Thursday, 3 April 2014


সমলয়, সমাহৰণ আৰু সম্প্ৰীতিৰ প্ৰতীক বাপতিসাহোন বিহুৰ দৰে জাপিও অসমীয়াৰ অতি আদৰৰ৷ বাৰেবৰণীয়া অসমীয়া সংস্কৃতিৰ এই গুৰুত্বপূৰ্ণ অলংকাৰবিধ অসমৰ লোক-কলা আৰু কুটিৰ শিল্পৰ এটা উৎকৃষ্ট উদাহৰণ৷ ফুলাম জাপি অসমীয়া আদৰণিৰ প্ৰতীক৷

সাধাৰণ পৰিচয় অনুযায়ী জাপি হৈছে বাঁহৰ কাঠীৰে সজা, টকৌ পাতেৰে ছোৱা, মাজত টুপ থকা, ৰদ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ মূৰত লোৱা ঘূৰণীয়া যতন৷বাঁহ, বেত আৰু টকৌ পাত জাপিৰ মূল উপকৰণ৷

তাল প্ৰজাতিৰ উদ্ভিদ টকৌ গছ (Livistonia jenkinsiana)ৰ থুৰিপাত প্ৰথমে সংগ্ৰহ কৰি ৰদত শুকুৱাই টান কৰা হয়৷ তাৰ পাছত আকাৰ অনুসৰি এক-ডেৰ বছৰীয়া বাঁহৰ দৈৰে দুটা বৃত্তাকাৰ খোলা বা বাকনি সাজি লোৱা হয়৷ শুকান পাতখন দুয়োটা খলপৰ মাজত নিমজকৈ বহুৱাই তলে-ওপৰে ঘূৰণীয়াকৈ বাঁহৰ শলি খুৱাই বেতৰ জৰী, সূতা আদিৰে বন্ধা হয়৷ জাপিটো চকুত লগা কৰিবৰ বাবে কলাত্মক ৰূপত কটা ৰং-বিৰঙৰ কাপোৰৰ টুকুৰা আৰু অন্যান্য শোভাবৰ্ধক সামগ্ৰী ওপৰৰ খলপাটোৰ তলত, পাতখনৰ ওপৰত দিয়া হয়৷ জাপি সজা কাৰ্যত জেঙু গছ, লেচেৰা গছ (Licutala peltala roxb), বাঘনলা গছৰ পাতো ব্যৱহাৰ কৰা হয়৷ টকৌপতীয়া জাপিতকৈ জেঙুপতীয়া বা লেচেৰাপতীয়া জাপি পাতল আৰু দীৰ্ঘস্থায়ী হোৱাৰ বাবে কৃষিকৰ্মত ব্যৱহাৰ কৰা জাপি তৈয়াৰ কৰিবলৈ এই গছৰ পাত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷

জাপি মানুহৰ উদ্ভাৱিকা শক্তিৰ অন্যতম চানেকী৷ পণ্ডিতসকলৰ গৱেষণালব্ধ তথ্য আৰু সিদ্ধান্ত অনুযায়ী জাপিৰ সৰ্বপ্ৰথম প্ৰচলন হৈছিল তিব্বতবৰ্মীভাষী কোনো দেশত৷ ৰদ-বৰষুণৰ পৰা প্ৰধানতঃ মস্তকমণ্ডল ৰক্ষা কৰিবৰ নিমিত্তে জাপি ব্যৱহাৰ কৰা হৈছিল৷ প্ৰচলিত এক ধাৰণা অনুসৰি পোনতে চীন দেশত জাপিয়ে আত্মপ্ৰকাশ কৰে৷ পাছলৈ দক্ষিণ-পূব এচিয়া হৈ অসম পায়হি৷ প্ৰাৰম্ভিক অৱস্থাত দেখাত টুপীসদৃশ জাপি কালক্রমত আকৃতিৰ পৰিৱৰ্তন ঘটি লাটুমৰ মূৰটোৰ দৰে জোঙা, পদুমগঢ়ীয়া হয়৷

