কোৰবানি ঈদ : স্মৃতি আৰু অনুভৱ
আমি তেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ো৷ বক্রীদত দেউতাহঁতৰ
ঘৰলৈ যোৱাটো এটা বছৰেকীয়া দস্তুৰ৷ চকীহোলাত চাকৰি কৰা দুই নম্বৰ দদাইদেউজন ডিফুলৈ আহে৷
তেৱোঁ আমাৰ সৈতে একেলগে ঘৰলৈ যায়৷ মিটাৰগজ ট্ৰেইনেৰে আমাৰ যাত্ৰা৷ কয়লা ইঞ্জিনে টনা
যাত্ৰীবাহী ৰে’লগাড়ী৷ চানা-বাদাম চোবাই চোবাই
গৈ শিমলুগুৰি ষ্টেচনত নামো৷ দেউতাই টেক্সী এখন ভাড়া কৰে৷ ধোদৰ আলিৰে ঘটংমটংকৈ গৈ থাকোঁ৷
আহোম ৰজাদিনীয়া শিলৰ সাঁকো এখন পাৰ হওঁ৷ আৰু অলপ আগুৱাই শিলাসাঁকো, চোমনি গাঁও৷ ককা,
আইতা, দদাই, পেহীহঁতৰ ওচৰ পাওঁগৈ৷ ঘৰ সোমাওঁতে আন্ধাৰ নামি আহে৷ হাত-লেম, টেবুল লেম্প,
টিপ চাকিবোৰ জ্বলি উঠে৷ সত্তৰ দশকৰ কথা এয়া৷ তেতিয়া সেইফালে ইলেকট্ৰিছিটি সংযোগ হোৱাই
নাই৷
কৃষক ককাদেউতাহঁতৰ খেৰ-বাঁহৰ মাটি লেপা বেৰত চূণ
দিয়া ঘৰ৷ গাড়ী ৰোৱাৰ শব্দটো শুনা পায়ে ভিতৰত খদমদম লাগি যায়৷ ঘৰখনৰ প্ৰতিজনেই ওলাই
আহে আমাক আদৰিবলৈ৷ কোনোবা এজনে লেম এটা লৈ খৰধৰকৈ নঙলামুখলৈ আগুৱাই আহে৷ টালি-টোপোলাবোৰ
ধৰি ধৰি নিয়ে৷ আমাকো গায়ে-মূৰে হাত ফুৰায়৷ স্নেহবন্ধনত আবদ্ধ হৈ আমি ভিতৰ সোমাওঁ৷
হাত-মুখ ধোৱা নহয়েই, চাকি বা হাত-লেমৰ পোহৰ দেখুৱায়ে
ডাঙৰ দদাইদেউজনে আমাক চিধাই পিছফাললৈ নিয়ে৷ ভঁৰালৰ তলত গোহালিত বান্ধি থোৱা, কোৰবানিৰ
বাবে চণ্টক, সোণাৰী নহ’লে দক্ষিণ হেঙেৰা বা ৰাজমাইৰ
গৰু বজাৰৰ পৰা আগৰ দেওবাৰে কিনি অনা নোদোকা গৰুটো দেখুৱায়৷ কথা-বতৰা, হাঁহি-ধেমালিৰে
উৎসৱমুখৰ পৰিৱেশ এটা ঘৰখনলৈ আহি পৰে, আমাৰ উপস্থিতিৰ পিছৰে পৰাই৷
পিছদিনাখন টোপনিৰ পৰা সাৰ পাওঁতেই এটা বেলেগ ধৰণৰ
অনুভূতি৷ নতুন ঠাইৰ আচহুৱা পৰিৱেশটোৰ বাবেই তেনেকুৱা হয়৷ পুৱাৰে পৰাই ভিতৰে-বাহিৰে
উখল-মাখল৷ চাহটোপা খায়ে যেনিতেনি আমাৰো অবাধ বিচৰণ৷ যেন এৰাল ছিগা গৰু! পিছফালৰ পুখুৰীটো,
আগফালৰ নৈখন, নৈৰ সিপাৰৰ বাৰীখন, বাৰীৰ শেষলৈ কঠীয়াতলী, কঠীয়াতলীৰ পৰা আৰম্ভ হোৱা পথাৰ,
