Friday, 13 April 2018

পঞ্চম দিনঅংশ-১০

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ধাবা এখনত ভাত খাই উঠি বাকী থকা অংশটোৰ বাবে আকৌ যাত্ৰাটো আৰম্ভ ৰা হ'ল৷ 'ক'ত আছা?' সঞ্জুৱে মণ্টুক ফোন কৰিলে৷ 'অফিছতে আছোঁ৷' নিৰ্দেশমতে জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়লৈকে চলাই নিলে বীৰেন্দৰে৷ গোটাইকেইটা হুৰ-মূৰকৈ সোমাই গলোঁ ব্যস্ততাভৰা কাৰ্যালয় ভৱনটোত৷ নিৰ্দিষ্ট কোঠাটো বিচাৰি উলিয়াওঁতে অকণো দেৰি নালাগিল৷ হাতত বাচি থকা সময়হে সীমিত৷

সৌৱা বাহিৰত গাড়ী, এইটো চাবি, এইজন ড্ৰাইভাৰ৷ চমজি লোৱা৷ আৰু কোৱা, চাৰিদিনত কিমান হল?

খৰতকীয়া, খাৰাংখাচ বাক্যৰে উপস্থাপন শুনি মণ্টুৱে হাঁহিলে মাথো৷ ততালিকে একো উত্তৰ নিদিলে৷ অকণমান ৰৈ লাহেকৈ কলে, বহাচোন বাৰু৷ অফিছৰে কোনোবা এজনক আৰু দুখন চকী যোগাৰ কৰি দিবৰ বাবে চিঞৰ মাৰিলে৷ চকী আহিল৷ টেবুলখনৰ কেউকাষ আগুৰি আমি চাৰিওটা বহিলোঁ৷ সিফালে মণ্টু৷ ড্ৰাইভাৰ বীৰেন্দৰ কোঠাৰ বাহিৰত ৰ'লগৈ৷

কোৱা আকৌ... আমি সোনকালে ষ্টেচন পাবগৈ লাগিব... ডাউন ইণ্টাৰচিটিখন ইয়াত ৰাইট টাইমেই থাকিব নিশ্চয়৷ সঞ্জুৱেও প্ৰেচাৰ দিলে৷ আনহাতে নতুন চিনাকি যদিও ৰাজু গগৈ আৰু পংকজ দাসেও পৰিশোধ কৰিবলগীয়া অংক এটা আশা কৰি মণ্টুৰ ফালে চাই উৎকৰ্ণ হৈ ৰল৷

বহাচোন ভাই বহা, চাহ একাপ অন্ততঃ খাই যোৱা৷ আকৌ কেতিয়া ক'ত লগ পাম তাৰ কি ঠিকনা আছে!’ অৰ্ডাৰ গল৷ চাহ-মিঠাই আহিল৷ খৰখেদাকৈ খালোঁ৷ তাৰ মাজতে ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচু পাছ হৈ লেক অফ্‌ ন ৰিটাৰ্ণলৈ কৰা আমাৰ সফল এড্‌ভেন্‌চাৰ ট্ৰিপটোৰো টুকুৰা বৰ্ণনা, ৰোমন্থন, প্ৰশ্নোত্তৰ ইত্যাদি চলি থাকিল৷ কথাৰ মাজতে মণ্টুৱে জনালে, সবান্ধৱে ময়ো গৈছিলোঁ নহয় কালি, লেক্‌ অফ্‌ ন' ৰিটাৰ্ণ চাই আহোঁ বুলি৷ পিছে কি হব, জয়ৰামপুৰ গেটত গাড়ীৰ যিহে জাম্‌ লাগিল, পাৰেই হ'ব নোৱাৰিলোঁহে'৷ ঘূৰি আহিবলৈ বাধ্য হলোঁ৷ তোমালোককো ফোন মাৰি মাৰি নাপালোঁ৷ সেইবোৰলৈ যাবলৈ, চাবলৈ আচলতে এক ধৰণৰ ভাগ্য লাগে বুইছা, ভাগ্য লাগে৷

মণ্টুৰ স্বীকাৰোক্তি শুনি থকা অৱস্থাতে কোঠাত ওলমাই ৰখা ডাঙৰ ৱাল ক্লকটোৰ কাঁটাকেইডাললৈ চকু গ'লত চিৰিয়াচ হৈ উঠিলোঁ৷ সময় ক্ৰমান্বয়ে টুটি আহিছে৷ কাপটো টেবুলত থৈয়ে মণ্টুলৈ লক্ষ্য কৰি কৃতজ্ঞতাৰ সুৰত ক'লোঁ, তোমাৰ সৈতে সংযোগ আৰু তোমাৰ সহায় আমাৰ সদায় মনত থাকিব৷ বহুত বছৰৰ মূৰত, কিজানি ২০-২২ বছৰৰ পাছত লগালগি হ'লোঁ৷ খুব ভাল লাগিল দেই৷ আকৌ লগ পাম৷ কুশলে থাকিবা৷ এতিয়া হিচাপ কোৱা ভাই, বিল ক্লিয়েৰ কৰি যাওঁ৷ লেন-দেন পৰিষ্কাৰ কৰি ৰখা উচিত৷ তেহে ৰাস্তাটো খোলা থাকিব৷ ন' হেজিটেচন প্লিজ...

নালাগে নালাগে৷ সজোৰে শব্দ দুটা ওলাই আহিল বন্ধুৰ মুখৰ পৰা৷ নালাগে দিয়াচোন, মই মেনেজ কৰিম৷, উপৰ্যুপৰি দুবাৰ ক'লে সি৷ তেনেকৈ কোৱাত মই সঞ্জুৰ চকুলৈ চালোঁ৷ 'কি কয় মণ্টুৱে!' সঞ্জুৱে মোলৈ চালে৷ এইটো কেনেকৈ হব ভাবত৷

নাই নাই তেনেকৈ নহব৷ গাড়ী আমি নিছোঁ৷ ইচ্ছামতে ঘূৰাইছোঁ৷ গতিকে যি হয় ভাড়া আমি দিম৷ তুমি কিয় ভৰিব লাগিছে? সঞ্জুৱে যুক্তি দৰ্শালে৷ মণ্টুৱেও নেৰে৷ শেষ-বিজয় অৱশ্যে তাৰে হলগৈ৷ আজি কিমান বছৰৰ মূৰত তোমালোকক লগ পাইছোঁ৷ তোমালোক মোৰ আলহী৷ গতিকে নালাগে৷ মই মেনেজ কৰিম দিয়া৷ সময়-সুবিধা পালে আকৌ আহিবা৷ প্লেন বনাবা৷ একেলগে যাম অহাবাৰ৷