জাপি নিৰ্মাণৰ ক্ষেত্ৰত বাঁহ-বেতৰ প্ৰয়োগ লক্ষ্যণীয়৷ বাঁহ-সংস্কৃতি মংগোলীয়সকলৰ অন্যতম বৈশিষ্ট্য৷ গতিকে বৰ্তমান অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপে সমাদৃত জাপি মূলতঃ কিৰাতসকলৰ অৱদান বুলি ভাবিবৰ থল নথকা নহয়৷ তদুপৰি চীন, মংগোলীয়, তিব্বত, থাইলেণ্ড, কম্বোদিয়া, লাওচ প্ৰভৃতি মংগোলীয় জনগোষ্ঠীপ্ৰধান অঞ্চলসমূহতো জাপিৰ প্ৰচলন পৰিলক্ষিত হয়৷ অন্যহাতেদি, অসমৰ মংগোলীয় জনজাতিসমূহৰ মাজতো বিভিন্ন প্ৰকাৰ জাপিৰ ব্যৱহাৰ আছে৷

অসমত ধৰ্ম-বৰ্ণ-সম্প্ৰদায় নিৰ্বিশেষে পৰ্বত-ভৈয়াম সকলোতে, নাৰী-পুৰুষ উভয়ে জাপি ব্যৱহাৰ কৰি আহিছে৷ গ্ৰামীণ জনসাধাৰণৰ প্ৰধান জীৱনোপায় হৈছে কৃষি৷ ৰদ-বৰষুণৰ পৰা নিজকে বচাবৰ কাৰণে খেতি-খোলাত জাপি নহলেই নহয়৷ ছাতি ললে হাত এখন বন্দী হৈ পৰে৷ সেয়েহে ধান খেতি, চাহ খেতিৰ কামত ছাতিৰ উপযোগিতা কম৷ গ্ৰাম্য প্ৰাত্যহিক জীৱনত জাপি অপৰিহাৰ্য হোৱাৰ প্ৰধান কাৰণ এইটোৱেই৷

প্ৰাচীন অসমীয়া সমাজত জাপি আছিল আভিজাত্যৰ প্ৰতীক, আঢ্যৱন্তজনৰ সাজ-সজ্জাৰ অন্তৰ্ভুক্ত সামগ্ৰী৷ অতীজৰ ৰজা, ডা-ডাঙৰীয়া, জমিদাৰ, সত্ৰাধিকাৰসকলে ভ্ৰমণ কৰোঁতে তেওঁলোকৰ মূৰৰ ওপৰত আন মানুহে বৰজাপি ধৰি যোৱাৰ প্ৰথা আছিল৷ বিয়াত পানী তুলিবলৈ যাওঁতে, খোজ কাঢ়ি বিয়া কৰাবলৈ যাওঁতে, পিণ্ড দিওঁতেও বৰজাপি ধৰি গৈছিল৷ কইনাক বিয়াত অন্যান্য বস্তুৰ লগতে সৰুদৈয়া জাপি এটাও লগত দিয়া হৈছিল৷ ন-ছোৱালীয়ে নিজৰ গাটো ঢাকিবলৈ ইয়াক ব্যৱহাৰ কৰিছিল৷ বৰলোকৰ তিৰোতাৰ আবুৰ আৰু সন্মানৰ কাৰণেও লগত দিয়া হৈছিল বৰজাপি৷ সম্ভ্ৰান্ত ঘৰৰ বোৱাৰীয়ে খোজ কাঢ়ি ইফালে-সিফালে যাবলগীয়া হলেও মূৰত বৰজাপি লৈছিল৷ আনহাতে সত্ৰ, নামঘৰ, দেৱতাৰ বিগ্ৰহ আদিৰ সন্মুখেৰে পাৰ হৈ যাবলগীয়া হলে মূৰৰ জাপি খুলি লোৱাটো আছিল এটা নিয়ম৷ তদুপৰি গৃহস্থৰ ঘৰত সত্যনাৰায়ণ পূজা, ভকত-সেৱা অথবা গীতা-ভাগৱত পৰ্বতো খুঁটি এটা পুতি তাৰ ওপৰত বৰজাপি এটা স্থাপন কৰি তাৰ তলত নৈবেদ্য যেনে মাহ, চাউল ইত্যাদি উপকৰণ যতনাই থোৱাটো আছিল সামাজিক নিয়মৰ অন্যতম৷