ইফালে সিফালে থকা খাৱৈ, মেটেকানি, বৰশী, মাৰ্বল, ৰবাব টেঙাৰ বল, ছাগলী-হাঁহ-কুকুৰাৰ
গঁৰাল, ঢেঁকীশাল, ভঁৰাল, কাষৰ ইঘৰ-সিঘৰ, গছবোৰত ক’ত কি ফলমূল লাগি আছে পিতপিতাই ফুৰাটো চুৰু হৈ যায়৷
বহুদিনৰ মূৰত দেখা পাই সকলোৱে আমাক বৰকৈ আলৌ-উঠৌ কৰে৷ পঢ়া-শুনাৰ পৰা আদি কৰি ঢেৰ কিবাকিবি
সোধে৷ খাবলৈকো দিয়ে৷ সৰু দদায়ে তেওঁৰ বেঞ্জুখন উলিয়াই বজাই শুনায়৷ আমিও চেষ্টা কৰোঁ
তেনেকৈ বজাবলৈ, কিন্তু সফল নহওঁ৷ সোণাৰী বা নামৰূপৰ বাছখনত শিৱসাগৰ কলেজত পঢ়ি থকা তিনি
নম্বৰ দদাইদেউজন আহি নামে৷ তেওঁৰ লগত আমাৰ দোস্তি বাঢ়ে৷ ইফালে বজাৰ-সমাৰৰ লগতে বাকী
যা-যোগাৰবোৰো সম্পূৰ্ণ হৈ উঠে৷ মা, পেহীহঁতে চোতালতে বেঞ্চ এখনত মেছিন লগাই ছেৱৈ পেৰে৷
আইতাই তেলপিঠা, কৰাইগুড়িৰ লাড়ু আদি সাজে৷ ককাদেউতাই মস্ত শিল এটাত ছুৰী-ছুৰিকা, মিট,
বলিকটীয়া ডেগাৰ আদি ধৰায়৷ গধূলি ইস্ত্ৰিটোত আঙঠা ভৰাই লৈ সৰু দদাইজনে পায়জামা-পঞ্জাবীবোৰ
ইস্ত্ৰি কৰে৷ পিছদিনা ঈদ৷ ঈদ-উজ-জোহা৷ ত্যাগৰ উৎসৱ৷
পুৱা সোনকালে উঠা হয়৷ ঘৰৰ পিছফালে কোৰবানি দিবলগীয়া
ঠাইখিনিত গাঁত এটা খন্দাৰ পৰা আৰম্ভ কৰি ছাল ছেলোৱা, মাংস কটা, ভাগ পতা, মানুহ বহা,
ৰন্ধা-বঢ়া কৰা ঠাইবোৰ পৰিষ্কাৰ কৰি থোৱা হয়৷ কলপাত-তমাল, ঢাৰি-পাটী-কঠ, পানী-খৰি, ডেগচি-কেৰাহী-বাল্টি-হেতা,
বাচন-বৰ্তন-গিলাচ, তামোল-পাণ-চূণ-ধঁপাত-চুৰটৰ যোগাৰৰ উপৰি চালনী, ধোঁৱা চাং আদি যতনাই
ৰখা হয়৷ তাকে কেন্দ্ৰ কৰি পুৱাৰে পৰাই ঘৰখনে প্ৰাণ পাই উঠে৷ গা ধুবলৈ ডাঙৰ কোনোবাই
আমাক পুখুৰীৰ পৰা বাল্টিৰে পানী তুলি দিয়ে৷ গা-পা ধোৱাৰ পিছত মাহঁতে ছেৱৈ আৰু মিঠা
বস্তু খাবলৈ দিয়ে৷ বগা পোছাকযোৰ পিন্ধিবৰ বেলি হৈ আহে৷ মছজিদলৈ ওলাই যোৱাৰ আগতে দেউতাৰ
নিৰ্দেশত ডাঙৰবোৰক এফালৰ পৰা সেৱা কৰাটো ধৰাবন্ধা নিয়ম৷ মনে মনে বৰ টান পাওঁ এই কাৰবাৰটো৷
ইফালে কথা অমান্য কৰিবও নোৱাৰি৷ ঈদ বুলি স্নেহাশিস লভাৰ লগতে ইজনে-সিজনে দিয়া পইচাকেইটামানো
অৱশ্যে হাতলৈ নহাকৈ নাথাকে৷ আলিংগনমুক্ত হোৱাৰ পিছত কোনে কিমান পালে তাকে গন্তি কৰি
স্ফূৰ্তিত আত্মহাৰা হওঁ৷
