৷

হেল্ল মংগল, গুড মৰ্নিং ৷

দাদা, প্ৰব্লেম এটা হৈ গল নহয় ৷ আপুনি সোনকালে ওলাই আহকচোন ৷ মই চাৰিআলিতে ৰৈ আছোঁ ৷

পুৱাৰ প্ৰতি-সম্ভাষণৰ বিপৰীতে ক্ৰন্দনমুৱা ভাব এটাৰহে উমান পালোঁ মংগলৰ কণ্ঠস্বৰত ৷ মাতষাৰ অকণো স্বাভাৱিক যেন লগা নাই ৷ ভাবিলোঁ, ইয়াৰ আকৌ কি হল ? এনে কি সমস্যা হব পাৰে যে মোক এতিয়াই বাহিৰলৈ মাতিব লগা হৈছে ! খৰতকীয়াভাৱে চিন্তা কৰিব ধৰিছোঁ ৷

হঠাতে মনটোৱে চেবালে ৷ কম্বল দলিয়াই খৰখেদাকৈ চকু-মুখ ধুলোঁ ৷ বাহিৰত শেষ নিশাৰ পাতল অন্ধকাৰ ৷ আগ-ডিচেম্বৰৰ ঠাণ্ডাৰ কবলত ডিফু চহৰৰ পশ্চিমাঞ্চল এতিয়াও শুই আছে ৷ সৰি পৰা নিয়ৰৰ টোপালবোৰৰ বাহিৰে কেনিও কাৰো সাৰি-শব্দ নাই ৷

ট্ৰেকচুটযোৰ পিন্ধি ল'লোঁ ৷ ওলাই আহিলোঁ, ৰাস্তালৈ ৷ কুঁৱলীৰ মাজেৰে দেখা পাইছোঁ, ছায়ামূৰ্তি এটা ৷ অকলে অকলে পায়চাৰি কৰি আছে ৷ খোজত ধৰিব পাৰিছোঁ যে হয়, সেইটো মংগলেই হয় ৷

কি হল মংগল ?আঁতৰৰ পৰাই ৰিং মাৰি পঠিয়ালোঁ ৷ বৰ্ধিত উৎসুকতাই আৰু অলপমানো পলম হবলৈ নিদিলে ৷

দাদা, আজি আমাৰ যোৱাটো নহব ৷ ওচৰ চপাত কওঁ-নকওঁকৈ সি শব্দকেইটা উলিয়াইছে ৷ মাত থোকা-থুকি ৷ ভাব-ভংগীত অপৰাধী অপৰাধী ৷

কিয় ? কি হলনো ? ততালিকে সুধি পেলালোঁ ৷

ৰাতি মোৰ ঘৰত কাজিয়া হৈ গল দাদা ৷ গোটেই ৰাতি টোপনি খতি ৷ বৰ বেয়া লাগি আছে ৷

মংগলৰ মুখমণ্ডল গোমা ৷ খং উঠি থকা বুলি সহজে বুজিব পাৰি ৷ মাজে মাজে হাত দুখন মুঠি মাৰি ধৰে ৷ বজ্ৰমুঠিৰে যেন কাৰোবাক সজোৰে এইমাত্ৰ আঘাত হানিব !

কাৰ লগত কাজিয়া ?’ সুধিলোঁ ৷

মিছেছৰ লগত ৷কওঁ-নকওঁকৈ কলে ৷

কিয় ? অনুমান এটা কৰি পেলাইছোঁ যদিও তাৰ মুখেৰেই শুনো বুলি প্ৰশ্নটো কৰি সেইফালে চাই থাকিলোঁ ৷

কালি গোটেই পিছবেলাটো গল, গেৰেজত লাগি লাগি গাড়ীখন ঠিক-ঠাক কৰিলোঁ ৷ ইঞ্জিনৰ শব্দ এটা এতিয়াও আছে যদিও যাম বুলি ওলাইছোঁ যেতিয়া কিবাকৈ চলাই নিম ৷ সেয়া সমাপ্ত কৰি, বজাৰ-সমাৰ লৈ ঘৰ সোমাওঁতে সন্ধিয়া লাগি গল ৷ আমি বাটত খাবলৈ চিৰা কিনি আনিছিলোঁ ৷ প্ৰথমেই সেইখিনি জাৰিলোঁ ৷ মিছেছে তেতিয়া মোক চাই আছিল ৷ চাৱনিত প্ৰশ্নবোধক আছিল যদিও একো সোধাও নাই, কোৱাও নাই ৷ আন্ধাৰ হল ৷ তাৰ মাজতে শাকনিত সোমাই আজি ঘৰত খাবলৈ লাইশাকো তুলিলোঁ ৷ ৰাতি সকলোৱে একেলগে মাছেৰে ভাত-পানী খালোঁ ৷ তেতিয়ালৈকে চব ঠিকেই আছিল ৷ খাই উঠি বহোঁতে আস্তেকৈ উলিয়ালোঁ যে কাইলৈ পুৱা আমি কৰকাণ্ঠিছলৈ যাম ৷ শুনাৰ লগে লগে তাই গৰম হৈ গ'ল ! মই যোৱাটো কোনোপধ্যে নামানে ৷ ইফালে ঘৰো মোৰ সেইফালেই ৷ তৰ্কা-তৰ্কি লাগি গল ৷

মই মংগললৈ চালোঁ ৷ মুষ্টিবদ্ধ হাত দুখন আগতকৈ কঠিন হৈ পৰিছে ৷ বুজিলোঁ, ভীষণ খঙৰ উদ্গীৰণ ঘটিছে তাৰ মন-মগজুত ৷ খংটো আন কাৰো ওপৰত নহয়, নিজৰ পৰিবাৰৰ ওপৰতে ৷ কাৰণটো আন একো নহয়, কৰকাণ্ঠিছ'লৈ যোৱাত ভেটো দিয়াৰ বাবে ৷ মনতে ভাবি ৰখা যাত্ৰাটো বাস্তৱায়িত হ'বলৈ নিদিয়াত তাৰ ফাই উঠি গ'ল ৷ ফলত পৰৱৰ্তী সময়ছোৱাৰ পাৰস্পৰিক কথা-কাণ্ডবোৰৰ লগতে ঘৰুৱা পৰিৱেশ হৈ পৰিল উত্তপ্ত ৷ তাৰে প্ৰতিক্ৰিয়াত বেচেৰাৰ টোপনি নহ'ল ৷ ঘৰৰ পৰা কেতিয়াবাই ওলাই আহি মাজৰাস্তাত টহলদি আছে ৷ ৪ বজাৰ লগে লগে মোলৈ ফোন ৷

কি কৰা ভাল হ'ব ? ভাবিলোঁ মনে মনে ৷

লা খোজ কাঢ়োঁ ৷ গৈও থাকিম, শুনিও থাকিম তোমাৰ কথাখিনি ৷ মংগলৰ উত্তেজনাৰ মাত্ৰাটো কমাবলৈকে এনেদৰে কবলগীয়া হল ৷ ধাৰণা কৰিলোঁ যে অভিযোগবোৰ মুখেৰে বাহিৰ হৈ গ'লেহে ইয়াৰ খংটো জামৰিব ৷ সেইবোৰ নাইকিয়া হলেহে দৰকাৰী কথা কিছুমান বুজাব পৰা অৱস্থালৈ তাৰ মনটো ঘূৰি আহিব ৷ এতেকে আগতে সি কি কয় শুনা যাওক ৷

বজাৰৰ দিশে খোজ চলিছে আমাৰ ৷ ৰাস্তাত আন মানুহ ওলোৱাই নাই ৷ পোহৰো ভালকৈ হোৱাই নাই ৷ আন দিনাতকৈ আগতীয়াকৈ প্ৰাতঃভ্ৰমণলৈ ওলাইছোঁ যেন লাগিছে নিজৰে ৷ মংগলে উৰাই-ঘূৰাই ৰাতিৰ কাহিনী বৰ্ণনা কৰি গৈ আছে ৷ ঘনে ঘনে উত্তেজিত হৈ উঠিছে ৷ যেন ঘৰলৈকে আজি ঘূৰি নাযাব ! পৰিবাৰৰ সৈতে যেন কোনো কথাতে সহযোগেই নকৰিব আৰু !