ব্যৱহাৰ, প্ৰয়োজনৰ বাহিৰেও আহোম যুগত জাপি আছিল আভিজাত্যৰ নিদৰ্শন৷ বৰদৈয়া জাপি, সৰুদৈয়া জাপি, পানী জাপি, টুপী জাপি ৰাজ-অলংকাৰ হিচপে ব্যৱহাৰ হৈছিল৷ এই জাপিসমূহ অলংকৃত কৰা হৈছিল সোণ-ৰূপৰ চুলা (টুপ), বৰৈ (সৰু মণি), গুণা (ধাতৱ জৰী), আঁচু (ৰঙীণ সূতা) ইত্যাদিৰ সহায়ত৷ পদমৰ্যাদা অনুক্রমে ডা-ডাঙৰীয়াসকলে ভিন্ন ভিন্ন ধৰণে শোভিত জাপি ধাৰণ কৰিছিল৷ বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই ...এই তিনিজন মন্ত্ৰীয়ে সোণৰ চুলাযুক্ত জাপি, ন্যায়সোধা বিষয়া বৰবৰুৱা আৰু নামনি খণ্ডৰ শাসনকৰ্তা বিষয়া বৰফুকনে সোণৰ গুণাযুক্ত জাপি, ফুকনে ৰূপৰ গুণাযুক্ত জাপি আৰু ৰাজখোৱাই ৰূপৰ চুলাযুক্ত জাপি ব্যৱহাৰ কৰিছিল৷ আনহাতে সৰ্বসাধাৰণ প্ৰজাৰ মাজত হাল বাওঁতে পিন্ধা হালোৱা জাপি আৰু ধৰিবলৈ নাল বা ডাং থকা, টুপ নথকা ডাং জাপিৰ প্ৰচলন আছিল সৰ্বাধিক৷ জাপি সজাক কেন্দ্ৰ কৰি জাপিসজীয়া নামৰ নিৰ্দিষ্ট খেল এটাৰো সৃষ্টি কৰা হৈছিল আহোম স্বৰ্গদেউসকলৰ দিনতে৷ তদুপৰি জাপি তৈয়াৰ কৰা কাম বা বৃত্তি কুটিৰ শিল্প বুলি গণ্য কৰা হৈছিল৷

বৰ্তমান অসমীয়া সমাজতো জাপিৰ এক বিশেষ মূল্য আছে৷ শৰাই আৰু গামোচাৰ সমভাৱে ফুলাম জাপিটিয়েও বৈঠকখানাত নিগাজীকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ গৃহসজ্জাৰ উপৰি সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান, বিবাহ-মণ্ডপ, আদৰণী তোৰণ আদিৰ অন্যতম শোভাবৰ্ধনকাৰী আহিলা স্বৰূপে ফুলাম জাপিৰ প্ৰয়োগ সৰ্বজনজ্ঞাত৷ উপহাৰ সামগ্ৰী হিচাপেও জাপিয়ে গুৰুত্ব লভিছে৷
লোক-শিল্পৰ উচ্চতম সৃষ্টি এইপদ সম্পদৰ উত্তৰণৰ বেলিকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান প্ৰাতঃস্মৰণীয়৷ কিয়নো, এলাগীকৈ বৰচাঙত তুলি থোৱা সৰুদৈয়া জাপিক তাৰ পৰা আলফুলকৈ নমাই আনি সকলোৱে দেখাকৈ ড্ৰয়িং ৰুমত ঠাই দিছিল জ্যোতিপ্ৰসাদেই৷ সৰুদৈয়া আৰু বৰদৈয়া জাপিৰ আৰ্হিত ফুলাম জাপি তৈয়াৰী কৰাৰ উপৰি এটি উৎকৃষ্ট  জাপি নাচো ৰচনা কৰিছিল জ্যোতিপ্ৰসাদেই৷ তেখেতৰ প্ৰথম অসমীয়া কথাছবি জয়মতীত জাপিৰ প্ৰাদূৰ্ভাৱ দেখি দুই-একে উপলুঙাকৈ কথাছবিখনক জাপিমতী বুলিছিল৷

