২.৮ ৰ’য়িঙত নামিলোঁ
সন্মুখত ৰ'য়িং ৷ ৰ'য়িং চহৰখনৰ গঠন ১৯৫৩ চনত, অৰ্থাৎ বৰভূঁইকঁপৰ ৩ বছৰৰ পাছত আৰম্ভ হৈছিল ৷ পূৰ্বতে অঞ্চলটো আছিল ঘন অৰণ্যৰে পৰিৱেষ্টিত ৷ পৃষ্ঠভাগ অলপমান ওখ যদিও ৰ'য়িংখন সচৰাচৰ মানুহে ভবাৰ দৰে পাহাৰীয়া নহয়, প্ৰায় সমতলীয় চহৰ ৷ ইয়াৰ পৰা অদূৰত পৰ্বতৰ লানি ভালকৈয়ে দৃষ্টিগোচৰ হৈ থাকে ৷ পোনে পোনে যদি গৈ থকা যায় তেনেহ’লে টাউন অতিক্ৰম কৰি দেওপানী নৈ পাৰ হৈয়ে মিছিমি পাহাৰৰ আৰম্ভণি ৷ অৰুণাচল-হিমালয়ৰ পাদদেশ সেয়া ৷ মিছিমি হিল্ছক বিশ্বৰ Mega Bio-diversity Hotspotসমূহৰ অন্যতম বুলি গণ্য কৰা হয় ৷ আনিনিৰ বাটটো সেইফালেই ৷
ওপৰত Welcome to Roing লিখা সুদৃশ্য তোৰণখন পাৰ হৈয়ে চালকে ডিজেল ভৰাবলৈ বাছখন তেল ডিপ’ত প্ৰৱেশ কৰোৱালে ৷ থম্ থম্কৰে বহি ভাবি আছোঁ, জিবি প’ল’ক ফোন কৰোঁ নেকি ? নাই নকৰোঁ
৷ কিহতবা ব্যস্ত আছে তেওঁ ! চ’ক’ তায়ুৰে নম্বৰকেইটা টিপি চালোঁ
৷ সিও মিছা ৷ ফোন নাযায় ৷ এই সংযোগহীনতাটোৰ কাৰণেই যিমানেই ওচৰ চাপিব ধৰিছোঁ সিমানেই
দোধোৰ-মোধোৰ ভাব এটা সময়ে সময়ে ক্ৰিয়াশীল হৈ উঠিব ধৰে ৷ শীতল মগজুৰে মনটোক বুজাওঁ... গৈ থাকোঁচোন ৷ হোটেল পাওঁগৈ ৷ তাৰ পাছত দেখা যাব কি হয় ৷ প্ৰথমে কিন্তু কিবা এটা
খাই ল’ব লাগিব ৷ পেটৰ ভিতৰত বিদ্ৰোহ আৰম্ভ
হৈ গৈছে ৷ তিনিচুকীয়াত কাহিলি পুৱাতে লালচাহৰ লগত চোবোৱা শুকান বিস্কুটখনেনো কিমান
টানিব ?
অসম এৰি প্ৰায় ২০ কিল’মিটাৰ অহা হ’ল ৷ ব’ৰ্ডাৰ ৰ’ডছ্ অৰ্গেনাইজেচনৰ ওখ ব’ৰ্ডখনে কৈ দিছে যে চিধাই গ’লে ৰ’য়িং ৩, হুনলি ৯৩, আনিনি ২৩৮ কিল’মিটাৰ ৷ সোঁফালে কৰনু ২০, তেজু ৬৮ ৷ পাছফালে এৰি অহা শান্তিপুৰ ১৯.৫, ছৈখোৱাঘাট ৪৫ কিল’মিটাৰ ৷ বাওঁফালে ডামবুক ৩৫, পাচিঘাট ১০০ ৷
তেজু শব্দটো দেখা পায়ে নতুন উদ্দীপনা এটাৰ সঞ্চাৰ হ’ল ৷ ১৯৪৬ চনত প্ৰতিষ্ঠিত,
সেই সময়ৰ ম’ষ্ট ষ্ট্ৰেটেজিক
টাউন তেজুলৈ দুবাৰ গৈছোঁ ৷ এডুকেটেড কল’নীত বন্ধু ধৰ্মেনৰ ঘৰ ৷ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ পূবৰ অন্তিম পূব দৰ্শনৰ পাছত আঞ্জাৱ জিলাৰ হে’ড-কোৱাৰ্টাৰ হাৱাইৰ পৰা পুৱাতে ওলাই ধূলি-ধূসৰিত তেজুখন চুই সোঁহাতে এৰি অহা পথটোৰেই বিয়লি পৰত পোনে পােনে ৰ’য়িং ওলাইছিলোঁহি ৷ দীঘলীয়া যাত্ৰা ৷ নতুন পথে সম্প্ৰতি দূৰত্ব ভালেখিনি কমালে ৷ আগতে ১১০ কিল’মিটাৰ বুলি জানিছিলোঁ ৷ বহল ৰাস্তাই ভ্ৰমণ আৰামদায়ক কৰিব ৷ এতিয়া আৰু আগৰ দৰে নদীৰ বুকুত অকাই-পকাই ঘূৰি থাকিব নালাগে
৷ সিবাৰ মনত আছে, দলংবিহীন ডিগাৰুৰ বোঁৱতী ধাৰাটো চাবৱে’ৰে পাৰ হওঁতে পাৰতে পৰি আহিছিল অৰুণদাৰ হেণ্ডছেটটো ৷ ৫ কিল’মিটাৰমান গুচিয়ে আহিলোঁ ৷ তাৰ পাছতহে তেওঁৰ উচপিচনি আৰম্ভ