ভুলতো তোমাৰহে ৷ তুমি ঘৰত কথাটো আগতেই আলোচনা কৰিব লাগে ৷ কিয় মূৰামূৰি সময়ত কৈছিলা ? এনেকৈতো নহয় ভাই ৷ যাম বুলি আমাৰ সিদ্ধান্ত কেতিয়া হৈছিল ? তেতিয়াই পৰিবাৰৰ কাণ চোৱাই থব লাগিছিল ৷ দৰকাৰী কাম কি আছে, কি নাই, আগতীয়াকৈ প্লেনিং কৰি চিজিল কৰিব পৰা গলহেঁতেন ৷ তেনেস্থলত এনেকুৱা অনাকাংক্ষিত পৰিস্থিতিও কিজানি নহলহেঁতেন ৷ বেছি আগ বাঢ়িবলৈ নিদি মই মংগলক চাব মাৰি ধৰিলো আৰু পোনে পোনে দোষী সাব্যস্ত কৰি পেলালোঁ ৷

প্ৰত্যুত্তৰত সি পুনৰ গৰ্‌গৰাই উঠিল ৷ কথাটো তেনেকুৱা নহয় দাদা ৷ চাওক, আজি হ'ল দেওবাৰ ৷ বেলেগ কাম কি আছে ? ঘৰত সোমাই থকাৰ বাদে একোডাল নাই ৷ ৯ বজাত লৰা-ছোৱালীহালৰ ক্লাছ এটা থাকে অৱশ্যে ৷ তাৰ কাৰণে সিহঁতক স্কুললৈ নিব লাগে ৷ শেষ হলে লৈ আহিব লাগে ৷ বজাৰ-সমাৰ কালি চব মই কৰিয়ে থৈছোঁ ৷ আনহাতে আমিতো ছামেলাংছ'ৰ পৰা ঘূৰি আহি গধূলি ঘৰ পায়ে যাম ৷ এই সামান্য কামটোকে তাই চম্ভালিব নোৱাৰে ! ইফালে অফিচত চাকৰিও কৰে ৷ কিযে হব নহয় ! বাহিৰৰ কাম এটাও মেনেজ কৰিব নোৱাৰে ! মই নহলে নচলিলে নহ'বতো ৷ তাতে সিদিনাখন মাত্ৰ, পৰিয়ালটোক গুৱাহাটীৰ পৰা ফুৰাই আনিছোঁহে মাত্ৰ ৷ তেনেস্থলত এনেকুৱা বাধা কিয় ?

পৰিবাৰে যাত্ৰাটোত ব্যাঘাত জন্মোৱাত মংগলৰ প্ৰচণ্ড ক্ৰোধ ৷ দ্বিতীয়তে, তাইৰ বাবেই আজি যাবলৈ ওলোৱা দলটোৰ আগত সি খুব লাজ পাব ৷ কথাৰ মূল্য নাই বুলি সংগীবোৰে তাক হাঁহিব ৷ ৰেকৰ্ডটো আগলৈকো থাকি যাব ৷ মূল সমস্যাটোযে তাতেই, সেয়া মই বুজি পাইছোঁ ৷ সকলো ঠিক-ঠাক হৈ থকা যাত্ৰাটো হঠাতে নহব বুলি জানি মোৰো উৎসাহ পমি যোৱা, বুকু নিবিষোৱা নহয় ৷ পিছে উপায় কি আছে ? নিজকে যিমান পাৰি বুজাইছোঁ ৷ বিকল্প চিন্তিছোঁ ৷ কৰবালৈ যাবলৈ বুলি খাটাং হোৱাৰ পাছত মূৰকত যাত্ৰা নাকচ হোৱাৰ পৰিপ্ৰেক্ষিতত সৰুকালত কিমানযে খং উঠিছিল, দেউতাৰ ওপৰত ৷ বিকল্প তেতিয়া একো নাছিল ৷ ইফালে আজি এই যাত্ৰাত নিবলগীয়া গাড়ীখন হৈছে মংগলৰ ৷ বেলেগ গাড়ী মজুত থকা হলে মংগলক এৰি হয়তো বাকীকেইজন গুচি যাব পাৰিলোঁহেঁতেন ৷ সেইটোও এতিয়া সম্ভৱপৰ নহ'ব চাগৈ ৷

একেটা কথাকে চেপেটা কৰি কৰি দুয়ো প্ৰধান ডাকঘৰৰ সন্মুখ পালোঁহি ৷ ৫ বাজিবৰ হৈছে ৷ ফোনটো ৰিং হব ধৰিলে ৷ অৰূপদাই কৰিছে ৷ এইটো গম পায়ে মংগলৰ মুখমণ্ডলত চিন্তাৰ ৰেখা কিছুমান ফুটি উঠিল ৷ অৰূপদা চিনিয়ৰ মানুহ ৷ অগ্ৰজ ভ্ৰমণ-সংগীজনৰ আগত সি মুখখন দেখুৱাই টান হব এতিয়া ৷ মোৰো চিন্তা হৈছে, কথাষাৰ কেনে প্ৰকাৰে কোৱা যায় ?

ঐ মই হলে ৰেডী দেই ৷ আচ্ছা এক কাম কৰিবা ৷ মই সেইফালে নাযাওঁ ৷ তোমালোকে গাড়ীখন লৈ এইফালে আহোঁতে মোক উঠাই লবা ৷ ওপৰলৈ উঠি যোৱা ৰাস্তাটোতে ৰৈ থাকিম ৷ বাহিৰ ওলাইছোঁৱেই ৷

দাদা, বেয়া কথা এটা হল নহয় ৷ দুখৰ কাহিনীটো বাটে বাটে কৈ গৈ থাকিলোঁ ৷ লুক-ঢাক কৰিবলৈ নাই ৷ ইফালে মংগলৰো খংটো বৃদ্ধি পাই থকা যেন লাগিল ৷ মাজে মাজে চোকা ডায়লগ একোটাও এৰি থাকিল, পৰিবাৰক উদ্দেশ্য কৰি ৷ ইংগিতেৰেই মই তাক শান্ত কৰাৰ প্ৰচেষ্টা চলাই গৈছোঁ ৷ 'আমি আপোনাৰ ঘৰৰ ফালেই গৈ আছোঁ দাদা, লগ পাম' বুলি কৈ ফোনটো কাটি দিলোঁ ৷

আচ্ছা মংগল, কথা এটা কওঁ ৷ মইযে অৰুণাচল, নাগালেণ্ড, মেঘালয় আদি কৰি অলৈ-তলৈ গৈ থাকোঁ, গমটো পোৱাই ৷ পিছে সেইবোৰ কেনেকৈ সম্ভৱ হয় জানা জানো তুমি ?

সি মোৰ চকুলৈ চালে ৷ আপোনাৰ মিছেছে মানে বৌৱে স্কুটী চলাব জানে ৷ বাহিৰৰ কামো কৰা দেখোঁ ৷ আমাৰ…’

তুমি সেইটো ডেভেলপ কৰিব পৰা নাই তাৰ মানে ৷ কনফিডেন্স গঢ়িব পৰা নাই ৷ সেয়ে আজি প্ৰথম ষ্টেপতে গণ্ডগোল লাগি গ'ল ৷ বুজিলা এতিয়া, কথাৰ আচল গুৰি কত ?

কিবা ভাবি ভাবি সি গম্ভীৰ হৈ পৰিল ৷ বোবা যন্ত্ৰণাত যেন মূক হৈ পৰিছে ৷

পৰিবাৰক শক্তিশালী কৰা মংগল ৷ সবল কৰা, সাহসী কৰি তোলা ৷ চাকৰি এটা থাকিলেই সেইখিনি হোৱাটো নুবুজায় কিন্তু ৷ অৰূপদাৰ বৌক নেদেখিছা ? গাড়ী চলাব জানে ৷ কিমান কাম কৰিব পাৰে ! চাকৰিও আছে ৷ তুমি এইবোৰ বিষয়ত গুৰুত্ব দিয়া নাই চাগৈ ৷ সেয়ে এতিয়া খালা মুখ-থেকেচা ৷ বুজাবুজিৰ অভাবত আমাৰো পণ্ড হল ছামেলাংছ যাত্ৰা ৷আস্তেকৈ মই মংগলক পোনপটীয়াভাৱে আক্ৰমণ কৰিব ধৰিলোঁ ৷ সি ঠাণ্ডা হৈ আহিল ৷

অৰূপদাৰ এলেকাত সোমালোঁহি ৷ ষ্ট্ৰীট লাইটৰ পোহৰত দূৰৰ পৰাই দেখা পাইছোঁ, তেওঁ এইফালে আহি আছে ৷ মূৰত কাউবয় টুপী, পিঠিত বেগ এটা ৷ পূৰা এড্‌ভেন্সাৰিষ্টৰ সাজ ৷ মুখামুখি হওঁতেই মংগলে নিজমুখে পৰিস্থিতি বৰ্ণনা কৰিলে ৷ দুখৰ লগতে ক্ষোভো উজাৰিলে ৷ উপায় নাই ৷ ভাল নালাগিলেও অৰূপদাই শুনি গ'ল ৷ শেষ বিচাৰত তেৱোঁ মংগলকে দায় দিলে ৷ দোষ তোমাৰহে, ঘৈণীৰ নহয় ৷ আগৰ পৰা কি কৰি আছিলা ?