তাৰ পাছতে বাহিৰত ৰৈ থকা ড্ৰাইভাৰ বীৰেন্দৰ মাহাতোক কোঠালৈ মতাই অনালে৷ কলে, নিউ তিনিচুকীয়া ৰেল ষ্টেচনত আমাক ড্ৰপ কৰি দিবলৈ৷ তাৰ পৰা বাহিৰে বাহিৰে বলেৰখন মালিকৰ ঘৰত জমা দিবগৈ লাগিব৷ তাৰ পিছত বীৰেন্দৰ ফ্ৰী৷

সময় বুজি আটায়ে কোঠাটোৰ পৰা বাহিৰ ওলাই আহিলোঁ৷ পুৰণি বন্ধুৰ সৈতে একোবাৰকৈ হাত মিলাই, আলিংগন কৰি গাড়ীত বহিলোঁ৷ খিৰিকীৰ আইনাখন নমাই শেষ বাক্যটো এৰি দিলোঁ, কেচু আজুং৷ মণ্টুৱে একো নুবুজিলে৷ চিৰিয়াচ হৈ পৰিল৷ অৰ্থ ভাঙি দিলত হাঁহি এমোকোৰা ওলাই গল৷ বিদায়ৰ হাঁহি৷ মইযে অন্ততঃ দুটা হ'লেও টাংচা শব্দ বুকুত লৈ আহিছোঁ, জানি সুখী হ'ল৷

অলিয়ে-গলিয়ে অকাই-পকাই আনি বীৰেন্দৰে আমাক ষ্টেচনত নমালে৷ মানুহটোক এৰিবলৈ বেয়াই লাগিল৷ এইকেইদিন একেলগে থকা-খোৱা কৰাৰ ফলত আমাৰ লগত সুন্দৰভাৱে মিলি গৈছে৷ প্ৰত্যেকেই টকা এশ-দুশকৈ যি ইচ্ছা পকেটৰ পৰা উলিয়াই বীৰেন্দৰৰ হাতত দিলোঁ আৰু ক'লোঁ, ঘৰলৈ যাওঁতে লৰা-ছোৱালীলৈ কিবা খোৱা-বস্তু কিনি লৈ যাবা৷ আকৌ কেতিয়াবা লগ পাম তোমাক৷ তেতিয়া আকৌ তুমিয়েই চলাব লাগিব৷ তোমাৰ ড্ৰাইভিং ভাল পালোঁ৷ তাৰ পিছত কান্ধত বেগ লৈ দৌৰা-দৌৰিকৈ প্লেটফৰ্মত উঠিলোঁহি৷ বীৰেন্দৰে ৰ-লাগি চাই থাকিল৷

ঘোষণা হৈছে, অলপ পাছতে ইণ্টাৰচিটিখন আহিব৷ আমাৰ হাতত জেনেৰেল টিকট৷ ৰিজাৰ্ভেচন নাই৷ টি.টি.ই.ক সুধি শ্লীপাৰ ক্লাছতে উঠাৰ অনুমতি লৈ থলোঁ৷ সুখ-স্মৃতি এসোপামান হৃদয়ত সাঁচি-সামৰি লৈ আমি চাৰি এড্‌ভেন্‌চাৰিষ্ট এতিয়া ঘৰমুৱা শেষ যাত্ৰাটোৰ বাবে সাজু৷ অনেক প্ৰসংগৰ লগতে বীৰেন্দৰৰ নিপুণ গাড়ীচালনা আৰু শেহতীয়াভাৱে, মণ্টুৰ আঁকোৰ-গোঁজালিৰ কথাটোৱে মাজে মাজে ৰিঙিয়াই থাকিল৷ তাকে লৈ বুকুখন ফুলিও থাকিল এই ভাবত যে এনেকুৱা বন্ধু মোৰ, আমাৰ আছে৷

তিনিচুকীয়া ৰে'ল ষ্টেচনত ১৫৬০৪ নং নামনিমুৱা লিডু-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছত থ্ৰি টায়াৰত বহিছোঁ৷ ইঞ্জিনে টান দিছে৷ নংকি বস্তিৰ পৰা কোনে কি উপহাৰ আনিছে? আস্তেকৈ প্ৰসংগটো উলিয়ালোঁ৷ কোনেও একো নাই অনা৷ মই বেগৰ পৰা নাজঙে দিয়া বস্তুটো উলিয়াই আনিলোঁ আৰু দেখুৱালোঁ৷ প্ৰত্যেকৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিল হস্তশিল্পৰ চানেকীস্বৰূপ সৰু, মৰমলগা, বাঁহৰ পিয়লাটো৷ পিটিকি পিটিকি চালে সকলোৱে৷ কোনেও ভাবিব নোৱাৰা কাম এটা কৰি নিজৰো কিবা এটা মজা লাগিল৷ 'এইটো ভালকৈ ৰাখিব দেই৷' ৰাজু গগৈয়ে ক'লে৷

খৰধৰকৈ গাড়ীত উঠাত একো খোৱাই নহল৷ মনত পৰিল যে অথনি আমাৰ গাড়ীত উঠি অহা নংকি বস্তিৰ মহিলা দুজনীয়ে টোপোলাকেইটামান দিছিলে নহয়৷ এতিয়া উলিওৱা যাওক৷ কিন্তু খাম কিহেৰে? লগততো একো নাই৷ কেৱল ভাত৷ তেনেকৈয়ে খালোঁ৷ খুব মিঠা লাগিল ভাতকেইটা৷ থাইলেণ্ডত খোৱা stretching riceলৈ ফটকৰে মনত পৰি গ'ল৷ ১০ থাই বাট্‌ দামত ফুটপাথতে পোৱা ভাত এপেকেট, দুটা জাহাজী কল আৰু ডিপাৰ্টমেণ্টেল ষ্ট'ৰ '7-Eleven'ত কিনা ২৫০ মিলিলিটাৰৰ pasteurised milk এক পেকেট৷ তাত সেয়াই আছিল মোৰ প্ৰধান খাদ্য৷ এইফালে চলন্ত ৰে'লত এতিয়া টোপোলা ভাত চোবাওঁতে এটা বেলেগ ধৰণৰ তৃপ্তিয়ে মুহূৰ্ততে জিভাখন আৱৰিলে৷ এই তৃপ্তিবোৰ আজীৱন কেৱল জিভাতে নহয়, মনে-প্ৰাণে, হৃদয়ৰ কোঁহে কোঁহে লাগি থাকিব৷

বাটতে খবৰ পালোঁ যে হাৰ্বাৰ্টৰ Hyundai Tucson জাঁজীৰ 'নন্দনবন'ত থমকিল৷ আমি ভালে ভালে ৰে'ল-যাত্ৰা সামৰি মধ্যনিশা ঘৰ সোমালোঁ৷ (সমাপ্ত)