ককাদেউতা, দেউতা, দদাইহঁতৰ লগত খোজ কাঢ়িয়েই আমি
টেঙাপুখুৰী মছজিদলৈ যাওঁ৷ উজনিৰ দিশৰ পৰা অহা দিজৈখানা নৈখন সোঁহাতে নীৰৱে বৈ থাকে৷
ডাঙৰবোৰৰ কোনো কোনোৱে চাইকেল মাৰিও যায়৷ গাড়ী, স্কুটাৰ, মটৰ চাইকেল কাৰো নাই৷ খোজেৰে
যাওঁতে বাটে বাটে গাঁওখনৰ ইজন-সিজনকৈ আহি লগ লাগি দলটো ডাঙৰেই হয়গৈ৷ বাঁহৰ মুকলি দলং
এখনেৰে খাৱৈ এটা পাৰ হৈ বাঁওহাতে অৱস্থিত নাতিবৃহৎ উপাসনা গৃহটিত আমি সোমাই পৰোঁ৷ বিভিন্ন
শিতানৰ ধন সংগ্ৰহৰ বাবে মজিয়াত বহি ৰোৱা লোককেইজনৰ কাষ চাপি গৈ দেউতাই ভাগে ভাগে অৰিহণা
দিয়ে৷ মাত-কথাত মানুহবোৰক একেটি পৰিয়ালৰ যেন লাগে৷ প্ৰাৰ্থনাৰ সময় হৈ আহে৷ সমনীয়াবোৰৰ
সৈতে আমাক পিছৰফালে পোনকৈ শাৰী পাতিবলৈ নিৰ্দেশ দিয়া হয়৷ ঈদ-মোবাৰক জনাই ইমাম চাহাবে
পৰ্বটিৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ নামাজৰ নিয়তটোৰ উপৰি নিয়মখিনি এবাৰ সোঁৱৰাই দিয়ে৷ ডাঙৰে
যিদৰে কৰে চাই চাই আমিও সেইদৰেই উঠা-বহা কৰোঁ৷ ভুল হয় বুলি পেটে পেটে চিন্তা এটাও লাগি
থাকে৷ তাৰ মাজতে বাঘৰ আগতেল খোৱাকেইটামানে হহুঁৱাবৰো যত্ন কৰে৷ সেই দহ-পোন্ধৰ মিনিটলৈ
সিহঁতৰ পৰা খুব সাৱধানে থাকোঁ৷ কথা নকওঁ, নাচাওঁ, নাহাঁহো৷ সমূহীয়া নামাজ অঁতাই আগৰ
দৰেই একেলগে সকলোটি ঘৰলৈ ঘূৰি আহোঁ৷ তাৰ পিছতে কোৰবানিৰ কাৰবাৰটো আৰম্ভ হৈ যায়৷
ককাহঁতৰ ঘৰত যেন সিদিনা ঈদৰ কেন্দ্ৰীয় অনুষ্ঠানৰহে
আয়োজন! তেনেকুৱা লাগে৷ ইষ্ট-মিত্ৰকে ধৰি গাঁৱৰ গোটেইবোৰ মানুহেই আহে৷ কোৰবানিৰ জন্তু
হালাল কৰিবলৈ কটোৱাল মৌলবীজন উপস্থিত হয়৷ তেওঁক যথাস্থানলৈ আগ বঢ়াই নিয়া হয়৷ তেওঁৰ
শুধবগা ধুনীয়া সাজযোৰৰ ওপৰত লুঙী এখন মেৰিয়াই দিয়া হয় যাতে তেজৰ ছিটিকনি নপৰে৷ ধুৱাই-পখলাই
চিকুণ কৰি ৰখা, বলিদান দিব লগা নিপোটল গৰুটো নিৰ্দিষ্ট জেগালৈ আনে৷ জন্তুটোক বগৰাই
লৈ ঠেংকেইখন বান্ধে৷ লৰচৰ কৰিব বা ধৰফৰাব যাতে নোৱাৰে সেইবাবে কেইবাজনেও ভালকৈ ধৰি
থাকে৷ প্ৰচণ্ড ধাৰাল ডেগাৰখন হাতত লৈ কটোৱালজনে অৱস্থান কৰে৷ আৰবী ভাষাত কিবাকিবি শ্লোক