আমাৰ লগতে অৰূপদায়ো উভতি খোজ ললে ৷ মাজে মাজে মোলৈ চাই ডায়লগ একোটা ৷ লগত গাড়ীখন নাই বুইছা ৷ গুৱাহাটীত থাকি গ'ল ৷ নহলে গুচি গ'লোঁহেঁতেন ৷ এবাৰ ক'ৰবালৈ ওলালে এনেকুৱা হ'লে শান্তি নাপাওঁ ৷ এতিয়া ঘপকৈ এই ব্ৰহ্মপুৱাতে কাৰোবাক গাড়ী এখন খোজোঁ কেনেকৈ ?

সোনকালে উঠি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি স্ফূৰ্তি মনেৰে ওলাই অাহিছিল তেওঁ ৷ গতি ৰুদ্ধ হোৱাত মনত বেয়া তেওঁৰো লাগিছে ৷ কথা পাতি পাতি থানা ৰড এৰি ডিফু কলেজ পালোঁহি আমি ৷ পূৰ্বনিৰ্ধাৰিত যাত্ৰা-সময়লৈ ১৫ মিনিট বাকী ৷ ঠিক কৰিলোঁ, মংগলছিং ক্ৰক ফোন এটা কৰা হওক ৷ সহযাত্ৰীক কথাষাৰ কৈ দিয়াই ভাল ৷ পিছে কওঁনো কোন সতে ? বৰ দিগদাৰ ৷

হেল্ল' দাদা, মই একদম ৰেডী ৷ ঘৰতে আছোঁ ৷ আহি আছে নেকি ?কলটো ৰিচিভ কৰিয়ে ক্ৰই বিৰাট উৎসাহেৰে এনেকৈ কৈ উঠিল ৷ কালিয়ে পতা কথামতে প্ৰথমে তেওঁকে নিবলৈ আহিম বুলি কোৱা হৈছিল ৷

ব ৰব, ঘটনা এটা হল 

ক্ৰ' চিন্তিত হৈ পৰিল ৷ কি ঘটনা দাদা ?

ৰংহাঙৰ গৃহ-কন্দল ৷ আমাৰ ট্ৰিপ কেনচেল ৷

ইস্‌ ! মইতো আন্ধাৰতে উঠি কেমেৰা-চেমেৰা লৈ তৈয়াৰ হৈ গৈছিলোঁ জানেনে ? এতিয়া জোতাৰ ফিটা মাৰি আছোঁ ৷ ছেঃ ৷ এইবোৰ কথা ঘৰত আগতেই আলোচনা হব লাগে ৷ হব আৰু, কি কৰিব ? নেক্সট টাইম ৷

মংগলে শুনি আছে ৷ ফোনটো তাৰ হাতলৈ দি দিলোঁ ৷ মাতৃভাষাৰে ক্ৰক সি বুজাব ধৰিলে ৷ ক্ষমাও খুজিলে কিজানি ৷ আমি গৈ থাকিলোঁ ৷ কেন্দ্ৰীয় বিদ্যালয় নাপাওঁতেই বাঁওহাতে নামি লৰুলাংছ লে'কৰ পাৰেৰে দীঘলীয়া পদযাত্ৰা চলিছে ৷ ক্ৰ'ৰ ঘৰটো এইখিনিতে, লে'কৰ সিপাৰে ৷ দূৰৰ পৰাই আঙুলিয়াই দেখুৱাই গ'লোঁ ৷

লৰুলাংছ' পালোঁহি ৷ পোহৰো ভালকৈ হৈছে ৷ কৰকাণ্ঠিছ যাত্ৰা বাতিল হোৱা বুলি ঘোষিত হ'ল ৷ মংগলক ক'লোঁ, কাজিয়া-পেছাল, খং-ৰাগ বাদ দিয়া বুইছা ৷ ধৰি থাকি একো লাভ নাই ৷ এইবোৰ ঘৰ ঘৰ কী কাহানী ৷ তুমি আজি প্ৰথমবাৰ ওলাইছিলাতো আমাৰ লগত ৷ নতুন এড্‌ভেন্সাৰিষ্ট ৷ গতিকে প্ৰথম শিক্ষাটো পালা যে ক'ৰবালৈ গৈ থকাটো যিমান টান, ঘৰৰ পৰা বাহিৰ হোৱাটো তাতোকৈও টান ৷ কিতাপত নথকা কথা ৷ সদায় মনত ৰাখিবা ৷'

অৰূপদায়ো কৈ উঠিল, 'এইবিলাক বাদ দিয়া ৷ আজি লৰুলাংছ দেওবৰীয়া বজাৰবাৰ ৷ ভাল চাই মুৰ্গী এটা কিনি ঘৰলৈ লৈ যাবা ৷ তেল-মছলা দি মজাছে ৰান্ধিবা ৷ লৰা-ছোৱালী, ঘৈণীৰ সৈতে মিলি স্ফূৰ্তি কৰি খাবা ৷ পাৰিবাৰিক সম্বন্ধটো বেয়া হ'ব নালাগে দেই ৷ নহ'লে আমাৰ বেয়া লাগিব ৷

মংগলৰ ওঁঠৰ কোণেদি সলাজ হাঁহি এমোকোৰা বিৰিঙি উঠিল ৷ কলে, কালি ৰাতি মাছ-ভাতেই খোৱা হৈছিল দাদা ৷ হলেও কিটোনো হ'ল ?

'পুৱাই পুৱাই যাত্ৰা-নাস্তি ৷' সুৰত সুৰ মিলাই শব্দকেইটা বতাহত এৰি দিলোঁ আৰু বিৰহৰ মাজতো তিনিও খুব হাঁহিলোঁ ৷ (ক্ৰমশঃ)

Friday, 28 August 2020

কৰকাণ্ঠিছ : লংতাং পাহাৰৰ অচিন দুৰ্গমতাত এদিন
(Explore Karbi Anglong)