পঞ্চম দিনঅংশ-

ইটাৰে শাৰী শাৰীকৈ সাজি থোৱা কবৰবোৰৰ মাজত সোমাই অৰুণদাই পেনোৰামিক শ্বট কিছুমান লৈ আছে জয়ৰামপুৰ ৱাৰ চেমিটাৰীৰ ভিতৰভাগৰ৷ মূৰৰ ঠিক ওপৰেদি পাখি ঘূৰাই গৈ থকা হেলিকপ্টাৰ এখনক ঝুম কৰি ধৰি ৰখাৰ চেষ্টা এটাত লাগি আলোড়িত হৈ আছোঁ মই৷ অৰুণদাৰ অনুৰোধত নিৰ্দিষ্ট ল'কেচন কেইটামানত তেওঁৰ ফটো দুখনমানো তুলি দিবলগীয়া হল৷ তেতিয়াই জনালে, টীম-বিৰ ওভতনি পৰিকল্পনাটোৰ সম্বন্ধে৷

যি বুজিলোঁ, ইনথঙৰ চিংফৌ ইক লজত দলটোৰ দিনৰ সাঁজ খোৱাৰ মতলব৷ সিদিনা আহোঁতে হেঁপাহ নপলাল৷ হলৌ বান্দৰজনীকো পাহৰিব পৰা নাই৷ তাত জিৰাই-শঁতাইহে যাত্ৰা পুনৰ আৰম্ভ কৰা হ'ব৷ হাৰ্বাৰ্টে বোলে কৈছে, একেৰাহে গৈ থাকিব৷ ৰৈ থাকিবলৈ নাই৷ হাৰ্বাৰ্টে ওৰে দিন ওৰে ৰাতি একাকাৰ কৰি গাড়ী চলাব পাৰে৷ পিছে তেনেকৈ গৈ থকাৰ প্ৰস্তাৱ অৰুণদাই মানি লোৱা নাই৷ নিশাটোৰ বাবে কোনোবা হোটেল এখনত আশ্ৰয় লৈ পিছদিনা পোহৰে পোহৰে ডিফু ওলোৱাৰহে পক্ষপাতী তেওঁ৷ শিৱসাগৰ, যোৰহাটত থাকিব পৰা ঠাইৰ বিষয়ে সোধাত হোটেলৰ শুং-সূত্ৰ কিছুমান মই দি দিলোঁ৷ আনহাতে আমাৰ টীম-এ'ৰ পৰিকল্পনামতে কিন্তু বাটতে কৰবাত ভাতকেইটা মোকলাই চিধা তিনিচুকীয়া ওলামগৈ৷ সময় বন্ধা আছে৷

এই যাত্ৰাবোৰেই এনেকুৱা৷ যাওঁতে বান্ধটো খোল খাই গৈ থাকে৷ ঘূৰি আহিলেই লেঠা৷ আকৌ বান্ধোনৰ গণ্ডীত সোমাই পৰিব লাগে৷ ৰুটিনমাফিক জীৱন-যাত্ৰাৰ পৰা পলাই আমি দুই-চাৰিদিনলৈ নেগুৰ কটা বাঘ হৈ উঠোঁ৷ আমাৰ মনৰ সযত্নপালিত প্ৰয়াস কিছুমানে তেনে সময়তে প্ৰাণ পাই উঠে৷ সময়ে আকৌ মায়াডোলেৰে বান্ধি পেলায় আমাক৷ ইফালে অৰুণদাই কথাবোৰ গোপনে ৰাখিয়ে ভাল পায়৷ কত যাব, কেতিয়া যাব, কোন কোন যাব এই বিষয়ে কাকো নকয়৷ ঘূৰি আহি লিখিত ৰূপত সৰ্বত্ৰ জনাই দিয়ে, কাকত-আলোচনীৰ ছপা আখৰবোৰৰ জৰিয়তে৷ তেওঁৰ স্বভাৱটো হ'ল এনেকুৱা৷ মোৰ কেইবাটাও যাত্ৰাপথৰ ভ্ৰমণ-সংগী তেওঁ৷ ঘৰ গৈ পাই সুবিধা বুজি আকৌ পৰৱৰ্তী ভ্ৰমণৰ কথা ওলাবই ওলাব৷ এইটো মই ভালকৈ জানো৷ ভ্ৰমণ-পৰ্যটন আমাৰ দুয়োৰে হ'ব্বী৷ কোনো নোযোৱা, কম মানুহ যোৱা ঠাইবোৰ আমাৰ লক্ষ্য৷ নগৰ-মহানগৰৰ সহজ পৰিক্ৰমাত তৃপ্তি অকণো নাই৷

প্ৰায় আধা ঘণ্টা কটোৱা হল কবৰৰ পৰিপাৰ্শ্বত৷ ভাব-অনুভূতিৰে পুনৰবাৰ সোঁৱৰিলোঁ তাহানিৰ মৃতকসকলক৷ তাৰ পাছতে অগা-পিছাকৈ দুয়োখন গাড়ীয়ে পৰৱৰ্তী যাত্ৰা আৰম্ভ কৰি দিলে৷ জয়ৰামপুৰ গেট পাৰ নৌহওঁতেই আমি টীম-বিক এৰিলোঁ৷ অসম সীমান্তৰ পৰা ম্যানমাৰ সীমান্তলৈ এইছোৱা ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ আমি জাগুন পালোঁহি৷

ষ্টীলৱেল পথ শেষ হৈ আহিছে৷ বেদনা এটা যেন ধীৰে ধীৰে জাগ্ৰত হৈ আহিছে! ইফালে, ড্ৰাইভিং হুইলত থকা বীৰেন্দৰ মাহাতোৱে এক্সেলাৰেটৰত আন সকলো সময়তকৈ যেন বেছি হেঁচা প্ৰয়োগ কৰিছে! এনে লাগিছে মোৰ৷ ঘৰমুখী চালনা৷ হাজাৰ হওক, তেওঁৰো ঘৰ এখন আছে৷ ঘৰত লৰা-ছোৱালী আছে, পৰিবাৰ আছে৷ মূল মানুহটো একেৰাহে ইমানকেইদিন নাই৷ ড্ৰাইভাৰৰ জীৱনেই এনেকুৱা! মানি নলৈ কি উপায়? তথাপি ৰে'ল ধৰাবৰ উদ্দেশ্যেই চাগৈ তেওঁ যিমান পাৰি গতি তীব্ৰতৰ কৰি পেলাইছে৷ ৰাস্তাটোত যান-বাহন সিমান নাই৷ গতিকে জোৰত আহি মজা এটাও লাগিছে৷