বিৰবিৰাই প্ৰাৰ্থনা কৰে৷ সেয়া আমাৰ বোধগম্য নহয়৷ কাগজ এটুকুৰাত লিখি দিয়া ককাদেউতা,
দেউতা, দদাইহঁতৰ নামবোৰ একাদিক্ৰমে মাতি যায়৷ বিছমিল্লা বুলি আল্লাৰ দোহাই দি জন্তুটোৰ
ডিঙিত ৰেপ দিয়ে৷ লগে লগেই শ্বাসনলী বিচ্ছিন্ন৷ জন্তুটোৱে ছটফটাব বিচাৰে, কিন্তু নোৱাৰে৷
দিজৈখানাৰ স্ৰোতধাৰাৰ দৰেই ৰঙা ৰঙা তেজবোৰ হোৰা হোৰে ওলাই গৈ গাঁতটো চপচপীয়া হৈ পৰে৷
সেইটো পিছত পুতি পেলোৱা হয়৷ মাটিত পৰি থকা তেজবোৰো চাঁচি-চুৰুকি চিন-মোকাম নোহোৱা
কৰা হয়৷ প্ৰাণবায়ু বাজ হোৱা জন্তুটো ইমান পৰে নিথৰ হৈ পৰে৷
আগেয়ে দেখিছিলোঁ যদিও পিছলৈ এই দৃশ্যটো মই নোচোৱা
হ’লোঁ৷ অকলে অকলে কোঠালি এটাত সোমাই
বিছনাতে বাগৰি থাকোঁ৷ কিবিকিবি ভাবি থাকোঁ৷ নিজে যিহেতু সৰুৰে পৰাই নিৰামিষভোজী গতিকে
কোৰবানিৰ গোছ খোৱাৰ প্ৰতিও কোনো আকৰ্ষণ নাই৷ কামফেৰা হৈ যোৱা যেন অনুমান কৰি কোঠাৰ
পৰা আস্তেকৈ বাহিৰ ওলাই আহোঁ, কি চলিছেনো চাওঁ বুলি৷ সিফালে হাতে হাতে কটাৰী লৈ ছাল
ছেলোৱা কাৰ্য আৰম্ভ হৈ যায়৷ ছালখন গুচোৱাৰ পিছত মাংস উলিওৱাৰ কাম৷ ভঁৰালৰ সন্মুখত তাৰ
বাবে ব্যৱস্থা কৰি থোৱা থাকে৷ জবাই কৰা স্থানৰ পৰা মাংসবোৰ সেইটুকুৰালৈ অনা হয়৷ সুবিধা
হ’বৰ বাবে কছাইখানাত ওলোমাই লোৱাৰ
দৰে ঠেংকেইখন ৰছীৰে বান্ধি ওলোমাই লোৱা হয়৷ দপনা-দপন মাংস আৰু হাড়বোৰ কাটিবলৈ গড় ব্যৱহাৰ
কৰে৷ স্থানীয় ডেকাসকলক এইবোৰ কামত বৰ এক্সপাৰ্ট দেখিছিলোঁ৷ তেওঁলোকে কেনেকৈ ছালখন
সুন্দৰভাৱে ছেলাব লাগে, কোনখিনিৰ পৰা অপাৰেচনটো আৰম্ভ কৰি ক’ত সমাপ্ত কৰিব লাগে, মাংসবোৰ
কেনেকৈ সহজতে এৰুৱাই আনিব লাগে, সমস্ত জানে৷ গৰুৰ ছালখন পিছত বিক্রীও হয়৷ বেপাৰী আহি
দৰ-দাম মিলাই ঘৰৰ পৰাই লৈ যায়৷ তেজ নিগৰিবৰ বাবে মূৰটো একাষৰীয়াকৈ এঠাইত থৈ দিয়ে৷ চকুহালে
ট ট কৰে চাই থাকে৷ মূৰৰ অপাৰেচনটো ককাদেউতাই পিছদিনা অকলেই চলোৱা দেখোঁ৷
মাংস কাটি থকাৰ সময়ত চাহ-তামোলৰো পয়োভৰ চলে৷
সমভিব্যাহাৰে কৰিবলগীয়া সিদিনাৰ সমূহীয়া ভোজনটোৰ বাবে ভাল চাই কিছু মাংস কেৰাহীত উঠেগৈ৷