এক ৷৷ উক্‌মুকনি
পুনৰ এক ভ্ৰমণ অভিজ্ঞতা লিখিবলৈ লৈ পাতনি হিচাপে এড্‌ভেন্সাৰপ্ৰেমী সহৃদয় পাঠকবৃন্দক এইখিনি জনাবৰ মন গৈছে, যৰ পৰা আৰম্ভ হৈছিল দুৰ্গম যাত্ৰাটোৰ উক্‌মুকনি...
National Informatics Centre (NIC), Karbi Anglong District Unit, ডিফুৰ District Informatics Officer (DIO) তথা মোৰ বন্ধুস্থানীয় শ্ৰী ৰঞ্জন জ্যোতি বৰ্মন (অকবৰো অন্যতম সদস্য)ৰ আকস্মিক আহ্বান, একান্ত আগ্ৰহ তথা ভাতৃবৎ সদিচ্ছাৰ প্ৰতি এদিন যোগাত্মক সমৰ্থন জনোৱাৰ ফলস্বৰূপেই গুৱাহাটীস্থিত Assam Electronics Development Corporation Ltd. (AMTRON)ৰ IT Divisionৰ দ্বাৰা স্বীকৃত হৈ ১৪ অক্টোবৰ ২০১৯ তাৰিখে District Support Manpower (Content Reviewer), চমুকৈ DSP-CR হিচাপে ৬ মাহৰ কাৰণে NIC, ডিফুত যোগদান কৰাৰ লগে লগে অসম চৰকাৰৰ Secretariat Administration Department (SAD)ৰ অধীনস্থ e-Office Projectৰ সৈতে সংযোজিত হৈ পৰিলোঁ আৰু দ্বিভাষিক কৰিব বিচৰা District Websiteত ইতিপূৰ্বে উপলব্ধ হৈ থকা তথ্যসম্ভাৰ ইংৰাজীৰ পৰা অসমীয়ালৈ একাদিক্ৰমে তৰ্জমা কৰাৰ উপৰি প্ৰয়োজনসাপেক্ষে নতুনকৈ লিখি উলিওৱাত দায়বদ্ধতাৰে, পূৰ্ণোদ্যমে লাগি গলোঁ ৷
তাৰ পাছত আহিল ১ নবেম্বৰ ২০১৯ ৷ শ্ৰী বৰ্মনে মোক জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা NICলৈ মাতিলে ৷ লগত লৈ যোৱা pen driveটোত ভৰাই দিলে Karbi Anglong Tourism শীৰ্ষক পৃষ্ঠাকেইটা ৷ বিষয়-বস্তু শুনিয়েই বিৰাট অনুসন্ধিৎসাই লগ লৈছিল ৷ পিছে ঘৰলৈ আহি কম্পিউটাৰত চাই নিৰাশ হোৱাৰ লগতে খোকোজাৰ গৰাহতো পৰি গলোঁ ৷ Tourist Spots of Karbi Anglong District শিৰোনামযুক্ত লেখাখিনিত আছে ৯খন ফটোগ্ৰাফেৰে সৈতে Amreng Tourist Centre, Khanduli Tourist Centre, Kohora Tourist Centre আৰু Umwang Tourist Centreৰ ক্ষুদ্ৰ বিৱৰণ ৷ লগতে Trekking Expeditions বুলি অকণমান ৷ ইয়াৰে কঁহৰাক বাদ দি বাকীবোৰ আজিৰ তাৰিখত পশ্চিম কাৰবি আংলঙৰহে অন্তৰ্গত ৷ তাৰ মানে, কাৰবি আংলং জিলাৰ তথ্য-তালিকাত এইবোৰ সদ্যহতে অপ্ৰাসংগিক ৷ অৰ্থাৎ বুজিলোঁ যে আমাৰ জিলাখনৰ পৰ্যটনথলীসমূহৰ সম্বন্ধে District Websiteত তথ্য আপলড কৰা হোৱাই নাই ৷ তাৰ মানে, সেইবোৰ স্বয়ংসম্পূৰ্ণ আৰু শুদ্ধভাৱে নকৈ লিখি উলিয়াব লাগিব ৷ লগতে ফটোও সংযোজন কৰিব লাগিব ৷ কাম বাঢ়িল ৷
সম্ভাব্য প্ৰক্ৰিয়াটোৱে সুদীৰ্ঘ চিন্তাৰ উদ্ৰেক কৰিলে ৷ বিপৰীতে, উত্তেজনাও বঢ়াই নোতোলাকৈ নাথাকিল ৷ বিষয়-বস্তুত সোমাই পৰাৰ মানসেৰে, যোগাত্মক ধ্যান-ধাৰণাৰে Explore Karbi Anglong বুলি নিজস্ব Theme এটাকে সৃষ্টি কৰি ললোঁ, মনে মনে ৷ উদ্দেশ্য, এই সুযোগতে কাৰবি আংলংখন পুনৰবাৰ অধ্যয়ন কৰিব পাৰিম, যাব পাৰিম, চাব পাৰিম ৷ সমস্তখিনি যথাযথভাৱে লিখি উপস্থাপন কৰাৰ দায়বদ্ধতা মোৰ কান্ধত, সুযোগ মোৰ হাতত পৰিলহি ৷ সফলকাম হব পাৰিবই লাগিব ৷
আকৌ চিন্তা কৰাত লাগিলোঁ ৷ এই কাম ফলৱতী হোৱাৰ বাবে নিশ্চয়কৈ সহায় লব লাগিব সংশ্লিষ্ট বিভাগৰ ৷ সেয়ে প্ৰথমে কথাবিলাক খোলাখুলিকৈ আলোচনা কৰি লোৱা যাওক বুলিয়ে পাছদিনাই পোনাই দিলোঁ স্থানীয় পৰ্যটন বিভাগৰ কাৰ্যালয়লৈ ৷ মনোভাবটো হল, টুৰিষ্ট অফিচাৰ শ্ৰী মিৰজেং ৰংহাঙক সোঁশৰীৰে লগ ধৰা ৷ তেওঁ মোৰ কলেজীয়া দিনৰে চিনাকি ৷
NICৰ District Websiteত কাৰবি আংলং জিলাৰ টুৰিষ্ট স্পটসমূহক যথাযথ ৰূপত আলোক-চিত্ৰসহ প্ৰতিফলিত কৰাৰ অভিপ্ৰায় ব্যক্ত কৰাত বিষয়াজন আনন্দিত হল, কাৰণ খুদ তেওঁৰ বিভাগটোৱেও আজিলৈকে এইটো কাম কৰি থোৱা নাই ৷ শ্ৰী ৰংহাঙে লগ লগাই দিলে নিজৰ কাৰ্যালয়ৰে কৰ্মচাৰী শ্ৰী মংগলছিং ক্ৰক ৷ কৰ্মব্যস্ততাৰ দোহাই দি লগে লগে একো নকৈ নিৰ্দিষ্ট দিন আৰু সময়ত শ্ৰী ক্ৰই মোক অফিচলৈ আহিবলৈ কলে ৷ অধৈৰ্য নহৈ, ভাবনা কিছুমান মনত লৈ ঘৰ পালোঁহি ৷
পৰ্যটন বিভাগৰ অফিচলৈ দ্বিতীয়বাৰ যোৱাৰ পূৰ্বে নিজস্ব চিন্তাৰে চালি-জাৰি চাই দীঘলীয়া তালিকা এখন যুগুত কৰি চাক্ষুষ অভিজ্ঞতা আৰু পুথিগত তথ্যৰ ভেটিত সত্যনিষ্ঠভাৱে যিখিনি পাৰোঁ লিখি উলিয়ালোঁ ৷ স্থানীয় গুৰুত্বপূৰ্ণ স্পটসমূহলৈ গৈ শেহতীয়া দৰ্শনেৰে সেইখিনি সংযোজন কৰি পেলোৱা হল ৷ প্ৰিণ্ট আউট লগত লৈ নিৰ্দিষ্ট দিনা আহিলোঁ শ্ৰী ক্ৰৰ ওচৰলৈ ৷ আমাৰ মাজত অনেক সময় ধৰি আলোচনা-বিলোচনা, বিচাৰ-বিশ্লেষণ আদি চলিল ৷ লেখাবোৰ পঢ়ি চালে, পছন্দ হল, পৰামৰ্শ দুই-এটা দিলে, পূৰ্ণ সহযোগিতাৰো আশ্বাস পালোঁ ৷ শ্ৰী ক্ৰ এজন ভাল ফটোগ্ৰাফাৰ আৰু ট্ৰেকিং-কেম্পিং-এড্‌ভেন্সাৰপ্ৰিয় সুঠাম ডেকা ৷
আৰবৰেটাম গাৰ্ডেন, বটানিকেল গাৰ্ডেন, ছিমন্‌জিৰ চিলড্ৰেন পাৰ্ক-কাম-পিক্‌নিক্‌ স্পট, আৰবৰেটাম-কাম-ক্ৰাফ্‌ট চেণ্টাৰ, ডিমা-ৰাজা খাৰনাই, কাৰবি পিপুল্‌ছ হল, বায়-ডাইভাৰচিটি-কাম-ৰিক্ৰিয়েশ্বন পাৰ্ক, লংছকাংথু, লাংচিথিং, শিলভেটা পাব্লিক গাৰ্ডেন-কাম-পিক্‌নিক্‌ স্পট, চেণ্টাৰ বজাৰ শৈলক্ষেত্ৰ, তাৰাবাছা পিক্‌নিক্‌ স্পট, ছক্‌ লংতাৰ, মহামায়া থান, বুঢ়াগোসাঁই থান, বৰগংগা থান, ডিক্ৰুতপী, ডিক্ৰুতছ, কৰকাণ্ঠিছ পিক্‌নিক্‌ স্পট, আৰ্‌লং লাংদ, কাংথিলাংছ, লাং কাৰ-অম্‌, ঊৰ্ধ্ব গংগা, কয়লালাংছ, লাংৱকু, চূণা পাহাৰ, ডিলাই ১-২-৩, বনচাই শ্যাম গাঁও, দেওপানী থান, চিংহন লেক, গৰম পানী, ভিতৰ কলিয়নি বৌদ্ধ বিহাৰ, নাগালাংছ, কেইহাং ৰেংমা ফুকনৰ মৈদাম, কাইফলাংছ, ৰংমংৱেৰ ওলমা সাঁকো, কঁহৰাৰ ইথ্‌নিক ভিলেজ, কাজিৰ ৰংহাংপী মেমৰিয়েল পাৰ্ক, ইক টুৰিজিম্‌ পাৰ্ক, আংজকলাংছৰ উপৰি ট্ৰেকিং-কেম্পিং-এড্‌ভেন্সাৰ, জনজাতীয় গাঁও পৰিভ্ৰমণ, বন্যপ্ৰাণী অভয়াৰণ্যসমূহ, প্ৰত্নতাত্ত্বিক সমলথলীসমূহৰ বিষয়ে সংক্ষিপ্ত টোকা যুগুত কৰাৰ চেষ্টা কৰা হৈছিল ৷ 
ইয়াৰ পাছৰে পৰাই শ্ৰী ক্ৰৰ সৈতে যোগাযোগ আৰু কথা-বতৰা বৃদ্ধি পালে ৷ ইচ্ছাৰ সুঁতি মিলি যোৱাত এদিন ময়ে প্ৰস্তাৱ দিলোঁ যে জিলাখনৰ আমি নেদেখা বা নোযোৱা স্পটকেইটালৈ নিজে অন্ততঃ একোবাৰকৈ যোৱা উচিত, চোৱা উচিত, ফটো তুলি অনা উচিত, যিহেতু এইবোৰ District Websiteত সন্নিৱিষ্ট হব, বিভাগটোৰ কাৰণেও গুৰুত্বপূৰ্ণ আৰু ভাল কথা হব ৷ ধীৰে ধীৰে এই ভ্ৰমণ-চেতনা তেওঁৰো জাগিব ধৰিলে ৷ হয়ভৰ পোৱাত গোপনে পৰিকল্পনা ৰচনাত লাগি গলোঁ ৷ যাবলগীয়া থলী কেইটামান আছে ৷ ভাবি থাকিলোঁ, প্ৰথমে কলৈ যাম, কেনেকৈ যাম ?