১৯৯৭ চনৰ ১৭ ফেব্ৰুৱাৰীত অন্তিমখন ৰেল পাৰ হোৱাৰ পিছতে বন্ধ হৈ যোৱা, ঐতিহাসিক দ্বিতীয় মহাযুদ্ধৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানী ষ্টেচনৰ ফলকখনে সগৌৰৱে আজিও সোঁৱৰাই আছে, Eastern-most Railway Station of India, Railway's Last Frontier, End of the Rail Head আদি বাক্য কিছুমান৷ আমি লেখাপানী পালোঁ৷ ষ্টীলৱেল ৰ'ড সমাপ্ত হল৷ বিদায় ষ্টীলৱেল ৰ'ড৷ আকৌ আহিম৷ মনটো স্বাভাৱিকতে অকণমান বেছিকৈয়ে গধুৰ গধুৰ লাগিল৷ ম্যানমাৰৰ মাজেদি ভাৰতৰ পৰা চীনলৈ এই ৰাস্তাটো কেতিয়া খোল খাব, খোল খাবনে নাখাব নাজানো৷ ব'ৰ্ডাৰ খোলা থকাৰ সুযোগটো হ'লে আমি ল'লোঁ৷ আমাৰ দৰে ভ্ৰমণপিয়াসী আৰু বহুতেই ল'লে অৱশ্যে৷ পৰৱৰ্তী সুযোগৰ বাবে অপেক্ষা কৰিব লাগিব সম্পূৰ্ণ এটা বছৰ৷ তাতো আকৌ অনিশ্চয়তা নথকা নহয়৷

লিডু পালোঁহি৷ ওচৰতে মাৰ্ঘেৰিটা৷ মাৰ্ঘেৰিটা পাওঁ পাওঁ হওঁতে এবাৰ পিছলৈ চালোঁ, কলা টাক্‌চনখন দেখোঁ নেকি বুলি৷ আমাতকৈ বহুত পাছত আছে৷ তেওঁলোক সোঁহাতে সোমাব চিংফৌ ইক লজলৈ৷ বলেৰ'খনে চিধা ৰাস্তা ধৰিলে৷ ফোন এটা কৰি অৰুণদাহঁতক কথাষাৰ জনোৱা হ'ল৷ 'কাইলৈ ডিফুত দেখাদেখি হ'ব৷ বাকীখিনি তেতিয়া পাতিম৷ মে'মৰী কাৰ্ডৰ পৰা ফটোখিনি মোৰ লেপটপত লৈ আপোনাৰ কেমেৰাটোও হাতে হাতে ঘূৰাই দিম৷'

ভোক আমাৰো নলগা নহয়৷ বীৰেন্দৰক কৈ থোৱা হ'ল, বাটত ভাল চাই কোনোবা ধাবাত ৰখাবলৈ৷ মূৰ জোকাৰি তেওঁ সঁহাৰি জনালে৷ এইফালৰ ডাঙৰ-সৰু সকলো বাট-পথেই তেওঁৰ নখ দৰ্পণত৷ 'মাকুমৰ ওচৰ পালে খানা মিলি যাব' বুলি বীৰেন্দৰে আশ্বাস দিলে৷ (আগলৈ)


Wednesday, 11 April 2018

পঞ্চম দিনঅংশ-

নামপং-জয়ৰামপুৰ পথৰ দাঁতিত ঘন জংঘলৰ মাজত আৱিষ্কাৰ হোৱা এইখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে এখন বৃহৎ সমাধি-ক্ষেত্ৰ৷ ভূমি এলেকা ৩ একৰ৷ এফালে ষ্টীলৱেল পথ, আনফালে নামচিক্‌ নৈ৷ যুদ্ধৰ সময়ত মৃত্যুমুখত পৰা চীন, টাইৱান, ম্যানমাৰ, ভাৰত, ব্ৰিটেইন আৰু আমেৰিকাৰ সৈনিক-শ্ৰমিকৰ ৯৯৪টা কবৰ ইয়াত আছে৷ মেলেৰিয়া, হাগনি, ভূমিস্খলন, বিপক্ষৰ গুলীকে ধৰি নানা কাৰণত তেওঁলোকৰ মৃত্যু ঘটিছিল৷ এই যুদ্ধ-স্মাৰকৰ পৰা জয়ৰামপুৰলৈ ৬ কিলমিটাৰ৷ লিডুৰ পৰা ইয়ালৈ ৩৯, তিনিচুকীয়াৰ পৰা ৯৪ কিলমিটাৰ৷ ইটাৰে সজা কবৰবোৰ চকুৰ আগত শাৰী শাৰীকৈ দেখা পাইছোঁ৷ মাজত এটা বৃহৎ কবৰ, গণ-কবৰ৷ সময়ৰ আঁচোৰত, প্ৰতিপালৰ অভাৱত বহুতো কবৰ বিভিন্ন প্ৰকাৰে বিনষ্টও হৈছে৷ নাগালেণ্ডৰ ৰাজধানী কহিমাত থকা World War-II Cemetery মই চাইছোঁ৷ তাত কবৰবোৰ ইয়াতকৈ শতগুণে ধুনীয়াকৈ, গোলাপ ফুলৰ মাজত সজাই-পৰাই ৰখা হৈছে৷ ইচ্ছা কৰিলে এইখনকো বাগিচাৰ ৰূপ দিব পাৰি৷ নতুবা ব'টানিকেল গাৰ্ডেনলৈ ৰূপান্তৰিত কৰিব পাৰি৷

জয়ৰামপুৰ চেমিটাৰীৰ প্ৰৱেশ পথৰ দুকাষে পৃথকে পৃথকে থকা ফলকত লিখা আছে ক্ৰমে আধাৰশিলা স্থাপন আৰু উদ্বোধন সম্পৰ্কীয় বাক্য৷ বাওঁহাতে, ইটাৰ স্তম্ভৰ ওপৰত লগোৱা কলা মাৰ্বলৰ ফলকখনৰ উল্লেখমতে, Foundation stone laid by His Excellency Gen (Retd.) J. J. Singh (PVSM, AVSM, VSM), Governer of Arunachal Pradesh, 2nd January 2009৷ একেদৰে, সোঁহাতে লিখামতে, Inaugurated by Shri M. M. Pallam Raju, Honble Minister of State Defence, Govt. of India, 20th January 2010৷ তাৰ মানে এই কবৰথলীৰ উন্নয়নমূলক কাম সম্পাদন হোৱা বেছি বছৰ হোৱা নাই৷ তেতিয়াই কবৰবোৰ আজি আমি দেখিবলৈ পােৱাৰ দৰে ইটা গাঁথি সাজি দিয়া হৈছে, ফুটপাথ পকী কৰা হৈছে, এলেকাটো দেৱালেৰে ঘেৰি পেলোৱা হৈছে৷ চৌহদৰ সৌন্দৰ্যবৰ্ধন, সংৰক্ষণ ইত্যাদি কৰা হৈছে৷