মহিলাসকলৰ তত্ত্বাৱধানত ৰন্ধা-বঢ়া পূৰ্ণোদ্যমে আগ বাঢ়ি থাকে৷ মোলৈ আমাৰ মায়ে পাকঘৰৰ
ভিতৰতে দাইল আৰু ভাজি ৰান্ধে৷ মূল কামটো চলি থকাৰ মাজতে কোৰবানিৰ ভাগ বিলাবলৈ কোন
কেনি যাব, মোনা আৰু চাইকেলৰ যোগাৰ ইত্যাদিক লৈ আলোচনা হয়৷ ঘৰৰ পৰা ওলাই সোঁহাতে শিমলুগুৰি,
নাজিৰাত দিখৌৰ পাৰত সম্পৰ্কীয় বৰদেউতাহঁতৰ ঘৰলৈকে, চূণপোৰাৰ সম্বন্ধীয় জেঠাইহঁতৰ তালৈকে
একেটা লাইন৷ বাঁওহাতে টেঙাপুখুৰী, চৰাইদেউ, বামুণবাৰী, দ’লবাগান পৰ্যন্ত অন্য এটা লাইন৷
ৰহদৈ আলিৰে চণ্টকলৈকে বেলেগ এটা৷ গাঁৱৰ ওচৰ চুবুৰীয়া ঘৰকেইটাত বিলোৱা, দূৰলৈ যোৱাৰ
দায়িত্ব আকৌ বেলেগে৷ সেই আলোচনাতে বিভিন্ন দিশে বাস কৰা, পৰিয়ালৰ ভিতৰুৱা আৰু চিনাকি
মানুহৰ সুদীৰ্ঘ নামতালিকা প্ৰস্তুত কৰি উলিওৱা হয়৷ ডাঙৰজন দদাইদেৱে এঘৰো বাদ নপৰাকৈ
নামবোৰ এফালৰ পৰা কৈ যায়৷ সকলো যেন তেওঁৰ নখ দৰ্পণত৷ দীঘল কাগজত ক্রমিক নম্বৰ দি দেউতাই
সেইমতে লিখি যায়৷ আবুতালি, সোণজান, ববাজান, ধনটি, দেবিৰত, নবাব, মফজল, আজিজ, গোলাপ,
হামিদ...৷ কাৰ ঘৰত কেইটা ভাগ দিব লাগিব তাকো বটাই দিয়ে৷ ব্ৰেকেটৰ ভিতৰত সেইটো উল্লেখ
থাকে৷ আবুতালি (২) মানে বুজিব লাগিব যে আবুত আলিৰ ঘৰত দুটা ভাগ দিব লাগিব৷ লিখি থকাৰ
লগে লগে ঘৰ চিনাকিৰ ট্ৰেইনিং এটাও দি থকা হয়৷ গাঁওখনৰ আৱাসীসকলৰ ছবি এখন তেনেকৈয়ে মনৰ
মাজত অংকন হৈ যায়৷
উছৰ্গিত প্ৰাণীটোৰ তপিনা, কলিজা, মাংস, হাড় আদি
ভক্ষণীয় অংশবোৰ জোখমতে বেলেগে বেলেগে জুকিয়াই পেলোৱা হয়৷ সেইবোৰেৰে চৰিয়াজাতীয় পাত্ৰবোৰ
উপচি পৰে৷ তাৰ পিছতে ঠাইডোখৰ পৰিষ্কাৰ কৰা কাম৷ তাৰ পিছত শাৰী শাৰীকৈ ভাগ পতা হয়৷ প্ৰতিটো
ভাগ সমান সমান৷ প্ৰতিটো ভাগতে প্ৰতিবিধৰে মাংস অকণমান হ’লেও পৰিবই লাগিব৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ
উপৰি এইবোৰ কথাত ককাদেউতাই যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পাইছিলোঁ৷ এভাগ এভাগকৈ কলপাতত
উঠাই তমালেৰে ভাগটোহঁত ভালকৈ বন্ধা হয়৷ তাৰ পিছত গন্তব্য দিশ আৰু হিতাধিকাৰীৰ তালিকামতে