দুই ৷৷ সুযোগ
পুৱা সোনকালে শুই উঠা আৰু খোজ কঢ়াটো মোৰ এটা পুৰণা অভ্যাস ৷ আমাৰ চুবুৰীয়া ডেকা মংগলছিং ৰংহাঙো নিয়মীয়াভাৱে ওলায় ৷ টাউন প্ৰাইমেৰী এল.পি. স্কুলখনৰ কাষত, চাৰিআলিটোৰ দাঁতিত আমি লগ হওঁ, সোণাৰু গছৰ তলত দুটা খুঁটিৰ ওপৰত গজাল মাৰি থোৱা তক্তাচটাত বহি আড্ডা মাৰোঁ ৷ আলোচ্য বিষয়বোৰৰ ভিতৰত আমাৰ জিলাখনৰ পৰ্যটনস্থলবোৰেও সঘনে ঠাই পায় ৷ ভ্ৰমণ-উন্মাদনা বৃদ্ধি হ'ব ধৰে ৷
মংগলৰ ঘৰ ছামেলাংছত ৷ কথাটো জানিব পাৰি কৰকাণ্ঠিছৰ সম্পৰ্কে প্ৰশ্ন তোলা আৰম্ভ কৰি দিলোঁ ৷ ঠাইটুকুৰাৰ অৱস্থান ছামেলাংছৰ ফালেই ৷ ডিফুৰ পৰা ডকমকা হৈ ছামেলাংছলৈ ১০৫ কিল'মিটাৰ ৷ লাংহিন-মাণিকপুৰ হৈ ৯৭ ৷ বহুত বছৰৰ পূৰ্বে তেওঁ তালৈ গৈছিল ৷ অতীতৰ বৰ্ণনা উছাহেৰে কিছু শুনালে ৷ গুগুল মেপ খুঁচৰি মবাইলৰ স্ক্ৰীণত উলিয়াই অঞ্চলটোৰ বৰ্তমানৰ ৰূপটোও মোক দেখুৱাবৰ প্ৰয়াস নকৰাকৈ নাথাকিল ৷ লাহে লাহে মংগলৰ উত্তেজনাৰ মাত্ৰা চৰিল আৰু এদিন মোৰ আহ্বানত তালৈ যোৱাৰ পক্ষে সন্মতি প্ৰদান কৰিলে ৷
দুৰ্গম স্থান ৷ যাতায়াত অসুচল ৷ যাবলৈ-আহিবলৈ হলে নিজাববীয়াকৈ গাড়ী এখন লাগিবই ৷ মংগলৰ মাৰুতি ৮০০ এখন আছে ৷ পুৰণা হৈছে যদিও সেইখনেৰেই যোৱাৰ নিশ্চিতি দিলে ৷ চালক-গাইড মংগলছিং ৰংহাং, লগত মই ৷ আমি দুজন হলোঁৱেই ৷ আৰু দুজন লাগে ৷ পৰ্যটন বিভাগৰ চাকৰিয়াল মংগলছিং ক্ৰক কলোঁ ৷ তেৱোঁ লগে লগেই মান্তি হল ৷ তিনিজন হলোঁ ৷ আৰু এজন যাব পাৰে ৷ কাক লওঁ ? পূৰ্বৰ কেইবাটাও ভ্ৰমণৰ সহযাত্ৰী অৰূপদা (অৰূপ কলিতা)ক টুকুৰিয়াই চালোঁ ৷ দহো বন কাটি কৰি তেৱোঁ তৎক্ষণাতে ৰাজী হৈ গল ৷ চাৰিজনীয়া দলটো গঠন হোৱাৰ পাছত দিন নিৰ্বাচন হল ৷ ৮ ডিচেম্বৰ, ২০১৯ তাৰিখ, দেওবাৰ ৷
নিৰ্দিষ্ট যাত্ৰা-মুহূৰ্তটো চমু চাপি আহিছে ৷ আগ-সন্ধিয়া উৎসাহী ফোনকল এটাও আহিল ৷ কৰিবলগীয়া ঠিক-ঠাকখিনি কৰি আন্ধাৰ হোৱাৰ আগতেই মংগলে গাড়ী ৰেডী ৰাখিছে ৷ খাবলৈ চিৰা-গুৰো কিনিলে, নিজমনে ৷ বাকী দৰকাৰী বস্তুখিনি আলোচনামৰ্মে ডকমকা বা ছামেলাংছ বজাৰত সংগ্ৰহ কৰি লোৱা হব ৷ বাচন-বৰ্তন নিয়াত নাই ৷ ৰন্ধন কাৰ্য বাঁহৰ চুঙাত ৷ কথনভংগীত উদ্যম আৰু মানসিক চাঞ্চল্যৰ বহিঃপ্ৰকাশ ৷

Explore Karbi Anglong ৷ এই উদ্দেশ্যৰেই কাইলৈ পুৱা ৫.৩০ বজাত যাত্ৰা আৰম্ভ কৰিম আমি ৷ আমি মানে মংগলছিং ৰংহাং, মংগলছিং ক্ৰ, অৰূপ কলিতা আৰু মই ৷ ডেষ্টিনেচন ইক-টুৰিজম্‌ স্পট কৰকাণ্ঠিছ ৷ কথাটো তেনেকৈ কাকো কোৱা নাই ৷ গোপন এক জংঘল-যাত্ৰা ৷ মনে মনে ভীষণ উত্তেজিত আৰু কৌতূহলী হৈ আছোঁ ৷ (ক্ৰমশঃ)

Monday, 17 August 2020

৫.৩ সুকলমে দুপৰীয়া ঘৰ পাই গলোঁ


আমি চগিলাশ্বংন্যু (চাথি গাঁও) পালোঁহি ৷ কেইমিনিটমানৰ ব্যৱধান মাত্ৰ ৷ মাই তিমুং ভিলেজো পাৰ হলোঁ ৷ ৮ বাজি ৪৫ মিনিট গৈছে ৷ সন্মুখত নামবৰ নৈ ৷ দলং ইয়াতো নাই ৷ কেতিয়া হব, হবনে নহব, একো কোৱা নাযায় ৷ আগৰ দৰেই চালকজনে কুশলী নিয়ন্ত্ৰণেৰে জলভাগ পাৰ কৰাই আনিলে ৷ এয়াই প্ৰচলিত নিয়ম ৷ পানী বেছি হলে বাঁহ জোৰা দি থলুৱা লোকে সাজি উলিওৱা মেলেং চলে ৷ গাড়ী তেতিয়া বন্ধ ৷ নামবৰ, খেনাৰি, ৰিদংগে, নেউৰীয়া, যিখনেই নহওক, পানী বহুত বেছি হলে পাৰত বহি বাট চাব লাগে, সোঁত কেতিয়া কমে ৷ এইফালৰ জনসাধাৰণৰ দৈনন্দিন জীৱন-যাত্ৰাত এইচব ভাতৰ লগত পানী খোৱাৰ সমতুল্য কথা ৷ ১৯৭৭ চনত মই মূৰফুলনী হৈ প্ৰথমবাৰ চকীহোলালৈ যাওঁতে নাৱেৰে নৈ পাৰ হৈ যোৱা মনত আছে ৷ সেই ধাৰা আজিও অক্ষুণ্ণ আছে, এইটো প্ৰান্তত ৷