পোনে পোনে সোমাই গৈ খটখটি বগাই পোৱা স্তম্ভৰ মাজত মাৰ্বলৰ ফলক এখন৷ বগা টাইল্‌ছৰ মাজত জিলিকি থকা ক'লা ফলকখনত ষ্টীলৱেল পথৰ বিষয়ে এনেদৰে পঢ়িবলৈ পালোঁ The Stilwell Road project once termed as Impossible Engineering Pipe Dream was not mere an engineering feat accomplished but a sage of valour, grit and determination. It stands as a testament to the men responsible and the indomitable human spirit that made it possible. This memorial is dedicated to the officers and men who gave their lives that the Stilwell Road be accomplished. তুলনামূলকভাৱে অকণমান ডাঙৰ জোখৰ আখৰেৰে লিখা একেবাৰে তলৰ শাৰীটোৱে বিশেষভাৱে মনোযোগ আকৰ্ষণ কৰিলে Boldest measures are the safest. ভাবি ভাল লাগিল যে ষ্টীলৱেল পথৰ এছোৱা আমি এই যাত্ৰাত স্বচক্ষে দেখিলোঁ৷ এতিয়া এই গণ-সমাধি চাই আছোঁ৷

এই ঠাইডোখৰ তাহানিতে বাৰু কেনেকুৱা আছিল? যুদ্ধত নিহত হোৱা সৈনিকৰ উপৰি ভাৰত আৰু বাৰ্মাত পথ নিৰ্মাণত প্ৰাণ আহুতি দিয়া শ্ৰমিকসকলৰ মৃতদেহ পেলাবলৈ এই স্থান ব্যৱহাৰ কৰা হৈছিল৷ তাহানিৰ লিডু ৰডেদি বাৰ্মাৰ ম্যিটকিনালৈ খোজ কাঢ়ি যাওঁতে বহুসংখ্যক সৈনিকে বেমাৰ-আজাৰ, প্ৰাকৃতিক পৰিঘটনা, যুদ্ধত পৰি প্ৰাণ হেৰুৱাইছিল৷ ১৯৪২ চনত মাৰ্ঘেৰিটাত প্ৰতিষ্ঠিত বেছ হাস্পতাল, ১৯৪৩ চনৰ ৩ এপ্ৰিলত লিডুত নামদাং নদীৰ কাষত মুকলি কৰা সামৰিক বাহিনীৰ টুৱেণ্টিয়েথ জেনেৰেল হাস্পতাল, লিডুৰ ১৪ ইভাকুৱেচন হাস্পতাল বা ১১১ ষ্টেচন হাস্পতালত সৈন্যৰ চিকিৎসা কৰা হৈছিল৷ হাস্পতালৰ উপৰি চীন-ব্ৰহ্মদেশ-ভাৰত ৰণক্ষেত্ৰৰ মৃতদেহবোৰ এই নিৰ্দিষ্ট জেগাখিনিলৈকে কঢ়িয়াই অনা হৈছিল তেতিয়া৷

শেহতীয়া উন্নয়ন কাৰ্যৰ অন্তৰ্গত গছ-গছনিৰে পৰিপূৰ্ণ এলেকাটোত থকা সমাধিবোৰৰ মাজলৈ পদপথ সাজি দিয়া হৈছে৷ পদপথৰ দাঁতিত দণ্ডায়মান কলা বৰ্ড এখনত এইদৰে লিখা দেখিলোঁ WORLD WAR TWO CEMETERY : These graves bear silent testimony to those soldiers, unlisted workers and labours who ventured into virgin jungle amid blistering heat, and laid down their lives in the line of duty during the second world war, whilst part of the all forces against the Imperial Japanese Army. Their names liveth forever more. এইখিনি পঢ়াৰ লগে লগে মনলৈ শ্ৰদ্ধাঞ্জলিৰ ভাব এটা আপোনা-আপুনি আহি যায়৷

সমাধি-ক্ষেত্ৰখনৰ ভিতৰৰ এটা উল্লেখযোগ্য সমাধি হল মেজৰ ছিয়াও ঝু-কিঙৰ সমাধি৷ তুলনামূলকভাৱে ডাঙৰ তেওঁৰ সমাধিৰ এপিটাফত চীনা ভাষাত কিবাকিবি লিখা আছে৷ পঢ়িব এজনেও নাজানো৷ কাষতে ইংৰাজীত থকা, খুব সম্ভৱ তৰ্জমা কৰা লেখাখিনি পঢ়ি চালোঁ৷ EPITAPH-I : MAJOR HSIAO CHU CHING, Company Commander of 2nd Company 2nd Battalion of 10th Regiment, Independent Engineers of Chinese Army stationed in India. He was born in July 1913 at Wei Country of Hapeh Province and died in December 1943. ভালেমান চীনা লোকে সেই সময়ত প্ৰাণ হেৰুৱাইছিল৷ তেওঁলোকৰ অনুসন্ধানত মাজে মাজে চীনৰ পৰা অঙহী-বঙহী আহি ওলােৱাৰ খবৰ আমি সংবাদ মাধ্যমত শুনা পাই আহিছোঁ৷

বিশ্বযুদ্ধৰ সময়ত ছহিদ হোৱা সৈনিকৰ সমাধিস্থল নিৰ্মাণ হৈছিল লিডুৰ ইটা উদ্যোগৰ পৰা অনা ইটাৰে৷ জাগুনৰ উদয়পুৰতো এখন সমাধি-ক্ষেত্ৰ আছে৷ ডিগবৈত মিত্ৰ বাহিনীৰ সমাধি-ক্ষেত্ৰ আছে৷ বিশ্বযুদ্ধৰ অৱসৰপ্ৰাপ্ত সৈনিক ব্যক্তি, যুদ্ধৰ আলেখলেখ দেখা বা আংশিক প্ৰত্যক্ষদৰ্শী জীৱিত লোক মাৰ্ঘেৰিটা, কেটেটং, লেখাপানী আদিত আজিও আছে৷ (আগলৈ)


পঞ্চম দিনঅংশ-

বিনন্দীয়া প্ৰকৃতি জগতৰ লগতে থলুৱা সাংস্কৃতিক বাতাবৰণক নিষ্কলুষ ৰূপত চাবলৈ হেঁপাহ কাৰণো নাথাকে? সময়, সুবিধা আৰু সুযোগৰহে অভাৱ৷ তথাপিও মানুহৰ জীৱনলৈ এনেকুৱা সোণালী মুহূৰ্ত নহা নহয়, আহে৷ প্ৰথম কথা, তাক চিনি পাব লাগিব৷ দ্বিতীয় কথা, তাক পাই হেৰুৱাব নালাগিব৷ তাগিদা আৰু বাহানা বুলি দুটা বিপৰীতধৰ্মী শব্দ নথকা নহয়৷ গুৰুত্ব কোনটোত, সেয়া নিজৰ কথা৷ তাগিদাক প্ৰশ্ৰয় দি, বাহানাক বিদূৰ কৰি, সুযোগক চিনি-বুজি আমি পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেললৈ আহিলোঁ৷ আহি উত্তৰ-পূবৰ নৃগোষ্ঠীয় ঐতিহ্যৰ প্ৰতিফলন দেখা পালোঁ৷ প্ৰাকৃতিক পৰিৱেশত টাংচা জনজাতীয় চাঙত কটালোঁ৷ অনাগত জীৱনৰ বাবে যি নেকি উৎসাহ আৰু আনন্দৰ অমল সঁফুৰা হৈ ৰল৷