হিচাপ মিলাই মোনাত সুমুৱাই পেলোৱা হয়৷ ডেৰ ঘণ্টা, দুঘণ্টাৰ ভিতৰত গোটেইখিনি কাম সমাপ্ত
হয়গৈ৷ চাৰিভাগৰ এভাগ মাংস ঘৰৰ বাবে ৰাখি দিয়ে৷ তাৰে কিছু অংশ ধোঁৱা চাঙত শুকুৱাই ভৱিষ্যতলৈ
সংৰক্ষণ কৰে, সময়-সুবিধা বুজি দূৰৰ আত্মীয়লৈকো প্ৰেৰণ কৰে৷
ডেকা-বুঢ়া, ল’ৰা-ছোৱালী, পুৰুষ-মহিলা আটায়ে মিলি ককাহঁতৰ ঘৰতে
আনন্দেৰে দুপৰীয়াৰ সাঁজ খায়৷ অলপপৰ জিৰণি৷ তাৰ পিছতে পকেটত লিষ্ট আৰু চাইকেলত মোনা
ওলোমাই কোৰবানিৰ গোছ বিতৰকৰ দলকেইটা দিহা-দিহি ওলাই পৰে৷ মাছ-মাংসৰ লগত কাৰবাৰ নাই
যদিও এই কামটোত কোনোবা এজন দদাইৰ লগত কোনোবা এটা ডিৰেকচনত ময়ো যাবলৈ পাওঁ৷ তাৰ বাবে
আগদিনাৰ পৰাই কুটুৰি থাকোঁ৷ বেক কেৰিয়াৰত পাৰি লোৱা গাৰু নহ’লে কুচন এটাত বহি লওঁ৷ কেতিয়াও
নেদেখা আত্মীয় কিছুমানক তেনেকৈয়ে লগ পাওঁ, চা-চিনাকি হওঁ৷ অলপ ডাঙৰ হৈ ভালকৈ চাইকেল
চলাব পৰা হ’লত নিজেও স্বাধীনভাৱে আন এজনৰ
সৈতে যাবলৈ অনুমতি পালোঁ৷ কোনটো দিশে গ’লে বেছি ভাল লাগিব সেইটো আগতে নিৰ্বাচন কৰি থওঁ৷ ভাল চাই
চাইকেল এখনো আগে ভাগে অধিগ্ৰহণ কৰি চাবিটো লুকুৱাই পেলাওঁ৷ তেনেকৈয়ে ঈদৰ নামত চাইকেলেৰে
আনন্দদায়ক ভ্ৰমণ এটা হৈ যায়৷
ডাঙৰ হওক সৰু হওক দদাইদেউহঁতৰ চিনাকি সেই অঞ্চলৰ
হিন্দুধৰ্মীসকলেও জানে আমি মোনাত কিহৰ টোপোলা লৈ ওলাইছোঁ৷ বাটত দেখা পালেই ‘বিহু লাগিছেনে ঐ’ বুলি উলাহতে চিঞৰ একোটা মাৰে৷
এইফালৰ পৰাও উত্তৰ যায়, ‘অঁ ককাইদেউ, লাগিছে আৰু…’ সিফালৰ পৰা আকৌ কয়, ‘বিহু খাবলৈ মাতিবি আকৌ…’ দূৰ হৈ যোৱাত মাতষাৰ সৰু হৈ
আহে৷ মিলা-প্ৰীতিটোৱে মনটো পুলকিত কৰি পেলায়৷
চূণপোৰা পাওঁগৈ মানে নিশা নামি আহে৷ জেঠাইহঁতৰ
ঘৰতে টোপোলাও শেষ হয়৷ দদাইদেৱে সুস্থিৰে বহি লৈ লিষ্টখন মিলাই চায়, বিতৰণ ঠিক-ঠাক আছেনে
নাই৷ কেনেবাকৈ পাহৰণিত বা ভুলতে দুটাৰ ঠাইত এটা যদি দি থৈ আহিল, ঘূৰি গৈ লাগিব ঘমঘণ্ট৷
ৰিপ’ৰ্টিঙৰ সময়ত তাৰ বাবে অকথ্যও
শুনিব লাগিব৷ কোনোবাই আকৌ ককাদেউতালৈ দিবলগীয়া তেওঁলোকৰ ঘৰৰ কোৰবানিৰ ভাগটো সুবিধা