সিখন গাড়ী আগত ৰৈ আছেচোন ! সোনকালেই বুজা গল যে কাৰণটো অন্য একো নহয়, সৰুপানী বিৰতি ৷ আমাৰখনো ঠিক পাছতে ৰল ৷ ৰোৱাৰ লগে লগে মতাই-মাইকীয়ে যিয়ে যিফালে সুবিধাজনক বুলি ভাবি পালে, সেইফালেই পিয়াপি দিলে ৷ প্ৰকৃতিৰ আহ্বান নেওচিব কোনে ? তাৰ পাছত ঘূৰি আহি যেতিয়া গাড়ীখনত উঠিলহি, তেতিয়া এক ধৰণৰ নতুন সুখ, নতুন উদ্যম আৰম্ভ হৈ গ'ল ৷ কমি অহা মাত-কথাবোৰ পুনৰ সজোৰে ওলাব ধৰিলে ৷ গাড়ী দুখন ইখনৰ পাছত সিখন ৰৈ থাকোঁতেই পাস্তৰ গোৱাচৰ সৈতে দুষাৰমান পাতিছিলোঁগৈ ৷ ফটোও উঠিলোঁ একেলগে ৷ আকৌনো কেতিয়া কত কি পৰিস্থিতিত লগ পাম, পামনে নাপাম, কোনে জানে ? মাতিলোঁ তেওঁক ডিফুলৈ ৷

তিনিআলি এটা পালোঁহি ৷ গাড়ী দুখনে বাঁওহাতৰ পাকটো লৈ আগলৈ গতি কৰিব ধৰিছে ৷ সিদিনা শিলনিজানৰ পৰা আহোঁতে আমি বগামাটিত ফালৰি কাটি এইফালে সোমাই সোঁফালে দেখা দি থকা পথটোৰে আহিছিলোঁ ৷ এতিয়া চালকে বাঁৱে কাটি নিলে ৷ চাহ বাগিচাৰ মাজে মাজে চলিছে গাড়ী ৷ ধূলি উৰুৱাই গৈ আছোঁ ৷ আমি পাছত ৷ গগৈ ছাৰহঁত আগ বাঢ়িল ৷ সিখনে উৰুৱাই যোৱা ধূলিৰ পৰা হাত সাৰিবলৈ আমাৰখন ধীৰ গতিত চলাবলগীয়া হৈছে, নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি ৷

মাজে মাজে ধূলিৰ প্ৰকোপ ইমানেই চৰিছে যে বাট নেদেখা অৱস্থা হৈছে ৷ সেউজীয়াৰ সুন্দৰ আবেষ্টনীৰ পৰা ওলাই আহি হঠাতে এইহেন অস্বস্তিকৰ প্ৰদূষণত সোমাই পৰাত স্বাভাৱিকতেই অকণো সুখ নলগা হ'ল ৷ মুখখন ঘূৰাই পাছফালে চাই চাই গৈ আছোঁ ৷ যিমানেই আগুৱাইছোঁ, পাহাৰবোৰ সিমানেই আঁতৰি যাব ধৰিছে ৷ এইকেইদিন আমি কোনফালেনো সোমাই আছিলোঁগৈ ? একোবাৰ এনেকৈও ভাবি চাইছোঁ ৷ দিশটো সঠিকভাৱে উলিয়াব পৰা নাই ৷ গগৈ ছাৰে পাৰিলেহেঁতেন ৷ ভূগোলৰ মানুহ ৷

সৰ্পিল কেঁচা ৰাস্তাৰে পুৱাৰে পৰা অসংখ্য নলা, বোকা, খলা-বমা, ধূলি, পানী, কেঁকুৰিৰ পাছত কেঁকুৰি পাৰ কৰি প্ৰায় ডেৰ ঘণ্টা সময় যাত্ৰা কৰা হৈছে ৷ এতিয়া পাদদেশৰ সমতলভূমিত গাড়ী চলি আছে ৷ চকুৰ সন্মুখলৈ আহিছে নতুন দৃশ্যপট ৷ মুখৰ আগত দম দম কয়লা ৷ ট্ৰাক কেইখনমানো ৰৈ আছে ৷ এই স্থানৰ পৰা কয়লা সৰবৰাহ কৰা হয় ৷ কয়লামাটি এলেকাত উপস্থিত হোৱা যেন লাগিছে ৷

৯.১৫ হওঁতে শিলনিজানৰ পৰা চকীহোলালৈ যোৱা পকা ৰাস্তাটোত উঠিলোঁহি ৷ এয়া এটা তিনিআলি ৷ আমি ইয়াত নামি যাম ৷ ৰখাব ৰখাব বুলি ডাঙৰকৈ চিঞৰ দুটামান মাৰিলোঁ, ড্ৰাইভাৰক উদ্দেশ্য কৰি ৷ একেবাৰে আগত থকা ইছেনথাঙৰ ককায়েকেও চিঞৰাৰ লগতে বডীত ভুকু কেইটামান শোধালে ৷ অথনি চেনীচম্পা কল খুওৱাজনী তেওঁৰে পৰিবাৰ অৰ্থাৎ ইছেনথাঙৰ বৌৱেক ৷ তেওঁলোক ল'লাশ্বংন্যুত থাকে ৷

গাড়ীখন একাষে ৰখাই দিয়া হ'ল ৷ আগৰখনৰ পৰা নামি গগৈ ছাৰে ইতিমধ্যে মাটিত ভৰি দিলেই ৷ ৰাক্‌ছেক্‌ পিঠিত তুলি লৈছে ৷ ৰাইডাং দুডালো লৈছে ৷ মাত লগাইছে ৷ আমিও নামিলোঁ ৷ হাত জোকাৰি জোকাৰি সহযাত্ৰীসকলৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত এনে লাগিল যেন বুকুৰ কুটুম একাংশকহে এৰিবলৈ ওলাইছোঁ ৷ ড্ৰাইভাৰজনে মোৰ অমৰা-কোমোৰাৰ ঠোঙাটো খিৰিকীৰে বাহিৰলৈ উলিয়াই দিলে ৷ গাড়ী দুখন চকীহোলা অভিমুখে অগা-পিছাকৈ ৰাওনা হল ৷ সমিলমিলেৰে হাঁহি-মাতি আহি থাকি বৰ ভাল লাগিছিল ৷ পৰিৱেশটো এতিয়া উত্তেজনাশূন্য আৰু নিৰৱ হৈ পৰিল ৷ ৰাস্তাত গাড়ী-মটৰৰো আহ-যাহ দেখা নাই ৷

পথটোৰ সিপাৰে, দাঁতিতে জনশূন্য ৱেইটিং শ্বেড এখন ৷ তিনিও তালৈকে যাব ধৰিলোঁ ৷ কাপোৰ-কানিবোৰ জাৰি-জোকাৰি লওঁ ৷ ধূলি খাই খাই চেহেৰা সলনি হৈ গৈছে ৷ জেকেটটোও খুলিব লাগিব ৷ খেনাৰিৰ তুলনাত এইফালে ঠাণ্ডা কম ৷

অদূৰত ৰঙা টাটা মেজিক এখন এঘৰৰ চৌহদৰ পৰা ওলাই আহিব ধৰা চকুত পৰিল ৷ অচিনাকি যুৱক এজন ৰাস্তাৰ কাষত আগৰে পৰাই ৰৈ আছিল ৷ সম্ভৱ তেৱোঁ শিলনিজানলৈ যাব ৷ তেৱেঁই আগুৱাই গৈ সুধিলে ৷ শিলনিজান... বুলি চিঞৰি জনালে আমাক ৷ খালী গাড়ী ৷  মজা, পাই গলোঁ ৷ ন' টেনচন ৷ ঘপাঘপ আসন অধিগ্ৰহণ কৰি ললোঁ চাৰিওটাই ৷ বাটত যুৱতী দুজনী উঠিছিল যদিও থেপাথেপি নাই ৷ আৰামছে আহি ৯ বাজি ৪০ মিনিট যাওঁতে শিলনিজান পাই গলোঁ ৷

হোটেল এখনত সোমাই হাত-মুখ ধুই পেলোৱাতহে নিজকে অকণমান পৰিষ্কাৰ লাগিল ৷ এতিয়া ডিফুলৈ যাবলৈ কি পাম ? মেজিকখনত আহি থাকোঁতেই নেটৱৰ্ক পোৱাত গগৈ ছাৰে ম'বাইলত Where is my Train খোঁচৰাত লাগি গৈছিল ৷ 55904 নং নামনিমুৱা মৰিয়নি-ডিমাপুৰ পেছেঞ্জাৰখন আহি আছে ৷ ১০.২৫ত বৰপথাৰ ষ্টেচন এৰি যাব ৷ গতিকে চাহ খোৱাৰ মন থাকিলেও কালবিলম্ব কৰাৰ সুযোগ নাই ৷ ইফালে বৰপথাৰলৈ তৎক্ষণাৎ গুচি যাব পৰা অন্য গাড়ীও নাই ৷ কি কৰা যায় ? ছাৰৰ তৎপৰতাতে টাটা মেজিক এখন ভাৰা কৰা হ'ল ৷ বৰপথাৰৰ পৰা আমি সেইখন ৰে'লেৰে সৰুপথাৰ পাবগৈ লাগিব ৷ সৰুপথাৰত 15928 নং নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়াখন ধৰিব লাগিব ৷ বৰপথাৰত এইখনৰ যিহেতু ষ্টপেজ নাই গগৈ ছাৰে পৰিকল্পনাটো এনেদৰে কৰি পেলালে, তৎমুহূৰ্ততে ৷