মষ্টেৰ জৰিয়তে ক্ষুদ্ৰ তথা গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণ আৰু পৰ্যটনক্ষেত্ৰৰ বিকাশৰ উদ্দেশ্য আগত ৰাখি ইয়াত পৰ্যটন সংস্কৃতিক এক সুনিৰ্দিষ্ট নিয়ন্ত্ৰণৰেখাৰ গণ্ডীত বিকশাই তুলিব পাৰিলে সমাজৰ বাবে, অৰুণাচল ৰাজ্যখনৰ বাবে নিশ্চয় মংগলজনক হ'ব৷ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন, সাজপাৰ আৰু থলুৱা পৰম্পৰাগত খাদ্য-সম্ভাৰতে সীমিত নাৰাখি তথ্যচিত্ৰ প্ৰদৰ্শন, বৃক্ষৰোপণ, প্ৰকৃতি সংৰক্ষণ আদিকে ধৰি আৰু কিছু কিছু বিষয়ত উদ্যোক্তাসকলে মনোযোগ দিব লাগে৷ পৰিৱেশতন্ত্ৰ, পাৰিপাশ্বিকতা বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতি স্থানীয় মানুহখিনিৰ মনত প্ৰেম, দয়া ভাবৰ উদ্ৰেক হব লাগিব, ঠিক ১৫ শতিকা পুৰণি ৰাজস্থানৰ বিষ্ণইসকলৰ দৰে৷ নাগালেণ্ডৰ খনমাৰ আংগামীসকলৰ দৰে বন-বননি আৰু পশু-পক্ষীৰ সংৰক্ষণত জুমুঠি ধৰিব লাগিব এইফালৰ টাংচাসকলে৷

টাংচা জনগোষ্ঠীৰ উমাল সান্নিধ্যৰ বিক্ষিপ্ত ছবি কিছুমানে ওৰে বাট মোৰ চিন্তা-চেতনাত অগা-ডেৱা কৰি আছে৷ এই সান্নিধ্য পাহৰিব নোৱাৰিম৷ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত বসবাস কৰা টাংচা জনসমষ্টিয়ে অসমীয়া সাহিত্যৰ উত্তৰণতো বিশেষ ভূমিকা লৈ আছে৷ টাংচা জনজাতীয় জীৱনৰ পটভূমিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখন হৈছে লংকাই আৰু থাকনাং সমাজৰ পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস, সংস্কাৰ, ধ্যান-ধাৰণা আদিৰ বুকুত লুকাই থকা মানৱতাবাদী আৰু যুক্তিনিষ্ঠ চিন্তাই কেনেকৈ মানুহৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰাৰ উপৰি সমাজকো বাট দেখুৱাই নিব পাৰে, তাৰে এখন সঁচা চিত্ৰ অংকন কৰা হৈছে এই উপন্যাসত৷ বিগত ২০০৩ চনতে কেংচাম কেংলাঙে এইখন ৰচিছিল৷ টাংচা জনজাতিৰ জীৱনভিত্তিক অসমীয়া ভাষাৰ দ্বিতীয়খন উপন্যাসৰ নাম পাটকাই পাহাৰৰ সেউজীয়া তলুৱা৷ ৱাংচাম জংচামে লিখিছিল, ২০০৪ চনত৷ এইখন উপন্যাসত জনগোষ্ঠীটোৰ সামাজিক-সাংস্কৃতিক জীৱনৰ কিছুমান দিশ পোহৰলৈ আহিছে৷ অর্থ আৰু সামাজিক প্ৰতিপত্তিতকৈ শিক্ষা আৰু কৰ্মমুখী জীৱনেহেযে ব্যক্তি জীৱনৰ লগতে সমাজ জীৱনকো প্ৰভাৱিত কৰি শান্তিপূৰ্ণ সমাজ ৰচনা কৰাত ইন্ধন যোগাব পাৰে তেনে এটি বিষয়-বস্তুকে লৈ উপন্যাসখনৰ কাহিনীটো নিৰ্মাণ কৰা হৈছে৷ এই উপন্যাস দুখনে বাস্তৱিকতে অসমীয়া জনজাতীয় জীৱনভিত্তিক উপন্যাসক বৰ্ণাঢ্য মাত্ৰা প্ৰদান কৰিছে৷ অসমীয়া ভাষাত চৰ্চা কৰা ভালেকেইজন অৰুণাচলী মূলৰ সাহিত্যিকৰ ভিতৰত এই দুগৰাকী অন্যতম৷

বিপৰীতে, পি.পি.ডব্লিউ.এফ.ৰ আয়োজনত অনা-অৰুণাচলীৰো বৰঙণি আছে৷ উৎসৱটিক লৈ পৰ্যটন উদ্যোগেযে ঠন ধৰি উঠিব পাৰে সেয়া সহজবোধ্য৷ আনহাতে এইটো মন কৰিবলগীয়া যে অনিয়ন্ত্ৰিত পৰ্যটনে থলুৱা সংস্কৃতি আৰু সমাজ-জীৱনলৈ বিপৰ্যয় মাতি আনিব পাৰে৷ ভূটানে গ্ৰহণ কৰাৰ দৰে নিয়ন্ত্ৰিত পৰ্যটন নীতি ইয়াতো প্ৰয়োগ কৰিব লাগিব৷ সুন্দৰ আৰু আটকধুনীয়া এই অনুষ্ঠানবোৰ বিজতৰীয়া প্ৰভাৱত অদূৰ ভৱিষ্যতত মূলৰ পৰা বিচ্ছিন্ন হৈ সাংস্কৃতিক চিৰিয়াখানা হৈ পৰাটো অগণন সংস্কৃতিপ্ৰেমীসকলৰ লগতে আমাৰ পক্ষেও কেতিয়াও হজম কৰিব পৰা কথা নহব৷ গতিকে থলুৱা ৰীতি-নীতিয়ে বহিঃপ্ৰভাৱৰ ফলত বিকৃত ৰূপ যাতে নলয় তালৈ ৰাখিব লাগিব শেনদৃষ্টি৷ নহ'লে এসময়ত অস্তিত্বৰ সংকট আহি পৰিব, যিটো আজি কোনো কোনোফালে কাৰ্যতঃ ঘটিছে৷ সাংস্কৃতিক মূলৰ পৰা বিচ্ছিন্ন, ব্যাপক হাৰত বৃদ্ধি পোৱা অপৰিকল্পিত, অসংযত পৰ্যটনৰ প্ৰাদুৰ্ভাৱত থলুৱা পাৰম্পৰিক সমাজ-ব্যৱস্থাৰ নৈতিক শৃংখলাৰ অৱনতি যাতে নঘটে, তাৰ বাবে সৰ্বসময় সজাগতা অপৰিহাৰ্য৷