অসমীয়া চহা জীৱনক ভিত্তি কৰি ৰচনা কৰা নৃত্যত জাপিৰ প্ৰয়োজন৷ নাচনীয়ে হাতত বা মূৰত জাপি লৈ নচা দৃশ্য চালে চকুৰোৱা৷ বিহুনামতো জাপিৰ প্ৰসংগ উত্থাপিত হৈছে এনেকৈ :
মইনো যাওঁগৈ উজনি ৰাজ্যলৈ
তোমালৈ আনিমনো কি? ...
তোমালৈ আনিমে সৰুদৈয়া জাপি
টুপত ৰূপৰ চুলা দি৷
ফকৰা যোজনাতো কৈছে : জাপি, লাঠি, টনা ইয়াক এৰিলে দিনতে কণা৷ তদুপৰি ধানখেতি-চাহখেতি যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে জাপিও জীয়াই থাকিব৷ বোলা কথাষাৰ এটা প্ৰবাদেই হৈ পৰিছে৷ জাপি হৈ পৰিছে সংস্কৃতিৰ অংগ, সাংস্কৃতিক বিনিময়ৰ প্ৰধান সম্ভাৰ৷

কৃষিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত, গ্ৰাম্য জনসাধাৰণৰ ঘনিষ্ঠতম, পুৰণিকলীয়া আৰু আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীৰ অন্যতম জাপি আজিও এচাম লোকৰ জীৱিকাৰ একমাত্ৰ সম্বল৷ জাপি নিৰ্মাণৰ অন্তৰালত কাৰিকৰী কুশলতাৰ লগতে অন্তৰ্নিহিত হৈ আছে শিল্পীমনৰ পৰিচয়৷ সূক্ষ্ম কলাত্মক কাৰুকাৰ্যৰে বাঙ্ময় কৰি তোলা জাপিয়ে আজি উপহাৰ সামগ্ৰীৰ তালিকাতো আগ্ৰাসী আসন লভিছে৷

উদ্ভিদৰ অবাধ ধ্বংসকাৰ্যই জাপি শিল্পৰ ক্ষতিসাধন নকৰাকৈ থকা নাই৷ জাপি নিৰ্মাণৰ মুখ্য সামগ্ৰী পাত সংগ্ৰহ কৰাটো সদ্যহতে জটিল সমস্যাৰূপে থিয় দিছে৷ ফলত স্বনিয়োজনৰ এই পন্থাটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ বৃত্তিটো বৰ্তি থকাৰ ক্ষেত্ৰতো অনিশ্চয়তাই দেখা দিছে৷ ব্যৱসায়িক ভিত্তিত উৎপাদিত জাপিত টকৌপাত, জেঙুপাতৰ ঠাইত ব্যৱহাৰ কৰা হৈছে পলিথিন৷

বিলুপ্তিৰ গৰ্ভত জাহ নৌযাওঁতেই জাপি শিল্পৰ বাবে প্ৰয়োজনীয় গছ-গছনিসমূহৰ সংৰক্ষণ কৰাটো অতীব জৰুৰী বিষয় হৈ পৰিছে৷

(ৰচনাকাল : ২০০০চন
তথ্য : বিভিন্ন উৎসৰ পৰা সংগৃহীত)

1 comment:

  1. ধন্যবাদ। যথেষ্ট তথ্যসমৃদ্ধ। জেঙু গছৰ ছবি এখন দিব পাৰিব নেকি?

    ReplyDelete