ইফালে বাটত নকৰিলে নোহোৱা অতিৰিক্ত কাম এটাও ওলাল ৷ শান্তিপুৰ আৰক্ষী থানাত সোমাই ঠাংচিয়ে তাৰ চিনা-জনা কোনোবা এজনক ঘৰৰ পৰা অনা ভূত জলকীয়াৰ টোপোলাটো দি থৈ যাব লাগিব ৷ চালকক জনোৱাৰ পাছতে ততাতৈয়াকৈ বৰপথাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰি দিলে ৷ 

ঘড়ীয়ে ৰঙা চকু দেখুৱাই আছে ৷ হাতত সময় তাকৰ ৷ চালকেও গাঁত-চাত বাছিবলৈ বাদ দিলে ৷ থেকেচি নিব ধৰিছে ৷ মিনিটবোৰ হিচাপ কৰি আছোঁ ৷ তড়িৎ গতিৰে আহি শান্তিপুৰ সংযোগী তিনিআলিটো পাই গ'লোঁ ৷ ছাৰ আৰু ঠাংচিয়ে থানাৰ কামটো কৰি ঘূৰি আহে মানে ময়ো একেটা ৰাস্তাতে থকা মাহীৰ ঘৰত বাউলী পাক এটা মৰাৰ সোণালী সুযোগ লৈ ললোঁ ৷

ঘটং-মটংকৈ আকৌ যাত্ৰা ৷ বৰপথাৰ ষ্টেচন পাইছোঁ কি নাই, ৰেলখন আগতেই আহি হাজিৰ ৷ ভাগ্যে ধৰিলোঁহি ৷ পোনছাটেই উঠি গৈ চিট লৈ ললোঁ ৷ বৰপথাৰ-সৰুপথাৰ ১০ কিলমিটাৰমান মাত্ৰ ৷ ১১ নাবাজোঁতেই সৰুপথাৰ ষ্টেচন পাই গলোঁ আৰু নামিলোঁ ৷ এতিয়া হাতত সময় আছে ৷ বজাৰৰ মুখতে চাহ-পৰঠা খাই লৈ অপেক্ষা কৰি আছোঁ ডিব্ৰুগড়-ৰঙিয়া অহালৈ ৷ প'ষ্টমৰ্টেম চলিছে খেনাৰি-ৰিছাংগাৰি, ধূনা-বেত, হাতী-বাঘ-হলৌ ইত্যাদিৰ ৷ ৰেভাৰেণ্ড আথাং আৰু ছেমুৱেল ক'ত ? ফোন কৰি গম পালোঁ যে সিহঁত দুয়ো শিলনিজানৰ পৰা বাছেৰে গৈ আছে ডিফুলৈ ৷

১১.৩০ত সৰুপথাৰৰ পৰা আমাৰ ৰে'ল-যাত্ৰাটোৰ দ্বিতীয় খেপ আৰম্ভ হল ৷ ১ বজাৰ কেইটামান মিনিটৰ পাছতে গৃহ চহৰত নামিলোঁ ৷ এটা সফল ভ্ৰমণ আৰু ধূনা অভিযানৰ পৰিসমাপ্তিত গগৈ ছাৰ, থাংচি আৰু মই, ইজনে সিজনক ধন্যবাদ জনাই এৰা-এৰি হ'লোঁ ঘৰৰ কাষতে থকা ডিফু টাউন প্ৰাইমেৰী বিদ্যালয়ৰ সন্মুখত ৷ (সমাপ্ত)

Sunday, 16 August 2020

৫.২ পাৰ হলোঁ দলংবিহীন ৰিদংগে আৰু খেনাৰি


পুৱা ৭.৪৫ত আমি খেনাৰি এৰিছিলোঁ ৷ হালি-জালি চলি আছে ঘৰমুখী যাত্ৰাটো ৷ সন্তুলন বজাই ৰাখি মাজে মাজে এহাতেৰেই ডিঙিত ওলমি থকা কেমেৰাটো নিয়ন্ত্ৰণ কৰি ক্লিক্‌ কৰি গৈছোঁ ৷ মানুহবোৰৰ কাৰো মুখমণ্ডলত সামান্যতমো ক্লেশ কিম্বা কষ্টৰ অভিব্যক্তি নাই ৷ বৰঞ্চ হাঁহিহে ৷ চকা গাঁতত পৰিলে ৰগৰ বেছিকৈ উঠে ৷

গগৈ ছাৰহঁত আগে আগে গৈ আছে ৷ কেঁকুৰি আৰু জংঘলৰ আঁৰত বাৰে বাৰে লুকাই পৰাত গাড়ীখন ভালকৈ এবাৰো দেখা পোৱা নগৈছে ৷ অফ্‌ ৰড ড্ৰাইভিঙৰ শীতল প্ৰতিযোগিতা এখনহে যেন চলি আছে, দুয়ো ড্ৰাইভাৰৰ মাজত ! মোৰ হলে এনেকুৱা ভাব হৈছে ৷

বেত মহলৰ বেতৰ দমবোৰৰ কাষেদি পাৰ হলোঁ ৷ এইটো এতিয়া নিশ্চিতভাৱে কব পাৰোঁ যে বেত কঢ়িওৱা বলেৰ পিক্‌-আপ্‌ গাড়ীকেইখনে জংঘলৰ পৰা উলিয়াই অনা বেতবোৰ ইয়াতে আনল'ড কৰে ৷ সেইখিনি পাছত থৈ আমি গেঝেনলান্যু (খোৱানি গাঁও) সোমালোঁহি ৷ গাড়ী ৰোৱা নাই ৷ ৰবৰ সকামো নাই ৷

সন্মুখত দলংবিহীন ৰিদংগে ৷ শিলাময় নৈখনৰ পাৰত উপস্থিত হৈ চালকজন এক মুহূৰ্ত ৰল ৷ তাৰ পাছতে সুকলমে অতিক্ৰম কৰালে ৰিদংগেৰ খৰসোঁত ৷ ৰিদংগে পাৰ হৈয়ে ৰিদংগেন্যু (ৰাইছিং গাঁও) ৷ সিদিনা আমি আহোঁতে পোৱা বগৰীজোপাৰ কাষতে সিখন গাড়ী ৰৈ আছে ৷ কিয়বা ? নাজানো ৷

আমি কিন্তু নৰলোঁ ৷ নিজৰ গতি অক্ষুণ্ণ ৰাখি চালকে আমাৰখন আগলৈ নি থাকিল ৷ সেইখনক পাছ পেলোৱাৰ লগে লগে যাত্ৰীসৱে কিৰীলিয়াই আনন্দ প্ৰকাশিব ধৰিলে ৷ বাই বাই বুলিও চিঞৰিলে সিহঁতলৈ চাই ৷ সিখনৰ যাত্ৰীবোৰো উল্লসিত হৈ উঠিল ৷ প্ৰত্যুত্তৰত সিহঁতেও কলে বাই বাই ৷ সুৰতে সুৰ মিলাই ময়ো উকিয়ালোঁ খুবমতে ৷ গগৈ ছাৰক চকামকাকৈ দেখা পোৱা গৈছিল ৷ পাছফালে চুক এটাত কুঁচি-মুচিকৈ বহি এইফালেই চাই আছিল ৷ হাত এখন দাঙিছিল ৷ তেওঁলোকৰ গাড়ীত বাটে বাটে স্ফূৰ্তি হৈছেনে নাই নাজানো, আমাৰ হলে তামাম হৈছে ৷

পুৰন্দৰ সিংহ (১৮৩৪-১৮৩৮) তেতিয়া আহোমৰ ৰজা হৈ আছিল ৷ ব্ৰিটিছ চাহাবে স্বৰ্গদেউক এবাৰ এখন সভালৈ আমন্ত্ৰণ জনালে ৷ ৰজাই নিজে নগৈ তেওঁৰ প্ৰতিনিধি হিচাপে Nzonyuসকলৰ মুখিয়াল Keyhang Sebüক পাচিলে ৷ ৰজাই তেওঁক সম্পূৰ্ণ যোদ্ধাৰ সাজেৰে যাবলৈ পৰামৰ্শ দিছিল ৷ তেনে ধৰণেই কেইহাং যথাস্থানত উপস্থিত হলগৈ ৷ সিফালে আচহুৱা বেশৰ লোকজনক দেখা পাই ব্ৰিটিছ অফিচাৰ অবাক ৷ দোভাষীৰ জৰিয়তে জানিব বিচাৰিলে যে মানুহজনৰ দোৱানটো কি ? উত্তৰত কেইহাঙে জনালে Remme/Rengme বুলি ৷ অফিচাৰজনে লগে লগে ডায়েৰীত নোট কৰি ললে ৷ কেইহাং গুচি আহিল ৷ পাছত শুনা পালে যে তেওঁৰ গোষ্ঠীৰ Nzon বা Nzonyu মানুহখিনিক ব্ৰিটিছে Rengma বুলিছে ! এনেকৈয়ে ৰেংমা শব্দটোৰ প্ৰচলন হোৱা বুলি এচামে ঠাৱৰ কৰিছে ৷