গাড়ীৰ গতিৰ সমানে সমানে এনেবোৰ ভাবনাত ডুবি আছিলোঁ ইমানপৰে৷ আধা ঘণ্টাও নালাগিল৷ কেঁকুৰি এটা ঘূৰি দিওঁতে ঠেক ৰাস্তাটোৰ বাওঁফালে দণ্ডায়মান World War II Cemetery, Jairampur বুলি লিখা বগা বৰণৰ পকী ফলকখন দেখা পাই গলোঁ৷ ফলকৰ বিপৰীতে গছৰ ছাঁত বীৰেন্দৰে গাড়ীখন ৰাখিলে৷ অদূৰত টীম-বিৰ ক'লা টাকচনখন৷ বাইক আদিকে ধৰি অন্য দৰ্শনাৰ্থীৰ বাহন কিছুমানো আগৰে পৰাই ৰৈ আছিল৷ আমাৰ দৰে বহুতেই পি.পি.ডব্লিউ.এফ.ৰ পৰা প্ৰত্যাৱৰ্তনৰ সময়ত ইয়াত ভুমুকি মৰাৰ সুযোগ লৈছে৷ তেওঁলোকেও জানে যুদ্ধ সমাধি চাই নগ'লে দ্বিতীয় মহাযুদ্ধ, ষ্টীলৱেল ৰ'ড আদিৰ ধাৰণা পৰিষ্কাৰ নহ'ব৷

আমাৰ সন্মুখত বাউণ্ডেৰী ৱালেৰে ঘেৰা, মাজত ডিভাইডাৰ দিয়া এটা প্ৰৱেশ পথেৰে গছ-গছনিৰে ভৰা চৌহদ এটা৷ দুপতীয়া গেটত বৰ বৰ হৰফেৰে লেখা আছে WORLD WAR TWO CEMETERY, JAIRAMPUR, DIST. CHANGLANG৷ গেটৰ সন্মুখত দুফালে দুটা ওখ স্তম্ভ৷ স্তম্ভ দুটাত সোঁফালে বন্দুকধাৰী সৈনিক আৰু বাওঁফালে জনজাতীয় বীৰৰ প্ৰতিকৃতি৷ ডাঙৰ গেটখনৰ বাওঁফালেৰে মানুহ সোমোৱা সৰু গেট আছে৷ সেইফালেদিয়ে আমি এজন এজনকৈ ভিতৰলৈ যাব ধৰিলোঁ৷ (আগলৈ)


Monday, 9 April 2018

পঞ্চম দিনঅংশ-

নংকি বস্তিৰ মাজৰ ঠেক বাটটোৰে আমাৰ গাড়ীখন ধীৰে ধীৰে অগ্ৰসৰ হৈছে৷ অৰুণদাহঁত থকা ৱিমচাম মৰাঙৰ হমষ্টেলৈ চালোঁ৷ হাৰ্বাৰ্টৰ হুণ্ডে' টাকচনখন বাহিৰতো নাই, চাঙৰ তলতো নাই৷ তাৰ মানে টীম-বি ওলাই গলেই! কোনো কথা নাই, বাটত লগালগি হম৷ যাওঁতে ৱাৰ চেমিটাৰীত সোমাম বুলি কালিয়েই থিৰাং কৰা আছে৷ আহিবৰ দিনা আন্ধাৰ হোৱা বাবে কাৰো চোৱা নহল৷ মই অৱশ্যে আগতে এবাৰ আহিছোঁ, মুন্নাৰ লগত লিডুৰ পৰা স্কুটী চলাই৷ সেইকণ অভিজ্ঞতাৰ ভেটিতে এতিয়া সংগীসকলক জোৰ দি আছোঁ যে দ্বিতীয় মহাযুদ্ধৰ সেই কবৰথলীত যাওঁতে পদাৰ্পণ কৰি নগ'লে ষ্টীলৱেল পথেৰে কৰা ভ্ৰমণ আধৰুৱা হৈ ৰব৷ যুদ্ধ আৰু পথ নিৰ্মাণক কেন্দ্ৰ কৰি হোৱা উক্ত সমাধি-ক্ষেত্ৰ তদানীন্তন সময়ৰ মানৱতাৰ ধ্বজাবাহী৷ সম্প্ৰতি এক গৱেষণা থলী, পৰ্যটন থলীলৈও পৰ্যৱসিত হৈছে৷ কবৰস্থানখনক লৈ এনেকুৱা এটা বাক্য কৰবাত এবাৰ পঢ়িবলৈ পাইছিলোঁ কবৰবোৰেই মাইলষ্টন, তেজেই মূল্য৷ সেই কবৰবোৰ ইয়াৰ পৰা মাত্ৰ ২০ মিনিট, বৰ বেছি আধা ঘণ্টাৰ দূৰত্বতে আছে৷ যাওঁতে পায়ো যাম৷ গতিকে সুযোগ হেৰোৱাওঁনো কিয়?

আৰু অলপ গৈছোঁ, তেনেতে ৰাস্তাটোৰ কাষতে ৰৈ থকা আদহীয়া টাংচা মহিলা দুজনীয়ে হঠাতে হাত দাঙি আমাক ৰবলৈ ইংগিত দিলে৷ ওচৰতে খাং দুটা৷ ইহঁত ফেষ্টিভেল গ্ৰাউণ্ডলৈ যাব৷ খাঙত কি আনিছে? ৰাজু গগৈয়ে প্ৰশ্ন কৰিলেই৷ ভাত আনিছে৷ টোপোলা ভাত৷ লৈ যাবিনা৷ অথনি মালা বাইদেৱে এইবিধ খাদ্যকে ৰান্ধি আছিল নেকি, উৎসৱথলীলৈ বুলি? হয়-নহয় নাজানো, এতিয়া এনেকৈয়ে ভাবি পালোঁ৷ লৈ যাব পৰা হলে ভাল আছিল৷ সহায় কৰা হলহেঁতেন৷ স্বগতোক্তিটো আপোনা-আপুনি মোৰ মুখৰ পৰা ওলাই আহিল৷ অলপমান ঠেলা-হেঁচা হল যদিও সৰ্বসন্মতিক্ৰমে দুয়োকে আমাৰ গাড়ীত উঠাই লোৱা হল৷ কথা-বতৰা পাতি, হালি-জালি, হাঁহি-মাতি গৈ থাকিলোঁ আটায়ে৷