বুজি আমাৰ হাততে দি পঠায়৷ সেইকেইটা টোপোলা মোনাৰ তলত পৰি থাকে৷ ইফালে সোমোৱা মাত্ৰক
জেঠাই-জেঠু, বাইদেউ-ভনীহঁতে হেঁপাহেৰে জুমুৰি দি ধৰে৷ ভাত-পানী নোখোৱাকৈ নেৰে৷ তাতে
ৰাতিৰ সাঁজ মোকলাই ঘৰলৈ উভতো৷ জোনাক নিশা চাইকেল মাৰি আনন্দেৰে আহি থাকোঁ৷ ঘৰ পাই
ককাদেউতা বা দেউতাক ৰিপ’ৰ্ট কৰাৰ পিছতহে গা-চা পখালি
বিছনাত পৰোঁগৈ৷ বক্রীদৰ দিনটোও তেনেকৈয়ে অন্ত পৰে৷
পুচ্ছাংশ : চল্লিশ-পঞ্চলিশ বছৰৰ আগৰ সেই সামাজিক
পৰিৱেশ আৰু মানসিকতালৈ সময়ৰ লগে লগে অনেক পৰিৱৰ্তন আহিছে৷ এতিয়া আমাৰ ককাদেউতাও নাই,
কোৰবানিও নাই৷ দেউতা, দদাইহঁত জীৱিত থাকিলেও কোৰবানিৰ নামত গো হত্যা কৰাৰ পক্ষপাতী
নহয়৷ সৰুতে আমি গৰুৰ ৰচনাখন পৰীক্ষাত লিখিবৰ বাবে মুখস্থ কৰিছিলোঁ৷ পিছত বোধ হৈছে যে
কিমান উপকাৰী চতুষ্পদী প্ৰাণী এটাক বলিৰ নামত হত্যা কৰা হৈছিল! ঈশ্বৰৰ কৰুণা প্ৰাপ্তিৰ
বাবে তেনেকৈ জীৱহত্যা কৰাটো মনে নিবিচাৰে৷ গো পালনহে হ’ব লাগে৷ পশুধনৰ পালনেৰে ঈশ্বৰৰ
কৃপাত আজিৰ দিনত একোটা পৰিয়াল নিশ্চিতভাৱে স্বাৱলম্বী হ’ব পাৰে৷ আমাৰ ঘৰত দীৰ্ঘদিনে গাখীৰ
যোগান ধৰি অহা ইনচান আলি তাৰে এটা সৰু উদাহৰণ৷
সঁচা-মিছা নাজানো, কালি নিশা শুনা পাইছিলোঁ বোলে
কোৰবানিৰ নামত এইবাৰ বক্রীদত ভাৰতবৰ্ষত একেদিনাই দুই লাখ বকৰী অৰ্থাৎ ছাগলী উছৰ্গা
কৰা হ’ল৷ ভাৰতৰ সমুদায় মুছলমান ৰাইজে
মিলি হেনো এইবাৰ বিশ হাজাৰ কোটি টকা কোৰবানিৰ নামত ব্যয় কৰিলে৷ ধৰ্মনিৰপেক্ষ দেশ এখনৰ
কোনোজন নাগৰিকৰে ব্যক্তিগত ধৰ্মীয় বিশ্বাস, আনুগত্য আৰু অনুভূতিত আঘাত দিয়াৰ মতলব আমাৰ
নাই৷ পিছে, গৰু চোৰৰ পৰা গাড়ী চোৰলৈ, বজাৰৰ মুৰ্গী কটা কছাইজনৰ পৰা অপৰাধী ঘাতকলৈ নামবোৰ
লক্ষ্য কৰিলে সৰহভাগেই মুছলমানহে ওলায়! আল্লাৰ কৰুণা লাভৰ অচিলাৰে কৰা জীৱহত্যাই নিৰ্দয়
মানসিকতা এটা গঢ়ি তোলাত আওপকীয়াকৈ ইন্ধন যোগাই আহিছে বুলি আজিৰ সময়টোলৈ চাই মোৰ মনে
মনে ভাব হয়৷ জীৱহত্যাৰ এই বাৰ্ষিক প্ৰেকটিচটো নিজজ্ঞানে বুজি কিবা এটা নকৰিলে অন্য
বাট নাই৷