ৰেংমা বুলি জনাজাত হোৱাৰ পূৰ্বে পূৰ্বপুৰুষৰ নামানুসাৰে এই নগাসকলে নিজকে Nzon বা Nzonyu (Nzonৰ লোক) বা Nzon nyennyu (Nzonৰ সন্তান) বুলি কৈছিল ৷ গৱেষকৰ মতে Nzon তেওঁলোকৰ আদিপুৰুষ ৷ তেখেতৰ এজন পুত্ৰ আছিল ৷ নাম Mejoham ৷ এখেতৰ সন্তান আছিল ৪জন ৷ Njonkhg, Nrhoga, Nkakhing আৰু Nrungm ৷ ব্ৰিটিছে নগা পাহাৰ অধিকাৰ কৰাৰ সময়তে Nzonyu বা Nzon nyennyu গুচি ৰেংমা নামটো আহিল ৷ এই নামকৰণ প্ৰক্ৰিয়াৰ অন্তৰালত ব্ৰিটিছ নতুবা অন্য চুবুৰীয়া জনজাতি জড়িত থকাটোৱে সম্ভৱ বুলি ৰেংমাসকলৰো সাধাৰণ ধাৰণা ৷ আহোম, মান বা ইংৰাজ অহাৰ আগৰে পৰাই Nzonসকলে বৰ-অসমৰ পৰ্বতাঞ্চল, ৰেংমা হিলছ্‌ত বসবাস কৰি আছিল ৷ পাছলৈ ধৰ্মমতত খ্ৰীষ্টান হল, উপাসনা-গৃহ গিৰ্জা স্থাপন হল ৷ এইসকল তাৰেই বংশধৰ ৷

আমেৰিকান মিছনেৰীয়ে খ্ৰিষ্টানলৈ ধৰ্মান্তৰিত কৰাৰ পাছত পূৰ্বৰ আদিম প্ৰথাবোৰ ক্ৰমাৎ লোপ পালে ৷ হিংস্ৰতা, লুটপাট, উপদ্ৰৱৰ দৰে কু-অভ্যাসসমূহ এৰি উদাৰতা, সহিষ্ণুতা আৰু চুবুৰীয়াৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ উপৰি শিক্ষা, স্বাস্থ্যবিধি, সুস্থ জীৱনধাৰাৰ মূল্য উপলব্ধিৰে শৃংখলাবদ্ধভাৱে এই মানুহখিনিয়ে জীৱন অতিবাহিত কৰি গৈছে ৷ এওঁলোক প্ৰভু যিশুৰ পৰম ভক্ত ৷ মুক্তিদাতা যিশুখ্ৰিষ্টৰ প্ৰতি এওঁলোকৰ অপৰিসীম আস্থা ৷ দহোবন কাটি কৰি, কষ্ট স্বীকাৰ কৰি ডব্লিউ.আৰ.বি.এ.ৰ সভালৈ এনেকৈয়ে আহিছিল, আজি এনেকৈয়ে ঘৰলৈ ঘূৰিছে ৷ অভিযোগ একো নাই ৷ মনবোৰ মুকলি ৷

ৰেংমা নগাসকলক ইণ্ডো-তিবেত-চাইনিজ পৰিয়ালৰ মংগোলীয় প্ৰজাতিৰ লোক হিচাপে গণ্য কৰা হয় ৷ জাৰ্মান ভাষাবিদ ছাৰ জৰ্জ গ্ৰীয়েৰছনে মানুহখিনিৰ মুখৰ ভাষাটোক তিব্বত-বৰ্মী ভাষা পৰিয়ালত অন্তৰ্ভুক্ত কৰিছে ৷

আমাৰ গাড়ীখনত থকা মহিলাসকলে সমৱেত কণ্ঠত গীত গোৱা আৰম্ভ কৰিলে ৷ খ্ৰীষ্ট-গান ৷ নিজৰ দোৱানত গাইছে ৷ সুৰটো ভাল লাগিছে শুনি ৷ তাৰ মাজতে দুই-একৰ সৈতে মোৰ বাৰ্তালাপ চলিছে ৷ কিবা-কিবি সুধিছে ৷ কালি ৰিছাংগাৰিত দেখা পোৱা বুলিও কৈছে ৷ যাত্ৰীসকলৰ কোনোবাজন জংফালৈ যাব, কোনোবা ললাশ্বংন্যুলৈ ৷ মই জংফালৈ গৈছোঁ, আখৈফুটালৈ গৈছোঁ বুলি কলোঁ ৷ থাংচিয়ে সমৰ্থন দিলে ৷ সিহঁতৰ দোৱানতে কিবা-কিবি ব্যাখ্যা কৰিব ধৰিলে ৷ জংফাৰ পৰা কেইহাং ৰেনচলৈ গৈছিলোঁ, কেইহাং ৰেংমা ফুকনৰ সমাধি চাই আহিছোঁ বোলাত মানুহবোৰ আচৰিত হৈ পৰিল ৷ থাংচিয়ে পুনৰ সঁহাৰি জনাই দুআষাৰ ক'লে ৷ থাংচি আমাৰ বাট-প্ৰদৰ্শক তথা ব্যৱস্থাপক মূল ব্যক্তি আছিল ৷

কাৰেংগা গাঁও সোমালোঁহি ৷ দুফালে পৰম্পৰাগত ৰেংমা নগা চাংঘৰ কিছুমান আছে ৷ এসময়ৰ ঙাঁদা উৎসৱথলী ৷ বৰ্তমান নিমাওমাও পৰিৱেশ ৷ ঠিক সোঁমাজেৰে গাড়ীখন অগ্ৰসৰ হৈছে ৷ এইডোখৰ প্ৰায় সমান ৷ সিখনো আহি আছে পাছে পাছে ৷ নিয়ন্ত্ৰিত গতি ৷

এতিয়া ৮ বাজি ১০ মিনিটমান গৈছে ৷ সন্মুখত দৈগ্ৰোঙৰ আগলি, খেনাৰি নদীখন ৷ দলংবিহীন খেনাৰিত গাড়ী নমাই দিলে চালকে ৷ পানী ফালি ঠিকে ঠিকে পাৰ কৰাই আনিলে ৷ এনেকুৱাতে মহিলা এগৰাকীক দেখিলোঁ, মোনাৰ পৰা চেনীচম্পা কল এগালমান উলিয়াইছে ৷ চলন্ত গাড়ীতে এফালৰ পৰা বিতৰণ কৰাত লাগিল ৷ চালক আৰু আগফালে বহি থকা কেইজনলৈকো আগ বঢ়াইছে ৷ ময়ো পালোঁ কেইটামান ৷ থেকেচনিত ৰাতিপুৱা খেংগাৰ ঘৰত খাই অহা জলপানকেইটা হজম হৈ ভোকটো লাগি আহিছিল ৷ কলকেইটা খাই কিছু সকাহ পালোঁ ৷ গগৈ ছাৰে কি পাইছে, কি খাইছে তাকহে জনাৰ কোনো উপায় নাই ৷ খেনাৰিৰ বালিয়ৰি পথছোৱাত আমাৰখনৰ গতি মন্থৰ হৈ পৰোঁতে তেওঁলোকে আমাক অতিক্ৰম কৰি গল ৷ আকৌ উভয় পক্ষৰ মাজত কিৰীলি, বাই বাই ধ্বনিৰ জোৱাৰ উঠিল ৷

৫ মিনিটৰ পাছতে ফাংচেৰপলৈ সোমাই যোৱা ৰাস্তাটো অৰ্থাৎ তিনিআলিটো পালোঁহি ৷ ফেনচেৰ গাঁৱৰ Pfukha Rengma আহোম ৰজাৰ পৰা স্বীকৃতি লভা অন্তিমজন ৰেংমা মৌজাদাৰ আছিল ৷ ইয়াৰ পৰা বাঁওহাতে ফেনচেৰ গাঁও ৷ চলতি ভাষাত ফাংচেৰপ ৷ ৰেংমা গাঁওখনলৈ কেতিয়াবা সুযোগ পালে যোৱাৰ আশা পুহি সংযোগী ৰাস্তাটো এৰি থৈ আগ বাঢ়িব ধৰিলোঁ ৷