নামনিৰ সমতলভাগ পাওঁতে এৰি অহা দিশটোলৈ ঘূৰি ঘূৰি চালোঁ৷ পৰ্বতৰ বক্ষত সবাতোকৈ ওপৰত মালা বাইদেউহঁতৰ ঘৰটো৷ ঘৰৰ আগত সৌজোপা গুলপীয়া বাগানভেলীয়া৷ ইয়াৰ পৰা স্পষ্টভাৱেই দৃশ্যমান হৈ আছে৷ জাংখংহঁতৰ ঘৰটো তাতোকৈ তলত, বাওঁহাতে৷ গছৰ আঁৰত লুকাই পৰিছে৷ কাঠৰ দলং, চাহ বাগান, পথাৰ, অলপ পাছতে নংকি বস্তিৰ চাইনবৰ্ডখনো পাৰ হলোঁ৷ তাৰ পাছত উঠিলোঁহি ষ্টীলৱেল পথত৷

আৰু অলপ আগুৱাই যথাস্থানত নমাৰ সময়তে খাঙৰ পৰা উলিয়াই মৰমতে প্ৰত্যেককে একোটাকৈ ভাতৰ টোপোলা দিলে বাই দুজনীয়ে৷ পইচা হলে দিওঁ বোলোঁতেও নললে৷ আমিও টোপোলাকেইটা হাত পাতি ললোঁ, পিছত সদ্ব্যৱহাৰ কৰিব লাগিব বুলি সযতনে সাঁচি থলোঁ৷

আমি এতিয়া ইতিহাসপ্ৰসিদ্ধ, দ্বিতীয় মহাযুদ্ধখ্যাত ষ্টীলৱেল ৰডত৷ ভাৰতভূমি চেৰাই ম্যানমাৰৰ বৰ্ডাৰ মাৰ্কেট পৰ্যন্ত এই পথটো এতিয়া দলৰ প্ৰতিজনেই চিনি পাওঁ৷ সদ্যহতে মূল তোৰণৰ আগেদি পাৰ হৈ যাব ধৰিছোঁ৷ হাজাৰ-বিজাৰ লোকৰ সমাগমত তিনিদিনীয়াকৈ আয়োজিত পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল ২০১৩ সুকলমে সম্পন্ন হোৱাৰ পথত৷ আজি ইয়ালৈ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী মহোদয় আহিব৷ তাকে কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশ৷ বিদায়ী মাত একোষাৰ লগাওঁ বুলি গাড়ী ৰখাই আৰিফ ছিদ্দিকী আৰু মানৱাং ৱাংছাক বিচাৰিলোঁ৷ চৌহদৰ ভিতৰ সোমায়ে ৰাজু গগৈ আৰু পংকজ দাস জনজাতীয় ঘৰবোৰৰ ফালে ধাৱমান হল৷ মতলব কি? পিছত ফটো দেখুৱালতহে গম পালোঁ, দুয়ো আপাতানি চাঙত উঠিলেগৈ, আপাতানি দম্পতী এটাৰ সৈতে ফটোও তুলিলে কম সময়ৰ ভিতৰতে৷ ঠাই এৰিবৰ মনেই নাই৷ তহল দি আছে আপোনমনে৷

শীতকালীন সমাৰোহখনক লৈ বহুতৰে বহু ধৰণৰ আশা-আকাংক্ষা, ভৱিষ্যদৰ্শী জল্পনা-কল্পনা৷ কোনোবাই কয়, এই অনুষ্ঠানটোৱে অঞ্চলটোলৈ বহুমাত্ৰিক পৰিৱৰ্তন আনিব৷ বিশেষকৈ ইয়াৰ অধিবাসী টাংচাসকলক বিশ্বই চিনি পোৱাত সহায়ক হব৷ আন কোনোৱে কয়, ই আমাৰ পূৰ্বপুৰুষ আৰু বংশলতা মনত পেলোৱাব আৰু গৌৰৱ কৰিব পৰাকৈ আমি কোন তাক জনাব৷ অন্য এচামৰ অভিমত, যুৱ সম্প্ৰদায়ক নিজৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিব৷ নৃগোষ্ঠীয় পৰিচয়েৰে বুকু ফিন্দাই ৰোৱাত নতুন চামটোক অনুপ্ৰাণিত কৰিব৷ ইত্যাদি ইত্যাদি ঢেৰ কথা৷

মূল মণ্ডপৰ কাষতে ছিদ্দিকীক পালোঁ৷ বিদায়ী কৰমৰ্দন চলিল৷ আকৌ কেতিয়া ক'ত লগ হ'ম নাজানাে৷ ই-মেইলযোগে যোগাযোগকণ থাকিব৷ তেওঁক মাত লগাই ওলাই আহোঁতেই কিনো ভাগ্য ভাল, মানৱাঙকো পাই গলোঁ৷ মূল পথৰ দাঁতিতে ৰৈ কথা-বতৰা চলিছে৷ নামপঙলৈ আকৌ আহিবলৈ বাৰে বাৰে কলে৷ গেটৰ পৰা মোক ফোন কৰি দিলেই হল৷ বাকী দায়িত্ব মোৰ৷ মিনিষ্টাৰ আহিব বাবে ছটফটীয়া লৰাটো ভীষণ ব্যস্ত৷ গতিকে বেছি পৰ আটক কৰি নাৰাখিলোঁ৷ আমাৰো যাত্ৰা দূৰণিবটীয়া৷ ট্ৰেইন ধৰাৰ চিন্তা এটাও আছে৷

১২ বাজি ৩০ মিনিট পাৰ হল৷ অৰুণদাহঁতৰচোন দেখাদেখি নাই! কলা গাড়ীখনো চকুত পৰা নাই৷ গল কেনি? এনেতে সশব্দে ফোনটো বাজি উঠিল৷ কথাৰ পৰা গম পালোঁ, তেওঁলোক আগ বাঢ়িলেই৷ ৱাৰ চেমিটাৰীত ৰব৷ অহাৰ দৰেই যাওঁতেও দুয়ো দলৰে কাৰ্যসূচী বেলেগ বেলেগ হব৷ তেওঁলোক গাড়ীৰেই জিৰাই-শঁতাই আহি থাকিব৷ আমি তিনিচুকীয়াত বলেৰ এৰিম, ইণ্টাৰচিটিত উঠিম৷

ভ্ৰমণ, মানুহ, প্ৰকৃতি, নদী, খাদ্য, ইতিহাস, কিংবদন্তি ইত্যাদিৰ কিছুমান বিৰল অভিজ্ঞতা হৃদয়ে-মুখে লৈ নামপঙৰ পৰা আমি ঘৰমুৱা হ'লোঁ৷ ধূলিৰ ধুমুহা ফালি একা-বেঁকা পথেৰে ওভতনি যাত্ৰা চলি থাকিল জয়ৰামপুৰ ৱাৰ চেমিটাৰীক লক্ষ্য কৰি৷ (আগলৈ)