হ’ল যে ফোনটো নাই ৷ ক’ত পৰিল, ক’ত পৰিল ? আদবাটতে গাড়ী ৰখাই বিচৰা-বিচৰি ৷ নাই, নাপাওঁ ৷ উভতি গৈ নৈখনৰ শিলাময় বক্ষত অক্ষত অৱস্থাতে পাইছিলোঁ হেৰোৱা সম্পদটি ৷ তেতিয়াহে স্বস্তি ৷
ভাবি ভাল লাগিছে যে সোঁফালৰ ৰাস্তাটোৰে ভাৰতৰ শেষ প্ৰান্তলৈকে ভ্ৰমি পাইছোঁ ৷ বাঁওফালৰটোহে আজিও অপাৰ কৌতূহলৰ বিষয়-বস্তু হৈ আছে ৷ যিমানখিনি গম লৈ থৈছোঁ, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো জোনাইৰ পৰা পাচিঘাট, মেব’, ডামবুক হৈ এইখিনি ওলাইছে ৷ পাচিঘাটৰ পৰা আগলৈ ৰাণাঘাটৰ চিয়াং ব্ৰীজ পৰ্যন্ত গৈছোঁ যদিও তাৰ পৰা ইয়ালৈকে এইছোৱা আজিও নেদেখাতে আছে ৷ গম পোৱামতে, মেকা-বমজিৰ হৈ ৫০ কিল'মিটাৰ আগলৈ আছে ডিবাং নদীৰ দলং ৷ মোৰ কল্পনাৰ ব্ৰহ্মপুত্ৰ পৰিক্ৰমাৰ ই এক উল্লেখযোগ্য পথ ৷ ভাবিছোঁহে ভাবিছোঁ, যোৱাটো হৈ উঠা নাই ৷ অকলশৰীয়া এই ভ্ৰমণটোলৈ ওলোৱাৰ পূৰ্বতে দৰাচলতে সেইটো ট্ৰিপহে বাছনিত উঠিছিল ৷ সংগীও ওলাইছিল, বাহনো আছিল ৷ দিনো নিৰ্ধাৰণ হৈছিল ৫ জানুৱাৰী ২০২০ ৷ পিছে কাঁ আন্দোলনে উজনিত ভয়ংকৰ ৰূপ লোৱাত গাড়ী থমকিল ৷ এতিয়া অসহায়নেত্ৰে এপলক চাইছোঁ সেইফালে ৷
সেইফালেই ল’ৱাৰ ডিবাং ভেলী জিলাৰ ডামবুকৰ অক’ক’ গাঁৱত ৪ দিনীয়াকৈ অ’ৰেঞ্জ ফেষ্টিভেল এণ্ড এডভেন্চাৰ এণ্ড মিউজিক আয়োজন কৰি অহা হৈছে ২০১৪ চনৰ পৰা ৷ উৎসৱৰ আয়োজন কৰিলেও কিন্তু মই জনাত ডামবুক নহয়, অৰুণাচলৰ সুমিষ্ট আৰু মঙহাল কমলা পোৱা যায় লোহিত জিলাৰ ৱাক্ৰ’ত ৷ ৱাক্ৰ’ক কোৱা হয় অ’ৰেঞ্জ কেপিটেল অফ্ অৰুণাচল ৷ ৱাক্ৰ’ৰ ১০,০০০ একৰ ভূমি জুৰি কমলা গছ বিস্তৃত হৈ আছে ৷ ৱাক্ৰ’ মই দেখিছোঁ ৷ ডামবুক দেখা নাই ৷ যোৱাৰ আৰু চোৱাৰ মন আছে ৷ আচল কথা তেতিয়াহে জনা যাব ৷ এতিয়াও, যদিহে আজি চ’ক’ তায়ুৰ কোনো যোগসূত্ৰ বা গ্ৰীণ ছিগনেল নাপাওঁ, আনিনিৰ বিকল্প হৈ যাব পাৰে এই পথটো ৷ ডামবুক হৈ পাচিঘাটলৈকে পোনাই দিম অকলে অকলে বুলি ক্ষীণ এক সম্ভাৱনাও সংগোপনে পুহি ৰাখিছোঁ ৷ আহিলোঁ যেতিয়া মুঠতে কিবা এটাতো কৰিবই লাগিব ৷ সেয়া ৰ’য়িঙে ক’ব ৷ চ’ক’ তায়ুৰ হাঁ-নাই থিৰাং কৰিব ৷

বাছখন আগুৱাব ধৰিলে
৷ ৰ’য়িঙলৈ প্ৰথমবাৰ আহিছিলোঁ ২০১৫ চনৰ
এপ্ৰিল মাহৰ মাজভাগত ৷ তাৰ পাছত ২০১৭ৰ মে’ৰ শেষৰ সপ্তাহত ৷ ২০২০ত এয়া তৃতীয় আগমন ৷ বাট-পথ ভাল, আহল-বহল ৷ দোকান-বজাৰ ডাঙৰ হ’ল ৷ আগতকৈ ব্যস্ত হৈ উঠিছে ৰ’য়িংখন ৷
ঠিক ৮.৩০ত টাউন পালোঁ ৷ মই কোঠা বুক কৰি থোৱা হোটেল মিম’ৰ ওচৰতে ৰ’ল বাছখন ৷ এইটো লাষ্ট ষ্টপেজ ৷
অন্যান্য যাত্ৰীসকলৰ লগতে নামিলোঁ ময়ো ৷ (ক্ৰমশঃ)